হোজাইৰ উদালি অঞ্চলত এটা সংগীতানুষ্ঠান হোৱাৰ কথা আছিল। তাৰ বাবে প্ৰস্তুতি চলি থকাৰ অৱস্থাতে এদিন সেই অঞ্চলৰে কিছুসংখ্যক মুছলমানধৰ্মী লোকে এখন ‘বিশেষ গোহাৰি’ ৰাইজৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভালেসংখ্যক হ’ল ধৰ্মীয় অনুষ্ঠান আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সৈতে জড়িত। ‘গোহাৰি’খনত লিখা হ’ল যে যাদু, নাচ-গান, থিয়েটাৰ, নাটক আদি হ’ল শ্বৰিয়ত-বিৰোধী কাৰ্য আৰু এই কাৰ্যসমূহৰপৰা মুছলমানধৰ্মী লোক বিৰত থকা উচিত। লিখা হ’ল যে অঞ্চলটোৰ ভালেমান লোকে এই ধৰ্মীয় নীতিক অৱজ্ঞা কৰি কিছুমান তেনেধৰণৰ কাৰ্য কৰিবলৈ লৈছে, কিছুদিন পূৰ্বে অঞ্চলটোৰ এখন কলেজৰ খেলপথাৰত যাদু প্ৰদৰ্শন অনুষ্ঠানো হৈ গৈছে। এই কাৰ্যসমূহৰ ফলস্বৰূপে সমাজত বিৰূপ প্ৰভাৱ পৰিব ধৰিছে। সেইগতিকে ‘গোহাৰি’খনত ৰাইজৰ প্ৰতি ‘অতি বিনম্ৰতাৰে অনুৰোধ’ জনোৱা হ’ল যাতে তেওঁলোকে এনেধৰণৰ শ্বৰিয়ত-বিৰোধী কাৰ্যৰপৰা বিৰত থাকে। অৰ্থাৎ, হ’বলগীয়া সংগীতানুষ্ঠানটোত অংশগ্ৰহণ কৰাৰপৰা সকলোটিয়ে বিৰত থকা উচিত। – ঘাইকৈ কথা আছিল ইমানেই। ‘গোহাৰি’খনত থকা ৰাইজৰ প্ৰতি যি আহ্বান সেয়া যে দেখদেখ ধৰ্মান্ধতাৰ পৰিচায়ক আৰু সকলো আধুনিকমনা লোকেই যে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত, এই কথাত কাৰো দ্বিমত থাকিব নালাগে। কিন্তু ঘটনাটোৱে অন্য এটা ৰূপ লৈহে চাৰিওফালে হুলস্থূলৰ সৃষ্টি কৰিলে। উক্ত সংগীতানুষ্ঠানত গীত পৰিবেশন কৰাৰ কথা আছিল জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিনে। এইবুলি প্ৰচাৰিত হ’ল যে নাহিদৰ বিৰুদ্ধে ইমানজন মোল্লাই ‘ফটোৱা’ জাৰি কৰিছে। (নাহিদক যদি ‘গোহাৰি’ত স্বাক্ষৰদাতাসকলৰ কোনোবাই মৌখিকভাৱে বা অন্যধৰণে হেঁচা প্ৰয়োগ কৰিছিল সেই কথা আমি নাজানো। আৰু সেইটো ঘটিলেও আমাৰ কথাখিনিত একো প্ৰভাৱ নপৰে।) অসমৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মেডিয়াৰ কৃপাত ঘটনাটো ‘নাহিদ বনাম ধৰ্মান্ধ মোল্লা’ৰ কাহিনীত পৰিণত হৈ অসমৰ বাহিৰলৈকো বিয়পি পৰিল। সৰ্বভাৰতীয় মেডিয়াত ঘটনাটোৰ মাত্ৰা আৰু এখোপ চৰিল আৰু ইৰাক-ছিৰিয়াৰ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ কথাও জড়িত হৈ পৰিল – ‘ইণ্ডিয়া টুডে’ চেনেলত সিদিনা অনুষ্ঠিত বিতৰ্কৰ হেডলাইন দিয়া হৈছিল ‘ভাৰত বনাম আইছিছ’ বুলি। অৰ্থাৎ, নাহিদে প্ৰতিনিধিত্ব কৰে ভাৰতক আৰু সেই ধৰ্মান্ধ মোল্লাসকলে প্ৰতিনিধিত্ব কৰে আইছিছৰ মতাদৰ্শক। কেৱল মতাদৰ্শগতভাৱেই নহয়, আইছিছৰ সৈতে সাংগঠনিক সম্পৰ্ক থকা বুলিও এতিয়া অভিযোগ উত্থাপন কৰা হৈছে। সি যি নহওক, অসমৰ বিপুলসংখ্যক লোকে তথা ভাৰতৰ বিভিন্ন চেলিব্ৰিটি-ৰাজনীতিকে নাহিদৰ পক্ষত থিয় দিয়া বুলি সজোৰে ঘোষণা কৰিছে আৰু প্ৰায়ভাগেই মুছলমানৰ ধৰ্মান্ধতাক গৰিহণা দিছে। চৰকাৰে নাহিদৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি খৰধৰকৈ ব্যক্তিগত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ কথা কৈছে। গোটেই ঘটনাটোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াও চলি আছে। এনেকৈয়ে অসমৰ সৰু ঠাই এখনত প্ৰচাৰ কৰা ‘গোহাৰি’খনে ফটোৱাৰ ৰূপ লৈ ইছলাম-বিদ্বেষৰ সেই চিৰপৰিচিত আৰু সহজ কাহিনীটোৰ সৃষ্টি কৰিলেগৈ।
দেখা যায় যে ইছলাম-বিদ্বেষৰ এই কাহিনীটোত নাহিদ কেৱল এটা অজুহাতহে। মূল কথাটো হ’ল, মুছলমানৰ সাম্প্ৰদায়িকতা তথা মৌলবাদৰ লগত জড়িত কাহিনীৰ মূল্য টি আৰ পি-পৰিচালিত মেডিয়াৰ বাবে খুবেই বেছি। তেনে এটা কাহিনীতো হাতৰপৰা এৰি দিয়াৰ কথা কোনোমতেই ভাবিব নোৱাৰি। টিভি-পেপাৰৰ খবৰৰ সৈতে সত্যৰ সম্পৰ্ক এনেয়েও কম, যেতিয়া যিটো প্ৰয়োজন হয় সহজে বনাই ল’ব পাৰি। আনহাতে, বৰ্তমান হিন্দু জাতীয়তাবাদে ভাৰতৰ জনপ্ৰিয় পৰিসৰত একপ্ৰকাৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তদুপৰি প্ৰায়বিলাক মেডিয়া হাউছেই বিজেপি-আৰ এছ এছৰ ওচৰ-সম্পৰ্কীয়। গতিকে এনে এটা পৰিস্থিতিত ঘটনাটোৱে উক্তধৰণৰ পৰিণতি লাভ কৰাটোত আচৰিত হ’বলগা একো নাই।
এনে এটা পৰিস্থিতিত আমাৰ কৰ্তব্য কি হ’ব? নাহিদৰ শৈল্পিক স্বাধীনতাৰ পক্ষত যে অধিকাংশ লোকেই আন্তৰিকতাৰে থিয় দিছে সেই সম্পৰ্কে কোনো সন্দেহ নাই। কিন্তু আমোদজনকভাৱে বিজেপি-আৰ এছ এছৰ লোকেও শৈল্পিক স্বাধীনতাৰ কথা কোৱা শুনা গৈছে। প্ৰকৃততে ইয়াত বিজেপি-আৰ এছ এছৰ ধাণ্ডা বেলেগ, আঁৰত ডাঙৰ এজেণ্ডা লৈহে তেওঁলোকে এনেবিলাক কাম কৰে। হিন্দু জাতীয়তাবাদে মুছলমানৰ ওপৰত আক্ৰমণ চলাবলৈ বহু সময়ত মুছলমান মহিলাৰ পৰিচয়টোক ব্যৱহাৰ কৰে। ইছলামিক পুৰুষতন্ত্ৰৰদ্বাৰা নিপীড়িত মুছলিম মহিলাৰ ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰক্ষেপ কৰি মুছলমান সমাজৰ ওপৰত সাংস্কৃতিক-ৰাজনৈতিক আক্ৰমণ চলাবলৈ সুবিধা। ইয়াৰ শেহতীয়া এটা উদাহৰণ হ’ল তিনি তালাকক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক বিতৰ্কৰাজি। নাহিদ হ’ল মুছলিম ছোৱালী, আৰু সবাতোকৈ ডাঙৰ কথা হ’ল তেওঁ এগৰাকী জনপ্ৰিয় গায়িকা। গতিকে ‘নাহিদ বনাম ধৰ্মান্ধ মোল্লা’ কাহিনীটোৰ সৃষ্টিত আধিপত্যশীল হিন্দু জাতীয়তাবাদৰ যিমানখিনি অৱচেতন অনুপ্ৰেৰণা আছে, কাহিনীটো আগ বঢ়াই নিয়াত বিজেপি-আৰ এছ এছৰ ওচৰ সম্পৰ্কীয় মেডিয়া হাউছ বা ৰাজনীতিকসকলৰ তাতোকৈ বেছি সচেতন এজেণ্ডা আছে। এই হিন্দু জাতীয়তাবাদী অভিযানৰ বিৰুদ্ধে সকলোৱে থিয় দিয়া উচিত। কিন্তু একে সময়তে মুছলমান সমাজত প্ৰভাৱশালী ধৰ্মান্ধ শক্তিসমূহৰ বিৰুদ্ধে অতিকে স্পষ্ট আৰু কঠোৰ স্থিতি গ্ৰহণ কৰা প্ৰয়োজন। হিন্দু জাতীয়তাবাদৰ ৰাজনীতিৰ বিষয়ে আমি যোৱা সময়ছোৱাত ভালেখিনি লেখা-মেলা কৰিছো। এই লেখাত আমি মুছলমান সমাজত প্ৰভাৱশালী ধৰ্মান্ধতা সম্পৰ্কেহে কিছু কথা উল্লেখ কৰিব খুজিছো। ‘ধৰ্মান্ধ মুছলমান’ৰ যিটো পৰিচিতি জনপ্ৰিয় পৰিসৰত সদায় দেখিবলৈ পোৱা যায় তাৰ নিৰ্মাণৰ আঁৰৰ সাংস্কৃতিক ৰাজনীতিৰ চৰিত্ৰ বুজিব পাৰিলে আলোচ্য ঘটনাটোৰ বিভিন্ন দিশ হৃদয়ংগম কৰাত বহুখিনি সহায়ক হ’ব বুলি আমাৰ ধাৰণা।
স্বৰাজোত্তৰ ভাৰতত চৰকাৰে মুছলমান সমাজৰ আধুনিকীকৰণৰ বাবে যিসমূহ সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰি আহিছে সেই প্ৰায়বোৰৰ প্ৰতিয়েই মুছলমানসকলে বহু সময়ত পোনপটীয়া বিৰোধ প্ৰদৰ্শন কৰি আহিছে। তাৰ কাৰণ কি বাৰু? তাৰ বাবে আমি ভাৰতৰ জাতীয়তাবাদী ৰাজনীতিৰ ইতিহাসলৈ চকু দিব লাগিব। ঔপনিবেশিক ভাৰতত প্ৰথমে ব্ৰিটিছ চৰকাৰে উচ্চবৰ্ণ হিন্দু সমাজৰ পৰম্পৰাকে ভাৰতীয় সংস্কৃতি বুলি চিহ্নিত কৰিছিল, আৰু তাৰ আধুনিকীকৰণৰ বাবে বিভিন্নধৰণৰ কাৰ্যপন্থা হাতত লৈছিল। ভাৰতীয় সমাজৰ অগ্ৰণী ব্যক্তিসকলে প্ৰথমে তাৰ প্ৰতি সহমত প্ৰকাশ কৰিছিল। কিন্তু ঊনবিংশ শতিকাৰ শেষৰ পিনে জাতীয়তাবাদৰ ৰাজনীতি আগ বঢ়াৰ লগে লগে ভাৰতীয় নেতাসকল নিজৰ সংস্কৃতিৰ প্ৰতি অধিক সচেতন হ’ল আৰু দাবী কৰিলে যে ভাৰতীয় সংস্কৃতিৰ আধুনিকীকৰণৰ দায়িত্ব কেৱল ভাৰতীয়সকলেহে ল’ব পাৰে, ঔপনিবেশিক শাসকৰ তাত হস্তক্ষেপ কৰিবৰ কোনো অধিকাৰ নাই। এনেদৰে ঔপনিবেশিক শাসকৰ হাতৰপৰা সংস্কৃতিৰ আধুনিকীকৰণৰ নৈতিক অধিকাৰ জাতীয়তাবাদী নেতৃত্বই আঁজুৰি আনিছিল। কিন্তু এই যিটো ভাৰতীয় জাতীয়তাবাদৰ প্ৰজেক্ট, সি আছিল হিন্দু প্ৰতীকীবাদেৰে ব্যঞ্জনাময়, ভাৰতীয় সংস্কৃতিৰ যিটো ধাৰণা সি গ্ৰহণ কৰিছিল সিও আছিল ঘাইকৈ ব্ৰিটিছসকলেই নিৰ্মাণ কৰা, অৰ্থাৎ মূলগতভাৱেই হিন্দুধৰ্মীয়। এনে কাৰণতে মুছলমান সমাজে এই জাতীয়তাবাদী প্ৰজেক্টটোৰ সৈতে সম্পূৰ্ণৰূপে একাত্মতা অনুভৱ কৰিব পৰা নাছিল – তেওঁলোকে নিজকে বহিষ্কৃত যেন অনুভৱ কৰিছিল। সেয়াই আছিল তেওঁলোকে পৃথক ৰাজনৈতিক গোট হিচাপে সংগঠিত হোৱাৰ এটা ঘাই কাৰণ। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ একপ্ৰকাৰ প্ৰান্তীয়কৰণ ঘটিছিল – মূলসুঁতিৰপৰা আঁতৰত নিজৰ বাবে এক পৃথক সাংস্কৃতিক পৰিমণ্ডল তৈয়াৰ কৰি লৈছিল তেওঁলোকে। তেওঁলোকৰ এই সামাজিক-সাংস্কৃতিক একাষৰীয়াকৰণে সম্প্ৰদায়টোৰ আধুনিকীকৰণৰ বাটত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। এটা কথা ঠিক যে ভাৰতৰ স্বাধীনতা সংগ্ৰামখনত জাতীয়তাবাদৰ বিভিন্ন ধাৰাৰ মাজত তুমুল প্ৰতিযোগিতা-সংঘৰ্ষ দেখিবলৈ পোৱা গৈছিল, ধৰ্মীয় ব্যঞ্জনাপূৰ্ণ ধাৰাৰ সৈতে ছেকুলাৰ ধাৰাটোৰ অৰিয়াঅৰি হৈছিল। অৱশেষত নেহৰুৱে প্ৰতিনিধিত্ব কৰা আধুনিকীকৰণপন্থী, ছেকুলাৰ জাতীয়তাবাদী ধাৰাটোৱেই অধিক গ্ৰহণযোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেইটোৱে মুছলমানসকলৰ সামাজিক-সাংস্কৃতিক অৱস্থানৰ ক্ষেত্ৰত মৌলিক পৰিবৰ্তনৰ সূচনা কৰিব পৰা নাছিল। স্বাধীনতাৰ পৰৱৰ্তী কালত সামাজিক সংস্কাৰৰ দায়িত্ব স্বাভাৱিকতেই আহি পৰিছিল নতুন জাতি-ৰাষ্ট্ৰৰ হাতত। হিন্দু সমাজৰ সংস্কাৰৰ বাবে ভালেমান আঁচনি হাতত লোৱা হৈছিল। কিন্তু মুছলমান সমাজৰ বাবে সামাজিক সংস্কাৰৰ ক্ষেত্ৰত এই ৰাষ্ট্ৰৰ নৈতিক ন্যায্যতা যথেষ্ট নাছিল। সেইবাবে ৰাষ্ট্ৰই হাতত লোৱা সম্প্ৰদায়টোৰ সামাজিক সংস্কাৰৰ যিকোনো চেষ্টাক সি সম্প্ৰদায়টোৰ ওপৰত অনাহক হস্তক্ষেপ, ধৰ্মীয় অধিকাৰৰ লংঘন বুলি বাধা প্ৰদান কৰিছিল। সম্প্ৰদায়টোৰ আধুনিকীকৰণৰ নৈতিক অধিকাৰ কেৱল সম্প্ৰদায়টোৰ নিজৰহে আছে, বাহিৰা কোনো শক্তিৰ নাই। এনে কাৰণতে চৰকাৰী নেতৃত্বয়ো মুছলমান সমাজ আধুনিকীকৰণৰ বাবে ‘প্ৰস্তুত’ হৈ উঠা নাই বুলি যুক্তি দি তেনে কাৰ্যৰপৰা পিছ হুঁহকি গৈছিল। মন কৰিবলগীয়া যে চৰকাৰে সংখ্যালঘুক ‘তোষণ’ কৰাৰ অভিযোগ তেতিয়াই আৰম্ভ হৈছিল। সি যি নহওক, নিজৰ ভিতৰতো সুদূৰপ্ৰসাৰী ৰূপত আধুনিকীকৰণৰ প্ৰক্ৰিয়া আগ বঢ়াই নিব পৰাকৈ মুছলমানসকলৰ মাজত কোনো স্থায়ী প্ৰতিনিধিত্বমূলক সংগঠন নাছিল। এনে কাৰণত মুছলমান সমাজৰ আধুনিকীকৰণৰ সম্ভাৱনা ভৱিষ্যতলৈ বাকী থাকি গৈছিল। যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰা আধুনিকীকৰণপন্থী, ছেকুলাৰ জাতীয়তাবাদৰ মতাদৰ্শগত আধাৰটোৰ খহনীয়া আৰম্ভ হৈছিল। আৰু লাহে লাহে ইমান দিনে তলমূৰ কৰি অভিযান চলাই অহা হিন্দু জাতীয়তাবাদী ধাৰাটোৱে মূৰ দাঙি উঠিছিল। নব্বৈৰ দশকৰপৰা আমি হিন্দু জাতীয়তাবাদৰ সদম্ভ আগ্ৰাসন দেখিবলৈ পালো। লক্ষণীয় যে হিন্দু জাতীয়তাবাদে পোনপটীয়াভাৱে ছেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ বিৰুদ্ধে কেতিয়াও থিয় দিয়া নাই। ছেকুলাৰপন্থীসকলক সমালোচনা কৰোতেও হিন্দু জাতীয়তাবাদীসকলে ‘ভণ্ড ছেকুলাৰ’ বুলিহে কয় – অৰ্থাৎ প্ৰকৃত ছেকুলাৰসকল তেওঁলোকৰ সমালোচনাৰ পাত্ৰ নহয়। এই প্ৰকৃত ছেকুলাৰসকলনো কোন? সেয়া হ’ল হিন্দু জাতীয়তাবাদীসকল নিজেই। আচলতে তেওঁলোকে ছেকুলাৰ ৰাষ্ট্ৰৰ পৰিভাষাসমূহ আত্মসাৎ কৰি লৈছে। এই ব্যৱস্থাটো চিধাচিধি উৎখাত কৰি দিয়াটো তেওঁলোকৰ উদ্দেশ্য নহয়। উদ্দেশ্য হ’ল এই ছেকুলাৰ ৰাষ্ট্ৰৰ সঁজুলি তথা বাগধাৰামূলক অস্ত্ৰসমূহ ব্যৱহাৰ কৰি সংখ্যালঘুসকলক ভীতিগ্ৰস্ত আৰু দমন কৰা। হিন্দু জাতীয়তাবাদৰ এই আগ্ৰাসনে মুছলমান সমাজক অধিক পশ্চাদপসৰণ কৰিবলৈ, নিজৰ সাংস্কৃতিক পৰিমণ্ডলৰ মাজত আবদ্ধ থাকিবলৈ বাধ্য কৰিছে।
সংখ্যালঘু মুছলমান সমাজৰ সামাজিক-সাংস্কৃতিক একাষৰীয়াকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আনটো প্ৰধান কাৰক হ’ল শেহতীয়া সময়ত, বিশেষকৈ ৯/১১ৰ পৰৱৰ্তী সময়ত বিশ্বজুৰি উঠা ক্ৰমবৰ্ধমান ইছলাম-বিদ্বেষৰ ঢৌ। ইছলামিক মৌলবাদৰ প্ৰতিক্ৰিয়াস্বৰূপে, বিশেষকৈ আমেৰিকা আদি ৰাষ্ট্ৰৰ প্ৰত্যক্ষ অনুপ্ৰেৰণাত হোৱা এই ঢৌৰ ফলস্বৰূপে মুছলমানসকলৰ জীৱনলৈ অধিক সংশয় আৰু নিৰাপত্তাহীনতা নামি আহিছে যাৰ বাবে তেওঁলোক সমাজৰ মূলসুঁতিৰপৰা অধিক দূৰলৈ আঁতৰি গৈছে। সেইটোৱে তেওঁলোকৰ মাজত সম্প্ৰদায়চেতনা বৃদ্ধি কৰাৰ লগতে সাংস্কৃতিক আত্মনিমগ্নতা বহুগুণে বঢ়াই তুলিছে। ইছলামিক ধৰ্মান্ধতা আৰু বিশেষকৈ ইছলামিক মৌলবাদৰ এই বাগধাৰাটো ভাৰতৰ হিন্দু জাতীয়তাবাদী শক্তিসমূহে পূৰাদমে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত। আনহাতে, ছৌডী আৰবক কেন্দ্ৰ কৰি যি ৱাহাবী ইছলামৰ বিশ্বজোৰা প্ৰচাৰ চলিছে তাৰ পৰিণাম মুছলমান সমাজত বহুখিনি দেখিবলৈ পোৱা গৈছে। দেশৰ মাটিত লালিত-পালিত হৈ আয়ত্ত কৰা কিছুমান সহজ আৰু মুকলি জীৱন-আচৰণ, পোছাক-পৰিচ্ছদ এতিয়া ‘বিশুদ্ধ’ ৱাহাবী ইছলামৰ পোহৰত ইছলাম-বিৰোধী যেন লগা হৈছে। ফলস্বৰূপে ধৰ্মান্ধতাৰ প্ৰকোপ বৃদ্ধি পাইছে। আমাৰ ইয়াৰপৰা হজযাত্ৰাৰ বাবে যোৱা বহু ব্যক্তিয়েই ঘূৰি আহি সমাজত ‘বিশুদ্ধ’ ইছলাম প্ৰৱৰ্তনৰ বাবে আগ্ৰহী হোৱাৰ কথা জনা যায়। এনেবোৰ কাৰণত মুছলমান সমাজত সাংস্কৃতিক আত্মনিমগ্নতা আৰু ধৰ্মপৰায়ণতাৰ প্ৰকোপ বৃদ্ধি পাই আহিছে।
সাম্প্ৰতিক প্ৰেক্ষাপটটোলৈ লক্ষ্য কৰিলে দেখা যায় যে হিন্দু জাতীয়তাবাদীসকলে মুছলমানসকলৰ বলপূৰ্বক আধুনিকীকৰণৰ পোষকতা কৰি কথা কৈছে আধুনিকতাৰ ভাষাত, ছেকুলাৰবাদৰ ভাষাত – কিন্তু তাক প্ৰতিহত কৰিবলৈ গৈ মুছলমানসকলে কথা কৈছে ধৰ্মৰ ভাষাত, পৰম্পৰাৰ ভাষাত। হিন্দু জাতীয়তাবাদৰ মতাদৰ্শগত, ৰাজনৈতিক, সাংগঠনিক আধিপত্যৰ বৰ্তমান সময়ছোৱাত বাকী দৰ্শকসকলেও যে স্বাভাৱিকতেই হিন্দু জাতীয়তাবাদীসকলৰ পক্ষতেই গৈ থিয় দিব তাত আচৰিত হ’বলগা একো নাই। গতিকে এই খেলখন মুছলমান সমাজৰ বাবে সকলোপিনৰপৰাই হাৰিবলগীয়া খেল। নাহিদ-কেন্দ্ৰিক আলোচ্য ঘটনাটোতো আমি এই সত্যটোকেই লক্ষ্য কৰিছো। ‘বিশেষ গোহাৰি’ লিখা মুছলমান ব্যক্তিসকলে যিহকে নকওক বা নিলিখক, সেয়া ফটোৱা হওকেই বা নহওকেই – গোটেই মাধমাৰটো মুছলমান সমাজৰ ওপৰতেই পৰিব।
এই পৰিস্থিতিৰপৰা মুক্তিৰ উপায় কি? সিদিনা এটা অসমীয়া নিউজ চেনেলত দেখিবলৈ পালো যে বিশেষভাৱে আয়োজিত এটা অনুষ্ঠানত নাহিদে মুছলমান ধৰ্মীয় পোছাক পিন্ধি গীত পৰিবেশন কৰিছে। অনুষ্ঠানটোৰ শেষত এজন শীৰ্ষস্থানীয় মুছলমান লোকে ষ্টেজলৈ আহি এটা গীত জুৰিছে নাহিদৰ সৈতে, তাত হিন্দু-মুছলমান বিভিন্নজন লোকে সহযোগ কৰিছে। গীতটোৰ কথাংশত শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, পাৰ্বতিপ্ৰসাদ আদি অসমীয়া সমাজৰ ভালেমান যুগজয়ী ব্যক্তিক পুনৰ অসমলৈ আহিবলৈ আৰু আহি সংস্কৃতিৰ গুৰিব’ঠা ধৰিবলৈ (?) আহ্বান জনোৱা হৈছে। আজান ফকীৰৰ কথা উল্লেখ কৰা হৈছে, কিন্তু শংকৰদেৱক জনোৱা আহ্বানটোৰ মাজতহে – ‘শংকৰদেৱ তুমি আকৌ এবাৰ আহা, আজান পীৰৰ স’তে মিলি . . . ’ এনেধৰণৰ। আমি ভাবো যে এই সৰু ঘটনাটো অসমৰ মুছলমানৰ সাংস্কৃতিক ৰাজনীতিৰ এটা সুন্দৰ নিদৰ্শন। সংকটৰ মুহূৰ্তত এই কাৰ্যটোৰ জৰিয়তে তেওঁলোকে এটা ৰাজনৈতিক পথ নিৰ্বাচন কৰিছে। অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰণাটোৰ মাজত তেওঁলোকে এটুকুৰা স্থান দাবী কৰিছে যাৰ মাজত হিন্দু-মুছলমানৰ সমন্বয় আৰু মুছলমানৰ সামাজিক-সাংস্কৃতিক নিৰাপত্তাৰ নিশ্চয়তা পাব পৰা যায়। অসমীয়া জাতীয়তাবাদৰ এটা ভাল গুণ এইটো যে এই পথটোত খামুচি থকালৈকে অসমীয়া মুছলমানক সাম্প্ৰদায়িক ধুমুহাই উৰুৱাই নিব নোৱাৰে। হিন্দু জাতীয়তাবাদৰ বাবেও এই কথাটোৱেই এতিয়ালৈকে অসমত বৰ মস্কিলৰ বস্তু হৈ আছে। এইটো কাৰণতেই আৰ এছ এছৰ বহুতো সাম্প্ৰদায়িক কাৰ্যসূচীয়ে অসমত ভবা মতে সফলতা লাভ কৰিব পৰা নাই, বৰং বুমেৰাং হৈ নিজৰ মুখতে লাগিছেগৈ। কিন্তু মুছলমান প্ৰতিনিধিসকলে দাবী কৰা অসমীয়া জাতীয়তাবাদৰ মাজৰ স্থানটুকুৰা যিমানখিনি কল্পনাপ্ৰসূত সিমানখিনি বাস্তৱ নহয়। অসমীয়া জাতিৰ মাজতো মুছলমানৰ স্থান প্ৰান্তীয়কৃত। অসমীয়া ভাষা আৰু মূলসুঁতিৰ অসমীয়া সংস্কৃতিৰ চৰ্চা কৰাৰ মাধ্যমেৰেহে অসমীয়া মুছলমানে মূলসুঁতিৰ অসমীয়াৰপৰা সন্মান আৰু মৰ্যাদা লাভ কৰিব পাৰে, কিন্তু সিও তেওঁলোকক স্থায়ী নিশ্চয়তা দিব নোৱাৰে। আনহাতে, প্ৰব্ৰজনে জুৰুলা কৰা আৰু পৰিচিতিৰ সংকট সৃষ্টি কৰা অসমৰ সমাজত মুছলমানসকল প্ৰায়েই সন্দেহ আৰু সংশয়ৰ পাত্ৰ হৈ আহিছে। শেহতীয়া সময়ছোৱাত বিজেপি চৰকাৰে হিন্দু বাংলাদেশীসকলক বিনাচৰ্তে নাগৰিকত্ব প্ৰদান কৰি কেৱল মুছলমান বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক বিদেশী বুলি সাব্যস্ত কৰাৰ বাবে আৰু লগতে তেওঁলোকক ভীতিগ্ৰস্ত কৰিবৰ বাবে বিভিন্ন আইনী-ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে, যিটোৱে এই প্ৰক্ৰিয়াটো অধিক আগ বঢ়াই নিছে। ইয়াৰ প্ৰভাৱত মুছলমানসকল অধিক ঘৃণিত আৰু সন্দেহযুক্ত দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ’বলৈ ধৰিছে – অসমৰ যিমানেই পুৰণি বাসিন্দা নহওক, যিমানেই নাগৰিকত্বৰ চৰকাৰী প্ৰমাণপত্ৰ নাথাকক, মুছলমানৰ অসমীয়া তথা ভাৰতীয় পৰিচয় নিৰাপদ নহয়। এনে প্ৰেক্ষাপটত আমি ভাবো যে অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰণাৰ মাজত স্থান দাবী কৰাৰ মাজেৰে অসমীয়া মুছলমানে কিঞ্চিৎ পৰিমাণে নিজৰ সামাজিক-সাংস্কৃতিক নিৰাপত্তা আদায় কৰিব পাৰিলেও বহল অৰ্থত সেইটোৱে তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে।
তাৰ বাবে অসমীয়া মুছলমানে নিজৰ ভিতৰত জোৰদাৰ আধুনিকীকৰণৰ প্ৰক্ৰিয়া হাতত ল’ব লাগিব আৰু সমান্তৰালভাৱে অন্যান্য প্ৰগতিশীল শক্তিসমূহৰ সৈতে মিলি হিন্দু জাতীয়তাবাদী শক্তিসমূহৰ বিৰুদ্ধে থিয় দিব লাগিব। প্ৰথমটো যদি কৰিব পৰা নাযায় তেন্তে দ্বিতীয়টোত তেওঁলোকে কোনোমতেই দ্বিতীয়টো ভূমিকাত সবলতাৰে থিয় দিব নোৱাৰিব। পূৰ্বতে কৈ অহাৰ দৰে, ধৰ্মৰ কৰাল গ্ৰাসৰপৰা মুক্তিৰ বাবে আধুনিকীকৰণৰ প্ৰক্ৰিয়া হাতত ল’বলৈ তেওঁলোকৰ মাজত কোনো স্থায়ী প্ৰতিনিধিত্বমূলক অনুষ্ঠান নাই। এইটো এটা প্ৰধান সমস্যা। আনহাতে, মুছলমানসকলৰ যিটো নগৰীয়া মধ্যবিত্ত শ্ৰেণী আছে তেওঁলোকৰ সৈতে গাঁওবাসী-চৰবাসী সৰ্বসাধাৰণ মুছলমান সমাজৰ কোনো জৈৱিক সম্পৰ্ক নাই বুলিলেও হয়, তাৰ ঠাইত বিশাল সামাজিক-সাংস্কৃতিক পাৰ্থক্য তথা দূৰত্বহে আছে। এনে কাৰণত সৰ্বসাধাৰণ মুছলমান সমাজৰ নেতৃত্ব বহন কৰিবলৈ আধুনিকতাপন্থী শক্তিৰ অভাৱ হোৱাটোৱেই স্বাভাৱিক। এনে অভাৱ পূৰণ কৰিছে ধৰ্মীয় শক্তিসমূহে – মোল্লা-মৌলবী আদি পৰিচালিত ধৰ্মীয় অনুষ্ঠানসমূহে, আৰু বিশেষকৈ ধৰ্মীয় শিক্ষানুষ্ঠানসমূহে। সেইবাবে ধৰ্মীয় অন্ধতাৰ এনে বহুলব্যাপী প্ৰভাৱ আঁতৰ কৰাটো ইমান সহজ নহয়। তথাপি আমি আশা কৰো যে আধুনিকমনা মুছলমান যুৱক-যুৱতীয়ে সংগঠিতভাৱে আধুনিকীকৰণৰ ব্যৱস্থা হাতত ল’বলৈ আগ বাঢ়ি আহিব। ধৰ্মান্ধ শক্তিসমূহক সমাজৰপৰা উৎখাত কৰিবই লাগিব – ইয়াৰ কোনো বিকল্প নাই। কলা-সংস্কৃতিৰ চৰ্চা যদি শ্বৰিয়ত-বিৰোধী হয়, তেন্তে কলা-সংস্কৃতিৰ চৰ্চা বন্ধ কিয় হ’ব? শ্বৰিয়তহে বন্ধ হ’ব লাগে। এনেদৰে ভবা এটা প্ৰজন্ম সৃষ্টি হ’ব লাগিব। অৱশ্যে পৰিবৰ্তনৰ কিছু ৰেশ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে। ইয়াৰ উদাহৰণ আনকি আমাৰ আলোচ্য উক্ত ‘গোহাৰি’খনতেই পোৱা যায়। ইয়াত লিখা হৈছে যে উদালি অঞ্চলত বিভিন্ন শ্বৰিয়ত-বিৰোধী কাৰ্যসূচী হ’বলৈ ধৰিছে – যিটোৱে ধৰ্মৰ ধ্বজাধাৰীসকলক সংশয়ত ভোগাইছে, উঠি অহা ল’ৰা-ছোৱালীবোৰক এনে কু-প্ৰভাৱৰপৰা কেনেকৈ বচোৱা যায় তাক লৈ তেওঁলোকক চিন্তিত কৰি তুলিছে। অৰ্থাৎ, শেহতীয়া সময়ৰ সাংস্কৃতিক পৰিবৰ্তনে ধৰ্মীয় নেতৃত্বক ভীতিগ্ৰস্ত কৰি তুলিছে, তেওঁলোকৰ মতাদৰ্শগত আধিপত্য ক্ৰমাৎ শিথিল কৰি আনিছে। সাধাৰণভাৱে ক’বলৈ গ’লে, বিশ্বায়ন-পৰৱৰ্তী সাংস্কৃতিক পৰিবৰ্তনে সাংস্কৃতিক অৱদমনৰ স্তম্ভসমূহত প্ৰচণ্ডভাৱে কুঠাৰাঘাত কৰিছে। তাৰ ফলত ধৰ্মীয় নেতৃত্বৰ সন্মুখত আহি পৰিছে প্ৰবল সাংস্কৃতিক-নৈতিক প্ৰত্যাহ্বান। স্পষ্ট ৰূপত উল্লেখ নাথাকিলেও উক্ত ‘গোহাৰি’খনত ফুটি উঠা সংশয়াচ্ছন্নতা আৰু দুখবোধৰ মাজত আমি এই সাংস্কৃতিক পৰিবৰ্তনৰ ছবিকেই দেখিবলৈ পাইছো। এইটো নিশ্চয়কৈ এটা শুভ লক্ষণ। এই সুযোগতে হাজাৰ হাজাৰ মুছলমান যুৱক-যুৱতী ওলাই আহক আৰু ওফৰাই পেলাওক ধৰ্মান্ধতাৰ শিকলি। আমাৰ এয়ে কামনা।
আনহাতে, অসমৰ জনপ্ৰিয় সংগীতত মুছলমান শিল্পী নাই বুলিলেও হয়। আমি ধ্ৰুপদী সংগীত বা আধুনিক গীতৰ চৰ্চাৰ কথা কোৱা নাই, কৈছো ৰাজহুৱা পৰিবেশনৰ লগত জড়িত প্ৰকৃতাৰ্থতেই জনপ্ৰিয় সংগীতৰ কথা। এইটো পৰিসৰত মুছলমান শিল্পীৰ অভাৱ হোৱাৰ আঁৰত অসমীয়া জাতীয়তাবাদৰ বহিষ্কৰণবাদী মনোভাব যিমান দায়ী, মুছলমান সমাজৰ ৰক্ষণশীল মনোভাবো নিশ্চয় সিমানেই দায়ী। গতিকে কেৱল নাহিদৰ কাষত থিয় দিলেই নহ’ব, তেনেকুৱা আৰু বহুতো নাহিদ নতুনকৈ ওলাই আহিবও লাগিব।
(১৮-০৩-২০১৭)
Leave a Reply