ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷”

“বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷ কটা যৌনাংগটো তেওঁক খুৱাই দিয়া হ’ল৷ তাৰ পাছত তেওঁৰ অণ্ডকোষ দুটা কাটি উলিয়াই সেইকেইটাও খুৱাই দিয়া হ’ল৷ বলাৎকাৰীজনক এইবুলি ক’বলৈ বাধ্য কৰা হ’ল যে তেওঁ সেয়া খাই ভাল পাইছে৷”

– এই দুটা হ’ল ১৯৩৪ চনত আমেৰিকাত ঘটা ধৰ্ষণকাৰীক (বা ধৰ্ষণৰ অভিযুক্তক) শাস্তি হিচাপে গণহত্যা কৰাৰ দুটা বিক্ষিপ্ত উদাহৰণ৷ Powers of Desire: Politics of Sexuality গ্ৰন্থৰপৰা লোৱা৷ এনে উদাহৰণ আমি চৌপাশে প্ৰায়ে দেখিয়েই থাকো৷ দুই-এবছৰ পূৰ্বে ডিমাপুৰত অসমৰ এনে এজন অভিযুক্তক চহৰৰ মাজমজিয়াত গণহত্যা কৰা হৈছিল৷ অতিসম্প্ৰতিও তেনে ভালেমান ঘটনা ঘটিয়েই আছে, অভিযুক্তৰ মৃত্যু ঘটকেই বা নঘটকেই৷ আৰু দেখা গৈছে যে আমি প্ৰায় সকলোৱেই এনে গণপ্ৰহাৰ আৰু গণহত্যাক সমৰ্থন আৰু পোষকতা কৰো ধৰ্ষণ আৰু যৌন অপৰাধৰ প্ৰতিৰোধক আৰু প্ৰতিষেধক হিচাপে৷ ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ আৰু তাৰ ৰাজহুৱা প্ৰদৰ্শন কৰাৰ দাবীও প্ৰকৃতাৰ্থত গণহত্যাৰেই দাবী – মাথোঁ ইয়াত গণহত্যা ৰূপায়ণৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰা হয়৷ ই হ’ল একধৰণৰ আইনসন্মত গণহত্যা৷

ধৰ্ষণ আৰু তৎজনিত গণহত্যা – এই দুয়োটাই প্ৰকৃততে একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি, পুৰুষতান্ত্ৰিক হিংসাৰে দুটা বেলেগ বেলেগ ৰূপ৷ ধৰ্ষণৰ জৰিয়তে নাৰীৰ নিজৰ শৰীৰৰ ওপৰত থকা সাৰ্বভৌম অধিকাৰক তচনচ কৰি তাৰ ওপৰত পুৰুষৰ একাধিপত্য আৰোপ কৰা হয়৷ ধৰ্ষণৰ জৰিয়তে – নাৰীক নিজৰ ‘উপযুক্ত স্থান’টো আৰু অধিকাৰৰ পৰিসীমাটো ‘বুজাই’ দিয়া হয়, সেই স্থান আৰু পৰিসীমা উলংঘন কৰা অপৰাধৰ বাবে ‘যথোচিত’ শাস্তি দিয়া হয়, আহত পুৰুষসত্তাৰ আঘাতত মলম লগোৱা হয়, পৌৰুষৰ হৃত গৰ্বক স্বস্থানত প্ৰতিষ্ঠা কৰা হয়৷ শত্ৰু শিবিৰৰ (ভিন্ন ধৰ্ম, সম্প্ৰদায়, জাতি, গোষ্ঠীৰ) নাৰীৰ ধৰ্ষণৰ জৰিয়তে – শত্ৰু শিবিৰক নৈতিকভাৱে বিধ্বস্ত কৰি তাৰ ওপৰত বিজয় সাব্যস্ত কৰা হয়, তাক সাংস্কৃতিক বিবেক-দংশন আৰু পৰাজয়ৰ গ্লানিৰ অন্ধকূপলৈ ঠেলি দিয়া হয়৷ ভবা হয় যে এটা সাংস্কৃতিক সম্প্ৰদায়ৰ (সি জাতি, ধৰ্ম, গোষ্ঠী আদি বিবিধধৰণৰ হ’ব পাৰে) শেষ নিৰ্যাস লুকাই থাকে সম্প্ৰদায়টোৰ নাৰীসমাজৰ যৌন পৱিত্ৰতাৰ মাজত – যাক ৰক্ষা কৰাটো সমগ্ৰ সম্প্ৰদায়টোৰ অস্তিত্ব আৰু মৰ্যাদাৰ বাবে অলংঘনীয় প্ৰাথমিক চৰ্ত৷ সেয়ে আন্তঃসম্প্ৰদায়গত সংঘাতত ধৰ্ষণ হৈ পৰে আটাইতকৈ শক্তিশালী ৰাজনৈতিক-সাংস্কৃতিক অস্ত্ৰ৷ প্ৰেক্টিচ আৰু প্ৰতীকীবাদ, দুইটা দিশৰপৰাই, ধৰ্ষণ-কেন্দ্ৰিক গণপ্ৰহাৰ আৰু গণহত্যাও পুৰুষতান্ত্ৰিক হিংসাৰ এই একেটা প্ৰক্ৰিয়াৰেই অংশ মাত্ৰ, ধৰ্ষণৰ সৈতে একেই তাৰ ব্যাকৰণ – ই হ’ল প্ৰতিশোধ আৰু প্ৰতিহিংসাৰ ৰাজহুৱা ৰূপায়ণ৷ এফালে ধৰ্ষণ কৰা আৰু আনফালে ধৰ্ষণকাৰীৰ গণহত্যা কৰাৰ মাজেৰে নাৰীক ‘সুৰক্ষা’ দিয়া – এই দুয়োটা একেটা উৎসৰপৰাই উৎসাৰিত৷ হিংসাৰ মাজেৰে আনন্দ আৰু তৃপ্তি লাভ – এয়া দুই ক্ষেত্ৰতেই দেখিবলৈ পোৱা যায়; ধৰ্ষণৰ ক্ষেত্ৰত প্ৰায়ে ব্যক্তিগত স্তৰত, গণহত্যাৰ ক্ষেত্ৰত সদায়েই ৰাজহুৱা স্তৰত৷ গণহত্যাৰ জৰিয়তে অপৰাধী বা অভিযুক্তক ‘উচিত শিক্ষা’ দিয়া হয় যাৰ উদ্দেশ্য হ’ল ‘নিজৰ’ নাৰীৰ মৰ্যাদা অটুট ৰখা৷ আন্তঃসম্প্ৰদায়গত ধৰ্ষণৰ ক্ষেত্ৰত গণহত্যাৰ জৰিয়তে শত্ৰু সম্প্ৰদায়ৰ প্ৰতি একেই বাৰ্তা প্ৰেৰণ কৰা হয়৷ অৱশ্যে ধৰ্ষণ আৰু গণহত্যাৰ মাজৰ কিছু পাৰ্থক্য মন কৰিবলগীয়া৷ ধৰ্ষণত ধৰ্ষণকাৰীয়ে সচেতনভাৱে প্ৰায় ক্ষেত্ৰতে কেৱল নিজক প্ৰতিনিধিত্ব কৰে (আন্তঃসম্প্ৰদায়গত ৰাজনৈতিক ধৰ্ষণক বাদ দিলে) – নিজৰ পৌৰুষ, নিজৰ ক্ষমতা, নিজৰ যৌনাকাংক্ষা৷ কিন্তু গণহত্যাত সমগ্ৰ সমাজখন জড়িত হৈ পৰে : গণহত্যাকাৰীয়ে নিজকে সমাজখনৰ প্ৰকৃত প্ৰতিনিধি হিচাপে গণ্য কৰে, নিজকে এক উচ্চতৰ নৈতিকতাৰ বাহক বুলি বিশ্বাস কৰে, গণহত্যাক সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি বুলি ভাবে৷ এনেকৈ সমগ্ৰ সমাজখন স্বয়ংক্ৰিয়ভাৱে প্ৰতিহিংসাৰে ভাৰাক্ৰান্ত হৈ পৰে৷ গণহত্যা য’ত কেৱল স্বাভাৱিকেই নহয়, সমাজৰ একান্তই বাঞ্ছনীয় আৰু ন্যায়সংগত লক্ষ্য হৈ পৰে, তাত ধৰ্ষণো এক স্বাভাৱিক ঘটনাই৷

পুৰুষতন্ত্ৰ কোনো বিশুদ্ধ বস্তু নহয় : সদায়েই সমাজৰ শ্ৰেণীগত, জাতিগত, বৰ্ণগত, ধৰ্মীয়, গোষ্ঠীগত আদি বিভিন্ন ক্ষমতাৰ গাঁথনি আৰু ৰাজনীতিৰ মাজত সি প্ৰোথিত হৈ থাকে, আৰু সেই অনুসৰি সি ভিন ভিন ৰূপ পৰিগ্ৰহ কৰে৷ সেয়ে ধৰ্ষণেই হওক, তৎকেন্দ্ৰিক গণহত্যাই হওক – সিবোৰৰ মাজেদিও সমাজৰ উক্ত বিভিন্ন ৰূপৰ ক্ষমতাৰ গাঁথনি আৰু ৰাজনীতিসমূহ ক্ৰিয়াশীল হৈ থাকে৷ এনে কাৰণতে ধৰ্ষণক নিছক নাৰীৰ বিৰুদ্ধে পুৰুষে কৰা অপৰাধৰ ৰূপত এক বিমূৰ্ত আৰু অতি-ঐতিহাসিক ঘটনা হিচাপে বিচাৰ কৰিব নোৱাৰি৷ একেখিনি কথা গণহত্যাৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ এই দুটাৰ অৱসান বিচাৰিলে সেয়ে পুৰুষতন্ত্ৰৰ জটিল ৰাজনীতিৰ বিপৰীতে থিয় দিব লাগিব৷

(এয়া ম’বাইলত লিখা থূলমূল বক্তব্য৷ এই সম্পৰ্কে সময়ত বহলাই লিখা যাব৷ ২৯-০৩-১৮)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: ,
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: