চুমাক লৈ চলি থকা হুলস্থূলৰ মাজতে আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে। মটৰ গাড়ীয়েই হওক, এৰোপ্লেনেই হওক বা প্লাষ্টিক ছাৰ্জাৰিয়েই হওক – জ্ঞান-বিজ্ঞানৰ সকলো ক্ষেত্ৰতে যে প্ৰাচীন ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সবাতোকৈ আগবঢ়া আৰু সকলোৰে পথপ্ৰদৰ্শকস্বৰূপ আছিল, সেইটো দাবী কৰি ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মাহাত্ম্য উজ্জ্বল কৰিবলৈ আমি সদায়ে ব্যগ্ৰ হৈ থাকো। সেয়া নৰেন্দ্ৰ মোডীৰ ভাষণৰ মাজেৰেই হওক বা গুজৰাটৰ পাঠ্যপুথিৰ মাজেৰেই হওক বা আন কিবাপ্ৰকাৰেই হওক। যদিও সেই দাবী কেৱল বেদ-মহাভাৰতাদিৰপৰা তুলনীয় উদাহৰণ উল্লেখ কৰাতেই সীমাবদ্ধ। কিন্তু যৌনতা-সংক্ৰান্তীয় বিষয়ত যিবিলাক ক্ষেত্ৰত ভাৰত সঁচাকৈয়ে অগ্ৰগামী আছিল, যিটো বিশ্বৰ বিদ্বৎমহলে স্বীকাৰ কৰিও লৈছে, সেইবিলাক ক্ষেত্ৰত ভাৰতৰ কৃতিত্বক আমি উল্লেখ কৰাৰপৰা বিৰত থাকো – বৰং সিবিলাকক ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলিহে হুলস্থূল লগাওঁ। উদাহৰণস্বৰূপে, ভন ব্ৰায়েণ্ট (Vaughn Bryant, Texas) আদি নৃতত্ত্ববিদে সবিস্তাৰ গৱেষণাৰে সাব্যস্ত কৰিছে যে চুমাৰ উৎপত্তি ভাৰতবৰ্ষত। (এই নৃতত্ত্ববিদজন অন্যান্য বিষয়ৰ লগতে চুমাৰ বিষয়েও বিদগ্ধ পণ্ডিত। অৱশ্যে আমি তেওঁৰ ৰেফাৰেন্স থকা দুই-এটা লেখাহে পঢ়িছো, তেওঁৰ কিতাপ পঢ়াৰ সৌভাগ্য হোৱা নাই, ইণ্টাৰনেটত বিচাৰিলে হয়তো পোৱা যাব পাৰে।) ব্ৰায়েণ্টৰ অধ্যয়ন অনুসৰি, বিশ্বত প্ৰথমবাৰৰ বাবে চুমা-সদৃশ ক্ৰিয়াকলাপৰ উল্লেখ পোৱা যায় ঋকবেদত। মহাভাৰতত প্ৰথমবাৰৰ বাবে Lip-kissঅৰ উদাহৰণ পোৱা যায়। পৰৱৰ্তী সময়ত বাৎসায়নৰ ‘কামসূত্ৰ’ত বিভিন্ন প্ৰকাৰৰ চুমাৰ বহুল বিৱৰণ সন্নিৱিষ্ট হয়। ৩২৬ খ্ৰিষ্টপূৰ্বত আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ পাছত ধীৰে ধীৰে চুমাই ভাৰতৰপৰা পৃথিৱীৰ বিভিন্ন স্থানলৈ ব্যাপ্তি লাভ কৰে। প্ৰথমে, আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত তেওঁৰ সিঁচৰতি হৈ পৰা সেনাবাহিনীটোৰ মাধ্যমেৰে চুমা মধ্য প্ৰাচ্যৰ বিভিন্ন দেশত বিয়পি পৰে। ৰোমানসকলক ব্ৰায়েণ্টে Kissing Missonaries বুলি অভিহিত কৰিছে, কিয়নো তেওঁলোকেই চুমাক জনপ্ৰিয় কৰি তোলে, আৰু ইউৰোপৰ বেছিভাগ ঠাই আৰু উত্তৰ আমেৰিকালৈ ইয়াৰ বিস্তাৰ ঘটায়। এনেদৰেই ই বিস্তৃতি লাভ কৰি ইউৰোপৰ সমাজত দৈনন্দিন অভ্যাস তথা সাংস্কৃতিক আচৰণত পৰিণত হয়। গতিকে প্ৰশ্ন হ’ল, ইমানৰ পাছতো চুমাক কিয় ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলি কোৱা হয় বা আন বিভিন্ন ক্ষেত্ৰত কৰাৰ দৰে ইয়াক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ গৌৰৱৰে এটা দিশ বুলি কিয় গ্ৰহণ কৰা নহয়?
সি যি নহওক, ভাৰতীয় সংস্কৃতিৰ ধ্বজাধাৰীসকলে দাবী কৰাৰ দৰে চুমা খোৱাটো যদি ভাৰতীয় সংস্কৃতিৰ বিৰোধী, তেন্তে ৰাজহুৱাভাৱে মাৰ-পিট কৰাটো (অন্ততঃ ‘চুমাখাদক’সকলক) ভাৰতীয় সংস্কৃতিৰ অংগ নেকি?
আমি এতিয়া ভাৰতৰ কথা বাদ দি অসমৰ কথা এটাহে ক’ব খুজিছো। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত ‘চুমা-বিজ্ঞান’ নামৰ ধুনীয়া লেখা এটা আছে। (উপৰোক্ত ‘চুমা-বিজ্ঞান’ শিৰোনামটো আৰু ‘চুমাখাদক’ শব্দটো তাৰপৰাই লোৱা।) তেওঁ লিখিছে : ‘চাৰিওফালে বিজ্ঞানৰ চৰ্চা। স্বৰগ-বিজ্ঞান, নৰক-বিজ্ঞান, হাতী-বিজ্ঞান, ঘোঁৰা-বিজ্ঞান, বিজ্ঞানহে বিজ্ঞান।’ গতিকে কৃপাবৰেও চুমাৰ বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰিবলৈ অগ্ৰসৰ হৈছে। অৱশ্যে কেৱল বিজ্ঞানেই নহয়, তেওঁ চুমাৰ ব্যাকৰণৰ কথাও কৈছে – ‘Kiss is grammatically a noun, practically a conjunction.’
‘কি দেশী পণ্ডিত, কি বিলাতী পণ্ডিত, কোনেও চুমাৰ সঁচা ব্যাখ্যা দিব পৰা নাই। এই বিষয়ে তৰ্ক-বিতৰ্ক দ্বন্দ্ব-খৰিয়াল কৰি পণ্ডিতে পণ্ডিতে মৰামৰি লগাই মূৰ ফলাফলি হৈ পুলিচ কেছপৰ্যন্ত হৈ গৈছে। তথাপি ইয়াৰ এটা সাৰ্বভৌমিক মীমাংসা হৈ উঠা নাই। বুদ্ধিমান ভট্টাচাৰ্য কিন্তু এই মূৰ ফলাফলিত নাস্তি, এক ৰিঙৰ বাটৰ আঁতৰতহে অস্তি।’ কোনো কোনোৰ মতে বোলে, লিডিয়া নগৰৰ ওচৰত যেতিয়া প্ৰথমতে চুম্বক-লো আৱিষ্কৃত হয়, সেই সময়তে কামৰূপত চুম্বন আৱিষ্কৃত হয়। কিন্তু কৃপাবৰে সেইটো নামানে, তেওঁৰ মতে তাতোকৈ বহু আগতে আমাৰ কামৰূপৰ মানুহে চুমা খাব জানিছিল। এইদৰে তেওঁ চুমাৰ ‘বৈজ্ঞানিক ব্যাখ্যা’ দাঙি ধৰাৰ পাছত তাৰ বিভিন্ন ভাগ-উপভাগৰ এখন তালিকা দিছে আৰু তাৰ প্ৰতিটোৰে বৰ্ণনাও কৰিছে। তালিকাখন অতি বিচিত্ৰ : তপত চুমা, চেঁচা চুমা, দীঘল বা লেঙা চুমা, কটীয়া বা বাওনা চুমা, নাল লগা চুমা, খঁৰা চুমা, হাকুটীয়া চুমা, এফলীয়া চুমা, নিমাতী বা নিবুকা চুমা, লেলপেল চুমা, বনৰীয়া চুমা, পখিলা চুমা!!
সামৰণিত তেওঁ অসমবাসীয়ে চুমা খাব নজনাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে আৰু চুমাৰ বৈজ্ঞানিক প্ৰশিক্ষণৰ বাবে কাৰ্যপন্থা ল’ব বুলিও জনাইছে : ‘অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে। তেওঁবিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ’ল। কোনো কোনো ধনুৰ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰ ধৰে। কোনোৱে আকৌ ঢোৰা কাউৰীয়ে পকা আম খুটিওৱাৰ দৰে খুটিয়ায়। কোনোৱে ৰাক্ষসে মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে। এই অভাৱ আৰু দোষ দূৰ কৰিবৰ নিমিত্তে মান্যবৰ কৃপাবৰ বৰবৰুৱা বৰাবৰে অসমত এটি চুমাৰ পঢ়াশালি স্থাপন কৰিবৰ অভিসন্ধি কলিছে, আলু এই অভিসন্ধি বা দুলভিসন্ধিল সিদ্ধি-সিদ্ধান্ত ব্লিদ্ধি পুল্বক চুমাল স্বলসন্ধি আলু ব্যঞ্জন সদ্ধিল পলম্পল মিলনাথ সন্ধি স্থাপন কৰিবলৈ কথে তেওঁ ‘চুমা পৎলিকা’ নামে এখন সাতদিনীয়া অব্যৰ্থ কাকত উলিয়াবলৈ প্লস্তাবো কলিছে।’**
‘সকলো দেশহিতৈষী মহোদয়ে এই কাৰ্যত তেওঁক সহায় কৰা ন্যায়ানুচিত। এই পঢ়াশালিত বৈজ্ঞানিক প্ৰণালী অনুসাৰে চুমা খাবলৈ শিকোৱা যাব।’
**এই শেষৰ পিনে অদ্ভুত শব্দাৱলী দেখি ভয় খাব নালাগে, অলপ ইফাল-সিফাল কৰি মূল শব্দসমূহ ভাবি উলিয়ালেই হ’ল, কিয়নো কৃপাবৰে লেখাটোৰ তলত টোকা দিছে এইবুলি – ‘এই কেইফাকি কথা ক’বৰ কালত বৰবৰুৱাৰ বন্ধোৱা দাঁত দৈবাৎ খহি তেওঁক সোলা কৰি পেলাইছিল। যি হওক ততালিকে তেওঁ গম পাই আকৌ দাঁত মুখত লগাই ল’লে।’
(০৮-১১-২০১৪)
Leave a Reply