সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য : কিছু প্ৰস্তাৱনামূলক ধাৰণা

নব্য উদাৰতাবাদৰ বিশ্বজোৰা দপদপনিৰ সাম্প্ৰতিক সময়ছোৱাত বাঁওপন্থী শক্তিসমূহ স্বাভাৱিকতেই নিশকতীয়া হৈ পৰিছে। তেওঁলোকৰ কেৱল শক্তি-সামৰ্থ্যই যে হ্ৰাস পাইছে, তেনে নহয় – জনসাধাৰণৰ মাজত নৈতিক গ্ৰহণযোগ্যতাও ক্ৰমাৎ স্খলিত হ’বলৈ ধৰিছে। এনে অৱস্থাত এই শক্তিসমূহৰ একপ্ৰকাৰ অৱধাৰিত পশ্চাদপসৰণ আৰু প্ৰান্তীয়কৰণ ঘটিবলৈ ধৰিছে। এই সংকট বাঁওপন্থী শক্তিসমূহৰ বাবে কেৱল সাময়িক পৰাজয় বা বিচ্যুতি বুলি ভাবিলে ভুল হ’ব, ই হয়তো এক অস্তিত্ব-সংকটৰ ৰূপ পৰিগ্ৰহ কৰিছে। কিন্তু প্ৰধান বাঁওপন্থী শক্তিসমূহৰ মাজত তাক লৈ সততে আশানুৰূপ উৎকণ্ঠা আৰু আত্মসমালোচনা দেখিবলৈ পোৱা নাযায়। বৰঞ্চ যান্ত্ৰিক ব্যাখ্যা, নষ্টালজিয়া বা স্মৃতিকাতৰতা তথা সাংগঠনিক খুঁটি-নাটিৰ মাজত সহজভাৱে কালাতিপাত কৰি থকাহে অধিক পৰিলক্ষিত হয়। এনে পৰিস্থিতিত এই শক্তিসমূহে যদি পুঁজিবাদ তথা তৎসংলগ্ন আন আন সামাজিক অপশক্তিৰ বিৰুদ্ধে ব্যাপক গণসংগ্ৰাম গঢ়ি তুলিব বিচাৰে, তেন্তে নিজকে পুনৰাৱিষ্কাৰ কৰিব পাৰিব লাগিব। ইটো বা সিটো নীতিগত বা ৰণনীতিগত সালসলনিয়ে কোনোধৰণৰ পৰিবৰ্তন সাধন কৰিব নোৱাৰে, সাম্প্ৰতিক বিশ্ব পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ পুনৰ্জন্ম হ’ব লাগিব। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব নে নোৱাৰে, তাৰ ওপৰতেই বাঁওপন্থী শক্তিসমূহৰ ভৱিষ্যৎ প্ৰধানকৈ নিৰ্ভৰ কৰিব।

নব্য উদাৰতাবাদে সম্প্ৰতি যি বিশ্বজোৰা আধিপত্য লাভ কৰিছে, সি কেৱল কূটকৌশল বা জোৰ-জবৰদস্তিৰ বলত হোৱা নাই। সি এক নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিবলৈ সমৰ্থ হৈছে, বিশেষকৈ বিশ্বৰ বিভিন্ন অংশৰ মধ্যবিত্ত তথা ঊৰ্ধ্বমুখী গতিশীল নিম্নবিত্ত শ্ৰেণীসমূহৰ মাজত। তাতোকৈ ডাঙৰ কথা, সি নিজকে প্ৰগতিশীল বুলি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। লিংগ, বৰ্ণ, গোষ্ঠী, যৌনতা আদি বিভিন্ন পৰিচিতিক কেন্দ্ৰ কৰি যিমানবোৰ সামাজিক আন্দোলন গঢ় লৈ উঠিছে – নব্য উদাৰতাবাদ এই সকলোবোৰৰে পৃষ্ঠপোষকৰ ৰূপত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে যদি আমি নাৰীবাদী আন্দোলনৰ কথা লওঁ, দেখিম যে কল্যাণকামী ৰাষ্ট্ৰৰ যুগত এই আন্দোলনটোৱে আটাইতকৈ জংগী ৰূপ লাভ কৰিছিল, আৰু সেই যুগৰ অভিভাৱকত্ববাদী ৰাষ্ট্ৰ আৰু পুঁজিবাদৰ এক গাঁথনিগত সমালোচনা দাঙি ধৰিছিল। অৰ্থাৎ সেই যুগত সি পুঁজিবাদৰ সন্মুখত বহুতো আৰ্থ-সামাজিক তথা ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী কালত পুঁজিবাদৰ পৰ্বান্তৰৰ সমান্তৰালভাৱে ঘাইকৈ পৰিচিতি আৰু বিভিন্নতাৰ স্বীকৃতি বিচৰা এক সাংস্কৃতিক আন্দোলনত পৰিণত হয়। আৰু নব্য উদাৰতাবাদে স্বাভাৱিকতেই তাৰ পৃষ্ঠপোষকৰ ভূমিকা গ্ৰহণ কৰে। বাকী পৰিচিতিকেন্দ্ৰিক আন্দোলনসমূহৰ ক্ষেত্ৰতো মোটামুটি একেখিনি কথাই ক’ব পাৰি। এই আন্দোলনসমূহৰ প্ৰতি সমৰ্থন আৰু সহায়তা আগ বঢ়োৱাৰ জৰিয়তে নব্য উদাৰতাবাদে নিজকে সামাজিকভাৱে প্ৰগতিশীল ৰূপত উপস্থাপন কৰিছে। কিন্তু বাঁওপন্থী শক্তিসমূহে নব্য উদাৰতাবাদৰ বিৰোধিতা কৰাৰ লগতে উক্ত পৰিচিতিকেন্দ্ৰিক সামাজিক আন্দোলনসমূহকো সংশয়ৰ চকুৰে চাবলগা হৈছে বা নহ’লেও সিবিলাকৰপৰা দূৰত্ব বজাই ৰাখিবলগা হৈছে। এটা কথা ঠিক যে তেওঁলোকে পুঁজিবাদৰ আচল স্বৰূপটো চিনি পায়েই তেনে অৱস্থান গ্ৰহণ কৰিছে। কিন্তু সেইটো কৰিবলৈ গৈ তেওঁলোক সামাজিকভাৱে ৰক্ষণশীল শক্তি হিচাপে প্ৰতিভাত হৈ পৰিছে। আচলতে পুঁজিৰ বিস্তাৰ আৰু প্ৰোথনৰ বহল স্বাৰ্থতেই যে পুঁজিবাদে সামাজিক আন্দোলনবিলাকক নিজৰ মাজত সাঙুৰি লৈছে, এই লৈ কোনো সংশয় নাই। পুঁজিবাদে ভিন ভিন সমাজৰ মাজত, সমাজৰ ভিন ভিন অংশৰ মাজত প্ৰবেশ কৰিবলৈ আৰু নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিবলৈ হ’লে ইয়াৰ কোনো বিকল্প নাই। উদাহৰণস্বৰূপে, শ্ৰমিক আৰু উপভোক্তা উভয় ৰূপতেই নাৰী ক্ৰমবৰ্ধমানভাৱে প্ৰয়োজনীয় হৈ পৰিছে পুঁজিবাদৰ বাবে, বিশেষকৈ ক্ৰমপ্ৰসাৰমান সেৱা খণ্ডসমূহৰ বাবে। সেইবাবে নাৰীৰ বিৰুদ্ধে থকা সামাজিক বাধা-নিষেধসমূহ নাইকিয়া কৰা তথা কৰ্মস্থলীত নিৰাপদ পৰিবেশ গঢ়ি তোলাটো জৰুৰী। এনে কাৰণতে এই প্ৰশ্নসমূহক কেন্দ্ৰ কৰি নব্য উদাৰতাবাদে আজি নাৰীমুক্তিৰ শ্লোগান আওৰোৱা দেখিবলৈ পোৱা গৈছে। এইটো কৰিবলৈ যাওঁতে নব্য উদাৰতাবাদে সমাজৰ প্ৰাক-আধুনিক ক্ষমতা-গাঁথনিসমূহৰ বিৰুদ্ধে থিয় দিবলগা হৈছে। কিন্তু বাঁওপন্থী শক্তিসমূহে এই পৰিস্থিতিৰ বৰ তৎ ধৰিব পৰা নাই। সেইবাবে বহু ক্ষেত্ৰত নব্য উদাৰতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ গৈ সমাজৰ ৰক্ষণশীল শক্তিসমূহৰ সৈতে একে শাৰীত অৱস্থান কৰিবলগা হৈছে। সামগ্ৰিকভাৱে বাঁওপন্থী শক্তিসমূহে আজি ঘাইকৈ কল্যাণকামী ৰাষ্ট্ৰ তথা পুঁজিবাদৰ অৱশিষ্ট অংশখিনি ধৰি ৰখাৰ বা তেনে কিছু উপাদান ঘূৰাই অনাৰ চেষ্টাতে জীৱন পাত কৰিছে। এনেকৈয়ে তেওঁলোকে ঐতিহাসিকভাৱে পিছুৱাই গৈছে। ক’বলৈ গ’লে, তেওঁলোক আজি ঐতিহাসিকভাৱে এক অসুবিধাজনক জেগাত ফচি গৈছে – য’ৰপৰা তেওঁলোকে পুঁজিবাদৰ ওপৰত জংগী আক্ৰমণ কৰিবতো নোৱাৰেই, বৰং নিজৰ ভিত্তিভূমি সুৰক্ষিত কৰাৰ চিন্তাতহে মনোনিবেশ কৰিবলগা হৈছে। এই অৱস্থাত বাঁওপন্থী শক্তিসমূহে নিজৰ ভৰিত থিয় দি আমাক নতুন ভৱিষ্যতৰ সপোন দেখুৱাবলৈ হ’লে সাম্প্ৰতিক পৰিস্থিতিৰ অধিক বাস্তৱসন্মত পৰ্যালোচনা কৰাৰ লগতে নিজৰ ইতিহাসকো নতুনকৈ বিশ্লেষণ কৰিব লাগিব।

বাঁওপন্থী শক্তিসমূহৰ মাজত বিংশ শতিকাৰ সমাজবাদী বিপ্লৱসমূহ তথা বিপ্লৱীসকলক লৈ বহু সময়ত এক নষ্টালজিয়া দেখিবলৈ পোৱা যায়। এই কথাত কোনো সন্দেহ নাই যে সেই বিপ্লৱসমূহ তথা সিবিলাকৰ বিপ্লৱীসকল আমাৰ বাবে নৈতিক প্ৰেৰণা হ’ব পাৰে, আৰু সিবিলাকৰ পৰ্যালোচনাই আমাক আজিও প্ৰচুৰভাৱে সহায় কৰিব পাৰে। কিন্তু সিবিলাক আজিৰ বাঁওপন্থী শক্তিসমূহৰ বাবে কোনো ৰেডিমেড মডেল হ’ব নোৱাৰে। বিংশ শতিকাৰ বিপ্লৱসমূহৰ অনুকৰণ বা নকল কৰি আজি সমাজবাদ নিৰ্মাণত আগ বাঢ়িব পৰা নাযায়; সেই বিপ্লৱীসকলৰ কথা আখৰে আখৰে পালন কৰিলেও বিশেষ ফল নধৰে। বিংশ শতিকাৰ বিপ্লৱসমূহৰ যুগতকৈ আমি আজি এটা সম্পূৰ্ণ ভিন্ন যুগত বাস কৰিছো। এনে অৱস্থাত সমাজবাদ নিৰ্মাণৰ আখৰাও ভিন্ন হ’বলৈ বাধ্য। বিংশ শতিকাৰ বিপ্লৱসমূহ সংঘটিত হৈছিল কিছুমান অনুন্নত সমাজত য’ত পুঁজিবাদে তেতিয়ালৈকে ভালদৰে খোপনি পুতিব পৰা নাছিল। পুঁজিবাদ তেতিয়া আছিল এক বাহিৰা শক্তিৰ নিচিনা, যাক দুৱাৰডলিতে বাধা দি ৰখাৰ কথা ভাবিব পৰা গৈছিল। সাম্ৰাজ্যবাদী পুঁজিবাদ তেতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত বিক্ষিপ্তভাৱে সিঁচৰতি হৈ আছিল, যাৰ বাবে পুঁজিবাদী শৃংখলৰ দুৰ্বল অংশ কিছুমানত আঘাত কৰি তাক ছিঙি পেলাব পৰা গৈছিল। তেতিয়া জনসাধাৰণৰ ঘাই শত্ৰু আছিল সামন্তবাদ, ৰাজতন্ত্ৰ, সাম্ৰাজ্যবাদী শোষক আদিহে যাৰ বিৰুদ্ধে তেওঁলোকক পৰিচালিত কৰাটো তুলনামূলকভাৱে সহজ আছিল। খাদ্য, মাটি, স্বাধীনতা আদি সহজ শ্লোগানেই জনসাধাৰণক আকৰ্ষণ কৰিবলৈ আৰু বিপ্লৱৰ সেনানীত পৰিণত কৰিবলৈ যথেষ্ট আছিল। আৰ্থ-সামাজিক শোষণ আৰু চাৰিওফালৰ যুদ্ধোন্মাদনাৰ ধামখুমীয়াৰ মাজত ধুমুহাৰ নিচিনাকৈয়ে উক্ত বিপ্লৱবিলাক সংগঠিত কৰা হৈছিল। তাৰ বাবে বিপ্লৱী নেতৃত্বও হ’ব লাগিছিল যুদ্ধসদৃশ ইমাৰ্জেন্সি পৰিস্থিতি চম্ভলাত পাকৈত ৰণনীতিবিদ, বিচক্ষণ সেনাপতি তথা জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰিব পৰা ব্যক্তিত্বৰ গৰাকী। বিপ্লৱী নেতৃত্বৰ সেইবিলাক গুণ যে আজি অলাগতিয়াল তেনে নহয়।

কিন্তু পৰিস্থিতিৰ আমূল পৰিবৰ্তনে সম্ভাব্য বিপ্লৱ তথা বিপ্লৱীৰ চৰিত্ৰ সলাই পেলাইছে। আজি সমগ্ৰ বিশ্ব জুৰি পুঁজিবাদে ব্যাপক আৰু একপ্ৰকাৰ নিশ্ছিদ্ৰ আধিপত্য প্ৰতিষ্ঠা কৰিছে। আজি পুঁজিবাদৰ বাহিৰত কোনো নাই – আমি সকলোটি পুঁজিৰ লজিকেৰে বান্ধ খাই আছো। আনহাতে, নব্য উদাৰতাবাদৰ ৰূপত আজি পুঁজিবাদে এক জটিল আৰু বহুস্তৰীয় ৰূপ লাভ কৰিছে। বিশেষকৈ বিংশ শতিকাৰ শেষৰ দশকসমূহত পুঁজিবাদে নিজৰ মৌলিক পুনৰ্গঠন কৰিবলৈ সক্ষম হয়, লগতে সি নতুন ঠাল-ঠেঙুলি মেলি অধিক গজগজীয়া হৈ উঠে। ফলস্বৰূপে আভ্যন্তৰীণ সংকটে পুঁজিবাদক সিমান টলাব নোৱৰা হৈ পৰিল। পূৰ্বতে সাম্ৰাজ্যবাদে অনুন্নত দেশসমূহত পুঁজিবাদৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল বাবে দেশীয় পুঁজিপতিসকলেও পুঁজিবিৰোধী জাতীয় সংগ্ৰামসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কিন্তু ইমান দিনৰ বিকাশৰ পাছত আজি অনুন্নত দেশৰ পুঁজিপতিসকলে কেৱল নিজৰ ভৰিত থিয় দিয়াই নহয়, আন্তৰ্জাতিক পুঁজিপতিসকলৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিব পৰা হ’ল। পুঁজিবাদৰ পুনৰ্গঠনৰ পৰিণতিত শ্ৰমিকসকলো আজি বহুস্তৰীয় আৰু বহুধাবিভক্ত হৈ পৰিল। ডাঙৰ ডাঙৰ কাৰখানাত কাম কৰা ঊনবিংশ শতিকাৰ ধ্ৰুপদী শ্ৰমিকসকল আজি সংখ্যালঘু, তেওঁলোক ঘাইকৈ চহৰসমূহৰ মাজতে আবদ্ধ। তেওঁলোকক আজি আৰু বিপ্লৱৰ অগ্ৰগামী বাহিনী হিচাপে ভাবিবলৈ অসুবিধা। সৰহভাগ শ্ৰমিক অসংগঠিত খণ্ডসমূহত নিয়োজিত। আনহাতে, তাৰপৰা ওপৰলৈ যদি চোৱা যায়, তেন্তে দেখা যাব যে সৰহভাগ শ্ৰমিকে আজি নিজকে শ্ৰমিক বুলি গণ্য নকৰে। পুঁজিবাদে তলৰপৰা ওপৰলৈকে শ্ৰমিকৰ ইমানবোৰ তৰপ সৃষ্টি কৰিছে যে তেওঁলোকে নিজকে ডাল-দৰিদ্ৰ শ্ৰমিকসকলৰপৰা সম্পূৰ্ণভাৱে পৃথক সামাজিক গোষ্ঠী বুলিহে গণ্য কৰে। উদাহৰণস্বৰূপে বিভিন্ন সেৱা খণ্ডসমূহত কৰ্মৰত কেৰাণী বা বিষয়াসকলৰ কথাই ক’ব পাৰি। মধ্যবিত্তীয় জীৱনশৈলী আৰু ঊৰ্ধ্বমুখী গতিৰ বাসনাই তেওঁলোকক পুঁজিপতি শ্ৰেণীৰহে কাষ চপাই নিছে। গতিকে আজি ক’ব নোৱাৰি যে শ্ৰমিকসকলৰ হেৰুৱাবলৈ শিকলিৰ বাহিৰে একো নাই। এই জীৱনশৈলী আৰু উত্তৰণৰ স্বপ্ন পুঁজিবাদৰ বিস্তাৰৰ লগে লগে সকলো সমাজলৈকে প্ৰসাৰিত হৈছে। কেন্দ্ৰত পুঁজিপতি শ্ৰেণী আৰু চাৰিওফালে এক উত্ৰাৱল মধ্যবিত্ত শ্ৰেণী – নব্য উদাৰতাবাদী সমাজৰ এই মডেলটো ইখনৰ পিছত সিখন সমাজত প্ৰতিষ্ঠিত হৈ যাবলৈ ধৰিছে। আনহাতে, পৃথিৱীৰ সৰহভাগ দেশৰ জনসাধাৰণ আজি বাস কৰিছে বুৰ্জোৱা গণতন্ত্ৰৰ অধীনত। বুৰ্জোৱা গণতন্ত্ৰৰ স্বৰূপ উদঙাই দেখুৱালেই আজি জনসাধাৰণ তাৰ বিৰুদ্ধে জাগি নুঠে – কিয়নো তেওঁলোকৰ মাজত আজি ই এক ব্যাপক নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিছে। এই ৰাষ্ট্ৰই একে সময়তে পুঁজিৰ স্বাৰ্থও পূৰণ কৰিছে আৰু জনসাধাৰণৰ মাজত নিজৰ ন্যায্যতাও প্ৰতিষ্ঠা কৰিছে। গতিকে বুৰ্জোৱা গণতন্ত্ৰসমূহত এক তুলনামূলক শান্তি আৰু স্থায়িত্বই বিৰাজ কৰিছে। এনে পৰিস্থিতিত বিংশ শতিকাৰ বিপ্লৱসমূহৰ নিচিনাকৈ কোনো বিপ্লৱৰ কল্পনা কৰাটোও অসাধ্য হৈ পৰিছে। আজিৰ বাঁওপন্থীসকলে পুঁজিবাদী আধিপত্যৰ মাজত থাকি, শান্তি আৰু স্থায়িত্বৰ পৰিবেশৰ মাজত কেনেকৈ সমাজবাদৰ স্বপ্ন নিৰ্মাণ কৰিব পাৰি সেই লৈ নতুনকৈ চিন্তা কৰিব লাগিব। তাৰ বাবে তেওঁলোকে প্ৰথমতে বিংশ শতিকাৰ বিপ্লৱসমূহক লৈ থকা নষ্টালজিয়া এৰিব পাৰিব লাগিব।

একে প্ৰসংগত ভাৰতৰ প্ৰেক্ষাপটত দুটামান কথা মন কৰিবলগীয়া। দেখা গৈছে যে নব্য উদাৰতাবাদৰ ৰূপত পুঁজিবাদৰ গণবিৰোধী অভিযান পূৰাদমে আগ বাঢ়িছে যদিও ক্ষোভিত-বঞ্চিত জনসাধাৰণ সেইধৰণে ব্যৱস্থাটোৰ বিৰুদ্ধে জাগৃত হৈ উঠা নাই। তাৰ ঠাইত বহু ক্ষেত্ৰত তেওঁলোকে পুঁজি আৰু ৰাষ্ট্ৰৰ সৈতে বুজাবুজি আৰু দৰদাম কৰাৰ পদ্ধতিহে গ্ৰহণ কৰিছে। তাৰ বাবে ভাৰতৰ উত্তৰ-ঔপনিবেশিক গণতান্ত্ৰিক ব্যৱস্থাটোৰ গতিধাৰালৈ চকু দিব লাগিব। পুঁজিবাদৰ আগ্ৰাসন চলিছে হয়, কিন্তু একে সময়তে ক্ষোভিত-বঞ্চিত জনসাধাৰণ যাতে সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে পৰিচালিত নহয় তাৰ বাবে ৰাষ্ট্ৰই বহুতো পলিচি গ্ৰহণ কৰিছে। পুঁজিৰ ব্যাপক আদিম সঞ্চয়নৰ ক্ষতিপূৰণ হিচাপে ৰাষ্ট্ৰই (বিশেষকৈ হিতাধিকাৰীভিত্তিক আঁচনি আদিৰ জৰিয়তে) জনসাধাৰণক তাৎক্ষণিক সহায়তা প্ৰদান কৰিছে। এনে অৱস্থাত জনসাধাৰণেও বিভিন্ন আন্দোলন আদিৰ জৰিয়তে ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয় দিয়াৰ বিপৰীতে ৰাষ্ট্ৰৰপৰা যথাসম্ভৱ লাভ আদায় কৰি লোৱাৰ নীতিহে গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ৰ সৰহভাগ গণভিত্তিক প্ৰতিবাদী আন্দোলনৰ চৰিত্ৰ এনেকুৱাই। আনহাতে, ভবা হয় যে পুঁজিৰ আদিম সঞ্চয়নে ব্যাপকভাৱে মানুহক দীন-হীনত পৰিণত কৰিব আৰু সেই সকলোৱেই গৈ শ্ৰমিকৰ সমদলত যোগদান কৰিবগৈ; কৃষক সমাজসমূহ তেনেদৰে ভাগি যাব আৰু সৰহভাগ কৃষক শ্ৰমিকত পৰিণত হ’ব। কিন্তু তাৰ পৰিবৰ্তে ভিন্ন এখন ছবিহে আমি দেখিবলৈ পাইছো। কৃষক সমাজসমূহ এতিয়া সম্পূৰ্ণভাৱে পুঁজিৰ বজাৰখনৰ সৈতে অংগাংগীভাৱে জড়িত হৈ পৰিছে। তেওঁলোকে তাক পুঁজিৰ আক্ৰমণ হিচাপে গ্ৰহণ কৰা নাই, বৰং তাৰ সৈতে বুজাবুজিত আহিবলৈ চেষ্টা কৰিছে। কৃষকৰ উৎপাদিত সামগ্ৰীসমূহে পণ্য হিচাপে বজাৰৰ নেটৱৰ্কত প্ৰবেশ কৰিছে, বহুতে ক্ষুদ্ৰ উৎপাদনকাৰী হিচাপেও ইয়াত যোগদান কৰিছে। গ্ৰাম্য সমাজৰ সমূহীয়া সম্পদসমূহৰ সংকোচন, বজাৰৰ আধিপত্য আদিৰ ফলত নগদ টকাৰ প্ৰয়োজন বাঢ়ি গৈছে, যাৰ বাবে বহুসংখ্যক কৃষক বা সম্ভাব্য কৃষকে অসংগঠিত খণ্ডত শ্ৰমিক হিচাপে যোগ দিছে, আৰু তাৰ বাবে গাঁওসমূহৰপৰা ব্যাপক প্ৰব্ৰজন সংঘটিত হৈছে। কিন্তু এই শ্ৰমিকসকল হেৰুৱাবলৈ একো নথকা ধ্ৰুপদী শ্ৰমিকত পৰিণত হোৱা নাই। বৰং নব্য উদাৰতাবাদে সৰ্বাত্মক ৰূপ দিয়া শ্ৰেণীগত উত্তৰণৰ আকাংক্ষাক তেওঁলোকে প্ৰায়েই সদৰ্থক ৰূপত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ফলস্বৰূপে এই শ্ৰমিক সমাজখনৰ মাজতো মধ্যবিত্তীয় স্বপ্নৰ ব্যাপকতা দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতি সৰ্বাত্মক ৰূপান্তৰৰ কথা কোৱা বাঁওপন্থীসকলৰ বাবে খুবেই অস্বস্তিদায়ক। আজি যদি সমাজবাদৰ স্বপ্ন নিৰ্মাণ কৰিবলৈ হয়, তেন্তে এই প্ৰতিকূল পৰিস্থিতিতেই কৰিব লাগিব – তেওঁলোকৰ সন্মুখত কোনো ৰেডিমেড শ্ৰেণীসচেতন শ্ৰমিক নাই। জনসাধাৰণৰ মাজত শোষণ-বঞ্চনা যেনেকৈ আছে, শোষিত-বঞ্চিতসকলৰ মাজত ক্ষোভ আৰু প্ৰতিবাদৰ জুয়ো জ্বলি আছে। তেনে ক্ষোভ আৰু প্ৰতিবাদক বাঁওপন্থীসকলে ঠিকেই চিনাক্ত কৰিছে আৰু ঠায়ে ঠায়ে সঠিকভাৱেই সংগঠিত ৰূপ প্ৰদান কৰিছে। কিন্তু একে সময়তে বৰ্তমান শ্ৰমিক সমাজৰ মাজত উপলব্ধ এই গভীৰ স্ববিৰোধী প্ৰৱণতাসমূহো সঠিকভাৱে বুজা দৰকাৰ – সিবিলাকক ভ্ৰান্ত চেতনা হিচাপে বা অন্য ৰূপত অৱজ্ঞা কৰাটো অন্ধতাৰ নামান্তৰ মাত্ৰ।

ইমানলৈকে আলোচনাৰপৰা দেখা গ’ল যে সম্প্ৰতি বিশ্বজোৰা পৰিস্থিতি বা ভাৰতীয় পৰিস্থিতি বিংশ শতিকাৰ বিপ্লৱ সংঘটিত হোৱা দেশসমূহতকৈ গুণগতভাৱে পৃথক আৰু জটিল। এনে পৰিস্থিতিৰপৰা মুক্তি কেনেকৈ হ’ব আৰু সমাজবাদৰ পথ কেনেকৈ মুকলি হ’ব তাৰ কোনো স্পষ্ট আৰু নিটোল ধাৰণা এতিয়া কাৰো হাতত নাই। কিন্তু বাঁওপন্থীসকলৰ মোহমুক্ত আত্মসমালোচনা আৰু পৰ্যালোচনাই এই ক্ষেত্ৰত নিশ্চয়কৈ সহায় কৰিব। পুঁজিবাদবিৰোধী ব্যাপক সংগ্ৰাম বা ভৱিষ্যতে কেতিয়াবা তাৰ হাতত পুঁজিবাদ পৰাভূত হোৱাৰ কথা কেৱল গোলকীয় স্তৰতহে চিন্তা কৰিব পাৰি। পুঁজিবাদে সমগ্ৰ পৃথিৱীক এনেকুৱা নিশ্ছিদ্ৰ আৰু আটিল ৰূপত বান্ধি পেলালে যে এতিয়া আৰু তাৰ কোনোবা দুৰ্বল অংশত আক্ৰমণ কৰাৰ কথা ভাবিব নোৱাৰি। কিন্তু তথাপিও পুঁজিবাদৰ পৰিচালনাত জাতি-ৰাষ্ট্ৰৰ এটা ডাঙৰ আৰু অপৰিহাৰ্য ভূমিকা আছে। ই আঞ্চলিক প্ৰয়োজন আৰু বৈশিষ্ট্য অনুসৰি পুঁজিবাদৰ ধাৰক-বাহক হিচাপে কাম কৰে – যিটো ভূমিকা কোনো আন্তৰ্জাতিক শক্তিয়ে কৰিব নোৱাৰে। গতিকে জাতি-ৰাষ্ট্ৰৰ মাজতে পুঁজিবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ অৱকাশ আজিও আছে। কিন্তু ভাৰতৰ প্ৰেক্ষাপটলৈ চালে দেখা যায়, বাঁওপন্থী শক্তিসমূহৰ যি দুৰৱস্থা, তাৰপৰা পুঁজিবিৰোধী সংগ্ৰামৰ বাবে নতুন তত্ত্ব আৰু অনুশীলনৰ আশা অদূৰ ভৱিষ্যতে মুঠেই কৰিব নোৱাৰি। সূত্ৰৱৎ সহজ চিন্তা আৰু নষ্টালজিয়াৰ চিন্তাহীন পুনৰুৎপাদনতেই তেওঁলোক অধিক অভ্যস্ত যেন মনে ধৰে। প্ৰথমতে তেওঁলোকে আত্মশ্ৰেষ্ঠতাপূৰ্ণ সহজ ব্যাখ্যা আৰু আত্মনিমগ্ন কূপমণ্ডূকতাৰপৰা নিজকে মুকলি কৰিব পাৰিব লাগিব। প্ৰকৃতাৰ্থত প্ৰধান বাঁওপন্থী শক্তিবিলাকৰ নিজৰ মাজতে একোটাহঁত আভ্যন্তৰীণ বিপ্লৱ সংঘটিত হ’ব লাগিব। বাঁওপন্থী শক্তিসমূহৰ সৈতে যিমান সৎ, একনিষ্ঠ আৰু সমাজমুখী লোক আছে সেইসকল খুব ডাঙৰ সম্পদ। কিন্তু নতুন চিন্তা আৰু অনুশীলনেৰে তেওঁলোকে নিজকে নতুনকৈ গঢ় দিব পাৰিব লাগিব। সেই নতুন চিন্তা আৰু অনুশীলনৰ ৰূপ কেনেকুৱা হ’ব সেই লৈ বহল বৌদ্ধিক বিতৰ্ক হ’ব পাৰে।

বিশ্বৰ প্ৰেক্ষাপটলৈ চকু মেলিলেই দেখা যায় যে মাৰ্ক্সবাদৰ চৰ্চা আজি এটা বহুপল্লৱিত ধাৰাত পৰিণত হৈছে। মাৰ্ক্সবাদৰ এই চৰ্চাসমূহক প্ৰকৃত মাৰ্ক্সবাদী বনাম মাৰ্ক্সবাদবিৰোধী, বা প্ৰকৃত মাৰ্ক্সবাদী বনাম শোধনবাদী, বা মাৰ্ক্সবাদী বনাম উত্তৰাধুনিকতাবাদী – এনেকৈ সহজ বিভাজন কৰিব নোৱাৰি। এনে চৰ্চাৰ প্ৰতি নিশ্চয়কৈ সমালোচনাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব, কিন্তু সিবিলাকক বাহিৰৰপৰাই নস্যাৎ কৰিব নোৱাৰি বা অৱজ্ঞা কৰিবও নোৱাৰি। এনে চৰ্চাক অৱজ্ঞা কৰাৰ ফলস্বৰূপেই ভাৰতৰ প্ৰধান বাঁওপন্থী শক্তিসমূহৰ মাৰ্ক্সবাদ তাহানিৰ দিনতে আবদ্ধ হৈ থাকিল। লেনিন-মাওতকৈ তেওঁলোক আগ বাঢ়িব নোৱাৰিলে। এটা কথা ঠিক যে মাৰ্ক্সবাদৰ নতুন চৰ্চাসমূহৰ প্ৰায়ভাগেই আমাক অন্তৰ্দৃষ্টি যোগায়, কিন্তু ৰাজনীতি যোগাব নোৱাৰে। কিন্তু আওকলীয়া এবিধ ৰাজনীতিক অন্ধভাৱে খামুচি ধৰি থকাৰ বাবেই বাঁওপন্থী শক্তিসমূহে ভাৰতত বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে। ওপৰত কৈ আহিছো যে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বাঁওপন্থী শক্তিসমূহেই নিশকতীয়া হৈ পৰিছে। এইটো এটা বিশ্ব-ঐতিহাসিক পৰিস্থিতি। কিন্তু ভাৰতীয় বাঁওপন্থী শক্তিসমূহৰ বৰ্তমানৰ অৱস্থাটো তেওঁলোকৰ নিজৰ চিন্তাৰদ্বাৰাই পূৰ্বনিৰ্ধাৰিত আছিল। এনে অৱস্থাত থাকিলে তেওঁলোকে পৰিবৰ্তিত ঐতিহাসিক পৰিস্থিতিতো নিজৰ কাম্য ভূমিকা পালন কৰিবলৈ সক্ষম নহ’ব। গতিকে তেওঁলোকে নিজৰ অভ্যস্ত পৰিসৰৰ বাহিৰত ভৰি দিয়াটো অতিকে জৰুৰী। তেওঁলোকে মাৰ্ক্সবাদৰ নতুন চৰ্চাসমূহৰ আলোকত আত্মবিশ্লেষণ কৰক। সেই চৰ্চাসমূহৰ ভাল-বেয়া অৱধাৰিতভাৱেই পৰিষ্কাৰ হৈ পৰিব, কিন্তু তাৰ বাবে প্ৰথমতে সিবিলাকৰ সৈতে জড়িত হ’ব লাগিব। এনে নহয় যে কেৱল মাৰ্ক্সবাদেই পঢ়িব লাগিব, সমাজ সম্পৰ্কীয় বহুতো অমাৰ্ক্সবাদী চৰ্চাও মাৰ্ক্সবাদীৰ বাবে খুবেই আলোকসঞ্চাৰী হ’ব পাৰে।

নব্য উদাৰতাবাদী পুঁজিবাদৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে বাঁওপন্থী শক্তিসমূহে পৰিচিতিকেন্দ্ৰিক সামাজিক আন্দোলনবিলাকৰ প্ৰশ্নটো মীমাংসা কৰিব লাগিব। তাৰ বাবে সংস্কৃতি সম্পৰ্কীয় তেওঁলোকৰ ধাৰণাৰ মৌলিক পৰিবৰ্তন ঘটিব লাগিব। কথাটো এনেকুৱা নহয় যে তেওঁলোকৰ বৰ্তমান ধাৰণাৰ সৈতে আৰু কিবা এটা উপাদান নতুনকৈ যোগ দিব লাগিব। বৰং তেওঁলোকৰ গোটেই ৰাজনীতিটোৱেই নতুনকৈ গঢ়ি তুলিব লাগিব। এজন ব্যক্তিৰ সামাজিক পৰিচিতি কেৱল শ্ৰেণীয়ে নিৰ্ধাৰণ নকৰে – তাৰ সৈতে লিংগ, বৰ্ণ, যৌনতা আদি আন বিভিন্ন পৰিচিতি সংপৃক্ত হৈ থাকে। এইবিলাকক শ্ৰেণী পৰিচিতিৰপৰা পৃথককৈ চাব নোৱাৰি, বৰং ব্যক্তিৰ সমগ্ৰ সামাজিক সত্তাটোত এই আটাইবোৰ পৰিচিতি এৰাব নোৱৰাকৈ বান্ধ খাই থাকে। দেখাত এনে পৰিচিতিবোৰ সমাজৰ উপৰিভাগত ওপঙি থকা বস্তু যেন লাগিব পাৰে, মনস্তাত্ত্বিক প্ৰপঞ্চ যেন লাগিব পাৰে। কিন্তু এনে সমূহ সামাজিক পৰিচিতি সমাজৰ ভিত্তিভাগৰপৰাই উৎসাৰিত আৰু সিবোৰে ওলোটাই ভিত্তিভাগক প্ৰভাৱিতও কৰে। গতিকে বাঁওপন্থীসকলে শ্ৰেণীৰ লগতে এনে সামাজিক পৰিচিতিসমূহকো সমান গুৰুত্ব প্ৰদান কৰিব লাগিব – আন ভাষাত, তেওঁলোকে মানুহৰ সমগ্ৰ সামাজিক সত্তাক স্বীকৃতি দিব লাগিব। শ্ৰেণী ৰাজনীতিৰ হাতধৰী লিগিৰী হিচাপে নহয়, শ্ৰেণী ৰাজনীতিৰ সৈতে সমমৰ্যাদাৰে আৰু সহযোগিতাৰে এনে সামাজিক পৰিচিতিভিত্তিক মুক্তিকামী আন্দোলনসমূহ পৰিচালিত হ’ব লাগিব। বাঁওপন্থী ৰাজনীতিৰ ভিতৰচ’ৰাত এই পৰিচিতিভিত্তিক ৰাজনীতি সম্পৰ্কে বাৰ্তালাপ আৰু অনুশীলনৰ বাবে সুকীয়া জেগা থাকিব লাগিব। শ্ৰেণী ৰাজনীতিয়ে স্বয়ংক্ৰিয়ভাৱে সামাজিক পৰিচিতিভিত্তিক শোষণ-বৈষম্যৰ অৱসান ঘটাব নোৱাৰে। গতিকে শ্ৰেণীসংঘাতৰ সমাধান যদি কোনোবাদিনা হৈ যায়, তাৰ পাছতো এই পৰিচিতিভিত্তিক সামাজিক মুক্তিকামী আন্দোলনবিলাকৰ প্ৰাসংগিকতা শেষ হৈ নাযায়। শ্ৰেণী ৰাজনীতিৰ সৈতে যদি এই সামাজিক পৰিচিতিভিত্তিক ৰাজনীতিসমূহ একেখন সমতলত আহি পৰে, তেতিয়া সেই পৰিচিতিভিত্তিক ৰাজনীতিসমূহৰ সমস্যাসমূহ উন্মোচিত হৈ পৰিব আৰু সিবিলাক সমাধান কৰাৰো বাট মুকলি হ’ব। উদাহৰণস্বৰূপে, নাৰীবাদী আন্দোলন যদি শ্ৰেণী ৰাজনীতিৰ সৈতে লগ লাগে, তেন্তে দেখা যাব যে বৰ্তমান নব্য উদাৰতাবাদে পৃষ্ঠপোষকতা কৰা লিবাৰেল নাৰীবাদে খাটিখোৱা শ্ৰমিক নাৰীসমাজক বা নিম্নবৰ্ণৰ নাৰীসমাজক সামৰি লোৱা নাই। এনেদৰে নাৰীবাদী আন্দোলনে নিজৰ সীমাবদ্ধতাসমূহ অতিক্ৰম কৰাৰো পথ মুকলি হ’ব। বিংশ শতিকাৰ বিপ্লৱসমূহৰ সময়ত সামাজিক পৰিচিতিভিত্তিক আন্দোলনসমূহ তেনেকৈ গঢ় লৈ উঠা নাছিল বা উঠিলেও স্বতন্ত্ৰভাৱে সিমান শক্তি আহৰণ কৰিব পৰা নাছিল। গতিকে সেই সময়ৰ বিপ্লৱীসকলে কোনোবাটো বিষয়ত সবল প্ৰগতিশীল ভূমিকা পালন কৰিলেও আন কোনোবাটো বিষয়ত প্ৰতিক্ৰিয়াশীল অৱস্থান গ্ৰহণ কৰিছিল। আজি কিন্তু তেনে কৰাটো সম্ভৱপৰ নহয় – কিয়নো ইতিমধ্যেই এই আন্দোলনসমূহ বিশ্বজুৰি জোৰদাৰ হৈ উঠিছে আৰু সিবিলাকক পুঁজিবাদে পৃষ্ঠপোষকতা কৰিছে। গতিকে সেই ভূমিকাটো আজি পুঁজিবাদৰ হাতৰপৰা বাঁওপন্থীসকলে আঁজুৰি আনিব পাৰিবই লাগিব, আৰু প্ৰতিপন্ন কৰিব পাৰিব লাগিব যে পৰিচিতিকেন্দ্ৰিক মুক্তিকামী আন্দোলনবিলাকৰো প্ৰকৃত আৰু সম্পূৰ্ণ সফলতা সমাজবাদৰ মাজতহে সম্ভৱ হ’ব।

বৰ্তমান ভাৰতত হিন্দু জাতীয়তাবাদে এক সৰ্বাত্মক ৰাজনৈতিক-সামাজিক আধিপত্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰধান বাঁওপন্থী শক্তিসমূহে এই শক্তিৰ চৰিত্ৰ অনুধাৱন কৰাত ব্যৰ্থ হৈছে। তেওঁলোকে ঘাইকৈ হিন্দু জাতীয়তাবাদীহঁতৰ শোষণমূলক আৰু চক্ৰান্তমূলক ৰূপটো দাঙি ধৰাতে অধিক মনোনিবেশ কৰা পৰিলক্ষিত হৈছে। ভাৰতত ৰাষ্ট্ৰ আৰু পুঁজিবাদৰ ইতিহাসত এক পৰ্বান্তৰ ঘটাইছে হিন্দু জাতীয়তাবাদৰ উত্থানে। কিন্তু এই পৰ্বান্তৰ কেনেকৈ ঘটিছে, হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ সমন্বিত প্ৰতিমূৰ্তিৰূপে হিন্দু জাতীয়তাবাদীহঁতৰ উত্থান কেনেকৈ সম্ভৱ হ’ল, সেই সম্পৰ্কত বাঁওপন্থী শক্তিসমূহ উদাসীন যেন ভাব হয়। হিন্দু জাতীয়তাবাদ পুঁজিবাদৰ সংকট মোচনৰ উপায় নহয়; অৰ্থনৈতিক দুৰ্দশাৰপৰা জনসাধাৰণৰ মন আনফালে ঢাল খুৱাবলৈ পুঁজিপতিহঁতে চক্ৰান্ত কৰি এই ভূতটো মেলি দিয়া নাই। কেৱল জনসাধাৰণৰ ধৰ্মীয় চেতনাক উচটনি যোগায়েই হিন্দু জাতীয়তাবাদীহঁতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। চক্ৰান্ত, উচটনি আদি সকলোবোৰেই আংশিকভাৱে সত্য। কিন্তু এইটো তাতোকৈ সত্য যে হিন্দু জাতীয়তাবাদৰ ব্যাপক আৰু গভীৰ গণভিত্তি আছে। গণতন্ত্ৰবিৰোধী হ’ব পাৰে – কিন্তু হিন্দু জাতীয়তাবাদ হ’ল এক গণ আন্দোলন। হিন্দু জাতীয়তাবাদী শক্তিসমূহ দীৰ্ঘদিনীয়া তত্ত্ব আৰু অনুশীলনৰ জৰিয়তে এই গণ আন্দোলনটো গঢ়ি তুলিছে। ইয়েই হ’ল বৰ্তমান ভাৰতৰ সবাতোকৈ শক্তিশালী আৰু মতাদৰ্শগতভাৱে সুসংগঠিত তথা স্পষ্ট ৰাজনৈতিক শক্তি। সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই হিন্দু ৰাষ্ট্ৰ আৰু সমাজ প্ৰতিষ্ঠা কৰাই তাৰ উদ্দেশ্য। গতিকে ইয়াক পৰাভৱ কৰিবলৈও তেনে এক সৰ্বাত্মক ৰূপান্তৰকামী সংগ্ৰামৰ প্ৰয়োজন হ’ব। হিন্দু জাতীয়তাবাদৰ ফোঁপোলা স্বৰূপ উদঙাই দি বা তাৰ চক্ৰান্ত-উচটনি সম্পৰ্কে প্ৰচাৰ চলাই একো হাচিল কৰিব নোৱাৰি। সেইবুলি তেনে কৰাটো অপ্ৰয়োজনীয় নহয়। কিন্তু তাক পৰাভূত কৰিব পৰা যাব ৰাজনৈতিকভাৱে, সংগ্ৰামৰ জৰিয়তে। পিছে তেনে সংগ্ৰামৰ কোনো সম্ভাৱনা অদূৰ ভৱিষ্যতত আমি দেখিবলৈ নাপাওঁ। নিৰ্বাচনী হিচাপ-নিকাচ নিশ্চয়কৈ সদায় চলিয়েই থাকিব, কিন্তু ৰাজনৈতিক সংগ্ৰাম অবিহনে হিন্দু জাতীয়তাবাদৰ পৰাভৱ সহজে আশা কৰিব নোৱাৰি। হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে সংগ্ৰামখন বাঁওপন্থী শক্তিসমূহৰপৰাই আশা কৰিব পৰা গ’লহেঁতেন। কিন্তু তাৰ বাবে তেওঁলোকে প্ৰথমে তাৰ আধিপত্যৰ চৰিত্ৰ উপলব্ধি কৰিব লাগিব। আৰু হিন্দু জাতীয়তাবাদীহঁতৰপৰা ৰাজনৈতিক শিক্ষাও আহৰণ কৰিব পাৰিব লাগিব।

শেষত অসমৰ প্ৰেক্ষাপটত দুটামান কথা কোৱা দৰকাৰ। অসমীয়া সমাজত অসমীয়া জাতীয়তাবাদৰ এক সৰ্বাত্মক আধিপত্য বিৰাজ কৰিছে। শেহতীয়াভাৱে হিন্দু জাতীয়তাবাদৰ সৈতে তাৰ বহুখিনি সনা-পোটোকা ঘটিছে যাৰ ফলস্বৰূপে তাৰ বৰ্ণবাদী-সাম্প্ৰদায়িক উপাদানসমূহে অধিক পৰিমাণে মূৰ দাঙি উঠিছে। কিন্তু যোৱা শতিকাৰ নব্বৈ দশকত ভাৰতীয় জাতীয়তাবাদৰ সৈতে ইয়াৰ যি বিৰোধমূলক সম্পৰ্ক আছিল সেই চেতনাটো মাজে মাজে মূৰ তুলি উঠি পৰিস্থিতিটো কিছু লাঘৱ কৰি পেলোৱা দেখা যায়। এইটো হ’ল অসমীয়া জাতীয়তাবাদৰ এটা গুৰুত্বপূৰ্ণ প্ৰগতিশীল দিশ। কিন্তু সিয়েই অসমীয়া জাতীয়তাবাদক প্ৰগতিশীল কৰি নোতোলে। অসমৰ বাঁও-প্ৰগতিশীল মহলত প্ৰগতিশীল জাতীয়তাবাদৰ ধাৰণাটোৰ বহল প্ৰচলন আছে। তেওঁলোকে প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদৰ বিপৰীতে এক প্ৰগতিশীল জাতীয়তাবাদৰ ধাৰণা দাঙি ধৰা দেখা যায়, য’ত জাতীয়তাবাদৰ শোষণ-বৈষম্যমূলক উপাদানবিলাক নাথাকিব। কিন্তু প্ৰকৃতাৰ্থত প্ৰগতিশীল জাতীয়তাবাদৰ এটা অতি-ঐতিহাসিক কেটেগৰি নিৰ্মাণ কৰিব নোৱাৰি। জাতীয়তাবাদে ইতিহাসৰ এটা সময়ত প্ৰগতিশীল ভূমিকা পালন কৰাটো সঁচা – সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুদ্ধ কৰি জাতীয়তাবাদে নিপীড়িত জাতিসমূহক ৰক্ষা কৰিছিল। কিন্তু আজিৰ পৰিস্থিতিত পুনৰ জাতীয়তাবাদক প্ৰগতিশীল ৰূপ দিয়াটো সম্ভৱপৰ হ’ব বুলি মনে নধৰে। জাতীয়তাবাদৰ প্ৰতি বাঁওপন্থীৰ কোনো মোহ থাকিব নালাগে, তেওঁ বুজিব লাগে যে জাতীয়তাবাদ মূলতঃ এটা বেয়া বস্তু। কিন্তু সেইবুলিয়েই সি অস্তিত্বহীন হৈ নাযায় – জাতীয়তাবাদৰ বিপুল শক্তি কমি নাযায়। প্ৰশ্ন হ’ল, তাক কেনেকৈ চম্ভালিব পৰা যায়, আৰু কেনেকৈ তাৰ সৈতে মোকাবিলা কৰি বাঁওপন্থী ৰাজনীতি আগুৱাই নিব পৰা যায়। অসমত জাতীয়তাবাদৰ আধিপত্যৰ বাবেই কোনো প্ৰগতিশীল ৰাজনীতি আজিলৈকে আগ বাঢ়িব পৰা নাই – সি শ্ৰেণী ৰাজনীতিয়েই হওক বা পৰিচিতিভিত্তিক সামাজিক ৰাজনীতিয়েই হওক। যিকোনো ইছ্যু উত্থাপন কৰিলে বা ৰাজনৈতিকভাৱে আগ বঢ়াই নিব বিচাৰিলে ইয়াত ঘূৰি-পকি জাতীয়তাবাদৰ পকনীয়াতে সোমাই পৰেগৈ। সেইবাবে প্ৰগতিশীল ৰাজনীতি কৰিবলৈ ওলাই যোৱা বহুতেই জাতীয়তাবাদৰ পকনীয়াত পাকঘূৰণি খাই আছে। বাঁওপন্থীৰ বাবে এই পৰিস্থিতিৰ সোনকালেই অন্ত পৰাটো জৰুৰী। সি যি নহওক, অসমৰ সমাজত অসমীয়া জাতীয়তাবাদৰ আধিপত্যৰ কথা আলোচনা কৰিলে দুটা দিশ চকুত পৰে। প্ৰথমটো হ’ল, অসমীয়া জাতীয়তাবাদে যিসমূহ ইছ্যু ৰাজনৈতিকভাৱে উত্থাপন কৰি আহিছে সেইসমূহৰ কম-বেছি পৰিমাণে বাস্তৱিক ভিত্তি আছে। দ্বিতীয়টো হ’ল, অসমৰ সমাজৰ ক্ষমতা-গাঁথনিত ইয়াৰ অখণ্ড প্ৰভাৱ পৰিলক্ষিত হয়। আন ভাষাত, মতাদৰ্শ হিচাপে অসমীয়া জাতীয়তাবাদৰ অবিসম্বাদী শক্তি আছে। এই উভয় দিশৰপৰাই বাঁওপন্থীসকলে অসমীয়া জাতীয়তাবাদক গ্ৰহণ কৰিব লাগিব। বাঁওপন্থীসকলৰ উদ্দেশ্য হ’ল জাতীয়তাবাদৰ সদৰ্থক দাবীসমূহ স্বীকাৰ কৰিও তাৰ মতাদৰ্শগত আধিপত্যক ক্ৰমাগতভাৱে সংকুচিত কৰি অনা, যাতে আন মুক্তিকামী ৰাজনীতিৰ বাবে জেগা মুকলি হয়। তাৰ বাবে বাঁওপন্থীসকলে গ্ৰহণ কৰিব লাগিব এক সতৰ্ক ৰণকৌশলগত ৰাজনীতি – একে সময়তে সমালোচনা আৰু সহযোগিতাৰ এক ৰাজনীতি। জাতীয়তাবাদৰ সদৰ্থক দাবীবিলাকক নিজৰ ৰাজনীতিৰ মাজত কেনেকৈ সাঙুৰি ল’ব পৰা যায় সেই সম্পৰ্কে চিন্তা কৰিব লাগিব। এতিয়া তাৰ ওলোটা উদাহৰণহে বাস্তৱত দেখিবলৈ পোৱা যায়। প্ৰগতিশীল গণ সংগঠনে শ্ৰেণীগত প্ৰশ্ন এটাকো জাতীয় প্ৰশ্ন হিচাপে উত্থাপন কৰি ৰাজনৈতিকভাৱে অগ্ৰসৰ হোৱা দেখা যায়। ফলস্বৰূপে প্ৰগতিশীল ৰাজনীতিৰতো কোনো লাভ নহয়েই, বৰং পৰৱৰ্তী সময়ত উক্ত প্ৰশ্নত আহি জঁপিয়াই পৰা জাতীয়তাবাদী শক্তিসমূহৰহে উপকাৰ হয়। সি যি নহওক, সেই জাতীয় দাবীবিলাক কেনেকৈ সোনকালে সমাধা বা লাঘৱ কৰিব পাৰি (ৰাজনৈতিক, সামাজিক, আইনগত যি উপায়েৰেই নহওক), আৰু তাৰ জৰিয়তে কেনেকৈ জাতীয়তাবাদী শক্তিবিলাকক দুৰ্বল কৰিব আৰু লেকাম লগাব পাৰি, সেই লৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আনহাতে, বাঁওপন্থীসকলৰ প্ৰধান কাম হ’ল মতাদৰ্শৰ স্তৰত। জাতীয়তাবাদ তথা জাতীয়তাবাদী শক্তিসমূহৰ মৌলিক সমালোচনা নিৰৱচ্ছিন্নভাৱে কৰি যাব লাগিব। কিন্তু তাতকৈ প্ৰয়োজনীয় আৰু ফলপ্ৰসূ উপায় হ’ল পৰিচিতিভিত্তিক সামাজিক মুক্তিৰ আন্দোলন গঢ় দিয়া আৰু সিবিলাকক আগ বঢ়াই নিয়া। লিংগ, বৰ্ণ, যৌনতা আদি পৰিচিতিৰ ভিত্তিত শোষণ-বৈষম্য হ’ল জাতীয়তাবাদৰ অন্তৰ্নিহিত উপাদান। অসমীয়া জাতীয়তাবাদো ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে অসমীয়া জাতীয়তাবাদৰ পুৰুষতান্ত্ৰিক, বৰ্ণবাদী চৰিত্ৰৰ সমালোচনা, আৰু তৎকেন্দ্ৰিক সামাজিক আন্দোলনে স্বয়ংক্ৰিয়ভাৱে ইয়াৰ মতাদৰ্শগত আধিপত্যত ক্ৰমবৰ্ধমানভাৱে খহনীয়াৰ সৃষ্টি কৰিব। বাঁওপন্থীসকলে শ্ৰমিকসকলক লৈ আন্দোলন চলাই থাকক, কিন্তু তাৰ লগে লগে পৰিচিতিভিত্তিক শোষণ-বৈষম্যৰ বিৰুদ্ধে সামাজিক আন্দোলনৰো সূচনা কৰক। শ্ৰেণী ৰাজনীতিৰ সমান্তৰালভাৱে জাতীয়তাবাদৰ সমালোচনা আৰু সামাজিক মুক্তিকামী ৰাজনীতি একেলগে আগ বাঢ়ক – অসমৰ সমাজজীৱনত জাতীয়তাবাদৰ আধিপত্য সংকোচনৰ বাবে এয়াই হ’ব পাৰে দীৰ্ঘম্যাদী ৰণনীতি। কেৱল এনেধৰণৰ সতৰ্ক ৰণকৌশলগত ৰাজনীতিৰ জৰিয়তেই নিশ্চয় অসমত ভৱিষ্যতে বাঁওপন্থী ৰাজনীতিৰ ক্ষেত্ৰ মুকলি হ’ব পাৰে। কোনোবাই এই মুহূৰ্ততে অসমত পূৰ্ণাংগ সমাজবাদী ৰাজনীতি সফলতাৰে কৰিব পাৰিব বুলি যদি ভাবে, সেয়া মাথোঁ অলীক স্বপ্নহে হ’ব। তেনে প্ৰচেষ্টা চলালেও সি জাতীয়তাবাদী পকনীয়াতে অৱশেষত সোমাই পৰিবগৈ। গতিকে অসমৰ বাঁওপন্থীসকলে এই মুহূৰ্তত বৰ ডাঙৰ সপোন দেখি লাভ নাই। কিন্তু অসমীয়া জাতীয়তাবাদক যদি কেনেবাকৈ চম্ভালিব পৰা যায়, তেন্তে ভৱিষ্যতে সমাজবাদী ৰাজনীতিৰ ভাল দিন নিশ্চয়কৈ আহিব।

(ৰচনাকাল : ১৪-০৯-১৯)

পুচ্ছটীকা : কম ঠাইত খৰখেদাকৈ সামৰিবলৈ চেষ্টা কৰা বাবে সমাজবাদৰ অতীত আৰু বৰ্তমান, পুঁজিবাদৰ বিৱৰ্তন আদি প্ৰসংগৰ আলোচনাখিনি তেনেই চমু আৰু কিছু সৰলীকৃত যেন হ’ল৷ উক্ত প্ৰসংগসমূহত পৰৱৰ্তী সময়ত বহলাই আৰু প্ৰণালীবদ্ধভাৱে লিখিবলৈ চেষ্টা কৰিম৷

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: