কমন ছেন্স আৰু ননছেন্স

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়। এই চেনেলসমূহৰ টক শ্ব’বোৰত নিৰ্বাচন আৰু বিভিন্ন ৰাজনৈতিক দল সম্পৰ্কে ‘আলোচনা’, ‘বিশ্লেষণ’ কৰে বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী, ৰাজনীতিকসকলে। দলীয় ৰাজনীতিকসকলক বাদ দি তাত অংশগ্ৰহণ কৰা বিভিন্ন আলোচকসকলক ‘মই অমুক দলকে সমৰ্থন কৰো বা ভাল পাওঁ’, এনেকুৱা কথা কেতিয়াবা কোৱা শুনিছে জানো? বা আলোচনাৰ আঁত ধৰা সাংবাদিকসকলৰ মুখতো জানো তেনে কিবা কথা শুনিছে? নিশ্চয় শুনা নাই, নুশুনিবও কিজানি। নিৰ্বাচনৰ আগমুহূৰ্ততো নিশ্চয় সকলোৱে নিজা নিজাধৰণে ‘বিবেক ভোট’ (এই বস্তুটো অৱশ্যে বৰ ৰহস্যময়, ভোট দিবৰ সময়ত উলিয়াই ব্যৱহাৰ কৰিব পৰাকৈ এই ‘বিবেক’টো নো কেনেকুৱা সুৰক্ষিত লকাৰত সোমাই থাকে বুজিব পৰা নাযায়) দিবলৈকে ৰাইজক আহ্বান জনাইছে। কাৰণ তেওঁলোক হ’ল নিৰপেক্ষ, তেওঁলোক হ’ল গণতান্ত্ৰিক। নিৰপেক্ষ এইকাৰণেই যে তেওঁলোকে কোনো দলৰে পক্ষপাতিতা নকৰে, গণতান্ত্ৰিক এইকাৰণেই যে তেওঁলোকে ৰাইজক নিজে নিজৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰে – কোনো মত কেতিয়াও জাপি নিদিয়ে। নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ এই নিৰ্ভেজাল আৰু পৱিত্ৰ পৰিবেশত প্ৰতিদিন টাইম বা নিতুমণি শইকীয়াও জানো তেনেকুৱা নহৈ পাৰে? বৰং সেইসকল বেছিহে নিৰপেক্ষ আৰু বেছিহে গণতান্ত্ৰিক – সেইকাৰণে কোনোবাই মনে মনে পক্ষপাতিতা কৰিব খুজিলে, অগণতান্ত্ৰিক কাম কৰিব খুজিলে পটকৈ ধৰা পেলাই দিব পাৰে। সেইকাৰণে হীৰেন গোহাঁইকে আদি কৰি ৪২জন বুদ্ধিজীৱী-লেখকে চিধাচিধিকৈ ‘বিজেপিক প্ৰতিহত কৰক’ বুলি ৰাইজলৈ আহ্বান জনোৱাৰ পাছত তাৰ আঁৰত লুকাই থকা ভয়ংকৰ অপৰাধ তথা জাতিদ্ৰোহী ষড়যন্ত্ৰৰ মুখা খুলি দিবলৈ নিতুমণি শইকীয়া আগ বাঢ়ি আহিছে – জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত। সুখৰ বিষয় যে নিতুমণিৰ কণ্ঠত এতিয়া অৰ্ণৱ গোস্বামীৰ প্ৰতিধ্বনিকে শুনিবলৈ পোৱা গৈছে। গতিকে অসমীয়া জাতিৰ মুখপাত্ৰ হৈ হীৰেন গোহাঁইহঁতৰ জাতিদ্ৰোহী ভণ্ডামি উন্মোচন নকৰিব সেইটোতো হ’ব নোৱাৰে। সেইবাবে তেওঁ ‘সসন্মানে’ সেই ‘নমস্য’ ব্যক্তিসকলৰ ভণ্ডামি উন্মোচন কৰিছে। পিছে সেই উন্মোচনৰ কাৰ্যটো বৰ এটা পাগত নুঠিল, কিবা ডন কুইক্সট টাইপ হ’ল। আমি সেইটোতহে অসুবিধা পাইছো, অসমীয়া জাতিৰ মুখপাত্ৰজনৰনো সেইটো কেনেকৈ হ’বলৈ পালে?

আমাৰ সন্মুখত কোনো বিকল্প সংসদীয় দল নাই যাক ভোট দিবৰ বাবে পোনপটীয়া আহ্বান জনাব পাৰো। এনে অৱস্থাত আমি এটা ৰাজনৈতিক দলক সমালোচনা আৰু বিৰোধ কৰিব পাৰিমনে? প্ৰভাৱশালী দল এটাক সমালোচনা আৰু বিৰোধ কৰাৰ বাবে আমি বিকল্প দল এটা গঠন হোৱালৈ বাট চাব লাগিব নে? নে ঘৰতে হাতুৰি-বটালি লৈ এটা বনাই ল’ব লাগিব? আচলতে বিকল্পহীন বুলিয়ে ক্ষতিকৰ ৰাজনৈতিক শক্তিক প্ৰতিহত নকৰাকৈ বহি থাকিব নোৱাৰি। কোনো স্পষ্ট বিকল্প সন্মুখত নাই – কিন্তু বিজেপি হ’ল এটা সাম্প্ৰদায়িকতাবাদী দল আৰু এই দলৰ আদৰ্শ অসমৰ সমাজজীৱনৰ বাবে ক্ষতিকৰ। গতিকে যিকোনো মূল্যৰ বিনিময়ত এই আদৰ্শক প্ৰতিহত কৰাটো অসমৰ মংগলৰ বাবে জৰুৰী। হীৰেন গোহাঁই, উদয়াদিত্য ভঁৰালীকে আদি কৰি বুদ্ধিজীৱী-লেখকসকলে নিশ্চয় এইটো বাৰ্তাকে দিব খুজিছিল। কিন্তু এনে স্থিতিয়ে দায়িত্বটো বঢ়াই তোলে – বিজেপিক যদি দিব নালাগে তেন্তে কাক ভোট দিব লাগিব, নে যেয়ে যাকে বিচাৰে তাকে দিব (যাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি) আদি প্ৰশ্ন অৱধাৰিতভাৱেই আহি পৰে। গতিকে এই ক্ষেত্ৰত স্পষ্ট অৱস্থান ল’ব নোৱৰাটোক নিশ্চয়কৈ ৰণকৌশলগত দুৰ্বলতা বুলি অভিহিত কৰিব পাৰি। কোনটো দলক ভোট দিব লাগিব বা কাক দিব নালাগিব – এইবোৰ নিৰ্বাচনী ৰাজনীতিৰ বাবে সাংঘাতিক ডাঙৰ প্ৰশ্ন। গতিকে নিৰ্বাচনী ৰাজনীতিৰ বৃত্তৰ ভিতৰত পাকঘূৰণি খাই থকাসকলে, সেই বৃত্তৰ বাহিৰতো যে কিবা আছে সেই কথা নজনাসকলে এনেকুৱা মুহূৰ্তত কোদোৰ বাহত জুই লগাৰ দৰে হুলস্থূল লগোৱাত আচৰিত হ’বলগীয়া একো নাই। এই কথাটো জানি আগৰেপৰাই সচেতন হোৱাটো দৰকাৰী আছিল। কিন্তু বিকল্প ৰাজনৈতিক শক্তি নোহোৱাটো উক্ত বুদ্ধিজীৱী-লেখকসকলৰ সমস্যা নেকি? বৰ্তমান সময়ছোৱাত আমাৰ সন্মুখত এক ব্যাপক ৰাজনৈতিক-সামাজিক শূন্যতা বিৰাজ কৰিছে। এনে কোনো পৰিপক্ব আৰু গণভিত্তিসম্পন্ন দল নাই যিটোৱে জনসাধাৰণৰ মৌলিক আৰ্থ-ৰাজনৈতিক প্ৰশ্নসমূহক প্ৰতিনিধিত্ব কৰিব পাৰে। কিন্তু সেইবুলিয়েই যদি আমি সমাজৰ বাবে ভয়ংকৰ আৰু মাৰাত্মক হিন্দু জাতীয়তাবাদৰ বিৰোধ নকৰাকৈ বহি থাকো, ইতিহাসে ক্ষমা কৰিবনে? নিৰ্বাচনী ৰাজনীতিৰ চিয়াৰলিডাৰসকলে ভাবে যে বিজেপিক বিৰোধ কৰাৰ অৰ্থ কংগ্ৰেছক সমৰ্থন কৰা, এ আই ইউ ডি এফক সমৰ্থন কৰা। কংগ্ৰেছৰ বিষয়ে আচলতে নতুনকৈ ক’বলগা একো নায়েই। যোৱা সময়ছোৱাত কংগ্ৰেছৰ কাম-কাজে ইতিমধ্যেই ৰাইজক তিতা-কেঁহা লগাইছে – কংগ্ৰেছী সমৰ্থকসকলৰ বাহিৰে হয়তো ব্যাপক সমাজত তথা সমূহীয়া কল্পনাত কংগ্ৰেছৰ এতিয়া কোনো নৈতিক বৈধতা আৰু আবেদন নাই। আনহাতে, এ আই ইউ ডি এফৰ সংখ্যালঘু সাম্প্ৰদায়িকতাবাদ অসমৰ সমাজজীৱনৰ বাবে খুবেই ক্ষতিকৰ বুলি ইতিমধ্যেই এক সমূহীয়া ঐকমত্য গঢ়ি উঠিছে। তদুপৰি এই দলৰ আদৰ্শৰ কিছুমান অন্তৰ্নিহিত দুৰ্বলতা আছে যাৰ বাবে দলটোৱে কেতিয়াও ব্যাপক সমাজত গ্ৰহণযোগ্যতা লাভ কৰাৰ সম্ভাৱনা নাই। মুছলিমৰ নামত সংকীৰ্ণতাবাদী ধৰ্মীয় ৰাজনীতি কৰা বাবে ই আনকি নগৰীয়া মধ্যবিত্ত মুছলমান সমাজৰ মাজতো সৰ্বাত্মক গ্ৰহণযোগ্যতা লাভ কৰিব নোৱাৰে – মতাদৰ্শগত বৃদ্ধি আৰু প্ৰসাৰৰ বাবে যিটো প্ৰয়োজনীয় আছিল। সংখ্যালঘু লোক এজনে ভাল নাগৰিক হিচাপে পৰিচয় লাভ কৰিবলৈ হ’লে প্ৰথমে নিজৰ সম্প্ৰদায়গত পৰিচয়ৰ ঊৰ্ধ্বলৈ যাব পাৰিব লাগিব – তেওঁ আধুনিক হ’ব লাগিব, প্ৰগতিশীল হ’ব লাগিব। সংখ্যাগুৰু সম্প্ৰদায়ৰ লোক এজনৰ ওপৰত তেনে সাংস্কৃতিক হেঁচা নাথাকে। সেয়ে ইতিমধ্যে মূলসুঁতিত চামিল হোৱা বা হ’বলৈ গৈ থকা নগৰীয়া মধ্যবিত্ত মুছলমান লোকসকলে ধৰ্মীয় সংকীৰ্ণতাৰ চেকা গাত সানি লৈ নিজৰ কষ্টোপাৰ্জিত সামাজিক মৰ্যাদা হেৰুৱাবলৈ নিবিচৰাটোৱেই স্বাভাৱিক। সি যি নহওক, বিজেপিয়েই হ’ল সেইটো দল যি সাম্প্ৰতিক সময়ছোৱাত অসমৰ সমাজ আৰু ৰাজনীতিত ব্যাপকভাৱে মতাদৰ্শগত আৰু সাংগঠনিক প্ৰসাৰ লাভ কৰিছে। জনসাধাৰণৰ মাজত ইয়াৰ গ্ৰহণযোগ্যতা কিমানখিনি সেইটো নিশ্চয়কৈ নিৰ্বাচনৰ ফলাফলৰপৰা গম পোৱা যাব, কিন্তু সমূহীয়া কল্পনা আৰু জনপ্ৰিয় পৰিসৰত ইয়াৰ গভীৰ মতাদৰ্শগত প্ৰভাৱ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে। ক’বলৈ গ’লে, এইটো বিধানসভাৰ নিৰ্বাচন ঘাইকৈ বিজেপিৰে নিৰ্বাচন – হয় বিজেপি জিকিব বা বিজেপি হাৰিব। এইখিনিতে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্যটো বুজা দৰকাৰ। কংগ্ৰেছৰ আন চিন্তা নাই – যেয়ে যেনেকৈ পাৰি লুটি-পুটি খাব লাগে, পুতেক-জীয়েকৰপৰা সাতপুৰুষলৈকে ৰাজনৈতিক আৰু অৰ্থনৈতিক ভৱিষ্যত গজগজীয়া কৰি থ’ব লাগে (ইন্সিউৰেন্স?), দৰকাৰ হ’লে গুণ্ডাগিৰি কৰিব লাগে, সমালোচনা কৰিলে পুলিচ লগাই দিব লাগে, ইত্যাদি ইত্যাদি। কংগ্ৰেছে দৰকাৰ হ’লে সাম্প্ৰদায়িকতাৰো আশ্ৰয় ল’ব, কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণো চলাব (ইতিহাস আছে)। কিন্তু বিজেপিৰ ক্ষেত্ৰত সাম্প্ৰদায়িকতাবাদ হ’ল তাৰ মৰ্মমূল, তাৰ ঘাই আদৰ্শ। কংগ্ৰেছৰ সাম্প্ৰদায়িকতাবাদ হ’ল তাৰ নিৰ্বাচনী হিচাপ-নিকাচ তথা গাদী ৰক্ষাৰ স্বাৰ্থত পৰিচালিত, আনহাতে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ হ’ল মতাদৰ্শগত। নিৰ্বাচনী হিচাপ-নিকাচ তথা গাদী লাভ বা ৰক্ষাৰ স্বাৰ্থ বিজেপিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, কিন্তু সেয়ে শেষ নহয়। হিন্দু জাতীয়তাবাদৰ লক্ষ্য হ’ল মতাদৰ্শগত আধিপত্য প্ৰতিষ্ঠা কৰি সমগ্ৰ সমাজব্যৱস্থাৰ আমূল ৰূপান্তৰ ঘটোৱা আৰু হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। (এই সম্পৰ্কে আমি অন্যত্ৰ বহলাই আলোচনা কৰিছো।) গতিকে বৰ্তমান সময়ত গণতান্ত্ৰিক ছেকুলাৰ শক্তিবিলাকৰ ঘাই কৰ্তব্য হ’ল হিন্দু জাতীয়তাবাদৰ এই আগ্ৰাসনৰ সমালোচনা আৰু বিৰোধ কৰা। উপৰোক্ত বুদ্ধিজীৱী-লেখকসকলে হয়তো সেই কৰ্তব্যটোকে পালন কৰিবলৈ আগ বাঢ়ি আহিছে। কিন্তু অসমৰ সমূহীয়া কল্পনা তথা জনপ্ৰিয় পৰিসৰত ইতিমধ্যে পৰিলক্ষিত হোৱা হিন্দু জাতীয়তাবাদৰ গভীৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত সেইসকলৰ স্থিতিটোক উদ্ভট আৰু অযুক্তিকৰ যেন লগা হৈছে। লাগিবই। এই সময়ত হয়তো বিজেপিক সমৰ্থন কৰাটো নিৰপেক্ষতাৰ আন এটা চৰ্ত। অসমৰ সাহিত্যিক, বৌদ্ধিক, সাংবাদিক সমাজৰ অধিকাংশই ইতিমধ্যে প্ৰকাশ্যে বা গোপনে হিন্দু জাতীয়তাবাদী শিবিৰত ভিৰ কৰিছেহি – সেইসকল সকলোৱেই নিৰপেক্ষ। হোমেন বৰগোহাঞি নিৰপেক্ষ কাৰণ তেওঁ বিজেপিক ভোট দিবলৈ কৈছে, যদিও তেওঁ কিছুদিনৰ আগতে দেশত ক্ৰমবৰ্ধমান অসহিষ্ণুতাৰ প্ৰতিবাদত অকাডেমি বঁটা ঘূৰাই দিয়াৰ ঘোষণা কৰিছিল। তেনেদৰে লক্ষ্মীনন্দন বৰা, নগেন শইকীয়া আদি বহুতৰে নাম ল’ব পাৰি।

সাংবাদিক নিতুমণি শইকীয়াৰ অনুষ্ঠান দুটাত উক্ত বুদ্ধিজীৱী-লেখকসকলৰ সংবাদমেল আৰু বিবৃতিক এক ভয়ানক অপৰাধ আৰু ষড়যন্ত্ৰৰ ৰূপ দিবলৈ চেষ্টা কৰা দেখা গ’ল। ‘নিৰ্মল ভকত’সুলভ আৰু বৌদ্ধিক-বৌদ্ধিক গোন্ধ থকা ভাবমূৰ্তিৰ এই সাংবাদিকজনেই হয়তো এনে অনুষ্ঠান এটাৰ বাবে সবাতোকৈ বিশ্বাসযোগ্য ব্যক্তি আছিল। কিন্তু সাংবাদিকজনে তেওঁৰ সমস্ত শক্তি আৰু আৱেগ ঢালি দিয়া সত্ত্বেও অনুষ্ঠানকেইটা বৰ পাগত নুঠিল, বৰং হাস্যকৰহে হৈ উঠিল বহু ক্ষেত্ৰত। কিছুমান ধূৰ্তালিৰ আশ্ৰয়ো ল’বলগা হ’ল। উদাহৰণস্বৰূপে, আলোচ্য বিবৃতিটোৰ শেষত থকা স্বাক্ষৰকাৰী নামসমূহ বাৰংবাৰ পঢ়ি দিয়া হ’ল, দেখুৱাই দিয়া হ’ল, কিন্তু বিবৃতিটোৰ ভিতৰতনো হাতী নে ঘোঁৰা আছে এবাৰো পঢ়া নহ’ল – তাৰ ঠাইত সংবাদমেলখনৰ কিছু অংশহে দেখুওৱা হ’ল। (এই দুইটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।) এজন আলোচকে ক’লে, ‘এই বিবৃতিটোৰ ব্লুপ্ৰিণ্ট ক’ত তৈয়াৰ হৈছিল মই জানো।’ এনেকুৱা এটা ভয়ংকৰ সত্য জনাটো সকলোৰে বাবে প্ৰয়োজনীয় আছিল, কিন্তু প্ৰভুভক্ত সাংবাদিকে স্বাভাৱিকতেই কোনো প্ৰশ্ন নকৰিলে। সেইজনেই নে আন এজন আছিল পাহৰিলো, ক’লে যে ইমান বছৰৰ আগতে উক্ত বুদ্ধিজীৱী-লেখকসকলৰ এজনে দিল্লী নে কলকাতালৈ যাবলৈ ওলাইছিল শৰৎচন্দ্ৰ সিংহৰ সৈতে – কিন্তু স্বয়ং মুখ্যমন্ত্ৰী সিংহই ৰে’লত যাবলৈ ওলোৱা সত্ত্বেও উক্ত বুদ্ধিজীৱীজনে ক’লে যে তেওঁ ব্যক্তিগত কাৰণত প্লেনতহে যাব পাৰিব!! চাওকচোন বাৰু, কেনে মাৰাত্মক অভিযোগ। হীৰেন গোহাঁয়ে প্ৰথম অনুষ্ঠানটোৰ প্ৰতিক্ৰিয়া হিচাপে সাংবাদিকৰ আগত ক’লে যে বহুতো সাহিত্যিক-বুদ্ধিজীৱীয়ে দেখোন বিজেপিক ভোট দিব লাগে বুলি কৈছে, তাৰ বিষয়েতো কোনেও আপত্তি কৰা নাই। পাছত নিতুমণি শইকীয়াই উত্তৰত ক’লে যে উক্ত ভোট দিব লাগে বুলি কোৱা সাহিত্যিক-বুদ্ধিজীৱীসকলনো কোন কোন গোহাঁয়ে তেওঁলোকৰ নামকেইটা কৈ দিব লাগিছিল, তেতিয়া তেওঁ গম পালেহেঁতেন। সঁচাকৈয়ে বেয়া লাগে দেই, নিতুমণিয়ে সেইবিলাক বিষয়ে যে একোকে গম নাপায়। এই যে আমি এটা টক শ্ব’ৰ বিষয়ে এনেকৈ সবিশেষ লিখিছো তাৰ কাৰণটো কি? প্ৰতিদিনে বিভিন্ন নিউজ চেনেলত চলি থকা হাজাৰটা টক শ্ব’ৰ ভিতৰত এইটো এটা (আচলতে দুটা) নিদৰ্শন মাত্ৰ । বহু ক্ষেত্ৰত এনেকৈয়ে – তৰাং চিন্তা, অপৰ্যাপ্ত তথা পক্ষপাতদুষ্ট তথ্য, মিথ্যা আৰু ফাঁকি-বাজিৰ ওপৰত নিৰ্ভৰ কৰিয়েই এনে প্ৰায়বোৰ অনুষ্ঠানবোৰ চলি থাকে। ব্যক্তিগতভাৱে সৎ আৰু চিন্তাশীল সাংবাদিক বহুজন আছে, কিন্তু সেইবিলাক এই ক্ষেত্ৰত নিৰ্ণায়ক উপাদান নহয় – নিৰ্ণায়ক উপাদান হ’ল টি আৰ পি, ৰাজনৈতিক লাভালাভ আদিহে। এইবোৰ কথা আটায়ে জানে, কিন্তু ইলেক্ট্ৰনিক মিডিয়াৰ সামগ্ৰিক ৰাজনৈতিক চৰিত্ৰ অনুধাৱন কৰাটো অতিকে জৰুৰী। ইয়াৰ বিপৰীতে ফে’চবুক আদি ভাসমান মাধ্যমৰ ক্ষেত্ৰত সিবোৰৰ বহুতো সমস্যা সত্ত্বেও গণতন্ত্ৰৰ নতুন কিছুমান সম্ভাৱনাও দেখিবলৈ পোৱা যায় – অন্ততঃ সেইসমূহত কোনো ৰাজনৈতিক-মতাদৰ্শগত শক্তিয়ে সৰ্বাত্মক একাধিপত্য প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই মাধ্যমসমূহৰ সন্মুখীন তাত্ত্বিকভাৱে আৰু ৰণকৌশলগতভাৱে কিদৰে হোৱা যায় সেই সম্পৰ্কে বাঁও-গণতান্ত্ৰিক শিবিৰত সঠিক চিন্তা-চৰ্চাৰ তেনেই অভাৱ পৰিলক্ষিত হয়। সেই প্ৰশ্নসমূহৰ মীমাংসা কৰি ইলেক্ট্ৰনিক, ভাসমান আদি মাধ্যমৰ বাবে নিজক প্ৰস্তুত কৰি তোলাটো এই শিবিৰৰ বাবে অতিকে জৰুৰী। সাম্প্ৰদায়িকতাবাদী শক্তিসমূহ এই ক্ষেত্ৰত বৰ পাকৈত। সি যি নহওক, নিতুমণি শইকীয়াৰ দুটামান উক্তি উল্লেখ কৰো। হীৰেন গোহাঁই আদি উপৰোক্ত বুদ্ধিজীৱী-লেখকসকল বাঁওপন্থী যদিও তেওঁলোকক মানুহে ‘বুদ্ধিজীৱী বুলিহে জানে’। (হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে সেইসকল বুদ্ধিজীৱী নহয়, বাঁওপন্থীহে!!) তেওঁলোকৰ আলোচনাৰ মজিয়ালৈ আহিলে বোলে বাঁওপন্থীসকলে নিজৰ আদৰ্শটো ষ্টুডিঅ’ৰ বাহিৰত এৰি থৈ আহিব লাগে, সোঁপন্থীসকলেও এৰি থৈ আহিব লাগে। মানে ‘জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত’ মিলিত হ’বলৈ হ’লে সকলোৱে নিজৰ আদৰ্শটো ঘৰত বাকচত তলা মাৰি থৈ আহিব লাগে। (এই শেষৰটো অৱশ্যে আমাৰ ভাষা দেই!) নিতুমণি নিজেও যে এইবিলাক আদৰ্শৰপৰা মুক্ত – অৰ্থাৎ আদৰ্শহীন – সেইটো তেওঁৰ কথাতেই বুজা যায়! আনহাতে, ডি ৱাই-৩৬৫ৰ একে বিষয়ৰ অনুষ্ঠানত দেখা গ’ল, সাংবাদিক প্ৰাঞ্জল ফুকনে ডিব্ৰুগড়ত দুজনমান ব্যক্তিক আলোচ্য বিষয়তে সুধিছে যে ‘উক্ত বুদ্ধিজীৱীসকল এটা বিশেষ আদৰ্শত বিশ্বাসী আৰু সেই আদৰ্শৰ ভিত্তিত তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আপুনি সেই বিষয়ে কি কয়?’ আৰে ভাই, সাংবাদিকতা কৰিছা যদি সমাজ-ৰাজনীতি সম্পৰ্কে অন্ততঃ প্ৰাথমিক ধ্যান-ধাৰণাবোৰ শিকি লোৱা। কোনে কিমান ভোট পাব, কোন মুখ্যমন্ত্ৰী হ’ব – এইবিলাক কৰি থাকিব পাৰি। কিন্তু সমাজ তথা ৰাজনীতি সম্পৰ্কে বিচাৰ কৰিবলৈ হ’লে ন্যূনতম ধাৰণাগত জ্ঞানখিনি আয়ত্ত কৰি ল’লে ভাল, সোঁপন্থী হোৱা বা বাঁওপন্থী হোৱা সেইটো পিছৰ কথা। নহ’লে জনাবিলাকে বুৰ্বক বুলি ভাবিব নহয়। কমন ছেন্স বস্তুটো দেখাত যুক্তিপূৰ্ণ, বীজাণুৰপৰা মুক্ত ফটফটীয়া পানীৰ নিচিনা – সেইবাবে আকৰ্ষণীয়ও। কিন্তু সেইটো বহু সময়ত ভয়ানক হৈ উঠিব পাৰে। কমন ছেন্স কোনো অতি-ঐতিহাসিক বস্তু নহয় : ই হ’ল ইতিহাসৰ সৃষ্টি, ঐতিহাসিক প্ৰক্ৰিয়াৰ এটা অংশ মাত্ৰ, য’ত ইতিহাসৰ বিভিন্ন পৰ্বৰ পূৰ্বধাৰণা-বিদ্বেষভাবসমূহ অন্তৰ্নিহিত হৈ থাকে। কমন ছেন্স আচলতে এটা নহয়, বহুতো – সমাজৰ বিভিন্ন স্তৰত, বিভিন্ন গোষ্ঠীৰ মাজত বেলেগ বেলেগ কমন ছেন্স প্ৰৱাহিত হৈ থাকে। সমাজৰ আধিপত্যশীল গোষ্ঠীৰ কমন ছেন্সকে চিৰসত্য বুলি অন্ধভাৱে মানি লোৱাটো অজ্ঞতাহে। গতিকে মনত ৰখা ভাল, যিটো কমন ছেন্সক আপুনি সত্য বুলি ভাবিছে সেয়া হয়তো ননছেন্সো হ’ব পাৰে।
(০৪-০৪-১৬)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , ,
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: