সাম্প্ৰদায়িকতাৰ উদ্ভৱ আৰু বিকাশ

মূল : বিপান চন্দ্ৰ
অনুবাদ : জিতেন বেজবৰুৱা

(বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব এটা প্ৰকাশন গোষ্ঠীৰ হাতত ন্যস্ত। আমি একমাত্ৰ সাম্প্ৰতিক সামাজিক প্ৰয়োজনৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰন্থখনৰ কিছুসংখ্যক অধ্যায় পাঠকসমাজৰ ওচৰত দাঙি ধৰিলো। গতিকে এই পাঠসমূহ ফে’চবুকৰ বাদে প্ৰিণ্ট বা আন কোনো মাধ্যমত প্ৰকাশৰ বাবে অনুমতি দিব পৰা নাযাব। ৰেফাৰেন্সসমূহ ইয়াত দিয়া হোৱা নাই। – অনুবাদক)

আধুনিক ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ উদ্ভৱ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে আমি এই শব্দটোৰ সংজ্ঞা নিৰূপণ কৰি ল’লে আৰু এই সম্পৰ্কে বৰ্তি থকা কিছুমান ভ্ৰান্ত ধাৰণাক চিহ্নিত কৰি ল’লে নিশ্চয় ভাল হ’ব। সাম্প্ৰদায়িকতা মূলতঃ এটা মতাদৰ্শ – ইয়াৰ সৈতে দীৰ্ঘদিন ধৰি আমি ইমানেই পৰিচিত যে ইয়াক তেনেই সৰল, তেনেই সহজবোধ্য ধাৰণা যেন ভাব হ’ব। কিন্তু প্ৰকৃততে হয়তো ই সিমান সহজ নহয়।
সাম্প্ৰদায়িকতা বা সাম্প্ৰদায়িক মতাদৰ্শ এটাৰ পিছত আনটোকৈ তিনিটা মৌলিক উপাদান বা পৰ্যায়েৰে নিৰ্মিত হয়। প্ৰথমতে, এইবুলি বিশ্বাস কৰা হয় যে একে ধৰ্মাৱলম্বী সকলো ব্যক্তিৰে ধৰ্মনিৰপেক্ষ স্বাৰ্থসমূহো উমৈহতীয়া, অৰ্থাৎ তেওঁলোক সকলোৰে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক স্বাৰ্থসমূহ অভিন্ন। এয়াই হ’ল সাম্প্ৰদায়িক মতাদৰ্শৰ প্ৰথম ভিত্তি-প্ৰস্তৰ। ইয়াৰপৰাই জন্ম হয় ধৰ্মভিত্তিক সামাজিক-ৰাজনৈতিক সম্প্ৰদায়ৰ ধাৰণা। এই ধৰ্মভিত্তিক সম্প্ৰদায়সমূহকেই ভাৰতীয় সমাজৰ বুনিয়াদী একক হিচাপে গণ্য কৰা হয় – শ্ৰেণী, জাতীয়তা, ভাষিক-সাংস্কৃতিক গোষ্ঠী, জাতি নতুবা প্ৰদেশ, ৰাজ্য আদি তৎসদৃশ ৰাজনৈতিক-ভৌগোলিক এককসমূহক নহয়। ভবা হয় যে ভাৰতীয় জনসাধাৰণে একমাত্ৰ এইধৰণৰ ধৰ্মভিত্তিক সম্প্ৰদায়সমূহৰ সদস্য হিচাপেহে সামাজিক আৰু ৰাজনৈতিক কৰ্মপ্ৰচেষ্টা চলাবলৈ আৰু নিজৰ যৌথ বা সংস্থাগত বা অ-ব্যক্তিগত স্বাৰ্থসমূহ সুৰক্ষিত কৰিবলৈ সক্ষম। কোৱা হয় যে এই সম্প্ৰদায়সমূহৰ নিজৰ নিজৰ নেতা থাকে। যিসকলে নিজকে জাতীয়, আঞ্চলিক বা শ্ৰেণী নেতা বুলি ক’ব খোজে তেওঁলোক হ’ল ছদ্মবেশী ভণ্ড – ছদ্মবেশৰ আঁৰত তেওঁলোকে নিজ নিজ সম্প্ৰদায়কহে প্ৰতিনিধিত্ব কৰে। খুব বেছি তেওঁলোকে সম্প্ৰদায়ৰ নেতা হিচাপে ঐক্যবদ্ধ হ’ব পাৰে আৰু তেনেকৈ জাতি বা দেশৰ হকে কাম কৰিব পাৰে।
ভাৰতবৰ্ষৰ নিচিনা বহুধৰ্মীয় সমাজত কোনো ধৰ্মৰ অনুগামীসকলৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি সকলোধৰণৰ ধৰ্মনিৰপেক্ষ স্বাৰ্থসমূহ আন ধৰ্মৰ অনুগামীসকলৰ স্বাৰ্থৰপৰা পৃথক আৰু ভিন্নমুখী – এই ধাৰণাটোৱেই হ’ল সাম্প্ৰদায়িক মতাদৰ্শৰ দ্বিতীয় উপাদানটোৰ ভিত্তি।
বিভিন্ন ধৰ্মৰ বা বিভিন্ন ‘ধৰ্মীয় সম্প্ৰদায়’ৰ স্বাৰ্থসমূহ যেতিয়া পৰস্পৰবিৰোধী, চিৰ-প্ৰতিদ্বন্দ্বী আৰু বিদ্বেষী বুলি গণ্য কৰা হয়, সেয়াই হ’ল সাম্প্ৰদায়িকতাৰ তৃতীয় পৰ্যায়। এই পৰ্যায়তেই সাম্প্ৰদায়িকতাবাদীসকলে প্ৰতিপন্ন কৰিব খোজে যে হিন্দু আৰু মুছলমানসকলৰ মাজত উমৈহতীয়া ধৰ্মনিৰপেক্ষ স্বাৰ্থ থকাটো সম্ভৱ নহয়, তেওঁলোকৰ ধৰ্মনিৰপেক্ষ স্বাৰ্থসমূহ পৰস্পৰবিৰোধী হ’বলৈ বাধ্য।
সেয়েহে, সাম্প্ৰদায়িকতা হ’ল মূলগতভাৱে আৰু সৰ্বোপৰি এটা মতাদৰ্শ, যাৰ ওপৰত ভিত্তি কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ বিস্তাৰ হয়। সাম্প্ৰদায়িক হিংসা হ’ল পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত সাম্প্ৰদায়িক মতাদৰ্শৰ প্ৰভাৱত বিশেষ সন্ধিক্ষণত উদ্ভূত পৰিণাম। একেদৰে হিন্দু, মুছলমান, শিখ নতুবা খ্ৰিষ্টিয়ান সাম্প্ৰদায়িকতাবিলাক ইটো সিটোৰপৰা বিশেষ একো বেলেগ নহয় – এই সকলোবোৰ একেই প্ৰজাতিৰ অন্তৰ্গত; একেই সাম্প্ৰদায়িক মতাদৰ্শৰ এইবিলাক বিভিন্ন ৰূপ মাত্ৰ।
কোনো ব্যক্তি, দল বা আন্দোলনৰ ক্ষেত্ৰত সাম্প্ৰদায়িক মতাদৰ্শই প্ৰথম পৰ্যায়ৰপৰাই প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। সাম্প্ৰদায়িকতাৰ আন দুটা উপাদান, অৰ্থাৎ বিভিন্ন ধৰ্মভিত্তিক সম্প্ৰদায়ৰ পাৰস্পৰিক ভিন্নমুখিতা বা স্বাৰ্থৰ পৰস্পৰ বিৰোধিতাৰ কথা অস্বীকাৰ কৰিলেও বহুতো জাতীয়তাবাদী এই মতাদৰ্শৰ চিকাৰ হৈছিল আৰু তেওঁলোকৰ চিন্তাই ইয়াৰ সংকীৰ্ণ গণ্ডীৰ ভিতৰত বিচৰণ কৰিছিল। এই ব্যক্তিসকলে নিজকে কেৱল জাতীয়তাবাদী বুলি পৰিচয় নিদি কৈছিল যে তেওঁলোক জাতীয়তাবাদী হিন্দু, জাতীয়তাবাদী মুছলমান বা জাতীয়তাবাদী শিখ, ইত্যাদি ধৰণে।
সাম্প্ৰদায়িকতাৰ দ্বিতীয় পৰ্যায়টোক অভিহিত কৰিব পাৰি উদাৰনৈতিক সাম্প্ৰদায়িকতা বা কিছুমানে ক’বৰ দৰে, নৰম সাম্প্ৰদায়িকতা। উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীয়ে মূলতঃ সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস কৰে আৰু তাত ভাগো লয়; কিন্তু তৎসত্ত্বেও তেওঁ ভালেমান উদাৰনৈতিক, গণতান্ত্ৰিক, মানৱতাবাদী আৰু জাতীয়তাবাদী প্ৰমূল্যক হৃদয়ত ধাৰণ কৰে। ভাৰতবৰ্ষ বিভিন্ন সুস্পষ্ট ধৰ্মভিত্তিক সম্প্ৰদায়ৰে গঠিত, সেইসমূহৰ প্ৰত্যেকৰে নিজস্ব পৃথক আৰু বিশেষ স্বাৰ্থ আছে যিবোৰ সময়ে সময়ে পৰস্পৰ সংঘৰ্ষত লিপ্ত হয় – এই কথা বিশ্বাস কৰিলেও উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীয়ে ভাবে আৰু ৰাজহুৱাভাৱে প্ৰচাৰো কৰে যে নানান ধৰণৰ এইসমূহ সাম্প্ৰদায়িক স্বাৰ্থৰ ধীৰে ধীৰে সমন্বয়সাধন কৰি সামগ্ৰিক, বিকশমান জাতীয় স্বাৰ্থৰ সৈতে সংগতিপূৰ্ণ কৰি তুলিব পৰা যায় আৰু ভাৰতবৰ্ষক এক জাতি হিচাপে গঢ়ি তুলিব পৰা যায়। ১৯৩৭ চনৰ পূৰ্বে অধিকাংশ সাম্প্ৰদায়িকতাবাদীয়েই – ১৯২৫-পৰৱৰ্তী হিন্দু মহাসভা, মুছলিম লিগ আৰু আলি ভাতৃদ্বয় তথা ১৯২২-পৰৱৰ্তী এম. এ. জিন্না, মদনমোহন মালব্য, লাজপত ৰায়, এন. চি. কেলকাৰ – এক উদাৰনৈতিক কাঠামোৰ ভিতৰত থাকি কাম কৰিছিল।
কট্টৰ সাম্প্ৰদায়িকতা বা মোটামুটিভাৱে নানা ফেছিষ্ট লক্ষণযুক্ত সাম্প্ৰদায়িকতা হ’ল তৃতীয় বা শেষ পৰ্যায়ৰ সাম্প্ৰদায়িকতা। কট্টৰ সাম্প্ৰদায়িকতা টিকি থাকে ভয় আৰু ঘৃণাৰ ওপৰত ভিত্তি কৰি। আচৰণত বা কাম-কাজত হিংসাশ্ৰয়ী ভাষাৰ আশ্ৰয় লোৱাৰ প্ৰৱণতা, ৰাজনৈতিক প্ৰতিপক্ষৰ বিৰুদ্ধে যুদ্ধ আৰু শত্ৰুতাৰ ভাষাৰ ব্যৱহাৰ ইয়াৰ মাজত পৰিলক্ষিত হয়। এই পৰ্যায়তে মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে অভিযোগ কৰিছিল যে মুছলমানসকল, ‘মুছলমান সংস্কৃতি’ আৰু ইছলাম বিপদাপন্ন আৰু নিশ্চিহ্ন হোৱাৰ পথত; একেদৰে হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে কৈছিল যে হিন্দুসকল, ‘হিন্দু সংস্কৃতি’ আৰু হিন্দু ধৰ্ম মুছলমানৰ হাতত বিপন্ন। এই কট্টৰ পৰ্যায়টোতে হিন্দু আৰু মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে তত্ত্ব দাঙি ধৰিছিল যে হিন্দু আৰু মুছলমানসকল দুটা পৃথক জাতি, আৰু দুয়োৰ মাজৰ পাৰস্পৰিক বৈৰিতা চিৰস্থায়ী আৰু অমীমাংসনীয়। ১৯৩৭ চনৰ পাছত মুছলিম লিগ আৰু হিন্দু মহাসভা, আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) ক্ৰমবৰ্ধমানভাৱে কট্টৰ বা ফেছিষ্ট সাম্প্ৰদায়িকতাৰ দিশত গতি কৰিছিল।
সাম্প্ৰদায়িকতাৰ এই তিনিটা পৰ্যায় যদিও এটা আনটোৰপৰা পৃথক, তথাপি ইহঁতে পৰস্পৰৰ ওপৰত ক্ৰিয়া কৰে আৰু এক নিৰ্দিষ্ট ধাৰাবাহিকতাত আটাইকেইটা সমাহৃত হয়। ইয়াৰ প্ৰথম উপাদান বা পৰ্যায়টোৱে উদাৰনৈতিক আৰু কট্টৰ সাম্প্ৰদায়িকতাক ৰচদ যোগায়, আৰু এইসমূহৰ বিৰুদ্ধে সংগ্ৰাম চলোৱাটো কঠিন কৰি তোলে। একেদৰে, উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীয়ে নিজৰ কট্টৰ সাম্প্ৰদায়িকতা-অভিমুখী মতাদৰ্শগত পৰিবৰ্তনক বাধা দিয়াটো কঠিন হৈ পৰে।
সংশ্লিষ্ট আৰু ভালেমান বিষয়ৰ প্ৰতি আমি মনোযোগ দিয়া দৰকাৰ। সাম্প্ৰদায়িকতাবাদীয়ে নিজৰ ‘সম্প্ৰদায়’ৰ স্বাৰ্থ ৰক্ষা কৰাৰ কথা ক’লেও বা তেওঁ তাত বিশ্বাস কৰিলেও, ধৰ্মীয় ক্ষেত্ৰৰ বাহিৰত বাস্তৱ জীৱনত কিন্তু তেনেকুৱা কোনো স্বাৰ্থৰ অস্তিত্ব নাই। হিন্দুৱেই হওক বা মুছলমানেই হওক বা আন ধৰ্মাৱলম্বীয়েই হওক, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থসমূহ সকলোৰে একেই। এইপিনৰপৰা চাবলৈ গ’লে, তেওঁলোক বেলেগ বেলেগ সম্প্ৰদায়ো নহয়। সৰ্বভাৰতীয় ক্ষেত্ৰত বা আনকি আঞ্চলিক ক্ষেত্ৰতো হিন্দু অথবা মুছলমান হিচাপে তেওঁলোকৰ কোনো পৃথক ৰাজনৈতিক-অৰ্থনৈতিক জীৱন বা স্বাৰ্থ নাই। অঞ্চল, ভাষা, সংস্কৃতি, শ্ৰেণী, জাত-পাত, সামাজিক মৰ্যাদা, সামাজিক ৰীতিপ্ৰথা, খাদ্য আৰু পোছাক প্ৰভৃতিৰ দিশৰপৰা হিন্দুৰ সৈতে হিন্দুৰ কিম্বা মুছলমানৰ সৈতে মুছলমানৰ পাৰ্থক্য আছে; কিন্তু অন্য ধৰ্মাৱলম্বী লোকৰ সৈতে এইসমূহ দিশৰপৰা তেওঁলোক একত্ৰিত হৈ পৰিছে। এজন উচ্চশ্ৰেণীৰ মুছলমানৰ সৈতে এজন নিম্নশ্ৰেণীৰ মুছলমানতকৈ এজন উচ্চশ্ৰেণীৰ হিন্দুৰহে অধিক মিল পৰিলক্ষিত হয়, আনকি সাংস্কৃতিক দিশৰপৰাও। একেদৰে, এজন পাঞ্জাবী হিন্দু সাংস্কৃতিকভাৱে এজন বঙালী মুছলমানতকৈ এজন পাঞ্জাবী মুছলমানৰ সৈতেহে অধিক ঘনিষ্ঠ; সেইদৰে এজন বঙালী মুছলমানৰ সৈতে এজন বঙালী হিন্দু আৰু এজন পাঞ্জাবী মুছলমানৰ সম্পৰ্কৰ ক্ষেত্ৰতো একে কথাই সত্য। এইদৰেই সম্প্ৰদায়ৰ ভিত্তিত অবাস্তৱ বিভাজনে বিভিন্ন ভাষাগত-সাংস্কৃতিক অঞ্চলত আৰু বিভিন্ন সামাজিক শ্ৰেণীত ভাৰতীয় জনগণৰ প্ৰকৃত বিভাজনক তথা এক জাতি হিচাপে তেওঁলোকৰ প্ৰকৃত, বিকশমান আৰু ক্ৰমবৰ্ধমান ঐক্যৰ সত্যক অস্পষ্ট কৰি তুলিছে।
সাম্প্ৰদায়িক স্বাৰ্থৰ অস্তিত্ব যদি নায়েই, তেন্তে সাম্প্ৰদায়িকতা সামাজিক বাস্তৱতাৰ এক আংশিক বা একদেশদৰ্শী বা বিশেষ এটা অংশৰ দৃষ্টিভংগী নহয় – সাম্প্ৰদায়িকতা হ’ল সামাজিক বাস্তৱতাৰ ভ্ৰান্ত বা অবৈজ্ঞানিক দৃষ্টিভংগী। কোনো কোনোৱে কয় যে সাম্প্ৰদায়িকতাবাদীসকলে সংকীৰ্ণ দৃষ্টিভংগীসম্পন্ন হোৱা হেতুকে কেৱল তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ স্বাৰ্থহে চিনি পায়। কিন্তু এইধৰণৰ কোনো স্বাৰ্থৰ অস্তিত্ব যিহেতু নাই, গতিকে তেওঁলোকে নিজৰ ‘সম্প্ৰদায়’ৰ বা সহধৰ্মাৱলম্বীসকলৰ স্বাৰ্থ ৰক্ষা কৰা কথাটো অৰ্থহীন। তেওঁলোক নিজৰ ‘সম্প্ৰদায়’ৰ ‘প্ৰতিনিধি’ও নহয়। নিজৰ সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ নামত তেওঁলোকে জ্ঞাতে বা অজ্ঞাতে আনৰ স্বাৰ্থহে ৰক্ষা কৰে। সেইকাৰণে তেওঁলোকে হয় বাকীসকলক প্ৰতাৰণা কৰে নতুবা অসচেতনভাৱে নিজকে প্ৰতাৰণা কৰে। একেদৰে সাম্প্ৰদায়িক ধাৰণা, সাম্প্ৰদায়িক যুক্তিধাৰা আৰু সাম্প্ৰদায়িক উত্তৰৰাজি ভুল। সাম্প্ৰদায়িকতাবাদীয়ে যিবোৰক সমস্যা বুলি দাঙি ধৰে সেয়া আচল সমস্যাই নহয়, তেওঁলোকে সমস্যাৰ যিবোৰ উত্তৰ আগ বঢ়ায় সেইবোৰ প্ৰকৃততে উত্তৰেই নহয়।
কেতিয়াবা কেতিয়াবা সাম্প্ৰদায়িকতাক অভিহিত কৰা হয় অতীতৰ অৱশেষ হিচাপে – বৰ্তমানৰ প্ৰতি মধ্যযুগৰ দান হিচাপে কিম্বা অতি কমপক্ষেও ইয়াৰ শিপা মধ্যযুগত প্ৰোথিত হৈ থকা বুলি। কিন্তু সাম্প্ৰদায়িকতাবাদে প্ৰাচীন আৰু মধ্যযুগীয় মতাদৰ্শৰ অনেক উপাদান গ্ৰহণ কৰিলেও আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰিলেও ই মূলতঃ এটা আধুনিক মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰৱণতা যি আধুনিক সামাজিক গোষ্ঠী,শ্ৰেণী আৰু শক্তিসমূহৰ সামাজিক আকাংক্ষা আৰু ৰাজনৈতিক প্ৰয়োজন পূৰণ কৰে। ইয়াৰ সামাজিক শিপা তথা সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক লক্ষ্যৰাজি বিচাৰি পোৱা যায় সম্পূৰ্ণকৈ ভাৰতীয় ইতিহাসৰ আধুনিক যুগটোৰ মাজতহে। সমসাময়িক সামাজিক-অৰ্থনৈতিক কাঠামোটোৱেই ইয়াক জন্ম দিছে আৰু সাৰ-পানী যোগাই জীয়াই ৰাখিছে।
…………………………………………………………………

সাম্প্ৰদায়িকতাৰ আবিৰ্ভাব ঘটিছে আধুনিক ৰাজনীতিৰ পৰিণাম হিচাপে, যি ৰাজনীতিৰ চৰিত্ৰ প্ৰাচীন, মধ্যযুগীয় বা ১৮৫৭-পূৰ্বৱৰ্তী যুগৰ ৰাজনীতিতকৈ গুণগতভাৱে পৃথক। জাতীয়তাবাদ আৰু সমাজবাদ প্ৰভৃতি অন্যান্য আধুনিক মতবাদৰ নিচিনাকৈ সাম্প্ৰদায়িকতাৰো ৰাজনীতি তথা মতাদৰ্শ হিচাপে আবিৰ্ভাব ঘটিছে গণভিত্তিক ৰাজনীতিৰ – জনগণৰ অংশগ্ৰহণ আৰু সমাবেশৰ ৰাজনীতিৰ, জনমত সৃষ্টি আৰু সংগঠিত কৰাৰ ভিত্তিত ৰাজনীতিৰ – আবিৰ্ভাবৰ পাছত। প্ৰাক-আধুনিক ৰাজনীতিত দেখা গৈছিল যে উচ্চশ্ৰেণীৰ ৰাজনীতিত জনগণক হয় উপেক্ষা কৰা হৈছিল নতুবা জনগণে বাধ্য হৈ ৰাজনৈতিক ব্যৱস্থাৰ বাহিৰত বিদ্ৰোহ কৰিছিল, আৰু বিদ্ৰোহ সফল হ’লে তাৰ নেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল পুৰণি শাসক শ্ৰেণীসমূহৰ মাজত। বহুতো চিন্তাশীল ভাৰতীয়ই এই সত্যটো স্বীকাৰ কৰি লৈছিল। উদাহৰণস্বৰূপে, জৱাহৰলাল নেহৰুৱে ১৯৩৬ চনত লিখিছিল : “আমি পাহৰি যোৱা উচিত নহয় যে সাম্প্ৰদায়িকতা হ’ল এক সাম্প্ৰতিক পৰিঘটনা, যিটো আমাৰ চকুৰ সন্মুখতেই বিকশিত হৈছে।” ভাৰতীয় প্ৰেক্ষাপটত সাম্প্ৰদায়িকতাৰ কোনো অনন্য বৈশিষ্ট্যও নাই। ই ভাৰতৰ বিশেষ ঐতিহাসিক আৰু সামাজিক বিকাশৰ অৱশ্যম্ভাৱী বা অন্তৰ্নিহিত ফচল নহয়। ই সেইসমূহ পৰিস্থিতিৰ ফচল যি আন আন সমাজত অনুৰূপ পৰিঘটনা তথা মতাদৰ্শৰ জন্ম দিছে, যেনে, ফেছিবাদ, ইহুদি-বিৰোধিতা, বৰ্ণবৈষম্য, উত্তৰ আয়াৰলেণ্ডৰ কেথলিক-প্ৰটেষ্টাণ্ট সংঘাত বা লেবাননৰ খ্ৰিষ্টান-মুছলমান সংঘাত।
উপনিবেশবাদৰ প্ৰভাৱত ভাৰতীয় সমাজৰ ৰূপান্তৰণৰ ফলস্বৰূপে আৰু উপনিবেশবাদৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰয়োজনৰ প্ৰেক্ষাপটত সাম্প্ৰদায়িক চেতনাৰ উদ্ভৱ হৈছিল। বিভিন্ন অঞ্চল তথা দেশখনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক, ৰাজনৈতিক আৰু প্ৰশাসনিক একত্ৰীকৰণ; ভাৰতবৰ্ষৰ এটা জাতি হিচাপে গঢ়ি উঠাৰ প্ৰক্ৰিয়া; ভাৰতীয় জনগণ আৰু উপনিবেশবাদৰ মাজৰ বিকশমান দ্বন্দ্ব; আৰু আধুনিক সামাজিক শ্ৰেণী আৰু স্তৰসমূহৰ গঠন – এইসমূহ প্ৰক্ৰিয়াৰ ফলস্বৰূপে নিজৰ উমৈহতীয়া স্বাৰ্থসমূহ অনুধাৱন কৰাৰ নতুন পথ বিচাৰি উলিওৱাটো প্ৰয়োজনীয় হৈ পৰিছিল। প্ৰয়োজন হৈছিল জনগণৰ মাজত ব্যাপকতৰ যোগাযোগ তথা আনুগত্যৰ, আৰু নতুন পৰিচিতি গঢ়ি তোলাৰ। ঊনবিংশ শতিকাৰ শেষাৰ্ধত নতুন ৰাজনীতিৰ জন্মৰ ফলতো ইয়াৰ প্ৰয়োজন হৈছিল। ভাৰতৰ আৰু অধিক জনগণক ৰাজনীতি-সচেতন আৰু সংগঠিত কৰাই আছিল এই নতুন ৰাজনীতিৰ ভিত্তি।
নতুন, উদীয়মান ৰাজনৈতিক বাস্তৱতা আৰু সামাজিক সম্পৰ্ক উপলব্ধি কৰাৰ আৰু নতুন চিন্তা তথা ধ্যান-ধাৰণাৰ সহায়ত মানুহক ঐক্যবদ্ধ কৰাৰ নতুন নীতি, নতুন সামাজিক আৰু ৰাজনৈতিক সত্তা গ্ৰহণৰ প্ৰক্ৰিয়া কঠিন, ধীৰ আৰু ক্ৰমান্বয়িক হোৱাটো স্বাভাৱিক। এই প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন জাতীয়তাবাদ, সাংস্কৃতিক-ভাষিক বিকাশ আৰু শ্ৰেণীসংগ্ৰামৰ আধুনিক চিন্তাধাৰাৰ প্ৰসাৰৰ। কিন্তু য’তেই এইসমূহৰ বৃদ্ধি ধীৰ আৰু আংশিকভাৱে হৈছিল, ত’তেই মানুহে অনিবাৰ্যভাৱেই স্ব-সত্তাৰ পুৰণি, পৰিচিত প্ৰাক-আধুনিক বৰ্গ – যেনে, জাত-পাত, আঞ্চলিকতা, প্ৰদেশ, বৰ্ণ, ধৰ্ম, ধৰ্মীয় গোষ্ঠী আৰু পেছা আদিকে ব্যৱহাৰ কৰিছিল নতুন বাস্তৱতাক উপলব্ধি কৰাৰ, ব্যাপক যোগাযোগ স্থাপনৰ তথা নতুন পৰিচিতি আৰু মতাদৰ্শ উদ্ভাৱনৰ কামত। একেধৰণৰ পৰিস্থতিত সমগ্ৰ পৃথিৱীতে অনুৰূপ ঘটনাই ঘটিছিল। কিন্তু প্ৰায়ে এইধৰণৰ পুৰণি, অপৰ্যাপ্ত আৰু মিথ্যা ধাৰণা তথা পৰিচিতিসমূহে বাট এৰি দিছিল জাতি, জাতীয়তা আৰু শ্ৰেণীৰ নতুন, ঐতিহাসিকভাৱে প্ৰয়োজনীয় ধাৰণা তথা পৰিচিতিক। এই প্ৰক্ৰিয়াটো ভাৰততো ব্যাপকভাৱে ঘটিছিল, কিন্তু সমূহ ভাৰতীয় জনসাধাৰণৰ মাজত সুষমভাৱে ঘটা নাছিল। বিশেষকৈ দেশৰ বিভিন্ন অঞ্চলত আৰু জনসাধাৰণৰ বিভিন্ন অংশৰ মাজত ধৰ্মীয় চেতনা ৰূপান্তৰিত হৈছিল সাম্প্ৰদায়িক চেতনালৈ। ইয়াৰ কাৰণ হ’ল দেশৰ পৰিস্থিতিৰ মাজত এনে কিছুমান উপাদান আছিল যিসমূহে সাম্প্ৰদায়িকতাৰ বাবে অনুকূল পৰিবেশ ৰচনা কৰিছিল; সাম্প্ৰদায়িকতাই সমাজৰ ভালেমান অংশৰ তথা ভালেমান সামাজিক আৰু ৰাজনৈতিক শক্তিৰ প্ৰয়োজন পূৰণ কৰিছিল। প্ৰশ্ন হ’ল, বিংশ শতাব্দীত সাম্প্ৰদায়িকতাৰ বিকাশ হ’বলৈ পালে কেনেকৈ? ভাৰতীয় পৰিস্থিতিৰ কোনবিলাক উপাদানে এই প্ৰক্ৰিয়াটোক সহায়তা কৰিছিল? ই কোনবিলাক সামাজিক শ্ৰেণী আৰু ৰাজনৈতিক শক্তিৰ স্বাৰ্থ পূৰণ কৰিছিল? ই ভাৰতীয় বাস্তৱতাৰ ইমান এক বহুব্যাপক অংশ হৈ উঠিল কেনেকৈ? এইটো ঠিক যে সাম্প্ৰদায়িকতা পৰিস্থিতিটোৰ অন্তৰ্নিহিত বা অনিবাৰ্য পৰিণাম নাছিল, কিন্তু ই কোনো ক্ষমতালোভী ৰাজনীতিক আৰু চতুৰ প্ৰশাসকৰ নিছক ষড়যন্ত্ৰও নাছিল। ইয়াৰ সামাজিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক শিপা আছিল। এক বিশেষ সামাজিক পৰিস্থিতিয়ে ইয়াক নিৰ্দিষ্ট পথেদি চালিত কৰিছিল আৰু সেই পৰিস্থিতি অবিহনে সাম্প্ৰদায়িকতা দীৰ্ঘকাল ধৰি টিকি নাথাকিলহেঁতেন।
সৰ্বোপৰি, সাম্প্ৰদায়িকতা ভাৰতীয় অৰ্থব্যৱস্থাৰ ঔপনিবেশিক চৰিত্ৰৰ, ঔপনিবেশিক অনুন্নয়নৰ, ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশ ঘটোৱাত উপনিবেশবাদৰ অক্ষমতাৰ অন্যতম উপজাত ঘটনা। এইসমূহৰ ফলস্বৰূপে অৰ্থনৈতিক বদ্ধাৱস্থাই দেখা দিছিল আৰু ভাৰতীয় জনগণৰ, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যিটোৱে একাধাৰে ভাৰতীয় সমাজত বিভাজন আৰু বৈৰিতাৰ জন্ম দিছিল আৰু সমাজৰ আমূল ৰূপান্তৰণতো সহায় কৰিছিল।
গোটেই বিংশ শতাব্দীজুৰি, আধুনিক ঔদ্যোগিক বিকাশৰ অভাৱত আৰু শিক্ষা, স্বাস্থ্য তথা অন্যান্য সামাজিক আৰু সাংস্কৃতিক পৰিসেৱাসমূহৰ বিকাশৰ অভাৱত নিবনুৱা সমস্যাই ভাৰতত, বিশেষকৈ – কৃষিকাৰ্যলৈ দুনাই উভতি যাব নোৱৰা আৰু সামাজিক-অৰ্থনৈতিকভাৱে অবিৰত অৱনতি ঘটি থকা – শিক্ষিত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মাজত জটিল ৰূপ ধাৰণ কৰিছিল। ১৯২৮ চনৰ পাছত মহামন্দাৰ সময়ত অৰ্থনৈতিক সা-সুবিধা অধিক হ্ৰাস পালে আৰু দেখা দিলে ব্যাপক বেকাৰত্ব।
এই সামাজিক পৰিস্থিতিত জাতীয়তাবাদী আৰু অন্যান্য জনপ্ৰিয় আন্দোলনসমূহে জনসাধাৰণৰ সমস্যাসমূহৰ দীৰ্ঘস্থায়ী সমাধানসূত্ৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে উপনিবেশবাদৰ উচ্ছেদ আৰু আমূল সামাজিক ৰূপান্তৰণৰ অৰ্থে সংগ্ৰামৰ মাজেৰে। প্ৰকৃতপক্ষে, ১৯০৫ চনৰপৰা ১৯৪৭ চনপৰ্যন্ত জংগী জাতীয় আন্দোলন আৰু ১৯২০ৰ দশকৰপৰা বামপন্থী দল আৰু গোষ্ঠীসমূহৰ মেৰুদণ্ড আছিল মধ্যবিত্ত শ্ৰেণী। দুৰ্ভাগ্যজনকভাৱে, বহুতৰ মাজত বহল সামাজিক দৃষ্টিভংগী আৰু ৰাজনৈতিক বোধৰ অভাৱ আছিল, আৰু তেওঁলোকে নিজৰ সংকীৰ্ণ আশু স্বাৰ্থসমূহ আৰু সাম্প্ৰদায়িকতা, জাত-পাত বা প্ৰাদেশিকতাৰ ভিত্তিত চাকৰি কিম্বা পৌৰসভা, আইনসভা আদিত আসন সংৰক্ষণৰ নিচিনা ব্যক্তিগত নাইবা সমাজৰ কোনো এটা অংশৰ সমস্যাৰাজিৰ স্বল্পম্যাদী সমাধানৰ ওপৰত মনোনিবেশ কৰিছিল।
অৰ্থনৈতিক বদ্ধাৱস্থা হেতুকে চৰকাৰী চাকৰিৰ বাবে, আইন আৰু চিকিৎসাৰ নিচিনা পেছাত আৰু ব্যৱসায়ত ক্ৰেতা আৰু বজাৰৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলিছিল মানুহৰ মাজত। বিদ্যমান অৰ্থনৈতিক সুযোগ-সুবিধাসমূহৰ সিংহভাগটো হস্তগত কৰাৰ উদ্দেশ্যে মধ্যবিত্তসকলে তেওঁলোকৰ সাধ্যায়ত্ত সকলো উপায় – শিক্ষাগত যোগ্যতা, ব্যক্তিগত গুণাৱলী আৰু তাৰ লগতে স্বজনতোষণ, ঘোচ প্ৰভৃতিও অবাধে কামত লগাইছিল। একে সময়তে, নিজৰ সংগ্ৰামৰ ভিত্তি প্ৰসাৰিত কৰাৰ উদ্দেশ্যে, নিজৰ প্ৰতিযোগিতাৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তেওঁলোকে জাত-পাত, প্ৰদেশ আৰু ধৰ্ম আদি অন্যান্য সমূহীয়া পৰিচিতিসমূহো ব্যৱহাৰ কৰিছিল। এইদৰে মধ্যবিত্ত শ্ৰেণীৰ কিছু কিছু লোক বিশেষকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সাম্প্ৰদায়িকতাৰদ্বাৰা সাময়িক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল, আৰু সেয়া কৰিছিলো। ই সাম্প্ৰদায়িক ৰাজনীতিক কিছু পৰিমাণে বৈধতা প্ৰদান কৰিছিল। সাম্প্ৰদায়িকতাবাদীয়ে বাস্তৱ পৰিস্থিতি সম্পৰ্কে তেওঁৰ ব্যাখ্যা মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিৰ ওপৰত আৰোপ কৰিব পাৰিছিল, কাৰণ মধ্যবিত্ত শ্ৰেণীসমূহৰ সামাজিক অস্তিত্ব আৰু সামাজিক অভিজ্ঞতাৰ মাজত তাৰ এটা ভিত্তি আছিল – লাগিলে সেয়া আংশিক, বিকৃত আৰু খন্তেকীয়াই হওক।
ক্ৰমশঃ অৱস্থাপন্ন কৃষক আৰু ক্ষুদ্ৰ ভূস্বামীসকলৰ মাজত শিক্ষা বিস্তাৰৰ ফলস্বৰূপে চাকৰি-আকাংক্ষী মধ্যবিত্ত শ্ৰেণীটোৰ পৰিসৰ গ্ৰামাঞ্চললৈকে প্ৰসাৰিত হ’ল। ঔপনিবেশিক প্ৰভাৱত কৃষিক্ষেত্ৰত দেখা দিয়া বদ্ধাৱস্থাৰ পৰিপ্ৰেক্ষিতত নব্যশিক্ষিত গ্ৰামীণ যুৱকসকলৰ বাবে ভূস্বামী বা কৃষক হিচাপে ভূমিৰ ওপৰত নিৰ্ভৰ কৰি টিকি থকা টান হৈ পৰিল। তেওঁলোকে চৰকাৰী চাকৰি কিম্বা ডাক্তৰি-ওকালতি প্ৰভৃতি জীৱিকাৰ আশাত নগৰ আৰু চহৰসমূহত আহি ভিৰ কৰিবলৈ ধৰিলে, আৰু সাম্প্ৰদায়িক সংৰক্ষণ তথা মনোনয়ন ব্যৱস্থাৰ মাধ্যমেৰে চাকৰিৰ যুঁজত নিজৰ স্বাৰ্থ ৰক্ষাৰ চেষ্টা কৰিবলৈ ধৰিলে। এই ঘটনাই ক্ৰমাৎ সাম্প্ৰদায়িকতাৰ সামাজিক ভিত্তিটো প্ৰসাৰিত কৰিলে কৃষক আৰু ভূস্বামীসকলৰ গ্ৰামীণ উচ্চবৰ্গৰ মাজত।
এইদৰেই ঔপনিবেশিক অৰ্থব্যৱস্থাৰ সংকটে মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজত অবিৰতভাৱে দুই বিৰোধী মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰৱণতাৰ জন্ম দিছিল। যেতিয়া সাম্ৰাজ্যবাদ-বিৰোধী বিপ্লৱ আৰু সামাজিক পৰিবৰ্তন আন্দোলনৰ বিষয় হৈ উঠিছে, মধ্যবিত্ত শ্ৰেণীসমূহে তেতিয়া সোৎসাহে যোগ দিছে জাতীয় আৰু অন্যান্য গণ আন্দোলনত। তেতিয়া তেওঁলোক একে সময়তে পুঁজিপতিৰপৰা আৰম্ভ কৰি কৃষক আৰু শ্ৰমিকলৈকে সামৰি সমগ্ৰ সমাজৰ উদ্দেশ্য আৰু দাবীৰ প্ৰবক্তা হৈ উঠিছে। তেতিয়া তেওঁলোকৰ ব্যক্তিগত উচ্চাকাংক্ষা বিলীন হৈ গৈছে ব্যাপকতৰ সামাজিক দৃষ্টিভংগীৰ মাজত। কিন্তু যেতিয়া বৈপ্লৱিক পৰিবৰ্তনৰ সম্ভাৱনা স্তিমিত হৈ পৰিছে, যেতিয়া সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰাম অধিক নিষ্ক্ৰিয় হৈ পৰিছে, তেতিয়া মধ্যবিত্ত শ্ৰেণীসমূহৰ অনেক লোকেই নিজৰ ব্যক্তিগত সমস্যাৰ স্বল্পম্যাদী সমাধানৰ দিশে, সাম্প্ৰদায়িকতা আৰু অন্যান্য অনুৰূপ মতাদৰ্শ-ভিত্তিক ৰাজনীতিৰ দিশে ধাৱিত হৈছে। এইদৰে একেই সামাজিক ভিত্তি থকা সত্ত্বেও দেশৰ বিভিন্ন অঞ্চলত মধ্যবিত্ত শ্ৰেণীৰ এটা ডাঙৰ অংশ সাম্ৰাজ্যবাদ-বিৰোধিতা আৰু সাম্প্ৰদায়িকতা কিম্বা সাম্প্ৰদায়িকধৰণৰ ৰাজনীতিৰ মাজৰ দোমোজাত ওলমি ৰৈছিল। কিন্তু এই দুই ক্ষেত্ৰৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। প্ৰথম ক্ষেত্ৰত, তেওঁলোকৰ নিজস্ব সামাজিক স্বাৰ্থ সাধাৰণ সামাজিক বিকাশৰ স্বাৰ্থৰ সৈতে মিলি গৈছিল আৰু তেওঁলোকৰ ৰাজনীতি হৈ উঠিছিল ব্যাপকতৰ সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামৰ এটা অংশ। দ্বিতীয় ক্ষেত্ৰত, তেওঁলোকে এক সংকীৰ্ণ, স্বাৰ্থপৰ গোষ্ঠী হিচাপে কাম কৰিছিল, সামাজিক-ৰাজনৈতিক স্থিতাৱস্থা মানি লৈছিল আৰু বাস্তৱিকতে উপনিবেশবাদৰ স্বাৰ্থ ৰক্ষা কৰিছিল।
এই দৃষ্টিভংগীটো চমু ৰূপত এনেকৈ বৰ্ণনা কৰা যায় : যি সামাজিক পৰিস্থিতিত মধ্যবিত্ত শ্ৰেণীসমূহৰ সন্মুখত সুযোগ-সুবিধা আছিল খুবেই সীমিত, সাম্প্ৰদায়িকতাৰ মূল সেই পৰিস্থিতিৰ গভীৰত প্ৰোথিত আৰু সি সেই পৰিস্থিতিত মধ্যবিত্ত শ্ৰেণীসমূহৰ স্বাৰ্থ আৰু আশা-আকাংক্ষাকে ব্যক্ত কৰে। গতিকে সাম্প্ৰদায়িকতাৰ প্ৰশ্নটো হ’ল বিশেষভাৱে মধ্যবিত্ত শ্ৰেণীৰ প্ৰশ্ন। সাম্প্ৰদায়িকতাৰ প্ৰধান আকৰ্ষণ তথা তাৰ প্ৰধান সামাজিক ভিত্তিও মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজতে। অৱশ্যে এই কথাও মনত ৰাখিব লাগিব যে ১৯৩০ৰ আৰু ১৯৪০ৰ দশকতো, বহুসংখ্যক মধ্যবিত্ত লোক মোটামুটিভাৱে সাম্প্ৰদায়িকতাৰপৰা মুক্ত আছিল। এয়া বিশেষভাৱে সত্য অধিকাংশ হিন্দু, মুছলমান আৰু শিখ বুদ্ধিজীৱীৰ ক্ষেত্ৰত। প্ৰকৃতপক্ষে, ১৯৩০ৰ দশকৰ প্ৰতিনিধিস্থানীয় ভাৰতীয় বুদ্ধিজীৱীসকল ধৰ্মনিৰপেক্ষতা আৰু বহল অৰ্থত বামপন্থাৰ দিশে ধাৱিত হৈছিল।
…………………………………………………………

ঔপনিবেশিক অৰ্থব্যৱস্থাৰ আন এটা দিশেও সাম্প্ৰদায়িক ৰাজনীতিক সুবিধা কৰি দিছিল। উদ্যোগ, ব্যৱসায়-বাণিজ্য, শিক্ষা আৰু অন্যান্য সামাজিক পৰিসেৱাত তথা সাংস্কৃতিক আৰু বিনোদনৰ ক্ষেত্ৰত পৰ্যাপ্ত কৰ্মসংস্থানৰ সুযোগ মুকলি হোৱা নাছিল, সেয়ে মধ্যবিত্ত শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিয়েই আছিল কৰ্মসংস্থানৰ প্ৰধান পথ। শিক্ষক, চিকিৎসক আৰু ইঞ্জিনিয়াৰৰ কৰ্মসংস্থানৰ বেছিভাগেই আছিল চৰকাৰৰ নিয়ন্ত্ৰণত। ১৯৫১ চনতো যেতিয়া ১.২ মিলিয়ন লোকক ‘ফেক্টৰি এক্টছ’-এ সামৰি লৈছিল, তেতিয়া চৰকাৰী চাকৰিত নিয়োজিত হৈছিল ৩.৩ মিলিয়ন লোক। আৰু সাম্প্ৰদায়িকতা আৰু জাত-পাতৰ ভিত্তিত চৰকাৰী চাকৰি সংৰক্ষণ তথা প্ৰফেছনেল কলেজবিলাকত আসন সংৰক্ষণৰ অৰ্থে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতিৰ ব্যৱহাৰ কৰা হৈছিল। ফলস্বৰূপে, ১৯৩৭ চনপৰ্যন্ত সাম্প্ৰদায়িক ৰাজনীতি সংগঠিত কৰা হৈছিল চৰকাৰী চাকৰি, শিক্ষাৰ ক্ষেত্ৰত সুযোগ-সুবিধা প্ৰভৃতি তথা আইনসভা, পৌৰসভা আদিত আসন প্ৰভৃতিক কেন্দ্ৰ কৰি, যাৰ মাধ্যমেৰে এই ক্ষেত্ৰসমূহ আৰু অন্যান্য অৰ্থনৈতিক সুযোগ-সুবিধাসমূহৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচৰা হৈছিল। আৰু এটা কথা মনত ৰখা দৰকাৰ যে যদিও সাম্প্ৰদায়িকতাবাদীসকলে নিজৰ ‘সম্প্ৰদায়’ৰ হৈ কথা কৈছিল, তথাপি তেওঁলোকে দাবী কৰা সংৰক্ষণ, নিশ্চয়তা আৰু অন্যান্য ‘অধিকাৰ’সমূহ বাস্তৱতঃ এই দুই বিষয়ৰ মাজতেই সীমাবদ্ধ আছিল। সৰ্বসাধাৰণ জনগণৰ স্বাৰ্থজড়িত কোনো বিষয় লৈয়েই তেওঁলোক সৰৱ হোৱা নাছিল।
…………………………………………………………

অন্য এটা স্তৰত, ভিন্ন ধৰ্মাৱলম্বী শোষক আৰু শোষিতৰ মাজৰ সামাজিক উত্তেজনা আৰু শ্ৰেণী-সংঘাতক সাম্প্ৰদায়িকতাবাদে প্ৰায়েই সাম্প্ৰদায়িক সংঘাত হিচাপে বিকৃত কৰিছে বা ভুলকৈ ব্যাখ্যা কৰিছে। যদিও অসন্তোষ আৰু স্বাৰ্থৰ সংঘাত এক বাস্তৱ ঘটনা আৰু ইয়াৰ কাৰণসমূহ ধৰ্মৰ সৈতে সম্পৰ্কহীন বা অ-সাম্প্ৰদায়িক – পশ্চাদপদ ৰাজনৈতিক চেতনাৰ বাবেই সেয়া বিকৃতভাৱে প্ৰকাশিত হৈছে সাম্প্ৰদায়িক সংঘাতৰ ৰূপত। চি. জি. শ্বাহে ক’বৰ দৰে : “সাম্প্ৰদায়িক প্ৰচাৰৰ প্ৰভাৱত জনসাধাৰণে তেওঁলোকৰ শোষণ, নিপীড়ন আৰু যন্ত্ৰণাৰ প্ৰকৃত কাৰণসমূহ বিচাৰি উলিয়াবলৈ অক্ষম হৈ পৰে আৰু এইসমূহৰ এক অলীক সাম্প্ৰদায়িক উৎস কল্পনা কৰি লয়।”
ভাৰতীয় সমাজৰ বিকাশৰ এটা বিশেষ বৈশিষ্ট্যৰ পটভূমিতহে এনেধৰণৰ সাম্প্ৰদায়িক (আৰু পৰৱৰ্তী কালত জাত-পাতভিত্তিক) বিকৃতি ঘটোৱাটো সম্ভৱ হৈছিল – দেশৰ বহু অংশত ধৰ্মৰ বৈশিষ্ট্যসূচক পাৰ্থক্যসমূহ সামাজিক আৰু শ্ৰেণীগত পাৰ্থক্যসূচক বৈশিষ্ট্যসমূহৰ সৈতে মিলি গৈছিল। এইসমূহ ঠাইত প্ৰায়ে সমাজৰ শোষক অংশসমূহ – ভূস্বামী, ব্যৱসায়ী আৰু মহাজন – আছিল উচ্চবৰ্ণৰ হিন্দু; আনহাতে, দৰিদ্ৰ আৰু শোষিতসকল আছিল মুছলমান বা নিম্নবৰ্ণৰ হিন্দু। সেইবাবে হিন্দুসকলে মুছলমানক শোষণ কৰিছে বুলি মুছলমান সাম্প্ৰদায়িকতাবাদীয়ে প্ৰচাৰ কৰিলে বা মুছলমানসকলে হিন্দুৰ সম্পত্তি বা অৰ্থনৈতিক স্বাৰ্থ ক্ষুণ্ণ কৰিছে বুলি হিন্দু সাম্প্ৰদায়িকতাবাদীয়ে প্ৰচাৰ কৰিলে মানুহে বিশ্বাস কৰিছিল, যদিও সেয়া সম্পূৰ্ণ ভুলেই হওক। গতিকে পূব বংগ আৰু মালাবাৰত প্ৰজা আৰু ভূস্বামীৰ মাজৰ, পাঞ্জাবত ঋণগ্ৰস্ত কৃষক আৰু ব্যৱসায়ী-মহাজনৰ মাজৰ সংগ্ৰামক সাম্প্ৰদায়িকতাবাদীসকলে চিত্ৰিত কৰিছিল হিন্দু-মুছলমানৰ মাজৰ সংঘাত হিচাপে। একেদৰে, ভূস্বামী-মহাজনৰ নিপীড়নক দেখুওৱা হৈছিল হিন্দুসকলৰ হাতত মুছলমানসকলৰ নিপীড়ন হিচাপে আৰু গ্ৰাম্য ধনীসকলৰ ওপৰত গ্ৰাম্য দৰিদ্ৰসকলৰ আক্ৰমণক হিন্দুসকলৰ ওপৰত মুছলমানসকলৰ আক্ৰমণ হিচাপে। উদাহৰণস্বৰূপে, পাঞ্জাবত সাম্প্ৰদায়িকতাৰ বৃদ্ধিৰ এটা কাৰণ হ’ল বৃহৎ মুছলমান ভূস্বামীসকলে নিজৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থান ৰক্ষা কৰাৰ উদ্দেশ্যে মুছলমান প্ৰজাসকলৰ ক্ষোভ হিন্দু ব্যৱসায়ী আৰু মহাজনসকলৰ বিৰুদ্ধে পৰিচালিত কৰিবলৈ সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈছিল, আৰু হিন্দু ব্যৱসায়ী আৰু মহাজনসকলেও নিজৰ বিপন্ন শ্ৰেণীস্বাৰ্থ ৰক্ষা কৰিবলৈ হিন্দুৰ স্বাৰ্থ সংকটাপন্ন বুলি চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিছিল। বাস্তৱিকতে, কৃষক ৰাইজৰ মুক্তিৰ বাবে সংগ্ৰাম অনিবাৰ্য। প্ৰশ্নটো হ’ল, ইয়াৰ মতাদৰ্শগত-ৰাজনৈতিক আধেয় কি ধৰণৰ হ’ব। সাম্প্ৰদায়িকতাবাদীসকল আৰু ঔপনিবেশিক প্ৰশাসকসকল উভয়েই কৃষিক্ষেত্ৰত শোষণ আৰু নিপীড়নৰ শ্ৰেণীগত দিশসমূহৰ সলনি সাম্প্ৰদায়িক দিশসমূহৰ ওপৰত গুৰুত্বাৰোপ কৰিছিল। অতএব, তেওঁলোকে ক’ব খুজিছিল যে মুছলমান কৃষক আৰু অধমৰ্ণসকল শোষিত হৈছে কৃষক আৰু অধমৰ্ণ হিচাপে নহয়, বৰং তেওঁলোক মুছলমান হোৱা বাবেহে।
অনেক ক্ষেত্ৰতে, সামাজিক সংঘাতত যিসকলে অংশ লয় সেইসকলে তাক সাম্প্ৰদায়িক ৰূপ নিদিয়ে। সাম্প্ৰদায়িক ৰূপ দিয়ে পৰ্যবেক্ষক, চৰকাৰী কৰ্মচাৰী, সাংবাদিক, ৰাজনীতিবিদ আৰু পৰিশেষত ইতিহাসবিদসকলে – যিসকলে নিজৰ সচেতন অথবা অৱচেতন দৃষ্টিভংগীৰে সংঘাতটো ঘটাৰ পৰৱৰ্তী সময়ত তাৰ একোটা সাম্প্ৰদায়িক ব্যাখ্যা দাঙি ধৰে। এইটোও লক্ষণীয় বিষয় যে বিংশ শতাব্দীত সাম্প্ৰদায়িকতাৰ বিকাশৰ আগলৈকে কৃষিগত সংঘাতসমূহত সাম্প্ৰদায়িক ৰং-ৰহণ লগা নাছিল, আৰু পৰৱৰ্তী সময়ত লাগিলেও সকলো ক্ষেত্ৰতে নহয়। ১৮৭৩ চনৰ পাবনাৰ কৃষক সংগ্ৰামত হিন্দু আৰু মুছলমান কৃষকসকলে একেলগে মিলি জমিদাৰসকলৰ বিৰুদ্ধে যুঁজ দিছিল। একেদৰে, আগৰ অধ্যায়সমূহত কৈ অহাৰ দৰেই, ১৯১৯ চনৰ পৰৱৰ্তী বেছিভাগ কৃষক সংগ্ৰামেই সাম্প্ৰদায়িকতাৰপৰা মুক্ত আছিল। কৃষক আৰু শ্ৰমিকসকল তথা ক্ৰান্তিবাদী বুদ্ধিজীৱীসকলে ধৰ্মনিৰপেক্ষ কৃষক আৰু শ্ৰমিক আন্দোলন আৰু সংগঠন সফলতাৰে গঢ়ি তুলিছিল যিসমূহে সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
এই পৰিপ্ৰেক্ষিতত আৰু এটা গুৰুত্বপূৰ্ণ কথা মন কৰা দৰকাৰ যে বংগত হিন্দু জমিদাৰসকলে ভূমিৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিছিল তেওঁলোক হিন্দু হোৱা বাবে নহয় – বৰং সেয়া বংগত নিম্ন বৰ্ণ আৰু শ্ৰেণীসমূহৰ মাজত ইছলাম ধৰ্ম বিস্তাৰৰ ঐতিহাসিক প্ৰক্ৰিয়াৰহে ফল। বংগত হিন্দু জমিদাৰ আৰু ব্যৱসায়ীসকলে ভূমিৰ ওপৰত আধিপত্য অৰ্জন কৰিছিল মুৰ্ছিদ কুলি খাঁৰ ৰাজত্বকালত অষ্টাদশ শতাব্দীৰ আৰম্ভণিছোৱাত। কুলি খাঁ আছিল ঔৰংজেবৰ কৰ্মচাৰী আৰু অনুগামীসকলৰ ভিতৰত সবাতোকৈ বেছি ধৰ্মপ্ৰাণ। তেওঁৰ ৰাজত্বকালত ৭৫ শতাংশতকৈও অধিক জমিদাৰ আৰু তালুকদাৰসকলৰ অধিকাংশই আছিল হিন্দু। ১৭৯৩ চনৰ চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থাই এই প্ৰৱণতাক অধিক শক্তিশালী কৰিলে। হিন্দু আৰু মুছলমান উভয় ধৰ্মাৱলম্বী পুৰণি জমিদাৰ পৰিয়ালসমূহক উচ্ছেদ কৰি তাৰ ঠাইত বহুৱালে নতুন ব্যৱসায়ীসকলক, যিসকল আছিল হিন্দু। অনুৰূপভাৱে, উত্তৰ ভাৰতত বেংক মালিক, ব্যৱসায়ী আৰু মহাজনসকলৰ মাজত হিন্দুসকলৰ প্ৰাধান্য আছিল মধ্যযুগৰপৰাই। ব্ৰিটিছ শাসনত গ্ৰামীণ সমাজৰ ওপৰত এইসমূহ সামাজিক বৰ্গই যি আধিপত্য বিস্তাৰ কৰিছিল তাৰ কাৰণ তেওঁলোক হিন্দু হোৱাটো নহয়, বৰং ঔপনিবেশিক শোষণ ব্যৱস্থাত যে তেওঁলোকে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ভূমিকা পালন কৰিব পাৰিছিল তাৰ বাবেহে। আন কথাত ক’বলৈ হ’লে, ঔপনিবেশিক ইতিহাসে ব্যৱসায়ী-মহাজনসকলৰ বৃদ্ধি আৰু অৰ্থনৈতিক আধিপত্য সুনিশ্চিত কৰিছিল; আৰু তেওঁলোকৰ অধিকাংশই যে হিন্দু সেইটো সুনিশ্চিত কৰিছিল মধ্যযুগীয় ইতিহাসে।
অন্য এটা পৰ্যায়ত সাম্প্ৰদায়িকতাই ক্ষমতা, সুযোগ-সুবিধা আৰু অৰ্থনৈতিক প্ৰাপ্তিৰ বাবে দুটা উচ্চ শ্ৰেণী বা বৰ্গৰ মাজত হোৱা সংগ্ৰামক প্ৰতিনিধিত্ব কৰে। বিভিন্ন ধৰ্মৰ (বা জাত-পাতৰ) অন্তৰ্ভুক্ত এই শ্ৰেণী বা বৰ্গসমূহে পৰস্পৰৰ বিৰুদ্ধে সংগ্ৰামত নিজ নিজ ধৰ্মাৱলম্বী জনসাধাৰণৰ সমৰ্থন অৰ্জনৰ উদ্দেশ্যে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, এই ঘটনা ঘটিছিল পশ্চিম পাঞ্জাবত য’ত মুছলমান ভূস্বামীসকলে হিন্দু মহাজনসকলৰ বিৰোধিতা কৰিছিল, আৰু পূব বংগত য’ত মুছলমান জোতদাৰসকলে হিন্দু জমিদাৰসকলৰ বিৰোধিতা কৰিছিল।
……………………………………………………….

সৰ্বোপৰি, সাম্প্ৰদায়িকতা অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াশীল সামাজিক শ্ৰেণীসমূহ আৰু ৰাজনৈতিক শক্তিসমূহৰ – অৰ্ধসামন্ততান্ত্ৰিক ভূস্বামীসকল আৰু প্ৰাক্তন আমোলাসকল, ব্যৱসায়ীসকল আৰু মহাজনসকল, আৰু ঔপনিবেশিক ৰাষ্ট্ৰৰ – হাতিয়াৰ হৈ উঠিছিল। সাম্প্ৰদায়িক নেতাসকল আৰু দলসমূহ আছিল সাধাৰণভাৱে এইসমূহ শ্ৰেণী আৰু শক্তিৰ ঘনিষ্ঠ। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যস্ত স্বাৰ্থসমূহে সাম্প্ৰদায়িকতাক ইচ্ছাকৃতভাৱে উৎসাহিত কৰিছিল নতুবা অৱচেতনভাৱে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈছিল – কাৰণ গণসংগ্ৰামসমূহক বিকৃত কিম্বা বিপথে পৰিচালিত কৰাৰ, নিজৰ সামাজিক দুৰৱস্থাৰ বাবে দায়ী সামাজিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিসমূহক চিনি পোৱাত বাধা প্ৰদান কৰাৰ, জাতীয় আৰু শ্ৰেণীগত ভিত্তিত ঐক্যবদ্ধ হোৱাৰ পথ ৰুদ্ধ কৰাৰ, জনগণৰ প্ৰকৃত জাতীয় আৰু সামাজিক-অৰ্থনৈতিক স্বাৰ্থ আৰু সমস্যা তথা সেইসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা গণ আন্দোলনসমূহৰপৰা তেওঁলোকক আঁতৰাই ৰখাৰ ক্ষমতা সাম্প্ৰদায়িকতাৰ আছে। সাম্প্ৰদায়িকতাই উচ্চবিত্ত শ্ৰেণীসমূহ আৰু ঔপনিবেশিক শাসকসকলক মধ্যবিত্ত শ্ৰেণীসমূহৰ বিভিন্ন অংশৰ সৈতে সন্মিলিত হোৱাত আৰু শেষোক্ত শ্ৰেণীসমূহৰ ৰাজনীতিক নিজৰ স্বাৰ্থানুকূলে পৰিচালিত কৰাত সহায় কৰিছিল।
…………………………………………………

ব্ৰিটিছ শাসন তথা তাৰ ‘ডিভাইড এণ্ড ৰুল’ নীতি আধুনিক ভাৰতত সাম্প্ৰদায়িকতা বৃদ্ধিৰ বাবে প্ৰধানকৈ দায়ী, যদিও এই কথাও সত্য যে আভ্যন্তৰীণ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ বাবেহে এই নীতি সফল হৈছিল। আচল কথা হ’ল, মহাশক্তিধৰ ৰাষ্ট্ৰই লাগিলে জাতীয় সংহতিৰ প্ৰক্ৰিয়াক জোৰদাৰ কৰি তুলিব পাৰে নতুবা সকলোধৰণৰ বিভেদকামী শক্তিক প্ৰৰোচিত কৰিবও পাৰে। ঔপনিবেশিক ৰাষ্ট্ৰই ইয়াৰ পিছৰটো বাছি লৈছিল। বিকশমান জাতীয় আন্দোলন আৰু ভাৰতীয় জনগণৰ জাতি হিচাপে ঐক্যবদ্ধ হোৱাৰ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিবৰ বাবে আৰু দুৰ্বল কৰিবৰ বাবে ৰাষ্ট্ৰই সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছিল। ঔপনিবেশিক শাসকসকলে সাম্প্ৰদায়িকতাক হাজিৰ কৰিছিল সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষাৰ সমস্যা হিচাপে। হিন্দু-মুছলমানৰ অনৈক্য – আৰু সংখ্যাগুৰুসকলৰ আধিপত্য আৰু নিপীড়নৰপৰা সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ প্ৰয়োজন : ভাৰতত ব্ৰিটিছ শাসনৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ এই যুক্তিৰ আশ্ৰয় লোৱা হৈছিল ক্ৰমাৎ বেছিকৈ; বিশেষকৈ ভাৰতীয়সকলক সভ্য কৰি তোলাৰ অভিযান, শ্বেতাংগৰ দায়িত্ব, শাসিতসকলৰ কল্যাণ আদি তত্ত্বসমূহ ক্ৰমান্বয়ে অসাৰ্থক প্ৰতিপন্ন হোৱাৰ প্ৰেক্ষাপটত।
অৱশ্যে সাম্প্ৰদায়িকতা ‘ডিভাইড এণ্ড ৰুল’ নীতিৰ একমাত্ৰ উপাদান নাছিল। ভাৰতীয় জনগণৰ উত্থানশীল ঐক্যক প্ৰতিৰোধ কৰিবৰ বাবে ভাৰতীয় সমাজত বিদ্যমান সকলো বিভাজনকেই উচটনি যোগোৱা হৈছিল। এক অঞ্চলক অন্য অঞ্চলৰ বিৰুদ্ধে, এক প্ৰদেশক অন্য প্ৰদেশৰ বিৰুদ্ধে, এটা জাতক অন্য জাতৰ বিৰুদ্ধে, এক ভাষাক অন্য ভাষাৰ বিৰুদ্ধে, সংস্কাৰবাদীসকলক প্ৰাচীনপন্থীসকলৰ বিৰুদ্ধে, নৰমপন্থীসকলক চৰমপন্থীসকলৰ বিৰুদ্ধে, বাঁওপন্থীসকলক সোঁপন্থীসকলৰ বিৰুদ্ধে, আৰু আনকি এটা শ্ৰেণীক আন এটা শ্ৰেণীৰ বিৰুদ্ধে সংঘাতত অৱতীৰ্ণ কৰাবলৈ চেষ্টা চলোৱা হৈছিল। অৱশ্যে এই সকলোৰে ভিতৰত সাম্প্ৰদায়িকতাই একেবাৰে শেষলৈকে টিকি থাকিল আৰু ইয়েই আছিল সবাতোকৈ ফলপ্ৰসূ। বাস্তৱিকতে ঔপনিবেশিক ৰাজত্বৰ শেষৰপিনে সাম্প্ৰদায়িকতাই হৈ উঠিছিল উপনিবেশবাদৰ প্ৰধান অৱলম্বন, আৰু ইয়াৰ বিনিময়ত ঔপনিবেশিক কৰ্তৃপক্ষই যিকোনো মূল্য বহন কৰিবলৈ সাজু আছিল। আনহাতে, ঔপনিবেশিক ৰাষ্ট্ৰৰ জোৰদাৰ সমৰ্থন নাথাকিলে সাম্প্ৰদায়িকতাই দেশ বিভাজন ঘটাব পৰাকৈ চূড়ান্ত পৰ্যায়লৈ গতি কৰিব নোৱাৰিলেহেঁতেন। এই দিশৰপৰা সাম্প্ৰদায়িকতাক বৰ্ণনা কৰিব পাৰি এটা উপায় হিচাপে যাৰ মাধ্যমেৰে মধ্যবিত্ত শ্ৰেণীসমূহৰ ৰাজনীতিক উপনিবেশবাদ আৰু জায়গিৰদাৰি শ্ৰেণীসমূহৰ স্বাৰ্থৰ অনুকূলে পৰিচালিত কৰা হৈছিল। প্ৰকৃততে, সাম্প্ৰদায়িকতাই আছিল সেই পথ যি পথেদি উপনিবেশবাদে তাৰ সংকীৰ্ণ সামাজিক ভিত্তি প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল শ্ৰমিক, কৃষক, মধ্যবিত্ত শ্ৰেণীসমূহ আৰু বুৰ্জোৱাসকলৰ মাজত – অথচ অন্য ক্ষেত্ৰত উপনিবেশবাদৰ সৈতে এই শ্ৰেণীসমূহৰ আছিল স্বাৰ্থৰ দ্বন্দ্ব।
কি কি পথ আৰু আঁচনিৰ মাধ্যমেৰে, কোনবোৰ সুবিধা প্ৰদান কৰি বা সেইসমূহৰপৰা বঞ্চিত কৰি ব্ৰিটিছে সাম্প্ৰদায়িকতাক উৎসাহিত আৰু লালন-পালন কৰিছিল? প্ৰথমতে, হিন্দু, মুছলমান আৰু শিখসকলৰ সৈতে সকলো সময়তে এনেভাৱে আচৰণ কৰা হৈছিল যেন তেওঁলোক পৃথক পৃথক সম্প্ৰদায় তথা সামাজিক-ৰাজনৈতিক সত্তা যাৰ পৰস্পৰৰ মাজত মিল বুলিবলৈ একো নায়েই। কোৱা হৈছিল, ভাৰতবৰ্ষ এটা জাতি নহয় বা কোনো জাতি গঠনৰ প্ৰক্ৰিয়াও ইয়াত চলি থকা নাই। বিভিন্ন জাতিসত্তা বা স্থানীয় সমাজ মিলিত হৈ ভাৰতবৰ্ষ গঠিত হোৱা নাই; বৰঞ্চ ই গঠিত হৈছে বিভিন্ন কাঠামোত বিভক্ত, পৰস্পৰৰপৰা বিচ্ছিন্ন আৰু পৰস্পৰবিৰোধী বহুতো ধৰ্মীয় সম্প্ৰদায়ৰে। দ্বিতীয়তে, সাম্প্ৰদায়িকতাবাদীসকলৰ প্ৰতি চৰকাৰী সমৰ্থন আৰু পৃষ্ঠপোষকতা। তৃতীয়তে, সাম্প্ৰদায়িক কাকত-আলোচনী, ব্যক্তি আৰু আন্দোলনসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা বিস্ময়কৰ সহনশীলতা। চতুৰ্থতে, সাম্প্ৰদায়িক দাবীসমূহ সহজতেই পূৰণ কৰা হৈছিল, যিটোৱে সাম্প্ৰদায়িক সংগঠনসমূহ আৰু জনসাধাৰণৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ ৰাজনৈতিকভাৱে শক্তিশালী কৰি তুলিছিল। উদাহৰণস্বৰূপে, ১৮৮৫ৰপৰা ১৯০৫ চনলৈকে কংগ্ৰেছৰ কোনো দাবীয়েই চৰকাৰে মানি লোৱা নাছিল; কিন্তু মুছলমান সাম্প্ৰদায়িকতাবাদীসকলৰ দাবীসমূহ ১৯০৬ চনত ভাইচৰয়ৰ সন্মুখত পেচ কৰাৰ লগে লগেই মানি লোৱা হৈছিল। একেদৰে, ১৯৩২ চনৰ ‘কমিউনেল এৱাৰ্ড’ৰ জৰিয়তে সেই সময়ৰ সকলোবোৰ প্ৰধান সাম্প্ৰদায়িক দাবী মানি লোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি থকা কালত মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে যিকোনোধৰণৰ ৰাজনৈতিক অগ্ৰগতিৰ ক্ষেত্ৰতেই প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল। পঞ্চমতে, ব্ৰিটিছসকলে সাম্প্ৰদায়িক সংগঠনসমূহ আৰু নেতাসকলক সংশ্লিষ্ট ‘সম্প্ৰদায়’সমূহৰ প্ৰকৃত মুখপাত্ৰ হিচাপে বিনাপ্ৰেশ্ন মানি লোৱা হৈছিল; কিন্তু জাতীয়তাবাদী নেতাসকলক প্ৰত্যাখ্যান কৰা হৈছিল সমাজৰ এক আণুবীক্ষণিক অংশ – একমাত্ৰ এলিট গোষ্ঠীটোৰ প্ৰতিনিধি বুলি। ষষ্ঠতে, পৃথক নিৰ্বাচক মণ্ডলীৰ ব্যৱস্থাই সাম্প্ৰদায়িক ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ হাতিয়াৰ হিচাপে কাম কৰিছিল। শেষত, ঔপনিবেশিক চৰকাৰে সাম্প্ৰদায়িকতাক উৎসাহ যোগাইছিল ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাৰ নীতিৰ জৰিয়তে। সাম্প্ৰদায়িকতাৰ বৃদ্ধি ৰোধ কৰিবৰ বাবে এনেকুৱা বহুতো সদৰ্থক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল যিসমূহ কেৱল ৰাষ্ট্ৰইহে ল’ব পাৰে। এই পদক্ষেপসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাই পৰোক্ষভাৱে সাম্প্ৰদায়িকতাক উৎসাহিত কৰিছিল। কাকত-আলোচনী, পুস্তিকা, পত্ৰিকা, সাহিত্য, ৰাজহুৱা মঞ্চ আৰু গুজবৰ মাধ্যমেৰে অত্যন্ত ক্ষতিকৰ সাম্প্ৰদায়িক ধ্যান-ধাৰণা আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা কাৰ্যত বাধা দিবলৈ চৰকাৰ অমান্তি হৈছিল। ইয়াৰ বিপৰীতে জাতীয়তাবাদী কাকত-আলোচনী, সাহিত্য, চৰকাৰী কৰ্মচাৰী, প্ৰচাৰ আদিৰ ওপৰত সততে দমন-পীড়ন চলোৱা হৈছিল। কিন্তু সাম্প্ৰদায়িকতাবাদী নেতা, বুদ্ধিজীৱী আৰু চৰকাৰী কৰ্মচাৰীসকলক মুক্তহস্তে দান কৰা হৈছিল উপাধি, লাভজনক পদবী, উচ্চ বেতন আৰু যে কত কি। সাম্প্ৰদায়িক দাংগা মোকাবিলা কৰাৰ ক্ষেত্ৰতো ব্ৰিটিছ প্ৰশাসকসকলেও তুলনামূলক নিষ্ক্ৰিয়তা আৰু দায়িত্বহীনতাৰ নীতি অনুসৰণ কৰিছিল। যেতিয়াই দাংগা হৈছিল, তাক দমন কৰিবৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহৈছিল। জাতীয়তাবাদী তথা অন্যান্য গণ-প্ৰতিবাদী আন্দোলনৰ মোকাবিলাৰ ক্ষেত্ৰত প্ৰশাসনে যিধৰণৰ যথাযথ প্ৰস্তুতি তথা প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, সাম্প্ৰদায়িক উত্তেজনা মোকাবিলাৰ ক্ষেত্ৰত কাচিৎহে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
সংক্ষেপে : ঔপনিবেশিক ৰাষ্ট্ৰই সাম্প্ৰদায়িকতাক সমৰ্থন কৰা হেতুকে যেতিয়ালৈকে ঔপনিবেশিক ৰাষ্ট্ৰ থাকিব তেতিয়ালৈকে সাম্প্ৰদায়িক সমস্যাৰ সমাধান কৰাটো সহজসাধ্য নহ’ব; তথাপি, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সফল সংগ্ৰামৰ অৰ্থে ঔপনিবেশিক ৰাষ্ট্ৰৰ উচ্ছেদ প্ৰয়োজনীয় হ’লেও পৰ্যাপ্ত চৰ্ত নহয়।
…………………………………………………….

বিংশ শতাব্দীৰ আৰম্ভণিৰপৰা জাতীয়তাবাদী চিন্তা-ভাবনা আৰু প্ৰচাৰত সুস্পষ্ট ৰূপত হিন্দুধৰ্মীয় ছাপ পৰিস্ফুট হোৱাটোৱে সাম্প্ৰদায়িকতা বৃদ্ধিত শক্তিশালী অৱদান যোগাইছিল।
চৰমপন্থীসকলৰ অনেকেই জাতীয়তাবাদী চিন্তা-ভাবনা আৰু প্ৰচাৰলৈ এক প্ৰবল হিন্দুধৰ্মীয় উপাদানৰ আমদানি ঘটাইছিল। মধ্যযুগৰ সংস্কৃতিক বাদ দি কেৱল প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ প্ৰৱণতা তেওঁলোকৰ মাজত পৰিলক্ষিত হৈছিল। তেওঁলোকে ভাৰতীয় জাতীয়তাবাদক এটা হিন্দু মতাদৰ্শগত ভিত্তি প্ৰদান কৰিবলৈ, নতুবা কমপক্ষেও, দৈনন্দিন ৰাজনৈতিক প্ৰচাৰসমূহক এক হিন্দু ভাষিক পোছাক পিন্ধাবলৈ চেষ্টা কৰিছিল। এনেদৰেই, তিলকে জাতীয়তাবাদ প্ৰচাৰ কৰিছিল গণেশ পূজা আৰু শিৱাজী উৎসৱৰ জৰিয়তে; আৰু বংগভংগ-বিৰোধী আন্দোলন আৰম্ভ কৰা হৈছিল গংগাস্নান কৰি। কিন্তু আটাইতকৈ ক্ষতিকৰ কথাটো হ’ল, বংকিমচন্দ্ৰ চেটাৰ্জী আৰু বাংলা, হিন্দী, উৰ্দু আৰু অন্যান্য ভাষাৰ আন বহুতো লেখকে তেওঁলোকৰ উপন্যাস, নাটক, কবিতা আৰু গল্পত সদায়েই মুছলমানসকলক উল্লেখ কৰিছিল বিদেশী হিচাপে, আৰু জাতীয়তাবাদক সম্পৃক্ত কৰিবলৈ চেষ্টা কৰিছিল হিন্দুসকলৰ সৈতে। এইধৰণৰ সাহিত্যই প্ৰায়েই মুছলমান শাসক আৰু ৰাজ কৰ্মচাৰীসকলক চিত্ৰিত কৰিছিল অত্যাচাৰী হিচাপে, যিটোৱে শিক্ষিত মুছলমানসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু উদীয়মান জাতীয় আন্দোলনৰপৰা তেওঁলোকক বিচ্ছিন্ন কৰি পেলাইছিল। তাৰ উপৰি, হিন্দু প্ৰতীক, ধৰ্মীয় শব্দাৱলী আৰু পৌৰাণিক কাহিনীক সম্বল কৰি লোৱাৰ ফলস্বৰূপে জাতীয় আন্দোলনৰ ওপৰত পৰিব্যাপ্ত হৈ পৰিছিল এটা হিন্দু-গন্ধী পৰিবেশ।
সি যি নহওক, জাতীয় আন্দোলনটোৱে সামগ্ৰিকভাৱে দৃষ্টিভংগী আৰু মতাদৰ্শৰ দিশৰপৰা মূলতঃ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বজাই ৰাখিছিল – যাৰ ফলস্বৰূপে এম. এ. জিন্না আৰু মৌলানা আবুল কালাম আজাদৰ নিচিনা নৱীন মুছলমান জাতীয়তাবাদীৰ পক্ষেও ইয়াক সেই ৰূপতে গ্ৰহণ কৰাত আৰু আন্দোলনত যোগ দিয়াত কোনো অসুবিধা হোৱা নাছিল। গান্ধীজী, চি. আৰ. দাস, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, মৌলানা আজাদ, ডাঃ এম. এ. আনছাৰি, সুভাষ বসু, চৰ্দাৰ পেটেল আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে নেতাসকলে আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰাৰ পাছত এই ধৰ্মনিৰপেক্ষতা তাতোকৈও সুদৃঢ় হ’ল। সাম্প্ৰদায়িকতাৰ বৃদ্ধি ৰোধ কৰাত জাতীয়তাবাদৰ ব্যৰ্থতা সাম্প্ৰদায়িকতাৰ যিমান ডাঙৰ কাৰণ, হিন্দুধৰ্মীয় ছাপ সিমান ডাঙৰ কাৰণ নহয়। ই মুছলমানসকলৰ জাতীয় আন্দোলনত যোগ দিয়াৰ প্ৰক্ৰিয়াটো অলপ বেছি জটিল কৰি তুলিছিল। ইয়াৰ ফলস্বৰূপে চৰকাৰ আৰু মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে মুছলমানসকলৰ এটা ডাঙৰ অংশক জাতীয়তাবাদী আন্দোলনৰপৰা আঁতৰাই ৰাখিবলৈ আৰু তেওঁলোকৰ মাজত এনে এটা ধাৰণা বিয়পাই দিবলৈ সক্ষম হৈছিল যে এই আন্দোলনৰ সাফল্যৰ অৰ্থই হ’ব দেশত ‘হিন্দু আধিপত্য’ প্ৰতিষ্ঠা হোৱা।
এই হিন্দুধৰ্মীয় ছাপে মতাদৰ্শগত দিশৰপৰা হিন্দু সাম্প্ৰদায়িকতাক সুবিধা কৰি দিছিল, আৰু জাতীয়তাবাদী আন্দোলনৰ পক্ষেও ইয়াৰ নিজৰ কৰ্মীসকলৰ মাজত বিদ্যমান হিন্দু সাম্প্ৰদায়িকতাবাদী ৰাজনৈতিক আৰু মতাদৰ্শগত উপাদানসমূহক নিৰ্মূল কৰাটো কঠিন কৰি তুলিছিল। মুছলমান জাতীয়তাবাদীসকলৰ মাজতো ইছলামধৰ্মীয় ছাপ বিয়পাই দিয়াত ই সহায় কৰিছিল।
…………………………………………………………..

ভাৰতৰ ইতিহাস সম্পৰ্কে, বিশেষকৈ ইয়াৰ প্ৰাচীন আৰু মধ্যযুগীয় ইতিহাস সম্পৰ্কে সাম্প্ৰদায়িক আৰু বিকৃত অবৈজ্ঞানিক দৃষ্টিভংগী আছিল সাম্প্ৰদায়িক মনোভাব প্ৰসাৰৰ এক প্ৰধান হাতিয়াৰ তথা সাম্প্ৰদায়িক মতাদৰ্শৰ এটা মৌলিক অংশ। স্কুল আৰু কলেজসমূহত মূলগতভাৱে সাম্প্ৰদায়িক দৃষ্টিকোণৰপৰা ভাৰতীয় ইতিহাসৰ শিক্ষা প্ৰদান কৰাটোৱেও সাম্প্ৰদায়িকতাৰ উদ্ভৱ আৰু বৃদ্ধিত প্ৰচুৰ অৰিহণা যোগাইছিল। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি, আধুনিক বিদ্যালয় ব্যৱস্থাৰ আৰম্ভণিৰপৰাই ইতিহাসৰ বিভিন্ন মাত্ৰাত ক্ষতিকৰ সাম্প্ৰদায়িক ব্যাখ্যা প্ৰচাৰ কৰিছিল প্ৰথমে সাম্ৰাজ্যবাদী লেখকসকলে আৰু পাছত অন্যান্যসকলে। ইতিহাসৰ সাম্প্ৰদায়িকতাবাদী দৃষ্টিভংগীৰ অনুপ্ৰবেশ ইমানেই গভীৰ আৰু ব্যাপক আছিল যে আনকি দৃঢ় জাতীয়তাবাদীসকলেও, অৱচেতনভাৱে হ’লেও ইয়াৰ ভালেমান মূল উপাদানক গ্ৰহণ কৰিছিল। অনেক সমসাময়িক পৰ্যবেক্ষকেই এই সকলোবিলাক লক্ষ্য কৰিছিল। উদাহৰণস্বৰূপে, গান্ধীজীয়ে লিখিছিল : “যেতিয়ালৈকে ইতিহাসৰ পাঠ্যপুথিৰ মাধ্যমেৰে স্কুল-কলেজসমূহত ইতিহাসৰ অতিকে বিকৃত ভাষ্য শিকাই থকা হ’ব তেতিয়ালৈকে আমাৰ দেশত সাম্প্ৰদায়িক সম্প্ৰীতি স্থায়ীভাৱে প্ৰতিষ্ঠা কৰা সম্ভৱ নহ’ব।” পাঠ্যপুথিক বাদ দিও, ইতিহাসৰ সাম্প্ৰদায়িক দৃষ্টিভংগীৰ ব্যাপকভাৱে প্ৰসাৰ ঘটোৱা হৈছিল কবিতা, নাটক, বুৰঞ্জীমূলক নাটক আৰু চুটিগল্প, বাতৰিকাকত আৰু জনপ্ৰিয় আলোচনী, পুস্তিকাৰ মাধ্যমেৰে, আৰু সৰ্বোপৰি ৰাজহুৱা মঞ্চ, শ্ৰেণীকোঠাৰ শিক্ষাদানৰ মাধ্যমেৰে মৌখিকভাৱে আৰু পৰিয়ালৰ যোগেদি হোৱা সামাজিকীকৰণৰ মাধ্যমেৰে, আৰু ব্যক্তিগত কথা-বাৰ্তা তথা আলোচনাৰ মাধ্যমেৰে।
ভাৰতীয় ইতিহাসৰ সাম্প্ৰদায়িক ব্যাখ্যাৰ সূচনা কৰিছিল ঊনবিংশ শতিকাৰ প্ৰথমভাগত ব্ৰিটিছ ইতিহাসবিদ জেমছ মিলে। তেওঁ ভাৰতীয় ইতিহাসৰ প্ৰাচীন যুগটোক অভিহিত কৰিছিল হিন্দু যুগ হিচাপে আৰু মধ্যযুগটোক মুছলমান যুগ হিচাপে। (পিছে আধুনিক যুগটোক তেওঁ খ্ৰিষ্টান যুগ বুলি অভিহিত কৰিবলৈ সাহস নকৰিলে!) অন্যান্য ব্ৰিটিছ আৰু ভাৰতীয় ইতিহাসবিদসকলে এই ক্ষেত্ৰত তেওঁকে অনুসৰণ কৰিবলৈ ধৰিলে। তদুপৰি, সাধাৰণ হিন্দুসকলৰ নিচিনাকৈ সাধাৰণ মুছলমানসকলো আছিল দৰিদ্ৰ, শোষিত আৰু নিপীড়িত তথা মুছলমানসকলৰ নিচিনাকৈয়ে হিন্দুসকলৰ মাজতো অনেক জমিদাৰ, অভিজাত আৰু শাসক আছিল; কিন্তু তৎসত্ত্বেও এই লেখকসকলে প্ৰচাৰ কৰিছিল যে মধ্যযুগৰ ভাৰতত সকলো মুছলমানেই আছিল শাসক আৰু সকলো হিন্দুৱেই আছিল শাসিত। এনেকৈয়ে ভাৰতৰ ৰাজনীতিৰ মূল চৰিত্ৰটো শাসকৰ ধৰ্মৰ সৈতে সমাৰ্থক হিচাপে অংকন কৰা হৈছিল। পৰৱৰ্তী কালত বিভিন্ন যুগৰ সংস্কৃতি আৰু সমাজকো হয় হিন্দু, নহয় মুছলমান বুলি বৰ্ণনা কৰা হ’বলৈ ধৰিলে।
ভাৰতৰ মধ্যযুগৰ শাসকসকল আছিল হিন্দুবিৰোধী, আৰু তেওঁলোকে হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু জোৰ কৰি তেওঁলোকক ধৰ্মান্তৰিত কৰাইছিল – এই সাম্ৰাজ্যবাদী দৃষ্টিভংগী হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে সাগ্ৰহে মানি লৈছিল। সকলো সাম্প্ৰদায়িকতাবাদী ইতিহাসবিদে, লগতে সাম্ৰাজ্যবাদী ইতিহাসবিদসকলেও, মধ্যযুগৰ ইতিহাসক বিচাৰ কৰিছিল হিন্দু-মুছলমান সংঘাতৰ এক সুদীৰ্ঘ কাহিনী হিচাপে। তেওঁলোকে ভাবিছিল যে গোটেই মধ্যযুগ জুৰি সুস্পষ্ট আৰু স্বতন্ত্ৰ হিন্দু আৰু মুছলমান সংস্কৃতিৰ অস্তিত্ব বিৰাজমান আছিল। হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে মধ্যযুগীয় মুছলমান শাসকসকলৰ শাসনক তেওঁলোকৰ ধৰ্মৰ বিচাৰত বৰ্ণনা কৰিছিল বিদেশী শাসন হিচাপে। ‘হাজাৰ বছৰৰ দাসত্ব’ আৰু ‘বিদেশী শাসন’ প্ৰভৃতি শব্দাৱলী সততে ব্যৱহাৰ কৰা হৈছিল, কেতিয়াবা কেতিয়াবা আনকি জাতীয়তাবাদীসকলেও এইসমূহৰ আশ্ৰয় লৈছিল। সৰ্বোপৰি ইতিহাস সম্পৰ্কে হিন্দু সাম্প্ৰদায়িকতাবাদী দৃষ্টিভংগীৰ ভিত্তি আছিল এই অতিকথাটো : প্ৰাচীন যুগত ভাৰতীয় সমাজ আৰু সংস্কৃতিয়ে এক মহান আৰু আদৰ্শ স্তৰত উপনীত হৈছিল, কিন্তু ‘মুছলমান’ শাসন আৰু আধিপত্যৰ ফলস্বৰূপেই মধ্যযুগত তাৰ স্থায়ী আৰু ধাৰাবাহিক পতন ঘটে। অস্বীকাৰ কৰা হৈছিল ভাৰতীয় অৰ্থব্যৱস্থা আৰু প্ৰযুক্তি, ধৰ্ম আৰু দৰ্শন, শিল্পকলা আৰু সাহিত্য তথা সংস্কৃতি আৰু সমাজৰ বিকাশত মধ্যযুগটোৰ মৌলিক অৱদানৰ কথা।
আনপিনে, মুছলমান সাম্প্ৰদায়িকতাবাদীসকলেও পশ্চিম এছিয়াত ‘ইছলামৰ সাফল্যৰ সোণালী যুগ’ৰ কথা আৰু তাৰ বীৰসকলৰ, পৌৰাণিক কাহিনী আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা ক’বলৈ আৰম্ভ কৰিলে। তেওঁলোকে এই ধাৰণা প্ৰচাৰ কৰিলে যে মধ্যযুগৰ ভাৰতত সকলো মুছলমানেই শাসক আছিল, নতুবা কমপক্ষেও তথাকথিত মুছলমান শাসনৰ সুবিধাভোগী আছিল। তেওঁলোকে সকলো মুছলমান শাসককে সমৰ্থন আৰু মহিমান্বয়ন কৰিবলৈ লাগি গ’ল, আনকি ঔৰংজেবৰ নিচিনা ধৰ্মান্ধ শাসককো। তেওঁলোকে ‘পতন’ তত্ত্বৰ এটা নিজা ভাষ্যও সৃষ্টি কৰি ল’লে। যুক্তি দেখুওৱা হ’ল যে ঊনবিংশ শতাব্দীত হিন্দুসকলৰ উত্থান ঘটিল – আৰু ‘তেওঁলোকে’ ৰাজনৈতিক ক্ষমতা হেৰুওৱাৰ পাছত গোটেই ঊনবিংশ শতাব্দী জুৰি মুছলমানসকলৰ ‘পতন’ হ’বলৈ ধৰিলে বা ‘সম্প্ৰদায়’ হিচাপে তেওঁলোকৰ অৱক্ষয় ঘটিবলৈ ধৰিলে।
………………………………………………….

কিছুমান লেখকৰ মতে ভাৰতত বিৰাজ কৰা ধৰ্মীয় বহুত্ব বা বহুতো ধৰ্মৰ অস্তিত্ব সাম্প্ৰদায়িকতা বৃদ্ধিৰ এটা প্ৰধান কাৰণ। কথাটো তেনেকুৱা নহয়। এইটো সত্য নহয় যে বহুধৰ্মীয় এখন সমাজত অৱশ্যম্ভাৱীভাৱেই সাম্প্ৰদায়িকতাৰ উদ্ভৱ ঘটে। ধৰ্ম সাম্প্ৰদায়িকতাৰ অন্তৰ্নিহিত বা মূল কাৰণ নহয়; সাম্প্ৰদায়িকতা দূৰ কৰাই সাম্প্ৰদায়িক সমস্যাৰ মোকাবিলা বা সমাধান কৰাৰ ভিত্তি। এইখিনিতে আমাৰ নিজৰ ব্যক্তিগত বিশ্বাসৰ অংশ হিচাপে মানুহে যি ধৰ্ম আচৰণ কৰে তাৰ সৈতে এক ধৰ্মভিত্তিক সামাজিক-ৰাজনৈতিক সত্তাৰ, অৰ্থাৎ সাম্প্ৰদায়িকতাৰ, পাৰ্থক্য চিহ্নিত কৰাটো বৰ জৰুৰী। অন্যধৰণে ক’বলৈ গ’লে, ধৰ্ম সাম্প্ৰদায়িকতাৰ ‘কাৰণ’ নহয়, যদিও সাম্প্ৰদায়িকতাবাদীসকলে ধৰ্মৰ মাজৰ পাৰ্থক্যকে সাম্প্ৰদায়িক বিভাজনৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰে – তাৰ পাছত এই পাৰ্থক্যক কামত লগোৱা হয় ধৰ্ম-বহিৰ্ভূত ক্ষেত্ৰসমূহৰপৰা উদ্ভূত সামাজিক চাহিদা, আশা-আকাংক্ষা, সংঘাতক গোপন কৰিবলৈ বা ঢাকোন দি ৰাখিবলৈ। ধৰ্ম সিমানেই সাম্প্ৰদায়িক হৈ উঠিব যিমানেই সি ধৰ্মক বাদ দি অন্যান্য ক্ষেত্ৰত উদ্ভূত ৰাজনীতিৰ স্বাৰ্থত ব্যৱহৃত হ’ব। কে. এম. আশ্ৰফে এই দিশটোকে যথাযথভাৱে উপস্থাপন কৰিছিল সাম্প্ৰদায়িকতাক ‘মজহব কি ছিয়াছি দুকানদাৰি’ (ধৰ্মৰ ৰাজনৈতিক দোকানদাৰি) বুলি বৰ্ণনা কৰি। ধৰ্মই সাম্প্ৰদায়িকতাক উৎসাহ নোযোগায়, নতুবা ধৰ্ম সাম্প্ৰদায়িক ৰাজনীতিৰ লক্ষ্যও নহয় – ই মাত্ৰ তাৰ বাহনহে।
সি যি নহওক, সাম্প্ৰদায়িকতাবাদীসকলে জনগণক ঐক্যবদ্ধ কৰাৰ হাতিয়াৰ হিচাপে ধৰ্মক ব্যৱহাৰ কৰিছিল। ১৯৩৯ চনৰ পাছত, বিশেষকৈ ১৯৪৫-৪৭ চনত, ধৰ্ম বিপন্ন হোৱা বুলি উত্তেজক শ্লোগান গ্ৰহণ কৰাৰ পাছতেই কিন্তু সাম্প্ৰদায়িকতা এক জনপ্ৰিয় আন্দোলন হৈ উঠিব পাৰিছিল। তদুপৰি বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠান আছিল সাম্প্ৰদায়িক উত্তেজনা আৰু দাংগা সৃষ্টিৰ তাৎক্ষণিক কাৰণ। মনত ৰখা দৰকাৰ যে ধৰ্ম সাম্প্ৰদায়িকতাৰ বাবে দায়ী নহ’লেও, প্ৰবল ধৰ্মভাবে (religiosity) ইয়াৰ এটা প্ৰধান সহায়ক উপাদান হিচাপে কাম কৰিছিল। (প্ৰবল ধৰ্মভাবক বৰ্ণনা কৰিব পাৰি ধৰ্মীয় বিষয় সম্পৰ্কে এক তীব্ৰ আৱেগপূৰ্ণ দায়বদ্ধতা, আৰু জীৱনৰ ধৰ্ম-বহিৰ্ভূত বা আধ্যাত্মিকতা-বহিৰ্ভূত ক্ষেত্ৰত আৰু মানুহৰ ব্যক্তিগত আৰু নৈতিক জীৱনৰ সীমা চেৰাই ধৰ্ম আৰু ধৰ্মীয় আৱেগৰ অনধিকাৰ প্ৰবেশৰ প্ৰৱণতা হিচাপে।) প্ৰবল ধৰ্মভাবেই সাম্প্ৰদায়িকতা নহয়, কিন্তু ই ধৰ্মৰ নামত মানুহৰ মনত সাম্প্ৰদায়িকতাৰ বাট মুকলি কৰি দিয়ে। সেইবাবে, ধৰ্মনিৰপেক্ষকৰণে ধৰ্মক অপসাৰিত কৰা নুবুজায়, কিন্তু ই প্ৰবল ধৰ্মভাব হ্ৰাস কৰা আৰু ধৰ্মৰ পৰিসৰ ক্ৰমবৰ্ধমানভাৱে সংকুচিত কৰি অনাটো বুজায় – যিটোৱে ধৰ্মক কেৱল মানুহৰ ব্যক্তিগত জীৱনৰ বিষয় কৰি তুলিব পাৰে।

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: ,
Posted in অনুবাদ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: