চাহ শ্ৰমিকৰ মুক্তি কেতিয়া?

বিষাক্ত চুলাই মদ খাই যোৰহাট আৰু গোলাঘাট জিলাৰ শতাধিক চাহ শ্ৰমিকৰ মৃত্যু ঘটাৰ শোকাৱহ ঘটনা তথা তৎজনিত দৃশ্যপটে পুনৰবাৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ অবৰ্ণনীয় দুৰৱস্থাকে উদঙাই দেখুৱালে। এই ঘটনাৰ তাৎক্ষণিক দিশটো হ’ল বিষাক্ত চুলাই মদৰ প্ৰসংগটো। চৰকাৰ তথা চাহ বাগান কৰ্তৃপক্ষৰ চকুৰ সন্মুখতে কেনেকৈ চাহ বাগানসমূহত মদৰ ব্যৱসায় চলি আছে, মদত বিষক্ৰিয়া কেনেকৈ হ’বলৈ পালে আদি প্ৰশ্নৰ উত্তৰ চৰকাৰে অনুসন্ধানৰ অন্তত দিব লাগিব আৰু সেই অনুসৰি উপযুক্ত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ বাবে ইতিমধ্যে বিভিন্ন দল-সংগঠনে চৰকাৰৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছে। কিন্তু মদৰ প্ৰসংগটো কোনো বিচ্ছিন্ন ঘটনা নহয়; সি কোনো উচিত-অনুচিতৰ নৈতিক প্ৰসংগ নহয়। সি হ’ল সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক-অৰ্থনৈতিক প্ৰসংগ। ইতিহাসলৈ উভতি চালে দেখা যায় যে ঔপনিবেশিক যুগৰেপৰা চাহ শ্ৰমিকসকলৰ শোষণৰ অৰ্থে মদক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। ব্ৰিটিছ মালিকপক্ষই প্ৰত্যক্ষভাৱেই বাগানসমূহত মদৰ প্ৰচলন কৰিছিল; আজিও মালিকপক্ষ তথা চৰকাৰে পৰোক্ষভাৱে তাৰ প্ৰতি উৎসাহ যোগাই আহিছে। এক অৰ্থত ক’বলৈ গ’লে, মদ খাই হোৱা চাহ শ্ৰমিকসকলৰ মৃত্যুটো হ’ল এক ছদ্মবেশী হত্যাকাণ্ড মাত্ৰ – তেওঁলোকক যুগ যুগ ধৰি যেন এই মৃত্যুৰ বাবে প্ৰস্তুত কৰি অহা হৈছে আৰু তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি অনা হৈছে। গতিকে চাহ শ্ৰমিকসকলৰ এই মৃত্যুৰ বাবে প্ৰকৃততে তেওঁলোকৰ দুৰ্বহ জীৱন তথা তেওঁলোকৰ ওপৰত চলি থকা নিৰ্মম শোষণেই দায়ী। এনে কাৰণতে এই মুহূৰ্তত মদৰ প্ৰশ্নটোৰ লগে লগে চাহ শ্ৰমিকসকলৰ শোষণৰ প্ৰশ্নটোও জোৰদাৰভাৱে তোলা দৰকাৰ।

এটা কথাত কোনো সন্দেহ নাই যে চাহ শ্ৰমিকসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। ঔপনিবেশিক যুগৰেপৰা এইসকল লোকে চাহ বাগান-কেন্দ্ৰিক ঘেট’সমূহত যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি ক’ব নোৱাৰি। আন দিশৰপৰা, সম্পূৰ্ণ অৰ্থত শ্ৰমিক বুলি ক’বলৈ হ’লে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত হয়তো একমাত্ৰ তেওঁলোকলৈকে আঙুলিয়াব পাৰি – কিয়নো আংশিক বা বিক্ষিপ্তভাৱে নহয়, এটা জনগোট হিচাপে উমৈহতীয়া ৰূপত পুঁজিবাদী উদ্যোগত শ্ৰমিকৰ ভূমিকা পালন কৰা তেওঁলোকেই একমাত্ৰ জনগোষ্ঠী, যি একে সময়তে ছিন্নমূল আৰু শ্ৰমৰ বাদে জীৱন ধাৰণৰ আন সকলো সম্বলৰপৰা বঞ্চিত। কিন্তু ইউৰোপীয় পুঁজিবাদৰ চিনাকি শ্ৰমিকজনৰ বৈশিষ্ট্যসমূহো অসমৰ চাহ শ্ৰমিকজনে আয়ত্ত কৰিব পৰা নাই, কাৰণ তেওঁৰ বিকাশ ঘটিছে ঔপনিবেশিক ঔৰসত আৰু প্ৰতিকূল সামাজিক প্ৰেক্ষাপটত। ইয়াৰ বিপৰীতে মাৰ্কিন ইতিহাসৰ আফ্ৰিকীয় দাসসকলৰ লগতহে তেওঁৰ ইতিহাস আৰু জীৱন সংগ্ৰামৰ অধিক মিল পৰিলক্ষিত হয়। গতিকে এফালে পুঁজিবাদী শোষণ আৰু আনফালে সামাজিক-ৰাজনৈতিক দাসত্ব – এই দুটাই হয়তো জনগোট হিচাপে চাহ শ্ৰমিকসকলৰ প্ৰগতিৰ প্ৰধান প্ৰতিবন্ধক।

আনহাতে, চাহ শ্ৰমিকসকলৰ দুৰৱস্থাৰ বাবে চাহ উদ্যোগৰ লগতে অসমীয়া জাতীয়তাবাদৰ বিশেষ চৰিত্ৰও বহু পৰিমাণে দায়ী। বহল অসমীয়া সমাজখনৰপৰা নিলগাই চাহ শ্ৰমিকসকলক দ্বীপসদৃশ ঘেট’সমূহত চিৰকাল আবদ্ধ কৰি ৰাখিবৰ বাবে ব্ৰিটিছ চাহ মালিক আৰু ঔপনিবেশিক চৰকাৰে যুটীয়াভাৱে আৰম্ভণিৰেপৰাই সকলোধৰণে আইনগত, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ বিপৰীত দিশৰপৰা ক্ৰিয়া কৰিছিল মূলসুঁতিৰ অসমীয়া সমাজৰ ঘৃণাৰ নীতিয়ে। চমুকৈ ক’বলৈ গ’লে, অসমীয়া জাতীয়তাবাদৰ বৰ্ণবাদী চৰিত্ৰ আৰু ঔপনিবেশিক উন্নাসিকতাৰ চূড়ান্ত প্ৰকাশ ঘটিছে চাহ জনগোষ্ঠীৰ প্ৰতি ইয়াৰ মনোভাবত। চাহ শ্ৰমিকসকলৰ প্ৰতি মালিক-কৰ্তৃপক্ষই গ্ৰহণ কৰা ৰাজনৈতিক-সামাজিক অৱদমন আৰু একাষৰীয়াকৰণৰ নীতি তথা জোৰ-জবৰদস্তিৰে জাপি দিয়া দাসত্বৰ প্ৰমূল্যৰ হেঁচাৰ দীৰ্ঘদিনীয়া পৰিণতি হিচাপে তেওঁলোকৰ মনত যেনেকৈ সাংস্কৃতিক আত্মনিমগ্নতা আৰু হীনমন্যতাৰ জন্ম হৈছিল, তেনেকৈ মূলসুঁতিৰ অসমীয়া সমাজখনৰ ঘৃণাৰ মনোভাবে তেওঁলোকক আৰু বেছিকৈ সংকুচিত কৰি তুলিছিল। নক’লেও হ’ব যে অসমীয়া জাতীয় জীৱনৰ বৰমূৰীয়াসকলে চাহ জনগোষ্ঠীৰ প্ৰতি সদায় অভিভাৱকসুলভ মনোভাব গ্ৰহণ কৰি আহিছে, কিন্তু একে সময়তে গোষ্ঠীটোৰ জংগীপনা তথা ‘হিংস্ৰতা’ৰ প্ৰতি আতংকগ্ৰস্তও হৈ আহিছে। স্বাধীনতা আন্দোলনৰ সময়ছোৱালৈ যদি লক্ষ্য কৰো, অসমৰ কংগ্ৰেছ নেতৃবৃন্দই প্ৰথমে চাহ জনগোষ্ঠীসকলক আন্দোলনত চামিল কৰিব বিচৰা নাছিল; বৰং তেওঁলোকৰ জংগী শ্ৰমিক বিক্ষোভ দমন কৰাত বহু সময়ত ব্ৰিটিছৰ মধ্যস্থতাকাৰীৰ ভূমিকাহে পালন কৰিছিল। ইয়াৰ আঁৰত যেনেকৈ চাহৰ লগত জড়িত মধ্যবিত্ত নেতৃবৃন্দৰ স্বাৰ্থৰ ভূমিকা আছিল (বহুসংখ্যকৰ নিজৰ চাহ বাগিছা আছিল), তেনেকৈ চাহ জনগোষ্ঠীৰ প্ৰতি থকা তেওঁলোকৰ যুগপৎ ঘৃণা আৰু ভীতিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এনেবোৰ কাৰণতে আন্দোলনৰ নেতৃত্বই জনগোষ্ঠীটোক আন্দোলনত চামিল কৰিবও নোৱাৰিলে, আৰু তেওঁলোকৰ স্বতন্তৰীয়া আন্দোলনসমূহকো স্বীকৃতি নিদিলে–আনকি আজিও অসমৰ জাতীয় আন্দোলনৰ ইতিহাসত জনগোষ্ঠীটোৰ অৱদানে যথাযথ গুৰুত্ব লাভ কৰা নাই। সাম্প্ৰতিক সময়ৰ কথা যদি ক’বলৈ যাওঁ, চাহ শ্ৰমিকসকলক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰা সত্ত্বেও অসমীয়া জাতীয়তাবাদীসকলে তেওঁলোকৰ শোষণৰ প্ৰশ্নটো জাতীয় প্ৰশ্ন হিচাপে কোনোদিন উত্থাপন নকৰিলে। আনকি কোনো প্ৰগতিশীল সংগঠনেও তেনে সাহস নকৰিলে। চাহ শ্ৰমিকসকলৰ অৱস্থান সমাজত যেনেকৈ প্ৰান্তীয়, তেনেকৈ তেওঁলোকৰ শোষণৰ প্ৰশ্নটোও প্ৰান্তীয় হৈয়েই পৰি ৰ’ল। কিন্তু তাৰ বিপৰীতে অসমীয়া মধ্যবিত্তৰ কল্পনাত চাহ বাগানৰ এটি কলি দুটি পাতৰ ছবি আৰু বুধুৱাৰ মৰমত পমি যোৱা ৰাংঢালী লছমীজনীৰ প্ৰাধান্য সদায়েই দেখিবলৈ পোৱা যায়। এই অতি-ঐতিহাসিক লছমীজনী হ’ল অসমীয়া মধ্যবিত্তই নিৰ্মাণ কৰা এটা সুবিধাজনক প্ৰতিমূৰ্তি – যি একে সময়তে মধ্যবিত্তৰ ৰোমাণ্টিক হাবিয়াসো পূৰ্ণ কৰে আৰু চাহ শ্ৰমিক সম্পৰ্কীয় অস্বস্তিকৰ প্ৰশ্নবিলাকৰপৰাও ৰেহাই দিয়ে।

চাহ শ্ৰমিকসকলৰ শোষণৰ অন্ত কেতিয়া কেনেকৈ পৰিব – ইয়াৰ সঠিক উত্তৰ কাৰো হাততেই নাই। যেতিয়ালৈকে চাহ লবিসমূহৰ কৰ্তৃত্ব অটুট থাকিব আৰু সিবোৰৰ সৈতে চৰকাৰৰ সহযোগ থাকিব, তেতিয়ালৈকে চাহ শ্ৰমিকসকলে একেই অবৰ্ণনীয় দুৰৱস্থাৰ মাজত জীয়াই থাকিব লাগিব। আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল, চাহ শ্ৰমিকসকলৰ আৰ্থ-ৰাজনৈতিক প্ৰশ্নসমূহ সজোৰে আৰু আপোচবিহীনভাৱে উত্থাপন কৰিব পৰাকৈ কোনো এটা শক্তিশালী ৰাজনৈতিক শক্তি নাই। বিভিন্ন ৰাজনৈতিক দলৰ ছত্ৰছায়াত চাহ শ্ৰমিকৰ উন্নয়নৰ উদ্দেশ্যে গঠিত সংগঠনসমূহৰ মাজত এহাতে অভিভাৱকত্ববাদী মনোভাব আৰু আনহাতে চাহ উদ্যোগৰ নিয়ন্ত্ৰণকাৰী শক্তিসমূহৰ সৈতে আপোচকামী সুবিধাবাদী ৰণনীতিৰ প্ৰাধান্যহে দেখিবলৈ পোৱা যায়। অন্যান্য সংগঠনসমূহৰ অধিকাংশৰ মাজতো সাংস্কৃতিক আত্মপৰিচয়-কেন্দ্ৰিক তথা নিছক অৰ্থনৈতিক প্ৰশ্নসমূহেহে অধিক গুৰুত্ব লাভ কৰা যেন ভাব হয়। (অৱশ্যে তুলনামূলকভাৱে বাঁও শক্তি নেতৃত্বাধীন সংগঠনসমূহে অধিক ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছে, কিন্তু সিবিলাকৰ প্ৰভাৱ তেনেকৈ নাই।) এই ক্ষেত্ৰত দেখা যায় যে চাহ শ্ৰমিকসকল সদায়েই বিশ্বাসঘাতকতাৰ বলি হৈ আহিছে। তেওঁলোকৰ মাজৰপৰা ওলাই যোৱা ৰাজনৈতিক এলিট শ্ৰেণীটোৱে কাহানিবাই তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকৰ মাজৰপৰা ওলাই গৈ অন্যান্য বিভিন্ন অধিক মৰ্যাদাপূৰ্ণ আৰু আৰ্থিকভাৱে লাভজনক বৃত্তি গ্ৰহণ কৰি যিটো মধ্যবিত্ত শ্ৰেণী গঢ়ি উঠিছে, বৰ্তমানৰ শোষিত চাহ শ্ৰমিকসকলৰ সৈতে তাৰ সম্পৰ্কও ঘাইকৈ সাংস্কৃতিক প্ৰতীকীবাদতে সীমাবদ্ধ।

চাহ শ্ৰমিকসকলৰ আৰ্থ-ৰাজনৈতিক মুক্তিৰ বিচাৰত আমাৰ বোধেৰে এটা প্ৰশ্ন অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠিছে : জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে কোনে প্ৰতিনিধিত্ব কৰিব তাৰ নিৰ্ধাৰণ আৰু প্ৰতিষ্ঠিত সংগঠনসমূহৰ সৰ্বাত্মক গণতান্ত্ৰিকীকৰণ। বাহিৰৰ সংগঠনবিলাকৰ সহায় অবিহনে চাহ শ্ৰমিকৰ সংগঠনসমূহে অকলে চাহ লবি আৰু চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত জয়ী হোৱাটো সম্ভৱ নহয়। কিন্তু তাৰ দায়িত্ব প্ৰধানকৈ অসমীয়া জাতীয় সংগঠনবিলাকেই ল’ব লাগিব। চাহ শ্ৰমিকসকলৰ প্ৰশ্নটোক অনতিপলমে অসমীয়া জাতীয় জীৱনৰ কেন্দ্ৰীয় প্ৰশ্ন হিচাপে গ্ৰহণ কৰা হওক, আৰু তাৰ মীমাংসাৰ বাবে জোৰদাৰ কাৰ্যসূচী হাতত লোৱা হওক। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে প্ৰগতিশীল সংগঠনে এইক্ষেত্ৰত আগভাগ লোৱা উচিত। ইয়াৰ জৰিয়তে কেৱল চাহ শ্ৰমিকসকলক সহায় কৰা হ’ব তেনে নহয়, অসমীয়া জাতিয়ে তেওঁলোকৰ প্ৰতি কৰি অহা চূড়ান্ত অৱজ্ঞাৰো প্ৰায়শ্চিত্ত কৰা হ’ব। মজুৰি বৃদ্ধি কৰা, জীৱন ধাৰণৰ মান উন্নত কৰা, শ্ৰমিকসকলক পূৰ্ণ নাগৰিক অধিকাৰ প্ৰদান কৰা আদি দাবী সজোৰে উত্থাপন কৰিব লাগে। সেই দাবীসমূহ আগ বঢ়াৰ লগে লগে চাহ বাগানৰ নিয়ন্ত্ৰণৰ প্ৰশ্নটো উত্থাপন কৰা দৰকাৰ : সেইসমূহক শ্ৰমিক সমবায়লৈ ৰূপান্তৰিত কৰাৰ দাবী, য’ত বাগানৰ নিয়ন্ত্ৰণ থাকিব সমূহীয়াভাৱে শ্ৰমিকসকলৰ হাতত। এনে সংগ্ৰামৰ পথেদিহে এটা সময়ত চাহ শ্ৰমিকসকলৰ আৰ্থ-ৰাজনৈতিক মুক্তি সম্ভৱপৰ হৈ উঠিব পাৰে। ইয়াৰ কোনো বিকল্প নাই।

চুলাই মদৰ ঘাটি উচ্ছেদ কৰি কোনো পৰিবৰ্তন আনিব নোৱাৰি, মদ নিষিদ্ধ কৰিও কোনো লাভ নাই। তদুপৰি মদ নিষিদ্ধ কৰাৰ দাবী তোলাটো মধ্যবিত্তীয় ভণ্ডামিৰে নামান্তৰ মাথোন : তাৰদ্বাৰা দামী বিলাতী মদ কিনি খাব নোৱৰাৰ বাবেই দুখীয়া শ্ৰমিকসকলক তাচ্ছিল্য কৰা হয়। চাহ শ্ৰমিকসকলে চুলাই মদ খাবই লাগিব – হাড়ভঙা কঠোৰ শ্ৰমৰ অন্তত সেইকণেই তেওঁলোকৰ বাবে সঞ্জীৱনী জলৰ নিচিনা কাম কৰে। পৰিবৰ্তন আহিব চাহ শ্ৰমিকসকলৰ শোষণৰ অন্ত হ’লেহে, তেওঁলোকৰ জীৱন উন্নততৰ হ’লেহে। যিদিনা চাহ শ্ৰমিকসকলে শোষণৰ নাগপাশৰপৰা মুক্তি লাভ কৰিব, সেইদিনাৰপৰাই বিষাক্ত চুলাই মদ খাই আওমৰণে মৰাৰ সম্ভাৱনাও চিৰকাললৈ নাইকিয়া হৈ যাব।

(ৰচনাকাল : ২৪-০২-২০১৯)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: