(বিশেষ দ্ৰষ্টব্য : লেখাটোৰ ৰচনাকাল খুব সম্ভৱ ২০০৯ চন। পৰৱৰ্তী কালৰ চিন্তাগত বিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এতিয়া লেখাটোৰ ভালেমান ধাৰণা সৰলীকৃত যেন আমাৰ ভাব হয়। কিন্তু বিষয়টোৰ প্ৰাসংগিকতা তথা তাৰ মূল সুৰটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো পুনৰ পাঠকলৈ আগ বঢ়ালো। মূল লেখাটোৰ দুই-এটা শব্দগত সালসলনি কৰি তাক ১৮ মাৰ্চ, ২০১২ তাৰিখে ‘জনসাধাৰণ’ কাকতত প্ৰকাশ কৰা হৈছিল, বৰ্তমান সেই ৰূপটোকে প্ৰায় হুবহু তুলি ধৰা হৈছে।)
আপোনাৰ মাজত সাংঘাতিক অলৌকিক শক্তি সুপ্ত হৈ থাকে, সেই শক্তিক যদি জগাই তুলিব পৰা যায় তেন্তে সকলোধৰণৰ অসাধ্য আপুনি সাধন কৰিব পাৰিব – এনেকুৱাধৰণৰ দৰ্শন এটাৰ প্ৰচাৰ-প্ৰসাৰ আজিকালি বৰকৈ দেখিবলৈ পোৱা যায়। ব্যক্তিগত উদ্যমৰ কৰ্ষণ আৰু পৰিবৰ্ধনেৰে কিদৰে সাফল্য অৰ্জন কৰিব পাৰি সেই বিষয়ক পশ্চিমীয়া-মাৰ্কিন লেখকৰ অনেক গ্ৰন্থৰ অসমীয়া অনুবাদ হৈছে আৰু ভাৰতীয় তথা অসমীয়া লেখকৰো ভালেমান এনেধৰণৰ গ্ৰন্থ প্ৰকাশ হৈছে। তদুপৰি আজিকালি অলিয়ে-গলিয়ে ব্যক্তিত্ব বিকাশ বা পাৰ্ছনেলিটি ডেভেলপমেণ্টৰ দুই-তিনিমহীয়া প্ৰশিক্ষণ হৈ থকা দেখা যায়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিজ্ঞানী শ্ৰদ্ধেয় আব্দুল কালাম সম্প্ৰতি এনে দৰ্শনৰ এজন সৰৱ আৰু জনপ্ৰিয় প্ৰবক্তা, কিন্তু তেওঁৰ জীৱন-সাধনাৰ প্ৰেৰণাৰে উদ্দীপ্ত হ’লেও কালামৰ এনেজাতীয় ৰচনাৰাজিত আৰ্থ-সামাজিক প্ৰশ্নসমূহৰ বিৰাট শূন্যতা পৰিলক্ষিত হয়। যাৰ অবিহনে যিকোনো তত্ত্ব-দৰ্শনেই শূন্যত ভাসমান বায়ৱীয় পদাৰ্থস্বৰূপ হৈ পৰিবলৈ বাধ্য।
সি যি নহওক, নতুন প্ৰজন্মৰপৰা দলে দলে ব্যক্তি এনেদৰে সাফল্য অৰ্জনৰ প্ৰচেষ্টাত ব্ৰতী হোৱাটো ক’বলৈ গ’লে খুবেই আশাপ্ৰদ কথা। মানুহৰ মনোবলৰ উদাহৰণ আমি ইতিহাসৰ পাতে পাতে পাওঁ, বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰে সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰা আধুনিক মানুহক নিশ্চয় নতুনকৈ মানুহৰ মাজত সুপ্ত হৈ থকা বিৰাট শক্তিৰ কথা সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই, কঠোৰ অধ্যৱসায়ৰ বলত সাফল্য লভিবলৈ সক্ষম হোৱা ব্যক্তি আমাৰ সন্মুখতে বহুজন আছে। গতিকে আত্মোন্নতিৰ মাধ্যমেৰে সাফল্যৰ বাটত আগ বাঢ়িব খোজাৰ প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয়। কিন্তু ব্যক্তিগত উদ্যমসৰ্বস্ব ব্যক্তিত্ব বিকাশৰ এই দৰ্শনটোৰ বাৰু আন কোনো গভীৰ বিবেচ্য দিশ নাইনে? ইয়াৰ ব্যাপক প্ৰচাৰ-প্ৰসাৰৰ আঁৰত কোনো ৰাজনৈতিক তাৎপৰ্য নিহিত হৈ আছে নেকি? আমাৰ বোধেৰে, সম্প্ৰতি নব্য সাম্ৰাজ্যবাদে সৃষ্টি কৰা অনিশ্চয়তাপূৰ্ণ, সংশয়াচ্ছন্ন আৰু বিক্ষিপ্ত সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত পুঁজিবাদৰ স্বাৰ্থত আৰু অনুকূলে সৃষ্ট আৰু বিকশিত যিবিলাক তত্ত্ব-দৰ্শনে দাৰিদ্ৰ্যক্লিষ্ট-নিপীড়িত জনগণক আত্মবিস্মৃত আৰু বিভ্ৰান্ত কৰিবলৈ যত্ন কৰি আছে, আলোচ্য ব্যক্তিত্ব বিকাশৰ দৰ্শনবিধো এইসমূহৰ পৰিয়ালৰে এক সদস্য মাথোন। ইয়াৰ অনন্য বৈশিষ্ট্য এয়ে যে ই যুৱ প্ৰজন্মটোক আগ্ৰাসনৰ লক্ষ্য কৰি লয় আৰু উচ্চবিত্ত-মধ্যবিত্ত-দৰিদ্ৰ সকলো স্তৰৰে ওচৰত ইয়াৰ আবেদন আছে। কিন্তু ক’ব পাৰি যে দৰ্শনটো মূলতঃ উচ্চবিত্তীয় চৰিত্ৰৰ।
নিৰাপদ কৰ্মসংস্থাপনহীনতা আৰু অপাৰ অনিশ্চয়তাৰ মাজত উপায়বিহীন আৰু হতাশাগ্ৰস্ত যুৱচামৰ হাতত আজি উত্তৰ নাই – তেওঁলোকৰ দুৰ্দশাৰ বাবে দায়ী কোন, ইয়াৰ প্ৰকৃত উৎস ক’ত লুকাই আছে। ব্যক্তিত্ব বিকাশৰ প্ৰবক্তাসকলৰ মতে – চিন্তাইহে বাস্তৱটো নিৰ্মাণ কৰে, বাস্তৱে চিন্তাক নহয়। আমি যি বিচাৰিম তাকেই কৰিব আৰু হ’ব পাৰিম আৰু এতিয়া যি কৰি আছো বা হৈ আছো, সেয়াও আমাৰ অতীতৰ চিন্তাৰ প্ৰতিফলনৰ বাদে আন একো নহয়। ভাৰত বা অসমৰ অনুন্নত অৱস্থাৰ আৰু মানুহবোৰৰ দুৰ্দশাৰ কাৰণ হ’ল নঞৰ্থক চিন্তা : আমি মানুহবোৰ প্ৰকৃততে অলগৰ্ধ আৰু মূৰ্খ – সদৰ্থক চিন্তা আমাৰ মগজুত নেখেলায়। ইউৰোপ-আমেৰিকাৰ উন্নতি-বৈভৱৰ কাৰণ হ’ল সিবিলাকৰ নাগৰিকসকলৰ সদৰ্থক চিন্তা আৰু নিজৰ মাজত লুকাই থকা ‘অলৌকিক শক্তি’ৰ উপযুক্ত বিকাশ সাধন। গতিকে পৰিত্ৰাণ পাবলৈ হ’লে আমি নিজৰ সংকীৰ্ণ নঞৰ্থক মানসিকতা এৰি মাৰ্কিন-ইউৰোপীয় মাৰ্কা সদৰ্থক মানসিকতা গ্ৰহণ কৰিব লাগিব। আজিৰ পৰোক্ষ সাম্ৰাজ্যবাদৰ দিনত সাম্ৰাজ্যবাদী শাসক জাতিৰ প্ৰতি এয়াই নিশ্চয় আমাৰ প্ৰশংসনীয় দৃষ্টিভংগী।
এতিয়া এটা মৌলিক প্ৰশ্ন কৰা যাওক। আলোচ্য দৰ্শনৰ প্ৰবক্তাসকলে অনবৰত প্ৰচাৰ কৰি থাকে যে তেওঁলোকৰ দৰ্শনৰ জখলাৰে বগাই গ’লে জীৱনত সাফল্য অনিবাৰ্য, আৰু এই সাফল্য অৰ্জনৰ আশাৰেই তেওঁলোকৰ ওচৰত যুৱচামটোৰ গৰিষ্ঠ একাংশই হেতা-ওপৰা লগায়গৈ। কিন্তু এই ‘সাফল্য’বিধনো কেনেধৰণৰ? এই প্ৰবক্তাসকলৰ ব্যাখ্যা-বক্তব্যত যুৱচামক অনুপ্ৰাণিত কৰা হয় উদ্যোগপতি, কোটিপতি ব্যৱসায়ী, নামী-দামী চেলিব্ৰিটি আদিৰ জীৱনাদৰ্শ অনুকৰণ কৰিবলৈ। এয়া পুঁজিবাদৰ আপাত-মোহনীয় কিন্তু বিষাক্ত জগতখনলৈ উদীয়মান প্ৰতিভাৱান যুৱচামক প্ৰলোভিত কৰাৰ বাবে দেখুওৱা বৰশীৰ টোপৰ বাহিৰে আন একো নহয়। বহুজাতিক কোম্পানিসমূহত (আজিকালি আনকি চৰকাৰী বিভাগৰ ক্ষেত্ৰতো) নতুনকৈ নিযুক্ত কৰ্মীৰ প্ৰশিক্ষণত বিশেষ গুৰুত্বসহকাৰে ব্যক্তিত্ব বিকাশৰ কাৰ্যসূচী সন্নিৱিষ্ট কৰা হয় : এনে কোম্পানিসমূহত যুৱ কৰ্মী একোজনৰ ভৱিষ্যৎ প্ৰধানতঃ নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব বিকাশৰ দৰ্শন আৰু কোম্পানিটোৰ মুনাফা অৰ্জনৰ কৌশলসমূহ ডালে-পাতে উদৰস্থ কৰি নিজকে সমাজ-উদাসীন কাম কৰা যন্ত্ৰ এটালৈ নিজকে কিমানখিনি পৰ্যবসিত কৰিব পাৰে তাৰ ওপৰত। প্ৰভুভক্ত কৰ্মচাৰী হিচাপে গঢ়ি তুলিবলৈ যুৱকৰ্মীসকলক মালিকপক্ষই অনবৰত ‘সাফল্য’ৰ টোপ দেখুৱাই ব্যক্তিত্ব বিকাশৰ শিক্ষা-প্ৰশিক্ষণ প্ৰত্যক্ষ-পৰোক্ষভাৱে দি থাকে যেতিয়ালৈকে তেওঁলোকৰ স্বকীয় ব্যক্তিত্বৰ সম্পূৰ্ণ ধ্বংসসাধন নহয়। বাস্তৱ কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ পাছত যুৱকৰ্মীসকলে ‘সাফল্য’ৰ সপোন নিজে নিজে পাহৰি পেলায় নতুবা কোম্পানিৰপৰা পোৱা পদোন্নতি আৰু সা-সুবিধাসমূহকে কাংক্ষিত ‘সাফল্য’ বুলি ভাবি আত্মসন্তুষ্টি লভে – সেয়া যিহেই নহওক, তেওঁলোকৰ মূল্যৱান কৰ্মশক্তি ব্যৱহাৰ কৰি কোম্পানিয়ে কিন্তু ঠিকেই পুঁজি বৃদ্ধি কৰি থাকে।
ব্যক্তিত্ব বিকাশৰ দৰ্শনত ব্যক্তিৰ আত্মজিজ্ঞাসাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। কিন্তু ইয়াত ব্যক্তিক এক সমাজবিচ্ছিন্ন স্বয়ংসম্পূৰ্ণ সত্তা হিচাপে গণ্য কৰা হয়। প্ৰকৃত প্ৰজ্ঞাৰ নিৰ্মাণত স্বজ্ঞাৰ (intuition) ভূমিকা নিঃসন্দেহে মূল্যৱান, কিন্তু এই স্বজ্ঞা কোনো সমাজবাস্তৱ-বিচ্ছিন্ন অধিদৈহিক উপলব্ধি নহয়। বাস্তৱ আৰু চেতনাৰ গভীৰ আৰু জটিল দ্বান্দ্বিক সম্পৰ্কৰ মাজেৰে প্ৰজ্ঞাৰ নিৰ্মাণ হয়; বাস্তৱৰ সৈতে এই দ্বান্দ্বিক সম্পৰ্কৰ মাধ্যমেৰে চেতনা যদি সমৃদ্ধ আৰু উত্তৰিত নহয় তেন্তে কেৱল চেতনাৰ মাজত আত্মনিমগ্ন হৈ থাকি কোনো প্ৰজ্ঞা আহৰণ সম্ভৱ নহয় – ইয়াৰদ্বাৰা অলস ভাববাদী জিজ্ঞাসাৰ অন্তহীন দ্বন্দ্বৰ মাজত পাকঘূৰণি খাই খাই কালাতিপাত কৰিব পাৰি মাত্ৰ। ভাববাদৰ নাওখনৰ ডাঙৰ ফুটাটো এইটোৱেই। ব্যক্তিত্ব বিকাশৰ প্ৰবক্তাসকলে প্ৰচাৰ কৰা আত্মজিজ্ঞাসাৰো ফাঁকিটো এইটোৱেই। কিন্তু তেওঁলোকে আত্মজিজ্ঞাসাৰ নামত অলপমান দাৰ্শনিকভাৱে গাঁই-গুঁই কৰিলেও তেওঁলোকৰ দৰ্শন শেষপৰ্যন্ত বিলীন হৈ যায় পুঁজিবাদৰ একান্ত সেৱক হৈ ধন আৰু মান আহৰণৰ জীৱনাদৰ্শত। আনহাতে, তথাকথিত আত্মজিজ্ঞাসাৰ মাজত মজি যদি যুৱচামটো সমাজচেতনা-ৰহিত হৈ পৰে তেতিয়াওতো পুঁজিবাদেই অধিক নিৰাপদ হয়। সেইবুলি ব্যক্তিত্ব বিকাশৰ প্ৰবক্তাসকলে যে সমাজৰ কল্যাণৰ কথা নকয় তেনে নহয়। সমাজৰ সেৱা কৰাৰ কথা তেওঁলোকে সজোৰেই প্ৰচাৰ কৰে। কিন্তু তেওঁলোকৰ সমাজসেৱাৰ উপায়টো হ’ল ব্যক্তিগতভাৱে আৰু আকস্মিকভাৱে কোনো ব্যক্তি বা অনুষ্ঠানক কৰা সহায়হে। তাতোকৈ ডাঙৰ কথা হ’ল দুৰ্দশাগ্ৰস্ত-দৰিদ্ৰ লোকৰ কল্যাণ সাধনৰ কোনো দায়িত্ববোধ নতুবা যৌক্তিকতা তেওঁলোকে অনুভৱ নকৰে। (অনুভৱ কৰিবনো কেনেকৈ? নঞৰ্থক জীৱন-দৰ্শনৰ বাবেহে এই লোকসকলে দুৰ্দশা-দাৰিদ্ৰ্যৰ মাজত কালাতিপাত কৰিবলগা হৈছে!) তেওঁলোকৰ তথাকথিত সমাজসেৱাৰ মাজত লুকাই থাকে দুৰ্ভগীয়াক পুতৌ কৰি নিজে মহৎ হোৱাৰ স্বাৰ্থপৰ বাসনা। (এনেদৰে পুণ্য অৰ্জন কৰি নিজে মুনাফাৰ স্বাৰ্থত কৰা অনৈতিক কাৰ্যকলাপৰ ফলত হ’ব পৰা নৈতিক হেঁচাৰপৰাও ৰেহাই পাবলৈ যত্ন কৰে নিশ্চয়।)
ব্যক্তিত্ব বিকাশৰ প্ৰবক্তাসকলে আত্মোন্নতিৰ কথা ক’বলৈ যাওঁতে প্ৰায়ে মনস্তত্ত্বৰ সহায় লোৱা দেখা যায়। গতিকে এইবিধ দৰ্শনৰ সৈতে আধুনিক মনস্তত্ত্বৰ মিতিৰালিৰ স্বৰূপ কেনেধৰণৰ সেয়া বিচাৰ কৰা নিশ্চয় প্ৰয়োজনীয়। ইয়াৰ বিদ্যায়তনিক শৃংখলা আৰু গভীৰতা, ক্ষেত্ৰ অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষা, সূক্ষ্ম বিশ্লেষণ সত্ত্বেও আধুনিক মনস্তত্ত্বৰ মৌলিক দুৰ্বলতা হ’ল সমাজতাত্ত্বিক আধাৰৰ অভাৱ। ই মানুহৰ মনোজগতখনক স্বয়ংসম্পূৰ্ণ বুলি গণ্য কৰে আৰু মানসিক সমস্যাৰ সমাধান মানসিক জগততে সম্ভৱ বুলি বিশ্বাস কৰে। পুঁজিবাদে সৃষ্টি কৰা নিৰাপত্তাহীন আৰু অনিশ্চয়তাপূৰ্ণ সামাজিক পৰিমণ্ডলত ব্যক্তিৰ মানসিক জীৱনত নানানটা স্নায়ৱিক সমস্যা-বিকৃতিৰ উদ্ভৱ হৈছে। কোৱা বাহুল্য যে আৰ্থ-সামাজিক হেতুসমূহ নিৰ্মূল নকৰাকৈ কেৱল মনোবল-সদিচ্ছা বা আন ডাক্তৰী উপায়েৰে এই সমস্যা-বিকৃতিসমূহৰ কিঞ্চিত উপশম ঘটাব পাৰিলেও স্থায়ীভাৱে উচ্ছেদ কৰা অসম্ভৱ। কিন্তু আধুনিক মনস্তত্ত্বই এই বৃথা চেষ্টাতে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। কাউন্সেলিং-থেৰাপি আদিৰে মনস্তত্ত্ববিদসকলে মানুহক উক্ত সমস্যা-বিকৃতিসমূহৰপৰা সকাহ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। (ইয়াৰ বিপৰীতে মনোজগতৰ স্বকীয় জটিলতাসমূহৰ প্ৰতি উদাসীন স্থূল বস্তুবাদী মনস্তত্ত্বক বিকল্পৰূপে গ্ৰহণ কৰাটোও সমীচীন হ’ব যেন ভাব নহয়।)
ব্যক্তিত্ব বিকাশৰ দৰ্শনৰ বিখ্যাত ‘দ্য ছিক্ৰেট’ নামৰ গ্ৰন্থখনৰ আধাৰত কৰা ভিডিঅ’ এটাৰ একাংশ চোৱাৰ সৌভাগ্য আমাৰ কিছু দিনৰ পূৰ্বে হৈছিল। তাত ‘আকৰ্ষণৰ তত্ত্ব’ (Law of attraction) বোলা আমোদজনক তত্ত্ব এটাৰ সৈতে পৰিচয় হ’লো। আপুনি যিটো বস্তু ‘প্ৰকৃততে’ পাব বিচাৰে তাক পাবৰ বাবে অন্তৰৰ গভীৰতৰ কোণৰপৰা বস্তুটোৰ বাবে কামনা কৰিব লাগিব; তেতিয়া আপোনাৰ মগজুৰপৰা ‘ধনাত্মক শক্তি’ সৃষ্টি হৈ চৌপাশে বিয়পি পৰিব; এই শক্তিৰ প্ৰতি বিশ্বব্ৰহ্মাণ্ডখনে সঁহাৰি জনাব আৰু এই সঁহাৰি জনালেই আপুনি মনে বিচৰা বস্তুটো পাবই পাব। এয়াই হ’ল মানুহৰ মনৰ অলৌকিক শক্তি, সুগভীৰ আকাংক্ষাৰদ্বাৰা লভা অনিবাৰ্য প্ৰাপ্তিৰ পৰিচয়। ৰংচঙীয়া অপবৈজ্ঞানিক কাগজেৰে ধুনীয়াকৈ পেকেট কৰি থোৱা ঘোঁৰা গোবৰৰ লদা এটাৰ বাহিৰে এই তত্ত্বটো আন একো নহয়। কোৱা বাহুল্য যে এনে টাইপৰ দেধাৰ তত্ত্ব ব্যক্তিত্ব বিকাশৰ প্ৰবক্তাসকলৰ হাতত মজুত আছে।
আচলতে মানুহৰ মনটোৰ শক্তিহে আছে, কোনো অলৌকিক শক্তি নাই। সাফল্যৰ কোনো ‘গোপন ৰহস্য’ নাই, যিটো কোনোবা দিনা হঠাতে আৱিষ্কাৰ কৰি নিমিষতে নিৰ্বিঘ্নে গৈ সাফল্যৰ শিখৰত উপনীত হ’ব পাৰি। ব্যক্তিগত উদ্যম আৰু অধ্যৱসায়ৰ মূল্য সদায়ে থাকিব। কিন্তু আমাৰ চিন্তা-চেতনাক বিভ্ৰান্ত আৰু জীৱনক বন্দী কৰি ৰখা আৰ্থ-সামাজিক পৰিস্থিতি সম্পৰ্কে সামগ্ৰিক আৰু নিৰ্মোহ জ্ঞানেহে আমাক বৰ্তমানৰ নৈৰাজ্যসদৃশ পৰিস্থিতিৰ ঊৰ্ধ্বলৈ গৈ মানৱতাৰ আৰ্তস্বৰ শুনাৰ শক্তি দিব। আমাক এই প্ৰচেষ্টাৰপৰা বিৰত ৰাখিবলৈকেই ন্যস্তস্বাৰ্থযুক্ত শক্তিসমূহে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। এই প্ৰলোভন নেওচি যাব পাৰিলেই আমি সন্মুখত দেখা পাম সেই বাট – যি বাটেদি গৈ উপনীত হ’ব পাৰি বিশাল জনসাধাৰণৰ সমূহীয়া সাফল্যত। এয়াই সাফল্যৰ মুকলি মূলমন্ত্ৰ।
Leave a Reply