যোৱা বছৰটোলৈ উভতি চাওঁতে

এখন দেশ বা ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত একে সময়তে বিভিন্ন স্তৰত বহুতো ঘটনা-প্ৰক্ৰিয়া চলি থাকে। গতিকে একেটা মাথোন ব্যাখ্যাৰে এই বহুস্তৰীয় প্ৰক্ৰিয়াৰাজিৰ সম্পূৰ্ণ স্বৰূপ উদঘাটন কৰাটো টান। তথাপি ঘটনা-প্ৰক্ৰিয়াৰ প্ৰধান আৰু আধিপত্যশীল ধাৰাটো যদি চিহ্নিত কৰিব পৰা যায়, তেন্তে তাৰ মাধ্যমেদি সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ সামগ্ৰিক চিত্ৰ এখন লাভ কৰাটো সহজ হৈ পৰে। তাৰ বাবে সেই প্ৰধান আৰু আধিপত্যশীল ধাৰাটোৱে অন্যান্য প্ৰশ্ন আৰু প্ৰক্ৰিয়াসমূহক কিদৰে প্ৰভাৱান্বিত কৰিছে বা আত্মসাৎ কৰিছে সেইটোও উন্মোচন কৰাটো দৰকাৰী। যোৱা বছৰটোক অসমৰ সমাজ আৰু ৰাজনীতিৰ প্ৰেক্ষাপটত যদি কিবাধৰণে চিহ্নিত কৰিব বিচৰা যায়, তেন্তে আমাৰ বোধেৰে সেয়া হ’ব – ক্ৰমবৰ্ধমান গৈৰিক আধিপত্য বিস্তাৰণৰ বছৰ। গৈৰিক আধিপত্য বিস্তাৰণৰ সাম্প্ৰতিক পৰ্যায়টো সৰ্বভাৰতীয় স্তৰত যোৱা চাৰি-পাঁচ বছৰ আগতেই আৰম্ভ হৈছে। অসমতো সেই সময়ৰপৰাই হিন্দু জাতীয়তাবাদৰ দিশে সামাজিক-ৰাজনৈতিক পৰিবৰ্তন ঘটা দেখিবলৈ পোৱা গৈছিল। কিন্তু যোৱা দুবছৰত অসমত বিশেষভাৱে আৰু খুব সক্ৰিয় ৰূপত এই পৰিবৰ্তন ঘটিছে – তাৰে ক্ৰমবৰ্ধমান প্ৰভাৱ যোৱা বছৰটোত অসমৰ সমাজ আৰু ৰাজনীতিত দেখিবলৈ পোৱা গ’ল। এই প্ৰক্ৰিয়া কেনেদৰে ঘটিছে?

এটা কথা ঠিক যে হিন্দুত্ববাদী দল-সংগঠনৰ সাংগঠনিক কৰ্ম আৰু অহৰহ সাম্প্ৰদায়িক প্ৰচাৰকাৰ্যই ইয়াত এক প্ৰধান ভূমিকা পালন কৰিছে। ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধাবাদে বহু দল-সংগঠনকে ধৰি নাগৰিক সমাজৰ একাংশ আৰু বিশেষকৈ অধিকাংশ প্ৰচাৰ মাধ্যমসমূহক হিন্দু জাতীয়তাবাদী শিবিৰত অন্তৰ্ভুক্ত কৰিছে। কিন্তু কেৱল ভুৱা প্ৰচাৰ আৰু সুবিধাবাদৰ ভিত্তিতে এই গৈৰিক আগ্ৰাসন ঘটা নাই। প্ৰকৃতাৰ্থত শেহতীয়া সময়ছোৱাত হিন্দু জাতীয়তাবাদে ভাৰতবৰ্ষত এক নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিছে, যাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ অসমৰ সমাজ-ৰাজনীতিতো পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পাছত ভাৰতবৰ্ষত কেইবাটাও দশকজুৰি ৰাষ্ট্ৰৰ যিটো কল্যাণকামী উন্নয়নবাদী মডেল চলি আছিল, যোৱা শতিকাৰ আশীৰ দশকৰপৰা তাৰ ক্ৰমাৱক্ষয় ঘটিবলৈ ধৰে। তাৰ ফলস্বৰূপে সৃষ্টি হোৱা ৰাজনৈতিক-সামাজিক শূন্যতাত যিসমূহ নতুন নতুন আন্দোলনৰ বিকাশ ঘটিছিল হিন্দু জাতীয়তাবাদ আছিল তাৰ মাজৰে এটা। কিন্তু সি সাৰ-পানী পাই ক্ৰমাৎ শক্তিশালী হৈ আহিছিল। নব্বৈৰ দশকত আগমন ঘটা বিশ্বায়নৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষক এক আগ্ৰাসী বিশ্বশক্তিৰ ৰূপত গঢ় দিয়াৰ স্বপ্নটোৱে জনপ্ৰিয়তা লাভ কৰিলে – যাক সাৰ্থক ৰূপত দাঙি ধৰিবলৈ সক্ষম হ’ল হিন্দু জাতীয়তাবাদে। তাৰ পাছৰপৰাই ক্ৰমবৰ্ধমান অগ্ৰগতি লাভ কৰা হিন্দু জাতীয়তাবাদক অবিসম্বাদী ৰূপত প্ৰাতিষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰিলে হিন্দু জাতীয়তাবাদী শক্তিৰ সংসদীয় উত্থানে। গতিকে প্ৰাতিষ্ঠানিক ৰূপত হিন্দু জাতীয়তাবাদৰ প্ৰসাৰ আৰু সুদৃঢ়কৰণৰ প্ৰচেষ্টা আমি চাৰি-পাঁচ বছৰ পূৰ্বৰেপৰা অহৰহ দেখি আহিছো – বিভিন্ন পলিচিৰ জৰিয়তে, প্ৰচাৰ মাধ্যমৰ প্ৰচাৰৰ জৰিয়তে, ৰাজহুৱা অনুষ্ঠানসমূহত হিন্দুত্বপন্থী ব্যক্তি বহুওৱাৰ জৰিয়তে, গণতান্ত্ৰিক-প্ৰতিবাদী কণ্ঠসমূহৰ ওপৰত চলোৱা দমন-নিপীড়নৰ জৰিয়তে ইত্যাদি ইত্যাদি। সম্প্ৰতি, বিশেষকৈ যোৱা বছৰটোত এই প্ৰচেষ্টা অসমতো জোৰদাৰ ৰূপত চলা আমি দেখিবলৈ পাইছো। কিন্তু এয়া চলিছে ঘাইকৈ সমাজৰ প্ৰভাৱশালী শ্ৰেণীসমূহৰ কেতিয়াবা প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষ নৈতিক সমৰ্থনৰ ভিত্তিত।

অসমীয়া জাতীয়তাবাদৰ ইতিহাস চালে দেখা যায় যে সি সদায়েই সৰ্বভাৰতীয় জাতীয়তাবাদৰ সৈতে বিৰোধ আৰু সংঘৰ্ষত লিপ্ত হৈ আহিছে, আৰু তাতেই ইয়াৰ স্বকীয় অস্তিত্ব অন্তৰ্নিহিত হৈ আছে। এই বিৰোধ আৰু সংঘৰ্ষই সবাতোকৈ তীব্ৰ ৰূপ লাভ কৰিছিল যোৱা শতিকাৰ নÍব্বৰ দশকত যেতিয়া সৰ্বভাৰতীয় জাতীয়তাবাদৰ প্ৰতি কঠোৰ সমালোচনাত্মক দৃষ্টিভংগীটো অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ কমন ছেন্সত পৰিণত হৈছিল। কিন্তু আজি তাৰ গুণগত পৰিবৰ্তন ঘটিছে। অসমীয়া জাতীয়তাবাদ সৰ্বভাৰতীয় জাতীয়তাবাদত বিলীন হৈ যাব লাগিছে, ৰাষ্ট্ৰভক্তিৰ ধল ক্ৰমাৎ বিস্তাৰিত হৈ গৈছে। অসমীয়া জাতীয়তাবাদৰ মূল প্ৰশ্নসমূহ এতিয়া হিন্দু জাতীয়তাবাদে নিজৰ মতে সজাই-পৰাই লৈছে; উদাহৰণস্বৰূপে, বিদেশী অনুপ্ৰবেশৰ সমস্যাটো। একেদৰে সমাজখনো ক্ৰমাৎ উত্তৰ ভাৰতৰ দিশে গতি কৰিবলৈ লৈছে, তাৰ বাবে অহোৰাত্ৰি হিন্দু জাতীয়তাবাদী শিবিৰে পৰিশ্ৰম কৰি আছে। হিন্দুত্ববাদী দল-সংগঠনসমূহ ক্ৰমাৎ মূলসুঁতিৰ অংশ হৈ পৰিছে। ইমান দিনে আধিপত্যশীল জাতীয়তাবাদী দল-সংগঠনসমূহ এতিয়াও শক্তিহীন হৈ যোৱা নাই : কিন্তু আগৰেপৰাই মেৰুদণ্ডবিহীন এই দল-সংগঠনসমূহে অৰ্থনৈতিক-ৰাজনৈতিক সুবিধাবাদৰ বাবে যিদৰে নিজৰ কবৰ খনাত ব্যস্ত হৈ পৰিছে আৰু হিন্দু জাতীয়তাবাদৰ সন্মুখত যিদৰে আদৰ্শগতভাৱে দেউলীয়া ৰূপত ওলাই পৰিছে, তাৰ ভিত্তিত ক’ব পাৰি যে সেইসমূহ সামাজিক-ৰাজনৈতিকভাৱে ক্ৰমাৎ নিস্তেজ হৈ যোৱাৰ সম্ভাৱনা প্ৰচুৰ। এনে পৰিস্থিতিত নব্বৈৰ দশকৰ চেতনাটো যিসকলে ধৰি ৰাখিছে তেওঁলোকৰ কণ্ঠ ক্ষীণ হৈ গৈছে, যেন তেওঁলোক অতীতৰ ধ্বংসাৱশেষত পৰিণত হ’বলৈ গৈ আছে। তেওঁলোকৰ একাংশই সেই চেতনাটোৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, আৰু বৰ্তমানৰ পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিকো সেই চেতনাটোৰেই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। আমাৰ ভাব হয় যে সেই চেষ্টাত সম্পূৰ্ণ সফল হোৱাটো টান। এটা কথা ঠিক যে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ বিশেষ ভৌগোলিক-ৰাজনৈতিক অৱস্থান আৰু ইয়াৰ আৰ্থ-সামাজিক পশ্চাদপদতাৰ ফলস্বৰূপে অসমীয়া জাতীয়তাবাদৰ সহজে পশ্চাদপসৰণ ঘটাৰ সম্ভাৱনা নাই। কিন্তু সেইবুলি নিশ্চিন্ত হৈ থাকিবও নোৱাৰি। অসমীয়া জাতীয়তাবাদৰ অন্তৰ্দ্বন্দ্ব তথা সীমাবদ্ধতাবিলাকৰ সুবিধা গ্ৰহণ কৰিয়েই হিন্দু জাতীয়তাবাদে তাক গ্ৰাস কৰি নিবলৈ সক্ষম হৈছে। কুহুমীয়া ৰূপত থকা বৰ্ণবাদী আৰু সাম্প্ৰদায়িক উপাদানসমূহে এতিয়া হিন্দু জাতীয়তাবাদৰ আশ্ৰয়ত জংগী ৰূপ লাভ কৰিছে। এনে কাৰণতে কেৱল নব্বৈৰ দশকৰ চেতনাটোৰে হিন্দু জাতীয়তাবাদৰ ৰাজনীতিক ব্যাখ্যা কৰা আৰু তাৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাটো সম্ভৱপৰ নহয়। হিন্দু জাতীয়তাবাদৰ ৰাজনীতি হ’ল এক সাৰ্বজনীন ৰাজনীতি, যি একে সময়তে নব্য উদাৰতাবাদৰ স্বাৰ্থকো প্ৰতিনিধিত্ব কৰে আৰু যাৰ উদ্দেশ্য হ’ল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই এক হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰা। গতিকে এই ৰাজনীতিক কেৱল আঞ্চলিক পৰিচয়ৰ ৰাজনীতিৰে পৰাস্ত কৰাটো কিম্বা কাললৈ প্ৰতিৰোধ কৰি ৰখাটো সম্ভৱপৰ নহয়। একে কাৰণতে নৃগোষ্ঠীবাদী শক্তিসমূহেও হিন্দু জাতীয়তাবাদৰ ৰাজনীতি বুজিব পৰা নাই। অসমৰ জনসমাজৰ নৃগোষ্ঠীগত জটিলতাই হিন্দু জাতীয়তাবাদী শিবিৰক বেছ সমস্যাত পেলাইছে আৰু তাৰ সমাধানৰ বাবে তেওঁলোকে নতুন নতুন পথৰ সন্ধান কৰিছে। কিন্তু নৃগোষ্ঠীবাদী শক্তিসমূহে সেইবোৰৰ একো তলা-নলা ধৰিব পৰা নাই। আত্মকেন্দ্ৰিক আৰু পৰস্পৰবিৰোধী নৃগোষ্ঠীবাদী শক্তিসমূহৰ ৰাজনীতিয়ে অসমত এক খেলিমেলি পৰিস্থিতিৰ সৃষ্টি কৰিছে – ঠিক যেন মেথিউ আৰ্নল্ডে এটা কবিতাত কোৱাৰ দৰে, Ignorant armies clash by night. এনেকুৱা এটা পৰিস্থিতিত হিন্দু জাতীয়তাবাদৰ সাৰ্বজনীন আৰু সংহতিবাদী ৰাজনীতিৰ নৈতিক গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। আনহাতে, নৃগোষ্ঠীবাদী শক্তিসমূহে বুজি পাওক বা নাপাওক, এতিয়া ৰাজনীতিৰ মঞ্চসজ্জা কৰিছে হিন্দু জাতীয়তাবাদে আৰু সেয়ে এই মঞ্চত উক্ত শক্তিসমূহে হিন্দু জাতীয়তাবাদৰ কৌশলী প্ৰভাৱৰপৰা মুক্ত হৈ থকাটো সদায় সম্ভৱ নহ’ব।

সি যি নহওক, হিন্দু জাতীয়তাবাদৰ এই উত্থানে কেৱল ৰাষ্ট্ৰব্যৱস্থাটোকে যে গণস্বাৰ্থ আৰু সাংবিধানিক প্ৰমূল্যৰ সম্পূৰ্ণ বিৰোধী ৰূপ দিব তেনে নহয়, সি সমাজখনকো বিষাক্ত কৰি ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ ঠেলি নিব। বোমা এটা ফুটাৰ দৰে হঠাৎ সমাজৰ এই ধ্বংসকাৰ্য নঘটে; তাৰ শব্দ আমি শুনিবলৈ নাপাওঁ। কেন্সাৰ ৰোগৰ দৰে লাহে লাহে আৰু সূক্ষ্মভাৱেহে ই সমাজ-শৰীৰটো ধ্বংস কৰিব। সমাজৰ সাম্প্ৰদায়িক মেৰুকৰণ ইতিমধ্যেই বহু দূৰ আগ বাঢ়িছে। ঠায়ে ঠায়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছে; অধিক সংঘৰ্ষ ঘটাবৰ বাবে নানা কৌশল অৱলম্বন কৰা হৈছে। সংখ্যালঘু সমাজৰ ওপৰত বিভিন্ন ৰূপত ক্ৰমবৰ্ধমান অত্যাচাৰ চলোৱা হৈছে। ফলস্বৰূপে সংখ্যালঘু সাম্প্ৰদায়িকতাৰ বাবেও পৰিবেশ অধিক অনুকূল হৈ পৰিছে। গণতান্ত্ৰিক-প্ৰতিবাদী কণ্ঠসমূহক দমন কৰিবলৈ আইন আৰু ন্যায়িক ব্যৱস্থাটোক পাৰ্যমানে ব্যৱহাৰ কৰা হৈছে। সিবিলাকক জনমানসত গণশত্ৰু-দেশদ্ৰোহীৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰৰ আশ্ৰয় লোৱা হৈছে। যোৱা বছৰটোত অসমৰ সমাজ-ৰাজনীতিত এই ঘটনাবিলাকেই আমি দেখি আহিলো। গতিকে একে আষাৰেই ক’ব পাৰি যে অসমৰ ৰাইজৰ বাবে এইছোৱা ভাল সময় নাছিল। অদূৰ ভৱিষ্যতে যদি এই গণবিৰোধী শক্তিবিলাকক প্ৰতিৰোধ কৰিব পৰা নাযায়, তেন্তে ৰাইজৰ বাবে ভাল দিন সুদূৰপৰাহত হৈয়েই ৰৈ যাব। আমাৰ ভাব হয় যে অসমীয়া জাতীয়তাবাদী চেতনাক সতৰ্কতাৰে এই প্ৰতিৰোধ সংগ্ৰামত গ্ৰহণ কৰা দৰকাৰ। হিন্দুত্ববাদী শক্তিসমূহৰ বিৰুদ্ধে সংগঠিত সংসদীয় ৰাজনৈতিক প্ৰচেষ্টাও জৰুৰী। একে সময়তে অৰ্থনৈতিক-ৰাজনৈতিক সুবিধাবাদৰ বাবে হিন্দুত্ববাদী শক্তিসমূহৰ শৰণাপন্ন হোৱা জাতীয়তাবাদী-মানৱতাবাদী শক্তিসমূহৰ ৰাজনীতিটোও নগ্ন ৰূপত উন্মোচন কৰা দৰকাৰ। কিন্তু শেষ অৰ্থত এক বহল গণতান্ত্ৰিক-প্ৰগতিশীল গণসংগ্ৰামেহে হিন্দু জাতীয়তাবাদক ৰাজনৈতিক-সামাজিকভাৱে পৰাস্ত কৰিব পাৰিব। এয়া এক দীৰ্ঘম্যাদী প্ৰজেক্ট আৰু তাৰ বাবে সমল আৰু শক্তিও অসমৰ সমাজ-ৰাজনীতিত তেনেই তাকৰ। তথাপি গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে দেৰি নকৰি পৰিপক্ব ৰাজনৈতিক চেতনাৰে আৰু সংগ্ৰামী উদ্যমেৰে এই সংগ্ৰামৰ বাবে আগ বাঢ়ি অহা উচিত। আহিবলগা নতুন বছৰটোত এই ক্ষেত্ৰত অলপ হ’লেও আশাৰ ৰেঙণি দেখিবলৈ পাম বুলি আশা ৰাখিছো।

শেষত এটা উদাহৰণেৰে আলোচ্য প্ৰসংগটোৰ আন এটা দিশত আলোকপাত কৰিব খুজিছো। যোৱা বিধানসভা নিৰ্বাচনৰ ঠিক আগৰ কথা, বাতৰিকাকতত পোৱা। নামনিৰ পিনৰ এখন গাঁৱৰ নামঘৰত এটা গৰুৰ কটা মূৰ ওলাল। তাৰ লগে লগে গাঁৱত হুলস্থূল লাগি গ’ল। ৰাইজৰ সমূহীয়া সিদ্ধান্তমৰ্মে অপৱিত্ৰ হোৱা মণিকূটৰ আসনখন নৈত উটুৱাই দিয়া হ’ল, গাঁৱৰে দুই-এজনে মিলি নতুন আসন এখন দিয়াৰ কথা দিলে। তাৰ পাছত গাঁৱৰ আটায়েই এই দুঃখজনক ঘটনাৰ বাবে শোক প্ৰদৰ্শন কৰিলে আৰু এদিনৰ কাৰণে উপবাসে কটালে। – এই সৰু ঘটনাটোৱে হিন্দু জাতীয়তাবাদী ৰাজনীতিৰ মূল কেন্দ্ৰস্বৰূপ উত্তৰ ভাৰতৰ প্ৰেক্ষাপটৰ সৈতে অসমৰ পাৰ্থক্য, অসমৰ জনসমাজত বৈষ্ণৱধৰ্মীয় প্ৰমূল্যৰ প্ৰভাৱৰ কথা সুন্দৰকৈ দেখুৱাই দিয়ে। ইয়াত দেখা গৈছে যে অসমীয়া ৰাইজৰ বাবে উত্তৰ ভাৰতীয় মাৰ্কা সাম্প্ৰদায়িক ৰাজনীতি যেনেকৈ দুৰ্বোধ্য, তেনেকৈ ৰাইজৰ এই আত্মশুদ্ধিকৰণমূলক প্ৰতিক্ৰিয়া হিন্দুত্ববাদী শক্তিসমূহৰ বাবেও আশ্চৰ্যজনক। কিন্তু অসমৰ সামাজিক পৰিস্থিতিৰ এতিয়া ক্ৰমাৎ গুণগত পৰিবৰ্তন ঘটিছে। হিন্দু জাতীয়তাবাদে যে কেৱল ৰাজহুৱা পৰিসৰতে আধিপত্য বিস্তাৰ কৰিছে তেনে নহয়, সি জনসমাজৰ ভিতৰতো বিয়পি পৰিছে। বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ নেতৃত্বদায়ী শক্তিসমূহে হিন্দুত্ববাদী শক্তিসমূহক সক্ৰিয় সহায়-সহযোগিতা আগ বঢ়োৱা দেখিবলৈ পোৱা গৈছে। এনে অৱস্থাত সাম্প্ৰদায়িক ইছ্যু বা ঘটনাৰ প্ৰতি জনসমাজৰ প্ৰতিক্ৰিয়াও ক্ৰমাৎ সাম্প্ৰদায়িক আৰু সহজ পূৰ্বানুমান-সাধ্য হৈ পৰিব ধৰিছে। এই প্ৰক্ৰিয়া যদি জোৰদাৰ ৰূপত একেদৰে অব্যাহত থাকে তেন্তে আমি অদূৰ ভৱিষ্যতে জনসমাজৰপৰা উপৰোক্তধৰণৰ প্ৰতিক্ৰিয়া এটা কাহানিও নাপাম, তাৰ ঠাইত পাম সহজ সাম্প্ৰদায়িক সংঘৰ্ষ। সেইটো যাতে ঘটিবলৈ নাপায় তাৰ বাবেই গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে কঁকালত টঙালি বান্ধি ওলাই আহিব লাগিব। আহিবলগা নতুন বছৰটোক লৈ এয়াই আমাৰ কামনা।

(ৰচনাকাল : ২৫-১২-২০১৭)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , ,
Posted in প্ৰবন্ধ
One comment on “যোৱা বছৰটোলৈ উভতি চাওঁতে
  1. লেখাটো ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বাবে অনুৰোধমৰ্মে লিখা হৈছিল। পাছত তলত দিয়াধৰণে নতুন ৰূপ দিয়া হয় অলপ সালসলনি কৰি।
    গৈৰিক আগ্ৰাসনৰ সাম্প্ৰতিক ৰাজনীতি
    জিতেন বেজবৰুৱা
    এখন দেশ বা ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত একে সময়তে বিভিন্ন স্তৰত বহুতো ঘটনা-প্ৰক্ৰিয়া চলি থাকে। গতিকে একেটা মাথোন ব্যাখ্যাৰে এই বহুস্তৰীয় প্ৰক্ৰিয়াৰাজিৰ সম্পূৰ্ণ স্বৰূপ উদঘাটন কৰাটো টান। তথাপি ঘটনা-প্ৰক্ৰিয়াৰ প্ৰধান আৰু আধিপত্যশীল ধাৰাটো যদি চিহ্নিত কৰিব পৰা যায়, তেন্তে তাৰ মাধ্যমেদি সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ সামগ্ৰিক চিত্ৰ এখন লাভ কৰাটো সহজ হৈ পৰে। তাৰ বাবে সেই প্ৰধান আৰু আধিপত্যশীল ধাৰাটোৱে অন্যান্য প্ৰশ্ন আৰু প্ৰক্ৰিয়াসমূহক কিদৰে প্ৰভাৱান্বিত কৰিছে বা আত্মসাৎ কৰিছে সেইটোও উন্মোচন কৰাটো দৰকাৰী। সাম্প্ৰতিক অসমৰ সমাজ-ৰাজনৈতিক পৰিবৰ্তনৰ প্ৰধান সুঁতিটোক যদি কিবাধৰণে চিহ্নিত কৰিব বিচৰা যায়, তেন্তে আমাৰ বোধেৰে সেয়া হ’ব – ক্ৰমবৰ্ধমান গৈৰিক আধিপত্য বিস্তাৰণ। গৈৰিক আধিপত্য বিস্তাৰণৰ সাম্প্ৰতিক পৰ্যায়টো সৰ্বভাৰতীয় স্তৰত যোৱা চাৰি-পাঁচ বছৰ আগতেই আৰম্ভ হৈছে। অসমতো সেই সময়ৰপৰাই হিন্দু জাতীয়তাবাদৰ দিশে সামাজিক-ৰাজনৈতিক পৰিবৰ্তন ঘটা দেখিবলৈ পোৱা গৈছিল। কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছৰপৰা যোৱা দুবছৰত অসমত বিশেষভাৱে আৰু খুব সক্ৰিয় ৰূপত এই পৰিবৰ্তন ঘটিছে – তাৰে ক্ৰমবৰ্ধমান প্ৰভাৱ অসমৰ সমাজ আৰু ৰাজনীতিত দেখিবলৈ পোৱা গৈছে। এই প্ৰক্ৰিয়া কেনেদৰে ঘটিছে?
    এটা কথা ঠিক যে হিন্দুত্ববাদী দল-সংগঠনৰ সাংগঠনিক কৰ্ম আৰু অহৰহ সাম্প্ৰদায়িক প্ৰচাৰকাৰ্যই ইয়াত এক প্ৰধান ভূমিকা পালন কৰিছে। ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধাবাদে বহু দল-সংগঠনকে ধৰি নাগৰিক সমাজৰ একাংশ আৰু বিশেষকৈ অধিকাংশ প্ৰচাৰ মাধ্যমসমূহক হিন্দু জাতীয়তাবাদী শিবিৰত অন্তৰ্ভুক্ত কৰিছে। কিন্তু কেৱল ভুৱা প্ৰচাৰ আৰু সুবিধাবাদৰ ভিত্তিতে এই গৈৰিক আগ্ৰাসন ঘটা নাই। প্ৰকৃতাৰ্থত শেহতীয়া সময়ছোৱাত হিন্দু জাতীয়তাবাদে ভাৰতবৰ্ষত এক নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিছে, যাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ অসমৰ সমাজ-ৰাজনীতিতো পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পাছত ভাৰতবৰ্ষত কেইবাটাও দশকজুৰি ৰাষ্ট্ৰৰ যিটো কল্যাণকামী উন্নয়নবাদী মডেল চলি আছিল, যোৱা শতিকাৰ আশীৰ দশকৰপৰা তাৰ ক্ৰমাৱক্ষয় ঘটিবলৈ ধৰে। তাৰ ফলস্বৰূপে সৃষ্টি হোৱা ৰাজনৈতিক-সামাজিক শূন্যতাত যিসমূহ নতুন নতুন আন্দোলনৰ বিকাশ ঘটিছিল হিন্দু জাতীয়তাবাদ আছিল তাৰ মাজৰে এটা। কিন্তু সি সাৰ-পানী পাই ক্ৰমাৎ শক্তিশালী হৈ আহিছিল। নব্বৈৰ দশকত আগমন ঘটা বিশ্বায়নৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষক এক আগ্ৰাসী বিশ্বশক্তিৰ ৰূপত গঢ় দিয়াৰ স্বপ্নটোৱে জনপ্ৰিয়তা লাভ কৰিলে, যাক সাৰ্থক ৰূপত দাঙি ধৰিবলৈ সক্ষম হ’ল হিন্দু জাতীয়তাবাদে। তাৰ পাছৰপৰাই ক্ৰমবৰ্ধমান অগ্ৰগতি লাভ কৰা হিন্দু জাতীয়তাবাদক অবিসম্বাদী ৰূপত প্ৰাতিষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰিলে হিন্দু জাতীয়তাবাদী শক্তিৰ সংসদীয় উত্থানে। গতিকে প্ৰাতিষ্ঠানিক ৰূপত হিন্দু জাতীয়তাবাদৰ প্ৰসাৰ আৰু সুদৃঢ়কৰণৰ প্ৰচেষ্টা আমি চাৰি-পাঁচ বছৰ পূৰ্বৰেপৰা অহৰহ দেখি আহিছো – বিভিন্ন পলিচিৰ জৰিয়তে, প্ৰচাৰ মাধ্যমৰ প্ৰচাৰৰ জৰিয়তে, ৰাজহুৱা অনুষ্ঠানসমূহত হিন্দুত্বপন্থী ব্যক্তি বহুওৱাৰ জৰিয়তে, গণতান্ত্ৰিক-প্ৰতিবাদী কণ্ঠসমূহৰ ওপৰত চলোৱা দমন-নিপীড়নৰ জৰিয়তে ইত্যাদি ইত্যাদি। সম্প্ৰতি, বিশেষকৈ যোৱা বছৰটোত এই প্ৰচেষ্টা অসমতো জোৰদাৰ ৰূপত চলা আমি দেখিবলৈ পাইছো। কিন্তু এয়া চলিছে ঘাইকৈ সমাজৰ প্ৰভাৱশালী শ্ৰেণীসমূহৰ কেতিয়াবা প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষ নৈতিক সমৰ্থনৰ ভিত্তিত।
    অসমীয়া জাতীয়তাবাদৰ ইতিহাস চালে দেখা যায় যে সি সদায়েই সৰ্বভাৰতীয় জাতীয়তাবাদৰ সৈতে বিৰোধ আৰু সংঘৰ্ষত লিপ্ত হৈ আহিছে, আৰু তাতেই ইয়াৰ স্বকীয় অস্তিত্ব অন্তৰ্নিহিত হৈ আছে। এই বিৰোধ আৰু সংঘৰ্ষই সবাতোকৈ তীব্ৰ ৰূপ লাভ কৰিছিল যোৱা শতিকাৰ নব্বৈৰ দশকত যেতিয়া সৰ্বভাৰতীয় জাতীয়তাবাদৰ প্ৰতি কঠোৰ সমালোচনাত্মক দৃষ্টিভংগীটো অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ কমন ছেন্সত পৰিণত হৈছিল। কিন্তু আজি তাৰ গুণগত পৰিবৰ্তন ঘটিছে। অসমীয়া জাতীয়তাবাদ সৰ্বভাৰতীয় জাতীয়তাবাদত বিলীন হৈ যাব লাগিছে, ৰাষ্ট্ৰভক্তিৰ ধল ক্ৰমাৎ বিস্তাৰিত হৈ গৈছে। অসমীয়া জাতীয়তাবাদৰ মূল প্ৰশ্নসমূহ এতিয়া হিন্দু জাতীয়তাবাদে নিজৰ মতে সজাই-পৰাই লৈছে; উদাহৰণস্বৰূপে, বিদেশী অনুপ্ৰবেশৰ সমস্যাটো। একেদৰে সমাজখনো ক্ৰমাৎ উত্তৰ ভাৰতৰ দিশে গতি কৰিবলৈ লৈছে, তাৰ বাবে অহোৰাত্ৰি হিন্দু জাতীয়তাবাদী শিবিৰে পৰিশ্ৰম কৰি আছে। হিন্দুত্ববাদী দল-সংগঠনসমূহ ক্ৰমাৎ মূলসুঁতিৰ অংশ হৈ পৰিছে। ইমান দিনে আধিপত্যশীল জাতীয়তাবাদী দল-সংগঠনসমূহ এতিয়াও শক্তিহীন হৈ যোৱা নাই : কিন্তু আগৰেপৰাই মেৰুদণ্ডবিহীন এই দল-সংগঠনসমূহে অৰ্থনৈতিক-ৰাজনৈতিক সুবিধাবাদৰ বাবে যিদৰে নিজৰ কবৰ খনাত ব্যস্ত হৈ পৰিছে আৰু হিন্দু জাতীয়তাবাদৰ সন্মুখত যিদৰে আদৰ্শগতভাৱে দেউলীয়া ৰূপত ওলাই পৰিছে, তাৰ ভিত্তিত ক’ব পাৰি যে সেইসমূহ সামাজিক-ৰাজনৈতিকভাৱে ক্ৰমাৎ নিস্তেজ হৈ যোৱাৰ সম্ভাৱনা প্ৰচুৰ। এনে পৰিস্থিতিত নব্বৈৰ দশকৰ চেতনাটো যিসকলে ধৰি ৰাখিছে তেওঁলোকৰ কণ্ঠ ক্ষীণ হৈ গৈছে, যেন তেওঁলোক অতীতৰ ধ্বংসাৱশেষত পৰিণত হ’বলৈ গৈ আছে। তেওঁলোকৰ একাংশই সেই চেতনাটোৰ আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, আৰু বৰ্তমানৰ পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিকো সেই চেতনাটোৰেই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। আমাৰ ভাব হয় যে সেই চেষ্টাত সম্পূৰ্ণ সফল হোৱাটো টান। এটা কথা ঠিক যে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ বিশেষ ভৌগোলিক-ৰাজনৈতিক অৱস্থান আৰু ইয়াৰ আৰ্থ-সামাজিক পশ্চাদপদতাৰ ফলস্বৰূপে অসমীয়া জাতীয়তাবাদৰ সহজে পশ্চাদপসৰণ ঘটাৰ সম্ভাৱনা নাই। কিন্তু সেইবুলি নিশ্চিন্ত হৈ থাকিবও নোৱাৰি। অসমীয়া জাতীয়তাবাদৰ অন্তৰ্দ্বন্দ্ব তথা সীমাবদ্ধতাবিলাকৰ সুবিধা গ্ৰহণ কৰিয়েই হিন্দু জাতীয়তাবাদে তাক গ্ৰাস কৰি নিবলৈ সক্ষম হৈছে। কুহুমীয়া ৰূপত থকা বৰ্ণবাদী আৰু সাম্প্ৰদায়িক উপাদানসমূহে এতিয়া হিন্দু জাতীয়তাবাদৰ আশ্ৰয়ত জংগী ৰূপ লাভ কৰিছে। এনে কাৰণতে কেৱল নব্বৈৰ দশকৰ চেতনাটোৰে হিন্দু জাতীয়তাবাদৰ ৰাজনীতিক ব্যাখ্যা কৰা আৰু তাৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাটো সম্ভৱপৰ নহয়। হিন্দু জাতীয়তাবাদৰ ৰাজনীতি হ’ল এক সাৰ্বজনীন ৰাজনীতি, যি একে সময়তে নব্য উদাৰতাবাদৰ স্বাৰ্থকো প্ৰতিনিধিত্ব কৰে আৰু যাৰ উদ্দেশ্য হ’ল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই এক হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰা। গতিকে এই ৰাজনীতিক কেৱল আঞ্চলিক পৰিচয়ৰ ৰাজনীতিৰে পৰাস্ত কৰাটো কিম্বা কাললৈ প্ৰতিৰোধ কৰি ৰখাটো সম্ভৱপৰ নহয়। একে কাৰণতে নৃগোষ্ঠীবাদী শক্তিসমূহেও হিন্দু জাতীয়তাবাদৰ ৰাজনীতি বুজিব পৰা নাই। অসমৰ জনসমাজৰ নৃগোষ্ঠীগত জটিলতাই হিন্দু জাতীয়তাবাদী শিবিৰক বেছ সমস্যাত পেলাইছে আৰু তাৰ সমাধানৰ বাবে তেওঁলোকে নতুন নতুন পথৰ সন্ধান কৰিছে। কিন্তু নৃগোষ্ঠীবাদী শক্তিসমূহে সেইবোৰৰ একো তলা-নলা ধৰিব পৰা নাই। আত্মকেন্দ্ৰিক আৰু পৰস্পৰবিৰোধী নৃগোষ্ঠীবাদী শক্তিসমূহৰ ৰাজনীতিয়ে অসমত এক খেলিমেলি পৰিস্থিতিৰ সৃষ্টি কৰিছে – ঠিক যেন মেথিউ আৰ্নল্ডে এটা কবিতাত কোৱাৰ দৰে, Ignorant armies clash by night. এনেকুৱা এটা পৰিস্থিতিত হিন্দু জাতীয়তাবাদৰ সাৰ্বজনীন আৰু সংহতিবাদী ৰাজনীতিৰ নৈতিক গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। আনহাতে, নৃগোষ্ঠীবাদী শক্তিসমূহে বুজি পাওক বা নাপাওক, এতিয়া ৰাজনীতিৰ মঞ্চসজ্জা কৰিছে হিন্দু জাতীয়তাবাদে আৰু সেয়ে এই মঞ্চত উক্ত শক্তিসমূহে হিন্দু জাতীয়তাবাদৰ কৌশলী প্ৰভাৱৰপৰা মুক্ত হৈ থকাটো সদায় সম্ভৱ নহ’ব।
    সি যি নহওক, হিন্দু জাতীয়তাবাদৰ এই উত্থানে কেৱল ৰাষ্ট্ৰব্যৱস্থাটোকে যে গণস্বাৰ্থ আৰু সাংবিধানিক প্ৰমূল্যৰ সম্পূৰ্ণ বিৰোধী ৰূপ দিব তেনে নহয়, সি সমাজখনকো বিষাক্ত কৰি ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ ঠেলি নিব। বোমা এটা ফুটাৰ দৰে হঠাৎ সমাজৰ এই ধ্বংসকাৰ্য নঘটে; তাৰ শব্দ আমি শুনিবলৈ নাপাওঁ। কেন্সাৰ ৰোগৰ দৰে লাহে লাহে আৰু সূক্ষ্মভাৱেহে ই সমাজ-শৰীৰটো ধ্বংস কৰিব। সমাজৰ সাম্প্ৰদায়িক মেৰুকৰণ ইতিমধ্যেই বহু দূৰ আগ বাঢ়িছে। ঠায়ে ঠায়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছে; অধিক সংঘৰ্ষ ঘটাবৰ বাবে নানা কৌশল অৱলম্বন কৰা হৈছে। সংখ্যালঘু সমাজৰ ওপৰত বিভিন্ন ৰূপত ক্ৰমবৰ্ধমান অত্যাচাৰ চলোৱা হৈছে। ফলস্বৰূপে সংখ্যালঘু সাম্প্ৰদায়িকতাৰ বাবেও পৰিবেশ অধিক অনুকূল হৈ পৰিছে। গণতান্ত্ৰিক-প্ৰতিবাদী কণ্ঠসমূহক দমন কৰিবলৈ আইন আৰু ন্যায়িক ব্যৱস্থাটোক পাৰ্যমানে ব্যৱহাৰ কৰা হৈছে। সিবিলাকক জনমানসত গণশত্ৰু-দেশদ্ৰোহীৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰৰ আশ্ৰয় লোৱা হৈছে। যোৱা সময়ছোৱাত অসমৰ সমাজ-ৰাজনীতিত এই ঘটনাবিলাকেই আমি দেখি আহিলো। গতিকে একে আষাৰেই ক’ব পাৰি যে অসমৰ ৰাইজৰ বাবে এইছোৱা ভাল সময় নহয়। অদূৰ ভৱিষ্যতে যদি এই গণবিৰোধী শক্তিবিলাকক প্ৰতিৰোধ কৰিব পৰা নাযায়, তেন্তে ৰাইজৰ বাবে ভাল দিন সুদূৰপৰাহত হৈয়েই ৰৈ যাব। আমাৰ ভাব হয় যে অসমীয়া জাতীয়তাবাদী চেতনাক সতৰ্কতাৰে এই প্ৰতিৰোধ সংগ্ৰামত গ্ৰহণ কৰা দৰকাৰ। হিন্দুত্ববাদী শক্তিসমূহৰ বিৰুদ্ধে সংগঠিত সংসদীয় ৰাজনৈতিক প্ৰচেষ্টাও জৰুৰী। একে সময়তে অৰ্থনৈতিক-ৰাজনৈতিক সুবিধাবাদৰ বাবে হিন্দুত্ববাদী শক্তিসমূহৰ শৰণাপন্ন হোৱা জাতীয়তাবাদী-মানৱতাবাদী শক্তিসমূহৰ ৰাজনীতিটোও নগ্ন ৰূপত উন্মোচন কৰা দৰকাৰ। কিন্তু শেষ অৰ্থত এক বহল গণতান্ত্ৰিক-প্ৰগতিশীল গণসংগ্ৰামেহে হিন্দু জাতীয়তাবাদক ৰাজনৈতিক-সামাজিকভাৱে পৰাস্ত কৰিব পাৰিব। এয়া এক দীৰ্ঘম্যাদী প্ৰজেক্ট আৰু তাৰ বাবে সমল আৰু শক্তিও অসমৰ সমাজ-ৰাজনীতিত তেনেই তাকৰ। তথাপি গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে দেৰি নকৰি পৰিপক্ব ৰাজনৈতিক চেতনাৰে আৰু সংগ্ৰামী উদ্যমেৰে এই সংগ্ৰামৰ বাবে আগ বাঢ়ি অহা উচিত।
    শেষত এটা উদাহৰণেৰে আলোচ্য প্ৰসংগটোৰ আন এটা দিশত আলোকপাত কৰিব খুজিছো। যোৱা বিধানসভা নিৰ্বাচনৰ ঠিক আগৰ কথা, বাতৰিকাকতত পোৱা। নামনিৰ পিনৰ এখন গাঁৱৰ নামঘৰত এটা গৰুৰ কটা মূৰ ওলাল। তাৰ লগে লগে গাঁৱত হুলস্থ²ল লাগি গ’ল। ৰাইজৰ সমূহীয়া সিদ্ধান্তমৰ্মে অপৱিত্ৰ হোৱা মণিকূটৰ আসনখন নৈত উটুৱাই দিয়া হ’ল, গাঁৱৰে দুই-এজনে মিলি নতুন আসন এখন দিয়াৰ কথা দিলে। তাৰ পাছত গাঁৱৰ আটায়েই এই দুঃখজনক ঘটনাৰ বাবে শোক প্ৰদৰ্শন কৰিলে আৰু এদিনৰ কাৰণে উপবাসে কটালে। – এই সৰু ঘটনাটোৱে হিন্দু জাতীয়তাবাদী ৰাজনীতিৰ মূল কেন্দ্ৰস্বৰূপ উত্তৰ ভাৰতৰ প্ৰেক্ষাপটৰ সৈতে অসমৰ পাৰ্থক্য, অসমৰ জনসমাজত বৈষ্ণৱধৰ্মীয় প্ৰমূল্যৰ প্ৰভাৱৰ কথা সুন্দৰকৈ দেখুৱাই দিয়ে। ইয়াত দেখা গৈছে যে অসমীয়া ৰাইজৰ বাবে উত্তৰ ভাৰতীয় মাৰ্কা সাম্প্ৰদায়িক ৰাজনীতি যেনেকৈ দুৰ্বোধ্য, তেনেকৈ ৰাইজৰ এই আত্মশুদ্ধিকৰণমূলক প্ৰতিক্ৰিয়া হিন্দুত্ববাদী শক্তিসমূহৰ বাবেও আশ্চৰ্যজনক। কিন্তু অসমৰ সামাজিক পৰিস্থিতিৰ এতিয়া ক্ৰমাৎ গুণগত পৰিবৰ্তন ঘটিছে। হিন্দু জাতীয়তাবাদে যে কেৱল ৰাজহুৱা পৰিসৰতে আধিপত্য বিস্তাৰ কৰিছে তেনে নহয়, সি জনসমাজৰ ভিতৰতো বিয়পি পৰিছে। বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ নেতৃত্বদায়ী শক্তিসমূহে হিন্দুত্ববাদী শক্তিসমূহক সক্ৰিয় সহায়-সহযোগিতা আগ বঢ়োৱা দেখিবলৈ পোৱা গৈছে। এনে অৱস্থাত সাম্প্ৰদায়িক ইছু্য বা ঘটনাৰ প্ৰতি জনসমাজৰ প্ৰতিক্ৰিয়াও ক্ৰমাৎ সাম্প্ৰদায়িক আৰু সহজ পূৰ্বানুমান-সাধ্য হৈ পৰিব ধৰিছে। এই প্ৰক্ৰিয়া যদি জোৰদাৰ ৰূপত একেদৰে অব্যাহত থাকে তেন্তে আমি অদূৰ ভৱিষ্যতে জনসমাজৰপৰা উপৰোক্তধৰণৰ প্ৰতিক্ৰিয়া এটা কাহানিও নাপাম, তাৰ ঠাইত পাম সহজ সাম্প্ৰদায়িক সংঘৰ্ষ। সেইটো যাতে ঘটিবলৈ নাপায় তাৰ বাবেই গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে কঁকালত টঙালি বান্ধি ওলাই আহিব লাগিব।
    (ৰচনাকাল : ২৫-১২-২০১৭)

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: