ৰাজ্যত উদ্ভট ৰোগ আৰু লাউগুটি . . .

(যোৱা কিছু দিন ধৰি নামনি অসমত সোপাধৰা আৰু পিছল মানুহ নে তেনে কিবা দুবিধ ৰহস্যময়/অলৌকিক শক্তিধাৰী বস্তু ওলাইছে বুলি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। য’তে-ত’তে বিভিন্ন অসহায়-দুৰ্ভগীয়া লোকক সেই বুলি সন্দেহ কৰি নৃশংসভাৱে ৰাজহুৱাকৈ মাৰধৰ কৰা হৈছে। এয়া নিঃসন্দেহে এক গণ হিষ্টিৰিয়া বুলি ক’ব পাৰি। এনে পৰিস্থিতি বিভিন্ন ৰূপত বিভিন্ন সময়ত আমাৰ সমাজত আৱিৰ্ভূত হয়। সমাজৰ সকলো স্তৰত বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আৰু তাৰ অনুকূল আৰ্থ-সামাজিক তথা ৰাজনৈতিক প্ৰাতিষ্ঠানিক কাঠামোৱেহে এনে অন্ধবিশ্বাস সমাজৰপৰা আঁতৰ কৰিব পাৰিব। সি যি নহওক, সাম্প্ৰতিক এই ঘটনাই আমাক কিছু বছৰ পূৰ্বতে সদৃশ এক ঘটনাক লৈ লিখা আমাৰ এটা অকণমান আৰু লঘু লেখাৰ কথা মনত পেলাই দিয়াত পুৰণি কাকত-পত্ৰ খুঁচৰি লেখাটো উলিয়াই লৈ পাঠকলৈ বুলি পুনৰ আগ বঢ়ালো। লেখাটো ‘জনসাধাৰণ’ কাকতৰ ৪ অক্টোবৰ, ২০১০ সংখ্যাত প্ৰকাশিত। এতিয়াৰ ঘটনাটোৰ সৈতে সেইটো ঘটনাৰ দেখাত মিল নাই যেন লাগিলেও চৰিত্ৰগতভাৱে দুইটা ঘটনাৰ মৰ্ম একেটাই। – লেখক। ০৭-০৬-২০১৬।)

শহাপহু এটা বেল এজোপাৰ তলত শুই আছিল। হঠাতে কাণ তাল মৰা শব্দ এটা শুনি তাৰ প্ৰাণবায়ু উৰি যাওঁ যেন অৱস্থা হ’ল। প্ৰাণৰ মায়াত আগ-পিছ নিচিন্তি সি টোপনিৰ চকামকাতে উঠি লৱৰি পলাবলৈ ধৰিলে। গৈ থাকোতে সি বাটতে হাতীক লগ পালে। এনে অৱস্থাত দেখি হাতীয়ে তাক উৎকণ্ঠাৰে সুধিলে – কথাটোনো কি! ফোঁপাই-জোপাই সি ক’লে, ‘সৰ্বনাশ হ’ল! আকাশখন খহি পৰিল!’ এনে এটা সৰ্বনশীয়া কথা শুনি হাতীও ভয়ত বিতত হ’ল আৰু শহাৰ সৈতে একেলগে পলাবলৈ ধৰিলে। বাটত সিহঁতে এটা এটাকৈ বহুবোৰ জীৱ-জন্তু লগ পালে আৰু সকলোৱে প্ৰাণৰ মায়াত সিহঁতৰ দৌৰত যোগ দিলে। জীৱ-জন্তুৰ জাকটো অৱশেষত গৈ গৈ সিংহৰ সন্মুখত ওলালগৈ। সিহঁতৰ মুখৰ কথাখিনি শুনাৰ পাছত সিংহই চকু পকাই সুধিলে, ‘কোনে ক’ত দেখিলে আকাশখন খহি পৰা?’ তেতিয়া জীৱ-জন্তুবোৰৰ মাজত উত্তৰা-উত্তৰি আৰম্ভ হ’ল; ইটোৱে কয় সিটোৰ কথা, সিটোৱে কয় আন এটাৰ কথা। শেষত ওলালগৈ যে গোটেই ঘটনাটো শহাপহুটোৰপৰাই আৰম্ভ হৈছিল। সকলোৱে প্ৰশ্ন কৰাত শহাই বেলগছৰ তলত শুই থাকোতে শুনা কাণ তাল মৰা শব্দটোৰ কথা বিৱৰি ক’লে। সিংহৰ লগত গোটেইজাক জীৱ-জন্তু তেতিয়া বেলজোপাৰ তল পালেগৈ, আৰু দেখিলে যে শহাই অথনি শুই থকা ঠাইডোখৰৰ কাষতে ডাঙৰ বেল এটা সৰি পৰি আছে। কাৰো বুজিবলৈ বাকী নাথাকিল যে শহাই শুনা শব্দটো বেলটো সৰাৰ শব্দহে আছিল। আকাশখন খহি পৰা বুলি মিছাতে হুলস্থূল লগোৱা বাবে শহাই সকলোৰেপৰা গালি শুনিবলগীয়া হ’ল।

প্ৰাথমিক বিদ্যালয়ৰ কোনোবা এটা শ্ৰেণীৰ অসমীয়াৰ পাঠ্যত থকা এই(ধৰণৰ) সাধুকথাটো যে আচলতে কিমান শিক্ষাপ্ৰদ – সৰু-ডাঙৰ, অশিক্ষিত-উচ্চ শিক্ষিত বহুতো ব্যক্তিয়ে যোৱা দিনকেইটাত কাণত ফোঁট লৈ ফুৰা দেখিহে বাৰুকৈ উপলব্ধি কৰিব পাৰিছো। শেহতীয়াকৈ নামনি অসমৰ কেইবাখনো জিলাত অকস্মাতে পুৰুষৰ যৌনাংগ আৰু নাৰীৰ স্তন অন্তৰ্ধান হৈ যোৱা উদ্ভট ৰোগ এটাই গোটেইখন হুলস্থূলৰ সৃষ্টি কৰিছে। বিভিন্ন অঞ্চলৰ আক্ৰান্ত ব্যক্তিসকলৰ বিষয়ে নামে-ধামে বাতৰিকাকতত বাতৰি প্ৰকাশ পায়েই আছে। (অসমৰ নিচিনা চুচুক-চামাক যৌন নৈতিকতাৰ সমাজত এনে উদ্ভট ‘ৰোগ’ হোৱা বুলি কোনো ব্যক্তিয়ে মুকলিকৈ প্ৰকাশ কৰাটোত অন্ততঃ সৎ সাহস লুকাই আছে বুলি ক’ব লাগিব – লাগিলে ব্যক্তিজন বিভ্ৰান্তই হওক বা হিষ্টিৰিয়াগ্ৰস্তই হওক!) আনহাতে, এই ‘ৰোগ’বিধৰ প্ৰতিৰোধ-প্ৰতিকাৰৰ বাবে চূণৰ ফোঁট লোৱা, জাতিলাউৰ গুটিৰ মালা পিন্ধা, পানীত ডুবি থকা আদি উপায়ৰ কথা কাকতত সবিস্তাৰে প্ৰকাশ পাইছে (এই ছেগতে জাতিলাউৰ দাম সাংঘাতিকধৰণে বাঢ়ি গৈছে, কোনোবা ঠাইত জাতিলাউৰ এটা গুটিৰ দামেই পঞ্চাছ টকাপৰ্যন্ত হৈছেগৈ!), আৰু আমি স্বচক্ষে দেখিবলৈও পাইছো।

চিকিৎসকসকলে ঘোষণা কৰিছে যে চিকিৎসাবিজ্ঞানে আজিপৰ্যন্ত এনে কোনো ৰোগৰ সন্মুখীন হোৱা নাই আৰু শৰীৰতাত্ত্বিকভাৱে এনে ৰোগ হোৱা সম্ভৱো নহয়; এয়া গণ সন্মোহন বা মাছ হিষ্টিৰিয়াৰ বাদে আন একো নহয়। চিকিৎসকৰ এনে ভাষ্যৰ পাছত ‘ৰোগ’টো সম্বন্ধে আচলতে আমাৰ একো ক’বলগা নাথাকে। আমি মাত্ৰ কাকতত প্ৰকাশ পোৱা ‘ৰোগ’বিধৰ প্ৰতিবেদনসমূহৰ ভিত্তিত দুটামান দিশলৈ আঙুলিয়াই দিব খুজিছো। কিছুসংখ্যক বাতৰিত প্ৰকাশ পোৱা মতে, ‘ৰোগ’বিধত আক্ৰান্ত বহুসংখ্যক লোকক চিকিৎসকে স্বাভাৱিক বুলি ওভতাই পঠাইছে; আনহাতে, দুই-এটা বাতৰিত ‘ৰোগ’টো আৰু আক্ৰান্তসকলৰ বিষয়ে সবিশেষ লিখাৰ পিছত সামৰণিৰ ফালে এটামান বাক্যত লিখিছে যে চিকিৎসাৰ পাছত ব্যক্তিজনে (বা ব্যক্তিসকলে) লগে লগে আৰোগ্য লাভ কৰিছে। চিকিৎসাবিজ্ঞানে চিনিকে নোপোৱা ৰোগ এটাক চিকিৎসকে কেনেকৈ চিকিৎসা কৰিছে? তদুপৰি, যদি ‘ৰোগ’টোৰ প্ৰভাৱ কিছু সময়ৰ কাৰণেহে হয় তেন্তে ইমানখন হুলস্থূল কৰাৰ প্ৰয়োজন কি? যদি উভতি আহিব বুলি গম পোৱা যায়, তেন্তে এবেলা বা এদিনৰ বাবে যৌনাংগটো নোহোৱা হৈ যোৱাৰ অলৌকিক অভিজ্ঞতাৰ সোৱাদ ল’বলৈ বেয়া নহ’ব দেখোন!! যৌনতাৰ বিষয়ে চৰ্চা কৰিবলৈ লিকলিকাই থকা আমাৰ মনবোৰো এই ‘ৰোগ’টোৰ সুযোগতে সাৰ পাই উঠিছে আৰু দেখিবলৈ পাইছো, এই বিষয়টোৱে বিভিন্ন স্তৰৰ লোকৰ মাজত আড্ডা তামাম জমাই তুলিছে।

আমি ধৰিয়ে ল’লো যে ‘ৰোগ’বিধ সঁচাকৈয়ে হৈছে। চিকিৎসকসকলে কোৱা মতে, এনে ‘ৰোগ’ৰ সন্মুখীন চিকিৎসাবিজ্ঞান কাহানিও হোৱা নাই; গতিকে অসমত অতীতত কাহানিবা এই ‘ৰোগ’বিধ হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে, আৰু হোৱাহেঁতেনো গম পালোৱেইহেঁতেন। এতিয়া প্ৰশ্ন হ’ল, আগতে কাহানিও নোহোৱা সম্পূৰ্ণ নতুন ‘ৰোগ’বিধৰ প্ৰতিৰোধ-প্ৰতিকাৰৰ ইমান সহজ উপায় ইমান কম সময়তে কোনে আৱিষ্কাৰ কৰি উলিয়ালে? জ্বৰ-কাহ নাইবা কটা-ছিঙাৰ বন দৰব নাইবা আনধৰণৰ পৰম্পৰাগত প্ৰতিৰোধ-প্ৰতিকাৰৰ উপায় আছে। জনসমাজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু কোনোবা জিজ্ঞাসু অনামী ব্যক্তিৰ প্ৰচেষ্টাত এই দৰবসমূহ আৱিষ্কৃত হৈছিল আৰু সময়ানুসৰি এইসমূহ সংশোধিত আৰু নতুন নতুন উপাদান এইসমূহত সংযোজিত হৈ আহিছে। এইসমূহত বহুতো অন্ধবিশ্বাস সংলগ্ন হৈ আছে আৰু বহুতো দৰবৰ কিছুমান উপাদান হয়তো অনাৱশ্যকভাৱে সংযোজিত হৈ আছে । এই দৰবসমূহ বৈজ্ঞানিক পদ্ধতিৰে সংশোধন-পৰিবৰ্ধন কৰি নিশ্চয় আধুনিক দৰব প্ৰস্তুত কৰি উলিয়াব পৰা যাব; বৈজ্ঞানিকভাৱে প্ৰমাণ নোহোৱা কিছুমান দৰব অৱশ্যে এই প্ৰক্ৰিয়াত বাতিল কৰিবলগাও হ’ব পাৰে। কিন্তু আলোচ্য অচিন ‘ৰোগ’বিধৰ প্ৰতিৰোধ-প্ৰতিকাৰৰ বাবে যিসমূহ বিধান আগ বঢ়োৱা হৈছে সেইসমূহৰ ক্ষেত্ৰত এই কথা অলপকৈ হ’লেও প্ৰযোজ্য হয়নে? বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা দূৰৰ কথা, আমাৰ জনসমাজতো চূণৰ ফোঁটে বা লাউগুটিৰ মালাই এনেধৰণৰ কিবা ৰোগ নিৰাময় কৰাৰ নজিৰ আছেনে? থাকিবনো কেনেকৈ – এনে ৰোগতো কাহানিও আৱিৰ্ভাৱেই হোৱা নাই? তেনেহ’লে কোনে কেনেকৈ গম পালে যে লাউগুটি বা চূণৰ ফোঁটে এই নোহোৱা-নোপজা ‘ৰোগ’বিধ নিৰাময় কৰিব পাৰিব? লাউগুটিত বা চূণত এনে কি প্ৰতিৰোধক-প্ৰতিষেধক উপাদান আছে যি এনে সাংঘাতিক ‘ৰোগ’ এবিধক আঁতৰাই পঠাব পাৰে? বাৰু ধৰিয়ে ল’লো যে এনে উপাদান ইয়াত সঁচাকৈয়ে আছে। কিন্তু এতিয়া প্ৰশ্ন হ’ব, আমি কোনোবাই ডাক্তৰে দিয়া কেপছুলটো নাখাই ডিঙিত পিন্ধি লওঁনে? বা কফ ছিৰাপটো কপালত ঘঁহি কাহ ভাল হ’ব বুলি বাট চাওঁনে? যদি চূণ বা লাউগুটিত কিবা প্ৰতিৰোধক-প্ৰতিষেধক উপাদান আছেই, তেন্তে তাক উপযুক্তধৰণে কামত লগাব লাগিব। যিকোনো ৰোগৰ বীজাণু বিয়পাৰ নিৰ্দিষ্ট মাধ্যম আছে; পিঠাখোৱা ৰোগৰ বীজাণু বতাহত বিয়পে, এইডছৰ বীজাণু তেজৰ মাধ্যমেৰে বিয়পে। ৰোগ বিয়পাৰ মাধ্যমটো আৰু ৰোগটোৰ প্ৰকৃতি অনুসৰি আমি তাৰ প্ৰতিৰোধ-প্ৰতিকাৰৰ ব্যৱস্থা হাতত ল’ব লাগিব। ইয়াকে নকৰি যিকোনো ৰোগৰ বাবে যিকোনোধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে কাম নিদিব। আপুনি এক কুইণ্টল লোহাৰ (আইৰন) ৰডৰ ওপৰত এসপ্তাহ শুই থাকিলেও আপোনাৰ শৰীৰৰ আইৰনৰ অভাৱ পূৰ নহ’ব। একেদৰে, যদি চূণ বা লাউগুটিয়ে এই ‘ৰোগ’ নিৰাময় কৰিব পাৰেও, তেন্তে এইসমূহ উপযুক্তধৰণে ব্যৱহাৰ কৰিব লাগিব; কপালত বা কঁকালত পিন্ধিলে কামত নিদিব। (খুব বেছি যৌনাংগ বা স্তনতে পিন্ধাৰ ব্যৱস্থা কৰিব পাৰি!)

যিসকলে কাণত চূণৰ ফোঁট লৈছে বা কঁকালত লাউগুটিৰ মালা পিন্ধিছে, তেওঁলোকে বুজা উচিত যে ইয়াৰদ্বাৰা কোনো ৰোগৰ কেতিয়াও নিৰাময় নহয়। ই মাত্ৰ এটা কামেই কৰিব পাৰে – ই আপোনাক জধামূৰ্খ বুলি প্ৰমাণিত কৰিব। গতিকে মালা আৰু ফোঁট বাদ দি আহকচোন আমি – প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিত থকা শহাপহুৰ সাধুটো সকলোৱে এবাৰকৈ পঢ়ি চাওঁ।

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: