হোমেন বৰগোহাঞি : এটি চমু সমালোচনা

বহু সময়ত উল্লেখ কৰা হয় যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হ’ব পাৰে, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। পিছে প্ৰকৃতাৰ্থত সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই অসমৰ সমাজ আৰু সংস্কৃতিৰ এটা ডাঙৰ সমস্যা। সাম্প্ৰতিক অসমত বৰগোহাঞি নিশ্চিতভাৱে আটাইতকৈ প্ৰভাৱশালী সাহিত্যিক : কেইবাটাও প্ৰজন্মৰ চিন্তা-চেতনাক ইমান গভীৰভাৱে প্ৰভাৱিত কৰিব পৰা দ্বিতীয় এজন সাহিত্যিক নাই। সাংঘাতিকধৰণে শক্তিশালী ভাষা আৰু ৰচনাশৈলীৰে বহল পাঠকসমাজক যুগৰ পাছত যুগ ধৰি আচ্ছন্ন কৰি ৰখাৰ উপৰি তেওঁ তেওঁৰ পৰৱৰ্তী সাহিত্যিকসকলক প্ৰত্যক্ষ-পৰোক্ষ ৰূপত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। ক’বলৈ গ’লে, তেওঁ গঢ় দিয়া মতাদৰ্শগত পৃথিৱীখনত পৰৱৰ্তী বহুতো লেখক-সাহিত্যিকেই বিচৰণ কৰিছে – কিছুৱে জ্ঞাতভাৱে, বহুতেই অজ্ঞাতভাৱে। নক’লেও হ’ব যে তেনে সৰহভাগ সাহিত্যিকৰপৰা সেইবাবেই আমি ভাল বস্তু পঢ়িবলৈ পোৱা নাই, পাইছো অক্ষম পুনৰাবৃত্তি কিছুমান। গতিকে অসমীয়া সমাজ আৰু সংস্কৃতি যদি আগ বাঢ়ি যাব লাগে, বৰগোহাঞিৰ আত্মনিমগ্ন-কূপমণ্ডূক পৃথিৱীখনৰপৰা মুক্তি লাভ কৰিব লাগে, তেন্তে বৰ্তমান আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল বৰগোহাঞিৰ কঠোৰ সমালোচনা কৰা, তেওঁৰ ওপৰত প্ৰবল মতাদৰ্শগত আক্ৰমণ নমাই অনা। তেওঁৰ ৰাজনৈতিক সুবিধাবাদৰ সমালোচনা কৰি, তেওঁ কোন নেতাক কেতিয়া তেল মাৰিলে সেইবোৰ আলোচনা কৰি কোনো লাভ নাই। চমুকৈ এনেকৈও ক’ব পাৰি যে বৰগোহাঞিক মতাদৰ্শগতভাৱে উৎখাত কৰিব নোৱৰালৈকে অসমীয়া সমাজ-সংস্কৃতি আগ বাঢ়িব নোৱাৰে। এই চমু ৰচনাখনত অৱশ্যে সেই কাম আমি কৰিব পাৰিছো বুলি দাবী নকৰো। বৰং ইয়াত বৰগোহাঞিৰ মতাদৰ্শগত সমালোচনা কেনেধৰণৰ হ’ব পাৰে তাৰ দুটামান দিশহে থোৰতে আঙুলিয়াই দিবলৈ চেষ্টা কৰিছো। এই ৰচনাখন বৰগোহাঞিৰ কোনো সাহিত্য সমালোচনা নহয়, বৰগোহাঞিৰ কোনো বিশেষ ৰচনাৰ কোনো বিশেষ যুক্তি বা ধাৰণা ভুল বুলি প্ৰতিপন্ন কৰাটোও ইয়াৰ উদ্দেশ্য নহয়। ই হ’ল সামগ্ৰিক মতাদৰ্শগত সমালোচনাৰ এটা প্ৰচেষ্টা – গতিকে কোনো কোনো সাহিত্যকৃতিৰ উল্লেখো ইয়াত তত্ত্বগত ব্যাখ্যাৰ খাতিৰতহে কৰা হৈছে।

অসমীয়া সমাজ-সংস্কৃতিৰ আটাইতকৈ ডাঙৰ মতাদৰ্শগত সমস্যাটো হ’ল উদাৰ মানৱতাবাদ। ইয়াৰ কৰাল গ্ৰাসত অসমৰ সমাজ-সংস্কৃতি কোঙা হৈ আছে। আৰু হোমেন বৰগোহাঞি হ’ল মানৱতাবাদৰ আটাইতকৈ ডাঙৰ প্ৰবক্তা। কিন্তু এই উদাৰ মানৱতাবাদনো কেনেকুৱা বস্তু? এই মৌলিক প্ৰশ্নটো উত্থাপন কৰাটো খুবেই জৰুৰী। কিয়নো অসমত মানৱতাবাদৰ মাজত সকলোটি এনেদৰে আপোনপাহৰা হৈ ডুব গৈ আছে যে তাক এটা সমস্যা হিচাপে চোৱাটোতো দূৰৰ কথা, মতাদৰ্শ ৰূপত তাৰ অস্তিত্বৰ কথাই কোনেও নাজানে। যিহেতু ইয়াত মানৱতাবাদেই চিৰন্তন আৰু অলৰ-অচৰ সত্য। সি যি নহওক, উদাৰ মানৱতাবাদ হ’ল আলোকপ্ৰাপ্তিৰ যুগৰ দাৰ্শনিক আৰু সাংস্কৃতিক মতবাদ। আলোকপ্ৰাপ্তিৰ যুগৰ দাৰ্শনিকসকলে পোনপ্ৰথমবাৰৰ বাবে মানুহৰ মানসিক বিশ্বৰ কেন্দ্ৰৰপৰা ঈশ্বৰক আঁতৰাই তাৰ ঠাইত মানুহক স্থাপন কৰিছিল। মানুহেই হ’ল উদাৰ মানৱতাবাদৰ কেন্দ্ৰবিন্দু। কিন্তু মানৱসত্তাৰ যিটো বিমূৰ্ত মডেল নিৰ্মাণ কৰা হ’ল তাত মানৱসত্তাক দিয়া হ’ল এক অতি-ঐতিহাসিক চিৰন্তন ৰূপ। কোৱা হ’ল যে মানৱসত্তাটো হ’ল এক নিৰ্ভেজাল আৰু স্বয়ংসম্পূৰ্ণ বস্তু যিটো ইতিহাসৰ যিকোনো পৰ্যায়তে, বাস্তৱৰ যিকোনো পৰিস্থিতিতে একে থাকে। ইতিহাস হ’ল সেই চিৰন্তন মানৱসত্তাৰে লীলা মাত্ৰ। বাকী সমাজবাস্তৱৰ, ইতিহাসৰ ঘটনাৱলীয়ে সেই মানৱসত্তাৰ ওপৰত কোনো গভীৰ বা স্থায়ী প্ৰভাৱ পেলাব নোৱাৰে – সেইবিলাক কিছুমান উপৰুৱা প্ৰলেপ মাত্ৰ যি সময়ৰ লগে লগে খহি পৰে। গতিকে দাৰ্শনিক-সাহিত্যিকৰ কাম হ’ল মানুহৰ সেই চিৰন্তন মানৱসত্তাক উদ্দেশি আৰু তাক কেন্দ্ৰ কৰি কথা কোৱা – ক্ষণস্থায়ী আৰু উপৰুৱা মানৱ জীৱনৰ ঐতিহাসিক আৰু ৰাজনৈতিক দিশসমূহ তেওঁলোকৰ আচল বিষয় নহয়। অতি থোৰতে আৰু সৰলীকৃতভাৱে এয়াই হ’ল আমাৰ বাবে দৰকাৰী উদাৰ মানৱতাবাদৰ মূলবস্তু। ইয়াৰ বাকী দিশসমূহ আলোচনাত বিশেষ প্ৰাসংগিক নহয়। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে উদাৰ মানৱতাবাদৰ মানৱসত্তা সম্পৰ্কীয় তত্ত্বটো গোটে-পাতেই ভুল। ইতিহাস আৰু সমাজবাস্তৱৰপৰা পৃথক কৰিব পৰাকৈ কোনো চিৰন্তন আৰু বিমূৰ্ত মানৱসত্তাৰ অস্তিত্ব নাই। মানুহ হ’ল ইতিহাসৰ নিৰ্মাণ : ইতিহাসৰ বিশেষ সময় আৰু সমাজৰ বিশেষ স্থানেই নিৰ্ণয় কৰে মানৱসত্তাৰ বিশেষ ৰূপ। সমাজবাস্তৱৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰেই মানুহৰ চেতনাই গঢ় লয় : সমাজত আধিপত্যশীল মতাদৰ্শৰ সৈতে লেটিপেটি হৈয়েই মানৱসত্তাই বিশেষ ৰূপ লাভ কৰে। ইয়াৰ বাহিৰত বিশুদ্ধ মানৱসত্তা বিচাৰিবলৈ যোৱাটো ভুল। উদাৰ মানৱতাবাদৰ সমস্যাসমূহ আজি কোনোবাই আঙুলিয়াই দিবলৈ বাকী নাই – এটা ঐতিহাসিক ধাৰা হিচাপে এই মতবাদ কাহানিবাই অতীত হৈ গৈছে। দৰাচলতে ধ্ৰুপদী উদাৰ মানৱতাবাদক সমালোচনা কৰিয়েই বা তাক অতিক্ৰম কৰিয়েই অন্যান্য প্ৰগতিশীল মতবাদসমূহ পোনতে বিকশিত হৈছিল। মাৰ্ক্সবাদৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য : ই উদাৰ মানৱতাবাদৰ মূল প্ৰমূল্যৰাজি গ্ৰহণ কৰিছে যদিও তাক সম্প্ৰসাৰিত আৰু সৰ্বাত্মকভাৱে ৰূপান্তৰিত ৰূপ প্ৰদান কৰিছে। একেদৰে নাৰীবাদ, লিংগ সচেতনতা, বৰ্ণবাদ-বিৰোধিতা, উত্তৰাধুনিকতাবাদ, নিম্নবৰ্গীয় মতবাদ আদি প্ৰত্যেকেই হ’ল উদাৰ মানৱতাবাদৰ একো একোধৰণৰ সমালোচনা। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত দুখৰ কথাটো হ’ল এইটোৱেই যে উদাৰ মানৱতাবাদৰ মাজত আকণ্ঠ ডুব গৈ থকা বাবে আন আন সামাজিক-সাংস্কৃতিক মতবাদৰ আমি ভু-কে নাপাওঁ। ইয়াত আনকি বাঁওপন্থী-প্ৰগতিশীল সমাজখনো ব্যতিক্ৰম নহয়। সি যি নহওক, অসমৰ সমাজ-সংস্কৃতিত উদাৰ মানৱতাবাদৰ নিৰংকুশ আধিপত্যই ইয়াত ৰাজনৈতিক চেতনাৰ উন্মেষৰ বাট অৱৰুদ্ধ কৰি ৰাখিছে। ফলস্বৰূপে ইয়াত সমালোচনাত্মক কোনো মতবাদৰ বিকাশ ঘটাটো সম্ভৱপৰ হৈ উঠাগৈ নাই। গতিকে অসমৰ সমাজ-সংস্কৃতিত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটি ফলপ্ৰসূ সাংস্কৃতিক-সাহিত্যিক আন্দোলনৰ জন্ম হ’বলৈ হ’লে পোনপ্ৰথমেই ইয়াত বৰ্তি থকা উদাৰ মানৱতাবাদৰ আধিপত্যক ওফৰাই পেলাব লাগিব। এতিয়া আমি বৰগোহাঞিৰ কথালৈ উভতি আহো। বৰগোহাঞি হ’ল পূৰামাত্ৰাই এজন মানৱতাবাদী সাহিত্যিক। কোনোবা এখন ৰচনা বা সাহিত্যকৃতিত নহয়, তেওঁ সমগ্ৰ ৰচনাৰাজিৰ জৰিয়তে উদাৰ মানৱতাবাদৰ প্ৰচাৰ কৰি আহিছে। সেইকাৰণেই তেওঁ ৰাজনৈতিকভাৱে তেনেই অজলা : তেওঁ নাজানে নিজৰ মতাদৰ্শগত অৱস্থান। সেইকাৰণেই তেওঁ কোনো ৰচনাত পুঁজিবাদৰ সমস্যাৰ কথা কৈ সমাজতন্ত্ৰই প্ৰকৃত মুক্তিৰ পথ বুলি ঘোষণা কৰি দিব পাৰে (‘দেহোপজীৱিনী’)। সেইকাৰণেই তেওঁ মানৱ অধিকাৰৰ কথা ক’বলৈ গৈ বাইবেলৰপৰা আইনষ্টাইনলৈকে সকলোৰে উদ্ধৃতি দিয়ে, কিন্তু আলোচ্য বাগধাৰাটোৰ ৰাজনৈতিক অৱস্থান নিৰ্ণয় কৰিব নোৱাৰে (‘মানৱ-অধিকাৰ’)। সেইকাৰণেই তেওঁ সমকামিতাৰ বিষয়ে এবকলা লিখিও তাক যৌন বিকৃতি তথা দুৰাৰোগ্য ৰোগ বুলি অভিহিত কৰি থাকে (‘শ্ৰীচৈতন্য সমকামী আছিল?’)। যৌনকৰ্মীৰ জীৱনৰ দুখ-যন্ত্ৰণাক জীৱন্ত আৰু শক্তিশালী ৰূপত চিত্ৰিত কৰি তেওঁ উপন্যাস লিখিছে। কিন্তু সেই চিত্ৰণৰপৰা আগুৱাই গৈ আমি পুৰুষতন্ত্ৰৰ সমালোচনাত উপনীত হ’বগৈ নোৱাৰো বা যৌনকৰ্মীৰ অধিকাৰৰ প্ৰশ্নটো উত্থাপন কৰিবগৈ নোৱাৰো – বৰগোহাঞিৰ সাহিত্যৰপৰা নাৰীবাদলৈ বহু যোজন দূৰ। ‘মুক্ত তিৰোতা’ নামৰ ৰচনা এখনত তেওঁ নাৰীৰ স্বাধিকাৰ আন্দোলনক প্ৰকাশ্যেই বিৰোধ কৰি নাৰীত্বৰ ৰহস্যময় শক্তিৰ গুণগান কৰিছে। ‘মানুহ হোৱাৰ গৌৰৱ আৰু যন্ত্ৰণা’ৰ গাথাৰে বৰগোহাঞিৰ ৰচনাৰাজি ভৰপূৰ হৈ আছে। কিন্তু এই গৌৰৱময় মানুহটো হ’ল এক বিশুদ্ধ আৰু বিমূৰ্ত মানুহ যাৰ কোনো ইতিহাস নাই, সমাজ নাই। সেইবাবেই আমি বৰগোহাঞিৰপৰা কোনো ঐতিহাসিক অন্তৰ্দৃষ্টি আশা কৰিব নোৱাৰো, কোনো সামাজিক সমস্যাৰ ছিৰিয়াছ বিশ্লেষণ আশা কৰিব নোৱাৰো। সি যি নহওক, অসমৰ সমাজ-সংস্কৃতিক উদাৰ মানৱতাবাদী কূপমণ্ডূকতাৰপৰা উদ্ধাৰ কৰি আগুৱাই নিয়াটো যদি জৰুৰী, তেন্তে বৰগোহাঞিৰ সমালোচনা হ’ল তাৰ এক প্ৰধান অংগ।

ফ্ৰয়ডীয় মনস্তত্ত্বৰ নামত বৰগোহাঞিয়ে অসমীয়া সাহিত্যত এখিনি আৱৰ্জনাৰ সৃষ্টি কৰিলে। ফ্ৰয়ডৰ পাছত মনস্তত্ত্বৰ বহুত উন্নতি হৈছে; আনহাতে, আন আন বিভিন্ন মতবাদত (মাৰ্ক্সবাদ, নাৰীবাদ) ফ্ৰয়ডীয় ধাৰণাৰাজিৰ প্ৰয়োগ সম্পৰ্কেও বহুখিনি চিন্তা-চৰ্চা হৈছে। কিন্তু অসমত ফ্ৰয়ডৰ নামত বৰগোহাঞিয়ে যিখন ব্যাধিগ্ৰস্ত মানসিক পৃথিৱীৰ জন্ম দিলে, সি অসমৰ জীৱন আৰু সাহিত্যত আজিও অহৰহ পুনৰুৎপাদিত হৈ আছে। (তাৰ সমালোচনাত্মক প্ৰতিক্ৰিয়াস্বৰূপে দুই-একে যি তৰাং ফ্ৰয়ড-সমালোচনা তথা বস্তুবাদী মনস্তত্ত্বৰ ধাৰণা দাঙি ধৰিলে, সিও নিৰ্বোধ আৰু কাম নাইকিয়া।) এক তৰল ছেক্সুৱেল মিষ্টিচিজম, চিৰন্তন আৰু ৰহস্যময় নাৰীত্বৰ ধাৰণা – এইবোৰ হ’ল বৰগোহাঞিয়ে বহুলভাৱে প্ৰচলন কৰা বস্তু। উদাহৰণস্বৰূপে, ‘বিষণ্ণতা’ উপন্যাসত তেওঁ দেখুৱাইছে যে নাৰীয়ে মনৰ মাজত আমৃত্যু বা চিৰন্তনভাৱে এজন সপোন-পুৰুষক পুহি ৰাখে। বাস্তৱত লগ পোৱা ঘটিৰাম-বাতিৰাম পুৰুষবিলাকৰ মাজত নাৰীয়ে সেইজনক বিচাৰি নাপায় – সেয়ে এটা আকাংক্ষা বা অপূৰ্ণ আশাৰ ৰূপতেই নাৰীৰ মনত সেই সপোন-পুৰুষজন ৰৈ যায়, আৰু সেইবাবেই নাৰী সদায় বিষণ্ণ হৈ থাকে। এই বিষণ্ণ নাৰীসত্তাৰ ধাৰণাটো সমাজ আৰু সাহিত্যত এতিয়াও প্ৰবল। দুবছৰমান আগতে বৰ্তমানৰ এগৰাকী বিখ্যাত মহিলা সাহিত্যিকৰ কথা শুনিলো টিভিৰ সাক্ষাৎকাৰত। তেওঁ সগৌৰৱে ঘোষণা কৰিছে যে তেওঁ আজীৱন এজন ঈশ্বৰ-পুত্ৰৰ সন্ধান কৰি আছে, কিন্তু পোৱা নাই। লগতে তেওঁ কৈছে যে পতি-পৰিয়ালৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ আছে, তাত বোলে ঈশ্বৰ-পুত্ৰই একো ডিছটাৰ্ব কৰা নাই। বেলেগ বেলেগ নামেৰে এনে ঈশ্বৰ-পুত্ৰৰ সন্ধানত বহুতেই ব্যস্ত হৈ আছে। নক’লেও হ’ব যে ঈশ্বৰ-পুত্ৰবিলাকো বৰগোহাঞিৰে পুত্ৰ। গতিকে ফ্ৰয়ডৰপৰা যদি আমি কিবা ভাল বস্তু আশা কৰো, তেন্তে প্ৰথম কৰ্তব্য হ’ল ফ্ৰয়ডৰ বৰগোহাঞি সংস্কৰণটো সম্পূৰ্ণৰূপে উৎখাত কৰা।

বৰগোহাঞিয়ে কিশোৰ অৱস্থাত এবাৰ জন্মস্থান ঢকুৱাখনাৰপৰা ধেমাজিলৈ দোপালপিটা বৰষুণৰ মাজেদি চাইকেল মাৰি যাত্ৰা কৰিছিল। সেই যাত্ৰাৰ এঠাইত এটা কংকালসাৰ কিশোৰৰ অৰ্ধমৃত শৰীৰ পানীত আধা ডুব গৈ থকা অৱস্থাত তেওঁ আৱিষ্কাৰ কৰিলে। মৃতপ্ৰায় কিশোৰটোৱে সহায় বিচাৰি বিকটভাৱে চিঞৰ এটাও মাৰিছিল। কিন্তু ভয়-শংকাত সন্ত্ৰস্ত হৈ তেওঁ সেই ঠাইৰপৰা প্ৰাণটাকি পলায়ন কৰিলে। পাছত মানুহৰ মুখত তেওঁ কিশোৰটোৰ পৰিচয় আৰু তাৰ সেই ঠাইতে হোৱা মৃত্যুৰ খবৰ পালে। সেই খবৰ শুনাৰ পাছত তেওঁৰ মনত তীব্ৰ অপৰাধবোধে ঠাই ল’লে – তেওঁ কিয় মৃত্যুমুখী কিশোৰটোক তেতিয়া সহায় নকৰিলে। আৰু পৰৱৰ্তী সময়ত সেই অপৰাধবোধটো তেওঁৰ আজীৱন সংগী হৈ পৰিল। মৃতপ্ৰায় কিশোৰটোৰ মুখখনে তেওঁক আজিও খেদি ফুৰিছে; জীৱনৰ বিভিন্ন মুহূৰ্তত তেওঁক সেই মুখখনে আহি আমনি কৰে। হয়তো তেওঁ সেই অপৰাধবোধৰপৰা কাহানিও মুক্তি নাপাব। তেওঁক এতিয়া মাত্ৰ এটা প্ৰশ্নৰেই উত্তৰ লাগে – তেওঁৰ সেই পাপৰ প্ৰায়শ্চিত্ত কি? – এয়া হ’ল বৰগোহাঞিৰ ‘অপৰাধী বিবেক’ নামৰ বিখ্যাত ৰচনাখনৰ কথা। এই কাহিনীটো আৰু ৰচনাখনৰ নামটোৱে আচলতে বৰগোহাঞিৰ প্ৰায়খিনি আত্মজৈৱনিক ৰচনাকে প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ তেওঁৰ আত্মজৈৱনিক ৰচনাৰাজিৰ প্ৰধান বক্তব্য হ’ল – অপৰাধী বিবেক। অপৰাধবোধ তেওঁৰ জীৱনৰ এটা ঘটনা বা এটা প্ৰসংগ মাত্ৰ নহয় – অপৰাধবোধক তেওঁ এক দাৰ্শনিক প্ৰমূল্যৰ ৰূপত প্ৰতিষ্ঠা কৰিছে। আৰু সেইবাবেই ই সমস্যাজনক। অপৰাধবোধে এক নিশ্ছিদ্ৰ আত্মনিমগ্নতা আৰু নিষ্ক্ৰিয়তাৰ সৃষ্টি কৰে। ই আমাক বাস্তৱ পৃথিৱীখনত হস্তক্ষেপ কৰাত বাধা দিয়ে। বাস্তৱৰ অনিশ্চিত সম্ভাৱনাবিলাকৰ সৈতে জড়িত হ’বলৈ নিদি ই আমাক নিজৰ মাজৰ সংকীৰ্ণ নিশ্চয়তাবিলাকৰ মাজত মূৰ গুঁজি থাকিবলৈ শিকায়। সেইবাবেই অপৰাধী বিবেক সামাজিকভাৱে সৃষ্টিশীল হ’ব নোৱাৰে, সি সামাজিক পৰিবৰ্তনৰ সূচনা কৰিব নোৱাৰে। তাৰ বিপৰীতে অপৰাধী বিবেকে নিজৰ আত্মম্ভৰিতাক তৃপ্ত কৰিব পাৰে, এক ফোঁপোলা মহানতাৰ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰকাৰান্তৰে অপৰাধী বিবেক হ’ল অহঙৰ আত্মতুষ্টিৰে এক উপায়। বৰগোহাঞিৰ ৰচনাৰাজিত ইয়াৰ প্ৰমাণ বিস্তৃতভাৱে পোৱা যায়। স্বাৰ্থপৰ অপৰাধবোধ নহয়, সামাজিকভাৱে সৃষ্টিশীল প্ৰতিবাদী চেতনাহে আমাক লাগে। তেনে চেতনাইহে সমাজবাস্তৱত উপযুক্ত হস্তক্ষেপ কৰি অপৰাধবোধৰ জন্ম দিব পৰা পৰিস্থিতিৰ অৱসান ঘটাব পাৰিব। আৰু এনে চেতনা সমাজবাস্তৱৰ অভিঘাতত সদাপৰিবৰ্তনশীল – অপৰাধবোধৰ দৰে সি স্থাণু নহয়। সেইবাবে বৰগোহাঞিৰ অপৰাধী বিবেকৰ প্ৰদৰ্শনকামিতাক সোনকালেই বিদায় দিয়াটো জৰুৰী।

বৰগোহাঞিয়ে লিখিছিল ‘কিতাপ পঢ়াৰ আনন্দ’ – আমি যদি লিখিবলগা হয় তেন্তে লিখিম ‘কিতাপ পঢ়াৰ যন্ত্ৰণা’। কিতাপ পঢ়াটো সঁচাকৈয়ে বৰ যন্ত্ৰণাদায়ক কাম। আচলতে জ্ঞান মানেই যন্ত্ৰণা, অজ্ঞতাৰ মাজতহে শান্তি আছে। কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰা মানেই হ’ল নিজৰ আৰু চাৰিওফালৰ পৃথিৱীখনৰ বিষয়ে নতুন নতুন মৌলিক প্ৰশ্নৰ সন্মুখীন হোৱা। প্ৰশ্নৰ সন্মুখীন হোৱা মানেই হ’ল প্ৰচলিত ধ্যান-ধাৰণাৰ পৃথিৱীখনৰপৰা ওলাই আহি বাস্তৱৰ কঠোৰ স্বৰূপ সম্পৰ্কে সচেতন হোৱা। এনেকৈয়ে আমি সমাজত আধিপত্যশীল ৰাজনীতি সম্পৰ্কে সচেতন হৈ উঠো, আৰু সমাজৰ অন্যায়-বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদী সত্তা জাগ্ৰত হৈ উঠে। কিন্তু বৰগোহাঞিয়ে কিতাপ পঢ়াৰ আনন্দৰ কথা কৈ এই সকলো সম্ভাৱনা ধ্বংস কৰি দিলে। কিতাপ পঢ়াটো আনন্দদায়ক হ’বলৈ হ’লে আনন্দদায়ক কিতাপেই পঢ়িব লাগিব, প্ৰশ্ন কৰি আনন্দ নষ্ট কৰা কিতাপতো কোনেও নপঢ়িব। এনেকৈয়ে বৰগোহাঞিয়ে অসমীয়া মানুহক প্ৰশ্নমুখৰ-ছিৰিয়াছ কিতাপ পঢ়াত বাধা প্ৰদান কৰি আহিছে। অসমীয়া সমাজ-সংস্কৃতিত বৰগোহাঞিয়ে কৰা এইটো বৰ ডাঙৰ ক্ষতি। সি যি নহওক, অসমীয়া সাহিত্য-সংস্কৃতি আদি বিষয়ত বৰগোহাঞিৰ ভালেমান উৎকৃষ্ট ৰচনা আছে। (সাংবাদিকতাধৰ্মী ৰচনাবিলাক সম্পৰ্কে যেনিবা ক’বলগা একো নাই।) কিন্তু তাক বাদ দিলে, তেওঁৰ প্ৰবন্ধৰাজিৰ যিটো সাধাৰণ চৰিত্ৰটো হ’ল এয়ে যে কোনো সামাজিক-ৰাজনৈতিক বিষয়ৰ গভীৰলৈ প্ৰবেশ কৰিবলৈ তেওঁ নাৰাজ – অ’ৰ অলপ উদ্ধৃতি ত’ৰ অলপ উদ্ধৃতি দি নায়ক-নায়িকাৰ মানৱীয় গুণ বখানোতেই শেষ। তেওঁৰ বাবে সমাজ আৰু ইতিহাস হ’ল কিছুমান অতিমানৱীয় নায়ক-নায়িকাৰ লীলা-খেলা মাত্ৰ। ধৰক, তেওঁ মাও ছে তুঙৰ কঠোৰ জীৱন সংগ্ৰাম, ঘাত-প্ৰতিঘাত, আদৰ্শনিষ্ঠা আদি দিশ সম্পৰ্কে সুন্দৰকৈ লিখিছে; কিন্তু চীনা বিপ্লৱটো খায় নে পিন্ধে, তাৰ কাম কি, সেই সম্পৰ্কে একো লিখা নাই। এডৱাৰ্ড গিবনে কেনেদৰে ৰোমান সাম্ৰাজ্যৰ ইতিহাস লিখিছিল তাৰ কাহিনী তেওঁ সুন্দৰকৈ লিখিছে; কিন্তু ৰোমান বা ইউৰোপীয় বা ভাৰতীয়ই হওক, ইতিহাসৰ জটিলতালৈ কোনোদিন সোমোৱা নাই। আচলতে তেওঁৰপৰা সেইটো আশা কৰাটো মূৰ্খামিহে মাত্ৰ। কিন্তু সমস্যাটো হ’ল তেওঁৰ ৰচনাবিলাক সম্পৰ্কে যিটো জনপ্ৰিয় ধাৰণা প্ৰচলিত হৈ আছে তাক লৈহে। ভবা হয় যে কেৱল অসম তথা ভাৰতৰে নহয়, ইউৰোপীয় তথা বিশ্বৰ সমাজ-সংস্কৃতি-ইতিহাস সম্পৰ্কে বৰগোহাঞি বৰ ডাঙৰ পণ্ডিত। আচলতে বেছি ধ্যান-ধাৰণা নথকা মানুহেহে তেনেকৈ ভাবে। সেইবিলাক দিশত বৰগোহাঞিৰ দখল বিশেষ নাই বুলি সহজেই বুজিব পাৰি। সমাজবিজ্ঞান বুলি যে কিবা বস্তু এটাৰ অস্তিত্ব আছে সেই কথা বৰগোহাঞিয়ে নাজানে। কিন্তু বিভিন্ন কিতাপৰ উদ্ধৃতিৰে ভৰপূৰ তেওঁৰ ৰচনাৰাজিয়ে পাঠকৰ মাজত দাঙি ধৰা এই ভুৱা সন্তুষ্টিদায়ক ধাৰণাটো চিধাচিধি ভাঙি দিয়া দৰকাৰ। যুদ্ধবাজ-সাম্ৰাজ্যবাদী নেতা এজনকো তেওঁ মহান ব্যক্তি হিচাপে চিত্ৰিত কৰিব পাৰে সিজনৰ সৰু ঘৰুৱা কাহিনী একোটাৰে। সেইটোকে যদি কিতাপ পঢ়াৰ আনন্দ বুলি কয়, তেন্তে তেনে আনন্দই আমাক চিৰকালে অন্ধ কৰিহে ৰাখিব। নিজক আৰু পৃথিৱীখনক জানিব বিচাৰিলে কিতাপ পঢ়াৰ যন্ত্ৰণা সহ্য কৰিবই লাগিব। সেইবাবেই বৰগোহাঞিৰ উদ্ধৃতি-উৎসৱৰ আনন্দক ইমানতে বিদায় দিব লাগিব।

(ৰচনাকাল : ১৭-০২-২০১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: