চিত্ত য’ত ভয়শূন্য, শিৰ য’ত উচ্চ
জ্ঞান য’ত মুক্ত
সংকীৰ্ণতাৰ শত প্ৰাচীৰে য’ত খণ্ড-বিখণ্ড কৰি নেপেলায়
এই পৃথিৱীৰ বিশালতাক
শব্দপুঞ্জ উঠি আহে য’ত সত্যৰ গভীৰ তলিৰপৰা
ক্লান্তিহীন সংগ্ৰামে য’ত দুবাহু মেলি দিয়ে পৰিপূৰ্ণতাৰ পিনে
যুক্তিৰ নিৰ্মল জুৰিটি য’ত হেৰাই নাযায় মৃত অভ্যাসৰ শুকান মৰুভূমিত
য’ত মোৰ অন্তৰাত্মাক তুমি আগুৱাই লৈ যাবা
সুবিশাল চিন্তা আৰু কৰ্মৰ দিশে
হে পিতৃ
মোৰ দেশখন জাগি উঠক আৰু
দেখক – স্বাধীনতাৰ সেইখন স্বৰ্গ৷
(প্ৰথমে ‘নৈবেদ্য’ আৰু পাছত ‘গীতাঞ্জলী’ত সংকলিত৷ অনুবাদ : জিতেন বেজবৰুৱা। ৩ ডিচেম্বৰ, ২০১৬)
Leave a Reply