প্ৰস্তাৱনা
শেহতীয়াভাৱে দেশত চেন্সৰছিপ, বাক স্বাধীনতা, গণতান্ত্ৰিক অধিকাৰ আদি বিষয়ক লৈ ব্যাপক বিতৰ্ক-আলোচনাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটতে আমি কাৰ্ল মাৰ্ক্সৰ এই সম্পৰ্কীয় কিছুমান ধ্যান-ধাৰণা স্মৰণ কৰাৰ প্ৰয়োজন বোধ কৰিলো। ঊনবিংশ শতিকাৰ মাজভাগত মাৰ্ক্সে সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক-বৌদ্ধিক বাদ-বিবাদৰ মাজত অংশগ্ৰহণৰ জৰিয়তে কিদৰে এই প্ৰশ্নসমূহৰ বিচাৰ কৰিছিল তাৰ কিছু প্ৰাসংগিকতা আজিৰ প্ৰেক্ষাপটতো থকা বুলি আমি অনুভৱ কৰিছো। এই লেখাটো প্ৰসিদ্ধ মাৰ্ক্সতত্ত্ববিদ হল ড্ৰেপাৰৰ পাঁচটা খণ্ডত বিভক্ত ‘Karl Marx’s Theory of Revolution’ (Hal Draper, ‘Karl Marx’s Theory of Revolution’; in 5 volumes, originally published by Monthly Review Press, 1977; the present edition published by Aakar, 2011) গ্ৰন্থৰ প্ৰথম খণ্ডত অন্তৰ্ভুক্ত ‘The Political Development of the Young Marx’ শীৰ্ষক ভাগটোৰ কিছু অংশৰ সাৰাংশস্বৰূপ। ইয়াত আমাৰ নিজা বুলিবলৈ বিশেষ একো নাই। লেখাটোৰ জৰিয়তে আমি ড্ৰেপাৰৰ কিছু কিছু ব্যাখ্যাত্মক বক্তব্যৰ লগতে ঘাইকৈ সংশ্লিষ্ট বিষয়ত মাৰ্ক্সৰ অৰিজিনেল বক্তব্যসমূহ দাঙি ধৰিব খুজিছো, যিসমূহ পৰৱৰ্তী সময়ত বহল আলোচনাৰ বাবে, ব্যাখ্যা-বিশ্লেষণৰ কেঁচামাল হিচাপে ব্যৱহৃত হ’ব পাৰে। সেইবাবে আমি তেওঁৰ বক্তব্যসমূহ অনুবাদ কৰিবলৈ বা কেৱল সিবোৰৰ মূলভাবটো লিখিবলৈ ইচ্ছা নকৰিলো।
মাৰ্ক্সে সক্ৰিয় ৰাজনৈতিক জীৱনত প্ৰবেশ কৰিছিল চৌবিছ বছৰ বয়সত এজন উদাৰ গণতান্ত্ৰিক সাংবাদিক হিচাপে, ৰাজনৈতিক গণতন্ত্ৰৰ সমৰ্থক হিচাপে। ৰাজনৈতিক জীৱনৰ প্ৰথম পৰ্যায়টো আৰম্ভ হৈছিল ১৮৪২ চনৰ প্ৰথমভাগত লিখা তেওঁৰ প্ৰথমটো প্ৰকাশিত ৰাজনৈতিক প্ৰবন্ধৰ মাজেদি আৰু সামৰণি পৰিছিল পিছৰ বছৰৰ শেষভাগত তেওঁৰ সাম্যবাদীলৈ হোৱা ৰূপান্তৰৰ মাজেদি। ইয়াৰ মাজৰছোৱাত ঘটা পৰিবৰ্তনখিনিৰ কেন্দ্ৰবিন্দু আছিল ‘ৰেইনিশ্চ্ জেইটুং’ (Rheinische Zeitung) নামৰ কাকতখন। ১৮৪২ চনৰ অক্টোবৰ মাহত মাৰ্ক্সে কাকতখনৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল, আৰু ইয়াক কেন্দ্ৰ কৰিয়েই এজন ৰেডিকেল-গণতান্ত্ৰিক উদাৰতাবাদীৰপৰা তেওঁৰ ৰূপান্তৰ ঘটিছিল এজন বৈপ্লৱিক-গণতান্ত্ৰিক সাম্যবাদীলৈ।
এই পৰ্যায়ৰ আৰম্ভণিতে মাৰ্ক্সৰ আকৰ্ষণৰ ঘাই বিষয় আছিল দৰ্শন। কিন্তু পৰ্যায়টোৰ শেষলৈ সেই আকৰ্ষণে প্ৰবেশ কৰিছিল সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ মাজত। গতিকে, ড্ৰেপাৰৰ ভাষাত, তেওঁ আৰম্ভ কৰিছিল এজন ৰেডিকেল দাৰ্শনিক হিচাপে আৰু সামৰণি মাৰিছিল এজন সামাজিক বিপ্লৱী হিচাপে। এই ৰূপান্তৰটো কেৱল এটা দাৰ্শনিক প্ৰক্ৰিয়া নাছিল, কেৱল দৰ্শনৰ অধ্যয়নৰ মাজেৰে সেইটো ঘটা নাছিল। সমাজ আৰু ৰাষ্ট্ৰ সম্পৰ্কে হেগেলৰ ৰচনাৰাজিৰ সমালোচনাৰ মাজেৰেই ডেকা মাৰ্ক্সে সমাজৰ বিষয়ে এক বৈপ্লৱিক উপলব্ধিত উপনীত হৈছিল বুলি সচৰাচৰ বিশ্বাস কৰা হয়। কিন্তু প্ৰকৃতাৰ্থত হেগেলৰ ধাৰণাৰ সমালোচনা মাৰ্ক্সৰ চিন্তাত বিকশিত হৈছিল ডেৰ বছৰকাল জুৰি তেওঁ জীৱনৰ সামাজিক আৰু ৰাজনৈতিক ঘটনাৰাজিৰ সৈতে কৰা অহৰহ যুঁজ-বাগৰৰ মাজেদিহে। এই যুঁজ-বাগৰ তেওঁ চলাইছিল তৎকালীন জাৰ্মানিৰ আটাইতকৈ চৰম বাঁওপন্থী গণতান্ত্ৰিক বাতৰিকাকতখনৰ সম্পাদক হিচাপে। তদুপৰি সমসাময়িক ৰাজনৈতিক সাহিত্যৰ অধ্যয়নেও এই ক্ষেত্ৰত বৰঙণি যোগাইছিল। সি যি নহওক, এই সময়পৰ্বত আমি মাৰ্ক্সক পাওঁ এজন গণতান্ত্ৰিক চৰমপন্থী হিচাপে।
মাৰ্ক্সৰ ৰাজনৈতিক কৰ্মৰাজিৰ ক্ষেত্ৰখন আছিল জাৰ্মানিৰ ৰাইনলেণ্ড, যিখন ঠাই মূল জাৰ্মানিৰপৰা বিভিন্ন দিশত মূলগতভাৱে পৃথক আছিল। ১৭৯৫ চনত নেপোলিয়নৰ সেনাবাহিনীয়ে ঠাইখন দখল কৰিছিল আৰু তাক সামাজিকভাৱে সংস্কাৰিত কৰিবলৈ চেষ্টা কৰিছিল। ১৮১৫ চনত তাক প্ৰুছিয়া, অৰ্থাৎ জাৰ্মানিয়ে দখল কৰিছিল, কিন্তু সামাজিকভাৱে তাক প্ৰুছীয় ৰূপ দিবলৈ আৰু বহু বছৰ লাগিছিল। এনে কাৰণতে ঠাইখন মূল জাৰ্মানিৰপৰা পৃথক আছিল, কিন্তু ফ্ৰান্সৰ সৈতে নিকটাত্মীয় আছিল। ঠাইখনৰ সামাজিক আৰু বৌদ্ধিক বাতাবৰণত ফ্ৰান্সৰ বাৰুকৈয়ে প্ৰভাৱ আছিল। সাংবিধানিকতাবাদ, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, স্বাধীনতা-সমতা-ভাতৃত্ব আদি ‘ফৰাচী’ ধাৰণাসমূহ তাত চিনাকি আছিল। আনকি ফৰাচী সমাজবাদী ধ্যান-ধাৰণাসমূহো প্ৰবেশ কৰিছিল। বিশেষকৈ আধুনিকীকৰণপন্থী নতুন ঔদ্যোগিক শ্ৰেণীটোক আকৰ্ষণ কৰিব পৰা ছেইণ্ট ছাইমনৰ ধাৰণাৰাজিৰ প্ৰসাৰ ঘটিছিল। আনহাতে, ৰাইনলেণ্ড আছিল জাৰ্মানিৰ ঔদ্যোগিকভাৱে সবাতোকৈ আগবঢ়া আৰু অৰ্থনৈতিকভাৱে উন্নততম ঠাই, য’ত সবাতোকৈ সচেতন উদাৰ বুৰ্জোৱা শ্ৰেণীটোৱে বসবাস কৰিছিল। ১৮৪৮ চনৰ বৈপ্লৱিক চৰকাৰৰ ঘাই নেতাসকলেই আছিল ৰেইনিছ, আৰু সেইসকলৰ বহুকেইজনেই আছিল ‘ৰেইনিশ্চ জেইটুং’ কাকতৰ পৃষ্ঠপোষক। গতিকে ফ্ৰান্সৰপৰা বৈ অহা ধ্যান-ধাৰণাৰাজি আৰু লগতে ৰেইনিছ উদাৰ বুৰ্জোৱা সমাজখনে যিটো ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপট ৰচনা কৰিছিল, তাৰ মাজতেই মাৰ্ক্সৰ ৰাজনৈতিক কৰ্মৰাজিৰ অৱস্থান। এই প্ৰেক্ষাপটত স্বাধীনতা-সমতা-ভাতৃত্বৰ ধাৰণা তথা ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত জনপ্ৰিয় অংশগ্ৰহণৰ প্ৰশ্নটো চৰ্চাৰ বিষয় হৈ পৰিছিল।
ফ্ৰিডৰিখ ৱিলহেম চতুৰ্থ নামৰ নতুন ৰজাজনে সিংহাসনত আৰোহণ কৰিছিল ১৮৪০ চনত। তাৰ পূৰ্বে তেওঁ সংবাদপত্ৰৰ স্বাধীনতাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি বহুত উচ্চ-বাচ্য কৰিছিল আৰু তেওঁৰ বাবে সেয়ে উদাৰতাবাদীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। ১৮৪১ চনত তেওঁ চেন্সৰশ্বিপ সম্পৰ্কে নতুন নীতি-নিয়ম (‘instructions’) ঘোষণা কৰে। উদাৰতাবাদীসকলে আৰু যুৱ হেগেলবাদীসকলে এই পদক্ষেপক উৎসাহেৰে আদৰণি জনায়, আনকি ‘ৰেইনিশ্চ জেইটুং’-এও প্ৰথমাৱস্থাত সেইটোকে কৰিছিল। মাৰ্ক্সে দুখন ৰচনাৰ জৰিয়তে এই নতুন নীতি-নিয়মৰ মাজত লুকাই থকা ছদ্ম-উদাৰতাবাদৰ স্বৰূপ উন্মোচন কৰে, আৰু তাৰ ঠাইত ৰাজনৈতিক গণতন্ত্ৰৰ ৰূপত নিজৰ স্বাধীনতাৰ ধাৰণা দাঙি ধৰে। আমি মন কৰা ভাল যে উক্ত পৰিস্থিতিত মুক্ত সংবাদপত্ৰ আৰু চেন্সৰশ্বিপৰ ইছ্যুটো বিভিন্ন উদাৰতাবাদী ইছ্যুৰ ভিতৰৰে এটা মাত্ৰ নাছিল। উদাৰ গণতন্ত্ৰবাদীসকলে সংবিধানৰ লগতে ইয়াকো ৰাজনৈতিক পৰিবৰ্তনৰ চাবিকাঠি হিচাপে গণ্য কৰিছিল।
এই আলোচনাত মাৰ্ক্সৰ দুখন ৰচনাৰ ওপৰত আলোকপাত কৰা হ’ব। প্ৰথমখন হ’ল ‘Comments on the Latest Prussian Censorship Instructions’। এয়া আছিল মাৰ্ক্সৰ জীৱনৰ প্ৰথম ৰচনা, ১৮৪২ চনৰ জানুৱাৰিত লিখা, কিন্তু প্ৰকাশ পাইছিল পিছৰ বছৰতহে ছুইজাৰলেণ্ডত। দ্বিতীয়খন হ’ল ৰেইনিছ ডায়েট (আইনসভা)ত সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা বিতৰ্কক লৈ লিখা, ‘ৰেইনিশ্চ জেইটুং’-অত প্ৰকাশিত এইখন তেওঁৰ প্ৰথম ৰচনা।
দ্বিতীয়খন ৰচনাই প্ৰথমে আলোচনা কৰিছে সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰুদ্ধে থিয় দিয়া বক্তাসকলৰ বক্তব্য। ডায়েটত সমাজৰ তিনিটা এষ্টেটক প্ৰতিনিধিত্ব কৰা ডেপুটিসকলে দাঙি ধৰা যুক্তিৰাজিৰ বিশ্লেষণ ইয়াত কৰা হৈছে : ৰাজকুমাৰসকল, ভূসম্পত্তিশালী ভদ্ৰসমাজ, আৰু নগৰীয়া বুৰ্জোৱাজি। তাৰ পাছত বিশ্লেষণ কৰা হৈছে সংবাদপত্ৰৰ স্বাধীনতাৰ সমৰ্থকসকলৰ যুক্তিৰাজি : এইসকল আছিল নগৰীয়া বুৰ্জোৱাজি আৰু চতুৰ্থ এষ্টেট, অৰ্থাৎ কৃষকসমাজৰ মাজৰপৰা অহা।
এই সময়ছোৱাত মাৰ্ক্সে সমাজ সম্পৰ্কে বুৰ্জোৱা-গণতান্ত্ৰিক দৃষ্টিভংগীৰ ফ্ৰেমৱৰ্কৰ ভিতৰত থাকিয়ে চিন্তা-চৰ্চা কৰিছিল। উৎপাদনত ব্যক্তিগত সম্পত্তিক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰা নাছিল, বিশেষকৈ ভূমিৰ ক্ষেত্ৰত। একেদৰে তেওঁৰ সামাজিক তত্ত্বটোও আছিল এই ফ্ৰেমৱৰ্কৰে ভিতৰুৱা – তেওঁৰ উদ্দেশ্য আছিল স্বাধীনতাক সুৰক্ষা দিয়া। তেওঁ লিখিছিল যে স্বাধীনতাক তেওঁ বুজিব খোজে তাৰ অন্তৰ্লীন চৰিত্ৰৰ মাজেৰে, তাৰ বাহ্যিক সম্পৰ্কসমূহৰ মাজেৰে নহয় – এইটো হ’ল চৰিত্ৰগতভাৱে এক ভাববাদী ধাৰণা। কিন্তু আমোদজনকভাৱে, আলোচ্য ৰচনা দুখনত মাৰ্ক্সৰ চিন্তা যিটো দিশত গতি কৰিছে সি এটা বিন্দুত উক্ত ফ্ৰেমৱৰ্কটোৰ সৈতে খাপ নোখোৱা হৈ পৰিছে, আৰু সেই ফ্ৰেমৱৰ্ক ফালি ওলাই যাবৰ উপক্ৰম কৰিছে। যদিও তেওঁক দৰ্শনে কৈছে যে এটা বিষয়ক বুজিব লাগিব ‘বাহ্যিক সম্পৰ্কসমূহ’ক একাষৰীয়া কৰি থৈ, প্ৰকৃতাৰ্থত তেওঁৰ এই সময়ছোৱাৰ চিন্তা-চৰ্চা দখল কৰি আছে সেই সামাজিক সম্পৰ্কসমূহেই।
আলোচ্য ৰচনা দুখনত সংবাদপত্ৰৰ স্বাধীনতা আৰু চেন্সৰশ্বিপ হ’ল অচিলা মাত্ৰ, যাৰ মাধ্যমেদি মাৰ্ক্সে স্বাধীনতা তথা গণতন্ত্ৰৰ প্ৰশ্নটোৰ বিশ্লেষণ দাঙি ধৰিছে। বিশুদ্ধভাৱে সংবাদপত্ৰৰ স্বাধীনতাৰ সৈতে জড়িত অংশসমূহৰ গুৰুত্ব গৌণ। দুই-এটা উদাহৰণ দিব পাৰি। চৰকাৰ-অনুমোদিত প্ৰেছে “lies without cease; it must give up even the consciousness of lying, and lose all shame.” সত্যৰ অনুসন্ধান কৰিব খোজাসকলৰ প্ৰথম দায়িত্ব হ’ল “to make directly for the truth without looking right or left” –“Won’t I forget the heart of the matter if it is more important that I speak it in the prescribed form?” চেন্সৰশ্বিপে মুকলি আলোচনাৰ সকলো সম্ভাৱনা মষিমূৰ কৰি পেলায়।
কিন্তু আলোচনাৰ প্ৰকৃত বিষয়টো ৰজাই প্ৰৱৰ্তন কৰা নতুন নীতি-নিয়মৰ ইছ্যুটো নহয়। বিষয়টো হ’ল বহল অৰ্থত গণতান্ত্ৰিক অধিকাৰ। আৰু পুৰণি স্বৈৰতন্ত্ৰৰ সমৰ্থকবৃন্দ নহয়, বৰঞ্চ স্বাধীনতাৰ স্বয়ং উদাৰতাবাদী ৰক্ষাকৰ্তাসকলহে – ইয়াত মাৰ্ক্সৰ আক্ৰমণৰ প্ৰধান লক্ষ্য। (আগলৈ)
(১২-০৬-২০১৬)
সম্পূৰ্ণ ‘চেন্সৰ আৰু মাৰ্ক্স’ লেখাটো পি ডি এফ ৰূপত পঢ়িবলৈ ইয়াত ক্লিক কৰক
অতি প্ৰাসংগিক চিন্তন। মননশীল লেখাটিৰ পৰৱৰ্তী অংশলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰলো।
LikeLiked by 1 person