হৰ হৰ মোডী

অৱশেষত বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল। ইয়াত আচৰিত হ’বলগাতো একো নায়েই, আচলতে এয়াই আছিল অৱধাৰিত – এয়া আছিল অৱশ্যম্ভাৱী। কিছুমানে গোঁৱাৰৰ দৰে এইবাৰ বিজেপি আহিব নোৱাৰে বুলি ভাবি আছিল। সেইসকলে এতিয়া নিশ্চয় বুজি পাইছে যে তেওঁলোকৰ ৰাজনীতি সম্পৰ্কীয় চিন্তাত মৌলিক সমস্যা আছে। কেৱল এইবাৰৰ নিৰ্বাচনেই নহয়, অহা দুই-তিনিবাৰৰ নিৰ্বাচনতো বিজেপি সতকাই হৰাৰ সম্ভাৱনা নাই। ইয়াৰ প্ৰথম কাৰণ হ’ল বিজেপিৰ ৰাজনীতিৰ চৰিত্ৰ, দ্বিতীয় কাৰণ হ’ল সন্মুখত বিকল্প ৰাজনৈতিক শক্তিৰ অভাৱ। কিছু বছৰৰ পাছত যেতিয়া বিজেপিয়ে ৰাইজক নিজে নিজে খুবেই আমুওৱা হ’বগৈ, তেতিয়াহে আন আন দলৰ নিৰ্বাচনী সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব পাৰিব। কিন্তু সেই সময়লৈকে যদি বিকল্প ৰাজনৈতিক শক্তিয়ে ঠন ধৰি উঠিব নোৱাৰে, তেন্তে তেতিয়াও ভোটবোৰ বিজেপিলৈকে গৈ থাকিব। এই যে দুই-তিনিটা টাৰ্মৰ কথা ক’লো, সিমান সঠিকভাৱে অনুমান কৰাটো টান, কিন্তু এইটো ঠিক যে অদূৰ ভৱিষ্যতে বিজেপিৰ বিপুল জনসমৰ্থনত সহজে হৰণ-ভগন হ’ব বুলি আশা কৰিব নোৱাৰি।

বিজেপিৰ বিজয়ত বিপুল ধনবল, মেডিয়াৰ অহৰ্নিশ প্ৰচাৰ আদি কাৰকৰ নিশ্চয়কৈ ডাঙৰ অৰিহণা আছে। কিন্তু কেৱল সিবিলাককে বিজেপিৰ বিজয়ৰ কাৰক বুলি ভাবিলে ভুল কৰা হ’ব – বিজেপিৰ আচল ৰাজনীতিকেই সি ঢাকি ৰাখিব। চমুকৈ ক’বলৈ গ’লে, বৰ্তমান সময়ত বিজেপি তথা সংঘ পৰিয়ালেই হ’ল ভাৰতবৰ্ষৰ সবাতোকৈ সংগঠিত আৰু মতাদৰ্শগতভাৱে সুসংহত শক্তি। এই ক্ষেত্ৰত ইয়াৰ লগত তুলনা কৰিব পৰা দ্বিতীয় কোনো শক্তি নাই। নিৰ্বাচনত জিকি ৰাজপাট খোৱাটোৱেই বিজেপিৰ একমাত্ৰ উদ্দেশ্য নহয় – ই হ’ল সংঘ পৰিয়ালৰ ৰাজনৈতিক উইং। আৰ এছ এছৰ নেতৃত্বত সংঘ পৰিয়ালে বিংশ শতিকাৰ দ্বিতীয় দশকৰপৰাই ভাৰতত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ হকে বহলভাৱে সাংস্কৃতিক-ৰাজনৈতিক কাম-কাজ কৰি আহিছে। ক’বলৈ গ’লে, আজি বিজেপিৰ বিজয়ৰ মাজেৰে সংঘ পৰিয়ালে বহু দশক ধৰি কৰি অহা সামাজিক আন্দোলনে পৰিপূৰ্ণতা লাভ কৰিছে। গতিকে এই বিজয় ইমান ক্ষণস্থায়ী নোহোৱাটোৱেই স্বাভাৱিক। সি যি নহওক, আৰ এছ এছকে কেন্দ্ৰ কৰি শতাধিক হিন্দুত্ববাদী সংগঠনেৰে গঠিত সংঘ পৰিয়ালে সমগ্ৰ ভাৰতত সমাজৰ বিভিন্ন স্তৰত হিন্দু জাতীয়তাবাদৰ প্ৰচাৰ প্ৰসাৰত মনোনিবেশ কৰি আহিছে। আৰু সেই হিন্দু জাতীয়তাবাদী প্ৰজেক্টটোক ৰাজনৈতিক ক্ষেত্ৰত আগ বঢ়াই নিয়াটোৱেই হ’ল বিজেপিৰ কাম। আনহাতে, নতুন আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত যোৱা শতিকাৰ নব্বৈৰ দশকত হিন্দু জাতীয়তাবাদৰ সৈতে নতুনকৈ প্ৰবেশ কৰা নব্য উদাৰতাবাদৰ এক গভীৰ জোঁটবন্ধন গঠিত হৈছিল। তাৰ পাছৰেপৰা হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদ – এই দুই আদৰ্শকে বিজেপিয়ে প্ৰতিনিধিত্ব কৰি আহিছে। এই দুই আদৰ্শৰ সাৰ্থক প্ৰতিমূৰ্তিৰূপে আৱিৰ্ভাৱ হ’ল নৰেন্দ্ৰ মোডীৰ – তাৰ পাছৰপৰা মোডীয়েই হৈ পৰিল বিজেপি। ২০১৪ চনত শাসনলৈ অহাৰ পাছৰপৰা বিজেপিয়ে এই যুটীয়া এজেণ্ডাক ৰূপায়ণ কৰিবলৈ উগ্ৰভাৱে চেষ্টা কৰি আহিছিল। এইবাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনলৈ অহাৰ পাছত যে সেই চেষ্টাই তাতোকৈ অধিক আগ্ৰাসী ৰূপ লাভ কৰিব তাক ন দি ক’ব পাৰি। সি যি নহওক, বৰ্তমান হিন্দু জাতীয়তাবাদে ভাৰতবৰ্ষত মতাদৰ্শগত আধিপত্য লাভ কৰিছে। এনে অৱস্থাত বিজেপিৰ বাদে আন কোনো দলেই নিৰ্বাচনী ৰাজনীতিত ভাল ফল দেখুওৱাৰ আশা নাই।

ৰাজনৈতিক দল একোটাৰ জন্ম হয় একোটা সামাজিক শক্তিৰ প্ৰতিমূৰ্তি তথা প্ৰতিনিধি হিচাপে একোটা সামাজিক আন্দোলনৰ মাধ্যমেৰে। সেই সামাজিক শক্তিটোৰ ৰাজনীতিক আগ বঢ়াই নিয়াটোৱেই দলটোৰ উদ্দেশ্য। সেই সামাজিক শক্তিটোৰ সৈতে যেতিয়ালৈকে দলটোৰ জৈৱিক সম্পৰ্ক থাকিব, তেতিয়ালৈকে দলটোৰ জীৱনীশক্তিও অটুট থাকিব। আনহাতে, যেতিয়া সামাজিক শক্তিটোৰ সৈতে সম্পৰ্ক হেৰুৱাই সি এটা আমোলাতান্ত্ৰিক সংগঠন হৈ পৰিব তেতিয়াই তাৰ পতনো নিশ্চিত হৈ পৰিব। ইয়াৰে প্ৰথম কথাখিনি সম্পূৰ্ণভাৱে প্ৰযোজ্য হয় একমাত্ৰ বিজেপি দলৰ ক্ষেত্ৰতহে। সমগ্ৰ ভাৰতজুৰি হিন্দু জাতীয়তাবাদৰ যিটো প্ৰচণ্ড শক্তি মূৰ দাঙি উঠিছে, সেই শক্তিটোকে বুকুৰ মাজত লৈ ফুৰিছে বিজেপি দলে। আৰ এছ এছ তথা আন আন হিন্দুত্ববাদী সংগঠনবিলাকে তৃণমূল পৰ্যায়ত সমগ্ৰ ভাৰতজুৰি এই শক্তিৰ প্ৰসাৰ ঘটাইছে। বৰ্ণবাদ, লিংগ, জাতি আদি প্ৰশ্নসমূহ কেনেকৈ হিন্দু জাতীয়তাবাদৰ মাজত গাইব কৰি দিব লাগে, সেই কৌশল এই সংগঠনসমূহে সফলতাৰে প্ৰয়োগ কৰি আহিছে। আনহাতে, আৰ্থ-ৰাজনৈতিক তথা সাংস্কৃতিক উভয় দিশৰপৰাই সমাজত আধিপত্য বিস্তাৰ কৰা শ্ৰেণীটো হ’ল চহৰীয়া মধ্যবিত্ত শ্ৰেণীটো। আৰু হিন্দুপ্ৰধান এই শ্ৰেণীটো, বিশেষকৈ প্ৰযুক্তি-প্ৰিয় তাৰ যুৱচামটো হ’ল বৰ্তমান হিন্দু জাতীয়তাবাদৰ প্ৰধান পৃষ্ঠপোষক। এই শ্ৰেণীটো হাতত থকাৰ ফলত বিজেপিয়ে সামাজিক আধিপত্য বিস্তাৰ কৰাত সহজে সফল হ’ব পাৰিছে। গতিকে একে আষাৰে ক’বলৈ গ’লে, বিজেপিয়ে এটা প্ৰচণ্ড সামাজিক শক্তিক জৈৱিকভাৱে প্ৰতিনিধিত্ব কৰিছে। কিন্তু তাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ পিছফালে কোনো সামাজিক শক্তিয়েই নাই। কংগ্ৰেছ হ’ল সম্পূৰ্ণৰূপে এটা ব্যৱহাৰ-জীৰ্ণ আৰু নিঃশেষিত দল, যাৰ কোনো ভৱিষ্যৎ সম্ভাৱনা নাই। এসময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজেৰে কংগ্ৰেছ দলটো প্ৰাণ পাই উঠিছিল সেই সংগ্ৰামৰ সমস্ত স্বপ্ন আৰু আশাবাদৰ বাহক হিচাপে। সি ভাৰতৰ বিভিন্ন অঞ্চলৰ বিভিন্ন শক্তিবিলাকক আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ কণ্ঠবিলাকক নিজৰ মাজত সাঙুৰি ল’ব পাৰিছিল। ইয়াৰ ফলত সি হৈ পৰিছিল সমগ্ৰ সমাজখনৰে সভাথলীস্বৰূপ যাৰ কোনো প্ৰতিদ্বন্দ্বী নাছিল। কিন্তু লাহে লাহে সত্তৰৰ দশকৰপৰা ভাৰতৰ সমাজ আৰু ৰাজনীতিৰ পৰ্বান্তৰৰ পৰিণামস্বৰূপে কংগ্ৰেছ দলৰ বল-শক্তি ক্ষয় হৈ আহিছিল, তাৰ সম্ভাৱনাসমূহ খৰচ হৈ আহিছিল। সি হৈ পৰিছিল এটা ফোঁপোলা অথচ বিশাল আমোলাতান্ত্ৰিক ব্যৱস্থা। কিন্তু সি তাৰ পাছতো সদম্ভে টিকি আছিল একমাত্ৰ তাৰ বিশাল আকাৰটো তথা বিকল্প ৰাজনৈতিক শক্তিৰ অভাৱৰ বাবেই। লাহে লাহে যেতিয়া এক মৌলিক শক্তি হিচাপে বিজেপি উঠি আহিল, কংগ্ৰেছ নিজে নিজে নিষ্প্ৰভ হৈ পৰিল। কংগ্ৰেছে আৰম্ভ কৰা নব্য উদাৰতাবাদক বিজেপিয়ে চূড়ান্ত শিখৰৰ পিনে আগ বঢ়াই নিলে, হিন্দু ভোট ৰাখিবৰ বাবে কংগ্ৰেছে কৰা কুহুমীয়া হিন্দুত্বক বিজেপিৰ চূড়ান্ত হিন্দুত্বই গ্ৰাস কৰি থ’লে। এতিয়া কংগ্ৰেছৰ ওচৰলৈ কোন উভতি যাব? সি যি নহওক, কংগ্ৰেছ নামৰ ব্যৱস্থাটো যে পুনৰ সজীৱ ৰূপত মূৰ দাঙি উঠিব পাৰিব, কোনো প্ৰচণ্ড সামাজিক শক্তি আহি যে তাৰ পিছফালে থিয় দিবহি – তেনে আশা নকৰাই ভাল।

তেনেহ’লে বাকী থাকিল সৰুসুৰা দলবিলাক। সাধাৰণীকৰণ কৰি ক’বলৈ হ’লে, আঞ্চলিক দলবিলাকৰ সাম্প্ৰতিক স্থিতিটো হ’ল আত্মৰক্ষামূলক – বিজেপিৰপৰা নিজৰ নিজৰ এলেকাবিলাক সুৰক্ষিত কৰি ৰখাই এইবিলাকৰ উদ্দেশ্য। কিন্তু মদমত্ত হাতীৰ দৰে বিজেপিয়েও সকলোবোৰ ঠাই তহিলং কৰিবই, যিবিলাক ঠাইলৈ এতিয়ালৈকে যোৱা নাই সেইবিলাকলৈও লাহে-ধীৰে নিশ্চয় যাব। যেনেকৈ এইবাৰ পশ্চিম বংগত তৃণমূলৰ ক্ষেত্ৰত দেখা পালো। দাক্ষিণাত্যৰ ক্ষেত্ৰত কথাটো ব্যতিক্ৰম হ’ব পাৰে : কিন্তু দাক্ষিণাত্যৰ ৰাজনীতিয়েওতো তাৰপৰা বাহিৰলৈ ওলাই সৰ্বভাৰতীয় প্ৰেক্ষাপটলৈ নাহে, খুব বেছি সি নিজৰ এলেকাটোহে সুৰক্ষিত ৰাখিব। আচল কথাটো হ’ল বিজেপিৰ ৰাজনীতি হ’ল এক সাৰ্বজনীন আৰু সমগ্ৰতাবাদী ৰাজনীতি। ইয়াৰ সন্মুখত সৰু সৰু আত্মনিমগ্ন ৰাজনীতিবোৰে কোনো মৌলিক প্ৰত্যাহ্বান খাৰা কৰিব নোৱাৰে। এই অনুসৰি আন দলবিলাকৰ চৰিত্ৰবিলাকো ফঁহিয়াই চাব পাৰি। আম আদমী পাৰ্টি হ’ল প্ৰধানকৈ কল্যাণকামী ৰাষ্ট্ৰৰ নীতি অনুসৰি চহৰবাসী নাগৰিকৰ অধিকাৰ সুৰক্ষা কৰা পাৰ্টি – তাৰ বাহিৰত তাৰ গ্ৰহণযোগ্যতা নাই, আৰু দলটোৱে নিজেও হয়তো সিমান আশা কৰা নাই বাবেই দিল্লীতে তলমূৰ কৰি কাম কৰি আছে। একেদৰে, এছ পি, বি এছ পি আদিৰ বৰ্ণবাদ-কেন্দ্ৰিক সংকীৰ্ণ ৰাজনীতিক এতিয়া বিজেপিৰ বিশাল হিন্দু জাতীয়তাবাদৰ ৰাজনীতিয়ে গ্ৰাস কৰি পেলালে। এইখিনিতি বাঁওপন্থী দলবিলাকৰ কথা উল্লেখ কৰাটো জৰুৰী। আচলতে বিজেপিক মতাদৰ্শগতভাৱে প্ৰত্যাহ্বান জনোৱা একমাত্ৰ শক্তি হ’ল বাঁওপন্থী দলবিলাক। এই দলবিলাক তথা বাঁওপন্থী অন্যান্য শক্তিসমূহে স্পষ্টভাৱে হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে। কিন্তু সমস্যা হ’ল বাঁওপন্থী দলবিলাকে নিৰ্বাচনী ৰাজনীতিত ভাল ফল দেখুওৱাৰ সদ্যহতে কোনো সম্ভাৱনা নাই। পুৰণিকলীয়া সঁজুলিবাদী ধ্যান-ধাৰণাৰে পৰিচালিত এই দলবিলাকে সংস্কৃতিৰ চৰিত্ৰ কোনোদিনে বুজিব নোৱাৰিলে – নিছক অৰ্থনীতিবাদৰ মাজতে সিবিলাক আবদ্ধ। সাম্প্ৰতিক মধ্যবিত্ত শ্ৰেণীক দিবলৈ সিবিলাকৰ হাতত কোনো ভাল বস্তু নাই – সেইবাবে সিবিলাকে প্ৰান্তীয়ভাৱে শ্ৰমিক-কৃষকৰ কাম কৰি যাবলগা হৈছে। নতুন পৰিস্থিতিত সিবিলাকে নিজকে যুগোপযোগী ৰূপত পুনৰাৱিষ্কাৰ কৰিব পাৰিলেহে এসময়ত শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে থিয় দিব পাৰিব। এই সম্পৰ্কে অন্যত্ৰ বহলাই লিখা যাব।

২০১৪ চনত তথা দ্বিতীয়টো কাৰ্যকালৰ বাবে এইবাৰ পুনৰ্বাৰ বিজেপিৰ বিজয়ে প্ৰকৃততে ভাৰতীয় ৰাজনীতিত এক পৰ্বান্তৰৰ সূচনা কৰিলে। মতাদৰ্শগত স্তৰত ই যেনেকৈ হিন্দু জাতীয়তাবাদৰ বুনিয়াদ সুদৃঢ়কৰণৰ বাট মুকলি কৰিলে, তেনেকৈ নিৰ্বাচনী ৰাজনীতিৰ ব্যাকৰণখনো ই সলনি কৰি পেলালে। নিৰ্বাচনত ভোটদানৰ প্ৰৱণতা অধ্যয়ন সম্পৰ্কীয় বিদ্যাক Psephology বুলি কোৱা হয়। পৰম্পৰাগত Psephologyৰো ই একপ্ৰকাৰ অৱসান ঘোষণা কৰিলে। একোটা সমষ্টিৰ জনগাঁথনি, বিভিন্ন আৰ্থ-ৰাজনৈতিক ইছ্যু আদিৰ (যিবিলাকক আমি ফেক্টৰ বুলি কওঁ) ভিত্তিত তন্ন তন্ন বিশ্লেষণ কৰি নিৰ্বাচনৰ ফলাফল অনুমান কৰাৰ কোনো অৰ্থ নাই। বিজেপিৰ ৰাজনীতি হ’ল এক মহাকাব্যিক আয়তনত চলা ৰাজনীতি – তাক জানিবৰ বাবে কোনো তুচ্ছ ইছ্যুৰ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন নাই। বতাহত কি উৰি ফুৰিছে চালেই হ’ল, জনপ্ৰিয় সংস্কৃতিৰ নাড়িস্পন্দনটো কি হৈছে চালেই হ’ল – সেয়াই হ’ল নিৰ্বাচনৰ ফলাফল। অৰ্থাৎ, ৰাজনীতিৰ চৰিত্ৰ যেনেদৰে সলনি হৈছে, সি আমাৰপৰা তেনেধৰণৰ দৃষ্টিভংগীও দাবী কৰে।

বিজেপি পুনৰ্বাৰ আহিল মানে এতিয়া হিন্দুত্বৰ ৰথযাত্ৰা অধিক জাকজমকতাৰে চলিব। গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিবিলাকৰ বাবে অধিক বেয়া দিন নামি আহিব। তথাপি তেওঁলোকে জনসাধাৰণৰ পক্ষত, সত্যৰ পক্ষত নিৰ্ভীকভাৱে প্ৰতিৰোধী সংগ্ৰাম আগ বঢ়াই নিব লাগিব। এক ৰাজনৈতিক বিকল্প গঠন কৰাৰ বাবে তেওঁলোকেই দীৰ্ঘম্যাদী আঁচনি হাতত ল’ব লাগিব। তাৰ বাবে গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিবিলাকে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এই মুহূৰ্তত তেনে এক সংগ্ৰামৰ আশা সুদূৰপৰাহত – কিন্তু তাৰ বাদে সন্মুখত কোনো বিকল্পও নাই।

(ৰচনাকাল : ২৩-০৫-১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: ,
Posted in প্ৰবন্ধ
One comment on “হৰ হৰ মোডী
  1. […] to the original article in Assamese: https://jitenbezboruah.in/2019/05/23/har-har-modi/.Link to the English translation of the article published on Raiot: […]

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: