ভাৰতৰ জাতীয় আন্দোলন : মতাদৰ্শগত আয়তন

মূল : বিপান চন্দ্ৰ
অনুবাদ : জিতেন বেজবৰুৱা

(বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব এটা প্ৰকাশন গোষ্ঠীৰ হাতত ন্যস্ত। আমি একমাত্ৰ সাম্প্ৰতিক সামাজিক প্ৰয়োজনৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰন্থখনৰ কিছুসংখ্যক অধ্যায় পাঠকসমাজৰ ওচৰত দাঙি ধৰিলো। গতিকে এই পাঠসমূহ ফে’চবুকৰ বাদে প্ৰিণ্ট বা আন কোনো মাধ্যমত প্ৰকাশৰ বাবে অনুমতি দিব পৰা নাযাব। ৰেফাৰেন্সসমূহ ইয়াত দিয়া হোৱা নাই। – অনুবাদক)

ভাৰতীয় জাতীয় আন্দোলন মূলতঃ উপনিবেশবাদ আৰু ভাৰতীয় জনগণৰ স্বাৰ্থৰ মাজৰ কেন্দ্ৰীয় দ্বন্দ্বৰ ফচল। এই আন্দোলনৰ নেতৃত্বই ক্ৰমান্বয়ে উপনিবেশবাদ সম্পৰ্কে এক সুস্পষ্ট, বৈজ্ঞানিক আৰু দৃঢ় ধাৰণাত উপনীত হৈছিল আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আন্দোলন আগ বঢ়াই নিছিল। সেই ধাৰণাটো আছিল : ভাৰতীয় অৰ্থব্যৱস্থা আৰু সমাজে যাতে ব্ৰিটিছ অৰ্থব্যৱস্থা আৰু সমাজৰ চাহিদা পূৰণ কৰিব পাৰে তাৰ অৰ্থে ব্ৰিটিছসকলে তেওঁলোকৰ ৰাজনৈতিক নিয়ন্ত্ৰণ প্ৰয়োগ কৰিছিল। এই আন্দোলনটোৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল যে দেশখনে সামগ্ৰিকভাৱে অৱনতি আৰু অনুন্নয়নৰ বাটেৰে বাট বুলিছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই জাতীয় আন্দোলনটোৱে ভাৰতৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কে এটা ধাৰণা গঢ়ি তুলিলে আৰু ক্ৰমান্বয়ে উদ্ভাৱন কৰিলে এটা সুস্পষ্ট সাম্ৰাজ্যবাদ-বিৰোধী মতাদৰ্শ।

ঊনবিংশ শতাব্দীৰ শেষভাগতেই জাতীয় আন্দোলনটোৰ প্ৰতিষ্ঠাপক নেতাসকলে ঔপনিবেশিক শোষণৰ তিনিওটা পদ্ধতি সম্পৰ্কে সুস্পষ্ট ধাৰণা গঢ়ি তুলিবলৈ সক্ষম হৈছিল : লুণ্ঠন, কৰৰ বোজা আৰু ভাৰতত ইংৰাজ কৰ্মচাৰী নিয়োগৰ মাধ্যমেৰে শোষণ; অবাধ আৰু অ-সম বাণিজ্যৰ মাধ্যমেৰে শোষণ; আৰু ব্ৰিটিছ পুঁজি লগ্নিৰ মাধ্যমেৰে শোষণ। তেওঁলোকে এই কথাও বুজিব পাৰিছিল যে ভাৰতৰ ঔপনিবেশিক সম্পৰ্ক ইতিহাসৰ দুৰ্ঘটনা নতুবা ৰাজনৈতিক নীতিৰ ফল নহয়। বৰং ইয়াৰ জন্ম হৈছে খোদ ব্ৰিটিছ সমাজৰ চৰিত্ৰৰ তথা ভাৰতবৰ্ষ তাৰ আওতাত সোমাই পৰাৰ হেতুকে। উপনিবেশবাদ সম্পৰ্কে তেওঁলোকৰ সমস্ত সমালোচনা কেন্দ্ৰীভূত হৈছিল ভাৰতবৰ্ষৰপৰা সম্পদ নিৰ্গমনৰ তত্ত্বত – ভাৰতবৰ্ষৰ পুঁজি আৰু সম্পদৰ এটা ডাঙৰ অংশ যে ব্ৰিটেইনলৈ স্থানান্তৰ কৰা হয় এই তত্ত্বত।

আধুনিক সাম্ৰাজ্যবাদৰ জটিল অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কে এই উপলব্ধি আৰু বৃদ্ধি পালে ১৯১৮ চনৰ পাছত সাম্ৰাজ্যবাদ-বিৰোধী গণ আন্দোলনৰ প্ৰভাৱ আৰু মাৰ্ক্সবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ ফলস্বৰূপে। জাতীয়তাবাদী নেতৃত্বই এইটোও বুজি পাইছিল যে কেন্দ্ৰীয় দ্বন্দ্বটোৰ নিৰসন ঘটোৱা সম্ভৱ একমাত্ৰ ঔপনিবেশিক অৰ্থনৈতিক সম্পৰ্কৰ ৰূপান্তৰ নতুবা বিনাশৰ মাধ্যমেৰেহে। তদুপৰি আন্দোলনটোৰ বিকাশৰ প্ৰতিটো পৰ্যায়তে নেতৃত্বই উক্ত পৰ্যায়টোৰ বিশ্লেষণক যুক্ত কৰিছিল উপনিবেশবাদৰ বিশ্লেষণৰ সৈতে।

এই উপনিবেশবাদ-বিৰোধী বিশ্ববীক্ষাটো জাতীয় আন্দোলনৰ একেবাৰে তৃণমূলৰ কৰ্মীসকলেও সম্পূৰ্ণৰূপে আত্মস্থ কৰিবলৈ সক্ষম হৈছিল। গণ ৰাজনীতিৰ গান্ধীবাদী যুগত তেওঁলোকে উপনিবেশবাদৰ এই সমালোচনাটো বিয়পাই দিছিল নগৰ তথা গাঁৱৰ সৰ্বসাধাৰণ জনতাৰ মাজত। ভাৰতবৰ্ষৰ সম্পদৰ নিৰ্গমন তথা ব্ৰিটেইনৰ শিল্পজাত পণ্যৰ বজাৰ হিচাপে ভাৰতবৰ্ষক ব্যৱহাৰ কৰা আৰু তাৰ পৰিণামত ভাৰতবৰ্ষৰ হস্তশিল্প উদ্যোগসমূহৰ ধ্বংস সাধন – একে সময়তে এই বিষয়দুটাও আছিল তেওঁলোকৰ প্ৰচাৰৰ মূলবস্তু। এই প্ৰচাৰৰ ফলত ভাৰতীয় মানুহৰ মনত ঔপনিবেশিক শাসনৰ ভিত্তিমূল দুৰ্বল হৈ পৰিছিল। ভাৰতীয়সকলৰ স্বাৰ্থতে ব্ৰিটিছে ভাৰত শাসন কৰিছে আৰু ব্ৰিটিছেই সাধাৰণ মানুহৰ বাবে পিতৃ-মাতৃস্বৰূপ – মানুহৰ মনত সতৰ্কতাৰে ৰোপণ কৰা এই অতিকথাটো ই বিধ্বস্ত কৰি পেলাইছিল।

এনেকৈয়ে, প্ৰাথমিক দ্বন্দ্বটোৱে যিদৰে জাতীয় আন্দোলনৰ বৈষয়িক বা কাঠামোগত ভিত্তি গঢ়ি দিছিল, সেইদৰে উপনিবেশবাদ-বিৰোধী মতাদৰ্শৰ মাধ্যমেৰে তাক উপলব্ধি কৰাৰ প্ৰক্ৰিয়াই গঢ় দিছিল আন্দোলনটোৰ মতাদৰ্শগত ভিত্তি। ই মুকলি কৰি দিছিল দৃঢ় আৰু অবিচল সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ বাট। আৰু এই আন্দোলনে অত্যন্ত নমনীয় ৰণকৌশল অৱলম্বন কৰিব পাৰিছিল কিয়নো ইয়াৰ শিপা দৃঢ়ভাৱে পোত খাই আছিল উপনিবেশবাদ-বিৰোধী নীতিৰ মাজত।

জাতীয় আন্দোলনৰ এই শক্তিশালী উপনিবেশবাদ-বিৰোধী ভিত্তিটোও অতিকে গুৰুত্বপূৰ্ণ, কাৰণ যিকোনো গণ আন্দোলনতেই মতাদৰ্শই এক নিৰ্ণায়ক ভূমিকা পালন কৰে। স্বাভাৱিক ৰাজনীতিত কোনো চৰকাৰক সমৰ্থন কৰা বা তাৰ বিৰোধিতা কৰা, কিম্বা তাৰ পক্ষে বা বিপক্ষে ভোটদান কৰাৰ বাবে অতি প্ৰবল অনুপ্ৰেৰণাৰ প্ৰয়োজন নাই। কিন্তু যি গণ আন্দোলনত অসীম আত্মত্যাগৰ প্ৰয়োজন হয় তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ কেৱল দৰিদ্ৰ বা শোষিত হোৱাৰ অনুভূতিয়েই যথেষ্ট নহয়। ইয়াৰ বাবে প্ৰয়োজন সামাজিক পৰিস্থিতিৰ কাৰণসমূহ উপলব্ধিৰ ভিত্তিত গঢ়ি উঠা এক শক্তিশালী, অতি শক্তিশালী মতাদৰ্শগত দায়বদ্ধতা। গতিকে এই আন্দোলনৰ বৈজ্ঞানিক উপনিবেশবাদ-বিৰোধী মতাদৰ্শই সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামৰ প্ৰধান চালিকাশক্তি হিচাপে কাম কৰিছিল।

উপনিবেশবাদ-বিৰোধী বিশ্ববীক্ষাৰ লগতে অন্য ভালেমান মতাদৰ্শগত উপাদান মিলি গঢ়ি তুলিছিল ভাৰতীয় জাতীয় আন্দোলনৰ মূল সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক দৃষ্টিভংগী। মোটামুটিভাৱে ক’বলৈ হ’লে, এই দৃষ্টিভংগী আছিল বুৰ্জোৱা বা পুঁজিবাদী স্বাধীন অৰ্থনৈতিক বিকাশ আৰু এক ধৰ্মনিৰপেক্ষ, প্ৰজাতান্ত্ৰিক, গণতান্ত্ৰিক, নাগৰিক স্বাধীনতাভিত্তিক ৰাজনৈতিক ব্যৱস্থাৰ দৃষ্টিভংগী – য’ত অৰ্থনৈতিক আৰু ৰাজনৈতিক উভয় ব্যৱস্থাৰ ভিত্তি হ’ব সামাজিক সমতাৰ নীতি। লক্ষণীয়ভাৱে, এই দৃষ্টিভংগীক লৈ কেতিয়াও কোনো প্ৰশ্ন উঠা নাছিল। একমাত্ৰ বিতৰ্কটো সীমাবদ্ধ আছিল অৰ্থনৈতিক ব্যৱস্থাৰ পুঁজিবাদী চৰিত্ৰক কেন্দ্ৰ কৰি, আৰু ১৯২০ চনৰ পাছত এই বিষয়ত গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছিল।
………………………………………………….

জাতীয় আন্দোলন সংসদীয় গণতন্ত্ৰ আৰু নাগৰিক স্বাধীনতাৰ প্ৰতি আছিল সম্পূৰ্ণ দায়বদ্ধ। এই দুটা বস্তুৱে যাতে ভাৰতৰ মাটিত নিজে নিজে শিপা মেলিব পাৰে তাৰ বাৰে উপযুক্ত পটভূমি আৰু পৰিবেশ সৃষ্টি কৰিছিল জাতীয় আন্দোলনে। আৰু এয়া ঘটিছিল এনেকুৱা এটা সময়ত যেতিয়া ঔপনিবেশিক শাসকসকলে প্ৰচাৰ কৰিছিল যে ভাৰতৰ পৰিবেশ, ভাৰতীয় জনগণৰ ঐতিহাসিক ঐতিহ্য আৰু তেওঁলোকৰ ধৰ্মীয় তথা সামাজিক প্ৰতিষ্ঠানসমূহৰ চৰিত্ৰ ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে অনুকূল নহয় – স্বৈৰতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী পদ্ধতিতেই ভাৰতীয়সকলক শাসন কৰিব লাগিব। ব্ৰিটিছসকলে বাক-স্বাধীনতা আৰু সংবাদপত্ৰৰ স্বাধীনতাৰ ক্ষেত্ৰত ক্ৰমশ অধিক পৰিমাণে হস্তক্ষেপ কৰিবলৈ ধৰিছিল আৰু এইসমূহৰ ওপৰত আক্ৰমণ চলাবলৈ ধৰিছিল।

ফলস্বৰূপে, গণতন্ত্ৰৰ বাবে আৰু ইয়াৰ আত্মস্থকৰণ তথা দেশীয়কৰণৰ বাবে – অৰ্থাৎ গণতন্ত্ৰক ভাৰতীয় মাটিত শিপাবদ্ধ কৰাৰ বাবে – সংগ্ৰাম কৰাটো জাতীয় আন্দোলনৰ দায়িত্ব হৈ পৰিছিল। আৰম্ভণিৰেপৰাই আন্দোলনটোৱে যুঁজ দিছিল জনগণৰ ভোটৰ ভিত্তিত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ ব্যৱস্থা প্ৰবৰ্তনৰ বাবে। ১৯২০ চনৰ পূৰ্বে তিলক আৰু আন আন জাতীয়তাবাদীসকলে আৰু পৰৱৰ্তী সময়ত গান্ধীজী আৰু কংগ্ৰেছে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰবৰ্তনৰ বাবে দাবী জনাইছিল যাতে সকলো প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাই ভোটদান কৰিব পাৰে। জন্মলগ্নৰেপৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সংগঠিত কৰা হৈছিল গণতান্ত্ৰিক কাৰ্যপন্থাৰে। দলৰ সমস্ত প্ৰস্তাৱক লৈয়েই ৰাজহুৱা বিতৰ্ক আৰু ভোটদান অনুষ্ঠিত হৈছিল। সংখ্যালঘু মতামত মুকলিকৈ প্ৰকাশ কৰাৰ অনুমতি আৰু উৎসাহ কংগ্ৰেছে দিছিল।

কংগ্ৰেছৰ ইতিহাসত অতিকে গুৰুত্বপূৰ্ণ ভালেমান সিদ্ধান্ত উত্তপ্ত বিতৰ্কৰ পাছত আৰু মুক্ত ভোটদানৰ ভিত্তিতহে গ্ৰহণ কৰা হৈছিল। উদাহৰণস্বৰূপে, অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত ১৯২০ চনত কলিকতাত গ্ৰহণ কৰা হৈছিল; গান্ধীজীৰ প্ৰস্তাৱৰ সপক্ষে ১৮৮৬টা ভোটৰ বিপৰীতে বিপক্ষে পৰিছিল ৮৮৪টা ভোট। অনুৰূপভাৱে, ভাইচেৰয়ৰ ট্ৰেইনত বিপ্লৱী সন্ত্ৰাসবাদীসকলৰ বোমা নিক্ষেপ ঘটনাৰ নিন্দা কৰি ১৯২৯ চনত লাহোৰ কংগ্ৰেছত গান্ধীজীৰ অনুমোদনক্ৰমে উত্থাপন কৰা প্ৰস্তাৱ সামান্য সংখ্যাগৰিষ্ঠ ভোটত, ৯৪২-৭৯৪, গৃহীত হয়। ১৯৪২ চনত এ আই চি চি-ৰ ১৩জন কমিউনিষ্ট সদস্যই বিখ্যাত ভাৰত ত্যাগ প্ৰস্তাৱৰ বিপক্ষে ভোটদান কৰিছিল। কিন্তু এই ১৩জন সদস্যক নিন্দা কৰাৰ সলনি গান্ধীজীয়ে তেওঁৰ বিখ্যাত ‘কৰিম নাইবা মৰিম’ বক্তৃতাৰ একেবাৰে আৰম্ভণিতে কৈছিল : “যি ১৩জন সদস্যই প্ৰস্তাৱটোৰ বিপক্ষে ভোটদান কৰিছিল মই তেওঁলোকক অভিনন্দন জনাইছো। তেওঁলোকে যি কৰিছে তাত লাজ পাবৰ কোনো কাৰণ নাই। বিগত বিছ বছৰে আমি শিকিবলৈ চেষ্টা কৰিছো – কেতিয়াবা আমি একেবাৰে সংখ্যালঘু হৈ পৰিব পাৰো আৰু আমাক লৈ আনে হাঁহি-তামাচাও কৰিব পাৰে, কিন্তু তেতিয়াও যাতে আমি আমাৰ সাহস হেৰুৱাই নেপেলাওঁ। আমি যে শুদ্ধ পথত আছো তাৰ ওপৰত আস্থা ৰাখিয়েই নিজৰ বিশ্বাসক অটলভাৱে খামুচি থকাৰ শিক্ষা আমি পাইছো। ই আমাক সাহসী আৰু প্ৰত্যয়ী হৈ উঠাত সহায় কৰে, কিয়নো ই মানুহক মহান কৰে আৰু তুলি ধৰে নৈতিকতাৰ উচ্চ শিখৰত। সেইবাবে আমি খুব আনন্দিত হৈছো যে বিগত পঞ্চাছ বছৰ বা তাতকৈ অধিক কাল আমি যি নীতি অনুসৰণ কৰাৰ চেষ্টা কৰি আহিছো, সেই নীতি এই বন্ধুসকলে আত্মস্থ কৰিব পাৰিছে।”
………………………………………………….

জাতীয় আন্দোলনটোৱে আৰম্ভণিৰপৰাই নাগৰিক অধিকাৰ সুৰক্ষাৰ উদ্দেশ্যে সোৎসাহে চেষ্টা কৰিছিল। প্ৰথমৰেপৰাই জাতীয়তাবাদীসকলে সংবাদপত্ৰৰ স্বাধীনতা, বাক-স্বাধীনতা, সমিতি গঠনৰ স্বাধীনতা আৰু অন্যান্য নাগৰিক অধিকাৰৰ ওপৰত ঔপনিবেশিক কৰ্তৃপক্ষৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছিল। উদাহৰণস্বৰূপে, লোকমান্য তিলকে প্ৰায়েই কৈছিল যে ‘সংবাদপত্ৰৰ স্বাধীনতা আৰু বাক-স্বাধীনতাই এটা জাতিৰ জন্ম দিয়ে আৰু তাক লালন-পালন কৰে।’

নাগৰিক অধিকাৰৰ প্ৰতি গান্ধীজীৰ দায়বদ্ধতাও আছিল পূৰ্ণাংগ। অসহযোগ আন্দোলনৰ ভৰপক সময়ত ১৯২২ চনৰ জানুৱাৰি মাহত তেওঁ ‘ইয়ং ইণ্ডিয়া’ত লিখিছিল : “চৰকাৰে দেশখনৰ ওপৰত যি সমস্যা জাপি দিছে তাৰ প্ৰভাৱত আনকি স্বৰাজ, খিলাফৎ, পাঞ্জাব সমস্যাও তল পৰিছে। আমাৰ লক্ষ্যৰ দিশত যদি কিবা অগ্ৰগতি ঘটিব লাগে তেনেহ’লে প্ৰথমে বাক-স্বাধীনতা আৰু সমিতি গঠনৰ অধিকাৰ অৰ্জন কৰিবই লাগিব। … … জীৱন দি হ’লেও আমি এইসমূহ প্ৰাথমিক অধিকাৰ ৰক্ষা কৰিব লাগিব।”ইয়াৰ ঠিক পাছতেই অন্য এটা প্ৰবন্ধত তেওঁ এইসমূহ অধিকাৰৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল এনেদৰে : “বাক-স্বাধীনতাৰ অৰ্থ হ’ল, কোনো বক্তৃতাই যদি কাৰোবাক আঘাত কৰে তথাপিতো এই স্বাধীনতা অলংঘনীয়; সংবাদপত্ৰই যদি কঠোৰ মন্তব্যও কৰে, আনকি কোনো বিষয় যদি ভুলকৈও ব্যাখ্যা কৰে, তথাপিতো সংবাদপত্ৰৰ স্বাধীনতা মানি চলিব লাগিব। … … সমিতি গঠনৰ অধিকাৰ মানি চলা বুলি তেতিয়াহে ক’ব পৰা যাব যেতিয়া মানুহে আনকি বৈপ্লৱিক আঁচনি সম্পৰ্কেও আলোচনা কৰিব পাৰিব।”এই বিষয়ত গান্ধীজীৰ আন এটা বক্তব্যও খুবেই গুৰুত্বপূৰ্ণ : “অহিংস নীতি মানি চলাটো নাগৰিক অধিকাৰৰ সৈতে সংগতিপূৰ্ণ আৰু ই স্বৰাজৰ দিশত প্ৰথম পদক্ষেপ। ই হ’ল ৰাজনৈতিক আৰু সামাজিক জীৱনৰ প্ৰাণশক্তি, স্বাধীনতাৰ ভিত্তি। ইয়াক লঘু কৰাৰ বা ইয়াৰ ক্ষেত্ৰত আপোচ কৰাৰ কোনো কথাই নাহে। ই হ’ল জীৱনৰ মৰ্মস্থল।”

জৱাহৰলাল নেহৰু আছিল নাগৰিক অধিকাৰৰ সম্ভৱতঃ সবাতোকৈ দৃঢ়পণ প্ৰবক্তা। অৰ্থনৈতিক সমতা আৰু সমাজবাদৰ ওপৰত তেওঁ যিমান বেছি গুৰুত্ব আৰোপ কৰিছিল, ঠিক সিমানেই কৰিছিল নাগৰিক অধিকাৰৰ ওপৰতো। ১৯৩১ চনত কৰাচী কংগ্ৰেছত মৌলিক অধিকাৰ সম্পৰ্কে যি প্ৰস্তাৱ গৃহীত হৈছিল তেওঁ তাৰ খচৰা প্ৰস্তুত কৰিছিল – য’ত বক্তৃতা আৰু সংবাদপত্ৰৰ মাধ্যমেৰে মুক্ত মত প্ৰকাশৰ অধিকাৰ আৰু সমিতি গঠনৰ অধিকাৰ সুনিশ্চিত কৰাৰ কথা উত্থাপন কৰা হৈছিল। ১৯৩৬ চনৰ আগষ্ট মাহত তেওঁৰ চেষ্টাতে গঠিত হয় ‘ইণ্ডিয়ান চিভিল লিবাৰ্টিজ ইউনিয়ন’। কোনো দল বা সম্প্ৰদায়ৰ প্ৰতি বিশেষ দৰদ নেদেখুওৱাকৈ, নাগৰিক অধিকাৰত হস্তক্ষেপৰ যিকোনো প্ৰয়াসৰ বিৰুদ্ধে জনমত সংগঠিত কৰাই আছিল ইয়াৰ উদ্দেশ্য। সেই সময়ত তেওঁ ঘোষণা কৰিছিল : “নাগৰিক অধিকাৰ যদি খৰ্ব কৰা হয়, তেনেহ’লে এটা জাতিয়ে তাৰ সমস্ত প্ৰাণশক্তি হেৰুৱায় আৰু মৌলিক কোনো কাম কৰাৰ সক্ষমতা তাৰ নাথাকে।”আৰু পুনৰ ১৯৪০ চনৰ মাৰ্চত তেওঁ লিখিছিল : “যিবোৰ কথা লিখিলে আমি ভাল পাওঁ সেইবোৰ কথা লিখাৰ অনুমতি দিয়াটোক সংবাদপত্ৰৰ স্বাধীনতা নোবোলে। এজন স্বৈৰাচাৰী শাসকেও এনেধৰণৰ স্বাধীনতা প্ৰদান কৰিবলৈ ৰাজী হ’ব। নাগৰিক অধিকাৰ আৰু সংবাদপত্ৰৰ স্বাধীনতা থকা বুলি তেতিয়াহে ক’ব পৰা যাব যেতিয়া আমি পছন্দ নকৰা কথাও লিখিবলৈ অনুমতি দিয়া হ’ব, আমাক নিজকে সমালোচনা কৰিলেও সহ্য কৰা হ’ব, যিসমূহ দৃষ্টিভংগী খোদ আমাৰ আদৰ্শৰ পক্ষেই ক্ষতিকৰ সেইসমূহো ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰিব।”

এনেদৰেই জাতীয়তাবাদী আন্দোলনে কালক্ৰমত বিৰুদ্ধ মতৰ প্ৰতি সন্মান, মত প্ৰকাশৰ স্বাধীনতা, সংখ্যাগৰিষ্ঠতাৰ নীতি আৰু সংখ্যালঘু মতামতৰ প্ৰকাশ তথা বিকাশৰ অধিকাৰৰ ভিত্তিত এক মতাদৰ্শ, আৰু গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰৰ এক সংস্কৃতি সফলভাৱে গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
……………………………………………………

ধৰ্মনিৰপেক্ষতা আৰম্ভণিৰেপৰাই জাতীয়তাবাদী মতাদৰ্শৰ এক মৌলিক অংশ আছিল, আৰু হিন্দু-মুছলমান ঐক্যৰ ওপৰত প্ৰদান কৰা হৈছিল বিশেষ গুৰুত্ব। এই কথা ঠিক যে জাতীয় আন্দোলনে সাম্প্ৰদায়িকতা নিৰ্মূল কৰিব নোৱাৰিলে আৰু দেশ বিভাজনো ৰোধ কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ কাৰণ ধৰ্মনিৰপেক্ষতাৰ মতাদৰ্শৰপৰা বিচ্যুতি নহয় – বৰঞ্চ, সাম্প্ৰদায়িকতাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰণকৌশলগত দুৰ্বলতা তথা সাম্প্ৰদায়িকতাৰ সামাজিক-অৰ্থনৈতিক আৰু মতাদৰ্শগত উৎসসমূহ হৃদয়ংগম কৰাত আন্দোলনটোৰ ব্যৰ্থতাহে ইয়াৰ মূল কাৰণ। জাতীয় আন্দোলনে জাত-পাতভিত্তিক নিপীড়ন-নিৰ্যাতনৰো বিৰোধিতা কৰিছিল, আৰু ১৯২০ চনৰ পাছত অস্পৃশ্যতা দূৰীকৰণক ইয়াৰ কৰ্মসূচী তথা ৰাজনৈতিক কাম-কাজৰ এটা মৌলিক অংশত পৰিণত কৰিছিল, যদিও এই ক্ষেত্ৰতো গুৰুতৰ মতাদৰ্শগত দুৰ্বলতা ৰৈ গৈছিল। বিশেষতঃ জোৰদাৰ জাত-পাত-বিৰোধী মতাদৰ্শ গঠন আৰু প্ৰচাৰ কৰিবলৈ ই সক্ষম হোৱা নাছিল। আনহাতে, নাৰীমুক্তিৰ প্ৰশ্নটোও ই গভীৰভাৱে বিবেচনা কৰা নাছিল।

ভাৰতীয় জনগণৰ বহুমুখী বৈচিত্ৰ্যক জাতীয় আন্দোলনে সম্পূৰ্ণৰূপে স্বীকৃতি দিছিল। ভাৰতবৰ্ষ যে জাতি হিচাপে এতিয়াও বিকশিত বা সুসংগঠিত হৈ উঠা নাই, বৰঞ্চ ই এটা নিৰ্মীয়মান জাতি – এই সত্য স্বীকাৰ কৰি লোৱা হৈছিল, আৰু ইয়েই আছিল ৰাজনৈতিক আৰু মতাদৰ্শগত কাম-কাজ তথা প্ৰচাৰৰ ভিত্তি। এই আন্দোলনে বাৰুকৈয়ে উপলব্ধি কৰিছিল যে সকলোৱে ঔপনিবেশিক শাসনৰ অধীনত থকাৰ ফলস্বৰূপে জাতিগঠনৰ এটা বৈষয়িক আৰু আৱেগিক ভিত্তি নিৰ্মিত হৈ উঠিছে, আৰু উপনিবেশবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ মাজেদি জাতিটো গঢ়ি তোলাই আন্দোলনটোৰ দায়িত্ব। ভবা হৈছিল যে ৰাজনৈতিক আৰু মতাদৰ্শগত কৰ্মপ্ৰচেষ্টাই জাতিটো গঢ়ি তোলাৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তাৰ উপৰি আন্দোলনটোৱে স্পষ্টভাৱেই বুজি পাইছিল যে আঞ্চলিক, ধৰ্মীয়, জাতিগত, নৃগোষ্ঠীয় আৰু ভাষিক পাৰ্থক্যসমূহ মনত ৰাখিয়েই ভাৰতীয় জনগণক এটা জাতি হিচাপে ঐক্যবদ্ধ কৰাৰ লক্ষ্য অৰ্জন কৰিব লাগিব। বিভিন্ন ভাষিক গোষ্ঠীৰ সাংস্কৃতিক আকাংক্ষাসমূহক পূৰ্ণ স্বীকৃতি প্ৰদান কৰা হৈছিল। ১৯২১ চনৰপৰা কংগ্ৰেছে তাৰ প্ৰাদেশিক কিম্বা আঞ্চলিক সমিতিসমূহ গঠন কৰিছিল ভাষাৰ ভিত্তিতহে, ইংৰাজসকলৰদ্বাৰা সৃষ্ট বহু-ভাষাভিত্তিক প্ৰদেশ অনুযায়ী নহয়।
………………………………………………..

ভাৰতীয় জাতীয় আন্দোলনে একেবাৰে আৰম্ভণিৰপৰাই আৰু প্ৰায় সৰ্বসন্মতভাৱেই, আধুনিক ঔদ্যোগিক আৰু কৃষিগত বিকাশৰ ভিত্তিত দেশখনৰ পূৰ্ণ অৰ্থনৈতিক ৰূপান্তৰণকে তাৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছিল। বিচাৰপতি ৰানাডেৰপৰা আৰম্ভ কৰি পৰৱৰ্তী জাতীয়তাবাদীসকলে স্বীকাৰ কৰিছিল যে জনগণৰ দাৰিদ্ৰ্য দূৰ কৰাৰ একমাত্ৰ উপায় হ’ল শিল্পায়ন। এই প্ৰায় সৰ্বসন্মত অভিমতৰ ক্ষেত্ৰত গান্ধীজী আছিল কিছু পৰিমাণে ব্যতিক্ৰম, কিন্তু সেইবুলি পূৰাপূৰি নহয়। নিজৰ অভিমতক তেওঁ জাতীয় নেতৃত্বৰ বাকী অংশৰ অভিমতৰ বিৰুদ্ধে থিয় কৰোৱা নাছিল। তদুপৰি যন্ত্ৰ-পাতি আৰু বৃহদায়তন উদ্যোগৰ ব্যৱহাৰ সম্পৰ্কে তেওঁৰ অভিমতক দেখ দেখকৈ ভুলভাৱে ব্যাখ্যা কৰা হৈছে। যন্ত্ৰই যদি বহু লোকক কৰ্মচ্যুত কৰে বা বহুজনৰ বিনিময়ত কিছুসংখ্যক লোকক চহকী কৰে, কেৱল তেনে ক্ষেত্ৰতহে গান্ধীজীয়ে যন্ত্ৰৰ বিৰোধিতা কৰিছিল। আনহাতে, তেওঁ বাৰে বাৰে দোহাৰিছিল যে তেওঁ‘সকলোটিৰে মংগল সাধন কৰা বিজ্ঞানৰ যিকোনো উদ্ভাৱনকেই মূল্যৱান’ বুলি বিশ্বাস কৰে। তেওঁ বাৰে বাৰে কৈছিল যে আধুনিক বৃহদায়তন উদ্যোগে যেতিয়ালৈকে মানুহৰ কৰ্মদক্ষতা বৃদ্ধি কৰিব আৰু শ্ৰমৰ বোজা লাঘৱ কৰিব, কিন্তু মানুহক কৰ্মচ্যুত নকৰিব, তেতিয়ালৈকে তেওঁ তাৰ বিৰোধিতা কৰাৰ কথা নাহে। তদুপৰি তেওঁ আৰু এটা চৰ্ত দাঙি ধৰিছিল : সকলো বৃহদায়তন উদ্যোগৰ মালিকানা থাকিব ৰাষ্ট্ৰৰ হাতত আৰু ৰাষ্ট্ৰইহে সেইসমূহ নিয়ন্ত্ৰণ কৰিব, কোনো ব্যক্তি মালিকে নহয়।

বিদেশী পুঁজিৰ হাতোৰাৰপৰা মুক্ত স্বাধীন, স্বনিৰ্ভৰ অৰ্থনৈতিক বিকাশ, দেশজ মূলধনী পণ্য বা যন্ত্ৰ-নিৰ্মাণ শিল্প গঢ়ি তোলা আৰু স্বাধীন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভিত্তি স্থাপন আৰু তাৰ বিকাশ ঘটোৱা আছিল জাতীয়তাবাদীসকলৰ বৃহত্তৰ লক্ষ্য। এই ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা আছিল পূৰ্ণাংগ। ১৮৪০ৰ দশকৰপৰাই ব্ৰিটিছ অৰ্থনীতিবিদ আৰু প্ৰশাসকসকলে বুজাবলৈ চেষ্টা কৰিছিল যে বিদেশী পুঁজি লগ্নি ভাৰতৰ বিকাশৰ এক প্ৰধান হাতিয়াৰ। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল দাদাভাই নৌৰজী তথা তিলকৰপৰা আৰম্ভ কৰি গান্ধীজী তথা নেহৰু পৰ্যন্ত সকলো ভাৰতীয় জাতীয়তাবাদীয়ে। তেওঁলোকে যুক্তি দিছিল যে বিদেশী পুঁজিয়ে কোনো দেশৰে বিকাশ ঘটাব নোৱাৰে, বৰং অৱনতিৰ পিনেহে ঠেলি দিয়ে। ই দেশী পুঁজিক অৱৰুদ্ধ কৰি ৰাখে আৰু তাৰ ভৱিষ্যৎ বিকাশ বাধাপ্ৰাপ্ত কৰে। জাতীয়তাবাদীসকলে কৈছিল যে ই ৰাজনৈতিক দিশৰপৰাও ক্ষতিকৰ, কিয়নো সোনকালেই হওক বা পলমকৈয়ে হওক, প্ৰশাসনৰ ওপৰতো ই ক্ৰমবৰ্ধমানভাৱে প্ৰভাৱ আৰু আধিপত্য বিস্তাৰ কৰিবই।

দাদাভাই নৌৰজী তথা ৰানাডেকে কৰি সকলো জাতীয়তাবাদীয়েই স্বাধীন আৰু আধুনিক অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰায়ত্ত খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিব পাৰিছিল। ১৯৩০ৰ দশকত জৱাহৰলাল নেহৰু, গান্ধীজী আৰু বামপন্থীসকলে বিশেষকৈ বৃহদায়তন আৰু মূল উদ্যোগসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰায়ত্ত খণ্ডৰ সপক্ষে মত পোষণ কৰিছিল – কিয়নো মুষ্টিমেয় লোকৰ হাতত সম্পদৰ কেন্দ্ৰীভৱন ৰোধ কৰাত ই হাতিয়াৰ হিচাপে কাম কৰে। ১৯৩০ৰ দশকৰ শেষৰ পিনে অৰ্থনৈতিক পৰিকল্পনাৰ ধাৰণাও সকলোৱে গ্ৰহণ কৰিছিল। ১৯৩৮ চনত সুভাষ চন্দ্ৰ বসুৰ সভাপতিত্বত কংগ্ৰেছে স্বাধীন ভাৰতৰ বাবে এখন উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰে উদ্দেশ্যে নেহৰুক সভাপতি হিচাপে লৈ এখন জাতীয় পৰিকল্পনা সমিতি গঠন কৰি দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত আন ভালেমান পৰিকল্পনা দাঙি ধৰা হৈছিল – যাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল ভাৰতীয় পুঁজিপতিসকলৰ তিনি দিকপাল জে. আৰ. ডি. টাটা, জি. ডি. বিৰলা আৰু শ্ৰী ৰামে আগ বঢ়োৱা ‘বোম্বাই পৰিকল্পনা’। এই পৰিকল্পনাখনতো সুদূৰপ্ৰসাৰী ভূমিসংস্কাৰ, বিশাল ৰাষ্ট্ৰায়ত্ত খণ্ড আৰু বিপুল পৰিমাণৰ ৰাষ্ট্ৰীয় তথা ব্যক্তিগত পুঁজি বিনিয়োগৰ সন্নিবেশ ঘটিছিল।

পূৰ্বতে কৈ অহাৰ দৰেই, উপনিবেশবাদ-বিৰোধিতা, ফেছিবাদ-বিৰোধিতা, শান্তি আৰু জাতীয় স্বাধীনতাৰ ভিত্তিত গঢ় লৈ উঠা জাতীয় আন্দোলনৰ বিশ্ববীক্ষাটো আছিল ইয়াৰ সামগ্ৰিক মতাদৰ্শৰ এক শক্তিশালী উপাদান।
………………………………………………………

একেবাৰে আৰম্ভণিৰপৰাই জাতীয় আন্দোলনে এক দৰিদ্ৰ-দৰদী দৃষ্টিভংগী গ্ৰহণ কৰিছিল। নৰমপন্থীসকলৰ সমস্ত অৰ্থনৈতিক প্ৰচাৰ তথা উপনিবেশবাদ সম্পৰ্কে তেওঁলোকৰ সমালোচনা আছিল জনগণৰ ক্ৰমবৰ্ধমান দাৰিদ্ৰ্যক কেন্দ্ৰ কৰি। এই দৃষ্টিভংগী অধিক জোৰদাৰ হৈ উঠিছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱ, ৰাজনৈতিক মঞ্চত গান্ধীজীৰ প্ৰবেশ, আৰু ১৯২০ৰ আৰু ১৯৩০ৰ দশকত শক্তিশালী বামপন্থী দল তথা গোষ্ঠীসমূহৰ ক্ৰমোন্নতিৰ প্ৰভাৱত। এই আন্দোলনে সংগ্ৰামৰ বিভিন্ন পৰ্যায়ত যিসমূহ কৰ্মনীতি আৰু সংস্কাৰ কৰ্মসূচী গ্ৰহণ কৰিছিল, সমসাময়িক মানদণ্ডৰ বিচাৰত সেইসমূহ আছিল খুবেই ৰেডিকেল।

ভাৰতীয় জাতীয় আন্দোলনে নানা গুৰুত্বপূৰ্ণ সংস্কাৰৰ দাবী জনাইছিল। তাৰ ভিতৰত প্ৰধান আছিল বাধ্যতামূলক প্ৰাথমিক শিক্ষা, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰৰ বোজা হ্ৰাস, লৱণ-কৰ, ভূমি-ৰাজস্ব আৰু খাজনা হ্ৰাস, কৃষকসকলৰ বাবে ঋণ-মুক্তি আৰু কম সুদত ঋণৰ ব্যৱস্থা, ৰায়তসকলৰ অধিকাৰ সুৰক্ষা, শ্ৰমিকসকলৰ বাবে জীয়াই থাকিবৰ জোখাৰে মজুৰি প্ৰদান আৰু কৰ্মৰ সময় হ্ৰাস, পুলিচ কৰ্মচাৰীকে ধৰি স্বল্প বেতনৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি, শ্ৰমিক আৰু কৃষকসকলৰ নিজকে সংগঠিত কৰাৰ অধিকাৰ ৰক্ষা, গ্ৰামীণ উদ্যোগৰ সুৰক্ষা আৰু তাৰ উন্নতি সাধন, আধুনিক বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰসাৰ, মদ্যপানৰ কু-অভ্যাস দূৰীকৰণ, নাৰীসকলৰ কৰ্ম আৰু শিক্ষাৰ অধিকাৰ তথা সমান ৰাজনৈতিক অধিকাৰকে ধৰি তেওঁলোকৰ সামাজিক অৱস্থাৰ উন্নতি সাধন, অস্পৃশ্যতা দূৰীকৰণৰ অৰ্থে আইনগত আৰু সামাজিক পদক্ষেপ গ্ৰহণ, আৰু আইন-শৃংখলা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ দাবী আদি।

জাতীয় আন্দোলনৰ মৌলিক গণ-দৰদী বা দৰিদ্ৰ-দৰদী দৃষ্টিভংগীটো আৰু জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰাৰ ধাৰণা – য’ত জনগণক ৰাজনীতি-সচেতন আৰু ৰাজনৈতিকভাৱে সক্ৰিয় কৰাটো আৰু তেওঁলোকক ৰাজনীতিত সমাহিত কৰাটো ঘাই কথা, এইসমূহ বৈশিষ্ট্যই আন্দোলনটোক এটা সমাজবাদ-মুখী চৰিত্ৰ প্ৰদান কৰিছিল।

কিন্তু তৎসত্ত্বেও আমি পূৰ্বে কোৱাৰ দৰেই, জাতীয়তাবাদী বিকাশ-সংক্ৰান্ত দৃষ্টিভংগী সীমাবদ্ধ আছিল বুৰ্জোৱা পৰিসৰৰ মাজত, অৰ্থাৎ পুঁজিবাদী কাঠামোৰ মাজতেই স্বাধীন অৰ্থনৈতিক বিকাশৰ কথা ভবা হৈছিল। ১৯১৯ চনৰ পাছত জাতীয় আন্দোলনটো যেতিয়া এক গণ আন্দোলনত পৰিণত হৈছিল, গান্ধীজীয়ে এটা পৃথক, অ-পুঁজিবাদী, মূলগতভাৱে কৃষক-কাৰিকৰ-ধৰ্মী দৃষ্টিকোণ উদ্ভাৱন আৰু প্ৰচাৰ কৰিবলৈ ধৰিছিল। কিন্তু তেওঁৰ সামাজিক-ৰাজনৈতিক কৰ্মসূচী আৰু চিন্তা-ভাবনাই জাতীয় আন্দোলনৰ ওপৰত বৰ্তি থকা বুৰ্জোৱা মতাদৰ্শৰ মৌলিক আধিপত্যক প্ৰত্যাহ্বান জনাব নোৱাৰিলে।

এই কথা সঁচা যে এখন উপনিবেশত ঘটা উপনিবেশবাদ-বিৰোধী সংগ্ৰাম হিচাপে জাতীয় আন্দোলনত সমগ্ৰ সমাজৰ সৈতে উপনিবেশবাদৰ প্ৰাথমিক দ্বন্দ্বটো পৰিস্ফুট হৈ উঠিছিল – আৰু সেয়ে ই আছিল এক জনপ্ৰিয়, জনগণৰ আন্দোলন; ভাৰতীয় সমাজৰ বিভিন্ন শ্ৰেণী আৰু স্তৰৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা ই আছিল এক বহু-শ্ৰেণীভিত্তিক আন্দোলন। তথাপি উপনিবেশবাদ-বিৰোধী আৰু সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামত ঐক্যবদ্ধ হ’লেও, ভাৰতীয় জনগণ একে সময়তে আছিল বিভিন্ন সামাজিক শ্ৰেণীত বহুধাবিভক্ত – উপনিবেশবাদৰ সৈতে সিবিলাকৰ যিদৰে নিজস্ব দ্বন্দ্ব আছিল সেইদৰে সিবিলাকৰ নিজৰ মাজতো পাৰস্পৰিক দ্বন্দ্ব আছিল। বিভিন্ন শ্ৰেণী আৰু স্তৰৰ সৈতে উপনিবেশবাদৰ দ্বন্দ্বৰ পৰ্যায় আৰু মাত্ৰা ভিন ভিন আছিল, আৰু সেই অনুসৰি সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামতো সিবিলাকে অংশ লৈছিল বিভিন্ন পৰিমাণে আৰু বিভিন্ন ধৰণে। তাৰ ফলস্বৰূপে উপনিবেশবাদ-বিৰোধী সংগ্ৰামৰ শ্ৰেণীগত পৰিণামসমূহো দেখা দিছিল বিবিধ ৰূপত। সংগ্ৰামৰ পৰিণতিত পৰিলক্ষিত হৈছিল শ্ৰেণী তথা ৰাজনৈতিক আৰু মতাদৰ্শগত শক্তিসমূহৰ নানান ধৰণৰ ভাৰসাম্য। এই শক্তিসমূহৰ ভাৰসাম্যই বহুলাংশে নিৰ্ধাৰণ কৰিছিল সাম্ৰাজ্যবাদী সংগ্ৰামৰ ফলত কোন শ্ৰেণীৰ স্বাৰ্থত প্ৰাথমিক দ্বন্দ্বৰ নিৰসন ঘটিব, অৰ্থাৎ স্বাধীনতা লাভৰ পাছত ভাৰতবৰ্ষৰ চৰিত্ৰ কিধৰণৰ হ’ব – আন কথাত, স্বাধীনতা লাভৰ ফলত সমাজবাদী নে পুঁজিবাদী সামাজিক ব্যৱস্থা ভাৰতবৰ্ষত গঢ় লৈ উঠিব।

১৯২০ৰ দশকত জাতীয় আন্দোলনত এটা শক্তিশালী সমাজবাদী প্ৰৱণতাই দেখা দিয়ে আৰু ক্ৰমাৎ ই বিকাশ লাভ কৰিবলৈ ধৰে। জাতীয় আন্দোলনৰ বুৰ্জোৱা বিকাশৰ দৃষ্টিভংগীক গুৰুতৰভাৱে প্ৰত্যাহ্বান জনাইছিল আদি কমিউনিষ্ট গোষ্ঠীবিলাক, জৱাহৰলাল নেহৰু, সুভাষচন্দ্ৰ বসু আৰু সমাজবাদী মনোভাবাপন্ন নানা গোষ্ঠী আৰু ব্যক্তিয়ে। সমাজবাদী চিন্তাধাৰা প্ৰসাৰৰ সংগ্ৰাম তীব্ৰতৰ হৈ উঠিছিল ১৯৩০ৰ দশকত যেতিয়া এই সংগ্ৰামত যোগ দিছিল কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি, পুনৰ্গঠিত কমিউনিষ্ট পাৰ্টি আৰু ৰায়পন্থীসকলে। ১৯৩০ৰ দশকত পুঁজিবাদী বিশ্বত হোৱা মহামন্দা, ৰুছ বিপ্লৱ আৰু ছোভিয়েট পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সাফল্য আৰু গোটেই পৃথিৱীজোৰা ফেছিবাদ-বিৰোধী সংগ্ৰামৰ জোৱাৰে সমাজবাদী চিন্তাধাৰাক মানুহৰ অধিক কাষ চপাই নিছিল। ১৯২০ৰ দশকৰ শেষভাগৰ যুৱ আন্দোলনৰ অধিকাংশ নেতা তথা বহুসংখ্যক বিপ্লৱী সন্ত্ৰাসবাদীও সমাজবাদৰ প্ৰতি ঢাল খাইছিল। ১৯২০ৰ, ১৯৩০ৰ আৰু ১৯৪০ৰ দশকজুৰি তৰুণ জাতীয়তাবাদী কৰ্মীসকলো ক্ৰমান্বয়ে অধিক পৰিমাণে সমাজবাদী ধ্যান-ধাৰণাৰ প্ৰতি আকৰ্ষিত হৈছিল।

বামপন্থীসকলে এই ধাৰণাটো জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল যে ভাৰতবৰ্ষত কৃষক আৰু ভূস্বামীসকলৰ মাজত, শ্ৰমিক আৰু পুঁজিপতিসকলৰ মাজত অবিৰত শ্ৰেণীসংগ্ৰাম চলি আহিছে। তেওঁলোকে এই সংগ্ৰামসমূহ সংগঠিত কৰাৰ চেষ্টা চলাইছিল তেওঁলোকৰ শ্ৰেণীভিত্তিক সংগঠনসমূহৰ, কিষাণ সভা আৰু ট্ৰেড ইউনিয়নৰ, মাধ্যমেৰে। কিন্তু সৰ্বোপৰি, বামপন্থীসকলে সংগ্ৰাম চলাইছিল জাতীয় আন্দোলনটোক বামমুখী, সমাজবাদী মতাদৰ্শৰ অভিমুখী কৰি তুলিবলৈ, স্বাধীনতা লাভৰ পাছত সমাজবাদী ভাৰত গঠনৰ কল্পনা আন্দোলনটোৰ মাজত সঞ্চাৰিত কৰিবলৈ।

জাতীয় আন্দোলনটোত তথা সামগ্ৰিকভাৱে গোটেই দেশখনত সমাজবাদী ভাৰত গঠনৰ কল্পনাটো জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জৱাহৰলাল নেহৰুৱে। নেহৰুৱে যুক্তি দিছিল যে ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ অৱশ্যেই হ’ব লাগিব জনগণৰ অৰ্থনৈতিক মুক্তি। ১৯৩০ৰ দশকজুৰি নেহৰুৱে চলতি জাতীয়তাবাদী মতাদৰ্শৰ সীমাবদ্ধতা আৰু জাতীয় আন্দোলনৰ ওপৰত বুৰ্জোৱা মতাদৰ্শৰ আধিপত্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ জোৰ দিছিল এক নতুন সমাজবাদী বা মূলগতভাৱে মাৰ্ক্সবাদী মতাদৰ্শ আয়ত্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত – যিটোৱে সামাজিক বাস্তৱক বৈজ্ঞানিকভাৱে বিচাৰ-বিশ্লেষণ কৰিবলৈ জনগণক সক্ষম কৰি তুলিব আৰু কংগ্ৰেছক এক নতুন সমাজবাদী মতাদৰ্শগত চৰিত্ৰ প্ৰদান কৰিব।

১৯৩০ৰ দশকটো আছিল সমাজবাদী চিন্তাধাৰাৰ পক্ষে খুবেই অনুকূল আৰু ই তেতিয়া ব্যাপকভাৱে আৰু দ্ৰুতগতিৰে প্ৰসাৰ লাভ কৰিছিল। কিন্তু যদিও বামপন্থী আৰু সমাজবাদী চিন্তাধাৰা জ্যামিতিক হাৰত বৃদ্ধি পাইছিল, তথাপি ই জাতীয় আন্দোলনৰ মাজত কৰ্তৃত্বশীল মতাদৰ্শগত ধাৰা হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল। হ’লেও ই জাতীয় আন্দোলনৰ এটা মৌলিক উপাদান হিচাপে পৰিগণিত হৈছিল আৰু আন্দোলনটোক সমানে বামপন্থাৰ পিনে আগুৱাই নিয়াত ই কৃতকাৰ্য হৈছিল। লোকায়ত উপাদানৰ দিশৰপৰা আন্দোলনটোৱে অবিৰতভাৱে আৰু ক্ৰমবৰ্ধমানভাৱে ক্ৰান্তিবাদী চৰিত্ৰ পৰিগ্ৰহ কৰিবলৈ ধৰিছিল। স্বাধীনতাৰ সংজ্ঞা ক্ৰমান্বয়ে দাঙি ধৰা হৈছিল সামাজিক-অৰ্থনৈতিক পৰিভাষাত – নিছক বিদেশী শাসন অৱসানৰ ধাৰণাক অতিক্ৰম কৰি ই বহল ব্যাপ্তি লাভ কৰিছিল। ১৯৩০ৰ দশকৰ শেষৰপিনে ভাৰতীয় জাতীয় আন্দোলন আছিল সবাতোকৈ ক্ৰান্তিবাদী জাতীয় মুক্তি আন্দোলনসমূহৰ অন্যতম।

এই ক্ৰান্তিবাদিতা প্ৰতিফলিত হৈছিল কংগ্ৰেছৰ কৰাচী, লক্ষ্নৌ আৰু ফৈজপুৰ (১৯৩১ আৰু ১৯৩৬ চনত) প্ৰস্তাৱত, ১৯৩৬ আৰু ১৯৪৫-৪৬ চনৰ নিৰ্বাচনী ইস্তাহাৰসমূহত আৰু ১৯৩৭-৩৯ চনৰপৰা কংগ্ৰেছ মন্ত্ৰীসভাসমূহৰ অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰৰ মাজত। প্ৰকৃতপক্ষে, কংগ্ৰেছ ক্ৰমশ ক্ৰান্তিবাদী সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক দিশত আগুৱাই গৈছিল আৰু বামপন্থীসকলে যিসমূহ দাবী তুলিছিল সেইসমূহ ভালেমান বছৰ দেৰিকৈ হ’লেও ক্ৰমশ মানি লৈছিল। বামপন্থীসকলৰ ৰাজনীতি, আৰু শ্ৰমিক আৰু কৃষকসকলৰ সংগ্ৰামসমূহে এই ক্ৰমবিকাশত বেছ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ফলস্বৰূপে, কংগ্ৰেছৰ দক্ষিণপন্থীসকলো কেৱল যে দৃঢ় সাম্ৰাজ্যবাদ-বিৰোধীহে আছিল তেনে নহয়, সমাজবাদৰ বিৰোধিতা কৰিলেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ আমূল পৰিবৰ্তনৰ ক্ষেত্ৰত তেওঁলোক দৃঢ়মনা আছিল। কংগ্ৰেছ দৃষ্টিভংগীৰ দিশৰপৰা বুৰ্জোৱা হ’লেও সংস্কাৰকামী চৰিত্ৰৰ আছিল।

কংগ্ৰেছৰ কৃষি-নীতিৰ ক্ৰমবিকাশৰ পৰ্যালোচনা কৰিলেই এই সত্য স্পষ্ট হৈ পৰে। কিয়নো কৃষক ৰাইজৰ সামাজিক অৱস্থাই আছিল সবাতো ঊৰ্ধ্বত ভাৰতৰ মূল প্ৰশ্ন। কংগ্ৰেছে সদায়েই কৃষক ৰাইজৰ দাবীসমূহক লৈ ঔপনিবেশিক ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। কিন্তু বামপন্থী আৰু কৃষক আন্দোলনৰ প্ৰভাৱত ১৯৩৬ চনত ফৈজপুৰত কংগ্ৰেছে খাজনা আৰু ৰাজস্ব বহুলাংশে হ্ৰাস কৰা, সামন্ততান্ত্ৰিক উপঢৌকন বা নজৰানা আৰু বাধ্যতামূলক শ্ৰমৰ বিলোপ সাধন, ৰায়তীস্বত্ব স্থিৰকৰণ আৰু কৃষি শ্ৰমিকৰ বাবে জীয়াই থকাৰ জোখাৰে মজুৰি নিৰ্ধাৰণৰ কৰ্মসূচী গ্ৰহণ কৰিছিল। ৰায়তৰ অধিকাৰ ৰক্ষা আৰু মহাজনসকলৰ শোষণ বন্ধ কৰাৰ উদ্দেশ্যে কংগ্ৰেছ মন্ত্ৰীসভাসমূহে আইন গৃহীত কৰিছিল – এই আইনসমূহত সংস্কাৰৰ চৰিত্ৰ প্ৰদেশভেদে ভিন ভিন মাত্ৰাৰ আছিল। পৰিশেষত, ১৯৪৫ চনত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে জমিদাৰি প্ৰথা বিলোপৰ নীতি আৰু ‘নাঙল যাৰ মাটি তাৰ’ নীতি গ্ৰহণ কৰি ঘোষণা কৰিলে : “ভূমি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ হ’লে কৃষক আৰু ৰাষ্ট্ৰৰ মাজৰ মধ্যভোগীসকলৰ বিলোপ সাধন কৰিবই লাগিব।”
……………………………………………………….

গান্ধীজী আৰু গান্ধীবাদীসকলৰ সামগ্ৰিক সামাজিক দৃষ্টিভংগী জাতীয় আন্দোলনৰ এটা প্ৰধান মতাদৰ্শগত দিশ। গান্ধীজীয়ে সমাজৰ শ্ৰেণীভিত্তিক বিশ্লেষণ তথা শ্ৰেণীসংগ্ৰামৰ ভূমিকা মানি লোৱা নাছিল। হিংসাৰ আশ্ৰয় লোৱাৰ বিৰুদ্ধেও তেওঁ থিয় দিছিল, লাগিলে সেয়া দৰিদ্ৰ জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ খাতিৰতেই হওক। কিন্তু তেওঁৰ মূল দৃষ্টিভংগী আছিল সামাজিক ৰূপান্তৰণৰ দৃষ্টিভংগী। অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ বিদ্যমান ব্যৱস্থাটোত মৌলিক পৰিবৰ্তন ঘটোৱাৰ তেওঁ পোষকতা কৰিছিল। তদুপৰি ১৯৩০ৰ আৰু ১৯৪০ৰ দশকত তেওঁ অবিৰতভাৱে এক ক্ৰান্তিবাদী দিশত আগুৱাই গৈছিল। ১৯৩৩ চনত নেহৰুৰ সৈতে একমত হৈ তেওঁ ঘোষণা কৰিছিল যে “ন্যস্ত স্বাৰ্থৰ বৈষয়িক সংস্কাৰ অবিহনে জনগণৰ জীৱনৰ উন্নতি সাধন কোনোপ্ৰকাৰেই সম্ভৱ নহয়।”তেওঁ ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ ন্যাসৰক্ষাৰ তত্ত্বৰ সংস্কাৰ সাধন কৰিছিল। বৃহদায়তন উদ্যোগৰ জাতীয়কৰণৰ কথা তেওঁ বাৰে বাৰে দোহাৰিছিল। পুঁজিবাদ আৰু জমিদাৰি ব্যৱস্থাত অন্তৰ্নিহিত হৈ থকা জনগণৰ শোষণক তেওঁ নিন্দা কৰিছিল। মধ্যবিত্ত শ্ৰেণীসমূহে যি সামাজিক-অৰ্থনৈতিক ভূমিকা পালন কৰিছিল তাৰ তীব্ৰ সমালোচনা কৰিছিল তেওঁ।

কায়িক আৰু মানসিক শ্ৰমৰ মাজৰ পাৰ্থক্য আৰু বৈষম্য দূৰীকৰণ, সামাজিক আৰু অৰ্থনৈতিক সমতা তথা জনসাধাৰণৰ স্বয়ং-সক্ৰিয়তাৰ ওপৰত গুৰুত্বাৰোপ, জাতিভেদ-ভিত্তিক অসাম্য আৰু নিপীড়নৰ বিৰোধিতা, নাৰীৰ সামাজিক মুক্তিৰ প্ৰতি সক্ৰিয় সমৰ্থনৰ লগতে গান্ধীজীৰ সমগ্ৰ চিন্তা-ভাবনা আৰু ৰচনাৰাজিৰ কেন্দ্ৰবিন্দুত বিৰাজ কৰিছিল শোষিত, নিপীড়িত আৰু পদদলিতসকলৰ প্ৰতি তেওঁৰ আন্তৰিক দায়বদ্ধতা, যিটোৱে জাতীয় আন্দোলনক প্ৰদান কৰিছিল এক ক্ৰান্তিবাদী মতাদৰ্শগত দিশা।

আটাইতকৈ গুৰুত্বপূৰ্ণ বিকাশটো আছিল গান্ধীজী কৃষি-সংক্ৰান্ত প্ৰশ্নত ক্ৰান্তিবাদৰ দিশে অগ্ৰসৰ হোৱাটো। ১৯৩৭ চনত তেওঁ কৈছিল : “ভূমি যে আজি জনসাধাৰণৰ হাতত নাই সেই কথা একেবাৰে সঁচা। … … … (কিন্তু) ভূমি আৰু অন্যান্য যিকোনো সম্পত্তি তাৰেই হ’ব যি ইয়াক লৈ কাম কৰিব। দুৰ্ভাগ্যবশতঃ, এই সৰল সত্যটোকে শ্ৰমিকসকলৰপৰা লুকুৱাই ৰখা হৈছিল বা এতিয়াও লুকুৱাই ৰখা হৈছে।”১৯৪২ চনত তেওঁ পুনৰ ঘোষণা কৰিলে : “ভূমিত যি খেতি কৰিব ভূমিৰ অধিকাৰ তাৰেই হ’ব, আন কাৰো নহয়।”একেদৰে, ১৯৪২ চনৰ জুন মাহত লুই ফিশ্বাৰে যেতিয়া গান্ধীজীক সুধিছিল, “কৃষক ৰাইজৰ অৱস্থাৰ উন্নতিৰ অৰ্থে আপুনি কি আঁচনি গ্ৰহণ কৰিছে?”, তেতিয়া তেওঁৰ উত্তৰ আছিল এনেধৰণৰ : “কৃষকসকলে ভূমি দখল কৰিব। ভূমি দখল কৰিবলৈ আমি তেওঁলোকক কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে নিজেই দখল কৰিব।”আৰু যেতিয়া ফিশ্বাৰে সুধিছিল, “জমিদাৰসকলক কি ক্ষতিপূৰণ দিয়া হ’ব?”, তেওঁ উত্তৰ দিছিল : “ওঁহো, নহ’ব, আৰ্থিক দিশৰপৰা সেয়া সম্ভৱ নহ’ব।”ফিশ্বাৰে সুধিছিল, “আচ্ছা, আপোনাৰ আসন্ন আইন অমান্য আন্দোলনটো কি ধৰণৰ হ’ব?”গান্ধীজীয়ে উত্তৰ দিলে : “গাঁৱত কৃষকসকলে কৰ দিয়া বন্ধ কৰিব। চৰকাৰী নিষেধাজ্ঞা সত্ত্বেও তেওঁলোকে লোণ তৈয়াৰ কৰিব। … … … তাৰ পৰৱৰ্তী পদক্ষেপ হ’ব ভূমি দখল।”“সহিংস পদ্ধতিৰে?”, ফিশ্বাৰে সুধিছিল। গান্ধীজীয়ে উত্তৰ দিছিল : “হিংসাশ্ৰয়ী ঘটনা হয়তো ঘটিব পাৰে – কিন্তু তথাপি জমিদাৰসকলেও সহযোগিতা কৰিব পাৰে। … … … জমিদাৰসকলে নিশ্চিতভাৱে সহযোগিতা কৰিব পাৰে নিজে পলায়ন কৰি।”ফিশ্বাৰে কৈছিল যে জমিদাৰসকলে “হিংসাশ্ৰয়ী প্ৰতিৰোধৰ আশ্ৰয় ল’ব পাৰে।”উত্তৰত গান্ধীজীয়ে কৈছিল : “এপষেকমানৰ বাবে হয়তো বিশৃংখলাৰ সৃষ্টি হ’ব পাৰে, কিন্তু মই ভাবো যে আমি অচিৰেই পৰিস্থিতিটো নিয়ন্ত্ৰণৰ মাজলৈ আনিব পাৰিম।”ফিশ্বাৰে সুধিছিল, তাৰ মানে এইটো নেকি যে “ক্ষতিপূৰণ নিদিয়াকৈ ভূমি বাজেয়াপ্ত কৰা হ’ব?”গান্ধীজীৰ উত্তৰ : “নিশ্চয়কৈ। জমিদাৰসকলক ক্ষতিপূৰণ দিয়াটো আৰ্থিক দিশৰপৰা কাৰোপক্ষেই সম্ভৱ নহয়।”
………………………………………………

এইদৰেই, জাতীয় আন্দোলনৰ ভিত্তি আছিল সুস্পষ্ট উপনিবেশবাদ-বিৰোধী মতাদৰ্শ আৰু নাগৰিক অধিকাৰ-ভিত্তিক গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সামাজিক দিশৰপৰা ক্ৰান্তিবাদী সমাজৰ ভৱিষ্যৎ কল্পনা। ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশ ঘটাব লাগিব স্বাধীন আৰু স্বনিৰ্ভৰ দিশত। এই ভৱিষ্যৎ কল্পনাৰ সৈতে উপনিবেশবাদ-বিৰোধী মতাদৰ্শ আৰু দৰিদ্ৰ-দৰদী ক্ৰান্তিবাদী সামাজিক-অৰ্থনৈতিক সংস্কাৰ একত্ৰিত হৈ আছিল বাবেই জাতীয় আন্দোলনটোৱে ৰাজনীতি-সচেতন আৰু ৰাজনৈতিকভাৱে সক্ৰিয় জনগণৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিছিল আৰু জনপ্ৰিয় গণ আন্দোলনৰ চৰিত্ৰ অৰ্জন কৰিব পাৰিছিল।

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in অনুবাদ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: