মূল : বিপান চন্দ্ৰ
অনুবাদ : জিতেন বেজবৰুৱা
(বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব এটা প্ৰকাশন গোষ্ঠীৰ হাতত ন্যস্ত। আমি একমাত্ৰ সাম্প্ৰতিক সামাজিক প্ৰয়োজনৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰন্থখনৰ কিছুসংখ্যক অধ্যায় পাঠকসমাজৰ ওচৰত দাঙি ধৰিলো। গতিকে এই পাঠসমূহ ফে’চবুকৰ বাদে প্ৰিণ্ট বা আন কোনো মাধ্যমত প্ৰকাশৰ বাবে অনুমতি দিব পৰা নাযাব। ৰেফাৰেন্সসমূহ ইয়াত দিয়া হোৱা নাই। – অনুবাদক)
১৮৭৫ চনৰ পূৰ্বে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতা প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। এই কথা সকলোৱে জানে যে ১৮৫৭ চনৰ বিদ্ৰোহত হিন্দু আৰু মুছলমান সকলোৱেই কান্ধত কান্ধ মিলাই একেলগে যুঁজ দিছিল। ধৰ্ম-বহিৰ্ভূত যিকোনো ক্ষেত্ৰত হিন্দু-মুছলমান পাৰ্থক্যৰ কথা ১৮৬০ৰ দশকৰ সংবাদপত্ৰসমূহত পাবলৈ নাই বুলিলেও হয় – হিন্দু-মুছলমানৰ স্বাৰ্থৰ সংঘাতৰ কথাতো ক’বই নালাগে। উত্তৰ ভাৰতীয় সংবাদপত্ৰসমূহে যিটো পৰিচিতিৰ ওপৰত গুৰুত্বাৰোপ কৰিছিল সেয়া আছিল হিন্দুস্তানী পৰিচিতি, বিশেষকৈ ইউৰোপীয়সকল বা ব্ৰিটিছ শাসকসকলৰ মুখামুখি হ’বৰ বেলিকা।
মুছলমান বুদ্ধিজীৱীসকলে যেতিয়া লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল যে দেশৰ কোনো কোনো অংশত মুছলমানসকল আধুনিক শিক্ষা আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰত হিন্দুসকলতকৈ পিছ পৰি ৰৈছে, তেতিয়াও তেওঁলোকে তাৰ বাবে হিন্দুসকলক নহয়, বৰং চৰকাৰৰ মুছলমানবিৰোধী নীতি তথা উচ্চশ্ৰেণীৰ মুছলমানসকলৰ উচ্চশিক্ষাৰ প্ৰতি উপেক্ষাকহে দায়ী কৰিছিল। ঊনবিংশ শতিকাৰ বিশিষ্ট ভাৰতীয়সকলৰ অন্যতম ছৈয়দ আহমদ খানে যি শিক্ষা বিস্তাৰৰ কাৰ্যসূচী লৈছিল তাত সাম্প্ৰদায়িক পক্ষপাতিতাৰ কোনো স্থান নাছিল। ১৮৬০ৰ দশকত তেওঁ স্থাপন কৰা অসংখ্য বিজ্ঞান সমিতিসমূহে হিন্দু আৰু মুছলমান উভয়কে সামৰি লৈছিল। বিশেষকৈ আধুনিক শিক্ষাৰ প্ৰতি মুছলমানসকলৰ মাজত বিৰাজ কৰা বিৰূপ মনোভাব দূৰ কৰাৰ অৰ্থে তেওঁ স্থাপন কৰা আলিগড় কলেজৰ বাবে তেওঁ বিত্তৱান হিন্দুসকলৰপৰা আৰ্থিক সাহায্য লাভ কৰিছিল, আৰু এই কলেজৰ অধ্যাপক আৰু ছাত্ৰসকলৰ এটা ডাঙৰ অংশই আছিল হিন্দু। ১৮৮৫ চনত কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাপৰ্যন্ত ছৈয়দ আহমদে হিন্দু আৰু মুছলমানৰ উমৈহতীয়া বৈশিষ্ট্যৰ কথা সোচ্চাৰে প্ৰচাৰ কৰিছিল। উদাহৰণস্বৰূপে, ১৮৮৪ চনৰত তেওঁ কৈছিল : “আপোনালোকে এইখন দেশত বাস নকৰে জানো? এইখন দেশতেই আপোনালোকক দাহ কৰা বা কবৰ দিয়া নহ’ব জানো? নিশ্চয়কৈ আপোনালোকে এইখন দেশতেই জীৱন ধাৰণ কৰিছে আৰু এইখন দেশতেই মৃত্যু বৰণো কৰিব। মনত ৰাখিব, হিন্দু আৰু মুছলমান হ’ল ধৰ্মীয় শব্দ। অন্যথা, হিন্দু, মুছলমান অথবা খ্ৰিষ্টান যিয়েই নহওক, এইখন দেশত যিসকলে বাস কৰিব সেই সকলোৱেই একেটা কৌম (জাতি বা সম্প্ৰদায়)ৰ অন্তৰ্ভুক্ত।”
………………………………………………..
পৰিহাসৰ কথা এয়ে যে ভাৰতত সাম্প্ৰদায়িকতাৰ প্ৰথম সূচনা হয় ১৮৮০ৰ দশকত, যেতিয়া ছৈয়দ আহমদ খানে জাতীয় কংগ্ৰেছে আৰম্ভ কৰা জাতীয় আন্দোলনৰ বিৰোধিতা কৰিছিল সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ। জাতীয় কংগ্ৰেছৰ সাম্ৰাজ্যবাদ-বিৰোধী চৰিত্ৰ স্পষ্ট হৈ পৰাৰ পাছত ১৮৮৭ চনত ভাইচৰয় ডাফৰিন আৰু উত্তৰ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্নৰ এ. কলভিনে কংগ্ৰেছৰ ওপৰত সন্মুখ আক্ৰমণ আৰম্ভ কৰিলে। ঔপনিবেশিক শাসকসকলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আৰু সেয়া প্ৰমাণ কৰিহে প্ৰশাসনিক পদবী আৰু পেছাত মুছলমানসকলৰ অংশ বৃদ্ধি কৰিব পৰা যাব বুলি বিশ্বাস কৰা ছৈয়দ আহমদ খানেও এই আক্ৰমণত যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তদুপৰি তেওঁ অনুভৱ কৰিছিল যে আলিগড় কলেজৰ বাবে বৃহৎ জমিদাৰসকল আৰু ব্ৰিটিছ কৰ্মচাৰীসকলৰ সক্ৰিয় সমৰ্থনৰ প্ৰয়োজন। প্ৰথমতে তেওঁ ভিংগাৰ ৰজা শিৱ প্ৰসাদ আৰু অন্যান্যসকলৰ সাহায্যত জাত-পাত, বংশ, শ্ৰেণী আৰু সামাজিক মৰ্যাদাৰ ভিত্তিত সামন্তীয় (জায়গিৰদাৰি) আৰু আমোলাতান্ত্ৰিক অংশসমূহক সংগঠিত কৰাৰ চেষ্টা কৰিছিল উদীয়মান গণতান্ত্ৰিক জাতীয় আন্দোলনৰ বিৰুদ্ধে। কিন্তু এই চেষ্টা পোনতেই ব্যৰ্থ হ’ল।
ছৈয়দ আহমদে তাৰ পাছত মুছলমান বা মুছলমান কৌম (সম্প্ৰদায়) হিচাপে মুছলমানসকলৰ মাজত জায়গিৰদাৰি ব্যৱস্থাৰ সৈতে যুক্ত লোকসকলক সংগঠিত কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ আৰু তেওঁৰ অনুগামীসকলে ধীৰে ধীৰে সাম্প্ৰদায়িক মতাদৰ্শৰ সমস্ত মৌলিক ধাৰণাৰ ভিত্তি স্থাপন কৰিলে, যিসমূহ বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত প্ৰচাৰ কৰা হৈছিল। এটা মৌলিক ধাৰণা আছিল এই যে হিন্দুসকল সংখ্যাগৰিষ্ঠ হোৱা হেতুকে, ভাৰতত যদি এক প্ৰতিনিধিত্বমূলক, গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত হয় নতুবা যদি ব্ৰিটিছ শাসনৰ অৱসান হয় আৰু ক্ষমতা ভাৰতীয়সকলৰ হাতলৈ হস্তান্তৰিত কৰা হয়, তেন্তে হিন্দুসকলে মুছলমানসকলৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰিব আৰু ‘ক্ষুদ্ৰতৰ সম্প্ৰদায়সমূহৰ স্বাৰ্থ পূৰাপূৰি অগ্ৰাহ্য কৰিব’। সংখ্যালঘু হিচাপে মুছলমানসকলক সুৰক্ষা প্ৰদান কৰিবলৈকেই ব্ৰিটিছসকলৰ প্ৰয়োজন। ছৈয়দ আহমদে ভাবিছিল যে ভাৰতীয় প্ৰেক্ষাপটত মুছলমানসকলৰ স্বাৰ্থৰ ব্ৰিটিছসকলেই প্ৰকৃত অভিভাৱক। সেইবাবেই মুছলমানসকলে ব্ৰিটিছৰ প্ৰতি অনুগত হৈ থকা উচিত আৰু জাতীয় কংগ্ৰেছৰ বিৰোধিতা কৰা উচিত। ‘হিন্দু’ আৰু ‘মুছলমান’ স্বাৰ্থৰ মাজত স্থায়ী সংঘাতৰ ধাৰণাও উপস্থিত কৰা হ’ল। নিজৰ পুৰণি ধাৰণাসমূহ বিসৰ্জন দি তেওঁ ক’বলৈ ধৰিলে যে ভাৰতক এটা জাতি হিচাপে বিবেচনা কৰিব নোৱাৰি। তেওঁ ঘোষণা কৰিলে যে কংগ্ৰেছ এটা হিন্দু সংগঠন যাৰ প্ৰধান লক্ষ্যসমূহ ‘মুছলমান স্বাৰ্থৰ বিৰোধী’। সমান্তৰালভাৱে, ‘নিম্ন’ আৰু ‘উচ্চ’ বংশজাতসকলৰ মাজত সামাজিক সমতাৰ নীতি অনুকৰণ কৰাৰ বাবে কংগ্ৰেছক তেওঁ সমালোচনা কৰিবলৈ ধৰিলে। গণতান্ত্ৰিক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দাবী সম্পৰ্কে আপত্তি জনাই ছৈয়দ আহমদে কৈছিল যে তাৰ ফলত মুছলমানসকলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সক্ষম নহ’ব, কিয়নো ‘সি হ’ব এনে এখন পাশা খেলৰ নিচিনা য’ত এজনৰ হাতত আছে চাৰিটা পাষটি, কিন্তু আনজনৰ হাতত আছে মাত্ৰ এটা।’ তেওঁ কৈছিল যে যিকোনো নিৰ্বাচন ব্যৱস্থাই ‘বঙালীসকলৰ কিম্বা বঙালী-ধৰণৰ হিন্দুসকল’ৰ হাতত ক্ষমতা তুলি দিব যাৰ ফলস্বৰূপে মুছলমানসকল ‘চৰম দুৰ্দশা’ত পতিত হ’ব আৰু তেওঁলোকৰ ভৰিত হিন্দুসকলে পিন্ধাই দিব ‘দাসত্বৰ শৃংখল’। ছৈয়দ আহমদ আৰু তেওঁৰ সহকৰ্মীসকলে আৰু দাবী জনাইছিল যে চৰকাৰী চাকৰি, আইন সভা আৰু জিলা ব’ৰ্ডত মুছলমানসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, আৰু মুছলমানসকলৰ ঐতিহাসিক ভূমিকা আৰু ৰাজনৈতিক গুৰুত্বক স্বীকৃতি দিব লাগে যাতে আইন সভাত মুছলমানসকলৰ ভূমিকা হিন্দুসকলতকৈ কম হৈ নৰয়। একে সময়তে, ব্ৰিটিছ কৰ্তৃপক্ষই সেই সময়ত ভাৰতীয় জনগণক ৰাজনীতি-সচেতন কৰি তোলাৰ যিকোনো প্ৰয়াসকে সন্দেহৰ চকুৰে চাইছিল বাবে ছৈয়দ আহমদ আৰু তেওঁৰ অনুগামীসকলে কোনোধৰণৰ বিকল্প সাম্প্ৰদায়িক সংগঠন গঢ়ি তোলা নাছিল। ছৈয়দ আহমদে বুজি পাইছিল যে যিকোনো আন্দোলনভিত্তিক ৰাজনীতিৰেই চৰকাৰবিৰোধী আৰু ৰাজদ্ৰোহী হৈ উঠাৰ তথা আনুগত্য সম্পৰ্কে শাসকসকলৰ মনত সন্দেহ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। সেইবাবে তেওঁ সকলো মুছলমানৰ ওচৰত আবেদন জনাইছিল সমস্তধৰণৰ ৰাজনীতি এৰাই চলাৰ তথা ৰাজনৈতিক দিশৰপৰা নিষ্ক্ৰিয়, অৰ্থাৎ আন্দোলনবিমুখ হোৱাৰ বাবে। ঔপনিবেশিক শাসকসকলে সাম্প্ৰদায়িকতাৰ অন্তৰ্নিহিত যুক্তিধাৰা আৰু সংখ্যালঘুসকলৰ অৰ্থে চৰকাৰী ৰক্ষাকৱচৰ তত্ত্ব সহজেই অনুধাৱন কৰিব পাৰিছিল, আৰু আৰম্ভণিৰপৰাই সাম্প্ৰদায়িকতাবাদক সক্ৰিয়ভাৱে উৎসাহিত আৰু সমৰ্থন কৰিছিল।
ছৈয়দ আহমদৰ মৃত্যুৰ পৰৱৰ্তী কালতো মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে ৰাজানুগত্যৰ ৰাজনীতিকে অনুসৰণ কৰি গৈছিল। ১৯০৫-০৬ চনত বংগত স্বদেশী আন্দোলনৰ সময়ত তেওঁলোকে প্ৰকাশ্যেই চৰকাৰৰ পক্ষ গ্ৰহণ কৰিছিল আৰু যিসকল মুছলমানে এই আন্দোলনটোলৈ সমৰ্থন আগ বঢ়াইছিল সেইসকলক নিন্দা কৰিছিল ইছলামৰ ‘জঘন্য বিশ্বাসঘাতক’ আৰু ‘কংগ্ৰেছৰ দালাল’ বুলি।
কিন্তু উদীয়মান মুছলমান বুদ্ধিজীৱী শ্ৰেণীটোক ৰাজনৈতিকভাৱে নিষ্ক্ৰিয় বা ৰাজানুগত কৰি ৰখাৰ প্ৰচেষ্টাটো সম্পূৰ্ণৰূপে সফল হোৱা নাছিল। ১৮৮৭ চনৰ কংগ্ৰেছ অধিবেশনত সভাপতিত্ব কৰিছিল বদৰুদ্দিন তৈয়বজীয়ে, আৰু পৰৱৰ্তী বছৰসমূহত মুছলমান প্ৰতিনিধিৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছিল। আৰ. এম. ছায়ানি, এ. ভীমজী, মীৰ মুছাৰফ হোছেইন, হামিদ আলি খান তথা বোম্বাই, বংগ আৰু উত্তৰ ভাৰতৰ আৰু অনেক মুছলমান বুদ্ধিজীৱীয়ে কংগ্ৰেছত যোগদান কৰিছিল। তেওঁলোকে আঙুলিয়াই দেখুৱালে যে কংগ্ৰেছৰ কোনো এটা দাবীয়েই সাম্প্ৰদায়িক নতুবা কেৱল হিন্দুসকলৰ বাবে নহয়। ঊনবিংশ শতাব্দীৰ শেষপৰ্যন্ত সমগ্ৰ দেশতেই মুছলমানসকলৰ মাজত জাতীয়তাবাদী প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিলে। আব্দুল ৰছুল আৰু অন্যান্য বহুতো বঙালী মুছলমান বুদ্ধিজীৱীয়ে বংগভংগ-বিৰোধী স্বদেশী আন্দোলনৰ প্ৰতি সক্ৰিয় সমৰ্থন আগ বঢ়ালে। প্ৰকৃতপক্ষে, ১৯২০ৰ দশকপৰ্যন্ত বংগৰ মুছলমানসকলৰ মাজত জাতীয়তাবাদী প্ৰৱণতাই প্ৰাধান্য বিস্তাৰ কৰিছিল।
স্বদেশী আন্দোলনে ভাৰতবৰ্ষত এবাৰলৈ গণভিত্তিক ৰাজনীতিৰ প্ৰসাৰ ঘটোৱাৰ পাছত মুছলমান বুদ্ধিজীৱীসকলক কংগ্ৰেছৰপৰা আঁতৰত ৰখাটো আৰু সম্ভৱ হৈ নাথাকিল। এনে পৰিস্থিতিত ৰাজনৈতিক নিষ্ক্ৰিয়তাৰ নীতিয়ে কাম নিদিয়া হ’ল আৰু কিছু সাংবিধানিক সুযোগ-সুবিধাৰ প্ৰস্তাৱ দিবলৈ ব্ৰিটিছ চৰকাৰ বাধ্য হ’ল। সাম্প্ৰদায়িকতাবাদীসকলে, আৰু তেওঁলোকৰ চৰকাৰী সমৰ্থকসকলে অনুভৱ কৰিলে যে ৰাজনৈতিক ৰণক্ষেত্ৰত প্ৰবেশ কৰাটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে। ১৯০৭ চনৰ শেষৰ পিনে সদৌ ভাৰত মুছলিম লিগ প্ৰতিষ্ঠা কৰিলে বৃহৎ জমিদাৰ আৰু প্ৰাক্তন আমোলাৰ এটা গোষ্ঠী তথা আগা খান, ঢাকাৰ নবাব আৰু নবাব মহছিন-উল-মুল্কৰ দৰে অন্যান্য উচ্চবিত্ত শ্ৰেণীৰ মুছলমানসকলে। এক ৰাজানুগত, সাম্প্ৰদায়িক আৰু ৰক্ষণশীল ৰাজনৈতিক সংগঠন হিচাপে প্ৰতিষ্ঠিত মুছলিম লিগে বংগৰ বিভাজন সমৰ্থন কৰিছিল, পৃথক মুছলমান স্বাৰ্থৰ শ্লোগান তুলিছিল, পৃথক নিৰ্বাচকমণ্ডলী আৰু চৰকাৰী চাকৰিত মুছলমানসকলৰ আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল; আৰু ইয়াৰ পূৰ্বে ছৈয়দ আহমদ আৰু তেওঁৰ অনুগামীসকলে সাম্প্ৰদায়িক ৰাজনীতি আৰু মতাদৰ্শৰ যিসমূহ মূল ধাৰণা স্পষ্টভাৱে তুলি ধৰিছিল সেইসমূহ পুনৰ্ঘোষণা কৰিছিল। উদাহৰণস্বৰূপে, বিকাৰ-উল-মুল্কে কৈছিল : “আল্লাই নকৰক, ভাৰতত ব্ৰিটিছ শাসন যদি শেষ হৈ যায় তেন্তে হিন্দুসকলে এই দেশখন শাসন কৰিব, আৰু সকলো সময়তে বিপন্ন হ’ব আমাৰ জীৱন, সম্পত্তি আৰু সন্মান। ব্ৰিটিছৰ শাসন টিকাই ৰখাত সাহায্য কৰাটোৱেই এই বিপদৰপৰা মুছলমানসকলৰ ৰক্ষাৰ একমাত্ৰ পথ।” ‘সংখ্যালঘুসকলে নিজৰ সত্তা হেৰুৱাব লাগিব’ বুলিও তেওঁ আশংকা প্ৰকাশ কৰিছিল। মুছলিম লিগৰ এটা প্ৰধান লক্ষ্য আছিল মুছলমানসকলৰ মাজত উদীয়মান বুদ্ধিজীৱীসকলক কংগ্ৰেছত যোগদান কৰাৰপৰা বিৰত ৰখা। ইয়াৰ কাৰ্যকলাপ পৰিচালিত হৈছিল জাতীয় কংগ্ৰেছ আৰু হিন্দুসকলৰ বিৰুদ্ধে, ঔপনিবেশিক চৰকাৰৰ বিৰুদ্ধে নহয়।
………………………………………………..
সমান্তৰালভাৱে হিন্দু সাম্প্ৰদায়িকতাৰো জন্ম হৈছিল। ১৮৭০ৰ দশকৰপৰাই একাংশ হিন্দু জমিদাৰ, মহাজন আৰু মধ্যবিত্ত পেছাজীৱীয়ে মুছলমান-বিৰোধী মনোভাব প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ভাৰতীয় ইতিহাস সম্পৰ্কে ঔপনিবেশিক দৃষ্টিভংগী সম্পূৰ্ণৰূপে আত্মস্থ কৰি তেওঁলোকে মধ্যযুগৰ ‘অত্যাচাৰী’ মুছলমান শাসনৰ কথা ক’বলৈ ধৰিছিল আৰু ‘মুছলমান নিপীড়ন’ৰপৰা হিন্দুসকলক ‘উদ্ধাৰ’ কৰি ‘মুক্তিদাতা’ৰ ভূমিকা লোৱা ব্ৰিটিছসকলৰ শলাগ লৈছিল। উত্তৰ প্ৰদেশ আৰু বিহাৰত হিন্দী ভাষাৰ প্ৰশ্নটোত তেওঁলোকে মাত মাতিছিল আৰু ইয়াৰ ওপৰত সাম্প্ৰদায়িক ৰহণ সানিছিল; তেওঁলোকে ঘোষণা কৰিছিল যে উৰ্দু মুছলমানসকলৰ ভাষা আৰু হিন্দী হ’ল হিন্দুসকলৰ। ১৮৯০ৰ দশকৰ আগভাগত সমগ্ৰ ভাৰতজুৰি তেওঁলোকে গোহত্যা-বিৰোধী প্ৰচাৰ চলাইছিল। এই প্ৰচাৰ মূলতঃ পৰিচালিত হৈছিল মুছলমানসকলৰ বিৰুদ্ধে, ব্ৰিটিছসকলৰ বিৰুদ্ধে নহয়; সেয়ে ব্ৰিটিছ সেনাশিবিৰসমূহত অবাধে ব্যাপক হাৰত গোহত্যা চলি আছিল যদিও তাত তেওঁলোকে কোনো আপত্তি কৰা নাছিল। ফলস্বৰূপে, এই আন্দোলনে অনিবাৰ্যভাৱেই সাম্প্ৰদায়িক ৰূপ পৰিগ্ৰহ কৰিছিল, মাজে-সময়ে সাম্প্ৰদায়িক দাংগাৰো সৃষ্টি হৈছিল। গোহত্যা-বিৰোধী আন্দোলন বন্ধ হৈছিল ১৮৯৬ চনত। কিন্তু বিংশ শতিকাৰ দ্বিতীয় দশকত ইয়াৰ পুনৰাবিৰ্ভাব ঘটিছিল অধিক ক্ষতিকৰ ৰূপত। হিন্দু সাম্প্ৰদায়িকতাবাদীসকলেও আইনসভা আৰু চৰকাৰী চাকৰিত ‘হিন্দু’ অংশীদাৰিত্বৰ বাবে নিয়মিতভাৱে আন্দোলন চলাই যাবলৈ ধৰিলে।
১৯০৯ চনত প্ৰতিষ্ঠা হৈছিল পাঞ্জাব হিন্দু সভা। ইয়াৰ নেতা ইউ. এন. মুখাৰ্জী আৰু লাল চাঁদে হিন্দু সাম্প্ৰদায়িক মতাদৰ্শ আৰু ৰাজনীতিৰ ভিত্তি স্থাপন কৰিছিল। তেওঁলোকৰ ক্ষোভ মুখ্যতঃ পৰিচালিত হৈছিল জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে, কিয়নো কংগ্ৰেছে ভাৰতীয়সকলক এটা একক জাতিত ঐক্যবদ্ধ কৰিবৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু মুছলমানসকলৰ তোষণৰ অৰ্থে ‘হিন্দু স্বাৰ্থ বিসৰ্জন দিছিল’। লাল চাঁদে তেওঁৰ ‘ৰাজনীতিত আত্মপ্ৰৱঞ্চনা’ (Self-Abnegation in Politics) নামৰপুস্তিকাত কংগ্ৰেছক অভিহিত কৰিছিল হিন্দুসকলৰ ‘স্ব-আৰোপিত দুৰ্ভাগ্য’ বুলি। তেওঁ লিখিছিল যে হিন্দুসকলে ‘যোৱা ২৫টা বছৰ ধৰি যি বিষ পান কৰিছে’ তাৰ ফলস্বৰূপে তেওঁলোকৰ নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। তেওঁলোকে যদি বিষ ‘মোচন’ কৰিবলৈ আৰু ‘চয়তান’ৰ হাতৰপৰা মুক্তি পাবলৈ ইচ্ছুক আৰু তৎপৰ হয়, একমাত্ৰ তেতিয়াহে তেওঁলোকৰ প্ৰাণৰক্ষা হ’ব। তেওঁ অভিযোগ কৰিছিল যে কংগ্ৰেছে চৰকাৰৰ ওচৰত কিছুমান ‘অসম্ভৱ’ দাবী উত্থাপন কৰিছে, আৰু সেইবাবে সংগত কাৰণতেই চৰকাৰখন কংগ্ৰেছ আৰু হিন্দুসকলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে। তাৰ সলনি হিন্দুসকলে মুছলমানসকলৰ বিৰুদ্ধে যুদ্ধত তৃতীয় পক্ষটোক, অৰ্থাৎ চৰকাৰক নিৰপেক্ষ কৰাৰ অৰ্থেহে চেষ্টা চলাব লাগে। হিন্দুসকলে কংগ্ৰেছক ত্যাগ কৰাটো আৰু তাক ‘শেষ’ কৰি দিয়াটোও একান্ত প্ৰয়োজনীয়। লাল চাঁদে ঘোষণা কৰিছিল : “আমি প্ৰথমে হিন্দু, তাৰ পাছতহে ভাৰতীয় – এই কথাটো এজন হিন্দুৱে কেৱল বিশ্বাস কৰিলেই নহ’ব, তাক তেওঁৰ দেহ-মনৰ, তেওঁৰ জীৱনৰ, তেওঁৰ আচৰণৰ অভিন্ন অংগও কৰি তুলিব লাগিব।”
কাছিম বজাৰৰ মহাৰজাৰ সভাপতিত্বত ১৯১৫ চনৰ এপ্ৰিল মাহত সদৌ ভাৰত হিন্দু মহাসভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। কিন্তু মুছলিম লিগৰ তুলনাত বহু বছৰ ধৰি সি আছিল ৰুগীয়া শিশুৰ নিচিনা। তাৰ কাৰণো অনেক। বহল সামাজিক কাৰণটো আছিল এই যে সাধাৰণভাৱে মুছলমানসকলৰ মাজত, আনকি মুছলমান মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজতো বৃহত্তৰ আৰু প্ৰধান ভূমিকা পালন কৰিছিল জমিদাৰ, অভিজাত আৰু প্ৰাক্তন আমোলাসকলে। যি ক্ষেত্ৰত পাৰ্ছী আৰু হিন্দুসকলৰ মাজত বিজ্ঞান, গণতন্ত্ৰ আৰু জাতীয়তাবাদৰ ওপৰত গুৰুত্বাৰোপ কৰি আধুনিক বুদ্ধিজীৱীসকলে তথা সাধাৰণভাৱে বুৰ্জোৱাসকলে দ্ৰুত বৌদ্ধিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰভাৱ আৰু আধিপত্য বিস্তাৰ কৰিছিল, তেনে ক্ষেত্ৰত মুছলমানসকলৰ মাজত কিন্তু বিৰাট প্ৰভাৱ বা আধিপত্য বজাই ৰাখিছিল প্ৰতিক্ৰিয়াশীল ভূস্বামী আৰু মোল্লাসকলে। হিন্দুৱেই হওক বা মুছলমানেই হওক, ভূস্বামী আৰু পৰম্পৰাগত ধৰ্মীয় পুৰোহিতসকল আছিল ৰক্ষণশীল আৰু প্ৰতিষ্ঠিত, ঔপনিবেশিক কৰ্তৃপক্ষৰ সমৰ্থক। কিন্তু হিন্দুসকলৰ মাজত তেওঁলোকে ক্ৰমশঃ নেতৃত্ব হেৰুৱালেও, মুছলমানসকলৰ মাজত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছিল। এই দিশৰপৰা মুছলমানসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ দুৰ্বল স্থিতি আৰু তেওঁলোকৰ সামাজিক আৰু মতাদৰ্শগত পশ্চাদপদতাই মুছলমান সাম্প্ৰদায়িকতাৰ বৃদ্ধিত উদগনি যোগাইছিল।
হিন্দু সাম্প্ৰদায়িকতাৰ তুলনামূলক দুৰ্বলতাৰ অন্যান্য কাৰণো আছে। ঔপনিবেশিক চৰকাৰে হিন্দু সাম্প্ৰদায়িকতাক সুযোগ-সুবিধা প্ৰদান কৰিছিল তেনেই কম, সাহায্যও দিছিল সামান্য। কিয়নো চৰকাৰে মুছলমান সাম্প্ৰদায়িকতাৰ ওপৰত অত্যধিক ভৰসা কৰা হেতুকে একে সময়তে উভয় সাম্প্ৰদায়িকতাকে সন্তুষ্ট কৰা সহজ নাছিল।
…………………………………………………………
ঔপনিবেশিক কৰ্তৃপক্ষ আৰু সাম্প্ৰদায়িকতাবাদীসকলে মিলি সাম্প্ৰদায়িকতাৰ প্ৰসাৰ আৰু সুদৃঢ়কৰণৰ বাবে আন এবিধ শক্তিশালী হাতিয়াৰ উদ্ভাৱন কৰিছিল – পৃথক নিৰ্বাচকমণ্ডলী। ১৯০৭ চনত মৰ্লে-মিণ্টো সংস্কাৰৰ মাধ্যমেৰে সেয়া প্ৰৱৰ্তন কৰা হয়। এই ব্যৱস্থা অনুযায়ী মুছলমান ভোটদাতাসকলৰ বাবে (আৰু পৰৱৰ্তী কালত শিখ আৰু অন্যান্যসকলৰ বাবেও) পৃথক নিৰ্বাচন কেন্দ্ৰ ঠিক কৰা হয় যিসমূহ কেন্দ্ৰত কেৱল মুছলমানসকলেই নিৰ্বাচনৰ প্ৰাৰ্থী হ’ব পাৰে আৰু তেওঁলোকক কেৱল মুছলমানসকলেই ভোটদান কৰিব পাৰে। পৃথক নিৰ্বাচকমণ্ডলীৰ ব্যৱস্থাই নিৰ্বাচন তথা আইনসভাসমূহক সাম্প্ৰদায়িক সংঘাতৰ ক্ষেত্ৰ কৰি তুলিছিল। যিহেতু ভোটাৰসকল সম্পূৰ্ণৰূপে এটা ধৰ্মৰে অনুগামী আছিল, গতিকে প্ৰাৰ্থীসকলে অন্য কোনো ধৰ্মাৱলম্বী ভোটদাতাৰ ওচৰত আবেদন জনাবলগা হোৱা নাছিল। সেইবাবে তেওঁলোকে কোনো লুকঢাক নোহোৱাকৈ সাম্প্ৰদায়িক আবেদন জনাব পাৰিছিল। ভোটদাতা আৰু অন্যান্যসকলেও এইসমূহ আবেদন শুনি শুনি ধীৰে ধীৰে সাম্প্ৰদায়িক দৃষ্টিভংগীৰপৰা ভাবিবলৈ আৰু ভোট দিবলৈ ধৰিছিল তথা সাধাৰণভাৱে ‘সাম্প্ৰদায়িক’ ক্ষমতা আৰু প্ৰগতিৰ পৰিভাষা অনুযায়ী ভবাত তথা সাম্প্ৰদায়িক ভাষাত নিজৰ সামাজিক-অৰ্থনৈতিক অভিযোগসমূহ ব্যক্ত কৰাত অভ্যস্ত হৈ পৰিছিল। আইনসভা, চৰকাৰী চাকৰি, শিক্ষানুষ্ঠান প্ৰভৃতিত আসন সংৰক্ষণ আৰু বিশেষ সুবিধাদানৰ পৰিণতিও আছিল একেই।
……………………………………………………
এইবাৰ আমি এটা বেলেগ দিশৰ প্ৰতি চকু দিব খুজিছো। সাম্প্ৰদায়িকতাবাদ আৰু সাম্প্ৰদায়িক সংগঠনসমূহৰ উদ্ভৱ আৰু বৃদ্ধিৰ ইতিহাসৰ বিষয়ে আলোচনা কৰোতে আমি এটা বিশেষ ভুল এৰাই চলিবই লাগিব। অমুক সাম্প্ৰদায়িকতা আছে বাবেই আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপেই এই সাম্প্ৰদায়িকতাৰ উদ্ভৱ হৈছে – এই যুক্তি সাম্প্ৰদায়িকতাবাদীসকলে সদায়েই দাঙি ধৰি আহিছে, আৰু এতিয়া ঐতিহাসিক ৰচনাতো আনকি ইয়াৰ সন্নিৱেশ ঘটিছে। এইদৰে, অন্য সাম্প্ৰদায়িকতাৰ ওপৰত ‘মূল’ অভিযোগটো জাপি দি নিজৰ সাম্প্ৰদায়িকতাক পিছ দুৱাৰেদি ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰা হয় (বা কৰা হৈছিল)। এনেদৰে হিন্দু, মুছলমান কিম্বা শিখ সাম্প্ৰদায়িকতাবাদীসকলে নিজা নিজা সাম্প্ৰদায়িকতাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি সাব্যস্ত কৰিব খোজে যে অন্য পক্ষই আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে তেওঁলোকে মাত্ৰ প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছে। বাস্তৱিকতে, কোন সাম্প্ৰদায়িকতা প্ৰথমে আৰম্ভ হৈছিল সেয়া ঠিক কৰাটো আচলতে ‘কুকুৰা আগত নে কণী আগত’, এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ দৰেই ব্যাপাৰ। এবাৰ সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱ আৰু বিকাশ হ’লে তাৰ বিভিন্ন ৰূপসমূহৰ এটাই আনটোক পুষ্ট আৰু সমৃদ্ধ কৰে।
মুছলিম লিগৰ উচ্চশ্ৰেণীজাত নেতৃত্বৰ ৰাজানুগত, হিন্দু-বিৰোধী আৰু গোলামসুলভ মানসিকতাত নৱীন মুছলমান বুদ্ধিজীৱীসকল অচিৰেই বীতশ্ৰদ্ধ হৈ পৰিল। তেওঁলোক ক্ৰমবৰ্ধমানভাৱে আধুনিক আৰু ৰেডিকেল জাতীয়তাবাদী চিন্তাধাৰাৰ পিনে ধাৱিত হ’বলৈ ধৰিলে। সেই সময়ত জংগী জাতীয়তাবাদী আহৰাৰ আন্দোলন আৰম্ভ হৈছিল মৌলানা মহম্মদ আলি, হাকিম আজমল খান, হাছান ইমাম, মৌলানা জাফৰ আলি খান আৰু মজহাৰ-উল-হকৰ নেতৃত্বত। এই প্ৰচেষ্টাত তেওঁলোকে একাংশ গোড়া উলেমাৰ, বিশেষকৈ দেওবন্দ ঘৰানাৰ উলেমাসকলৰ সমৰ্থন লাভ কৰিছিল। আৰু এজন গোড়া উলেমা জাতীয় আন্দোলনৰ প্ৰতি আকৃষ্ট হৈছিল – নৱীন মৌলানা আবুল কালাম আজাদ। কাইৰোৰ আল আজহাৰ বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা আজাদে ১৯১২ চনত মাত্ৰ চৌবিছ বছৰ বয়সতে ‘আল হিলাল’ নামে এখন কাকত প্ৰকাশ কৰি তাৰ জৰিয়তে যুক্তিবাদী আৰু জাতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তীব্ৰ সংগ্ৰাম চলোৱাৰ পাছত জাতীয়তাবাদী মুছলমান যুৱকসকলে মুছলিম লিগৰ আগশাৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছতো তেওঁলোকক সক্ৰিয় হৈ উঠা দেখা গ’ল। ১৯১২ চনত মেধাৱী কংগ্ৰেছ নেতা এম. এ. জিন্নাক মুছলিম লিগত যোগদান কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হ’ল। তেতিয়া লিগৰ অন্যতম লক্ষ্য আছিল স্বশাসন। সেই বছৰতে আগা খানে লিগৰ সভাপতি পদৰপৰা পদত্যাগ কৰে।
১৯১২ চনৰপৰা ১৯২৪ চনলৈ, ৰাজানুগতসকলক চেৰাই যুৱক জাতীয়তাবাদীসকলে লিগত প্ৰাধান্য বিস্তাৰ কৰিছিল আৰু তাৰ ফলস্বৰূপে লিগৰ অৱস্থান ক্ৰমান্বয়ে কংগ্ৰেছৰ নীতিৰ কাষ চাপি গৈছিল। দুৰ্ভাগ্যবশতঃ, জিন্নাৰ দৰে দুই-এক ব্যতিক্ৰম বাদ দিলে, তেওঁলোকৰ জাতীয়তাবাদ ত্ৰুটিমুক্ত নাছিল, কাৰণ সেয়া সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ নাছিল। ইয়াৰ মাজত বিয়পি আছিল প্ৰবল ধৰ্মীয় আৰু সৰ্ব-ইছলামবাদী আভাস। আধুনিক সাম্ৰাজ্যবাদৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিণামসমূহৰ অনুধাৱন আৰু বিৰোধিতা কৰাৰ পৰিৱৰ্তে তেওঁলোকে সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰিছিল খলিফা আৰু পৱিত্ৰ ধৰ্মস্থানসমূহৰ প্ৰতি সি ভাবুকিৰ সৃষ্টি কৰা বাবেহে। প্ৰায়ে তেওঁলোকে আবেদন জনাইছিল মানুহৰ ধৰ্মীয় অনুভূতিৰ প্ৰতিহে। এই ধৰ্মীয় আভাস বা দৃষ্টিভংগীৰ সৈতে জাতীয়তাবাদৰ সংঘাত পোনপ্ৰথমে ঘটা নাছিল। বৰং সি তাৰ অনুগামীসকলক সাম্ৰাজ্যবাদ-বিৰোধী কৰি তুলিছিল; চহৰৰ মুছলমানসকলৰ মাজত সি জাতীয়তাবাদী প্ৰৱণতা বৃদ্ধি কৰিছিল। কিন্তু শেষপৰ্যন্ত সি ক্ষতিকৰ বুলি প্ৰমাণিত হৈছিল, কিয়নো ৰাজনৈতিক সমস্যাসমূহক সি ধৰ্মীয় দৃষ্টিকোণৰপৰা চোৱাৰ অভ্যাস জন্ম দিয়ে আৰু তাত উৎসাহ যোগায়।
……………………………………………………
আমি পূৰ্বৰ এটা অধ্যায়ত আলোচনা কৰি অহাৰ দৰেই কংগ্ৰেছৰ ভিতৰত আৰু মুছলিম লিগৰ ভিতৰত ঘটা সদৰ্থক পৰিবৰ্তনৰ ফলস্বৰূপে অচিৰেই দুইটাৰ মাজত বহল ৰাজনৈতিক ঐক্যৰ বাট মুকলি হৈছিল। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল লোকমান্য তিলক আৰু এম. এ. জিন্নাই। এই দুই সংগঠনৰ অধিবেশনসমূহ ১৯১৬ চনৰ শেষৰ পিনে লক্ষ্নৌত অনুষ্ঠিত হয় আৰু তাতে স্বাক্ষৰিত হয় এখন চুক্তি যাক আমি লক্ষ্নৌ চুক্তি বুলি জানো। যুদ্ধৰ পাছত ভাৰতৰ স্বশাসনৰ দাবীকে ধৰি বহুবোৰ উমৈহতীয়া দাবী সংগঠন দুটাই চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। এই চুক্তিত পৃথক নিৰ্বাচকমণ্ডলী আৰু আইনসভাসমূহত সংখ্যালঘুসকলৰ বাবে আসন সংৰক্ষণ আৰু বিশেষ সুযোগ প্ৰদানৰ ব্যৱস্থা মানি লোৱা হৈছিল। অনেক দিশৰপৰা ই আছিল এখোজ আগুৱাই যোৱাৰ ব্যাপাৰ, যিটোৱে ৰাজনীতিসচেতন ভাৰতীয়সকলক উৎসাহিত কৰিছিল, কিন্তু অন্য পিনৰপৰা ই আছিল এখোজ পিছুৱাই যোৱাৰো সমতুল। কংগ্ৰেছে পৃথক নিৰ্বাচকমণ্ডলী মানি লৈছিল আৰু তাৰ জৰিয়তে সাম্প্ৰদায়িক ৰাজনীতিক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল। সৰ্বোপৰি, চুক্তিখনত অকথিতভাৱে ধৰি লোৱা হৈছিল যে ভাৰতবৰ্ষ বিভিন্ন পৃথক পৃথক সম্প্ৰদায়ৰে গঠিত যিসমূহৰ প্ৰত্যেকৰে নিজা নিজা স্বাৰ্থ আছে। গতিকে চুক্তিখনে ভৱিষ্যতে ভাৰতৰ ৰাজনীতিত সাম্প্ৰদায়িকতাবাদৰ পুনৰুজ্জীৱনৰ বাট মুকলি কৰি দিছিল।
প্ৰথম বিশ্বযুদ্ধৰ পাছত ৰাওলাট আইনৰ বিৰুদ্ধে আন্দোলন, খিলাফৎ আৰু অসহযোগ আন্দোলনৰ সময়ত জাতীয়তাবাদী আন্দোলন আৰু হিন্দু-মুছলমান ঐক্য জোৰদাৰ হৈ উঠিছিল। ৰাজনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত হিন্দু-মুছলমান ঐক্যৰ কথা বিশ্বৰ আগত ঘোষণা কৰিবলৈকে হয়তো কট্টৰ আৰ্য সমাজী স্বামী সহজানন্দক মুছলমানসকলে দিল্লীৰ জামা মছজিদৰ প্ৰচাৰবেদীৰপৰা প্ৰচাৰ কৰাৰ সুযোগ দিছিল আৰু শিখ ধৰ্মস্থান অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ চাবিকাঠি তুলি দিয়া হৈছিল মুছলমান ডাঃ ছৈফুদ্দিন কিছলুৰ হাতত। ‘হিন্দু-মুছলমান কি জয়’ ধ্বনিৰে মুখৰ হৈ উঠিছিল সমগ্ৰ দেশ। ভূস্বামী-সাম্প্ৰদায়িকতাবাদী আৰু প্ৰাক্তন আমোলাসকল ক্ৰমশঃ মুছলিম লিগৰপৰা আঁতৰি যাবলৈ ধৰিলে, আৰু খিলাফৎ কমিটিয়ে লিগৰ ওপৰত প্ৰভুত্ব খটুৱাবলৈ ধৰিলে। কিয়নো অনেক লিগ নেতাৰ, একেদৰে অনেক প্ৰৱীণ কংগ্ৰেছ নেতাৰ পক্ষেও গণ আন্দোলনৰ ৰাজনীতিৰ সৈতে তাল মিলাই চলাটো কঠিন হৈ পৰিছিল। খিলাফৎ যদিও এটা ধৰ্মীয় ইছ্যু আছিল, মুছলমান জনসাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজত জাতীয়তাবাদী, সাম্ৰাজ্যবাদ-বিৰোধী চেতনাৰ জোৱাৰ তোলাত সি সফল হৈছিল। তদুপৰি জাতীয়তাবাদী আন্দোলনে কেৱল মুছলমানসকলক কেন্দ্ৰ কৰি কোনো দাবী উত্থাপন কৰাটোত অন্যায় বুলিবলৈ একো নাই, – যেনেকৈ আকালি আন্দোলনৰ প্ৰভাৱ কেৱল শিখসকলৰ মাজতহে পৰিছিল আৰু অস্পৃশ্যতা-বিৰোধী আন্দোলনৰ প্ৰভাৱ কৰিছিল কেৱল হিন্দুসকলৰ মাজত।
কিন্তু ইয়াৰ মাজত ভালেমান দুৰ্বলতাও নিহিত আছিল। মুছলমানসকলৰ ধৰ্মীয় ৰাজনৈতিক চেতনাক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক চেতনাৰ উচ্চতৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰোৱাত জাতীয়তাবাদী নেতৃত্ব কিছু পৰিমাণে ব্যৰ্থ হৈছিল। উদাহৰণস্বৰূপে, খিলাফৎ নেতাসকলে মুছলমানসকলৰ প্ৰতি জনাইছিল ধৰ্মীয় আবেদন, আৰু ফটোৱা তথা অন্যান্য ধৰ্মীয় বিধানসমূহক তেওঁলোকে পূৰাপূৰি কামত লগাইছিল। পৰিণামস্বৰূপে, তেওঁলোকে পুৰুষ-নাৰীৰ মনত ৰক্ষণশীলতা আৰু মোল্লাসকলৰ প্ৰভাৱ বৃদ্ধি কৰিছিল, উৎসাহিত কৰিছিল ৰাজনৈতিক সমস্যাসমূহক ধৰ্মীয় দৃষ্টিকোণৰপৰা বিবেচনা কৰাৰ অভ্যাসক। ইয়াৰ জৰিয়তে আৰু মুছলমান সংহতিৰ ধাৰণাৰ ওপৰত গুৰুত্বাৰোপ কৰি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত সাম্প্ৰদায়িক মতাদৰ্শ আৰু ৰাজনীতিৰ শক্তিবৃদ্ধিৰ বাবে অনুকূল পটভূমিৰ সৃষ্টি কৰিছিল।
……………………………………………..
অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰা হয় ১৯২২ চনৰ ফেব্ৰুৱাৰিত। জনসাধাৰণৰ মোহভংগ হ’ল, হতাশাগ্ৰস্ত হ’ল তেওঁলোক। প্ৰযোজ্য হ’ল দ্বৈত-শাসন। ফলস্বৰূপে সাম্প্ৰদায়িকতাই মূৰ দাঙি উঠিল কুৎসিৎভাৱে আৰু ১৯২২-পৰৱৰ্তী বছৰসমূহত দেশখন বাৰংবাৰ ডুব গ’ল সাম্প্ৰদায়িক দাংগাৰ মাজত। পুৰণি সাম্প্ৰদায়িক সংগঠনসমূহ পুনৰুজ্জীৱিত হ’ল, গঢ়ি উঠিল নতুন নতুন সংগঠন। মুছলিম লিগ পুনৰবাৰ সক্ৰিয় হৈ উঠিল আৰু তাৰ মাজৰপৰা বহিষ্কৃত কৰা হ’ল ৰেডিকেল আৰু জাতীয়তাবাদী উপাদানসমূহ। খোলাখুলিকৈ সাম্প্ৰদায়িক মতাদৰ্শ প্ৰচাৰ কৰা আৰু মুক্তভাৱে ৰাজানুগত্য প্ৰকাশ কৰা উচ্চশ্ৰেণীজাত নেতাসকলে আকৌ প্ৰাধান্য বিস্তাৰ কৰিলে। হিন্দু মহাসভাক পুনৰুজ্জীৱিত কৰা হ’ল ১৯২৩ চনত আৰু ই প্ৰকাশ্যভাৱেই মুছলমান-বিৰোধী মনোভাব প্ৰচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ ঘোষিত লক্ষ্য আছিল – “হিন্দু ৰাষ্ট্ৰৰ অগ্ৰগতিৰ হকে হিন্দু জাতি, হিন্দু সংস্কৃতি আৰু হিন্দু সভ্যতাক টিকাই ৰখা, সুৰক্ষা প্ৰদান কৰা আৰু আগুৱাই নিয়া।”
হিন্দু আৰু একেদৰে মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে হিন্দুসকল আৰু মুছলমানসকলৰ মনত ভীতিৰ মনোভাব ৰোপণ কৰিবলৈ চেষ্টা চলাবলৈ ধৰিলে – বঞ্চিত হোৱাৰ, অতিক্ৰান্ত হোৱাৰ, বিপন্ন, শাসিত, নিপীড়িত হোৱাৰ, প্ৰহৃত হোৱাৰ আৰু আনকি সমূলে ধ্বংস হোৱাৰ ভীতি। এই সময়তে সাম্প্ৰদায়িক সংহতি আৰু ধৰ্মান্তৰণৰ অৰ্থে হিন্দুসকলৰ মাজত ‘সংগঠন’ আৰু ‘শুদ্ধি’ আন্দোলন আৰু মুছলমানসকলৰ মাজত ‘তানজীম’ আৰু ‘তাবলিখ’ আন্দোলনৰ সূচনা হয়। জাতীয়তাবাদীসকলক প্ৰকাশ্যেই ধৰ্মত্যাগী আৰু তেওঁলোকৰ নিজৰ ধৰ্মৰ তথা ধৰ্মাৱলম্বীসকলৰ শত্ৰু বুলি ধিক্কাৰ দিয়া হৈছিল।
বহু জাতীয়তাবাদী নেতাই সাম্প্ৰদায়িক চাপৰ বিৰুদ্ধে থিয় দিব নোৱাৰি সাম্প্ৰদায়িক কিম্বা অৰ্ধ-সাম্প্ৰদায়িক ভূমিকা গ্ৰহণ কৰিবলৈ ধৰিলে। সাম্প্ৰদায়িকতাৰ ফলস্বৰূপে স্বৰাজবাদীসকলৰ মাজত ভাঙোনৰ সৃষ্টি হ’ল। ‘সংবেদনবাদী’ (responsivists) নামে পৰিচিত গোটটোৱে তথাকথিত হিন্দু স্বাৰ্থ ৰক্ষা পৰিব বুলি আশা কৰি চৰকাৰৰ সৈতে সহযোগিতাৰ প্ৰস্তাৱ আগ বঢ়ালে। লাজপত ৰায়, মদন মোহন মালব্য আৰু এন. চি. কেলকাৰে হিন্দু মহাসভাত যোগদান কৰিলে আৰু হিন্দু সাম্প্ৰদায়িক সংহতিৰ কথা প্ৰচাৰ কৰিবলৈ লাগিল। কম দায়িত্বশীল এই সংবেদনবাদী গোটটো আৰু হিন্দু মহাসভা-পন্থীসকলে ধৰ্মনিৰপেক্ষ কংগ্ৰেছীসকলৰ বিৰুদ্ধে ক্ষতিকৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে মতিলাল নেহৰুৰ বিৰুদ্ধে অভিযোগ কৰিলে যে তেওঁ হিন্দুসকলক হতাশ কৰিছে, তেওঁ হিন্দু-বিৰোধী তথা ইছলাম-ভক্ত, তেওঁ গোহত্যা সমৰ্থন কৰে আৰু নিজে গো-মাংস খায়। পুৰণি খিলাফৎপন্থীসকলৰো অনেকজন এতিয়া সাম্প্ৰদায়িকতাবাদী হৈ উঠিল। সবাতোকৈ নাটকীয় পৰিবৰ্তন ঘটিল দুই মৌলানা মহম্মদ আলি আৰু ছৌকৎ আলিৰ ক্ষেত্ৰত; তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কৰিলে এইবুলি যে কংগ্ৰেছে এখন হিন্দু চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে য’ত হিন্দুসকলে মুছলমানসকলৰ ওপৰত দমন আৰু নিপীড়ন চলাব পাৰিব। সাম্প্ৰদায়িকতাৰ সবাতোকৈ জঘন্য ৰূপটো প্ৰকাশ পাইছিল ১৯২৩-২৪ চনত উত্তৰ ভাৰতৰ বিভিন্ন প্ৰধান চহৰত সংঘটিত সাম্প্ৰদায়িক দাংগাসমূহত। ছাইমন কমিছনৰ ৰিপ’ৰ্ট অনুসৰি, ১৯২২ চনৰপৰা ১৯২৭ চনলৈকে সময়ছোৱাত সংঘটিত হোৱা ডাঙৰ সাম্প্ৰদায়িক দাংগাৰ সংখ্যা প্ৰায় ১১২টা।
……………………………………………………..
জাতীয়তাবাদী নেতৃত্বই সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিসমূহৰ বিৰোধিতা কৰাৰ আপ্ৰাণ চেষ্টা চলালেও কোনো কাৰ্যকৰী কৰ্মপন্থা উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁলোকে কেনেকুৱা কৰ্মপন্থা গ্ৰহণ কৰিছিল আৰু সেয়া ব্যৰ্থ হৈছিল কি কাৰণে? আলাপ-আলোচনাৰ মাধ্যমত সাম্প্ৰদায়িক নেতাসকলৰ সৈতে সৰ্বোচ্চ স্তৰত ঐক্যসাধনৰ চেষ্টাই আছিল জাতীয়তাবাদী নেতৃত্বৰ মূল ৰণনীতি। ইয়াৰ অৰ্থ হ’ল এয়ে যে কংগ্ৰেছ নেতাসকলে হয় বিভিন্ন সাম্প্ৰদায়িক গোষ্ঠীৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল, নতুবা আইনসভাত আসন কিম্বা চৰকাৰী চাকৰিত সংৰক্ষণৰ মাধ্যমেৰে সংখ্যালঘুসকলৰ স্বাৰ্থ ‘ৰক্ষা’ আৰু ‘নিৰাপদ’ কৰাৰ প্ৰশ্নত মুছলমান সাম্প্ৰদায়িক নেতাসকলৰ সৈতে নিজেই আপোচ কৰাৰ চেষ্টা কৰিছিল।
এইধৰণৰ সকলোতকৈ উল্লেখযোগ্য প্ৰচেষ্টাটো চলোৱা হৈছিল ১৯২৮ চনত। ছাইমন কমিছনৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ হিচাপে, ভাৰতীয় ৰাজনৈতিক নেতাসকলে সাম্প্ৰদায়িক সমস্যাসমূহ সমাধানৰ অৰ্থে আৰু মতৈক্যৰ ভিত্তিত ভাৰতৰ সংবিধান ৰচনাৰ অৰ্থে বহুতো সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছিল। বৃহৎসংখ্যক মুছলমান সাম্প্ৰদায়িক নেতা ১৯২৭ চনৰ ডিচেম্বৰত দিল্লীত মিলিত হয় আৰু তেওঁলোকে চাৰিটা মূল দাবী উত্থাপন কৰে যিকেইটাক দিল্লী প্ৰস্তাৱ বুলি জনা যায়। এই প্ৰস্তাৱসমূহ আছিল : (১) সিন্ধুক এখন পৃথক প্ৰদেশ কৰিব লাগে; (২) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশক অন্যান্য প্ৰদেশৰ সমান মৰ্যাদা দিব লাগে; (৩) কেন্দ্ৰীয় আইনসভাত মুছলমানসকলক এক-তৃতীয়াংশ প্ৰতিনিধিত্ব দিব লাগে; (৪) পাঞ্জাব আৰু বংগত জনসংখ্যা অনুপাতে প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰি মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা সুনিশ্চিত কৰিব লাগে, আৰু অন্যান্য যিসমূহ প্ৰদেশত মুছলমানসকল সংখ্যালঘু সেইসমূহত মুছলমানসকলৰ বাবে আসন সংৰক্ষণৰ প্ৰচলিত ব্যৱস্থা বৰ্তাই ৰাখিব লাগে।
কংগ্ৰেছৰ প্ৰস্তাৱসমূহ আহিছিল নেহৰু ৰিপ’ৰ্ট হিচাপে। ১৯২৮ চনৰ শেষভাগত কলিকতাত অনুষ্ঠিত এক সৰ্বদলীয় সন্মিলনত এই ৰিপ’ৰ্ট উত্থাপন কৰা হৈছিল অনুমোদনৰ অৰ্থে। অন্যান্য বিষয়ৰ বাদেও নেহৰু ৰিপ’ৰ্টত এইবুলি ছুপাৰিছ কৰা হৈছিল যে ভাষাভিত্তিক প্ৰদেশ আৰু প্ৰাদেশিক স্বায়ত্তশাসনৰ ভিত্তিত ভাৰতবৰ্ষ এখন ফেডাৰেচন হিচাপে গঠিত হ’ব লাগে; যৌথ নিৰ্বাচকমণ্ডলীৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে আৰু কেন্দ্ৰীয় আৰু প্ৰাদেশিক আইনসভাসমূহত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে তেওঁলোকৰ জনসংখ্যা অনুপাতে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এই ৰিপ’ৰ্টত বোম্বাইৰপৰা সিন্ধুক পৃথক কৰাৰ আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত সাংবিধানিক সংস্কাৰ সাধন কৰাৰো পোষকতা কৰা হৈছিল।
কলিকতা সন্মিলনত এই ৰিপ’ৰ্ট সৰ্বসন্মতভাৱে অনুমোদন কৰিব পৰা নগ’ল। মুছলমান সাম্প্ৰদায়িকতাবাদীসকলৰ মাজত মতপাৰ্থক্য আছিল বিস্তৰ। লিগ আৰু খিলাফৎপন্থীসকলৰ একাংশই কৈছিল যে তেওঁলোকে যৌথ নিৰ্বাচকমণ্ডলী আৰু ৰিপ’ৰ্টৰ অন্যান্য প্ৰস্তাৱ মানি ল’বলৈ ৰাজি, যদিহে এম. এ. জিন্নাই উত্থাপন কৰা তিনিটা সংশোধনী গ্ৰহণ কৰা হয়। ইয়াৰ দুটা দাবী দিল্লী প্ৰস্তাৱৰ তৃতীয় আৰু চতুৰ্থ দাবীৰ সৈতে একে; প্ৰথম আৰু দ্বিতীয় দাবী নেহৰু ৰিপ’ৰ্টত মানি লোৱা হৈছিল। প্ৰদেশসমূহক অতিৰিক্ত ক্ষমতা প্ৰদান কৰাৰ তৃতীয় দাবীটো আছিল নতুন দাবী। মহম্মদ ছফি আৰু আগা খানৰ নেতৃত্বত লিগৰ এটা বৃহৎ অংশ আৰু অন্যান্য মুছলমান সাম্প্ৰদায়িক গোষ্ঠী এই সংশোধনীসমূহ মানি ল’বলৈ ৰাজি নাছিল; স্বতন্ত্ৰ নিৰ্বাচকমণ্ডলীৰ দাবী তেওঁলোকে কোনোপধ্যেই ত্যাগ কৰিব খোজা নাছিল। ৰিপ’ৰ্টৰ যিসমূহ অংশত সিন্ধু, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, বংগ আৰু পাঞ্জাব সম্পৰ্কে আলোচনা কৰা হৈছিল সেই অংশসমূহৰ বিষয়ে হিন্দু মহাসভা আৰু শিখ লিগে দুৰ্গোৰ আপত্তি কৰিছিল। জিন্নাৰ সংশোধনীসমূহ মানি ল’বলৈও তেওঁলোকে অস্বীকাৰ কৰিছিল। জিন্নাৰ প্ৰস্তাৱ মতে দুৰ্বল কেন্দ্ৰৰ ব্যৱস্থা মানি ল’বলৈও কংগ্ৰেছ নেতাসকল ৰাজি নাছিল।
অধিকাংশ মুছলমান সাম্প্ৰদায়িকতাবাদীয়েই এইবাৰ হাতত হাত মিলালে, আৰু জিন্নায়ো সিদ্ধান্ত ল’লে তেওঁলোকক সংগ দিয়াৰ। নেহৰু ৰিপ’ৰ্টে হিন্দু স্বাৰ্থক প্ৰতিনিধিত্ব কৰে বুলি ঘোষণা কৰি, তেওঁ বিভিন্ন সময়ত বিভিন্ন সাম্প্ৰদায়িক সংগঠনে যিসমূহ সাম্প্ৰদায়িক দাবী তুলিছিল সেইসমূহক একত্ৰিত কৰি এখন একক দলিল ৰচনা কৰিলে যিখনক ‘জিন্নাৰ চৈধ্য দফা’ বুলি জনা যায়। এই চৈধ্য দফাত মূলতঃ আছিল চাৰিটা দিল্লী প্ৰস্তাৱ, কলিকতাৰ তিনিটা সংশোধনী, আৰু স্বতন্ত্ৰ নিৰ্বাচকমণ্ডলী আৰু চৰকাৰী চাকৰি তথা স্বশাসিত সংস্থাসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা বজাই ৰখাৰ দাবী। এই চৈধ্য দফাই আছিল পৰৱৰ্তী বছৰসমূহত সমস্ত সাম্প্ৰদায়িক প্ৰচাৰৰ ভিত্তি।
হিন্দু, মুছলমান আৰু শিখ সাম্প্ৰদায়িক নেতাসকলৰ সৈতে বুজাবুজি বা চুক্তিৰ মাধ্যমেৰে সাম্প্ৰদায়িক সমস্যাসমূহ সমাধানৰ চেষ্টাৰ ৰণনীতি সম্পূৰ্ণৰূপে ব্যৰ্থ প্ৰমাণিত হৈছিল আৰু সি ভালেমান অন্তৰ্নিহিত দুৰ্বলতাৰে দোষযুক্ত আছিল। সৰ্বোপৰি ইয়াৰপৰা এইটোকে বুজা গৈছিল যে সাম্প্ৰদায়িক নেতাসকলে নিজে নিজৰ নিজৰ ‘সম্প্ৰদায়’ৰ সাম্প্ৰদায়িক স্বাৰ্থৰ প্ৰতিনিধি বুলি যি দাবী কৰে তাৰ, আৰু এইধৰণৰ সাম্প্ৰদায়িক স্বাৰ্থ তথা ধৰ্মীয় সম্প্ৰদায়ৰ অস্তিত্ব যে বাস্তৱ জীৱনত আছে সেই কথা কংগ্ৰেছে পৰোক্ষভাৱে বা আকাৰে-ইংগিতে মানি লৈছিল। সাম্প্ৰদায়িক নেতাসকলৰ সৈতে আলাপ-আলোচনা কৰি কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতিক ন্যায্যতা প্ৰদান কৰিছিল আৰু তাৰ নেতাসকলক শ্ৰদ্ধেয় কৰি তুলিছিল। সাম্প্ৰদায়িক দলসমূহ আৰু ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ৰাজনৈতিক-মতাদৰ্শগত প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যি অধিকাৰ আৰু ইচ্ছা ইয়াৰ ফলস্বৰূপে সি দুৰ্বল হৈ পৰিছিল। মুছলমান সাম্প্ৰদায়িক নেতাসকলৰ সৈতে নিয়মিত বুজাবুজিয়ে আজাদ, আনছাৰি আৰু আছফ আলিৰ দৰে ধৰ্মনিৰপেক্ষ, সাম্ৰাজ্যবাদ-বিৰোধী মুছলমান আৰু মুছলমান নেতাসকলৰ স্থিতি দুৰ্বল কৰি পেলাইছিল। ইয়াৰ ফলস্বৰূপে মদন মোহন মালব্য, লাজপত ৰায় আৰু মৌলানা মহম্মদ আলি আদি যিসকল নেতাই প্ৰায়ে কংগ্ৰেছৰ ভিতৰৰপৰাই কাম-কাজ চলাইছিল সেইসকলৰ বিৰোধিতা কৰা তথা তেওঁলোকৰ সাম্প্ৰদায়িকতা আৰু অৰ্ধ-সাম্প্ৰদায়িকতাৰ মুখা খুলি দিয়াটো কঠিন হৈ পৰিছিল।
সৰ্বোচ্চ পৰ্যায়ত বুজাবুজিৰ ৰণনীতিৰ বাবে চাকৰি আৰু আইনসভাত আসন সংৰক্ষণৰ প্ৰশ্নত সংখ্যাগুৰুসকলে সংখ্যালঘু সাম্প্ৰদায়িকতাক মুক্তহস্তে সুযোগ-সুবিধা প্ৰদান কৰাটো প্ৰয়োজনীয় আছিল। কিন্তু ঔপনিবেশিক অনুন্নয়নৰ পৰিণাম ভোগ কৰা হিন্দু মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজতো সাম্প্ৰদায়িকতাৰ প্ৰভাৱ আছিল যথেষ্ট শক্তিশালী। হিন্দু আৰু শিখ সাম্প্ৰদায়িকতাবাদীসকলক উপেক্ষা কৰি জোৰকৈ মুছলমান সাম্প্ৰদায়িকতাক সুযোগ-সুবিধা প্ৰদান কৰাটো কংগ্ৰেছৰ বাবে আছিল ৰাজনৈতিকভাৱে কঠিন। এইদৰে, মুছলমান সাম্প্ৰদায়িকতাবাদীৰ সৈতে মিটমাট নকৰিলে পৰিণামত তেওঁলোকৰ শক্তি বৃদ্ধি পাব, কিন্তু তেওঁলোকক কোনো গুৰুত্বপূৰ্ণ সুযোগ-সুবিধা দিলেও সি হিন্দু সাম্প্ৰদায়িকতাবাদীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। সি যি নহওক, বিশেষ বদান্যতা আৰু বিচক্ষণতাৰ পৰিচয় দি সাম্প্ৰদায়িক নেতাসকলৰ সৈতে কোনো আপোচলৈ অহা সম্ভৱ হ’লেও সি যে স্থায়ী হ’ব তেনে কোনো সম্ভাৱনা নাছিল; লক্ষ্নৌ চুক্তিৰ আৰু কিছু পৰিমাণে নেহৰু ৰিপ’ৰ্টৰো এই পৰিণতিয়েই হৈছিল। অন্যান্য সাম্প্ৰদায়িক গোষ্ঠী বা ব্যক্তিৰ ওপৰত কোনো সাম্প্ৰদায়িক নেতা কিম্বা গোষ্ঠী কিম্বা দলৰ একক কৰ্তৃত্ব নাছিল যাৰ ভিত্তিত এখন স্থায়ী চুক্তি কৰিব পৰা যায়। সুযোগ-সুবিধা প্ৰদানে সাম্প্ৰদায়িকতাবাদীসকলৰ ক্ষুধাহে কেৱল বৃদ্ধি কৰিছিল। যদি এটা গোষ্ঠীক তোষণ কৰা হয় তেন্তে লগে লগে কোনোবা অধিক ‘জংগী’ নতুবা আকোৰগোঁজ নেতা বা গোষ্ঠী ওলাই আহিব, আৰু সাম্প্ৰদায়িক দাবী অধিক বৃদ্ধি পাব। পৰিণামস্বৰূপে, যেতিয়াই কোনো বেছি ‘যুক্তিসম্পন্ন’ নেতা বা গোষ্ঠীয়ে বুজিব পাৰে যে অনুগামীসকলৰ ওপৰত তেওঁৰ সাম্প্ৰদায়িক আধিপত্য হ্ৰাস পাব ধৰিছে, তেতিয়া তেওঁ আনকি পূৰ্বৰ পূৰ্ণ বা আংশিক চুক্তিৰ পিনে উভতি যাবলগীয়া হয়। এই ঘটনাটো বাৰংবাৰ ঘটিছিল ১৯২৮-২৯ চনত – আৰু জিন্না হ’ল ইয়াৰ আদৰ্শ দৃষ্টান্ত। প্ৰকৃতপক্ষে, যেতিয়ালৈকে সাম্প্ৰদায়িক মতাদৰ্শৰ প্ৰভাৱ বৃদ্ধি পাই থাকিব নতুবা সাম্প্ৰদায়িক ৰাজনীতিৰ অনুকূল সামাজিক-ৰাজনৈতিক পৰিস্থিতি টিকি থাকিব তেতিয়ালৈকে সাম্প্ৰদায়িক নেতাসকলক স্থায়ীভাৱে বা দীৰ্ঘকালৰ বাবে তোষণ কৰা বা তেওঁলোকৰ সৈতে বুজাবুজি কৰাটো কঠিন হৈ থাকিব।
প্ৰকৃত উত্তৰটো আছে সৰ্বক্ষেত্ৰত – মতাদৰ্শগত, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত – সাম্প্ৰদায়িকতাৰ সৰ্বাংগীণ বিৰোধিতাৰ মাজত। সাম্প্ৰদায়িকতাৰ মতাদৰ্শ, ইয়াৰ সামাজিক আৰু মতাদৰ্শগত উৎস আৰু শিপা, ইয়াৰ সামাজিক ভিত্তি, আৰু হিন্দু-মুছলমান ঐক্যৰ অৰ্থে জাতীয়তাবাদীসকলৰ কৰ্মপ্ৰচেষ্টা সত্ত্বেও ইয়াৰ বৃদ্ধি হোৱাৰ কাৰণসমূহ সম্পৰ্কে বৈজ্ঞানিক উপলব্ধিৰ ভিত্তিত সাম্প্ৰদায়িকতাবাদ আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিসমূহৰ বিৰুদ্ধে এক তীব্ৰ ৰাজনৈতিক-মতাদৰ্শগত সংগ্ৰাম চলোৱাৰ প্ৰয়োজন আছিল। তদুপৰি কৃষক ৰাইজৰ সমস্যাসমূহক লৈ আন্দোলন কৰাটোও আৱশ্যকীয় হৈ পৰিছিল, কিয়নো বিভিন্ন ঠাইত কৃষকসকলৰ শ্ৰেণীসংগ্ৰামক বিকৃত কৰি সাম্প্ৰদায়িক সংঘাতলৈ পৰ্যবসিত কৰা হৈছিল। দাদাভাই নৌৰজীৰপৰা গান্ধীজী আৰু নেহৰুপৰ্যন্ত জাতীয়তাবাদী নেতৃত্বৰ বেছিভাগৰে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি অবিচল দায়বদ্ধতা সত্ত্বেও এইসমূহ কৰণীয় কৰা হোৱা নাছিল। প্ৰয়োজন হৈছিল সাম্প্ৰদায়িকতাবাদীসকলৰ সৈতে প্ৰত্যক্ষ বিতৰ্কক কঠোৰ, যুক্তিবাদী, বিশ্লেষণাত্মক ধাৰাত প্ৰবাহিত কৰা যাতে তেওঁলোকে যুক্তি আৰু বিজ্ঞানৰ ওপৰত ভিত্তি কৰি যুদ্ধ কৰিবলৈ বাধ্য হয়, আৱেগ আৰু পক্ষপাতিতাৰ ওপৰত ভিত্তি কৰি নহয়। গান্ধীজী আৰু কংগ্ৰেছে হিন্দু-মুছলমান ঐক্যক জাতীয়তাবাদী ৰাজনৈতিক মঞ্চৰ তিনিটা মূল উপাদানৰ অন্যতম কৰি তুলিছিল নিশ্চিতভাৱেই। গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহত তেওঁলোকে হিন্দু সাম্প্ৰদায়িকতাবাদীসকলক তোষণ কৰিবলৈও অমান্তি হৈছিল। গান্ধীজীয়ে বিভিন্ন সময়ত ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰ বাবে নিজৰ জীৱনকো পণ কৰি লৈছিল। কিন্তু তেওঁ সাম্প্ৰদায়িকতাৰ গভীৰতৰ বিশ্লেষণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাছিল, সক্ষম হোৱা নাছিল কংগ্ৰেছো।
………………………………………………
১৯২০ৰ দশকত সাম্প্ৰদায়িক দল আৰু গোষ্ঠীসমূহৰ তীব্ৰ কাৰ্যকলাপ সত্ত্বেও সাম্প্ৰদায়িকতা সেইপৰ্যন্ত ভাৰতীয় সমাজত খুব ব্যাপক হৈ উঠা নাছিল। সাম্প্ৰদায়িক দাংগাসমূহ মূলতঃ সীমাবদ্ধ আছিল চহৰসমূহত, আৰু সেইসমূহৰ সংখ্যাও দেশখনৰ বৃহৎ আয়তনৰ তুলনাত বৰ বেছি আছিল বুলিব নোৱাৰি। জনগণৰ মাজত হিন্দু সাম্প্ৰদায়িকতাবাদীসকলৰ সমৰ্থন আছিল নিচেই কম। মুছলমান সাম্প্ৰদায়িকতাবাদীসকলৰ সামাজিক ভিত্তিও আছিল যথেষ্ট সংকীৰ্ণ। কংগ্ৰেছৰ দলভুক্ত জাতীয়তাবাদী মুছলমানসকল সেইপৰ্যন্ত এক প্ৰধান ৰাজনৈতিক শক্তি আছিল। উদীয়মান ট্ৰেড ইউনিয়ন, কৃষক আন্দোলন আৰু যুৱ আন্দোলনসমূহ আছিল সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ। ছাইমন কমিছন সম্পৰ্কে প্ৰতিক্ৰিয়াই সাম্প্ৰদায়িক শক্তিসমূহৰ দুৰ্বলতা প্ৰকট কৰি তুলিছিল; ইয়াক কেন্দ্ৰ কৰি মুছলিম লিগ আৰু হিন্দু মহাসভা উভয়ৰ মাজতেই ভাঙোন সৃষ্টি হয় – এটা দলে এই কমিছনক বয়কট কৰাৰ আহ্বান জনাইছিল আৰু অন্যসকলে তাৰ সৈতে সহযোগিতাৰ পক্ষে থিয় দিছিল।
ছাইমন কমিছন-বিৰোধী প্ৰতিবাদী আন্দোলনে আৰু তাৰ পৰৱৰ্তী ১৯৩০ৰপৰা ১৯৩৪ পৰ্যন্ত দ্বিতীয় আইন অমান্য আন্দোলনে সমগ্ৰ দেশখনকে ঢৌৱাই নিছিল, আৰু সামগ্ৰিকভাৱে সাম্প্ৰদায়িকতাবাদীসকলক পুনৰবাৰ ঠেলি পঠিয়াইছিল নেপথ্য-ভূমিলৈ। কংগ্ৰেছ, জামায়েত-উল-উলামা-ই-হিন্দ, খুদাই খিদমৎগাৰ আৰু অন্যান্য সংগঠনৰ নেতৃত্বত হাজাৰজন মুছলমানে কাৰাবাস খাটিছিল। জাতীয় আন্দোলনে এই প্ৰথমবাৰৰ বাবে বিস্তাৰ লাভ কৰিছিল মুছলমান-অধ্যুষিত দুটা নতুন এলেকাত – উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু কাশ্মীৰত।
সাম্প্ৰদায়িকতাবাদী নেতাসকলে ১৯৩০ৰ দশকৰ প্ৰথমভাগত ঘূৰণীয়া মেজমেলসমূহৰ সময়ত পাদপ্ৰদীপৰ পোহৰলৈ অহাৰ সুযোগ পাইছিল। এই সন্মিলনসমূহত সাম্প্ৰদায়িকতাবাদীসকলে হাত মিলাইছিল ব্ৰিটিছ শাসক শ্ৰেণীসমূহৰ সবাতোকৈ প্ৰতিক্ৰিয়াশীল অংশসমূহৰ সৈতে। মুছলমান সাম্প্ৰদায়িকতাবাদী আৰু হিন্দু সাম্প্ৰদায়িকতাবাদী উভয়েই নিজৰ নিজৰ তথাকথিত সাম্প্ৰদায়িক স্বাৰ্থৰ সুৰক্ষাৰ উদ্দেশ্যে ব্ৰিটিছ কৰ্তৃপক্ষৰ সমৰ্থন অৰ্জনৰ চেষ্টা কৰিছিল। ১৯৩২ চনত হাউছ অব কমন্সৰ এখন সভাত, আগা খান, কবি মহম্মদ ইকবাল আৰু ইতিহাসবিদ শফাৎ আহমেদে জোৰ দি কৈছিল যে ‘হিন্দু আৰু মুছলমানসকলৰ ৰাজনৈতিক, কিম্বা বাস্তৱিকতে সামাজিক স্বাৰ্থৰ মিলন অন্তৰ্নিহিত কাৰণতেই অসম্ভৱ’ আৰু ‘ব্ৰিটিছ চৰকাৰৰ প্ৰতিনিধিৰ বাদে অন্য কাৰো জৰিয়তে কোনোকালেই ভাৰত শাসন কৰা বাস্তৱসন্মত নহয়’। একেদৰে, ১৯৩৩ চনত হিন্দু মহাসভাৰ অধিবেশনত সভাপতিত্ব কৰি ভাই পৰমানন্দে হিন্দুসকল আৰু ব্ৰিটিছ চৰকাৰৰ মাজত সহযোগিতাৰ আহ্বান জনাই কৈছিল : “এই কথা মই অন্তৰেৰে উপলব্ধি কৰিছো যে ভাৰতৰ প্ৰধান সম্প্ৰদায় হিচাপে হিন্দুসকলৰ মৰ্যাদা আৰু দায়িত্বশীল ভূমিকা যদি নতুন ভাৰতৰ ৰাজনৈতিক প্ৰতিষ্ঠানসমূহত মানি লোৱা হয় তেন্তে হিন্দুসকলে স্বেচ্ছাই গ্ৰে’ট ব্ৰিটেইনৰ সৈতে সহযোগিতা কৰিব।”
১৯৩৭ চনপৰ্যন্ত সাম্প্ৰদায়িক দল আৰু গোষ্ঠীসমূহ আছিল যথেষ্ট দুৰ্বল আৰু সিবোৰৰ গণভিত্তিও আছিল যথেষ্ট সীমিত। ১৯৩০ৰ দশকৰ আগভাগত অধিকাংশ মুছলমান আৰু হিন্দু নৱীন বুদ্ধিজীৱী, শ্ৰমিক আৰু কৃষক জাতীয়তাবাদ আৰু সমাজবাদৰ মূলসুঁতিত চামিল হৈছিল। বংগত বহুতেই যোগ দিছিল ধৰ্মনিৰপেক্ষ আৰু ক্ৰান্তিবাদী কৃষক প্ৰজা পাৰ্টিত। তদুপৰি, নিশকতীয়া হৈ অহা মুছলমান সাম্প্ৰদায়িকতাক দৃঢ়তৰ কৰিবৰ বাবে ১৯৩২ চনত ব্ৰিটিছ চৰকাৰে ‘কমিউনেল এৱাৰ্ড’ ঘোষণা কৰে, য’ত ১৯২৭ চনৰ দিল্লী প্ৰস্তাৱ আৰু ১৯২৯ চনৰ জিন্নাৰ চৈধ্য দফাৰ জৰিয়তে উত্থাপন কৰা যিমানবোৰ মুছলমান সাম্প্ৰদায়িক দাবী আছিল সেই সকলোবোৰকে কাৰ্যতঃ মানি লোৱা হয়। সাম্প্ৰদায়িক শক্তিসমূহ মুখামুখি হয় এটা সম্পূৰ্ণ নতুন পৰিস্থিতিৰ সৈতে : ইমান দিনে যিভাৱে চলি আহিছিল এতিয়াৰপৰা আৰু সেইভাৱে নচলিব। প্ৰশ্নটো হ’ল – ইয়াৰপৰা তেওঁলোক ক’লৈ যাব?
Leave a Reply