নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷ কিন্তু প্ৰায় কোনেও দ্ব্যৰ্থবিহীনভাৱে আৰু সবলভাৱে বিধেয়কখনৰ বিৰোধিতা কৰা নাই৷ যিসকলে কৰিছে তেওঁলোকে বিধেয়কখনৰ সমালোচনাৰ সৈতে আন বহুতো চৰ্ত সাঙুৰি দিছে, যাৰ বহুখিনিয়েই অসম চুক্তিৰ বিৰোধী৷ ধৰক, উক্ত বিধেয়কখন সমস্যাজনক, কিন্তু তাৰ লগতে অমুকটো তমুকটো ভুচুকটো – যাৰ ফলস্বৰূপে বিধেয়কখনৰ বিৰোধিতাটো ৰাজনৈতিকভাৱে প্ৰভাৱহীন হৈ পৰিছে৷ সজোৰ আৰু দ্ব্যৰ্থহীন সমৰ্থনৰ জোৱাৰৰ বিপৰীতে যদি তুমি বিৰোধিতা কৰিব খুজিছা, তেন্তে সেই বিৰোধিতাও হ’ব লাগিব একে চৰিত্ৰৰ – নহ’লে তাৰ ৰাজনৈতিক প্ৰভাৱ হ’ব শূন্য৷ ‘মই/আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো’ – এইধৰণে চৰ্তহীনভাৱে, দ্ব্যৰ্থহীনভাৱে, সবলভাৱে ঘোষণা কৰা আমি সেইসকলক দেখা নাই৷ সেইবাবেই বৰাকৰ বাঙালী সমাজৰ ব্যাপক সমৰ্থনৰ বিপৰীতে এইসকলৰ সমালোচনাই ৰাজনৈতিক বিৰোধৰ ৰূপ লাভ কৰাৰ সম্ভাৱনা নাই৷ তেওঁলোকৰ প্ৰতিবাদে কেতিয়াও ৰাস্তাত নামিব নোৱাৰে৷ কিন্তু আচল প্ৰশ্ন হ’ল, এয়া ইচ্ছাকৃত নেকি?
আনহাতে, বিধেয়কখনৰ সমৰ্থন কৰা বহুসংখ্যক ছেকুলাৰ বাঙালী লোকে বোলে বিধেয়কখনৰহে সমৰ্থন কৰিছে, হিন্দুত্ববাদৰ সমৰ্থন কৰা নাই! তেওঁলোকে হিন্দু-মুছলিম নিৰ্বিশেষে সকলো বাঙালীকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে অসমীয়াৰ বিৰুদ্ধে৷ এয়াই তেওঁলোকৰ ছেকুলাৰবাদ৷ সম্পূৰ্ণৰূপে হিন্দুত্ববাদী এজেণ্ডাৰদ্বাৰা পৰিচালিত বিধেয়কখনৰ প্ৰতি ছেকুলাৰ সমৰ্থন!! এই গোটেই ধাৰণাটোৱেই স্ববিৰোধী আৰু আত্মবিনাশী৷ আৰে ভাই, কৰিছা যদি বিধেয়খনৰ সমৰ্থন কৰা; তাত আকৌ ছেকুলাৰ বাঙালী জাতিৰ ধাৰণা উলিয়াবলৈ মিছাতে কিয় কষ্টখন কৰিছা৷ বিধেয়কখনৰ উদ্দেশ্য কি, তাৰদ্বাৰা কি হাচিল কৰা যাব – সেইটো বিজেপি-আৰ এছ এছেহে ঠিক কৰিব৷ সেইটো কৰিবলৈ তুমি কোন? হয় তুমি বিধেয়কখনৰ বিৰোধিতা কৰি হিন্দুত্ববাদী এজেণ্ডাৰ বিৰুদ্ধে থিয় দিব পাৰা, নাইবা সমৰ্থন কৰি হিন্দুত্ববাদী এজেণ্ডাক সহযোগ কৰিব পাৰা৷ বিধেয়কখনক লৈ এই দুটাই অৱস্থান, তাৰে যিকোনো এটা তুমি ল’ব পাৰা – আন একো ভাওনা কৰি লাভ নাই৷ বিধেয়কখন সমৰ্থন কৰি আকৌ ছেকুলাৰ জাতিৰ কথা ক’বলৈ আহিছা! হাবিৰ মাজত বাঘৰ মুখামুখি হ’লে কি যুক্তিত তুমি বাঘৰ আগত মূৰটো পাতি দিব খুজিছা তাৰ কোনো মূল্য নাই – যুক্তিটো বাঘেহে ঠিক কৰিব৷
ছেকুলাৰেই হওক বা সাম্প্ৰদায়িকেই হওক, এই সমৰ্থন কৰাবিলাকৰ সৈতে আমাৰ পাতিবলগীয়া একো নাই৷ তেওঁলোকক আমি ৰাজনৈতিকভাৱে বিৰোধ কৰিছো, কথা সিমানেই৷ কিন্তু বিধেয়কখনৰ বিৰোধিতা কৰিছো বুলি কোৱা প্ৰগতিশীল কিছুসংখ্যক বাঙালী ব্যক্তি তথা সংগঠনৰ প্ৰতিহে আমাৰ আপত্তি আছে৷ কিছুমানে কোৱাৰ দৰে কথাটো এনেকুৱা নহয় যে হিন্দুত্ববাদ আৰু অসমীয়া জাতীয়তাবাদৰ মাজত যুদ্ধ হৈছে, আৰু তাৰ মাজত পৰি অসহায় বাঙালীসকলৰ নগুৰ-নাগতি হৈছে৷ অৰ্থাৎ, দুই ম’হৰ যুঁজত বিৰিণাস্বৰূপ বাঙালীৰ মৰণ – এনেকুৱা ঘটা নাই৷ বাঙালীসকলে ইয়াত অতি সক্ৰিয় ভূমিকা পালন কৰিছে৷ বাঙালীসকলৰ মাজত থকা বৃহৎ বাঙালী জাতীয়তাবাদ উগ্ৰ ৰূপত মূৰ দাঙি উঠিছে বিজেপি-আৰ এছ এছৰ উচটনিত৷ কিন্তু বাঙালী নাগৰিক সমাজ তথা দল-সংগঠনবিলাকো বহি থকা নাই, তেওঁলোকৰ অধিকাংশই সৰ্বান্তঃকৰণে নামি পৰিছে এই জাগৰণত৷ অৰ্থাৎ বাঙালী জাতীয়তাবাদৰ সৈতে এই প্ৰক্ৰিয়াত হিন্দুত্ববাদৰ স্বাৰ্থ মিলি পৰিছে, দুইটাৰে এক সনাপোটোকা ঘটিছে৷ গতিকে বাঙালী প্ৰগতিশীলসকলে কেৱল অসমীয়া উগ্ৰজাতীয়তাবাদক সমালোচনা কৰি বহি থাকিলে নচলিব৷ সি তেওঁলোকক সুবিধাবাদী আৰু দ্বিচাৰী জাতীয়তাবাদী বুলিহে প্ৰমাণিত কৰিব৷ গতিকে তেওঁলোকে চৰ্তহীনভাৱে বিধেয়কখনৰ বিৰোধিতা কৰকচোন, যাতে সি ৰাজনৈতিক প্ৰতিবাদলৈ ৰূপান্তৰিত হ’ব পাৰে৷ বৰাকত উঠা অসমীয়া-বিৰোধী ঢৌটোৰ সবল বিৰোধিতা কৰকচোন৷ শংকৰ ঘোষ, নবনীতা দেবসেনহঁতে যে বিবৃতি দিছে, অসমত গেষ্টাপো-ৰাজ চলা বুলি (অসমীয়াৰদ্বাৰা বাঙালীৰ বিৰুদ্ধে), তাৰ প্ৰতিবাদ কৰি তেওঁলোকৰ কোনোবাই বিবৃতি দিছেনে? হীৰেন গোহাঁই হায় হায় বুলি কবিতা লিখা হৈছে; অখিল গগৈ-অজিত ভূঞাৰ পুত্তলিকা দাহ কৰা হৈছে; অখিল গগৈৰ সমদলত বোলে পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া হৈছে, সেইবাবে অখিলত গ্ৰেপ্তাৰ কৰি জে’লত ভৰাই থ’ব লাগে, এই দাবী উঠিছে – বৰাকত উঠা জনপ্ৰিয় ঢৌটোৰ কিছুমান টুকুৰা ছবি এইবোৰ৷ মন কৰিবলগীয়া কথা, নিজকে ছেকুলাৰ বুলি ক’ব খোজা আৰু হীৰেন গোহাঁই-অখিল গগৈৰ সমালোচনা কৰাসকলৰ মুখত কিন্তু আমি শিলাদিত্য বা হিমন্ত বিশ্বৰ সমালোচনা শুনিবলৈ পোৱা নাই৷ এটা বিশেষ ঘটনাৰ কথা কোৱা নাই, এই সামগ্ৰিক প্ৰৱণতাৰ বিৰুদ্ধে প্ৰগতিশীল বাঙালীসকলে স্পষ্টভাৱে-সজোৰে থিয় দিছেনে? নে তেওঁলোকে কেৱল হীৰেন গোহাঁই, অখিল গগৈৰ সমালোচনা কৰাটোতেই প্ৰগতিশীলতাৰ দায়িত্ব শেষ বুলি ভাবে? হীৰেন গোহাঁই, অখিল গগৈয়ে কোনদিনা বাঙালীসকলৰ বিৰুদ্ধে থিয় দিলে, কোনদিনা বাঙালী-বিদ্বেষ বিয়পালে? ভাষিক সংখ্যালঘু হিচাপে অসমৰ বাঙালীসকলৰ ভালেমান সমস্যা আৰু তৎকেন্দ্ৰিক ন্যায্য দাবী আছে৷ অসমীয়া প্ৰগতিশীল দল-সংগঠনে সিবিলাকৰ প্ৰতি পৰ্যাপ্ত মনোযোগ দিয়া নাই৷ এই বিষয়ে আমি বহুবাৰ লিখিছো আৰু অসমীয়া প্ৰগতিশীল সমাজৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰিছো৷ কিন্তু বাঙালীৰ বিৰুদ্ধে, বাঙালী-বিদ্বেষৰ পক্ষে অসমীয়া প্ৰগতিশীল মহল কাহানিও থিয় দিয়া নাই৷ হীৰেন গোহাঁই, অখিল গগৈৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য৷ বৰং অসমীয়া উগ্ৰ জাতীয়তাবাদীসকলৰ হাতত নিগৃহীত হৈও তেওঁলোকে বাঙালীৰ বাবে সম অধিকাৰ আৰু ন্যায়ৰ পক্ষত থিয় দিয়াৰ উদাহৰণ ইতিহাসত আছে৷
কিন্তু বৰ্তমান প্ৰশ্নটো পূৰ্বৰ দৰে অসমীয়া-বাঙালী হৈ থকা নাই৷ আচল প্ৰশ্নটো হ’ল হিন্দুত্ববাদ – অসমীয়া-বাঙালী প্ৰশ্নটোও এতিয়া ইয়াৰ চাৰিওফালেহে আৱৰ্তিত হৈছে৷ আৱৰ্তিত হোৱা বুলিলেও ভুল হ’ব, এতিয়া অসমীয়া-বাঙালী প্ৰশ্নটোও বিজেপি-আৰ এছ এছেহে পৰিচালনা কৰিছে নিজৰ বহল স্বাৰ্থত৷ হিন্দুত্ববাদৰ ডাঙৰ ৰাজনীতিটো নুবুজি বা নুবুজাৰ ভাও ধৰি দুৰ্বল অসমীয়া প্ৰগতিশীলসকলৰ বিৰুদ্ধে তৰোৱাল ঘূৰাই থাকিলে আন একো নহয়, হিন্দুত্ববাদৰহে লাভ হ’ব৷ বৰাকত অসমীয়া প্ৰগতিশীল শিবিৰৰ বিৰুদ্ধে বাঙালী জাতীয়তাবাদী-হিন্দুত্ববাদী ঢৌ উঠিছে, তাৰ বিৰুদ্ধে যদি প্ৰতিবাদ নকৰে, তেন্তে বাঙালী প্ৰগতিশীলসকলক আমি কেনেকৈ প্ৰগতিশীল বুলি ক’ম?
এই সৰু টোকাটো হিন্দুত্ববাদ, নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি আমি ইমানদিনে লিখা লেখাসমূহৰ এটা সংযোজন মাত্ৰ৷ গতিকে ইয়াক যাতে আমাৰ দীৰ্ঘদিনীয়া সামগ্ৰিক অৱস্থানৰপৰা নিলগাই ব্যাখ্যা কৰা নহয়, তাৰ আশা ৰাখিলো৷
(ম’বাইলত খুপি খুপি লিখিবলগা হোৱা বাবে বহু কথা আৰু লিখা নহ’ল৷ সেইবোৰ পাছত কেতিয়াবা লিখিম৷ ০২-০৬-২০১৮)
Leave a Reply