জিন্না, গোলৱালকাৰ আৰু কট্টৰ সাম্প্ৰদায়িকতাবাদ

মূল : বিপান চন্দ্ৰ
অনুবাদ : জিতেন বেজবৰুৱা

(বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব এটা প্ৰকাশন গোষ্ঠীৰ হাতত ন্যস্ত। আমি একমাত্ৰ সাম্প্ৰতিক সামাজিক প্ৰয়োজনৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰন্থখনৰ কিছুসংখ্যক অধ্যায় পাঠকসমাজৰ ওচৰত দাঙি ধৰিলো। গতিকে এই পাঠসমূহ ফে’চবুকৰ বাদে প্ৰিণ্ট বা আন কোনো মাধ্যমত প্ৰকাশৰ বাবে অনুমতি দিব পৰা নাযাব। ৰেফাৰেন্সসমূহ ইয়াত দিয়া হোৱা নাই। – অনুবাদক)

সাম্প্ৰদায়িকতা দ্বিতীয়, অৰ্থাৎ উদাৰনৈতিক পৰ্যায়ত আছিল ১৯৩৭ চনপৰ্যন্ত। তাৰ পাছতেই ই ক্ৰমশঃ ক্ষতিকৰ, কট্টৰ বা ফেছিষ্ট ৰূপ পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীসকলে যুক্তি প্ৰদৰ্শন কৰিছিল যে ভাৰতবৰ্ষ বিভিন্ন স্বতন্ত্ৰ ধৰ্মভিত্তিক গোষ্ঠীৰে গঠিত যিসমূহৰ নিজা নিজা পৃথক আৰু বিশেষ স্বাৰ্থ আছে, আৰু প্ৰায়েই এই স্বাৰ্থসমূহৰ মাজত সংঘাতৰ সৃষ্টি হয়। কিন্তু তেওঁলোকে এই কথাও মানি লৈছিল যে বিভিন্ন সম্প্ৰদায়ৰ সমন্বয়ৰ মাধ্যমেৰে এটা একক জাতি গঠন কৰাই ভাৰতীয় ৰাজনীতিৰ চূড়ান্ত ভৱিতব্য। সেয়ে উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীসকলে পৃথক সাম্প্ৰদায়িক অধিকাৰ, সুৰক্ষাকৱচ, সংৰক্ষণ ইত্যাদিৰ দাবী কৰিছিল এক নিৰ্মীয়মান ভাৰতীয় জাতিৰ ব্যাপক ধাৰণাৰ ভিতৰত অৱস্থান কৰিয়েই। তেওঁলোকে জাতীয় ঐক্যই চৰম লক্ষ্য বুলি আৰু হিন্দু, মুছলমান, শিখ আৰু খ্ৰিষ্টানসকলৰ চূড়ান্ত স্বাৰ্থ অভিন্ন বুলি মানি লৈছিল। উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদৰ সামাজিক ভিত্তিও আছিল বেছ সংকীৰ্ণ। ৰাজনৈতিকভাৱে ইয়াৰ ভিত্তি আছিল প্ৰধানতঃ উচ্চবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীসমূহ।
…………………………………………………………………….
ঘৃণা, আতংক আৰু যুক্তিহীনতাৰ ৰাজনীতি আছিল কট্টৰ সাম্প্ৰদায়িকতাৰ ভিত্তি। আমি পূৰ্বে দেখুওৱাৰ দৰে, আধিপত্য আৰু দমন-পীড়নৰ উপাদান সাম্প্ৰদায়িক প্ৰচাৰৰ মাজত সকলো সময়তেই আছিল, আৰু সেই উপাদানসমূহেই এতিয়া ক্ৰমবৰ্ধমানভাৱে প্ৰভাৱশালী হৈ উঠিল। অন্য ধৰ্মৰ অনুগামীসকলৰ বিৰুদ্ধে প্ৰচাৰ কৰা হ’ল ঘৃণাৰ মনোভাব। ঘোষণা কৰা হ’ল যে হিন্দু আৰু মুছলমানৰ মাজৰ স্বাৰ্থৰ সংঘাত হ’ল চিৰকালীন। ১৯৩৭ চনৰ পাছত সাম্প্ৰদায়িকতাৰ কট্টৰ বা ফেছিষ্ট পৰ্যায়ত সাম্প্ৰদায়িকতাবাদীসকলে অন্যান্য ‘সম্প্ৰদায়’ৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ ধৰিলে – ডিব্লউ. চি. স্মিথৰ ভাষাত – ‘উন্মত্ততা, ভয়, অৱজ্ঞা আৰু প্ৰচণ্ড ঘৃণা’ৰ মনোভাবৰ জৰিয়তে। নিপীড়ন, দমন, আধিপত্য, মাৰধৰ কৰা, আনকি শাৰীৰিকভাৱে নিশ্চিহ্ন আৰু বিলোপ কৰা আদি শব্দাৱলী সততে ব্যৱহাৰ কৰা হৈছিল। সাম্প্ৰদায়িকতাবাদীসকলে ক্ৰমশঃ এই নীতি অনুসৰণ কৰিবলৈ ধৰিলে : মিথ্যাচাৰ যিমানেই ডাঙৰ হয় সিমানেই ভাল হয়। তেওঁলোকে বিষ বিয়পাই দিবলৈ ধৰিলে জাতীয় কংগ্ৰেছ আৰু গান্ধীজীৰ বিৰুদ্ধে; বিশেষকৈ, তেওঁলোকে প্ৰচণ্ডভাৱে আক্ৰমণ কৰিবলৈ ধৰিলে জাতীয়তাবাদীসকলৰ মাজত থকা স্বধৰ্মাৱলম্বীসকলক।
১৯৩৭ চনৰ পাছত জনসাধাৰণৰ মাজত সাম্প্ৰদায়িকতাৰ ভিত্তিও ক্ৰমাৎ প্ৰসাৰিত হ’বলৈ ধৰিলে, আৰু আৰম্ভ হ’ল সাম্প্ৰদায়িকতাৰ ভিত্তিত জনমত সংগঠিত কৰাৰ কাৰ্য। আক্ৰমণাত্মক, চৰমপন্থী সাম্প্ৰদায়িক ৰাজনীতিক কেন্দ্ৰ কৰি চহৰৰ নিম্ন মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজত এতিয়া গণ আন্দোলন সংগঠিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ল। ইয়াৰ বাবে প্ৰয়োজন হ’ল এনেকুৱা এক ইছ্যু বা শ্লোগানৰ যি জনসাধাৰণৰ মাজত আৱেগ সঞ্চাৰিত কৰিব পাৰিব। সাম্প্ৰদায়িকতাৰ প্ৰতিক্ৰিয়াশীল, উচ্চশ্ৰেণীগত সামাজিক ভিত্তিৰ হেতুকে আমূল সংস্কাৰকামী সামাজিক বিষয়সমূহৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নগৈছিল। অন্য ভাষাত ক’বলৈ হ’লে, সাম্প্ৰদায়িকতাবাদে আমূল সংস্কাৰকামী সামাজিক-অৰ্থনৈতিক বা ৰাজনৈতিক অথবা মতাদৰ্শগত কৰ্মসূচীৰ ওপৰত নিৰ্ভৰ কৰিব পৰা নাছিল। সেয়ে অনিবাৰ্যভাৱেই, ধৰ্মীয় মনোভাব আৰু ভয় তথা ঘৃণাৰ অযুক্তিকৰ মানসিকতাৰ আশ্ৰয় লোৱা হৈছিল।
উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদ কট্টৰ সাম্প্ৰদায়িকতাবাদলৈ ৰূপান্তৰিত হোৱাৰ অনেক কাৰণ আছিল। জাতীয়তাবাদৰ বিকাশ আৰু বিশেষভাৱে ১৯৩০–৩৪ চনৰ আইন অমান্য আন্দোলনৰ পৰিণামস্বৰূপে ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল প্ৰধান ৰাজনৈতিক শক্তি হিচাপে আৱিৰ্ভূত হৈছিল। ভূস্বামী আৰু অন্যান্য ন্যস্ত স্বাৰ্থৰ প্ৰতিনিধিত্বকাৰী বহুবোৰ ৰাজনৈতিক দলৰ শোচনীয় পৰাজয় ঘটিছিল। তদুপৰি আমি পূৰ্বে আলোচনা কৰাৰ দৰেই, যুৱসমাজ তথা শ্ৰমিক আৰু কৃষকসকল ক্ৰমবৰ্ধমানভাৱে বাঁওপন্থাৰ পিনে ধাৱিত হৈছিল; আৰু, অৰ্থনৈতিক আৰু ৰাজনৈতিক কৰ্মসূচী তথা নীতিৰ ক্ষেত্ৰত জাতীয় আন্দোলনটোৱে সামগ্ৰিকভাৱে ক্ৰান্তিবাদী ৰূপ পৰিগ্ৰহ কৰিছিল। জমিদাৰ আৰু ভূস্বামীসকলে – জায়গিৰদাৰী উপাদানসমূহে – বুজি পাইছিল যে খোলাখুলিকৈ ভূস্বামীৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়াটো আৰু সম্ভৱ নহ’ব; সেয়ে তেওঁলোকে এতিয়া মোটামুটিভাৱে সাম্প্ৰদায়িকতাবাদৰ দিশে গতি কৰিছিল নিজৰ শ্ৰেণীস্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে। এয়া যে কেৱল উত্তৰ প্ৰদেশ আৰু বিহাৰতে ঘটিছিল তেনে নহয়, পাঞ্জাব আৰু বংগৰ ক্ষেত্ৰতো ঘটিছিল। উদাহৰণস্বৰূপে, পাঞ্জাবত পশ্চিম পাঞ্জাবৰ বৃহৎ ভূস্বামীসকল আৰু মুছলমান আমোলাতান্ত্ৰিক এলিট গোষ্ঠীয়ে অৰ্ধ-সাম্প্ৰদায়িক, অৰ্ধ-জাতিভেদবাদী, ৰাজানুগত ইউনিয়নিষ্ট পাৰ্টিৰ প্ৰতি সমৰ্থন আগ বঢ়াইছিল। কিন্তু ক্ৰমশঃ তেওঁলোকে অনুভৱ কৰিবলৈ ধৰিলে যে ইউনিয়নিষ্ট পাৰ্টি এটা প্ৰাদেশিক পাৰ্টি হোৱা হেতুকে কংগ্ৰেছ ক্ৰান্তিবাদৰ হাতৰপৰা তেওঁলোকক আৰু ৰক্ষা কৰিব নোৱাৰিব, আৰু সেয়ে ১৯৩৭–১৯৪৫ চনৰ কালছোৱাত তেওঁলোক ক্ৰমাৎ ধাৱিত হ’ল মুছলিম লিগৰ দিশে, কিয়নো লিগে সাগ্ৰহে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল। ঠিক একেই ঘটনা ঘটিছিল বংগৰ মুছলমান জমিদাৰ আৰু জোতদাৰসকলৰ ক্ষেত্ৰতো। উত্তৰ আৰু পশ্চিম ভাৰতৰ হিন্দু জমিদাৰ, ভূস্বামী, ব্যৱসায়ী আৰু মহাজনসকলো গতি কৰিছিল হিন্দু সাম্প্ৰদায়িক দল আৰু গোষ্ঠীসমূহৰ পিনে। তেওঁলোকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে হিন্দু মহাসভাৰ সভাপতি ভি. ডি. চাভাৰকাৰে ভূস্বামী আৰু প্ৰজাসকলৰ মাজৰ ‘স্বাৰ্থপৰ’ শ্ৰেণী-সংঘাতৰ নিন্দা কৰিবলৈ আৰম্ভ কৰিছিল। একেদৰে পাঞ্জাবতো মহাজন আৰু ব্যৱসায়ীসকলৰ স্বাৰ্থ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত হিন্দু সাম্প্ৰদায়িকতাবাদীসকল পূৰ্বতকৈ অধিক পৰিমাণে সক্ৰিয় হৈ উঠিছিল।
১৯৩৭ চনৰ পাছত সাম্প্ৰদায়িকতা ঔপনিবেশিক কৰ্তৃপক্ষৰ আৰু তেওঁলোকৰ ‘ডিভাইড এণ্ড ৰুল’ নীতিৰ একমাত্ৰ ৰাজনৈতিক আশ্ৰয় হৈ পৰিছিল। ইয়াৰ কাৰণ হ’ল পূৰ্বে ঔপনিবেশিক কৰ্তৃপক্ষই যিসমূহ বিভাজন, বৈৰিতা আৰু বিভেদপন্থাৰ আশ্ৰয় লৈছিল জাতীয় আন্দোলনটোৱে ইমান দিনে তাৰ প্ৰায় সকলোখিনিকেই জয় কৰিবলৈ সক্ষম হৈছিল, আৰু সেইসমূহ পন্থা ঔপনিবেশিক দৃষ্টিকোণৰপৰা ৰাজনৈতিকভাৱে অচল প্ৰতীয়মান হৈছিল। মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতত অ-ব্ৰাহ্মণসকলৰ প্ৰত্যাহ্বান ফুটুকাৰ ফেনত পৰিণত হৈছিল। বিচ্ছিন্ন কিছুমান ঠাইক বাদ দিলে অনুসূচিত জাতিসমূহ আৰু অন্যান্য পিছপৰা জাতিসমূহক কংগ্ৰেছৰ বিৰুদ্ধে সংঘবদ্ধ কৰাটো আৰু সম্ভৱ হৈ থকা নাছিল। কংগ্ৰেছৰ সোঁপন্থী আৰু বাঁওপন্থী ফৈদদুটায়ো নিজৰ মাজত ভাঙোন নিবিচৰা হ’ল। কংগ্ৰেছে ভাষাভিত্তিক ৰাজ্যৰ ন্যায্যতা আৰু ভাৰতীয় জনসাধাৰণৰ সাংস্কৃতিক বৈচিত্ৰ্য স্বীকাৰ কৰি লোৱাৰ ফলস্বৰূপে আন্তঃপ্ৰাদেশিক আৰু আন্তঃভাষিক বিৰোধসমূহ বহু আগেয়েই নিজে নিজে প্ৰশমিত হৈছিল। জাতীয় আন্দোলনৰ বিৰুদ্ধে জমিদাৰ আৰু ভূস্বামীসকলক থিয় কৰোৱাৰ চেষ্টাও সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল। ১৯৩৭ চনৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে উপনিবেশবাদৰ প্ৰধান প্ৰধান সামাজিক আৰু ৰাজনৈতিক স্তম্ভসমূহ খহি পৰিছে। জাতীয়তাবাদী আন্দোলনৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ বাবে উপনিবেশবাদৰ হাতত একমাত্ৰ অস্ত্ৰপাট থাকিলগৈ সাম্প্ৰদায়িকতাবাদ, আৰু শাসকসকলে তাক চৰম সীমালৈকে ব্যৱহাৰ কৰাৰ আৰু তাৰ বাবে সৰ্বস্ব পণ কৰাৰ সিদ্ধান্ত ল’লে। তেওঁলোকে ঔপনিবেশিক ৰাষ্ট্ৰৰ সমস্ত ক্ষমতা নিয়োজিত কৰিলে মুছলমান সাম্প্ৰদায়িকতাৰ পক্ষে – যদিও ইয়াৰ নেতা আছিল এম. এ. জিন্না, বলিষ্ঠ স্বাধীন আৰু সোচ্চাৰ উপনিবেশবাদ-বিৰোধী মনোভাবৰ বাবে যাক তেওঁলোকে অপছন্দ আৰু ভয় কৰিছিল।
১৯৩৯ চনৰ পহিলা ছেপ্টেম্বৰত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত সাম্প্ৰদায়িক প্ৰশ্নৰ ওপৰত নিৰ্ভৰশীলতা আৰু অধিক বৃদ্ধি পালে। কংগ্ৰেছে মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰিলে আৰু দাবী কৰিলে যে যুদ্ধৰ পাছত ভাৰতে পূৰ্ণ স্বাধীনতা লাভ কৰিব বুলি আৰু অবিলম্বে কাৰ্যকৰী চৰকাৰী ক্ষমতাৰ হস্তান্তৰ কৰা হ’ব বুলি ব্ৰিটিছে ঘোষণা কৰিব লাগে। জাতীয়তাবাদী দাবীৰ বিৰোধিতা কৰিবৰ বাবে আৰু ভাৰতীয় জনমতক বিভক্ত কৰিবৰ বাবে ইংৰাজে মুছলিম লিগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিলে – লিগৰ ৰাজনীতি আৰু দাবীসমূহক জাতীয়তাবাদীসকলৰ ৰাজনীতি আৰু দাবীৰ বিপৰীতে থিয় কৰোৱা হ’ল। মুছলমানসকলৰ একমাত্ৰ মুখপাত্ৰ হিচাপে লিগক স্বীকৃতি দিয়া হ’ল আৰু যিকোনো ৰাজনৈতিক মীমাংসাতে ভেটো প্ৰদানৰ ক্ষমতাও তাক দিয়া হ’ল। কোৱা হৈছিল যে যেতিয়ালৈকে হিন্দুসকল আৰু মুছলমানসকল ঐক্যবদ্ধ নহয় তেতিয়ালৈকে ভাৰতক স্বাধীনতা প্ৰদান কৰিব পৰা নাযায়। কিন্তু মুছলমান সাম্প্ৰদায়িকতাবাদৰ প্ৰতি পাইকাৰী চৰকাৰী সমৰ্থন থকা হেতুকে এইধৰণৰ ঐক্য সাধন অসম্ভৱ হৈ পৰিছিল। বিনিময়ত মুছলিম লিগেও ঔপনিবেশিক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰাৰ আৰু তাৰ নিজস্ব যুক্তি অনুযায়ী কৰ্তৃপক্ষৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে কাম কৰাৰ বাবে ৰাজী হৈছিল। হিন্দু মহাসভা আৰু অন্যান্য হিন্দু আৰু শিখ সাম্প্ৰদায়িক সংগঠনসমূহেও যুদ্ধৰ সময়ছোৱাত ঔপনিবেশিক চৰকাৰৰ প্ৰতি সমৰ্থন আগ বঢ়াইছিল। কিন্তু ঔপনিবেশিক কৰ্তৃপক্ষই তেওঁলোকৰ সমৰ্থন গ্ৰহণ কৰিছিল যদিও তেওঁলোকৰ আনুগত্যক আৰু বিভাজন কৰিব পৰা নাছিল – যুদ্ধৰ সময়ছোৱাত, আনকি তাৰ পাছতো মুছলমান সাম্প্ৰদায়িকতাবাদৰ প্ৰতি ইয়াৰ দায়বদ্ধতা আছিল পূৰাপূৰি।
মুছলিম লিগ আৰু হিন্দু মহাসভা উভয়েই ১৯৩৭ চনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল উদাৰনৈতিক সাম্প্ৰদায়িক ধাৰাতেই – তেওঁলোকে নিজৰ নিজৰ নিৰ্বাচনী ইস্তাহাৰত জাতীয়তাবাদী কৰ্মসূচীৰ বেছিভাগেই আৰু কংগ্ৰেছৰ নীতিৰ বহুখিনি অন্তৰ্ভুক্ত কৰিছিল, অৱশ্যে কৃষিসংক্ৰান্তীয় নীতিসমূহক বাদ দি। কিন্তু নিৰ্বাচনত তেওঁলোকৰ ফলাফল আছিল অতিকে শোচনীয়। উদাহৰণস্বৰূপে, মুছলিম লিগে পৃথক নিৰ্বাচকমণ্ডলী অনুসৰি মুছলমানসকলৰ বাবে সংৰক্ষিত ৪৮২ আসনৰ ভিতৰত মাত্ৰ ১০৯খন আসনহে লাভ কৰিছিল; তেওঁলোকে লাভ কৰিছিল মুঠ মুছলমান ভোটৰ মাত্ৰ ৪.৮ শতাংশ। হিন্দু মহাসভাৰ অৱস্থা আছিল তাতোকৈও বেয়া।
সাম্প্ৰদায়িকতাবাদীসকলে এতিয়া উপলব্ধি কৰিবলৈ ধৰিলে যে তেওঁলোকে যদি জংগী আৰু গণভিত্তিক ৰাজনীতিৰ আশ্ৰয় নলয়, তেন্তে ধীৰে ধীৰে তেওঁলোকৰ ভৰিৰ তলৰ মাটিকণো হেৰাই যাব। ইমানদিনে, ক্ৰান্তিবাদী, স্থিতাৱস্থা-বিৰোধী জাতীয়তাবাদীসকলে সংগঠিত গণ আন্দোলন আৰু কেডাৰ-ভিত্তিক ৰাজনীতিৰ ভেটি গঢ়ি তুলিছিল। ৰক্ষণশীলসকলে গণ আন্দোলনৰপৰা দূৰত্ব বজাই ৰাখিছিল। ১৯৩০ৰ দশকত গণভিত্তিক ৰাজনীতিৰ এক সফল সোঁপন্থী মডেল খাৰা কৰা হৈছিল ফেছিষ্ট আন্দোলনৰ ৰূপত, যিটোৱে ন্যস্ত স্বাৰ্থসমূহক কোনোধৰণে আঘাত নকৰে। হিন্দু আৰু মুছলমান উভয় সাম্প্ৰদায়িকতাবাদীয়েই এই মডেলটো অনুসৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তদুপৰি সকলো জনসাধাৰণৰ মাজত, বিশেষকৈ মুছলমানসকলৰ মাজত তেতিয়াও কংগ্ৰেছৰ শিপা দৃঢ়বদ্ধ হোৱা নাছিল; গতিকে পলম হ’বলৈ এৰি দিয়াতকৈ তেওঁলোকৰ অপৰিণত ৰাজনৈতিক বুদ্ধিৰ সুবিধা আদায় কৰাৰ এয়াই আছিল উপযুক্ত মুহূৰ্ত। কট্টৰ মুছলমান সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱাৰ প্ৰয়োজনটো খুবেই জৰুৰী হৈ পৰিছিল, কিয়নো জৱাহৰলাল নেহৰুৰ নেতৃত্বত মুছলমান জন-সংযোগ কৰ্মসূচীৰ মাধ্যমত মুছলমান জনসাধাৰণৰ মাজত ব্যাপকভাৱে কাম কৰাৰ সিদ্ধান্ত কংগ্ৰেছে ইতিমধ্যেই লৈছিল।
সাম্প্ৰদায়িকতাবাদৰ যুক্তিধাৰাই অপ্ৰতিৰোধ্যভাৱেই কট্টৰ সাম্প্ৰদায়িকতাৰ জন্ম দিছিল। ১৯২০ৰ দশকৰ শেষৰ পিনে মুছলমান সাম্প্ৰদায়িক দাবী মানি লোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ বহু দূৰ আগুৱাই গৈছিল। ১৯৩২ চনৰ ‘কমিউনেল এৱাৰ্ড’ আৰু তাৰ পাছত ১৯৩৫ চনৰ ‘গভৰ্নমেণ্ট অব ইণ্ডিয়া এক্ট’ৰ জৰিয়তে উদাৰনৈতিক সাম্প্ৰদায়িক দাবীসমূহৰ প্ৰায় সকলোখিনিয়েই মানি লোৱা হৈছিল। সাম্প্ৰদায়িকতাবাদীসকলক দিয়া এইসমূহ সুযোগ-সুবিধাৰ বিৰুদ্ধে জাতীয় কংগ্ৰেছে কোনো মাত মতা নাছিল। কিন্তু বিদেশী শাসকসকলে দেশ এৰি গুচি গ’লে আৰু দেশখন গণতান্ত্ৰিকভাৱে শাসিত হ’লে এইসমূহ সুযোগ-সুবিধা টিকি থকাৰ কোনো লৌহ-দৃঢ় নিশ্চিতি নাছিল। তদুপৰি, ইয়াৰ পাছত সাম্প্ৰদায়িকতাবাদীসকলে কি কৰিব? যিহেতু তেওঁলোকৰ দাবীসমূহ মানি লোৱা হ’ল, গতিকে হয় তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক সংগঠনসমূহ ভাঙি পেলাব লাগিব, সাম্প্ৰদায়িকতা বাদ দিব লাগিব আৰু ৰাজনৈতিক ‘হাৰাকিৰি’ কৰিব লাগিব, নতুবা নতুন নতুন দাবী, তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰতি নতুন ভাবুকি আৱিষ্কাৰ কৰিব লাগিব – আৰু অপ্ৰতিৰোধ্যভাৱে আৰু অনাৱশ্যকভাৱে কট্টৰ সাম্প্ৰদায়িকতাৰ দিশে ধাৱিত হোৱাৰ সচেতন পৰিকল্পনা কৰিব লাগিব। একেদৰে, হিন্দু সাম্প্ৰদায়িকতাবাদীসকলো থমকি ৰ’বলগা হৈছিল। তদুপৰি, ১৯৩৭ চনলৈ কংগ্ৰেছে হিন্দু আৰু মুছলমান উভয়ৰে উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীসকলক কংগ্ৰেছ সংগঠনৰ মাজত থাকিয়েই কাম-কাজ কৰাৰ অনুমতি দিয়া হ’ল। জৱাহৰলাল নেহৰু আৰু বামপন্থীসকলৰ হেঁচাত পৰি কংগ্ৰেছে সাম্প্ৰদায়িকতাবাদীসকলৰ ওপৰত মুখামুখি আক্ৰমণ চলাইছিল। ১৯৩৪ আৰু ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে যে তেওঁলোকক কেৱল ঠায়েই দিয়া নাছিল তেনে নহয়, ১৯৩৮ চনত শেষপৰ্যন্ত তেওঁলোকক কংগ্ৰেছৰপৰা বহিষ্কাৰো কৰিছিল। হিন্দু সাম্প্ৰদায়িকতাবাদীসকল ৰাজনৈতিকভাৱে নিশ্চিহ্ন হোৱাৰে উপক্ৰম ঘটিছিল। নিজৰ অস্তিত্ব ৰক্ষা আৰু বৃদ্ধিৰ বাবে তেওঁলোকক প্ৰয়োজন হৈছিল এক নতুন ভিত্তি আৰু এক নতুন কৰ্মসূচী উদ্ভাৱন কৰাৰ।
……………………………………………………..
সাম্প্ৰদায়িকতাবাদৰ এক নিজস্ব যুক্তিধাৰা আছে আৰু প্ৰাথমিক পৰ্যায়তে যদি তাক বাধা দিয়া নাযায় তেন্তে অনিবাৰ্যভাৱেই সি তাৰ ‘উচ্চতৰ’ পৰ্যায়ত ভৰি দিবগৈ – এই ধাৰণাৰ প্ৰকৃষ্ট দৃষ্টান্ত হ’ল মহম্মদ আলি জিন্নাৰ জীৱন-ইতিহাস। তেওঁৰ জীৱনৰপৰা এই কথা প্ৰমাণিত হয় যে সাম্প্ৰদায়িকতা এখন এঢলীয়া সমতলৰ নিচিনা, বিপৰীতে যদি খোজ দিয়া নাযায় তেন্তে ক্ৰমাৎ তললৈ পিছলৈ গৈ থকাটো অৱধাৰিত। সাম্প্ৰদায়িক মতাদৰ্শৰ মূল উপাদানসমূহ এবাৰ আঁকোৱালি লোৱাৰ পাছত মতাদৰ্শটোৱে ধীৰে ধীৰে ব্যক্তি এজনৰ সমগ্ৰ সত্তাটোকেই আচ্ছন্ন কৰি পেলায়, ব্যক্তিজনৰ বিষয়ীগত ইচ্ছা-অনিচ্ছাৰ ওপৰত সি নিৰ্ভৰ নকৰে। এইদৰেই, যিজন মানুহে ‘হিন্দু-মুছলমান ঐক্যৰ দূত’ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল সেইজনেই শেষপৰ্যন্ত তুলিছিল পাকিস্তানৰ দাবী।
এম. এ. জিন্নাই ১৯০৬ চনত বেৰিষ্টাৰ হৈ যেতিয়া ভাৰতলৈ উভতি আহিছিল তেতিয়া তেওঁ আছিল ধৰ্মনিৰপেক্ষ, উদাৰনৈতিক জাতীয়তাবাদী, দাদাভাই নৌৰজীৰ অনুগামী। উভতি আহিয়েই তেওঁ অনতিবিলম্বে কংগ্ৰেছত যোগদান কৰিছিল আৰু সেই বছৰতে কংগ্ৰেছৰ কলিকতা অধিবেশনত দাদাভাইৰ সচিব হিচাপে কাম কৰিছিল। সেই সময়তে গঠিত হোৱা মুছলিম লিগৰ তেওঁ আছিল এজন বিৰোধী। লিগৰ প্ৰথম সভাপতি আগা খানে পৰৱৰ্তী সময়ত লিখিছিল যে জিন্না আছিল ‘১৯০৬ চনত আমাৰ সবাতোকৈ শক্তিশালী প্ৰতিপক্ষ’ আৰু ‘মই বা মোৰ বন্ধুসকলে যিটোকে কৰিছিলো বা কৰাৰ চেষ্টা কৰিছিলো তেওঁ তাৰ তীব্ৰ বিৰোধিতা কৰিছিল। … তেওঁ কৈছিল যে আমাৰ পৃথক নিৰ্বাচকমণ্ডলীৰ দাবীয়ে জাতিটোক বিভাজিত কৰিছে।’ ১৯০৬ চন আৰু তাৰ পাছত জিন্নাই যিমানবোৰ সভাত বক্তৃতা দিছিল সকলোতে জাতীয় ঐক্যৰ কথা প্ৰচাৰ কৰিছিল, যাৰ বাবে সৰোজিনী নাইডুৱে তেওঁক অভিহিত কৰিছিল ‘হিন্দু-মুছলমান ঐক্যৰ দূত’ বুলি।
নিজৰ কোনো ইচ্ছা নথকা সত্ত্বেও আৰু সম্ভৱতঃ নিজৰ ইচ্ছাৰ বিৰুদ্ধেই জিন্নাই সাম্প্ৰদায়িকতাৰ দিশত প্ৰথম পদক্ষেপটো আগ বঢ়াইছিল যেতিয়া তেওঁ পৃথক নিৰ্বাচকমণ্ডলীৰ ব্যৱস্থা অনুযায়ী এজন মুছলমান সদস্য হিচাপে বোম্বাইৰপৰা কেন্দ্ৰীয় আইনসভাত প্ৰৱেশ কৰিছিল। ১৯১৩ চনত তেওঁ যেতিয়া মুছলিম লিগত যোগ দি এজন খাঁটি আৰু সৰল জাতীয়তাবাদীৰপৰা এজন সাম্প্ৰদায়িক জাতীয়তাবাদীত পৰিণত হ’ল, তেতিয়াই তেওঁৰ আচল পতন আৰম্ভ হ’ল। অৱশ্যে এইটোৱে সূচাইছিল যে তেওঁ তেতিয়াও মূলগতভাৱে এজন জাতীয়তাবাদীয়েই হৈ আছিল। তেওঁ তেতিয়াও কংগ্ৰেছত আছিল আৰু পৃথক নিৰ্বাচকমণ্ডলীৰ বিৰোধিতা কৰিছিল, কিয়নো সি ভাৰতক ‘দুটা পানী-নসৰকা কোঠালি’ত দ্বিবিভাজিত কৰিব। কিন্তু তেওঁ সামগ্ৰিকভাৱে মুছলমান ‘সম্প্ৰদায়’ৰ এজন মুখপাত্ৰ হিচাপে ভূমিকা পালন কৰিবলৈও আৰম্ভ কৰিলে। এই দ্বৈত ভূমিকাই কাৰ্যকৰিতাৰ উচ্চ শিখৰত উপনীত হ’ল লক্ষ্নৌত কংগ্ৰেছ-লিগ চুক্তিৰ মাজত যাৰ যুটীয়া প্ৰণেতা আছিল তেওঁ আৰু তিলক। মুছলমান সাম্প্ৰদায়িকতাৰ মুখপাত্ৰ হিচাপে কাম কৰি তেওঁ পৃথক নিৰ্বাচকমণ্ডলী আৰু সম্প্ৰদায়ৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছৰদ্বাৰা গৃহীত কৰাব পাৰিছিল। কিন্তু তেওঁ তেতিয়াও জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ প্ৰতি সম্পূৰ্ণভাৱে দায়বদ্ধ আছিল। ৰাওলাট বিল পাছ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ আইনসভাৰপৰা পদত্যাগ কৰিছিল। ভাৰতত স্বশাসনে হিন্দু শাসন জাপি দিব বুলি থকা সাম্প্ৰদায়িক ধাৰণাটো তেওঁ গ্ৰহণ কৰা নাছিল; আৰু যুক্তি দৰ্শাইছিল যে ভাৰতত প্ৰকৃত ৰাজনৈতিক ইছ্যুটো হ’ল হোম ৰুল বা ‘আমোলাতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ ক্ষমতাৰ হস্তান্তৰ’।
১৯১৯-২০ চনত কংগ্ৰেছে শান্তিপূৰ্ণভাৱে প্ৰচলিত আইন ভংগ কৰাৰ ওপৰত ভিত্তি কৰি গণভিত্তিক ৰাজনীতিৰ দিশে গতি কৰিছিল। জিন্নাই তাত অমান্তি হৈছিল আৰু গান্ধীজীৰ সৈতে আগ বাঢ়ি যোৱাটো সম্ভৱ নহয় বুলি তেওঁৰ ভাব হৈছিল। তেওঁৰ দৰে একেধৰণে চিন্তা কৰা আন বহুতো উদাৰনীতিবাদীৰ সৈতে – উদাহৰণস্বৰূপে সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল, তেজ বাহাদুৰ ছাপ্ৰু, চি. শংকৰণ নায়াৰ, আৰু আন বহুতো ব্যক্তি – জিন্নাই কংগ্ৰেছ ত্যাগ কৰিছিল। কিন্তু তেওঁ বুজিব পাৰিছিল যে নিছক উদাৰনৈতিক ৰাজনীতিৰ কোনো ভৱিষ্যৎ নাই। আৰু ৰাজনৈতিক বিস্মৃতিৰ অন্ধকাৰত ডুব মাৰিবলৈও তেওঁ ইচ্ছুক নাছিল। অধিকসংখ্যক আন উদাৰনীতিবাদীৰ বিপৰীতে, তেওঁ সাম্প্ৰদায়িক ৰাজনীতিৰ পিনে ধাৱমান হ’ল। তেওঁ পৰিণত হ’ল এজন উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীত। সাম্প্ৰদায়িকতাৰ যুক্তিধাৰাই প্ৰাধান্য বিস্তাৰ কৰিলে আৰু তেওঁক পোনতে জাতীয়তাবাদীৰপৰা এজন সাম্প্ৰদায়িক জাতীয়তাবাদীলৈ আৰু তাৰ পাছত এজন উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীলৈ ৰূপান্তৰিত কৰিলে।
১৯২০ৰ দশকটোত জিন্নাৰ জাতীয়তাবাদক সাম্প্ৰদায়িকতাই সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা নাছিল। ১৯২৪ চনত তেওঁ মৃতপ্ৰায় মুছলিম লিগক পুনৰুজ্জীৱিত কৰিলে আৰু ‘মুছলমানসকলৰ স্বাৰ্থ আৰু অধিকাৰ’ সুৰক্ষিত কৰাৰ দাবীক কেন্দ্ৰ কৰি সংগঠনটোক পুনৰবাৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁৰ ৰাজনীতিৰ ভিত্তি হিচাপে কাম কৰিবলৈ ধৰিলে এই সাম্প্ৰদায়িক ধাৰণাটোৱে যে ‘মুছলমানসকলে নিজকে সংগঠিত কৰিব লাগে, ঐক্যবদ্ধ হৈ থিয় দিব লাগে আৰু নিজৰ সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ অৰ্থে সকলোধৰণৰ যুক্তিসন্মত দাবীৰ মাধ্যমতেই চাপ সৃষ্টি কৰিব লাগে।’ একে সময়তে, এখন নতুন লক্ষ্নৌ চুক্তিৰ ভিত্তিত তেওঁ তেতিয়াও হিন্দু-মুছলমান ঐক্যৰ পোষকতা কৰিছিল যাতে ব্ৰিটিছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিব পৰা যায়। আৰু কেন্দ্ৰীয় আইনসভাত চৰকাৰী নীতি আৰু পদক্ষেপৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত তেওঁ স্বৰাজবাদীসকলক সহযোগিতা আগ বঢ়াইছিল। আনকি ১৯২৫ চনতো, যেতিয়া এজন মুছলমান যুৱকে কৈছিল যে তেওঁ প্ৰথমতে এজন মুছলমান, তেতিয়া উত্তৰত জিন্নাই কৈছিল : “নহয় সোণটো, তুমি প্ৰথমে এজন ভাৰতীয় আৰু তাৰ পাছত এজন মুছলমান।” ১৯২৭-২৮ চনত জিন্নাই ছাইমন কমিছনৰ বয়কটৰ প্ৰতি সমৰ্থন জনাইছিল, যদিও তেওঁ তাৰ বিৰুদ্ধে গণ-বিক্ষোভত অংশগ্ৰহণ কৰা নাছিল।
কিন্তু তেতিয়ালৈকে তেওঁৰ সমগ্ৰ সামাজিক ভিত্তি গঢ়ি উঠিছিল সাম্প্ৰদায়িক মনোভাবাপন্ন ব্যক্তিসমূহক লৈ। সমস্ত ৰাজনৈতিক প্ৰভাৱ নেহেৰুৱাকৈ সাম্প্ৰদায়িকতাবাদ ত্যাগ কৰাটো তেওঁৰ বাবে সম্ভৱ নাছিল। ১৯২৮-২৯ চনত নেহৰু ৰিপ’ৰ্টৰ আলোচনাকালত এই কথা ফটফটীয়া হৈ ওলাই পৰিছিল। পৰ্যায়ক্ৰমে তেওঁ অধিক প্ৰতিক্ৰিয়াশীল সাম্প্ৰদায়িকতাবাদীসকলৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যিসকলক নেতৃত্ব দিছিল আগা খান আৰু এম. ছাফিয়ে। শেষপৰ্যন্ত তেওঁ সামগ্ৰিকভাৱে মুছলমান সাম্প্ৰদায়িকতাবাদীসকলৰ নেতাত পৰিণত হৈছিল, আৰু তাৰ বিনিময়ত তেওঁ হেৰুৱাইছিল এম. এ. আনছাৰি, টি. এ. কে. শেৰৱানি, ছৈয়দ মাহমুদ আদি জাতীয়তাবাদীসকলৰ তথা এম. চি. চাগলাৰ দৰে নিজৰেই পুৰণি শিষ্যৰ সমৰ্থন। মুছলমান সাম্প্ৰদায়িকতাবাদৰ সবাতোকৈ প্ৰতিক্ৰিয়াশীল আৰু ক্ষতিকৰ অংশসমূহৰ বিভিন্ন দাবী অন্তৰ্ভুক্ত কৰি তেওঁ যি সুবিদিত চৈধ্য দফা দাবী ৰচনা কৰিছিল সেয়া আছিল তেওঁৰ পতনৰ প্ৰতীক।
কংগ্ৰেছে ১৯৩০ চনত যেতিয়া ব্যাপক গণ আন্দোলন সংগঠিত কৰিলে আৰু অধিক ক্ৰান্তিবাদী সামাজিক-অৰ্থনৈতিক কৰ্মসূচীৰ পিনে আগুৱাই যাবলৈ ধৰিলে, তেতিয়া জিন্না জাতীয়তাবাদৰ প্ৰধান সুঁতিসমূহৰপৰা আৰু অধিক বিচ্ছিন্ন হৈ পৰিল। তদুপৰি মুছলমান জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্মটো ক্ৰমবৰ্ধমানভাৱে ধাৱিত হৈছিল জাতীয়তাবাদী আৰু বাঁওপন্থী ৰাজনীতি আৰু মতাদৰ্শৰ দিশে। জিন্না এক উভয় সংকটৰ মুখামুখি হ’ল। সন্মুখত তেওঁ কোনো পোহৰ দেখা নাপালে, আৰু বেছিভাগ সময়ত ব্ৰিটেইনতে কটোৱাটো ঠিক কৰিলে।
কিন্তু জিন্নাৰ নিচিনা কৰ্মপ্ৰাণ আৰু ৰাজনীতিপ্ৰাণ ব্যক্তি এজনৰ পক্ষে এনেকৈ ব্ৰিটেইনত কটোৱাটো সম্ভৱ নাছিল। ১৯৩৬ চনত তেওঁ ভাৰতলৈ উভতি আহিল আৰু মুছলিম লিগক পুনৰবাৰ পুনৰুজ্জীৱিত কৰি তুলিলে। প্ৰথমতে তেওঁ সেয়া কৰিব বিচাৰিছিল উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদৰ ভিত্তিত। গোটেই ১৯৩৬ চনজুৰি তেওঁ জাতীয়তাবাদৰ ওপৰত গুৰুত্বাৰোপ কৰিছিল, আৰু স্বাধীনতা আৰু হিন্দু-মুছলমান সহযোগিতাৰ পোষকতা কৰিছিল। উদাহৰণস্বৰূপে, ১৯৩৬ চনৰ মাৰ্চ মাহত লাহোৰত তেওঁ কৈছিল : “যি কামেই নকৰো লাগে, আপোনালোকক মই আশ্বস্ত কৰিব বিচাৰিছো যে যিদিনা মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিছিলো সেই দিন ধৰি আজিপৰ্যন্ত মোৰ কোনো পৰিবৰ্তন হোৱা নাই, তিলমাত্ৰও হোৱা নাই। হ’ব পাৰে যে কিছু কিছু ক্ষেত্ৰত মই ভুল কৰিছো। কিন্তু কেতিয়াও কোনো গোষ্ঠীৰ সমৰ্থকৰ মনোভাবেৰে সেয়া কৰা নাই। দেশৰ কল্যাণেই আমাৰ একমাত্ৰ ধ্যান। মই আপোনালোকক নিশ্চিতি দিওঁ যে ভাৰতৰ স্বাৰ্থই মোৰ বাবে সবাতোকৈ পৱিত্ৰ, ভৱিষ্যতেও সেয়াই হৈ থাকিব। আন একোৱেই মোক এই স্থিতিৰপৰা অকণো ইফাল-সিফাল কৰাব নোৱাৰে।” এফালেদি তেওঁ মুছলমানসকলক পৃথকভাৱে সংগঠিত হ’বলৈ কৈছিল আৰু আনফালেদি তেওঁ আহ্বান জনাইছিল ‘তেওঁলোকৰ দেশপ্ৰেম যে নিষ্কলংক আৰু ভাৰতৰ প্ৰতি তথা ইয়াৰ অগ্ৰগতিৰ প্ৰতি তেওঁলোকৰ ভালপোৱা যে দেশৰ আন কোনো সম্প্ৰদায়তকৈ কম নহয়, সেয়া প্ৰমাণ কৰাৰ’ বাবে।
আৰু অধিক আসন লাভৰ বাবে মুছলিম লিগক কামত লগাই কংগ্ৰেছৰ ওপৰত আৰু এখন লক্ষ্মৌ চুক্তি জাপি দিয়াই আছিল সম্ভৱতঃ জিন্নাৰ পৰিকল্পনা। তেওঁ আৰু ধৰি লৈছিল যে ১৯৩৭ চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি কংগ্ৰেছে গান্ধীৰ আৱিৰ্ভাৱৰ পূৰ্বৰ নিয়মতান্ত্ৰিক ৰাজনীতিলৈ উভতি গৈছে। আংশিকভাৱে এইসমূহ ধাৰণাৰ বশৱৰ্তী হৈয়েই আৰু আংশিকভাৱে হাতত কোনো সাম্প্ৰদায়িক দাবী নোহোৱা হৈ পৰাৰ বাবে – ‘কমিউনেল এৱাৰ্ড’ৰ জৰিয়তে প্ৰায় সকলোখিনি সাম্প্ৰদায়িক দাবী মানি লোৱা হৈছিল – জিন্না আৰু লিগে নিৰ্বাচনত যুঁজ দিছিল একধৰণৰ অৰ্ধজাতীয়তাবাদী কংগ্ৰেছ-ধৰ্মী কৰ্মসূচী লৈ। উৰ্দু ভাষা আৰু লিপি সংৰক্ষণ আৰু প্ৰসাৰ তথা সাধাৰণভাৱে মুছলমানসকলৰ জীৱনযাত্ৰাৰ মান উন্নয়নৰ অৰ্থে পদক্ষেপ গ্ৰহণৰ দাবীয়েই আছিল একমাত্ৰ ‘মুছলমান’ দাবী।
কিন্তু নিৰ্বাচনত শোচনীয় ফলাফলে সাব্যস্ত কৰিছিল যে জিন্নাৰ ধাৰণাসমূহৰ কোনোটোৱেই শুদ্ধ নাছিল। জিন্নাৰ এতিয়া সিদ্ধান্ত লোৱাৰ পাল : তেওঁ অৰ্ধজাতীয়তাবাদী, উদাৰনৈতিক সাম্প্ৰদায়িক ৰাজনীতিকে আগ বঢ়াই নিব, যি ৰাজনীতিৰ সম্ভাৱনাসমূহ নিঃশেষিত হৈ যোৱা বুলি ভাব হৈছিল, নে সাম্প্ৰদায়িক ৰাজনীতি পৰিত্যাগ কৰিব। দুয়োটাৰ অৰ্থই হ’ল ৰাজনৈতিক নিঃসংগতাক আঁকোৱালি লোৱা। তৃতীয় বিকল্পটো আছিল গণভিত্তিক ৰাজনীতিৰ আশ্ৰয় লোৱা। কিন্তু লিগৰ অৰ্ধসামন্ততান্ত্ৰিক আৰু ৰাজানুগত সামাজিক ভিত্তিৰ আৰু সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক দিশৰপৰা তেওঁৰ নিজৰ ৰক্ষণশীল দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত বিপন্ন ইছলাম আৰু হিন্দু শাসনৰ ভীতিৰ ভিত্তিতহে এই ৰাজনীতি কৰিব পৰা যাব। ১৯৩৭-৩৮ চনত জিন্নাই শেষোক্ত বিকল্পটো গ্ৰহণ কৰাৰ সিদ্ধান্ত ল’লে। আৰু এবাৰ এই সিদ্ধান্ত লোৱাৰ পাছত তেওঁ ক্ৰমাৎ আগুৱাই গ’ল কট্টৰ সাম্প্ৰদায়িকতাৰ পিনে, আৰু তেওঁৰ ব্যক্তিত্বৰ সমস্ত শক্তি আৰু দক্ষতা নিয়োজিত কৰিলে নতুন ৰাজনীতিত যাৰ মূল বিষয় আছিল ঘৃণা আৰু ভয়। সাম্প্ৰদায়িক নেতাসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ এই নেতাজনে এতিয়াৰপৰা মুছলমানসকলৰ মাজত সমস্ত ৰাজনৈতিক প্ৰচাৰ চলাবলৈ লাগিল এই ধাৰাত – স্বধৰ্মাৱলম্বীসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ মনোভাব সৃষ্টি কৰা, আৰু কংগ্ৰেছে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ হাতৰপৰা স্বাধীনতা বিচৰা নাই, বৰং ব্ৰিটিছসকলৰ সহযোগিতাত হিন্দু ৰাজ প্ৰতিষ্ঠা কৰিব বিচাৰে, মুছলমানসকলৰ ওপৰত আধিপত্য কৰিব বিচাৰে, আনকি তেওঁলোকক নিশ্চিহ্ন কৰিব আৰু ভাৰতত ইছলাম ধৰ্মক ধ্বংস কৰিব বিচাৰে, এই ধাৰণা মনত প্ৰোথিত কৰা।
দুটামান উদাহৰণ লোৱা যাওক। ১৯৩৮ চনত লিগৰ সভাপতিৰ অভিভাষণত জিন্নাই কৈছিল : “কংগ্ৰেছৰ হাইকমাণ্ড এই দেশত অন্য সকলো সম্প্ৰদায় আৰু সংস্কৃতি ধ্বংস কৰিবলৈ আৰু দেশত হিন্দু ৰাজ প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ, সম্পূৰ্ণ বদ্ধপৰিকৰ।” ১৯৪০ চনৰ মাৰ্চত আলিগড়ত তেওঁ ছাত্ৰসকলক উদ্দেশ্য কৰি কৈছিল : “মিঃ গান্ধীয়ে এক হিন্দু ৰাজৰ অধীনত মুছলমানসকলক পদানত কৰিব আৰু তেওঁলোকক ক্ৰীতদাসত পৰিণত কৰিব বিচাৰে।” আকৌ ১৯৪১ চনৰ মাৰ্চত তেওঁ কৈছিল : “এই দেশত আপোনালোকে যদি ইছলামক সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ যোৱাৰপৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে পাকিস্তান কেৱল এটা কাৰ্যোপযোগী লক্ষ্যই নহয়, ই হ’ল একমাত্ৰ লক্ষ্য।” ১৯৪১ চনৰ এপ্ৰিল মাহত সভাপতিৰ অভিভাষণত জিন্নাই ঘোষণা কৰিছিল যে ঐক্যবদ্ধ ভাৰতত ‘মুছলমানসকল সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব।’ ১৯৪৬ চনৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ ১৮ আগষ্ট তাৰিখে জিন্নাই কৈছিল যে ‘বৰ্ণহিন্দুসকলৰ ফেছিষ্ট সংগঠন কংগ্ৰেছে’ ‘ব্ৰিটিছ বেয়’নেটৰ সহায়ত ভাৰতৰ মুছলমান আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আধিপত্য কৰিব আৰু তেওঁলোকক শাসন কৰিব’ বিচাৰে। ১৯৪৬ চনত তেওঁ মুছলমানসকলক লিগৰ পক্ষে ভোটদান কৰিবলৈ আহ্বান জনাই কৈছিল : “যদি আপোনালোকে আজিয়েই আমাৰ কৰ্তব্য কি বুজি নাপায় তেন্তে আপোনালোক এদিন শূদ্ৰৰ স্থানলৈ অৱনমিত হ’ব আৰু ইছলাম ধৰ্ম পৰ্যুদস্ত হৈ যাব ভাৰতৰ বুকুৰপৰা।”
জিন্নাৰ নিচিনা মৰ্যাদাসম্পন্ন এজন নেতাই যদি ৰাজনীতি আৰু প্ৰচাৰক এনেকুৱা নিম্ন স্তৰলৈ অৱনমিত কৰিব পাৰে, তেন্তে সাধাৰণ সাম্প্ৰদায়িক প্ৰচাৰকসকল যে তাতোকৈ নিকৃষ্টতৰ স্তৰলৈ গতি কৰিব সেয়া অনিবাৰ্য। গোয়েবলছীয় বাগাড়ম্বৰৰ ক্ষেত্ৰত জেড. এ. ছুলেৰি আৰু এফ. এম. ডুৰানি আদি লোকেতো সকলো সীমা চেৰাই গৈছিল। আনকি বংগৰ প্ৰধান মন্ত্ৰীৰ নিচিনা দায়িত্বশীল পদত আসীন ফজল-উল-হকে ১৯৩৮ চনত লিগৰ অধিবেশনত কৈছিল : “কংগ্ৰেছশাসিত প্ৰদেশসমূহত দাংগাৰ ফলত গ্ৰামাঞ্চলসমূহ বিধ্বস্ত হৈ পৰিছে। মুছলমানসকলৰ জীৱন, অংগ আৰু সম্পত্তি নষ্ট হৈছে, অবাধে বৈ গৈছে তেজৰ নৈ। … সেই ঠাইবিলাকত হিন্দুসকলে মুছলমানসকলক ভীতি প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছে – মুছলমানসকল বাস কৰিছে সৰ্বদা আতংকৰ মাজত। … মছজিদ অপৱিত্ৰ কৰা হৈছে অথচ অপৰাধীসকলক ক’তো বিচাৰি পোৱা নাযায়। ধৰ্মপ্ৰাণ মুছলমানসকলকো নিপীড়নৰপৰা ৰেহাই দিয়া হোৱা নাই।” সিন্ধুপ্ৰদেশৰ এজন বিশিষ্ট লিগ নেতা এম. এইচ. গাজদাৰে ১৯৪১ চনৰ মাৰ্চত কৰাচীত লিগৰ এখন সভাত কৈছিল : “হিন্দুসকলে যদি ঠিকমতে আচৰণ নকৰে তেন্তে জাৰ্মানিত ইহুদিসকলক কৰাৰ দৰে তেওঁলোককো নিশ্চিহ্ন কৰি পেলাব লাগে।” এইসকল লোকক বাধা দিয়াৰ কোনো অৱস্থা অৱশ্যে জিন্নাৰ নাছিল, কিয়নো তেওঁৰ নিজৰ বক্তৃতাও প্ৰায় সময়তে এইধৰণৰেই আছিল।
মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে এইবাৰ জাতীয়তাবাদী মুছলমানসকলৰ বিৰুদ্ধে জঘন্য কুৎসা প্ৰচাৰ চলাবলৈ লাগিল। মৌলানা আবুল কালাম আজাদ আৰু অন্যান্য জাতীয়তাবাদী নেতাক কংগ্ৰেছৰ ‘শোভাবৰ্ধক’, ইছলামৰ প্ৰতি বিশ্বাসঘাতক আৰু হিন্দুসকলৰ ভাৰাতীয়া দালাল হিচাপে আখ্যা দিয়া হ’ল। ১৯৪৫-৪৭ চনত তেওঁলোকৰ বিৰুদ্ধে সামাজিক সন্ত্ৰাস চলোৱা হ’ল ধৰ্মীয় উন্মাদনাক উচটনি যোগোৱাৰ মাধ্যমেৰে, তেওঁলোকৰ ওপৰত দৈহিক আক্ৰমণপৰ্যন্ত চলোৱা হ’ল। জিন্নাই নিজে ১৯৪৩ চনৰ এপ্ৰিলত লিগৰ সভাপতিৰ অভিভাষণত আব্দুল গফফৰ খানক বৰ্ণনা কৰিলে ‘যোদ্ধা পাঠানসকলক হীনবীৰ্য কৰাৰ আৰু তেওঁলোকৰ ওপৰত হিন্দু প্ৰভাৱ বিস্তাৰৰ বাবে দায়িত্বপ্ৰাপ্ত’ ব্যক্তি বুলি।
এতিয়া ধৰ্মকো আগ বঢ়াই অনা হ’ল প্ৰচাৰমঞ্চৰ সন্মুখভাগলৈ। ১৯৪৬ চনত মুছলমানসকলক লিগৰ পক্ষে ভোটদান কৰিবলৈ আহ্বান জনোৱা হ’ল এইবুলি যে ‘লিগ আৰু পাকিস্তানৰ পক্ষে ভোট দিয়া মানেই হ’ল ইছলামৰ পক্ষে ভোট দিয়া।’ লিগৰ সভাসমূহ প্ৰায়েই অনুষ্ঠিত হৈছিল মছজিদত শুকুৰবৰীয়া নামাজৰ পাছত। প্ৰতিশ্ৰুতি দিয়া হ’ল যে পাকিস্তান শাসন কৰা হ’ব শ্বৰিয়ত অনুযায়ী। মুছলমানসকলক কোৱা হ’ল মছজিদ আৰু মন্দিৰৰ মাজত যিকোনো এটাক বাছি ল’বলৈ। লিগৰ প্ৰতীক হিচাপে পৱিত্ৰ কোৰান ব্যাপকভাৱে ব্যৱহাৰ কৰা হ’বলৈ ধৰিলে; লিগৰ সৈতে কংগ্ৰেছৰ সংগ্ৰামক চিত্ৰিত কৰা হ’ল ইছলাম আৰু কাফেৰৰ (বিধৰ্মীৰ) মাজৰ সংগ্ৰাম হিচাপে।
…………………………………………………….
হিন্দু সাম্প্ৰদায়িকতাও পিছ পৰি থকা নাছিল। অৱশ্যে তাৰ ৰাজনৈতিক পথ আছিল পৃথক। ১৯২০ৰ দশকত দুজন প্ৰধান উদাৰনৈতিক সাম্প্ৰদায়িক নেতা আছিল লাজপত ৰায় আৰু মদন মোহন মালব্য। লাজপত ৰায়ৰ মৃত্যু হয় ১৯২৮ চনত, আৰু মালব্যই নিজে ১৯৩৭ চনত এনেকুৱা এটা অৱস্থাত পৰিল যি অৱস্থাত সেই বছৰতে জিন্নাও পৰিছিল আৰু তেওঁ আংশিকভাৱে স্বাস্থ্যজনিত কাৰণত সক্ৰিয় ৰাজনীতিৰপৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু হিন্দু সাম্প্ৰদায়িকতাবাদে আত্মহননৰ পথত ভৰি নিদিলে; সিও আগুৱাই গ’ল কট্টৰ বা ফেছিষ্ট পৰ্যায়ৰ দিশে। সাম্প্ৰদায়িকতাৰ যুক্তিধাৰাই আন আন সাম্প্ৰদায়িক নেতাক সন্মুখলৈ আগ বঢ়াই আনিলে। ভি. ডি. চাভাৰকাৰৰ নেতৃত্বত হিন্দু মহাসভাই দ্ৰুতভাৱে ধাৱিত হ’ল ফেছিষ্ট পথেদি। আৰ এছ এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ক প্ৰথমৰেপৰাই সংগঠিত কৰা হৈছিল ফেছিষ্ট ধাৰাত; এতিয়া ইয়াৰ শাখা-প্ৰশাখা বিস্তাৰিত হ’ল মহাৰাষ্ট্ৰৰ বাহিৰলৈও।
ভি. ডি. চাভাৰকাৰে মুছলমান আধিপত্যৰ বিপদ সম্পৰ্কে হিন্দুসকলক বছৰৰ পাছত বছৰ ধৰি সতৰ্ক কৰি আহিছিল। ১৯৩৭ চনত তেওঁ কৈছিল যে মুছলমানসকলে ‘হিন্দুসকলৰ আৰু হিন্দুস্তানৰ অন্যান্য অমুছলমান অংশৰ কপালত লাঞ্ছনা আৰু মুছলমান আধিপত্যৰ তিলক আঁকি দিব বিচাৰে’ আৰু ‘হিন্দুসকলক তেওঁলোকৰ নিজৰ দেশত ক্ৰীতদাসত পৰিণত কৰিব বিচাৰে।’ ১৯৩৮ চনত তেওঁ কৈছিল যে ‘আমি হিন্দুসকল ইতিমধ্যেই আমাৰ সমগ্ৰ দেশজুৰি খাঁটি ক্ৰীতদাসত পৰিণত হৈছো।’
সি যি নহওক, কট্টৰ সাম্প্ৰদায়িকতাবাদৰ প্ৰধান তাত্ত্বিক আৰু প্ৰচাৰক হৈ উঠিছিল আৰ এছ এছ। এই সংগঠনৰ প্ৰধান এম. এছ. গোলৱালকাৰে আৰ এছ এছৰ তত্ত্বসমূহ সূত্ৰবদ্ধ কৰিছিল তেওঁৰ ‘We’ নামৰ পুস্তিকাত। ১৯৩৯ চনত তেওঁ ঘোষণা কৰিলে যে যদি সংখ্যালঘুসকলৰ দাবীসমূহ মানি লোৱা হয়, তেন্তে ‘হিন্দু জাতীয় জীৱন বিধ্বস্ত হৈ যোৱাৰ উপক্ৰম হ’ব।’ সৰ্বোপৰি, আৰ এছ এছে মুছলমানসকল আৰু কংগ্ৰেছ নেতাসকলক আক্ৰমণ কৰিছিল। গোলৱালকাৰে জাতীয়তাবাদীসকলক এইবুলি আক্ৰমণ কৰিছিল যে তেওঁলোকে ‘আমাৰ সবাতোকৈ ঘোৰতৰ শত্ৰুসকলক (মুছলমানসকলক) বুকুত আঁকোৱালি লৈ আমাৰ অস্তিত্বকেই বিপন্ন কৰিছে।’ ‘ইণ্ডিয়ান – এই বিদেশী নামেৰে আমাৰ পুৰণি আক্ৰমণকাৰী আৰু শত্ৰুসকলৰ সৈতে আমাক এক কৰি দেখুৱাবলৈ আৰম্ভ কৰাৰ’ দৃষ্টিভংগী হিন্দুসকলৰ মাজত প্ৰচাৰ কৰা বাবে তেওঁ জাতীয়তাবাদীসকলক নিন্দা কৰি লিখিছিল : ‘শত্ৰুসকলক মিত্ৰ বুলি ভাবি আমি নিজেই নিজকে প্ৰতাৰিত কৰাৰ সুযোগ দিছো। আমাৰ আত্মবিস্মৰণশীল মনোভাব, আমাৰ পুৰণি আৰু ঘোৰতৰ শত্ৰুসকলক আমাৰ মিত্ৰ বুলি ভবাটোৱেই আজিৰ দিনৰ আচল বিপদ।’ মুছলমান আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলক গোলৱালকাৰে উপদেশ দিছিল এইবুলি : ‘হিন্দুস্তানৰ অহিন্দুসকলে হিন্দু সংস্কৃতি আৰু ভাষা গ্ৰহণ কৰিব লাগিব, হিন্দু ধৰ্মক শ্ৰদ্ধা কৰিব লাগিব আৰু এই ধৰ্মৰ মাহাত্ম্যক হৃদয়ত ধাৰণ কৰিবলৈ শিকিব লাগিব। হিন্দু জাতি আৰু সংস্কৃতিৰ মহিমা-কীৰ্তন কৰাৰ বাদে আন কোনো ভাবনাকে প্ৰশ্ৰয় দিয়া নচলিব। অৰ্থাৎ, কেৱল এই দেশ আৰু তাৰ সুপ্ৰাচীন ঐতিহ্য সম্পৰ্কে অসহিষ্ণু আৰু অকৃতজ্ঞ মনোভাব তেওঁলোকে পৰিত্যাগ কৰিলেই নহ’ব, বৰং নিজৰ অন্তৰত প্ৰেম আৰু ভক্তিৰ মনোভাবো সঞ্চাৰিত কৰিব লাগিব – এক কথাত, তেওঁলোক আৰু বিদেশী হৈ নাথাকিব। ইয়াৰ অন্যথা তেওঁলোকে এই দেশত থাকিব পাৰিব সম্পূৰ্ণৰূপে হিন্দু জাতিৰ হুকুমৰ দাস হৈ, কোনো দাবীয়েই তেওঁলোকে কৰিব নোৱাৰিব। কোনো সুযোগ-সুবিধা তেওঁলোকে বিচাৰিব নোৱাৰিব, কোনো বিশেষ সুবিধাৰতো প্ৰশ্নই নুঠে – আনকি নাগৰিক অধিকাৰো তেওঁলোকে নাপাব।’ তাতকৈও আগুৱাই গৈ তেওঁ লিখিছিল : ‘আমি হিন্দুসকলে এফালে মুছলমানসকলৰ বিৰুদ্ধে আৰু আনফালে ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছো।’ তেওঁ কৈছিল যে ইটালি আৰু জাৰ্মানি এই দুখন দেশত ‘জাতিৰ প্ৰাচীন আত্মা’ৰ ‘পুনৰুজ্জীৱন’ ঘটিছে। ‘আমাৰ ক্ষেত্ৰতো ঠিক সেইটোৱেই ঘটিছে : আমাৰ জাতিৰ আত্মা পুনৰবাৰ জাগি উঠিছে,’ সেয়ে হিন্দুসকলে লাভ কৰিছে মুছলমানসকলক বহিষ্কাৰ কৰাৰ অধিকাৰ। আৰ এছ এছে কংগ্ৰেছ নেতাসকলৰ ওপৰত আৰু বেছি বিদ্বেষপূৰ্ণ আক্ৰমণ চলাইছিল ১৯৪৬-৪৭ চনত। খাঁটি ফেছিষ্ট কায়দাত প্ৰৰোচনামূলক অভিযোগ কৰা হৈছিল কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে। কিয়নো তেওঁলোকে হিন্দুসকলক ‘মুছলমানসকলৰ বৰ্বৰতা আৰু নৃশংসতাৰ ওচৰত বিনা প্ৰতিবাদে আত্মসমৰ্পণ কৰিবলৈ’ আহ্বান জনায়; হিন্দুসকলক কয় যে ‘তেওঁলোক জড়বুদ্ধিসম্পন্ন, তেওঁলোকৰ নাই নিজৰ ভৰিত থিয় হৈ মাতৃভূমিৰ স্বাধীনতাৰ অৰ্থে সংগ্ৰাম কৰাৰ বাবে তেজ আৰু দৃঢ়প্ৰতিজ্ঞা। মুছলমানসকলৰ তেজৰ ৰূপত এইসমূহ গুণ তেওঁলোকৰ মাজত সুমুৱাই দিব লাগিব।’ গান্ধীজীৰ পিনে আঙুলি টোঁৱাই তেওঁ ১৯৪৭ চনত কৈছিল : ‘যিসকলে ঘোষণা কৰিছে যে “হিন্দু-মুছলমান ঐক্য অবিহনে স্বৰাজ লাভ সম্ভৱ নহয়” তেওঁলোকে আমাৰ সমাজৰ প্ৰতি সবাতোকৈ ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে এক মহান আৰু প্ৰাচীন জাতিৰ জীৱনীশক্তিৰ বিনাশ ঘটাই অতি জঘন্য পাপ কৰিছে।’ গোলৱালকাৰে গান্ধীজীৰ বিৰুদ্ধে অভিযোগ কৰিছিল এইদৰে ঘোষণা কৰা বুলি : ‘ “হিন্দু-মুছলমান ঐক্য অবিহনে স্বৰাজ লাভ সম্ভৱ নহয়, আৰু এই ঐক্য সহজেই সাধিত হ’ব পাৰে যদি সকলো হিন্দুৱেই মুছলমান হৈ যায়।” ‘
হিন্দু সাম্প্ৰদায়িকতাবাদীসকলেও ‘হিন্দু ধৰ্ম বিপন্ন’, ‘হিন্দু ধৰ্মবিশ্বাস বিপন্ন’, আৰু ‘হিন্দু সংস্কৃতি বিপন্ন’ বুলি চিৎকাৰ কৰিবলৈ কৰিবলৈ চেষ্টা কৰিছিল।
…………………………………………..
বিংশ শতিকাৰ শেষভাগত, বিশেষকৈ ১৯৩৭ চনৰ পাছত হিন্দু আৰু মুছলমান সাম্প্ৰদায়িকতাবাদীসকলে ভয় আৰু বিদ্বেষ জনসাধাৰণৰ মাজত বিয়পাই দিছিল। ইয়াৰ বিষময় পৰিণাম ভোগ কৰিছিল জনসাধাৰণে : ১৯৪৬ চনৰ আগষ্টত কলিকতাত হোৱা দাংগাত পাঁচ হাজাৰতকৈ অধিক মানুহৰ প্ৰাণ গৈছিল মাত্ৰ পাঁচ দিনত; বংগৰ নোৱাখালিত হিন্দুসকলক আৰু বিহাৰত মুছলমানসকলক কচুকটা দিয়া হৈছিল; দেশ বিভাজনৰ পৰৱৰ্তী দাংগাত হতাহত হৈছিল অগণন মানুহ; আৰু এজন উন্মত্ত সাম্প্ৰদায়িকতাবাদীৰ হাতত প্ৰাণ দিবলগা হৈছিল গান্ধীজীয়ে।
কিন্তু সবাতোকৈ অধিক ক্ষতি বহন কৰিবলগা হৈছিল বোধকৰো পাকিস্তানৰ বা পাকিস্তানকৈ প্ৰব্ৰজন কৰা মুছলমানসকলে। জিন্নাই আশা কৰিছিল যে এবাৰ পাকিস্তান গঠিত হোৱাৰ পাছত পুনৰ উদাৰনৈতিক সাম্প্ৰদায়িকতা বা সম্ভৱ হ’লে ধৰ্মনিৰপেক্ষতাৰ পথলৈ উভতি যাব পৰা যাব। ১৯৪৭ চনৰ ১১ আগষ্টত জিন্নাই পাকিস্তানৰ সাংবিধানিক সভাৰ সভাপতিৰ অভিভাষণত পাকিস্তানৰ জনসাধাৰণক উদ্দেশি কৈছিল : ‘আপোনালোক যিকোনো ধৰ্ম বা জাতপাত বা ধৰ্মসম্প্ৰদায়ৰ লোক হ’ব পাৰে – ৰাষ্ট্ৰৰ কাম-কাজৰ সৈতে তাৰ কোনো সম্পৰ্ক নাই। … আমি এই মৌলিক নীতিক সাৰোগত কৰি যাত্ৰাৰম্ভ কৰিব বিচাৰিছো যে আমি সকলোৱেই এক ৰাষ্ট্ৰৰ নাগৰিক, সমানাধিকাৰসম্পন্ন নাগৰিক। … এতিয়া আমাৰ মনত ভাব হৈছে, ইয়াক আমাৰ আদৰ্শ হিচাপে সন্মুখত লৈ আমি আগ বাঢ়িব লাগিব, আৰু এসময়ত আপোনালোকে দেখা পাব যে হিন্দুসকল আৰু হিন্দু হৈ থকা নাই, মুছলমানসকল আৰু মুছলমান হৈ থকা নাই। পিছে ধৰ্মৰ দিশৰপৰা নহয়, ৰাজনৈতিক দিশৰপৰা ৰাষ্ট্ৰৰ নাগৰিক হিচাপে। কিয়নো ধৰ্ম হ’ল প্ৰতিজন মানুহৰ ব্যক্তিগত বিশ্বাস।’ কিন্তু ইতিমধ্যেই বহুত দেৰি হৈ গৈছিল। পৰবিদ্বেষবশতঃ জিন্নাই যি দৈত্যৰ জন্ম দিছিল সি যে কেৱল ভাৰতকে বিভাজিত কৰিছিল তেনে নহয়, পাকিস্তান সম্পৰ্কে তেওঁৰ নিজৰ ধাৰণাপৰ্যন্ত গ্ৰাস কৰি পেলাইছিল আৰু অধিকাংশ ধৰ্মনিৰপেক্ষ মানুহে যিমানখিনিলৈ ভৱিষ্যৎবাণী কৰিছিল বা কল্পনা কৰিব পাৰিছিল, তাতোকৈ অধিক পৰিমাণে ক্ষতি কৰিছিল পাকিস্তানৰ মুছলমানসকলৰ। আনহাতে, পাকিস্তানৰ গঠন আৰু ১৯৪৭ চনৰ ৰক্তাক্ত সাম্প্ৰদায়িক দাংগা সত্ত্বেও, এখন ধৰ্মনিৰপেক্ষ সংবিধান প্ৰণয়ন কৰাত আৰু মূলগতভাৱে এক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক ব্যৱস্থা নিৰ্মাণ কৰাত জাতীয়তাবাদী ভাৰত সফলকাম হৈছিল, লাগিলে এই বিষয়ত তাৰ যিমানেই দুৰ্বলতা নাথাকক। অন্যধৰণে ক’বলৈ গ’লে, মতাদৰ্শৰ পৰিণাম ভোগ কৰিবই লাগিব।
…………………………………………………
যোৱা ত্ৰিছ-চল্লিছ বছৰত সাম্প্ৰদায়িক সমস্যাক কেন্দ্ৰ কৰি দুটা ডাঙৰ বিতৰ্ক পৰিলক্ষিত হৈছে। এটা প্ৰচলিত ধাৰণা হ’ল এই যে ১৯৩৭-৩৯ চনত যদি জিন্নাৰ সৈতে মতবিৰোধ দূৰ কৰা হ’লহেঁতেন আৰু বিশেষকৈ ১৯৩৭ চনত উত্তৰ প্ৰদেশত মুছলিম লিগৰ সৈতে কোৱালিচন চৰকাৰ গঠন কৰা হ’লহেঁতেন, তেন্তে সাম্প্ৰদায়িক সমস্যা নাথাকিলহেঁতেন বা তাৰ সমাধান হ’লহেঁতেন। কোৱা হয় যে জিন্নাৰ ৰাজনৈতিক উচ্চাকাংক্ষাক প্ৰত্যাখ্যান কৰাটোৱে তেওঁক তিক্ত-বিৰক্ত কৰিছিল আৰু পৃথকতাবাদৰ পিনে ঠেলি পঠিয়াইছিল।
প্ৰথমে সাধাৰণ যুক্তিটো পৰীক্ষা কৰা যাওক। ইয়াত এই সত্যটো একেবাৰে উপেক্ষা কৰা হয় যে ‘প্ৰত্যাখ্যাত’ হোৱাৰ পূৰ্বেই জিন্না আছিল এজন পূৰাপূৰি উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদী। দ্বিতীয়তে, ১৯৩৭ চনৰপৰা ১৯৩৯ চনলৈ জিন্নাৰ সৈতে আপোচ-মীমাংসাৰ আৰু তেওঁৰ সৈতে মতবিৰোধ দূৰ কৰাৰ অৰ্থে কংগ্ৰেছী নেতাসকলে সকলোপিনৰপৰাই চেষ্টা কৰিছিল। কিন্তু জিন্না তেতিয়া আছিল সাম্প্ৰদায়িক যুক্তিধাৰাত আচ্ছন্ন। আপোচ-মীমাংসাৰ বাবে তেওঁৰ ওচৰত এনে কোনো দাবীয়েই নাছিল যিটো যুক্তিসন্মতভাৱে উত্থাপন কৰিব পৰা যায় আৰু যাক লৈ আলোচনা কৰিব পৰা যায়। পৰিণামস্বৰূপে, তেওঁ কংগ্ৰেছ নেতাসকলৰ আগত এনে কোনো দাবী উত্থাপন কৰিবলৈ অমান্তি হৈছিল যিসমূহ পূৰণ কৰিলে তেওঁ সন্তুষ্ট হ’ব আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছত যোগ দিব – এই ঐতিহাসিক সত্যটো মনত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আপোচ-আলোচনা আৰম্ভ কৰিবৰ বাবে তেওঁ এক অসম্ভৱ চৰ্ত দাঙি ধৰিছিল : কংগ্ৰেছ নেতৃত্বই প্ৰথমে তাৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বাতিল কৰিব লাগিব আৰু মুছলিম লিগক মুছলমানসকলৰ একমাত্ৰ প্ৰতিনিধি বুলি মানি ল’ব লাগিব। এই দাবী মানি লোৱাটো কংগ্ৰেছৰ পক্ষে কোনোমতেই সম্ভৱ নাছিল। ৰাজেন্দ্ৰ প্ৰসাদে ক’বৰ দৰে, কংগ্ৰেছে নিজকে এটা হিন্দু সংস্থা বুলি মানি লোৱাৰ অৰ্থ হ’ল ‘তাৰ নিজৰ অতীতকে অস্বীকাৰ কৰা, নিজৰ ইতিহাসকে মিছা বুলি প্ৰমাণ কৰা, আৰু ভৱিষ্যতৰ প্ৰতি বিশ্বাসঘাতকতা কৰা’ – প্ৰকৃতপক্ষে ইয়াৰ অৰ্থ হ’ল ভাৰতৰ জনগণৰ প্ৰতি আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি বিশ্বাসঘাতকতা। কংগ্ৰেছে যদি জিন্নাৰ দাবী মানি লৈ তেওঁৰ সৈতে ‘মতবিৰোধ দূৰ’ কৰিলেহেঁতেন তেন্তে আমি নিশ্চিতভাৱেই পাকিস্তানৰ এক অবিকল হিন্দু প্ৰতিৰূপৰ বা এখন হিন্দু ফেছিষ্ট ৰাষ্ট্ৰৰ অধীনত বাস কৰিব লাগিলহেঁতেন। সেইবাবেই কোনো গুৰুত্বপূৰ্ণ আপোচ-আলোচনা আৰম্ভ কৰিব পৰা নগ’ল।
জিন্নায়ো সকলো সময়তে নিজৰ মতাদৰ্শ আৰু ৰাজনীতিৰ যুক্তিধাৰা অনুসৰি কাম কৰিছিল। কিন্তু এই অৱস্থা দীৰ্ঘকাল বজাই ৰাখিব পৰা নাছিল। পাকিস্তান গঠনৰ দিশে পদক্ষেপ তেতিয়া অৱশ্যম্ভাৱী হৈ উঠিছিল, কিয়নো সাম্প্ৰদায়িক মতাদৰ্শগত কৰ্মসূচীৰ মাত্ৰ এটা অংশই অপূৰ্ণ ৰৈ গৈছিল – বিচ্ছিন্নতাবাদ। ইয়াৰ বিকল্পটো আছিল সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰা। আৰু সেইবাবেই মুছলিম লিগ আৰু জিন্নাই ১৯৪০ৰ দশকৰ আগভাগত চৰম পন্থা অৱলম্বন কৰিলে; হিন্দু আৰু মুছলমান দুটা পৃথক জাতি আৰু সেয়ে দুয়োটা জাতিকে পৃথক পৃথক স্বভূমিৰ প্ৰয়োজন – এই তত্ত্বৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পাকিস্তানৰ দাবী তুলিলে। হিন্দু সাম্প্ৰদায়িকতাবাদো একে দিশেদি আগ বাঢ়িবলৈ ধৰিলে। ইয়াৰ বিচ্ছিন্নতাবাদে ভাৰতৰ এটা অংশ লৈ হিন্দুস্তান গঠনৰ দাবী তুলিব পৰা নাছিল – কিয়নো এনে কৰিলে মুছলমান সাম্প্ৰদায়িকতাক সুবিধা কৰি দিয়াহে হ’ব। সেইবাবে ই ক্ৰমবৰ্ধমানভাৱে দাবী কৰিবলৈ ধৰিলে যে হিন্দুসকলেই হ’ল ভাৰতত বসবাসকাৰী একমাত্ৰ জাতি, আৰু মুছলমানসকলক হয় ভাৰতৰপৰা বহিষ্কাৰ কৰা হ’ব নতুবা তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত বাস কৰিব লাগিব।
১৯৩৭ চনত উত্তৰ প্ৰদেশ সম্পৰ্কীয় সিদ্ধান্তৰ ক্ষেত্ৰতো ঘটনাটো প্ৰায় এইধৰণৰেই আছিল। লিগ আৰু জিন্না আছিল গণভিত্তিক ৰাজনীতিৰ ঘোৰতৰ বিৰোধী। তেওঁলোকৰ সৈতে হাত মিলোৱাৰ অৰ্থ হ’ল সাংবিধানিক ৰাজনীতিলৈ উভতি যোৱা য’ত জনসাধাৰণৰ ভূমিকা আছিল নিচেই নগণ্য। মন্ত্ৰীসভা গঠনক লৈ আপোচ-আলোচনা হোৱাৰ বা সেয়া ভাঙি যোৱাৰ অনেক আগতেই জিন্নাই ঘোষণা কৰিছিল যে ভাৰতত মুছলমানসকল হ’ল এটা দেখদেখ তৃতীয় পক্ষ, ব্ৰিটিছ আৰু ভাৰতীয় জাতীয়তাবাদৰ প্ৰতিনিধি কংগ্ৰেছৰপৰা সুস্পষ্টভাৱে পৃথক এটা পক্ষ। এছ. গোপালৰ ভাষাত : ‘লিগৰ সৈতে যিকোনো কোৱালিচন গঠন কৰাৰ অৰ্থই হ’ল কংগ্ৰেছৰ নিজকে হিন্দুসকলৰ সংগঠন বুলি মানি লোৱা আৰু সকলো ভাৰতীয়ৰ হৈ কথা কোৱাৰ অধিকাৰ ত্যাগ কৰা।’ ইয়াৰ অৰ্থ হ’ল জাতীয়তাবাদী মুছলমানসকলৰ প্ৰতিও বিশ্বাসঘাতকতা কৰা, ধৰ্মনিৰপেক্ষ জাতীয়তাবাদৰ ভূমিত যিসকলে দৃঢ়ভাৱে থিয় দিছিলহি। তদুপৰি, ইয়াৰ আন এক অৰ্থ হ’ল ১৯৩৬ চনত ফৈজপুৰত গৃহীত ক্ৰান্তিবাদী কৃষি-সংক্ৰান্তীয় কৰ্মসূচী পৰিত্যাগ কৰা – যি কৰ্মসূচীৰ প্ৰতি কংগ্ৰেছ মন্ত্ৰীসভা আছিল সম্পূৰ্ণ দায়বদ্ধ, আৰু ভূস্বামীসকলৰ স্বাৰ্থৰক্ষাৰ ক্ষেত্ৰত সমানভাৱেই দায়বদ্ধ আছিল মুছলিম লিগ। চৰকাৰত লিগৰ প্ৰতিনিধি থকা অৱস্থাত, কৃষক ৰাইজৰ স্বাৰ্থৰক্ষাকাৰী কোনো আইন গৃহীত কৰা হয়তো সম্ভৱ নহ’লহেঁতেন। প্ৰকৃতপক্ষে, উত্তৰ প্ৰদেশ কংগ্ৰেছত সেই সময়ত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কংগ্ৰেছ ছ’চিয়েলিষ্ট আৰু কমিউনিষ্টসকলে নেহৰুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যাতে লিগৰ সৈতে কোনো কোৱালিচন গঠন কৰা নহয়; যদি এই দাবী মানি লোৱা নহয় তেন্তে তাক লৈ জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা হ’ব বুলি তেওঁলোকে ভাবুকি দিছিল। আমোদজনক কথাটো হ’ল, উত্তৰ প্ৰদেশত কংগ্ৰেছ মন্ত্ৰীসভা গঠনৰ বাবে আলোচনা আৰম্ভ হোৱাৰ আগতেই, ১৯৩৭ চনৰ মে’ মাহত উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে প্ৰচাৰ চলাওঁতে মুছলিম লিগে ‘ইছলাম বিপন্ন’ বুলি চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিছিল। স্বয়ং জিন্নাই ভোটাৰসকলৰ ওচৰত আল্লা আৰু কোৰানৰ নামত আবেদন জনাইছিল।
যিয়েই নঘটক লাগিলে, কোনো নেতা যদি তেওঁৰ দলক প্ৰাদেশিক মন্ত্ৰীসভাত দুখন আসন দিয়া নহ’ল বুলিয়েই ঘোৰতৰ সাম্প্ৰদায়িকতাবাদী আৰু বিচ্ছিন্নতাবাদীত পৰিণত হ’ব পাৰে, তেনেহ’লে তেওঁৰ সৈতে বুজা-পৰা কিমান দিনলৈ বজাই ৰখা সম্ভৱ হ’ব? ইতিহাস আৰু ৰাজনীতিক হাঁহি-তামাচাৰ বিষয় বুলি বা ব্যক্তিবিশেষৰ ইচ্ছা-অনিচ্ছাৰ ব্যাপাৰ বুলি গণ্য কৰিলেহে বোধহয় এনেধৰণৰ যুক্তি উত্থাপন কৰা সম্ভৱ। প্ৰকৃতপক্ষে, আমি ইতিপূৰ্বে আলোচনা কৰাৰ দৰে, সাম্প্ৰদায়িকতা হ’ল মূলগতভাৱে এটা মতাদৰ্শ যাক তোষণ কৰা নাযায় – ইয়াক মোকাবিলা আৰু বিৰোধিতা কৰিবই লাগিব। কিন্তু সেই কাম কৰিব নোৱৰাটোৱেই আছিল কংগ্ৰেছ আৰু জাতীয় আন্দোলনটোৰ প্ৰকৃত দুৰ্বলতা। আমোদজনকভাৱে, কমিউনিষ্টসকলে ১৯৪২ চনৰপৰা ১৯৪৬ চনপৰ্যন্ত মুছলিম লিগক তোষণ কৰাৰ চেষ্টা কৰিছিল লিগৰ ভাল লোকসকলক আঁতৰাই অনাৰ আশাৰে। তেওঁলোক যে কেৱল ব্যৰ্থই হৈছিল তেনে নহয়, বৰং তেওঁলোকৰ ভালেমান ভাল কৰ্মীয়ে মুছলমান সাম্প্ৰদায়িকতাবাদক আঁকোৱালি লৈছিল। ইয়াৰ সৈতে কোৱালিচন গঠনৰ চেষ্টা একমুখী পথ বুলি প্ৰমাণিত হ’ল, আৰু এই পথৰপৰা উভতি অহাৰ বিচক্ষণতা কমিউনিষ্টসকলে দেখুৱালে ১৯৪৬ চনত। প্ৰকৃততে কংগ্ৰেছ নেতাসকল আৰু বাঁওপন্থীসকলে এটা ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ আপোচ-মীমাংসাৰ চেষ্টা কৰিছিল; তেওঁলোকে ভাবিছিল যে উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীসকলৰ সৈতে বুজা-পৰা কৰা সম্ভৱ, আৰু তাৰ পাছত সেইসকলক পতিয়ন নিয়াই জাতীয়তাবাদ-বিৰোধী কট্টৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ কৰাব পৰা যায়। ১৯৩৭ চনৰ পাছত কেৱল জাতীয়তাবাদী হিন্দু আৰু মুছলমানসকলেহে দৃঢ়ভাৱে সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰিছিল। মালব্য, শ্যামা প্ৰসাদ মুখাৰ্জী, এ. চি. চেটাৰ্জীৰ দৰে উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদীসকলে চাভাৰকাৰ বা আৰ এছ এছৰ বিৰোধিতা কৰিব পৰা নাছিল। একেদৰে, উদাৰবাদী ইকবাল বা অন্যান্য উদাৰনৈতিক সাম্প্ৰদায়িকতাবাদী মুছলমান নেতাসকলেও ১৯৩৭ চনৰ পাছত জিন্না, ছুলেৰি, ফজলুল হক আৰু অন্যান্য নেতাসকলে যি বিদ্বেষ প্ৰচাৰ কৰিছিল তাৰ বিৰোধিতা কৰাৰ সাহস গোটাব পৰা নাছিল। খুব বেছি তেওঁলোকে এই প্ৰচাৰত যোগ নিদি নীৰৱতা অৱলম্বন কৰিছিল।
…………………………………………….
এইটো সঁচা নহয় যে সাম্প্ৰদায়িকতাবাদৰ ক্ষেত্ৰত কংগ্ৰেছৰ ব্যৰ্থতা ওলাই পৰিছিল ১৯৪৭ চনত যেতিয়া সি দেশ বিভাজন মানি লৈছিল। তেতিয়া বোধহয় আন কোনো পথ খোলা নাছিল। সাম্প্ৰদায়িকতা ইতিমধ্যেই বহু দূৰ আগুৱাই গৈছিল। যুক্তি দিব পাৰি যে সাম্প্ৰদায়িক সমস্যা সমাধানৰ আৰু কোনো উপায় বাকী নাছিল, কিয়নো ইয়াৰ অন্যথা হ’লে দেশখনক গৃহযুদ্ধই ছানি ধৰিলেহেঁতেন আৰু বিদেশী শাসকসকলৰ নিয়ন্ত্ৰণত থকা সশস্ত্ৰ বাহিনী আৰু পুলিচ সাজু হৈয়েই আছিল গৃহযুদ্ধত যোগ দিবৰ বাবে।
প্ৰকৃত কথাটো হ’ল, সকলো ঐতিহাসিক পৰিস্থিতিৰে তাৎক্ষণিক সমাধান পোৱা নাযায়। নিশ্চিতভাৱে, ১৯৪৭ চনতো তেনেকুৱা কোনো সমাধান নাছিল। সাম্প্ৰদায়িকতাৰ নিচিনা সামাজিক-ৰাজনৈতিক সমস্যাৰ তাৎক্ষণিক সমাধান ক’তো পাবলৈ নাই। বছৰৰ পাছত বছৰ ধৰি, আনকি দশকৰ পাছত দশক ধৰি সমাধানৰ পৰিস্থিতি আৰু শক্তিসমূহক প্ৰস্তুত কৰি তুলিব লাগিব। কংগ্ৰেছ আৰু জাতীয় আন্দোলনটোৱে সেই কাম কৰিব নোৱাৰিলে। ভাৰতীয় জাতীয়তাবাদীসকলৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি দায়বদ্ধতা সত্ত্বেও, গান্ধীজীয়ে হিন্দু-মুছলমান ঐক্যৰ ওপৰত অহৰহ গুৰুত্বাৰোপ কৰা আৰু এই ঐক্যৰ বেদীত নিজৰ জীৱনকে উছৰ্গা কৰিবলৈ সাজু থকা সত্ত্বেও, সাম্প্ৰদায়িকতাৰ সামাজিক-অৰ্থনৈতিক উৎসসমূহৰ বিষয়ে নেহৰুৱে চমৎকাৰভাৱে বিশ্লেষণ দাঙি ধৰা সত্ত্বেও – সাম্প্ৰদায়িকতাবাদী মতাদৰ্শৰ সাৰমৰ্ম, তাৰ সামাজিক-ৰাজনৈতিক উৎস আৰু ৰাজনৈতিক পৰিণামৰ কথা ধৈৰ্যসহকাৰে আৰু বৈজ্ঞানিকভাৱে জনসাধাৰণৰ সন্মুখত দাঙি ধৰি সকলোধৰণৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ব্যাপক মতাদৰ্শগত-ৰাজনৈতিক সংগ্ৰাম চলোৱাত ভাৰতীয় জাতীয়তাবাদীসকল ব্যৰ্থ হৈছিল। প্ৰকৃততে, কংগ্ৰেছে সাম্প্ৰদায়িক নেতাসকলৰ সৈতে আপোচ-আলোচনাৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিছিল, আৰু ৰাজনৈতিক, মতাদৰ্শগত আৰু সাংস্কৃতিক ক্ষেত্ৰত সাম্প্ৰদায়িকতাৰ মোকাবিলা কৰাৰ বাবে কোনো উপযুক্ত আৰু ফলপ্ৰসূ দীৰ্ঘম্যাদী ৰণকৌশল উদ্ভাৱন কৰিব পৰা নাছিল। ইয়াৰ বাবে কংগ্ৰেছ আৰু তাৰ নেতৃত্বকেই জগৰীয়া কৰিব লাগিব।

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: ,
Posted in অনুবাদ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: