বহুতে লিখি আছে যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হয়, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। কিন্তু মই ক’ব খোজো যে সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই আমাৰ সবাতোকৈ ডাঙৰ সমস্যা। সাম্প্ৰতিক অসমত বৰগোহাঞি নিশ্চিতভাৱে আটাইতকৈ প্ৰভাৱশালী সাহিত্যিক : কেইবাটাও প্ৰজন্মৰ চিন্তা-চেতনাক ইমান গভীৰভাৱে প্ৰভাৱিত কৰিব পৰা দ্বিতীয় এজন সাহিত্যিক নাই। সাংঘাতিকধৰণে শক্তিশালী ভাষা আৰু ৰচনাশৈলীৰে বহল পাঠকসমাজক যুগৰ পাছত যুগ ধৰি আচ্ছন্ন কৰি ৰখাৰ উপৰি তেওঁ তেওঁৰ পৰৱৰ্তী সাহিত্যিকসকলক প্ৰত্যক্ষ-পৰোক্ষ ৰূপত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। ক’বলৈ গ’লে, তেওঁ গঢ় দিয়া মতাদৰ্শগত পৃথিৱীখনত পৰৱৰ্তী বহুতো লেখক-সাহিত্যিকেই বিচৰণ কৰিছে – কিছুৱে জ্ঞাতভাৱে, বহুতেই অজ্ঞাতভাৱে। নক’লেও হ’ব যে সেইসকল সাহিত্যিকৰপৰা সেইবাবেই আমি ভাল বস্তু পঢ়িবলৈ পোৱা নাই, পাইছো অক্ষম পুনৰাবৃত্তি কিছুমান। গতিকে অসমীয়া সমাজ আৰু সংস্কৃতি যদি আগ বাঢ়ি যাব লাগে, বৰগোহাঞিৰ আত্মনিমগ্ন-কূপমণ্ডূক পৃথিৱীখনৰপৰা মুক্তি লাভ কৰিব লাগে, তেন্তে বৰ্তমান আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল বৰগোহাঞিৰ কঠোৰ সমালোচনা কৰা, তেওঁৰ ওপৰত প্ৰবল মতাদৰ্শগত আক্ৰমণ নমাই অনা। তেওঁৰ ৰাজনৈতিক সুবিধাবাদৰ সমালোচনা কৰি, তেওঁ কোন নেতাক কেতিয়া তেল মাৰিলে সেইবোৰ আলোচনা কৰি কোনো লাভ নাই। চমুকৈ এনেকৈও ক’ব পাৰি যে বৰগোহাঞিক মতাদৰ্শগতভাৱে উৎখাত কৰিব নোৱৰালৈকে অসমীয়া সমাজ-সংস্কৃতি আগ বাঢ়িব নোৱাৰে। এইটো কাম কৰিবলৈ যাওঁতে আন বহুতো মানুহ যুদ্ধত পৰিব, আমি নিজৰ চিন্তা-চেতনাকো আক্ৰমণ কৰিবলগীয়া হ’ব। ৰাইজক সোঁৱৰাই থওঁ যে মোৰ এই সৰু টোকাটোক তেনে প্ৰচেষ্টা বুলি নাভাবিব, ইয়াত থূলমূলকৈ দুটামান কথাহে আঙুলিয়াই দিব খুজিছো। মই যোৱা দহ-বাৰ বছৰমান ধৰি বৰগোহাঞিৰ প্ৰায় একো ৰচনাই পঢ়া নাই। তাৰ আগতেও ‘পিতা-পুত্ৰ’ৰ নিচিনা কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ পঢ়া নাই। তাৰ বাদে অৱশ্যে তেওঁৰ প্ৰায়বোৰ ৰচনায়েই এসময়ত গোগ্ৰাসে গিলিছো। কিন্তু তেওঁৰ পৃথিৱীখনৰ মতাদৰ্শগত চিন-চাব মনৰপৰা আঁতৰাই পেলাবলৈ আৰু ভালেখিনি সময় লাগিছিল।
অসমীয়া সমাজ-সংস্কৃতিৰ আটাইতকৈ ডাঙৰ মতাদৰ্শগত সমস্যাটো হ’ল মানৱতাবাদ। আমাৰ বহুতো সমস্যাৰ মূলতে হ’ল মানৱতাবাদ, সেই সমস্যাবোৰৰ সমাধান উলিয়াব নোৱৰাৰ কাৰণটোও হ’ল মানৱতাবাদ। মানৱতাবাদৰ কৰাল গ্ৰাসত অসমৰ সমাজ-সংস্কৃতি কোঙা হৈ আছে। এই ফোঁপোলা আৰু লিকটীয়া মানৱতাবাদটোক সোনকালেই খতম কৰিব লাগে – ইয়াৰ কোনো বিকল্প নাই। মানৱতাবাদে ভণ্ডামিৰো জন্ম দিছে, বহুতকে ধুনীয়া ধুনীয়া মুখা পিন্ধাই ৰাখিছে – মানৱতাবাদটো নাইকিয়া হৈ গ’লে বহুতেই নাঙঠ হৈ পৰিব অটোমেটিক। সেইবাবেই মানৱতাবাদৰ মৃত্যুৰ পাছতহে অসমত ভাল চিন্তা আৰু ভাল ৰাজনীতিৰ জন্ম হ’ব পাৰিব। আৰু বৰগোহাঞি হ’ল মানৱতাবাদৰ আটাইতকৈ ডাঙৰ প্ৰবক্তা। বৰগোহাঞিয়ে মানৱতাবাদৰ যিটো ভাৰ্ছন অসমীয়াত আনি দিলে, সেইটো ভাৰ্ছন আজিও অনবৰত বাজি থাকে। গতিকে মানৱতাবাদৰ সমালোচনা কৰাৰ অৰ্থ বৰগোহাঞিৰ সমালোচনা কৰা। (মানৱতাবাদ সম্পৰ্কে পৃথক এখন ৰচনা লিখাৰ ইচ্ছা আছে।)
ফ্ৰয়ডীয় মনস্তত্ত্বৰ নামত বৰগোহাঞিয়ে অসমীয়া সাহিত্যত এখিনি আৱৰ্জনাৰ সৃষ্টি কৰিলে। বুজিব জানিলে ফ্ৰয়ড বৰ ভাল আৰু ছিৰিয়াছ বস্তু, সিবিলাকৰ ভাল আলোচনা আৰু প্ৰয়োগ বাহিৰত বহুত হৈছে। কিন্তু ফ্ৰয়ডৰ নামত বৰগোহাঞিয়ে যিখন ব্যাধিগ্ৰস্ত মানসিক পৃথিৱীৰ জন্ম দিলে, সি অসমৰ জীৱন আৰু সাহিত্যত আজিও অহৰহ পুনৰুৎপাদিত হৈ আছে। (তাৰ সমালোচনাত্মক প্ৰতিক্ৰিয়াস্বৰূপে দুই-একে যি তৰাং ফ্ৰয়ড-সমালোচনা তথা বস্তুবাদী মনস্তত্ত্বৰ ধাৰণা দাঙি ধৰিলে, সিও নিৰ্বোধ আৰু কাম নাইকিয়া।) এক ফটুৱা ছেক্সুৱেল মিষ্টিচিজম, চিৰন্তন আৰু ৰহস্যময় নাৰীত্বৰ ধাৰণা – এইবোৰ হ’ল বৰগোহাঞিয়ে বহুলভাৱে প্ৰচলন কৰা বস্তু। উদাহৰণস্বৰূপে, ‘বিষণ্ণতা’ উপন্যাসত তেওঁ দেখুৱাইছে যে নাৰীয়ে মনৰ মাজত আমৃত্যু বা চিৰন্তনভাৱে এজন সপোন-পুৰুষক পুহি ৰাখে। বাস্তৱত লগ পোৱা ঘটিৰাম-বাতিৰাম পুৰুষবিলাকৰ মাজত নাৰীয়ে সেইজনক বিচাৰি নাপায় – সেয়ে এটা আকাংক্ষা বা অপূৰ্ণ আশাৰ ৰূপতেই নাৰীৰ মনত সেই সপোন-পুৰুষজন ৰৈ যায়, আৰু সেইবাবেই নাৰী সদায় বিষণ্ণ হৈ থাকে। এই বিষণ্ণ নাৰীসত্তাৰ ধাৰণাটো সমাজ আৰু সাহিত্যত এতিয়াও প্ৰবল। দুবছৰমান আগতে বৰ্তমানৰ এগৰাকী বিখ্যাত মহিলা সাহিত্যিকৰ কথা শুনিলো টিভিৰ সাক্ষাৎকাৰত। তেওঁ সগৌৰৱে ঘোষণা কৰিছে যে তেওঁ আজীৱন এজন ঈশ্বৰ-পুত্ৰৰ সন্ধান কৰি আছে, কিন্তু পোৱা নাই। লগতে তেওঁ কৈছে যে পতি-পৰিয়ালৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ আছে, তাত বোলে ঈশ্বৰ-পুত্ৰই একো ডিছটাৰ্ব কৰা নাই। বেলেগ বেলেগ নামেৰে এনে ঈশ্বৰ-পুত্ৰৰ সন্ধানত বহুতেই ব্যস্ত হৈ আছে। নক’লেও হ’ব যে ঈশ্বৰ-পুত্ৰবিলাকো বৰগোহাঞিৰে পুত্ৰ। সি যি নহওক, এই উদ্ভট জীৱবিলাকক সোনকালেই খতম কৰিব লাগে। তেতিয়াহে ফ্ৰয়ডৰপৰা আমি ভাল বস্তু উলিয়াব পাৰিম।
বৰগোহাঞিয়ে লিখিছিল ‘কিতাপ পঢ়াৰ আনন্দ’ – মই যদি লিখিবলগা হয় তেন্তে লিখিম ‘কিতাপ পঢ়াৰ যন্ত্ৰণা’। কিতাপ পঢ়াটো সঁচাকৈয়ে বৰ যন্ত্ৰণাদায়ক কাম। আচলতে জ্ঞান মানেই যন্ত্ৰণা, অজ্ঞতাৰ মাজতহে শান্তি আছে। কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰা মানেই হ’ল নিজৰ আৰু চাৰিওফালৰ পৃথিৱীখনৰ বিষয়ে নতুন নতুন মৌলিক প্ৰশ্নৰ সন্মুখীন হোৱা। প্ৰশ্নৰ সন্মুখীন হোৱা মানেই হ’ল প্ৰচলিত ধ্যান-ধাৰণাৰ পৃথিৱীখনৰপৰা ওলাই আহি বাস্তৱৰ কঠোৰ স্বৰূপ সম্পৰ্কে সচেতন হোৱা। এনেকৈয়ে আমি সমাজত আধিপত্যশীল ৰাজনীতি সম্পৰ্কে সচেতন হৈ উঠো, আৰু সমাজৰ অন্যায়-বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদী সত্তা জাগ্ৰত হৈ উঠে। কিন্তু বৰগোহাঞিয়ে কিতাপ পঢ়াৰ আনন্দৰ কথা কৈ এই সকলো সম্ভাৱনা ধ্বংস কৰি দিলে। কিতাপ পঢ়াটো আনন্দদায়ক হ’বলৈ হ’লে আনন্দদায়ক কিতাপেই পঢ়িব লাগিব, প্ৰশ্ন কৰি আনন্দ নষ্ট কৰা কিতাপতো কোনেও নপঢ়িব। এনেকৈয়ে বৰগোহাঞিয়ে অসমীয়া মানুহক প্ৰশ্নমুখৰ-ছিৰিয়াছ কিতাপ পঢ়াত বাধা প্ৰদান কৰি আহিছে। অসমীয়া সমাজ-সংস্কৃতিত বৰগোহাঞিয়ে কৰা এইটো বৰ ডাঙৰ ক্ষতি। অসমীয়া সাহিত্য-সংস্কৃতি আদি বিষয়ত বৰগোহাঞিৰ ভালেমান উৎকৃষ্ট ৰচনা আছে। (সাংবাদিকতাধৰ্মী ৰচনাবিলাক সম্পৰ্কে যেনিবা ক’বলগা একো নাই।) কিন্তু তাক বাদ দিলে, তেওঁৰ প্ৰবন্ধৰাজিৰ যিটো সাধাৰণ চৰিত্ৰটো হ’ল এয়ে যে কোনো সামাজিক-ৰাজনৈতিক বিষয়ৰ গভীৰলৈ প্ৰবেশ কৰিবলৈ তেওঁ নাৰাজ – অ’ৰ অলপ উদ্ধৃতি ত’ৰ অলপ উদ্ধৃতি দি নায়ক-নায়িকাৰ মানৱীয় গুণ বখানোতেই শেষ। তেওঁৰ বাবে সমাজ আৰু ইতিহাস হ’ল কিছুমান অতিমানৱীয় নায়ক-নায়িকাৰ লীলা-খেলা মাত্ৰ। ধৰক, তেওঁ মাও ছে তুঙৰ কঠোৰ জীৱন সংগ্ৰাম, ঘাত-প্ৰতিঘাত, আদৰ্শনিষ্ঠা আদি দিশ সম্পৰ্কে সুন্দৰকৈ লিখিছে; কিন্তু চীনা বিপ্লৱটো খায় নে পিন্ধে, তাৰ কাম কি, সেই সম্পৰ্কে একো লিখা নাই। এডৱাৰ্ড গিবনে কেনেদৰে ৰোমান সাম্ৰাজ্যৰ ইতিহাস লিখিছিল তাৰ কাহিনী তেওঁ সুন্দৰকৈ লিখিছে; কিন্তু ৰোমান বা ইউৰোপীয় বা ভাৰতীয়ই হওক, ইতিহাসৰ জটিলতালৈ কোনোদিন সোমোৱা নাই। আচলতে তেওঁৰপৰা সেইটো আশা কৰাটো মূৰ্খামিহে মাত্ৰ। কিন্তু সমস্যাটো হ’ল তেওঁৰ ৰচনাবিলাক সম্পৰ্কে যিটো জনপ্ৰিয় ধাৰণা প্ৰচলিত হৈ আছে তাক লৈহে। ভবা হয় যে কেৱল অসম তথা ভাৰতৰে নহয়, ইউৰোপীয় তথা বিশ্বৰ সমাজ-সংস্কৃতি-ইতিহাস সম্পৰ্কে বৰগোহাঞি বৰ ডাঙৰ পণ্ডিত। আচলতে বেছি ধ্যান-ধাৰণা নথকা মানুহেহে তেনেকৈ ভাবে। সেইবিলাক দিশত বৰগোহাঞিৰ দখল বিশেষ নাই বুলি সহজেই বুজিব পাৰি। কিন্তু বিভিন্ন কিতাপৰ উদ্ধৃতিৰে ভৰপূৰ তেওঁৰ ৰচনাৰাজিয়ে পাঠকৰ মাজত দাঙি ধৰা এই ভুৱা সন্তুষ্টিদায়ক ধাৰণাটো চিধাচিধি ভাঙি দিয়া দৰকাৰ। যুদ্ধবাজ-সাম্ৰাজ্যবাদী নেতা এজনকো তেওঁ মহান ব্যক্তি হিচাপে চিত্ৰিত কৰিব পাৰে সিজনৰ সৰু ঘৰুৱা কাহিনী একোটাৰে। সেইটোকে যদি কিতাপ পঢ়াৰ আনন্দ বুলি কয়, তেন্তে তেনে আনন্দই আমাক চিৰকালে অন্ধ কৰিহে ৰাখিব। নিজক আৰু পৃথিৱীখনক জানিব বিচাৰিলে কিতাপ পঢ়াৰ যন্ত্ৰণা সহ্য কৰিবই লাগিব। সেইবাবেই বৰগোহাঞিৰ উদ্ধৃতি-উৎসৱৰ আনন্দক ইমানতে বিদায় দিব লাগিব।
(ৰচনাকাল : ১৭-০২-২০১৯)
Leave a Reply