এন আৰ চিক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হ’বলৈ নিদিব

এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা বিভিন্ন লোকৰ বিৰুদ্ধে অতি কম সময়ৰ ভিতৰতে যে লাখ লাখ আপত্তি দাখিল কৰা হৈছে, তাৰ আঁৰত এক ভয়ংকৰ ষড়যন্ত্ৰ থকা বুলি অনায়াসে ক’ব পাৰি। যদিও খিলঞ্জীয়া মূলসুঁতিৰ অসমীয়া কিছু লোকৰ বিৰুদ্ধেও এনে আপত্তি দাখিল কৰা হৈছে, তথাপি সংখ্যালঘু মুছলমান তথা বাঙালী হিন্দু ৰাইজেই এই ষড়যন্ত্ৰৰ প্ৰধান লক্ষ্য। অসমীয়া সাম্প্ৰদায়িক উগ্ৰজাতীয়তাবাদী শক্তিসমূহে এন আৰ চিক সংখ্যালঘুৰ বিৰুদ্ধে এপাট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰ ই এটা জ্বলন্ত উদাহৰণ। এইখিনিতে উল্লেখ কৰি থোৱাৰ প্ৰয়োজন যে প্ৰকৃত কোনো বিদেশী লোকে যদি কিবা প্ৰকাৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, তাক নিশ্চয়কৈ ধৰা পেলোৱাটো প্ৰয়োজনীয়। কিন্তু তাৰ বাবে আপত্তি দাখিলকাৰীয়েও চৰকাৰক নিৰ্ভৰযোগ্য তথ্যসহ সক্ৰিয় সহযোগ কৰাৰ দায়িত্ব ল’ব লাগিব। তাৰ সলনি এতিয়া আপত্তিকাৰীসকলে লুকাই-চুৰকৈহে কাম কৰা দেখিবলৈ পোৱা গৈছে – লাখ লাখ লোকৰ বিৰুদ্ধে নিৰ্বিচাৰে আপত্তি দাখিল কৰি এতিয়া আপত্তিকাৰীসকল গাইব। গতিকে এই সমাজবিৰোধী শক্তিসমূহক প্ৰতিহত কৰাটো অতিকে জৰুৰী হৈ পৰিছে। নহ’লে এন আৰ চিৰ বাবে অসমত ভাষা-গোষ্ঠী-ধৰ্ম-নিৰপেক্ষভাৱে যিটো বহল ঐকমত্য গঢ় লৈ উঠিছিল, সেইটোতো নাইকিয়া হ’বই; লগতে সমাজখনো সাম্প্ৰদায়িকভাৱে ফালি চিৰাচিৰ কৰি পেলাব। বিজেপি তথা সংঘ পৰিয়ালৰ উৎকট সাম্প্ৰদায়িক ৰাজনীতিয়ে ইতিমধ্যে অসমৰ সমাজজীৱনত গভীৰ পোখা মেলিছে। হিন্দুত্ববাদে যিদৰে হিন্দু পৰিচয়ৰ সংহতকৰণত সাৰ-পানী যোগাইছে, সমান্তৰালভাৱে সংখ্যালঘু মুছলমান ৰাইজক ক্ৰমাৎ অধিক একাষৰীয়া কৰি পেলাইছে। আৰু এতিয়া অসমীয়া সাম্প্ৰদায়িক উগ্ৰজাতীয়তাবাদীহঁতৰ কৰ্মকাণ্ডই সেই প্ৰক্ৰিয়াটোকে অধিক আগ বঢ়াই নিছে। এয়া শাসকীয় হিন্দুত্ববাদীহঁতৰ বাবে বৰ আনন্দৰ কথা, কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকৰ উদ্দেশ্য ঠিকেই হাচিল হৈছে, কিন্তু ইয়াৰ দায়-দায়িত্ব তেওঁলোকে বহন কৰিব নালাগে। এনেকৈয়ে অসমীয়া সাম্প্ৰদায়িক উগ্ৰজাতীয়তাবাদী শক্তিসমূহ বিজেপি তথা সংঘ পৰিয়ালৰ মতাদৰ্শগত সোঁহাতস্বৰূপ হৈ উঠিছে। গতিকে অসমৰ সমাজজীৱনৰ ৰক্ষাৰ স্বাৰ্থতে এই সাম্প্ৰদায়িক এজেণ্ডাক যিকোনো মূল্যৰ বিনিময়ত পৰাভূত কৰিব পাৰিবই লাগিব।

অসমীয়া সাম্প্ৰদায়িক উগ্ৰজাতীয়তাবাদী শক্তিসমূহৰ বিষয়ে নতুনকৈ আলোচনা কৰিবলগা একো নাই। কিন্তু দুখৰ বিষয় এইটোহে যে অসমীয়া সমাজৰ গণতান্ত্ৰিক-প্ৰগতিশীল অংশৰ মাজত আমি আশানুৰূপ সক্ৰিয়তা দেখিবলৈ পোৱা নাই। দুই-এক প্ৰগতিশীল নেতাৰ মুখতো আমি হিচাপী আৰু অনুচ্চ বক্তব্যহে শুনিবলৈ পাইছো। তোমালোকৰ দায়িত্ব বাৰু সিমানতে শেষ হ’ল নেকি? ভুক্তভোগী সংখ্যালঘু ৰাইজৰ ওচৰত গৈ তোমালোকে থিয় দিছানে? বিপদৰ সময়ত মাতষাৰ নিদিলে অসমীয়া নেতৃবৃন্দৰ প্ৰতি ৰাইজ ক্ষোভিত নহ’বনে, আৰু তেনেস্থলত তেওঁলোকে কাইলৈ অসমীয়া বুলি পৰিচয় দিবলৈ আগ্ৰহ অনুভৱ কৰিবনে? কেৱল এন আৰ চিৰ আপত্তিৰ সমস্যাই নহয়। ডিটেন্সন কেম্প-কেন্দ্ৰিক জঘন্য ব্যৱস্থাটোৰ বিৰুদ্ধে, ডি-ভোটাৰ-কেন্দ্ৰিক ছদ্মবেশী হত্যালীলাৰ বিৰুদ্ধে তোমালোকে সজোৰে মাত মাতিছানে? ডিটেন্সন কেম্প ব্যৱস্থাটোৰ সোনকালেই অৱসান ঘটাব লাগে আৰু তাৰ ঠাইত আন কোনোধৰণৰ মানৱাধিকাৰ-সন্মত প্ৰক্ৰিয়াৰ আশ্ৰয় ল’ব লাগে – এইধৰণৰ আলোচনা তথা দাবী তোমালোকে কৰিছানে এতিয়ালৈকে? যদি কৰা নাই, তেন্তে এইটো আশা কিয় কৰা যে সংখ্যালঘু ভাই-ভনীহঁতে আহি অসমীয়া জাতি হিচাপে আমাৰ সৈতে থিয় দিয়ক? সংখ্যালঘু ৰাইজক যমৰ যন্ত্ৰণা দি অসমীয়া জাতিয়ে কেনেকৈ নিজৰ জাতীয় গৌৰৱ উদযাপন কৰিব? ডি-ভোটাৰৰ মৃতদেহৰ ওপৰেৰে অসমীয়া জাতিৰ বিজয় ৰথ কেনেকৈ আগুৱাব? এইবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। জাতিৰ নামত হোৱা অনাহক অত্যাচাৰবিলাকৰপৰা অসমীয়া জাতীয়তাবাদীসকলে গা এৰা দিব নোৱাৰে। এই কথাত দ্বিমত থাকিব নালাগে যে এই সমস্ত কৰ্মকাণ্ড অসমীয়া জাতীয়তাবাদীবিলাকৰ আঙুলিৰ ঠাঁৰত হৈ থকা নাই, তেওঁলোক ইয়াৰ মূল নিয়ন্ত্ৰণকাৰী শক্তিও নহয়। কিন্তু সেইবুলিয়েই তেওঁলোকে নৈতিক দায়িত্বৰপৰা ৰেহাই পাব নোৱাৰে। তেওঁলোকে অৱশ্যেই জাতিৰ নামত ভুক্তভোগী সংখ্যালঘু ৰাইজৰ যন্ত্ৰণাৰ অংশীদাৰ হ’ব লাগে, তেওঁলোকে অৱশ্যেই সেইসকলক সহায়তা আগ বঢ়োৱাটো এটা প্ৰধান দায়িত্ব হিচাপে গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত অসমীয়া সমাজৰ গণতান্ত্ৰিক-প্ৰগতিশীল অংশটোৱে মুকলিমনে আৰু পূৰাদমে আগভাগ ল’ব লাগে – এয়াই সময়ৰ আহ্বান। আনহাতে, উগ্ৰজাতীয়তাবাদী শক্তিসমূহক আওপকীয়াকৈ সমৰ্থন কৰি বা উদাসীনভাৱে সহ্য কৰি কোনো লাভ নাই – লাভ যদি হয় সেই শক্তিসমূহৰহে হয়। সেইবাবে গণতান্ত্ৰিক-প্ৰগতিশীল নেতৃবৃন্দ বা নাগৰিক সমাজে সেই শক্তিসমূহক পোনপটীয়া বিৰোধ তথা সমালোচনা কৰিবলৈ সাহস দেখুৱাব লাগে। অসমৰ সমাজজীৱনৰ সংহতি-সম্প্ৰীতিৰ স্বাৰ্থতে, গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহৰ নিজৰ ভৱিষ্যতৰ স্বাৰ্থতে সেই সাহস দেখুওৱাটো প্ৰয়োজনীয় হৈ পৰিছে।

এন আৰ চিৰ সমস্যা তথা তাৰ নামত হোৱা উৎপীড়নবিলাকৰ কথা স্বীকাৰ কৰিও এই কথা সজোৰে কোৱা দৰকাৰ যে এন আৰ চিক কেন্দ্ৰ কৰি অসমত যি এক বহল ঐকমত্য ইতিমধ্যে গঢ় লৈ উঠিছে সেইটো ভাগি যাবলৈ দিয়াটো বিভিন্ন দিশৰপৰা অতিকৈ ক্ষতিকাৰক হ’ব। বিশেষকৈ অসমৰ বাহিৰত সম্প্ৰতি গঢ় লৈ উঠা নিছক মানৱাধিকাৰ-কেন্দ্ৰিক বাগধাৰাটোত এন আৰ চিক অসমীয়া জাতিয়ে চলোৱা মুছলিম চাফাই বা সংখ্যালঘুবিৰোধী ষড়যন্ত্ৰৰ হিচাপে অভিহিত কৰা হৈছে – সেই বাগধাৰাটোকো উপযুক্ত প্ৰত্যুত্তৰ দিয়া দৰকাৰ, অসমৰ জাতিগত-নৃগোষ্ঠীয় ৰাজনীতিৰ জটিলতাসমূহ দাঙি ধৰা দৰকাৰ। অসমীয়া মানুহৰ বঞ্চনাৰ ক্ষোভ তথা পৰিচয় সংকটৰ ভীতি কোনো অলীক কল্পনা নহয়, যাক সহজে নস্যাৎ কৰিব পাৰি। এই প্ৰশ্নসমূহৰ এটা ৰাজনৈতিক সমাধান কোনোবাদিনা নহয় কোনোবাদিনা হোৱাটো জৰুৰী। বিদেশী সমস্যাটো তাৰে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আনহাতে, দীৰ্ঘদিনীয়া আৰু ব্যাপক ৰাজনৈতিক আন্দোলনে এই প্ৰশ্নসমূহক সাংঘাতিক সামাজিক-ৰাজনৈতিক শক্তি প্ৰদান কৰিছে। অসমীয়া সমাজত এইসমূহ এতিয়া কেন্দ্ৰীয় প্ৰশ্ন, এই প্ৰশ্নসমূহক ভিত্তি কৰিয়েই জাতীয়তাবাদী শক্তিসমূহৰ এটা ক্ষমতা-গাঁথনিয়ে সমাজখন হেঁচা মাৰি ৰাখিছে। গতিকে অসমত বিদেশী সমস্যাটোক বা একেধৰণে এন আৰ চিক নস্যাৎ কৰাটো ৰাজনৈতিকভাৱেই সম্ভৱপৰ নহয়। এনে কৰিবলৈ গ’লে উগ্ৰজাতীয়তাবাদী শক্তিসমূহ জিঘাংসু হৈ উঠিব, মূলসুঁতিৰ অসমীয়া সমাজো জঁকি উঠিব – আৰু তাৰ পৰিণাম কাৰো বাবেই ভাল নহ’ব। তেনে ঘটিবলৈ হ’লে সেয়া সংখ্যালঘু ৰাইজৰ বাবেই আটাইতকৈ ক্ষতিকৰ হৈ উঠিব। আনহাতে, এন আৰ চিখনৰ যদি কিবাধৰণে সফল সমাপ্তি ঘটাব পৰা যায় (যিটোক লৈ আমি সন্দিহান), তেনেহ’লে সংখ্যালঘু ৰাইজৰ বহুখিনি ভাল হ’ব বুলি আশা কৰিব পাৰি। উগ্ৰজাতীয়তাবাদী শক্তিসমূহৰ হাতত বিদেশী বুলি অযথা অভিযোগ আৰু হাৰাশাস্তিৰ সন্মুখীন হ’বলগা পৰিস্থিতি নিশ্চয়কৈ কিছু কমিব তথা তেওঁলোকৰ আত্মবিশ্বাসৰ ভাব বৃদ্ধি পাব বুলিও আশা কৰিব পাৰি। আনপিনে, বিদেশী সমস্যাটোৰ সমাধানেহে অসমত জাতীয় প্ৰশ্নৰ চোক ক্ৰমাৎ কমাই আনিব পাৰিব, আৰু কেৱল তাৰ পাছতহে অসমত যিকোনোধৰণৰ প্ৰগতিশীল ৰাজনীতিৰ ক্ষেত্ৰ মুকলি হ’ব পাৰে। আজিৰ পৰিস্থিতিত অসমত শ্ৰেণী ৰাজনীতিয়েই হওক বা আনধৰণৰ প্ৰগতিশীল সামাজিক ৰাজনীতিয়েই হওক – ইয়াৰ কোনোটোৱেই সম্ভৱ নহয় সৰ্বগ্ৰাসী জাতীয়তাবাদী আধিপত্যৰ বাবে। প্ৰগতিশীল ৰাজনীতি কৰিবলৈ ওলাই যোৱা সকলোটিয়েই জাতীয় প্ৰশ্নৰ মকৰাজালত ওলমি থাকিবলগা হয়। এই পৰিস্থিতিৰ পৰিবৰ্তন ঘটিব পাৰে জাতীয় প্ৰশ্নটোৰ মীমাংসাৰ জৰিয়তেহে। এন আৰ চি তাৰ বাবে এটা ক্ষুদ্ৰ পদক্ষেপ নিশ্চয়কৈ হ’ব পাৰে। এনেবোৰ কাৰণতে অসমত এন আৰ চিক নাকচ কৰিব কোনো কাৰণতেই নোৱাৰি। কিন্তু যিসমূহ অভিযোগৰ বাবে, বিশেষকৈ মানৱাধিকাৰ ভংগৰ, এন আৰ চি প্ৰশ্নৰ কাঠগড়াত উঠিছে সেইসমূহ পাৰ্যমানে নাইকিয়া কৰিবৰ বাবে অসমীয়া জাতীয়তাবাদীসকলে আগভাগ ল’বই লাগিব। ৰাষ্ট্ৰপৰিচালিত যিকোনো নিৰ্দয় প্ৰক্ৰিয়াৰ দৰেই এন আৰ চিও এটা নিৰ্দয় প্ৰক্ৰিয়াই। কিন্তু ইয়াৰ বিশেষ বৈশিষ্ট্যটো হ’ল এই যে ৰাষ্ট্ৰই স্বতঃপ্ৰণোদিত হৈ এইটো কৰা নাই, বৰং ৰাস্তাৰপৰা যোৱা এটা দাবীকহে ৰাষ্ট্ৰই নিজা পদ্ধতিৰে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছে। স্বাভাৱিকতেই এন আৰ চি প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজহুৱা দাবী-দাবাৰ প্ৰতি চৰকাৰ আওকণীয়া হৈ থাকিব নোৱাৰে। গতিকে ইয়াৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগ তথা তাৰ সম্ভাব্য সমাধান সম্পৰ্কে ৰাজহুৱাভাৱে সজোৰ দাবী উত্থাপন কৰিলে চৰকাৰে নিশ্চিতভাৱে সংশ্লিষ্ট কাৰ্যপ্ৰণালীত সালসলনি ঘটাব পাৰে। এইক্ষেত্ৰতো অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল অংশই নেতৃত্ব বহন কৰিব লাগে। যিহেতু এন আৰ চি ঐতিহাসিকভাৱে বিভিন্ন জাতি-গোষ্ঠীৰ বাবে লাভজনক হ’ব বুলি পৰিগণিত হৈছে, গতিকে তাক বাধাগ্ৰস্ত হ’বলৈ দিব নালাগে। কিন্তু এনেধৰণৰ সালসলনিৰ জৰিয়তে তাক ভুক্তভোগী সংখ্যালঘু ৰাইজৰ বাবে সহনীয় আৰু গ্ৰহণযোগ্য কৰি তুলিব লাগে।

সম্পূৰ্ণ এন আৰ চি এখন প্ৰস্তুত কৰি উলিয়ালেই বিদেশী সমস্যাৰ সমাধান নহয় – সেয়া এক আৰম্ভণিহে মাত্ৰ। আনহাতে, এন আৰ চিৰ সমাপ্তিৰ পাছত অধিক জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰহে আশংকা আছে। (এই লৈ আমি অন্যত্ৰ কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিছো।) কিন্তু এনেকুৱা কোনো পৰিস্থিতিয়েই অসমীয়া জাতিৰ নেতৃবৰ্গ তথা নাগৰিক সমাজক নৈতিক দায়িত্বৰপৰা ৰেহাই দিব নোৱাৰে। তেওঁলোকে দ্ব্যৰ্থহীনভাৱে আৰু সক্ৰিয়ভাৱে ভুক্তভোগী সংখ্যালঘু ৰাইজৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াব লাগে। এয়া সংখ্যালঘু ভাই-ভনীহঁতৰ প্ৰতি দয়া নহয় – এয়া অসমীয়া জাতিৰ অপৰিহাৰ্য দায়িত্ব।

(ৰচনাকাল : ১৫-০৫-১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in প্ৰবন্ধ
One comment on “এন আৰ চিক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হ’বলৈ নিদিব

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: