প্ৰাকৃতিক বিজ্ঞানসমূহৰ বৈজ্ঞানিক মৰ্যাদা আমি বিনাপ্ৰশ্নে আৰু সশ্ৰদ্ধভাৱে গ্ৰহণ কৰো, কিন্তু সমাজবিজ্ঞানসমূহৰ অস্তিত্ব স্বীকাৰ কৰি ল’বলৈও আমি সহজে ৰাজি নহওঁ। গতিকে আচৰিত হ’বলগা নাই যে কেৱল এই বিতৰ্কতে নহয়, সাধাৰণভাৱে সামাজিক আলোচনা-বিলোচনাত আমি সমাজবিজ্ঞানগত প্ৰশ্নসমূহ শূন্যৰপৰা আলোচনা কৰিবলগা হয় – যেন সেই বিষয়ত আপুনি বা ময়েই পৃথিৱীত প্ৰথমবাৰ প্ৰশ্নটো উত্থাপন কৰিছো। আমাৰ সামাজিক পৰিবেশত সমাজবৈজ্ঞানিক চৰ্চাৰ এনে পয়ালগা অৱস্থাৰ কাৰণ কি বাৰু? এইখিনিতে প্ৰশ্ন হয়, প্ৰাকৃতিক বিজ্ঞানসমূহৰ প্ৰতি আমাৰ সশ্ৰদ্ধ মনোভাবৰ কাৰণ কি? ভাব হয় যে সেই মনোভাবৰ কাৰণ বৈজ্ঞানিক চেতনা বা বিজ্ঞানৰ স্বকীয় প্ৰমূল্যগত-জ্ঞানতাত্ত্বিক বৈশিষ্ট্য নহয়, বৰং তাৰ কাৰণ হ’ল প্ৰযুক্তিগত চমৎকাৰ। চকু ছাট মৰা প্ৰদৰ্শনীয় প্ৰযুক্তিয়েই এতিয়া বিজ্ঞানৰ মূলবস্তু, বিশেষকৈ মাৰণাস্ত্ৰ-কেন্দ্ৰিক আৰু অন্যান্য প্ৰাযুক্তিক উপকৰণ-কেন্দ্ৰিক গৱেষণাতে বৰ্তমানৰ বিজ্ঞান সাধনা কেন্দ্ৰীভূত য’ত বিশুদ্ধ বিজ্ঞানৰ গুৰুত্ব একপ্ৰকাৰ প্ৰান্তীয়। ইয়াৰ অন্যান্য ভালেমান দিশ থাকিলেও আমি মাত্ৰ আমাৰ সমাজৰ প্ৰেক্ষাপটত প্ৰযুক্তিৰ মৰ্যাদাৰ ওপৰতহে চকু দিব খুজিছো। প্ৰযুক্তিৰ এই প্ৰতিমূৰ্তিয়ে আমাৰ সমাজত একপ্ৰকাৰ ঈশ্বৰৰ আসন লাভ কৰিছে যাৰ ফলস্বৰূপে সাধাৰণভাৱে বিজ্ঞানে এক প্ৰশ্নহীন শ্ৰদ্ধা আদায় কৰিব পাৰিছে। তদুপৰি বৰ্তমান বিশ্বায়নৰ বিশ্বনাগৰিকীয় সংস্কৃতিত বিজ্ঞান মধ্যবিত্ত সমাজৰ বাবে ঊৰ্ধ্বমুখী সামাজিক চলনশীলতাৰ অপৰিহাৰ্য অংগত পৰিণত হৈছে। আনহাতে, সমাজবিজ্ঞানসমূহৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ বেলেগ। আমাৰ কলেজ-ইউনিভাৰ্ছিটিবিলাকত সমাজবিজ্ঞানসমূহৰ অৱস্থা অতিকে তথৈবচ, তাৰ শিক্ষা আৰু পাঠ্যপুথিসমূহ পূৰাপূৰি টেক্সুৱেল পৰ্যায়ৰ। সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ক’বলৈ গ’লেও, সমাজবিজ্ঞানসমূহৰ মানসম্পন্ন চৰ্চা মূলতঃ কিছুসংখ্যক ইউনিভাৰ্ছিটিৰ সীমাতে আবদ্ধ (সমাজবিজ্ঞানৰ দুৰ্গ!)। ইয়াৰ কিছু কাৰণ হয়তো সমাজবিজ্ঞানসমূহৰ চৰিত্ৰগত বৈশিষ্ট্যৰ মাজত লুকাই আছে : কাৰণ সেইসমূহৰ অধ্যয়নৰ বিষয় সচেতন মানুহৰ বিভিন্ন আচৰণ, প্ৰাকৃতিক বিজ্ঞানৰ দৰে বস্তুনিষ্ঠ অধ্যয়নপ্ৰণালীৰ নিমজ প্ৰয়োগ ইয়াত সম্ভৱপৰ নহয়। সাধাৰণভাৱে ক’ব পাৰি যে আমাৰ সমাজৰ পদানুক্ৰমবদ্ধ বা হাইৰাৰ্কিকেল ক্ষমতাৰ গাঁথনিয়েই সমাজবৈজ্ঞানিক চৰ্চাৰ বাটত প্ৰধান সামাজিক হেঙাৰ। কিয়নো সমাজবিজ্ঞানসমূহৰ জীৱন্ত চৰ্চাই পোনপ্ৰথমে ক্ষমতাৰ সেই গাঁথনিতেই আঘাত কৰিব। ইয়াৰ কিন্তু এটা ব্যতিক্ৰম আছে। সেইটো হ’ল ইতিহাস। ইতিহাসৰ অপৰিহাৰ্যতা আৰু অসীম গুৰুত্ব সম্পৰ্কে সকলোটিয়েই একমত, মাত্ৰ ইতিহাসৰ সংস্কৰণ বেলেগ বেলেগ হ’ব পাৰে। ইয়াৰ কাৰণ বোধকৰো জাতীয়তাবাদৰ সৈতে ইতিহাসৰ অংগাংগী সম্পৰ্ক। গতিকে জাতি গঢ়াৰ বাবে, ৰক্ষাৰ বাবে, বৃহৎ জাতিৰ আধিপত্যৰ বিৰুদ্ধে ভিতৰৰপৰা বা বাহিৰৰপৰা প্ৰতিৰোধ কৰিবৰ বাবে, জাতিগত প্ৰতিশোধ পূৰণৰ বাবে, জাতিৰ অতীতৰ ক্ষতি বা অপবাদৰ ক্ষতিপূৰণৰ বাবে আদি সকলো কাৰণতেই ইতিহাস নহ’লে নচলে। সেইবাবে সমাজৰ তলৰপৰা শিখৰলৈকে সকলো স্তৰতে নিজা নিজাধৰণৰ ইতিহাসৰ প্ৰচলন আছে। কিন্তু সেইটোৱে আমাৰ ইতিহাস চৰ্চালৈ এক মাৰাত্মক সীমাবদ্ধতাও আনি দিছে। যেনেকৈ ঔপনিবেশিক যুগৰ অসমৰ বুদ্ধিজীৱীয়ে ব্ৰিটিছৰ আগমনলৈকেহে সামৰি ইতিহাস ৰচিছিল, তেনেকৈ পাছৰ ইতিহাসবিদেও ১৯৪৭ চনৰ ১৫ আগষ্টলৈকেহে ইতিহাস লিখিব পাৰে – তাৰ পাছৰছোৱা লিখিবলৈ সাহস কৰিব নোৱাৰে। জাতিৰ অভ্যন্তৰৰ দ্বন্দ্বসমূহ এনেকৈয়ে আমি নেদেখাকৈ থাকিবলৈ চেষ্টা কৰো। এইটো প্ৰসংগ ইমানতে থওঁ।
জে ডি বাৰ্নালে যি ঐতিহাসিক চেতনা আৰু বিজ্ঞানৰ যি সমাজতত্ত্ব দাঙি ধৰিছিল তাৰ বহল আৰু নিৰ্মোহ আলোচনাৰ বিশেষ প্ৰয়োজন আছে। ক’বলৈ গ’লে, যিটো মাৰ্ক্সীয় ধাৰাৰ তেওঁ প্ৰতিনিধি তাৰ উৎকৃষ্ট আৰু প্ৰাঞ্জল সাক্ষী তেওঁৰ গ্ৰন্থকেইখনেই, বিশেষকৈ ‘ইতিহাসত বিজ্ঞান’ গ্ৰন্থখন য’ত তেওঁ বিশ্বকোষীয় প্ৰজ্ঞাৰে বিজ্ঞান আৰু সমাজৰ মাজৰ জটিল আন্তঃসম্পৰ্কসমূহ উন্মোচিত কৰিছে। আমি যিমানখিনি জানো, আজি বিজ্ঞান-সম্পৰ্কীয় চৰ্চাত সেই ধাৰাটো নাই বুলিলেই হয়, আৰু আনকি মাৰ্ক্সবাদী ধাৰাতো বাৰ্নালক বিগত যুগৰ অৰ্থডক্স মাৰ্ক্সবাদী বিজ্ঞান-চিন্তাৰ প্ৰতিনিধি হিচাপেই গণ্য কৰা হয়। তাৰ আঁৰত আছে বিশাল আৰ্থ-ৰাজনৈতিক ৰূপান্তৰ আৰু মাৰ্ক্সবাদী তথা বিজ্ঞান-সম্পৰ্কীয় চিন্তাৰ উল্লেখনীয় অগ্ৰগতি। কিন্তু বাৰ্নালৰ সূত্ৰ ধৰি আগুৱাই গ’লে সেইসমূহ বুজিবলৈ সহজ হ’ব। ছোভিয়েট সাম্যবাদৰ প্ৰতি আনুগত্য তথা তৎকেন্দ্ৰিক ৰাজনৈতিক কৰ্মতৎপৰতা আৰু পৰৱৰ্তী কালত কিছু মোহভংগ, তৎকালীন সাম্যবাদৰ সৈতে কেৱল সিমানেই বাৰ্নালৰ সম্পৰ্ক নহয়। প্ৰকৃতাৰ্থত বাৰ্নালৰ বিজ্ঞান-সম্পৰ্কীয় দৃষ্টিভংগীৰ দাৰ্শনিক শিপা তাৰ মাজত লুকাই আছে। বিজ্ঞান এক প্ৰগতিশীল শক্তি যাৰ গাৰপৰা পুঁজিবাদী ক্ষমতাৰ আঁচোৰসমূহ আঁতৰাই দিব পাৰিলে সি নিৰন্তৰ মানৱ প্ৰগতিৰ বাহকত পৰিণত হ’ব আৰু একমাত্ৰ বিজ্ঞানেহে সেই ভূমিকা পালন কৰিব পাৰিব। কিন্তু এই প্ৰত্যয়দীপ্ত দৃষ্টিভংগী সাম্প্ৰতিক চৰ্চাসমূহত দেখা নাযায়। আমি সদ্যহতে এই বিশাল প্ৰসংগটো ইমানতে এৰি ভাৰতীয় প্ৰেক্ষাপটলৈ অকণমান আহো যাৰ ফলস্বৰূপে এই প্ৰসংগটোও কিছু পৰিমাণে আলোকিত হ’ব।
শেহতীয়াভাৱে বিজ্ঞান ৰাষ্ট্ৰৰ যুক্তিত পৰিণত হৈছে। আগতে আছিল কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ধাৰণাটো, তাৰ সৈতে যোগ হৈছে বিজ্ঞান আৰু উন্নয়নৰ ধাৰণা। জনসাধাৰণৰ বিৰুদ্ধে জাতি-ৰাষ্ট্ৰৰদ্বাৰা পৰিচালিত হিংসাৰ ন্যায্যতা প্ৰতিপন্ন কৰিবৰ বাবে এই ধাৰণাসমূহ ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰৰ প্ৰাতিষ্ঠানিকীকৃত হিংসাৰ সৈতে বিজ্ঞানৰ যিটো ঘনিষ্ঠ সম্পৰ্ক দেখা গৈছে তাৰ কাৰণ কেৱল ধুৰন্ধৰ ৰাজনীতিক-পুঁজিপতিৰদ্বাৰা বিজ্ঞানৰ ‘অপব্যৱহাৰ’-এই নে? নে তাৰ আন কিবা ৰাজনৈতিক-সামাজিক কাৰণো আছে? স্বাধীনতাৰ পৰৱৰ্তী কালত জৱাহৰলাল নেহৰু নেতৃত্বাধীন ভাৰতৰ শাসক এলিট গোষ্ঠীয়ে বিজ্ঞানক ৰাষ্ট্ৰৰ এক দায়িত্ব হিচাপে গ্ৰহণ কৰিছিল আৰু ইয়াক দৈনন্দিন ৰাজনীতিৰ ঊৰ্ধ্বত এক নিৰাপদ আসন প্ৰদান কৰিছিল। এনেকৈ বিজ্ঞানৰ চৰ্চাক ৰাজনীতিয়ে ঢুকি নোপোৱাকৈ ৰখা হৈছিল আৰু একে সময়তে বৈজ্ঞানিক সমাজক ৰাষ্ট্ৰ-ক্ষমতাৰ ভিতৰচ’ৰাত প্ৰবেশৰ অবাধ অধিকাৰ আৰু সম্পদ-সুবিধাৰ বিশেষাধিকাৰ প্ৰদান কৰা হৈছিল। বিশেষকৈ পৰমাণুবিজ্ঞানীসকলৰ চৰ্চাক উদাৰচিত্তে উদগনি যোগোৱা হৈছিল, তেওঁলোকৰ সমস্ত খৰচ বিনা আপত্তিৰে বহন কৰা হৈছিল, সেই সম্পৰ্কীয় বিল আদি সদনতে হওক বা আন পৰ্যায়তে হওক কোনো স্তৰতে অলপো বাধাগ্ৰস্ত বা প্ৰশ্নৰ সন্মুখীন নহৈছিল, আৰু আটাইতকৈ ডাঙৰ কথা হ’ল, বাহিৰৰ গণতান্ত্ৰিক ৰাজনীতিয়ে যাতে এই প্ৰক্ৰিয়াসমূহক কোনোপ্ৰকাৰেই ছুব নোৱাৰে তাৰ বাবে সকলোধৰণৰ আইনগত সুৰক্ষা আৰু গোপনীয়তাৰ ব্যৱস্থা কৰা হৈছিল। গতিকে সেইসমূহ কৰ্মকাণ্ডৰ কোনো ৰাজহুৱা হিচাপ-নিকাচ, ভুল-শুদ্ধৰ বিচাৰ সম্ভৱপৰ নাছিল। চৰকাৰৰদ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন বিশেষ গৱেষণা সংস্থাসমূহত এনে এটা পৰিবেশ সৃষ্টি কৰা হৈছিল যাৰ ফলস্বৰূপে বিজ্ঞানীসমাজে নিজৰ ৰাজনৈতিক চিন্তা পৰিত্যাগ কৰি বিজ্ঞানৰ গোপনীয় সংস্কৃতি বিনাদ্বিধাই গ্ৰহণ কৰিছিল। কালক্ৰমত বিজ্ঞানীসমাজে উক্ত সংস্কৃতি আত্মস্থ কৰি নিজা উদ্যোগত ৰাষ্ট্ৰৰ দায়িত্ব পালন কৰিবলৈ আগ বাঢ়ি গৈছিল। গতিকে ভাৰতবৰ্ষত ধুৰন্ধৰ ৰাজনীতিক-পুঁজিপতি-সেনাবিষয়াই বিজ্ঞান তথা বিজ্ঞানীসমাজক ‘ভুলভাৱে’ ‘ব্যৱহাৰ’ বা ‘শোষণ’ কৰাৰ কথাটো হয়তো বৰ প্ৰযোজ্য নহ’ব। ১৯৭৪ চনৰ ভাৰতৰ প্ৰথম আণৱিক পৰীক্ষণটো প্ৰকৃততে আছিল এক নাগৰিক কৰ্মপ্ৰচেষ্টা, অৰ্থাৎ বিজ্ঞানীসমাজে একপ্ৰকাৰ নিজাববীয়াকৈ কৰা প্ৰচেষ্টা, ৰাষ্ট্ৰৰ উপস্থিতি কাষে-পাঁজৰেহে আছিল। (আমেৰিকাত বিংশ শতিকাৰ প্ৰথমাৰ্ধত আণৱিক শক্তিৰ বিৰুদ্ধে বিজ্ঞানীসকলৰ স্থিতিৰ সৈতে তুলনীয়।) আণৱিক বিজ্ঞানৰ এই প্ৰসংগই এটা কথা অন্ততঃ সূচায় যে ভাৰতৰ বিজ্ঞান-সংস্কৃতিৰ সৈতে ৰাষ্ট্ৰীয় হিংসাৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈছে। এনে পৰিস্থিতিত বিজ্ঞানীসকল সমাজৰ নতুন দেৱতাত পৰিণত হৈছে, লগতে তেওঁলোক হৈ পৰিছে ৰাষ্ট্ৰৰ ন্যায্যতাৰ প্ৰধান চূড়ান্ত উৎস। বিজ্ঞানীসকল, আৰু লগতে উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক্সপাৰ্টসকলেই হৈ পৰিছে দেশৰ ভাগ্যবিধাতা। ভাৰতীয় মধ্যবিত্তই প্ৰদৰ্শনীয় প্ৰযুক্তিৰ ৰূপতে বিজ্ঞানক বুজে আৰু প্ৰযুক্তিক দেশৰ সকলো আৰ্থ-সামাজিক সমস্যাৰ সৰ্বঢাক মন্ত্ৰৰূপে বিশ্বাস কৰে। তেওঁলোকে বিচাৰে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ঊৰ্ধ্বত থাকি এক অৰাজনৈতিক (কিয়নো ‘ডাৰ্টি পলিটিক্স’), টেক্ন’ক্ৰেটিক এলিট গোষ্ঠীয়ে ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক পৰিচালিত কৰক। গতিকে ‘শান্তিৰ বাবে বোমা’ই হওক, সেউজ বিপ্লৱেই হওক, বৃহৎ উদ্যোগেই হওক বা বৃহৎ নদীবান্ধেই হওক আপত্তিজনক একো নাথাকে। যদি আপত্তিজনক কিবা থাকেও, সেয়া হ’ব বৈজ্ঞানিক প্ৰচেষ্টাটোৰ ভুল পৰিণাম বা কুফলসমূহৰ প্ৰতি, তাৰ দুৰ্ব্যৱহাৰৰ প্ৰতিহে – বিজ্ঞান-সংস্কৃতিৰ চৰিত্ৰৰ প্ৰতি কেতিয়াও আঙুলি টোঁওৱা নহয় আৰু টোঁৱাবলৈ দিয়া নহয়। আনহাতে, দেখা যায় যে ভাৰতৰ বিজ্ঞানীসমাজ সাধাৰণভাৱে নাগৰিক অধিকাৰ তথা তেওঁলোকৰ বৈজ্ঞানিক কৰ্মৰ সামাজিক পৰিণামৰ প্ৰতি উদাসীন, কেতিয়াবা অসহিষ্ণুও। এই উদাসীনতা আৰু অসহিষ্ণুতা প্ৰকৃততে প্ৰচলিত বিজ্ঞান-সংস্কৃতিৰে অংগ। এনে পৰিস্থিতিত বৈজ্ঞানিক চেতনাৰ ভূমিকা কেনে হোৱা উচিত? এটা কথা ঠিক যে আমি যাক সাধাৰণতে বৈজ্ঞানিক চেতনা বা মানসিকতা বুলি কওঁ তাৰ অন্তৰ্নিহিত বিজ্ঞানৰ যি ধাৰণা তাৰ সৈতে উন্নয়নবাদী ৰাষ্ট্ৰৰ বিজ্ঞান-সম্পৰ্কীয় ধাৰণাৰ অংগাংগী সম্পৰ্ক আছে। এই প্ৰলোভনৰপৰা বৈজ্ঞানিক চেতনাই কিদৰে মুক্তি লাভ কৰিব? আমাৰ ভাব হয়, ৰাষ্ট্ৰীয় হিংসাৰ বলি হোৱা জনসাধাৰণৰ গণতান্ত্ৰিক আন্দোলনৰ সৈতে মতাদৰ্শগত সম্পৰ্ক স্থাপনৰ মাধ্যমেৰে। বিজ্ঞানৰ একপ্ৰকাৰ ৰাজনৈতিকীকৰণ তাৰ বাবে প্ৰয়োজনীয় যাৰ জৰিয়তে ৰাষ্ট্ৰক্ষমতাৰ সৈতে বিজ্ঞানৰ সম্পৰ্ক সঠিকভাৱে উন্মোচন কৰিব পৰা যায়। বিজ্ঞান-সংস্কৃতিৰ গণতান্ত্ৰিকীকৰণ হ’লেহে সি জনসাধাৰণৰ ক্ষমতাৰ আওতালৈ আহিব। বৈজ্ঞানিক চেতনাৰ আন্দোলনসমূহে এই ৰাজনৈতিক-মতাদৰ্শগত প্ৰত্যাহ্বান গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়।
(‘মুক্ত চিন্তা’ গোটত জে ডি বাৰ্নাল তথা বিজ্ঞান আৰু সমাজৰ আন্তঃসম্পৰ্কৰ বিষয়ে চলি থকা বিতৰ্কত দিয়া আমাৰ বক্তব্য। ৰচনা: ৩০-০৫-২০১৫)
Leave a Reply