ননছেন্স আৰু কমন ছেন্স

এসময়ত এখন দেশত এজন ৰজা আছিল। দেশৰ দুখীয়া-নিছলা প্ৰজাগণৰ দুখ-দুৰ্দশা দেখি দেখি ৰজা এদিন বৰ মৰ্মাহত হ’ল। বহু ভাবি-চিন্তি তেওঁ এটা সমাধানৰ পথ উলিয়ালে। তেওঁ দেশত তৎকালে প্ৰয়োগ হোৱাকৈ দাৰিদ্ৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে অভিহিত কৰি নিষিদ্ধ ঘোষণা কৰিলে। লগে লগে দেশৰ হাজাৰ হাজাৰ দুখীয়া প্ৰজা অপৰাধীত পৰিণত হ’ল। তেওঁলোকৰ বহুতেই উপায় নাপাই আত্মহত্যা কৰিলে। বাকী থকা সকলোকে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল। এনেকৈ খুব কম সময়ৰ ভিতৰতে দেশৰপৰা দাৰিদ্ৰ্য নাইকিয়া হ’ল।

ঠিক সেই ৰজাজনে দিয়াৰ নিচিনা বিধানেই নিয়মীয়াভাৱে দি থকা হয় অসমীয়া লেফ্ট-লিবাৰেলসকলৰ প্ৰতি। কেতিয়াবা লেফ্ট-লিবাৰেল বুলি, কেতিয়াবা বাঁও-প্ৰগতিশীল বুলি, কেতিয়াবা কামোৰ দি প্ৰগতি‘শিল’ বুলি – যি নামেৰেই নহওক, ৰাতিপুৱা-গধূলি নিয়মীয়াভাৱে এওঁলোকক বিভিন্ন মহলে সমালোচনা, ঠাট্টা-বিদ্ৰূপ, ভেঙুচালি কৰি থাকে। এই বিভিন্ন মহলৰ ভিতৰত আমি ইয়াত মাত্ৰ এটা ক্ষুদ্ৰ অতি ৰেডিকেল মহলৰ বিষয়েহে কিছু কথা লিখিব খুজিছো। বাকী মহলবিলাকৰ প্ৰসংগবোৰ বেলেগ বেলেগ, সেইবিলাকৰ বিষয়ে পাছে-পৰে কেতিয়াবা আলোচনা হ’ব পাৰে। এই অতি ৰেডিকেল মহলটোৱে অসমীয়া বাঁও-প্ৰগতিশীলসকলক আক্ৰমণ কৰাটো যে জীৱনৰ এটা প্ৰধান উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছে, সিবিলাকৰ নিয়মীয়া ফে’চবুকীয়া কাৰ্যকলাপৰপৰাই গম পোৱা যায়। আচলতে বাঁও-প্ৰগতিশীলসকলক সমালোচনা-আক্ৰমণ কৰাটো কোনোধৰণৰ সমস্যা হ’ব নোৱাৰে। আমি নিজেও অসমীয়া বাঁও-প্ৰগতিশীল ধাৰাটোৰ প্ৰতি সমালোচনাত্মক – আমাৰ বিভিন্ন লেখা-মেলাত সেই সমালোচনা সিঁচৰতি হৈ আছে। কিন্তু উক্ত অতি ৰেডিকেলসকলে বাঁও-প্ৰগতিশীলসকলৰ সকলো কথা-কাণ্ডক নিয়মীয়াভাৱে সমালোচনা বা একপ্ৰকাৰ নস্যাৎ কৰি অহাৰ বিপৰীতে বিকল্প কোনো পথৰ সন্ধান দিব নোৱাৰে, বা তেনে কোনো প্ৰচেষ্টাৰ উমঘামেই সিবিলাকৰ মাজত দেখা পোৱা নাযায়। সিবিলাকে বাঁও-প্ৰগতিশীলসকলক পাপী বুলি ঘোষণা কৰিছে, কিন্তু পাপৰপৰা পৰিত্ৰাণৰ কোনো বাট দেখুওৱা নাই। তেনেহ’লে বাঁও-প্ৰগতিশীলসকলে এতিয়া আত্মহত্যা নকৰি কি কৰিব? এনেকৈয়ে অতি ৰেডিকেলসকলে তেওঁলোকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছে।

এই অতি ৰেডিকেলসকলৰ বিধান সম্পৰ্কে জানিবলৈ হ’লে আমি এন আৰ চি প্ৰসংগত তেওঁলোকৰ বক্তব্যলৈ চকু দিব পাৰো। অসমীয়া বাঁও-প্ৰগতিশীলসকলক তেওঁলোকে কৰা সৰ্বাত্মক সমালোচনা তথা আক্ৰমণৰ ক্ষেত্ৰত এন আৰ চিও এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। আন বিভিন্ন প্ৰসংগতো তেওঁলোকৰ ভূমিকাটো একেই৷ সি যি নহওক, ইয়াত আমি এন আৰ চি প্ৰসংগত বিশেষ একো আলোচনা নকৰো, অন্যত্ৰ বহুবাৰ সেয়া কৰা হৈছে। আমি মাত্ৰ সেই প্ৰসংগৰ জৰিয়তে এই ৰেডিকেলসকলৰ ৰাজনীতি সম্পৰ্কেহে দুটামান কথা আলোচনা কৰিম – আৰু সেইটোৱেই হ’ল এই লেখাৰ বিষয়। এন আৰ চিখন অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক সহমত বা কনছেন্সাছৰ ভিত্তিত হোৱা বুলি বহুলভাৱে গ্ৰহণ কৰা হয়। এই কনছেন্সাছৰ কথাটো লৈ ৰেডিকেল মহাশয় এজনে বাঁও-প্ৰগতিশীলসকলক বাৰংবাৰ আক্ৰমণ কৰি অহা দেখিবলৈ পাইছো। তেওঁ আনকি এনেধৰণেও প্ৰশ্ন কৰিছে – “কিহৰ কনছেন্সাছ হে? ননছেন্স নেকি?” প্ৰতিবাৰতে আক্ষৰিকভাৱে নহ’লেও আওপকীয়াভাৱে এই কনছেন্সাছক ননছেন্স বুলি তেওঁ অহৰহ নস্যাৎ কৰি আহিছে। উক্ত এন আৰ চি-কেন্দ্ৰিক কনছেন্সাছটো কেনেধৰণৰ বস্তু সেইটো ইয়াত আলোচনা কৰিব বিচৰা নাই। কিন্তু আচল প্ৰশ্নটো হ’ল, যদি সেইটো ননছেন্স হয় তেন্তে ছেন্সনো কোনটো? এন আৰ চিৰ যদি কোনো কাম নাই বা সি যদি পূৰামাত্ৰাই বৰ্জনীয় এটা বস্তু, তেন্তে আন এনে কি বিকল্প বস্তু আছে যি অসমৰ বিদেশী সমস্যাটোৰ সমাধান কৰিব পাৰিব? যি কনছেন্সাছৰ প্ৰশ্নটোক ধাৰাবাহিকভাৱে ননছেন্স বুলি অভিহিত কৰি আহিব, সি ছেন্সটোনো সেই সম্পৰ্কেও ধাৰণা দিব পাৰিব লাগিব। আৰু সেই ধাৰণা হ’ব লাগিব অসমীয়া দুৰ্ভগীয়া বাঁও-প্ৰগতিশীলসকলৰ ধাৰণাতকৈ ভাল আৰু একে সময়তে ৰাজনৈতিকভাৱে সম্ভৱপৰ।
বিদেশী প্ৰব্ৰজনৰ সমস্যাটো অসমৰ ইতিহাসৰ এটা দীৰ্ঘম্যাদী আৰু জটিল সমস্যা। ইয়াৰ দুটা দিশ চিহ্নিত কৰিব পাৰি। প্ৰথম, বিদেশী সমস্যাক কেন্দ্ৰ কৰি মূলসুঁতিৰ অসমীয়া মানুহ আৰু অন্যান্য থলুৱা জনগোষ্ঠীৰ মাজত যি আৰ্থ-সামাজিক সমস্যা আৰু পৰিচিতিক লৈ সংশয় আৰু ভীতি বিদ্যমান, তাৰ এটা বাস্তৱিক ঐতিহাসিক ভিত্তি আছে। এইটো কাৰণতে সমস্যাটোৰ এক আশু সমাধান অতিকে প্ৰয়োজনীয়। দ্বিতীয়, বিদেশী সমস্যাৰ বাস্তৱ ভিত্তি থাককেই বা নাথাককেই, বিদেশীক লৈ এইসমূহ জাতি-গোষ্ঠীৰ মাজত ব্যাপক আৰু গভীৰ সংশয় আৰু ভীতি বিদ্যমান। এইটো হ’ল মতাদৰ্শৰ কথা। ঘাইকৈ বিদেশীকেন্দ্ৰিক সংশয় আৰু ভীতিক লৈয়ে দশকৰ পাছত দশক ধৰি অসমৰ ৰাজনীতি পৰিচালিত হৈ আছে। অসমৰ সমাজজীৱনত অসমীয়া জাতীয়তাবাদৰ যি অখণ্ড প্ৰভাৱ তাৰ আঁৰৰ এক প্ৰধান কাৰক হ’ল এই বিদেশী প্ৰশ্নটো। অৰ্থাৎ বিদেশীকেন্দ্ৰিক সংশয় আৰু ভীতিৰ ভিত্তিত গঢ় লোৱা মতাদৰ্শটো হ’ল অসমৰ সমাজজীৱনত বৃহত্তম ৰাজনৈতিক-সামাজিক শক্তি। ঘাইকৈ এই শক্তিৰ বাবেই অসমত কোনোধৰণৰ প্ৰগতিশীল ৰাজনীতিয়ে (সি শ্ৰেণী ৰাজনীতিয়েই হওক বা লিংগ, বৰ্ণ-কেন্দ্ৰিক অন্যান্য সামাজিক ৰাজনীতিয়েই হওক) সহজে পোখা মেলিব নোৱাৰে। গতিকে ভৱিষ্যতৰ প্ৰগতিশীল ৰাজনীতিৰ স্বাৰ্থতে এই মতাদৰ্শক পৰাস্ত কৰাটো বা অন্ততঃ সংকুচিত কৰি অনাটো অতিকে প্ৰয়োজনীয়। এটা কথা ঠিক যে অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল চৰিত্ৰ আমি দেখিবলৈ পাওঁ তাৰ যোৱা শতিকাৰ নব্বৈ দশকৰ কালছোৱাত – তাৰ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সৈতে ফেপেৰি পাতি ধৰা অৱস্থানত আৰু তৎজনিত দাবী-দাবাবিলাকৰ মাজত। সাম্প্ৰতিক সময়ত হিন্দু জাতীয়তাবাদৰ প্ৰসাৰ তথা বিদেশী প্ৰশ্নটোৰ ধামখুমীয়াত সেইসমূহ প্ৰশ্ন তল পৰি গৈছে। নিচাগ্ৰস্ত ৰাষ্ট্ৰভক্তিৰ বৰ্তমানৰ পৰ্যায়ত সেই ৰেডিকেল অৱস্থানৰ পুনৰুত্থান কেনেবাকৈ ঘটিব বুলি আশা কৰা টান। কিন্তু সেইটোৱে কোনো কাৰণতেই বিদেশী প্ৰশ্নটোৰ গুৰুত্ব লাঘৱ কৰিব নোৱাৰে। বিদেশী প্ৰশ্নটোক বিদেশী প্ৰশ্ন হিচাপেই মীমাংসা কৰিব লাগিব। নহ’লে বিদেশী সমস্যাৰ ট্ৰেফিক জামত আমি সকলো ফচি থাকিব লাগিব – আন কোনো নতুন কথা অসমত আগ বঢ়াব পৰা নাযাব। বাঁও-প্ৰগতিশীলসকলতো ফচি থাকিবই, সমালোচকসকলো ফচি থাকিব লাগিব। কেনেকৈ মীমাংসা কৰিব পাৰি সেইটোৱেই আচল আলোচনাৰ বিষয়। এন আৰ চি হ’ল দীৰ্ঘদিন ধৰি ওলমি আহি থকা এটা বস্তু। ই বিদেশী সমস্যাৰ সমাধান কৰিব বুলি ভবাটো অলীক কল্পনা মাথোন। কিন্তু আশা কৰিব পাৰি যে গেঠেলা মাৰি থকা সমস্যাটোত এটা ঐতিহাসিক পৰ্বান্তৰ ঘটাব। সেইবাবে এন আৰ চিৰ সকলোধৰণৰ সমালোচনা কৰিও আমি মত পোষণ কৰিছো যে এই পৰ্যায়টো যেনেতেনে পাৰ হৈ যাবলৈ দিব লাগে। কিয়নো তাৰ বাদে আমাৰ কাৰোৱে হাতত কোনো বিকল্প উপায় নাই – কোনোৱেই এটা অধিক ভাল ৰাস্তা দেখুৱাব পৰা নাই।

কিন্তু এন আৰ চিক নস্যাৎ কৰিবলৈ হ’লে বা তৎসংলগ্ন কনছেন্সাছক ননছেন্স বুলি অভিহিত কৰিবলৈ হ’লে তেনে লোকে নিশ্চয়কৈ এটা অধিক ভাল ৰাস্তা দেখুৱাব পাৰিব লাগিব। যদি এন আৰ চি নহয়, তেন্তে কি?? অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে তোমালোকৰ হাতত বাঁও-প্ৰগতিশীলসকলে ঢুকি নোপোৱা এনে কি ভাল উপায় আছে? কোৱা হৈছে যে ৰাজনৈতিক- আৰু সামাজিকভাৱে সমাধান কৰিবলগা বিষয় এটা আইনগতভাৱে সমাধান কৰিবলৈ বিচৰাটোৱেই হ’ল মাৰাত্মক সমস্যা৷ এই পৰ্যবেক্ষণৰ সৈতে বহু দূৰলৈ আমাৰ দ্বিমত নাই৷ কিন্তু সমস্যাটো হ’ল, ৰাজনৈতিক- আৰু সামাজিকভাৱে সমস্যাটো কেনেদৰে সমাধান কৰা যাব, তাৰ এটা স্পষ্ট ধাৰণা আমাক লাগিব, আৰু তাৰ বাবে সম্ভৱপৰ ৰাজনৈতিক পথ এটাও আমি বিচাৰি পাব লাগিব৷ যদি তোমালোকে ইয়াৰ এটাও দাঙি ধৰিব নোৱাৰা, তেন্তে কেৱল আইনগত পথটো ভুল বুলি কৈ থাকিলেই নচলিব নহয়৷ কিবা যদি আছে লিখি দিয়া। বছ, লেঠা শেষ। অধিক বাস্তৱসন্মত আৰু ৰাজনৈতিকভাৱে সম্ভৱপৰ হ’লে বাঁও-প্ৰগতিশীলসকলে নিশ্চয়কৈ নিজৰটো এৰি তোমালোকৰ হাতত ধৰি আগ বাঢ়িব লাগিব। কিন্তু সমস্যাটো হ’ল সেই সম্পৰ্কে তোমালোকৰপৰা কোনোধৰণৰ স্পষ্ট বক্তব্য দেখিবলৈ পোৱা নাযায়।

এন আৰ চি প্ৰসংগটো আছুতীয়াকৈ থৈ সাধাৰণভাৱে আলোচ্য ৰেডিকেলসকলৰ ৰাজনৈতিক দৃষ্টিভংগীৰ ওপৰত চকু ফুৰালে কেইটামান মৌলিক প্ৰশ্ন চকুত পৰে। অসমীয়া বাঁও-প্ৰগতিশীলসকলক সমালোচনা কৰাটো আমি সদায়ে দেখি থাকো। কিন্তু তেওঁলোকৰ নিজৰ ৰাজনীতিটো কি? তেওঁলোকে যদি মুক্তিকামী ৰাজনীতিত বিশ্বাস কৰে, তেন্তে তাৰ ৰূপটো কেনেকুৱা? তাৰ বহল দাৰ্শনিক-তাত্ত্বিক ৰূপটো কি, আৰু সেইটোৰ সৈতে অসমৰ ৰাজনীতিৰ তাৎক্ষণিক প্ৰশ্নবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগীৰ সম্পৰ্কটো কি? আমি জনাত মুক্তিকামী ৰাজনীতিত বিশ্বাসীসকলৰ এটা বহল দাৰ্শনিক-তাত্ত্বিক আয়তন থকা দৰকাৰ, কিন্তু তাৎক্ষণিক ৰাজনৈতিক প্ৰশ্নবোৰ কেনেকৈ মীমাংসা কৰা যাব তাৰ সৈতেও উক্ত আয়তনৰ এটা যোগসূত্ৰ তথা সামঞ্জস্য থকা দৰকাৰ। এইক্ষেত্ৰত তেওঁলোকে কিধৰণৰ নতুন ৰাজনীতিৰ পোষকতা কৰে, আৰু বৰ্তমানৰ অসমৰ সামাজিক-ৰাজনৈতিক পৰস্থিতিৰ মাজৰপৰা কেনেদৰে সেই ৰাজনীতি বিকশিত কৰা যাব? আনক সমালোচনা কৰিবলৈ টান নহয় – তোমালোকৰ ৰাজনীতিত জেণ্ডাৰ কিয় নাই বা সংগঠনত অমুকটো কিয় নাই? কিন্তু সেই প্ৰশ্নবোৰ সামৰি কিদৰে এক নতুন মুক্তিকামী ৰাজনীতি বিকশিত কৰিব পৰা যাব, সেইটোহে আচল কথা। আন ভাষাত ক’বলৈ গ’লে, কি কি কৰিব নালাগে সেই সম্পৰ্কে বহুত শুনিলো। এতিয়া আমি শুনিব বিচাৰো, কি কি কৰিব লাগে। আনহাতে, তেওঁলোকে নিজকে অসমৰ ৰাজনীতিৰ অংশ বুলি নিজকে গণ্য কৰে, নে বাহিৰা পৰ্যবেক্ষক বুলিহে ভাবে? তেওঁলোকৰ বক্তব্যত বাহিৰা পৰ্যবেক্ষকৰ সুৰহে শুনিবলৈ পোৱা যায়। অসমৰ ৰাজনীতিৰ অংশ বুলি ভাবিলে নিশ্চয়কৈ তেওঁলোকৰ এটা স্পষ্ট ৰাজনৈতিক জেগা থাকিব – কিন্তু তেওঁলোকে সদায়ে নিজৰ জেগাটো নজনোৱাকৈ থকা দেখা যায়। আচলতে হয়তো তেওঁলোকে নিজকে বাহিৰা পৰ্যবেক্ষক বা সমালোচক হিচাপেহে প্ৰতিপন্ন কৰিব বিচাৰে। কথাটো সৰলীকৃত ৰূপত এনেকৈ বুজাব পাৰি। ধৰক, এটা সমস্যা আছে – সমস্যাটো কেনেকুৱা আৰু তাৰ সমাধান কেনেকৈ হ’ব, সেই লৈ হয়তো তেওঁলোক সিমান চিন্তিত নহয়। কিন্তু কোনোবা এটা পক্ষই যেতিয়া সমস্যাটোক লৈ ভালে-বেয়াই কিবা ক’বলৈ ধৰিব বা কিবা কৰিবলৈ ধৰিব – ঠিক সেই মুহূৰ্ততে তেওঁলোকৰ কাম আৰম্ভ হ’ব। কামটো হ’ল সেই পক্ষটোৰ কথাটো বা কামটো কেনেদৰে ভুল সেইটো দেখুৱাই দিয়া। এইটো হ’ল সমালোচকৰ কাম। মুক্তিকামী ৰাজনীতিত বিশ্বাসী লোকে তেনে কৰাটো কামনা কৰা নাযায় : মুক্তিকামী ৰাজনীতিত বিশ্বাসীজনে নিশ্চয়কৈ আনটো পক্ষক সমালোচনা কৰিব, কিন্তু একে সময়তে মূল প্ৰশ্নটো সম্পৰ্কত নিজৰ অধিক ভাল ব্যাখ্যা দাঙি ধৰি সমাধানৰ পথ কেনি সেইটোও অনুসন্ধান কৰিবলৈ চেষ্টা কৰিব।

অসমৰ বৌদ্ধিক ক্ষেত্ৰখন তেনেই তৰাং আৰু দেউলীয়া। ইয়াত মানুহে পঢ়া-শুনা নকৰে, কোনো অনুসন্ধিৎসা বা কষ্ট কৰাৰ চেতনা নাই। সকলোৱেই সকলো বিষয়তে বিজ্ঞৰ দৰে বিধান দিব পাৰে, দি বাহ বাহ লৈ ডাঙৰ মানুহ হ’ব পাৰে। এটা বিষয়ত কোনোধৰণৰ গভীৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ কথা নভবাকৈয়ে ইয়াত মানুহে যিকোনো ডাঙৰ সামাজিক-ৰাজনৈতিক সমস্যাৰ সমাধান পটকৰে কৈ দিব পাৰে। বৌদ্ধিকভাৱে পশ্চাদপদ এনে পৰিবেশত কিছু পঢ়া-শুনা কৰা মানুহবিলাক হতাশাগ্ৰস্ত বা ক্ষোভিত নিশ্চয়কৈ হ’ব পাৰে। সেইবাবে সমালোচনাত্মক বা ব্যংগাত্মক আক্ৰমণ কেতিয়াবা কৰাটো একো অস্বাভাৱিক নহয়। কিন্তু চূড়ান্ত আত্মম্ভৰিতাৰে আৰু নৈতিক উচ্চস্থানত থাকি ধাৰাবাহিকভাৱে যদি বাঁও-প্ৰগতিশীলসকলক ধাৰাবাহিকভাৱে আক্ৰমণ-বিদ্ৰূপ কৰি থকা যায় কোনো বিকল্পৰ ধাৰণা দাঙি নধৰাকৈ, তেনেহ’লে তেনে সমালোচক সম্পৰ্কে মনত সন্দেহৰ জন্ম হোৱাটো স্বাভাৱিক। এনে চূড়ান্ত আত্মম্ভৰিতা আৰু নিজকে নৈতিকভাৱে উচ্চতৰ বুলি ওফন্দি থকাটো মুক্তিকামী ৰাজনীতিত বিশ্বাসী লোকৰ বৈশিষ্ট্য হয়নে? বাকী সকলোৰে বিচাৰৰ ভাৰ তেওঁলোকৰ ওপৰতে ন্যস্ত আছে বুলি তেওঁলোকে কিয় ভাবিলে? সকলোৰে বিচাৰ কৰাৰ আৰু সকলোৰে বিষয়ে ৰায় দিয়াৰ ক্ষমতা থকা বুলি যিহেতু তেওঁলোকৰ কথা-বাৰ্তাই প্ৰমাণ কৰিছে, গতিকে সংশ্লিষ্ট বিষয়বিলাক সম্পৰ্কত শ্ৰেষ্ঠতৰ ব্যাখ্যা তথা সিবিলাকৰ সমাধানৰ পথো তেওঁলোকৰপৰাই পাম বুলি আশা কৰিছো। আৰু মুক্তিকামী ৰাজনীতিত বিশ্বাসী লোকক এই কথা বুজাব নালাগে যে সমস্যা এটাৰ ব্যাখ্যা আৰু তাৰ মীমাংসাৰ প্ৰক্ৰিয়া – এই দুইটা ইটো সিটোৰ সৈতে অংগাংগীভাৱে জড়িত আৰু ইটো সিটোৰপৰা অবিচ্ছিন্ন। এটা কথা ঠিক যে সমস্যা এটাৰ কথা পাতিবলৈ বা কাৰোবাক সমালোচনা কৰিবলৈ হ’লে সমাধানৰ টিলিঙাটো অনবৰতে ডিঙিত আঁৰি লৈ ফুৰিব নালাগে – তেনে আশা কৰাটো মূৰ্খামি মাথোন। (মাৰ্ক্সেও আনকি ১৮৭২ চনত এজন ফৰাচী লোকলৈ লিখা চিঠিত ফৰাচী মানুহৰ তেনে চৰিত্ৰক কঠোৰভাৱে সমালোচনা কৰিছিল।) কিন্তু ৰাজনৈতিক-সামাজিক সমস্যা এটা প্ৰসংগত ভিন্ন মত বা ভিন্ন কাৰ্যপন্থাক ধাৰাবাহিকভাৱে সমালোচনা কৰিবলৈ হ’লে সামগ্ৰিকভাৱে বিকল্প সম্পৰ্কে এটা স্পষ্ট ধাৰণা থাকিবই লাগিব। আৰু সেই ধাৰণা উক্ত তাৎক্ষণিক কথা-কাণ্ডত প্ৰকাশ পাব লাগিব। নিজৰ যদি তেনেধৰণৰ কোনো ধাৰণাই নাথাকে, তেনেহ’লে তেনে লোকৰ সমালোচনাৰপৰা কোনো ভাল ৰাজনীতিৰ বিকাশ হ’ব নোৱাৰে। সাহিত্য সমালোচনা হ’বও পাৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে পেটি বুৰ্জোৱা বুদ্ধিজীৱীৰ শ্ৰেণীদ্বন্দ্ব সম্পৰ্কে এলথুছাৰে ঠিকেই লিখিছিল। কিন্তু সেই দ্বন্দ্বৰপৰা কেনেকৈ মুক্তি ঘটিব সেই লৈ তেওঁ কোনো ৰাজনৈতিক ৰাস্তা দেখুওৱা নাই। সেই কাম একপ্ৰকাৰ বুদ্ধিজীৱীজনৰ ব্যক্তিগত দায়িত্ব বুলিহে ঘোষণা কৰিছে : পেটি বুৰ্জোৱা বুদ্ধিজীৱীয়ে আমাৰ ঋষিমুনিৰ দৰে সাধনা কৰি কৰি নিজৰ মাজতে শ্ৰেণীচৰিত্ৰক অতিক্ৰম কৰিবলৈ শিকিব লাগিব। ইয়াত কোনো বহল ৰাজনীতি নাই। এইক্ষেত্ৰত আমাৰ বোধেৰে মাৰ্ক্সে তেওঁৰ ফুয়েৰবাখ সম্পৰ্কীয় থেছিছ এটাত অধিক দ্বন্দ্বাত্মক ধাৰণা দাঙি ধৰিছে। সি যি নহওক, এলথুছাৰে মতাদৰ্শৰ সৰ্বাত্মক আৰু নিশ্ছিদ্ৰ চৰিত্ৰ সম্পৰ্কে যিখন চিত্ৰ অংকন কৰিছে, তাৰ মাজত মুক্তিকামী ৰাজনীতিৰ কোনো সম্ভাৱনা নাই। এলেক্স কালিনিক’ছে এঠাইত এলথুছাৰৰ ৰাজনীতিক সঠিকভাৱেই ‘politics of ambiguity’ বুলি অভিহিত কৰিছে। গতিকে এলথুছাৰৰপৰা আমি নিশ্চয়কৈ গভীৰ দাৰ্শনিক ব্যাখ্যা লাভ কৰিব পাৰো, কিন্তু মুক্তিকামী ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ নিশ্চয়কৈ বৰ এটা সহায় কৰিব নোৱাৰে। (এই কথাখিনি লেখাটোত খাপছাৰা হ’ল। আচলতে এয়া দুবছৰমানৰ আগতে লিখো বোলা লেখা এটাৰ অংশ মাত্ৰ, যিটো আজিও লিখা হোৱা নাই।) সি যি নহওক, আমাৰ আলোচ্য ৰেডিকেলসকলৰ অদৃশ্য ৰাজনীতিটোকো আমি একপ্ৰকাৰ ‘politics of ambiguity’ বুলি অভিহিত কৰিব পাৰো। এই অস্পষ্টতা বা দ্ব্যৰ্থতাৰ আঁৰ কাপোৰৰ মাজৰপৰা যদি তেওঁলোক ওলাই আহে তেন্তে সকলোৰে ভাল হ’ব।

এই লেখাটো লিখাৰ বাবে আমাৰ সমালোচনা নিশ্চয়কৈ হ’ব পাৰে। আমাৰ চিন্তা-চৰ্চা মূল্যহীন বুলি প্ৰমাণ কৰা যাব পাৰে, আমাৰ মনস্তাত্ত্বিক বিশ্লেষণো দাঙি ধৰা যাব পাৰে, এন আৰ চি তথা বিদেশী সমস্যা সম্পৰ্কত আমাৰ স্থিতিৰ সমস্যা উদঙাই দিয়া যাব পাৰে (যদিও এন আৰ চি লেখাটোৰ বিষয় নহয়, উদাহৰণহে), বাঁও-প্ৰগতিশীলসকলক আৰু এছাট দিয়া যাব পাৰে, ইত্যাদি ইত্যাদি আৰু বহু কিবাকিবি সমালোচনা-আক্ৰমণ হ’ব পাৰে। সেই সকলোখিনিকে আমি আদৰণি জনাইছো। কিন্তু এটাই আশা কৰিছো, আৰু পাঠকসকলেও সেইটো দাবী কৰাটো জৰুৰী বুলি ভাবিছো – সেইটো হ’ল, উক্ত অতি ৰেডিকেলসকলৰ নিজৰ ৰাজনীতিটো কেনেকুৱাধৰণৰ, সেই বিষয়ে আমাক সকলোকে জনাব লাগে। অসমৰ বৰ্তমান ৰাজনৈতিক-সামাজিক পৰিস্থিতিত বাঁও-প্ৰগতিশীলসকলকে ধৰি আমি সকলোটি বিভ্ৰান্ত আৰু বিমূঢ় – কি কৰিব লাগে, ক’লৈ যাম সেই সম্পৰ্কে আমাৰ কোনো ধাৰণাই নাই। গতিকে ৰেডিকেল মহাশয়সকলক অনুৰোধ জনাইছো, আমাক তোমালোকে মাৰাই বা কাটাই, কেৱল আমি কি কৰিব লাগে, ক’লৈ যাব লাগে – সেইটো বুজাই দিয়া। নহ’লে আমি সকলোটিয়ে আত্মহত্যা কৰিব লাগিব। তেতিয়া তোমালোকৰে সমস্যা হ’ব – সমালোচনা কৰিবলৈ কোনো নাথাকিব। বাকী সকলো যিহেতু ননছেন্স, তোমালোকে অনুগ্ৰহ কৰি অলপ কমন ছেন্সৰ পৰিচয় দিয়া।

(ৰচনাকাল : ০১-০৯-১৯)

সমাজ-চিন্তাৰ অনুশীলন

Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: