অসমৰ অসমীয়া জাতি আৰু বাঙালী জাতিৰ মাজত, বা আন ভাষাত, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কোনোধৰণৰ আদৰ্শনীয় ৰাজনীতি (ideal politics) সম্ভৱ নহয় বুলি আমাৰ ধাৰণা। ভৱিষ্যতে কোনোবাদিনা দুইটা জাতিৰ মাজত থকা অবিশ্বাস, বিদ্বেষ আৰু শত্ৰুতাৰ চিনচাব নোহোৱা হ’ব, আৰু দুইটাই অসমভূমিত অভূতপূৰ্ব সমন্বয় আৰু শান্তিৰ মাজেৰে চিৰকাললৈ জীয়াই থাকিব – এনেধৰণৰ ইচ্ছাপূৰণমূলক চিন্তাৰ কোনো বাস্তৱিক ভিত্তি সাম্প্ৰতিক পটভূমিত দেখিবলৈ পোৱা নাযায়। সেইবাবে পোনপ্ৰথমে ‘বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়’ৰ বহুঘোষিত শ্লোগানটোৰ আঁৰৰ ভিত্তিহীনতা উন্মোচন কৰা দৰকাৰ। গতিকে এই সংঘাতৰ কোনো আদৰ্শনীয় নিৰাময় বৰ্তমান সম্ভৱ নহয়। কিন্তু তাৰ পৰিৱৰ্তে আমি একধৰণৰ ‘সম্ভৱপৰ ৰাজনীতি’ৰ (Possible politics) কথা চিন্তা কৰিব পাৰো, যিটোৱে সংঘাতটোৰ এক যথাসম্ভৱ বাস্তৱিক মীমাংসা দাঙি ধৰিব পাৰিব। কেনেকুৱা হোৱা উচিত, তাৰ এটা আদৰ্শ সন্মুখত ৰাখি কৰিব খোজা ৰাজনীতি হ’ল আদৰ্শনীয় ৰাজনীতি। তাৰ বিপৰীতে বৰ্তমান পৰিস্থিতিটো য’ত যেনেকৈ আছে আৰু ৰাজনৈতিক শক্তিবোৰে য’ত যি অৱস্থান লৈ আছে, তাৰ ওপৰত ভিত্তি কৰি আৰু সিবোৰৰ কোনো আমূল ৰূপান্তৰৰ চিন্তা নকৰাকৈ, সংঘাতৰ কেনেধৰণৰ মীমাংসা কৰিব পাৰি – এই লৈ যদি আঁচনি তৈয়াৰ কৰা হয় তেন্তে তাক ক’ব পৰা যাব সম্ভৱপৰ ৰাজনীতি। অসমীয়া-বাঙালী সংঘাতৰ ক্ষেত্ৰত, ইয়াৰ এটা পক্ষৰো বিশেষ ক্ষতি নোহোৱাকৈ আৰু দুইটা পক্ষৰে ৰাজনৈতিক লাভ হোৱাকৈ এক সম্ভৱপৰ ৰাজনৈতিক বুজাবুজিয়েই সম্প্ৰতি উত্তম পন্থা হ’ব বুলি আমাৰ ভাব হয়। তাৰ বাবে দুইটা পক্ষই আগ বাঢ়ি অহা প্ৰয়োজন। উল্লেখ্য যে ইয়াত অসমীয়া আৰু বাঙালী বোলোতেও ক্ৰমে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাকেই সূচিত কৰা হৈছে।
আমাৰ এই ধাৰণাটো ঘাইকৈ সম্প্ৰতি এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰেক্ষাপটত নাগৰিকত্বৰ প্ৰশ্নটোক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজত যি সংঘাত গাঢ় হৈ উঠিছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দাঙি ধৰা হৈছে। গতিকে ইয়াত সংঘাতৰ আন আন দিশসমূহ তথা নাগৰিকত্বক বাদ দি বাঙালীসকলৰ আন দাবী-দাবাসমূহক সামৰি লোৱা নাই। এটা কথা ঠিক যে দুই জাতিৰ মাজত ঐতিহাসিক যি সংঘাত চলি আহিছে তাৰ শেষ সমাধান হ’ব পৃথকীকৰণৰ মাধ্যমেৰেহে, অৰ্থাৎ পৃথক বৰাক ৰাজ্য গঠনৰ মাধ্যমেৰে। দুই জাতি এনেদৰে একেলগে থকাৰপৰা কাৰো হয়তো লাভ হোৱা নাই, উভয়ৰে সমস্যাহে হৈছে। সেয়ে অসমীয়া নাগৰিক সমাজৰ বহুতেই ইতিমধ্যে স্পষ্ট আৰু সবলভাৱে বৰাক ৰাজ্য গঠনৰ পোষকতা কৰিছে। বৰাকতো তাৰ দাবী বহুদিনৰ আগৰপৰাই চলি আহিছে। কিন্তু পৃথক ৰাজ্যৰ দাবীটোৰ দুটা সমস্যা বা সীমাবদ্ধতা পৰিলক্ষিত হয়। প্ৰথম, বৰাকত দাবীটো আশানুৰূপভাৱে প্ৰবল নহয়। তাত অসমীয়া-বিৰোধী ঢৌটো যিমান সজোৰে উঠিছে, বৰাক ৰাজ্যৰ দাবীটো সেইদৰে উঠা নাই। গতিকে ৰাজ্যৰ দাবীটোক সংগঠিত, ব্যাপক আৰু তীব্ৰ ৰূপ দিব পাৰিলেহে এই দিশত সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব। দ্বিতীয়, পৃথক ৰাজ্য কথাটো ইমান সহজ নহয়। আমি স্থানান্তৰত ইতিপূৰ্বে উনুকিয়াই আহিছো যে সাম্প্ৰতিক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উত্তাল ৰাজনৈতিক পৰিস্থিতিত নতুন ৰাজ্য এখন আদায় কৰাটো অত্যন্ত জটিল আৰু অনিশ্চিত কাম। ইতিমধ্যে বহুতো ৰাজ্য বিচাৰি ইয়াত বহুতো তীব্ৰ আন্দোলন চলি আছে। তেনে প্ৰেক্ষাপটত বৰাক ৰাজ্যৰ দাবীটোক কেনেবাকৈ অগ্ৰাধিকাৰ দি পূৰণ কৰিব বুলি ভবাৰ কোনো কাৰণ নাই। আৰু তেনে কৰি উত্তৰ-পূৰ্বাঞ্চলত অযথা একুৰা জুই জ্বলিবলৈ দিবইবা কিয়? গতিকে পৃথক ৰাজ্যৰ প্ৰশ্নত দুটা সম্ভাৱনা দেখা যায় : হয় সেই দাবী পূৰণ কেতিয়াও সম্ভৱ নহ’ব, নতুবা হ’লেও সি কম সময়ৰ ভিতৰত হোৱাৰ কোনো আশা নাই। ইয়াৰপৰা এইটোৱেই স্পষ্ট হৈ পৰে যে ভৱিষ্যতৰ অনিৰ্দিষ্ট কাললৈ বাঙালীসকল অসমীয়াসকলৰ লগতেই থাকিব লাগিব। আমাৰ এইটো স্পষ্ট মত যে বৰাকবাসীয়ে পৃথক ৰাজ্যৰ বাবে আন্দোলন চলাই যাওক। কিন্তু একে সময়তে, যিহেতু সদ্যহতে অসমীয়াৰ লগত থাকিবই লাগিব, অসমীয়াৰ লগত সহনশীলভাৱে থাকিবলৈও চিন্তা কৰক। সহনশীল সহাৱস্থান – এইটোৱেই হ’ব বোধকৰো দুই জাতিৰ বাবে সঠিক নীতি। এয়া ঠিক চহৰত মধ্যবিত্তবিলাকে বাস কৰাৰ নিচিনা : তুমি তোমাৰ ভাগে থাকা, মই মোৰ ভাগে থাকিম; দুয়ো দুয়োৰ অধিকাৰ স্বীকাৰ কৰিব লাগিব, কোনো কাৰো অধিকাৰৰ পৰিসীমা লংঘন কৰিব নোৱাৰিব; যেতিয়া বিবাদ হয় তাক আইনসন্মতভাৱে মীমাংসা কৰিব লাগিব; ইয়াত কাৰো আনজনৰ প্ৰতি আন্তৰিকতা বা দায়বদ্ধতাৰ প্ৰয়োজন নাই। একেদৰে অসমীয়া আৰু বাঙালীৰ সহনশীল সহাৱস্থানৰ বাবে দুইটাৰ মাজত আন্তৰিকতা নাথাকিলেও চলে, কেৱল ইটোৱে সিটোৰ অধিকাৰৰ ক্ষেত্ৰখন স্বীকাৰ কৰি ল’লেই হ’ল। আমাৰ ভাব হয় যে যদি এনে দৃষ্টিভংগী গ্ৰহণ কৰা নহয়, তেনেহ’লে ইটোৱে সিটোৰ প্ৰতি বিদ্বেষ-বিৰোধ কৰি থাকোতে থাকোতে কাৰো একো লাভ নহ’ব, বৰং লোকচানহে হৈ থাকিব।
নাগৰিকত্বৰ প্ৰশ্নক লৈ বাঙালীসকলৰ যে কিছুমান বাস্তৱিক সমস্যা আছে সেই কথা অসমীয়াবিলাকে স্বীকাৰ কৰি লোৱা উচিত। এন আৰ চি প্ৰক্ৰিয়াৰ ভিতৰত আৰু তাৰ বাহিৰতো নিম্নবৰ্গীয় বাঙালী মুছলমান আৰু বাঙালী হিন্দু লোকৰ নাগৰিকত্বৰ প্ৰমাণ দিয়াক লৈ বহুখিনি সমস্যা হৈছে। ডি ভোটাৰ হিচাপে চিহ্নিত হোৱা লক্ষাধিক লোকে বছৰৰ পাছত বছৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আইনী যুঁজ-বাগৰ কৰি আৰু পুলিচ-প্ৰশাসনৰ হাতত অত্যাচাৰিত হৈ জীৱন কটাইছে। অসমীয়াসকলে আওকাণ নকৰি ইয়াক এক জৰুৰী ইছ্যু হিচাপে গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত গণতান্ত্ৰিক-প্ৰগতিশীল দল-সংগঠন তথা নাগৰিক সমাজৰ নেতৃবৰ্গই এই ক্ষেত্ৰত নেতৃত্ব বহন কৰিব লাগে, আৰু ক্ৰমে ক্ৰমে জাতীয়তাবাদী দল-সংগঠনবিলাককো চামিল কৰিব লাগে। তেওঁলোকে ইচ্ছুক বাঙালী নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হৈ কেনেদৰে উপৰোক্ত নিম্নবৰ্গীয় লোকসকলৰ মানৱিক অধিকাৰ অটুট ৰাখি ন্যায়সংগতভাৱে নাগৰিকত্বৰ প্ৰশ্নটো মীমাংসা কৰিব পাৰি তাৰ উপায় উলিয়াব লাগে। চলি থকা ট্ৰিবিউনেল-কেন্দ্ৰিক ব্যৱস্থাটোৰ সমস্যাবোৰনো কি তাক চিহ্নিত কৰি লৈ সিবিলাকৰ সংশোধনৰ বাবে বিকল্প আইনসন্মত পথ কেনেকৈ মুকলি কৰিব পাৰি সেই লৈ আলোচনা কৰিব লাগে। একেদৰে এন আৰ চিক লৈ যদি কাৰোবাক অযথা হাৰাশাস্তি কৰা হৈছে সেই বিষয়বিলাকো উন্মোচিত কৰিব লাগে। এই উভয় প্ৰক্ৰিয়াৰ আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিব লাগে। অসমীয়া জাতিৰ ৰক্ষাৰ প্ৰচেষ্টাত যাতে অযথা আৰু অন্যায়ভাৱে কাৰো ওপৰত অত্যাচাৰ চলোৱা নহয়, সেইটো আমাৰ সকলোৰে কাম্য হোৱা উচিত, আৰু সেইবাবেই আমি যথাসাধ্যে উপৰোক্ত ইছ্যুটোত গুৰুত্ব দিব লাগে।
কিন্তু গণতান্ত্ৰিক-প্ৰগতিশীল অসমীয়া নেতৃবৰ্গই আগ বাঢ়ি গ’লেও এই ক্ষেত্ৰত বাঙালীসকলৰপৰা সঠিক সঁহাৰি পোৱা যাব বুলি অন্ততঃ এইমুহূৰ্তত আশা কৰিব নোৱাৰি। তেওঁলোকৰ পিনৰপৰা ইয়াৰ বাটত গুৰুতৰ ৰাজনৈতিক-সামাজিক প্ৰতিবন্ধক থিয় হৈ আছে। সম্প্ৰতি বৰাকৰ বাঙালীৰ মাজত আমি যি ৰাজনীতি দেখিবলৈ পাইছো সি একপ্ৰকাৰ ‘অসম্ভৱতা আৰু প্ৰত্যাখ্যানৰ ৰাজনীতি’ (Politics of impossibility and denial)। অসম্ভৱতাৰ ৰাজনীতি এইবাবেই যে তেওঁলোকে যিবোৰ প্ৰতিবাদ কৰে আৰু যিবোৰ দাবী তোলে, সিবিলাকৰ ৰাজনৈতিক সমাধান অসম্ভৱ। প্ৰত্যাখ্যানৰ ৰাজনীতি এইবাবেই যে তেওঁলোকে সন্মুখত আহি পৰা বা অসমীয়াসকলে দাঙি ধৰা ৰাজনৈতিক পছন্দবিলাক কেৱল প্ৰত্যাখ্যানেই কৰিছে; নিজৰ দাবীদাবাবিলাকৰ কোনো সদৰ্থক আৰু কাৰ্যকৰী ৰাজনৈতিক কৰ্মসূচী দাঙি ধৰিবলৈ বিশেষ চেষ্টা কৰা নাই। স্পষ্ট কৰি লোৱা দৰকাৰ যে ইয়াত বৰাকৰ ৰাজনীতিৰ প্ৰধান আৰু জনপ্ৰিয় ধাৰাটোহে ঘাইকৈ সামৰি লোৱা হৈছে, যদিও তাৰ সৈতে ভালেমান ক্ষেত্ৰত গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰৰ ৰাজনীতিৰ সাদৃশ্য মন কৰিবলগীয়া। ইয়াৰ ব্যতিক্ৰম নাই বুলিব নোৱাৰি, কিন্তু তেনেই বিৰল। দ্বিতীয়তে, এয়া বৰাকৰ ৰাজনীতিৰ বিস্তৃত বা সামগ্ৰিক বিশ্লেষণ নহয়, এয়া অসমীয়া জাতিৰ প্ৰতি থকা মূল দৃষ্টিভংগী-কেন্দ্ৰিক ৰাজনীতিৰহে বিশ্লেষণ। এন আৰ চিক লৈ তেওঁলোকৰ আপত্তি আছে। কিন্তু সেই আপত্তিসমূহ দূৰ কৰিবৰ বাবে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনোৱা নাই। এন আৰ চিৰ নৱায়ন সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু ভাৰতৰ নাগৰিকত্ব আইনৰ আলমত চলি আছে। তেওঁলোকে এন আৰ চিৰ আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে দাবী জনাই, নতুবা গোটেই প্ৰক্ৰিয়াটোকে প্ৰত্যাহ্বান জনাই – এনে কোনো কাৰণতে ন্যায়ালয়ৰ কাষ চপা নাই। তাৰ সলনি তেওঁলোকে গোটেই এন আৰ চি প্ৰক্ৰিয়াটোকে নস্যাৎ কৰিছে ৰাস্তাত নামি। গোটেই প্ৰক্ৰিয়াটোকে তেওঁলোকে অসমীয়াই বাঙালীৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে, আৰু তাৰ প্ৰতি অসমৰ বাহিৰৰ বাঙালীৰ সমৰ্থন আদায় কৰি বৃহৎ বাঙালী জাতীয়তাবাদৰ ঢৌ তুলিছে। একেদৰে অসম চুক্তিকো অস্বীকাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে তেওঁলোকে পৰোক্ষভাৱে চৰকাৰ তথা ন্যায়ালয়ৰ সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধেই থিয় দিছে। গতিকে এই ব্যৱস্থাটোৰ মাজেৰে তেওঁলোকৰ দাবীদাবাবিলাকৰ সমাধা কেনেকৈ সম্ভৱ হ’ব? আনহাতে, এন আৰ চি প্ৰক্ৰিয়া তথা অসম চুক্তিৰ সৈতে অসমীয়াৰ দীৰ্ঘদিনীয়া জাতীয় ইচ্ছা তথা অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে। গতিকে গোটেই এন আৰ চি প্ৰক্ৰিয়াক নস্যাৎ কৰা তথা অসম চুক্তিক গ্ৰহণ নকৰাৰ মানে হ’ল অসমীয়া জাতিৰ অস্তিত্বকে নস্যাৎ কৰাৰ নিচিনা। অসমীয়া জাতি জীয়াই থকালৈকে এনে এটা ঘটনা ই কেতিয়াও হ’বলৈ নিদিয়ে। তদুপৰি অসমৰ সমাজ-ৰাজনীতিত অসমীয়া জাতিৰ আধিপত্য চলি থকাৰ বৰ্তমান সময়ত বৰাকৰ বাঙালীৰ পক্ষে এনে এটা কথা বাস্তৱত সাব্যস্ত কৰাটো কেতিয়াও সম্ভৱপৰ নহ’ব। বাহিৰৰ বাঙালীয়ে তেওঁলোকক এই ক্ষেত্ৰত একো সহায় কৰিব নোৱাৰে। একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰশ্নটোতো অসমীয়া জাতিৰ সংখ্যালঘু হোৱাৰ তথা অসমৰ সমাজ-সম্পদৰ ওপৰত দুৰ্বহ বোজা আহি পৰাৰ ন্যায্য আৰু গভীৰ ভীতি জড়িত হৈ আছে। কিন্তু বাঙালীসকলে অসমীয়াসকলৰ এই ভীতিক পূৰামাত্ৰাই অস্বীকাৰ কৰিছে, আৰু সজোৰে বিধেয়কখনৰ সমৰ্থন কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমীয়া জাতীয়তাবাদী ৰাজনীতিত মুছলমানসকল সদায়েই সন্দেহ আৰু বিদ্বেষৰ পাত্ৰ হৈ আহিছে। কিন্তু সচেতনভাৱে নহ’লেও, বিধেয়কখনৰ বিপক্ষে সজোৰে থিয় দি অসমীয়া দল-সংগঠন তথা নাগৰিক সমাজে ঐতিহাসিকভাৱে মুছলমানসকলৰ স্বাৰ্থৰ হকেই থিয় দিছে। আনহাতে, বাঙালীসকলে বিধেয়কখনৰ সমৰ্থনত থিয় দি ভাতৃ মুছলমানসকলৰ স্বাৰ্থৰ বিৰুদ্ধেই থিয় দিছে – অসমীয়াৰ বিৰুদ্ধে তেওঁলোকে যিটো বাঙালী ঐক্যৰ চিন্তা কৰিছে, তাক জন্মতেই দুফাল কৰি পেলাইছে। ইয়াত হিন্দু জাতীয়তাবাদৰ পোনপটীয়া হস্তক্ষেপ থকাৰ কথা ইতিমধ্যে বহলভাৱে আলোচিত হৈছে। আনহাতে, কেৱল অসমীয়া জাতীয়তাবাদী দল-সংগঠনৰ বিৰুদ্ধেই নহয়, গণতান্ত্ৰিক-প্ৰগতিশীল দল-সংগঠন তথা নাগৰিক সমাজৰ নেতৃবৰ্গৰ প্ৰতিও তেওঁলোকৰ বহুতো ক্ষোভ আছে – আচলতে এই দুইটা শিবিৰেই তেওঁলোকৰ চকুত অভিন্ন, অসমীয়া। সেই ক্ষোভ কেৱল পৰিচিত বাঙালী জাতীয়তাবাদীসকলৰ মাজতে সীমাবদ্ধ নহয়, বাঙালী ছেকুলাৰ তথা গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰৰ মাজতো আছে। উদাহৰণস্বৰূপে, ডঃ হীৰেন গোহাঁই আৰু অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন স্তৰত আৰু বিভিন্ন শিবিৰত প্ৰতিবাদ তথা বিষোদগাৰ হৈছে। এইসকল ব্যক্তিয়ে বাঙালীৰ কথা কেতিয়াও ভবা নাই বা বাঙালীৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছে বুলি অভিযোগ কৰা হৈছে। কিন্তু শেহতীয়াভাৱে যেতিয়া এইসকলে বাঙালীৰ স্বাৰ্থৰ খাতিৰত কিছু কথা কৈছে বা কিছু কাম কৰিম বুলি কৈছে, তাৰ পাছতো কিন্তু তাক গ্ৰহণ কৰা হোৱা নাই বা তেনে সম্ভাৱনা দেখা নাই; বৰং কোনো কোনোৱে এনেকৈহে অভিযোগ কৰিছে যে এইসকলে মুখেৰে ক’লেও বাঙালীয়ে বিশ্বাস নকৰে। তেনেহ’লে এইসকলে চিধাই বাঙালী জনসাধাৰণৰ মাজলৈ যাব নেকি গণজাগৰণৰ বাবে? সেইটো কৰিবলৈ গ’লেও সমৰ্থনৰ সলনি পোনপটীয়া বিৰোধৰহে যে সন্মুখীন হ’ব সেয়া প্ৰায় নিশ্চিত। কিন্তু তাৰ বিপৰীতে বাঙালীসকলৰ পিনৰপৰা কোনোধৰণৰ সদৃশ পদক্ষেপ লোৱা হোৱা নাই। এনে অৱস্থাত অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল মহলে কি কৰিব? হয় তেওঁলোকে বাঙালীৰ কথা সম্পূৰ্ণৰূপে বাদ দিব লাগিব নতুবা ৰাজনৈতিক হাৰাকিৰি কৰিব লাগিব। আমি যে বহুতো হাইপ’থেটিকেল প্ৰশ্ন আৰু উত্তৰ দাঙি ধৰিছো, তাৰ উদ্দেশ্য হ’ল আলোচ্য দৃষ্টিভংগীৰ ৰাজনৈতিক চৰিত্ৰ উন্মোচন কৰা। এই দৃষ্টিভংগীটো এক প্ৰত্যাখ্যানৰ ৰাজনীতি – অসমীয়াসকলে যিয়েই নকৰক লাগিলে আমি প্ৰত্যাখ্যানেই কৰিম। হয়তো আমাৰ এই বিশ্লেষণ সম্পৰ্কে বিভিন্ন সমালোচনা তথা বিতৰ্ক হ’ব পাৰে, সেয়া হোৱাই বাঞ্ছনীয়। কিন্তু ইয়াৰ সমালোচনাৰ নামত যদি বৰাকৰ ৰাজনীতি সম্পৰ্কীয় মূল সত্যটোকে অস্বীকাৰ কৰি তাৰ সলনি অধিক ক্ষোভহে প্ৰকাশ কৰা হয়, অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল নেতৃবৰ্গৰ বিৰুদ্ধে যদি আৰু বহুতো অভিযোগ নতুনকৈ সংযোগহে কৰা হয়, তেনেহ’লে তাৰপৰা কাৰো একো লাভ নহ’ব – আৰু আমি প্ৰত্যাখ্যানৰ সেই ৰাজনীতিৰ বিৰুদ্ধেই ইয়াত মত পোষণ কৰিছো। ক্ষোভবিলাক যদি সদায় ক্ষোভৰ ৰূপতে থাকে তেন্তে তাৰ ফলত ক্ষোভৰ বাতাবৰণটোহে অধিক ব্যাপক আৰু গভীৰ হ’ব, তাৰপৰা কোনো ৰাজনৈতিক সমাধান নোলাব। গতিকে তাক এক সদৰ্থক আৰু কাৰ্যকৰী ৰাজনৈতিক কৰ্মসূচীৰ ৰূপত বিকশিত কৰি তোলাৰ প্ৰয়োজন। কিন্তু তাৰ বাবে পোনপ্ৰথমে বৰাকৰ নেতৃবৰ্গই অসম্ভৱতা আৰু প্ৰত্যাখ্যানৰ ৰাজনীতি বাদ দিব লাগিব।
বাঙালী সমাজৰ গণতান্ত্ৰিক-প্ৰগতিশীল অংশটোৱে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব পাৰে। এই প্ৰক্ৰিয়াত অগ্ৰসৰ হ’বৰ বাবে তেওঁলোকে অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল অংশটোক ৰাজনৈতিক শত্ৰু বুলি গণ্য কৰিলে আলোচনাৰ বাট কেতিয়াও মুকলি নহ’ব। গতিকে সাধাৰণভাৱে ক’বলৈ গ’লে, বাঙালী সমাজৰ প্ৰতিনিধিবৰ্গই অসমীয়া সমাজৰ প্ৰতিনিধিবৰ্গৰ সৈতে চৰ্তভিত্তিক ৰাজনৈতিক দৰদাম তথা বুজাবুজি কৰিবলৈ আগ বাঢ়ি আহিব লাগিব। ইয়াৰ পূৰ্বচৰ্ত হিচাপে তেওঁলোকে অসমীয়াসকলৰ প্ৰাথমিক ৰাজনৈতিক দলিল তথা দাবীসমূহ (যেনে, অসম চুক্তি) মানি ল’বই লাগিব। যেনে ধৰক, আমি এন আৰ চি মানি লৈছো, কিন্তু আমাৰ এইখিনি মানুহৰ কাৰণে অমুক-তমুক বিশেষ ব্যৱস্থা কৰা হওক। এনে ৰাজনৈতিক বুজাবুজি তথা দৰদামৰ বাবে কেৱল অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল অংশটোৱেই নহয়, সাম্প্ৰতিক পৰিস্থিতিত জাতীয়তাবাদী দল-সংগঠনবিলাকৰ দুৱাৰো মুকলি হৈ আছে। সংখ্যাগুৰু হিচাপে অসমীয়া নেতৃবৰ্গই সদায় এক সাৰ্বজনীন ৰাজনৈতিক ভাষাত কথা কয় – মৰ্মমূলৰ দিশৰপৰা পাৰ্থক্য থাকিলেও আনুষ্ঠানিক নীতিৰ দিশৰপৰা এয়া সকলো অসমীয়া দল-সংগঠন তথা নাগৰিক সমাজৰ নেতৃবৰ্গৰে উমৈহতীয়া বস্তু। তেওঁলোকে অসমৰ সকলো জনসাধাৰণৰ, ‘পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ, হিন্দু-মুছলমান’ ‘নিৰ্বিশেষে’ সকলো লোকৰ প্ৰতিনিধি হিচাপে নিজকে প্ৰতিপন্ন কৰিব বিচাৰে; আচলতে এই ‘নিৰ্বিশেষে’-টোৱেই হ’ল এই সাৰ্বজনীন ৰাজনৈতিক ভাষাৰ প্ৰতীক। এইটো অনস্বীকাৰ্য যে সাৰ্বজনীনতাৰ আঁৰতেই বৈষম্য, অৱদমনো লুকাই থাকে। কিন্তু অনুকূল ৰাজনৈতিক-সামাজিক পৰিবেশত সাৰ্বজনীনতাৰ যুক্তিৰে বঞ্চিত-অৱহেলিতসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবও পাৰে। পৰিস্থিতি খুবেই উত্তেজনাপূৰ্ণ হোৱা সত্ত্বেও এতিয়া অসমত কোনো উগ্ৰ বাঙালী-বিদ্বেষৰ পৰিবেশ গঢ় লোৱা নাই, হিন্দু বাংলাদেশী-বিৰোধী আন্দোলনটোৱেও তেনে পথ লোৱা নাই। এনে পৰিস্থিতিত কোনো অসমীয়া জাতীয়তাবাদী দল-সংগঠনেই সাৰ্বজনীনতাৰ নীতিক পোনছাটে অস্বীকাৰ কৰিব পাৰিব যেন ভাব নহয়। গতিকে বাঙালী দল-সংগঠনৰ সৈতে আলোচনাত বহিবলৈ অসমীয়া জাতীয়তাবাদী দল-সংগঠনে অনিচ্ছা প্ৰকাশ কৰাৰ কাৰণ দেখা নাই। ইতিমধ্যে অসম সাহিত্য সভাই নিজে উদ্যোগ লৈ বাঙালী নেতৃবৰ্গৰ সৈতে আলোচনাত বহিছেই। গতিকে বাঙালী সমাজৰ প্ৰতিনিধিবৰ্গ আগ বাঢ়ি অহাৰহে কথা।
আমাৰ গোটেই আলোচনাৰ সাৰমৰ্ম এইটোৱেই যে অসমীয়া-বাঙালী সংঘাতৰ নিৰাময়ৰ বাবে দুয়ো পক্ষই মিলি এক সম্ভৱপৰ ৰাজনীতি বিকশিত কৰিব লাগে। অসমীয়াসকলে আগ বাঢ়ি গৈ বাঙালীসকলৰ জ্বলন্ত সমস্যাসমূহত সহায় আগ বঢ়াব লাগে। বাঙালীসকলেও অসম্ভৱতা আৰু প্ৰত্যাখ্যানৰ ৰাজনীতি পৰিত্যাগ কৰি আগ বাঢ়ি আহি অসমীয়াৰ প্ৰাথমিক ৰাজনৈতিক দাবীসমূহ মানি লৈ নিজৰ সমস্যাসমূহ সমাধা কৰাৰ সুবিধা কৰি ল’ব লাগে। এই ৰাজনীতি কোনো উচ্চ ৰাজনৈতিক আদৰ্শৰদ্বাৰা পৰিচালিত হ’ব লাগে বুলি আমি কোৱা নাই। বৰং নিজৰ লাভৰ বাবেই দুয়ো পক্ষই চৰ্তভিত্তিক ৰাজনৈতিক দৰদাম আৰু বুজাবুজি কৰিবলৈ প্ৰচেষ্টা হাতত ল’ব লাগে। ইয়াৰ সমান্তৰালভাৱে বাঙালীসকলে পৃথক বৰাক ৰাজ্যৰ বাবে দাবীটো অধিক সংগঠিত আৰু জোৰদাৰ কৰি তুলিব লাগে। অন্যথা পাৰস্পৰিক ক্ষোভৰ উদ্গিৰণে কোনোটো পক্ষৰে একো উপকাৰ সাধিব নোৱাৰে।
(ৰচনাকাল : ০৬-০৬-২০১৮)
Leave a Reply