প্ৰণৱ বড়োৰ আত্মজাহ সম্পৰ্কে একাষাৰ

মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবাদত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অংশস্বৰূপে গুৱাহাটী গড়চুক নিবাসী প্ৰণৱ বড়োৰ আত্মজাহৰ মৰ্মান্তিক ঘটনাই (২৪ ফেব্ৰুৱাৰি, ২০১৪ ) ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আচলতে বিভিন্ন ৰাজনৈতিক ঘটনাৰ কেইবাটাও বেলেগ বেলেগ প্ৰবাহ চূড়ান্ত মুহূৰ্তত পাৰস্পৰিক সংঘৰ্ষত লিপ্ত হৈ এনে ঘটনাৰ জন্ম দিয়ে। (উদাহৰণস্বৰূপে,মাটিৰ পট্টাক কেন্দ্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দীৰ্ঘদিনীয়া দাবী-আন্দোলন, শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ অদূৰদৰ্শী-নিৰ্বাচনমুখী-নীতিহীন ‘ভূমিনীতি’, নিজৰ বাসস্থানক কেন্দ্ৰ কৰি প্ৰণৱ বড়োৰ পৰিয়ালটোৱে বছৰ বছৰ ধৰি ভুগি অহা চৰকাৰী লাঞ্ছনা-উৎপীড়ন আদি।) আনহাতে, এনেকুৱা চূড়ান্ত পৰিস্থিতিবিলাকৰ ‘এটা’ নিজা ব্যাকৰণো থাকে যিটোৰ চৰিত্ৰ বুজিবলৈ প্ৰয়োজন হয় তন্ন তন্ন বিশ্লেষণৰ – যাক বাদ দি কেৱল পূৰ্বজ্ঞানৰ ভিত্তিত এনে পৰিস্থিতিৰ সম্পূৰ্ণ ব্যাখ্যা কৰিব নোৱাৰি। গতিকে এনে পৰিস্থিতিৰ ব্যাখ্যা আমি সাধাৰণতে ভবাতকৈ বহুখিনি জটিলতৰ নিশ্চয়। প্ৰায়সকলেই কেৱল ঘটনাচক্ৰৰ চূড়ান্ত মুহূৰ্তবিলাকৰ পুংখানুপুংখ উপস্থাপনেৰেই এনে ঘটনাৰ ব্যাখ্যা কৰিব খোজে। আন বহুতে পৰস্পৰ সংঘৰ্ষত লিপ্ত বিভিন্ন ঘটনা প্ৰবাহৰ যিকোনো এটা প্ৰবাহ – যিটো নিজৰ স্বাৰ্থানুকূল বা মতাদৰ্শ-অনুকূল – বাছি লৈ সেই অনুসৰি নিজৰ ব্যাখ্যা দাঙি ধৰে। বহু সময়ত সেয়া নিজৰ সাময়িক স্থিতি প্ৰকাশৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে নতুবা নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে অনিবাৰ্যও হ’ব পাৰে। কিন্তু যেতিয়া এনে ঘটনা এটাৰ সামগ্ৰিক আলোচনাৰ আৰু ব্যাখ্যাৰ কথা আহি পৰে, তেতিয়া নিশ্চিতভাৱে সংঘৰ্ষলিপ্ত ঘটনা প্ৰবাহৰ সমূহ প্ৰবাহকে সামৰি ল’ব লাগিব। লগতে পৰিস্থিতিটোৰ খুঁটিনাটিৰ পুংখানুপুংখ বিশ্লেষণো আলোচনালৈ প্ৰয়োজনবশতঃ আনিব লাগিব : আন্দোলনৰ তথা কৰ্তৃপক্ষৰ আন্দোলন-প্ৰতিৰোধৰ ৰণকৌশল সম্পৰ্কে প্ৰকাশিত-অপ্ৰকাশিত বহুতো দিশ ইয়াৰদ্বাৰা উন্মোচিত হ’ব পাৰে।আলোচ্য ঘটনা সম্পৰ্কে বাদ-বিবাদত লিপ্ত হওঁতে ৰাইজে এইসমূহ দিশ মনত ৰাখিলে আলোচনাসমূহ নিশ্চয় কিছু হ’লেও অধিক সমৃদ্ধ হ’ব।

প্ৰণৱ বড়োৰ আত্মজাহৰ ঘটনাই শাসনাধিষ্ঠিত চৰকাৰৰ চূড়ান্ত গণবিৰোধী-ক্ষমতালিপ্সু চৰিত্ৰ নিৰ্লজ্জভাৱে উদঙাই দেখুৱালে। ই ইয়াকো প্ৰমাণ কৰিলে যে শোষণক্লিষ্ট-লাঞ্ছনাপীড়িত হৈ সৰ্বস্বান্ত হোৱা ব্যক্তি এজনে কিদৰে সমূহীয়া স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আত্মবলিদান দিব পাৰে।প্ৰণৱ বড়োক লৈ বিভিন্নধৰণৰ বিতৰ্ক হ’ব পাৰে, কিন্তু তেওঁৰ আত্মবলিদানৰ মাজত অন্তৰ্হিত হৈ থকা আন্তৰিকতা তথা পৰহিতবাদী প্ৰেৰণাক লঘু কৰাটো সমীচীন নহ’ব।

কিন্তু তৎসত্ত্বেও এই প্ৰশ্নটো বাদ দিব নোৱাৰি :প্ৰণৱ বড়োৱে আশা কৰাৰ দৰে তেওঁৰ মৃত্যুৱে মাটি পট্টা প্ৰদানৰ আন্দোলনটোক আশাপ্ৰদভাৱে লাভান্বিত কৰিব পাৰিবনে? এই প্ৰশ্নটো মুঠেই প্ৰয়াত বড়োক লৈ নহয়, প্ৰশ্নটো কৃষক মুক্তি সংগ্ৰাম সমিতিক লৈহে। যিসকলে অখিল গগৈ তথা সংগ্ৰাম সমিতিৰ কাৰ্যসূচীক সমালোচনা কৰিছে তেওঁলোক একে ৰঙৰ আৰু একে বিধৰ নহয়। সৰহসংখ্যকেই হ’ল চৰকাৰী বা চৰকাৰপক্ষীয় চিন্তাৰ ব্যক্তি। এইসকলৰ বিষয়ে ক’বলগা একো নাই, কাৰণ তেওঁলোকে তেনেকৈ কোৱাটোৱেই নিয়ম। আন কিছুসংখ্যক হ’ল আন্দোলন-প্ৰতিবাদ বেয়া পোৱা আৰামপ্ৰিয় মধ্যবিত্তীয় মানসিকতাৰ ব্যক্তি। এইবিলাক কৰি মিছাতে অশান্তিৰ সৃষ্টি কৰি লাভ নাই – পাৰ্ছনেলিটি ডেভেলপমেণ্ট কৰিব লাগে, পজিটিভ থিংকিং কৰিব লাগে। তৃতীয় এচাম ব্যক্তি হ’ল বাঁও-গণতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি। এওঁলোকৰ মাজতো বিভাজন আছে। কিছুসংখ্যকে তেওঁলোকে নিজে আশা কৰাৰ দৰে ক্লাছিক শ্ৰেণীসংগ্ৰামখন আগুৱাই নিব নোৱৰাৰ বাবে অখিল গগৈ তথা সংগ্ৰাম সমিতিক গালি-গালাজ কৰে আৰু সম্পূৰ্ণৰূপে নস্যাৎ কৰে নৈৰাজ্যবাদী বুলি। তেওঁলোকৰ অভিযোগসমূহ সঁচা যদিও গগৈ তথা সংগ্ৰাম সমিতিৰ আন্দোলনক উপৰুৱা বুলি নস্যাৎ কৰাটোৱে সাম্প্ৰতিক পৰিবৰ্তিত আৰ্থ-ৰাজনৈতিক পৰিবেশত গণ আন্দোলনৰ সম্ভাব্য চৰিত্ৰ সম্পৰ্কে তেওঁলোকৰ বাস্তৱবোধৰ অভাৱহে প্ৰতিপন্ন কৰে। আন কিছুসংখ্যকে গগৈ তথা সংগ্ৰাম সমিতিৰ সংগ্ৰামৰ প্ৰতি শুভাকাংক্ষী হৈও তাৰ দুৰ্বলতা-সীমাবদ্ধতাসমূহ উন্মোচন কৰি দেখুৱাবলৈ যত্ন কৰি আহিছে জনসাধাৰণৰ দীৰ্ঘম্যাদী সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখিয়ে। যোগ্যতাৰ দিশৰপৰা নিঃকিন হ’লেও এই অভাজনে নিজকে শেহতীয়া শিবিৰত অৱস্থান কৰা বুলি ভাবে। এই কথা অনস্বীকাৰ্য যে গগৈ তথা সংগ্ৰাম সমিতিয়ে সামগ্ৰিক লক্ষ্য আৰু সুপৰিকল্পিত ৰণকৌশলেৰে সংগ্ৰাম আগ বঢ়াই নিয়াৰ সলনি মূলতঃ বিভিন্ন ইছ্যুভিত্তিক-অসংলগ্ন সাময়িক প্ৰতিবাদৰ মাজত নিজকে ব্যস্ত ৰাখিছে – বহু সময়ত বিশুদ্ধ ব্যক্তিবিদ্বেষ, দেখ দেখ হঠকাৰিতা প্ৰদৰ্শন কৰিছে। তদুপৰি তেওঁলোকৰ সংগ্ৰামখনৰ চৰিত্ৰ মূলতঃ নৈৰাজ্যবাদী। সি যি নহওক, আমাৰ বাবে প্ৰাসংগিক প্ৰশ্নটো হ’ল : প্ৰণৱ বড়োৰ আত্মজাহ চূড়ান্ত মুহূৰ্তত নিয়ন্ত্ৰণহীন পৰিবেশত ঘটা অবাঞ্ছিত ঘটনা নে এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সুচিন্তিত ৰণকৌশল? যদি এয়া এক অবাঞ্ছিত ঘটনা তেন্তে আমি বড়োৰ মৃত্যু সন্দৰ্ভত ওপৰত উল্লেখ কৰা বক্তব্যকে পুনৰ দোহাৰিম। কিন্তু যদি এয়া সংগ্ৰাম সমিতিৰ ৰণকৌশল তেন্তে তাৰ সৈতে আন বহু কথা যোগ দিব লাগিব। সংগ্ৰাম সমিতিয়ে ৰণকৌশলৰ কথাটো অস্বীকাৰ কৰা দেখা গৈছে। কিন্তু এইক্ষেত্ৰত তেওঁলোকৰ স্থিতি স্পষ্ট যেন প্ৰতিপন্ন নহয়। যি সময়ত এই কথাটো অস্বীকাৰ কৰা হৈছে সেই সময়তে আন বহুতো সমিতিৰ সদস্যই আত্মজাহৰ বাবে সাজু হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কেন্দ্ৰীয় নেতৃত্বৰ অজ্ঞাতে বা বিৰুদ্ধে গৈ এনে ব্যাপক প্ৰস্তুতি সম্ভৱ নহয়। গতিকে আত্মজাহক যে সংগ্ৰাম সমিতিয়ে ৰণকৌশল হিচাপে গ্ৰহণ কৰিছিল সেয়া কম-বেছি পৰিমাণে প্ৰমাণিত হৈছে। (অৱশ্যে তৰ্কৰ অৱকাশ নিশ্চয় এতিয়াও আছে।) যদি সেয়ে হয়, তেন্তে বৰ ভয়াৱহ কথা হ’ব। এনে আত্মধ্বংসী ৰণকৌশল অৱলম্বন কৰি গণবিৰোধী চৰকাৰৰপৰা অন্য পন্থাৰে নোৱৰা কামো হঠাতে হাচিল কৰিব পৰা যাব বুলি যদি ভবা হৈছে, সেয়া নিঃসন্দেহে হঠকাৰী আৰু নৈৰাজ্যবাদী চিন্তাৰ পৰিচায়ক। চৰকাৰে এনে সংগ্ৰামসমূহে তুলি ধৰা অস্বস্তিকৰ ৰাজনৈতিক প্ৰশ্নসমূহ দমাই ৰাখি আন্দোলন-প্ৰতিবাদসমূহক কেৱল আইন-শৃংখলাৰ সমস্যা বুলি প্ৰতিপন্ন কৰিবলৈ অনবৰত চেষ্টা কৰি থাকে, কাৰণ আইন-শৃংখলাৰ সমস্যা বুলি পৰিগণিত হোৱাৰ পাছত তাক লাঠি-বন্দুক লগাই সহজে দমন কৰিব পাৰি। এইধৰণৰ ভয়াৱহ ৰণকৌশলে প্ৰকৃততে দমনমূলক চৰকাৰৰ হাতখন শক্তিশালী কৰিব। ইয়াৰ ফলস্বৰূপে গণসংগ্ৰামৰ লাভ হোৱাক ছাৰি লোকচানহে হ’ব। গতিকে এই সম্পৰ্কে সংগ্ৰামৰ স্বাৰ্থতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সময়োচিত চিন্তা-চৰ্চা কৰাটো ভাল হ’ব।

(২৫ ফেব্ৰুৱাৰি, ২০১৪। ‘অসমীয়াত কথা-বতৰা’ গোটত বিভিন্নজনৰ আলোচনাৰ মাজতে আগ বঢ়োৱা বক্তব্য। লিংক : https://www.facebook.com/groups/axomiyakothabotora/686792738039892/)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , ,
Posted in সানমিহলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: