জাতীয়তাবাদী ইতিহাসৰ সমস্যা

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ কথা বিবেচনা কৰিলে তেওঁক মহান দেশপ্ৰেমিকৰ শাৰীত ঠাই দিব পাৰিনে? মণিৰাম দেৱান-সম্পৰ্কীয় বিষয়টো আমাৰ আলোচনাৰ পৰিসৰৰ বাহিৰৰ বস্তু;আমি মাত্ৰ তত্ত্বগত আলোচনাৰ আৰম্ভণী বিন্দু হিচাপেহে তাৰ উল্লেখ কৰিছো। সি যি নহওক,উক্ত বিতৰ্কৰ বিষয়টোৰ চৰিত্ৰই আমাৰ ইতিহাসকেন্দ্ৰিক চিন্তা-চৰ্চাৰ সাধাৰণ চৰিত্ৰকে প্ৰতিনিধিত্ব কৰিছে। উক্ত বিষয়ৰ সপক্ষে আৰু বিপক্ষে উত্থাপিত হ’ব পৰা সম্ভাব্য দুয়োধৰণৰ যুক্তিয়েই প্ৰকৃততে একেটা কথাকে সাব্যস্ত কৰে : সেয়া হ’ল–দেশপ্ৰেমৰ স্বতঃসিদ্ধতা আৰু সৰ্বোচ্চতা,যাৰ মাপকাঠিৰে বিশেষ সময়-পৰ্যায়ৰ ৰাজনৈতিক নায়ক-নায়িকাৰ কাৰ্যকলাপৰ মূল্য তথা বৈধতা নিৰ্ণয় কৰা হ’ব। আমাৰ বোধেৰে,বিমূৰ্ত দেশপ্ৰেম মূলতে জাতি-ৰাষ্ট্ৰৰহে উপাদান। জাতি-ৰাষ্ট্ৰ হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ পূৰ্বৰ স্বাধীনতা সংগ্ৰামকালীন যি দেশপ্ৰেমৰ কথা আমি কওঁ সেয়া কেতিয়াও সম্পূৰ্ণৰূপে বিমূৰ্ত আৰু পূৰ্ণাংগ নাছিল;এফালে বিমূৰ্ততা আৰু পূৰ্ণাংগতা অৰ্জনৰ আধিপত্যবাদী প্ৰচেষ্টা আৰু আনফালে সেই প্ৰচেষ্টাৰ প্ৰতি আভ্যন্তৰীণ প্ৰত্যাহ্বান তথা বৈকল্পিক ভাবধাৰাৰ বিকাশ,এই দুই প্ৰৱণতাৰে অহৰহ দ্বন্দ্বমুখৰ আছিল সেই দেশপ্ৰেম। তাৰ ফলস্বৰূপে সি গ্ৰামশ্চিয়ে কোৱাৰ দৰে প্ৰকৃতাৰ্থত ‘জনপ্ৰিয় ধৰ্ম’ৰ ৰূপ পৰিগ্ৰহ কৰাত বিফল হৈছিল। কিন্তু স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত সি ৰাষ্ট্ৰৰ মতাদৰ্শত পৰিণত হোৱাত তাৰ চৰিত্ৰ মূলগতভাৱে সলনি হৈছিল। এক সমসত্ব আৰু সৰ্বঢাক জাতীয়তাবাদ আৰু জাতি-ৰাষ্ট্ৰ গঠনৰ মাধ্যমেৰে তাৰ ৰাজনৈতিক পূৰ্ণতাপ্ৰাপ্তি : আধুনিক ভাৰতীয় ৰাষ্ট্ৰৰ ন্যায্যতা প্ৰতিপন্ন কৰিবৰ বাবে এয়া আছিল ঘাই মতাদৰ্শগত ভিত্তি। ইয়াৰ লগে লগে জাতীয়তাবাদৰ দ্বন্দ্বমুখৰ আৰু প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ৰূপটোক দৃষ্টিৰপৰা অন্তৰ্হিত কৰি পেলোৱা হৈছিল আৰু তাৰ ঠাইত আধিপত্যশীল ধাৰাটোৱে আইনী পোছাক পিন্ধি নিগাজীকৈ বহি লৈছিল। আধুনিক ছেকুলাৰ পৃথিৱীত হিংসাক বিতৰ্কাতীত নৈতিক ন্যায্যতা প্ৰদান কৰিব পাৰে একমাত্ৰ জাতীয়তাবাদেহে। স্বাধীনতাপূৰ্ব ভাৰতত প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসকশ্ৰেণীৰ অন্যায় আৰু আগ্ৰাসনৰ বিৰুদ্ধে যোৱা জনসাধাৰণৰ বিভিন্ন অংশৰ প্ৰতিৰোধ আৰু হিংসাক নৈতিক ন্যায্যতা তথা মহিমান্বিত ৰূপ দিছিল জাতীয়তাবাদে। কিন্তু স্বাধীনতাৰ লগে লগে সেই নৈতিক কৰ্তৃত্ব উত্তৰাধিকাৰসূত্ৰে লাভ কৰিছিল জাতীয় ৰাষ্ট্ৰই। তাৰ ফলস্বৰূপে পৰৱৰ্তী কালৰ জনসাধাৰণৰ প্ৰতিৰোধসমূহে ন্যায্যতা হেৰুৱাই অবৈধ আৰু জাতিবিৰোধী ৰূপত প্ৰতিভাত হৈ আহিছে,যাৰ বিৰুদ্ধে ৰাষ্ট্ৰই অহৰহ প্ৰকাশ্য আৰু প্ৰচ্ছন্ন ৰূপত প্ৰাতিষ্ঠানিক হিংসাৰ প্ৰয়োগ কৰি আহিছে। এই হিংসা ৰাষ্ট্ৰৰ মজ্জাগত,যাৰ আঁৰত লুকাই আছে ভাৰতীয় জাতীয়তাবাদৰ অন্তৰ্দ্বন্দ্ব। সেই অন্তৰ্দ্বন্দ্বৰপৰা সৃষ্ট উত্তেজনাই এক স্ববিৰোধৰ ৰূপত আত্মপ্ৰকাশ কৰা দেখা যায় : ভাৰতীয় ৰাষ্ট্ৰই এফালে ভাৰতীয় জাতিৰ দীৰ্ঘদিনীয়া ঐক্যবদ্ধ অস্তিত্বৰ কথা সজোৰে ঘোষণা কৰি থাকে,কিন্তু একে সময়তে আনফালে ‘জাতিবিৰোধী’উপাদানসমূহৰ প্ৰতি ভীত-সন্ত্ৰস্ত হৈ থাকে। এতিয়া আমাৰ প্ৰশ্নটো হ’ল,আমাৰ ইতিহাস-চিন্তাই জাতীয়তাবাদৰ এই দ্বন্দ্ববিদীৰ্ণ ব্যঞ্জনা উপলব্ধি কৰিবলৈ সক্ষম হৈছেনে? নে সি এতিয়াও পুৰণি ছেকুলাৰ-জাতীয়তাবাদী নিশ্চয়তাৰ পৃথিৱীখনতে মূৰ গুঁজি আছে?

জাতীয়তাবাদী বোলোতে আমি কেৱল ইতিহাস চৰ্চাৰ জাতীয়তাবাদী হিচাপে চিহ্নিত ধাৰাটোৰ কথা কোৱা নাই,কৈছো জাতীয়তাবাদী ফ্ৰেম বা বেষ্টনিৰ কথা যি জাতীয়তাবাদী,বাঁওপন্থী আৰু অন্যান্য ৰেডিকেল ইতিহাসতত্ত্বসমূহক একোটা জাতীয় পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিছে। এই ফ্ৰেম মাত্ৰ এটা নহয়,বহুতো–কিন্তু সিহঁতৰ মাজত উমৈহতীয়া বৈশিষ্ট্য হ’ল জাতি আৰু জাতীয়তাবাদক স্বতঃসিদ্ধ আৰু সৰ্বোচ্চ মাপকাঠি আৰু প্ৰমূল্য বুলি গ্ৰহণ কৰাটো। পুৰণি জাতীয়তাবাদী ইতিহাসৰ বিপৰীতে গৈ বিভিন্ন ৰেডিকেল ইতিহাসতত্ত্বই কৃষক,শ্ৰমজীৱী,নিম্নবৰ্গ গোষ্ঠীসমূহৰ স্বায়ত্ত আৰু সক্ৰিয় তৎপৰতাৰ ওপৰত গুৰুত্বাৰোপ কৰি ইতিহাস চৰ্চাৰ ৰূপ সলনি কৰি পেলাইছে। কিন্তু সেইসমূহতো বহু সময়ত দেখা গৈছে যে জনসাধাৰণৰ এই নিপীড়িত অংশসমূহৰ ৰাজনৈতিক তৎপৰতাই মূল্য আৰু খ্যাতি অৰ্জন কৰিছে সৰ্বভাৰতীয় জাতীয়তাবাদৰ প্ৰতি আগ বঢ়োৱা সিবোৰৰ ‘অৱদান’ৰ বাবেহে,কোনো নিজস্ব কাৰণত নহয়। এফালে নেতৃত্বদায়ী সৰ্বভাৰতীয় এটা শ্ৰেণীৰ নেতৃত্বত পৰিচালিত জাতীয় আন্দোলন আৰু আনফালে ভাৰতৰ বিভিন্ন অঞ্চলৰ,বিভিন্ন অংশৰ জনসাধাৰণৰ তাৰ প্ৰতি কম-বেছি ‘অৱদান’– এই ফ্ৰেমৱৰ্কটোৰ প্ৰশ্নহীন গ্ৰহণ আৰু প্ৰয়োগে বিস্তৰ আৰু জটিল শ্ৰেণীগত,অঞ্চলগত,বৰ্ণগত আৰু লিংগগত ভিন্নতাক সৰলীকৃত কৰি এক সমসত্ব আৰু শিলীভূত ৰূপ প্ৰদান কৰে। জাতীয়তাবাদ,সাম্প্ৰদায়িকতাবাদ,লগতে ঔপনিবেশিকতাবাদ–এইকেইটা হ’ল উক্ত ফ্ৰেমৱৰ্কে গঢ় দিয়া মহাধাৰণা বা মূল কেটেগৰি। ভবা হয় যে এই মহাধাৰণাসমূহৰ হাততে ইতিহাসৰ ছাবি-কাঠি লুকাই আছে যি আধুনিক ভাৰতৰ সমস্ত ৰহস্য আমাৰ সন্মুখত উন্মোচিত কৰি দেখুৱাব পাৰে। উক্ত ফ্ৰেমৱৰ্কৰ ভিত্তিত স্বাধীনতা-পৰৱৰ্তী ভাৰতৰ বৌদ্ধিক জগতত একপ্ৰকাৰ বাঁও জাতীয়তাবাদী-মাৰ্ক্সবাদী ঐকমত্যই প্ৰতিষ্ঠা লাভ কৰিছিল যিটো আছিল ৰাষ্ট্ৰৰ নেহৰুবাদী নীতিৰ এক পৰিপূৰকৰ নিচিনা। সত্তৰৰ দশকৰপৰা ৰেডিকেল ইতিহাসতত্ত্বসমূহে উক্ত ফ্ৰেমৱৰ্কটোৰ ভিত্তিত খহনীয়াৰ সৃষ্টি কৰি আহিছে। কেমব্ৰিজ স্কুলৰ ইতিহাসে মহান জাতীয় নেতৃবৃন্দৰ মতাদৰ্শৰ আঁৰত লুকাই থকা স্বাৰ্থচিন্তা তথা ক্ষমতাৰ টনা-আঁজোৰাসমূহ উন্মোচন কৰিলে। নিম্নবৰ্গৰ ইতিহাসে এফালে কেন্দ্ৰীয় নেতৃত্বৰ সীমাবদ্ধতাৰ বিপৰীতে নিম্নবৰ্গ জনসাধাৰণৰ বহুমাত্ৰিক আৰু স্বতন্ত্ৰ ৰাজনৈতিক প্ৰচেষ্টাক ঊৰ্ধ্বত তুলি ধৰিলে,আনফালে দেখুৱালে যে জাতীয়তাবাদৰ উচ্চস্বৰীয় দাবী সত্ত্বেও প্ৰকৃতাৰ্থত ‘জাতিয়ে ঠন ধৰি উঠিব নোৱাৰিলে’। কিন্তু কোনোটো ধাৰায়েই পৰ্যাপ্ত ৰূপত মৌলিক মহাধাৰণা জাতীয়তাবাদক সমস্যা হিচাপে চিত্ৰিত কৰিব নোৱাৰিলে,বা জাতীয়তাবাদক problematize কৰাত ব্যৰ্থ হ’ল। ৰণজিৎ গুহৰ উল্লেখেৰে সুমিত সৰকাৰে দেখুৱাইছে যে নিম্নবৰ্গৰ ইতিহাসৰ প্ৰাৰম্ভতেই ‘ঔপনিবেশিক ভাৰতৰ ইতিহাসতত্ত্ব’আৰু ‘ভাৰতীয় জাতীয়তাবাদ’ৰ মাজত সমান চিন বহুওৱাৰ প্ৰৱণতা পৰিস্ফুট হৈছিল। (‘Writing Social History’, p. 359) উক্ত ধাৰাৰ পৰৱৰ্তী কালৰ পৰিবৰ্তনসমূহে এই প্ৰৱণতাক অধিক শক্তিশালী কৰি তুলিছে। অধিক বস্তুনিষ্ঠ মাৰ্ক্সবাদী ইতিহাস লিখিবলৈ গৈ আৰম্ভ হোৱা নিম্নবৰ্গ ইতিহাসৰ ধাৰাটোৱে ছাইডীয়-ফুকোডীয় বাটেৰে অধিক আগ বাঢ়ি গৈ একপ্ৰকাৰ জ্ঞানতাত্ত্বিক অনিশ্চয়তাৰ দিশে ধাৱিত হৈছিল। ঔপনিবেশিক দমনৰ ঠাইত এতিয়া আহি পৰিছিল পাশ্চাত্যৰ সাংস্কৃতিক আগ্ৰাসন, নিম্নবৰ্গীয় চেতনাৰ ঠাইত আহি পৰিছিল মূলতঃ ধৰ্মকেন্দ্ৰিক গোষ্ঠীচেতনা যাক এনলাইটেনমেণ্টৰ প্ৰমূল্যৰ বিপৰীতে থিয় কৰাব পাৰি। ঔপনিবেশিক বাগধাৰাৰ সমালোচনাৰ ঘাই মাপকাঠি হৈ পৰিছিল আধুনিক পাশ্চাত্যৰ বিপৰীতে সাংস্কৃতিক স্বায়ত্ততা,ইয়াৰ ভিত্তিতে থলুৱা সম্প্ৰদায়গত প্ৰমূল্যৰ প্ৰকাশসমূহক গৰিমায়ন কৰা হৈছিল যিটোৱে থলুৱা ক্ষমতা-সম্পৰ্কসমূহক দৃষ্টিৰপৰা আঁতৰাই নিছিল। উন্নয়ন,উদ্যোগবাদ,ছেকুলাৰবাদ আদিৰ সমালোচনা আগ বঢ়োৱা আধুনিকতা-সমালোচনাৰ দেশীয় ধাৰাটোতো দেশীয় সমাজৰ আভ্যন্তৰীণ ক্ষমতা-সম্পৰ্কসমূহৰ প্ৰতি একেধৰণৰ উদাসীনতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে,আশিস নন্দীয়ে তেওঁৰ বিখ্যাত ‘Intimate Enemy: the Loss and Recovery of the Self under Colonialism’ পুথিত পাশ্চাত্যৰ সাংস্কৃতিক আগ্ৰাসনৰ বিপৰীতে থলুৱা পৱিত্ৰতা (innocence)ক উপস্থাপন কৰিছে। কিন্তু আমাৰ বোধেৰে এই ভাবধাৰাৰ যথাৰ্থ সমালোচনা এতিয়াও হোৱা নাই,প্ৰায় ক্ষেত্ৰতেই সমালোচকবৃন্দই ছেকুলাৰ-জাতীয়তাবাদী নিশ্চয়তাৰ মাজতে স্বস্তি আৰু প্ৰশান্তি বিচাৰি পোৱা পৰিলক্ষিত হৈছে। আভ্যন্তৰীণ ক্ষমতা-সম্পৰ্কসমূহৰ জটিল আৰু প্ৰচ্ছন্ন ৰূপ পোহৰলৈ অনাৰ মাধ্যমেৰেহে হয়তো ইয়াৰ সীমাবদ্ধতাসমূহ সাৰ্থকভাৱে উন্মোচন কৰিব পৰা যাব,যিটো ভাৰতীয় বৌদ্ধিক পৰিবেশত এতিয়াও বহু পৰিমাণে অস্বস্তিদায়ক হৈ আছে। ইয়াৰ সৈতে জড়িত দ্বিতীয়টো দিশ হৈছে আধুনিকতাৰ সমস্যাসমূহ সম্পৰ্কে তত্ত্বগত সমালোচনা বিকশিত কৰাটো। আধুনিকতাৰ সীমাবদ্ধতাসমূহ আঙুলিয়াই দেখুওৱা মূলতে সংস্কৃতিবাদী (আশিস নন্দীয়ে ‘Traditions, Tyranny and Utopias’ গ্ৰন্থত নিজৰ বিষয়ে কোৱাৰ দৰে,‘সমালোচনাত্মক পৰম্পৰাবাদী’) সমালোচনাৰ প্ৰত্যুত্তৰ নিশ্চয় এনলাইটেনমেণ্টৰ নিছক পুনৰুত্থাপন আৰু সুদৃঢ়কৰণ হ’ব নোৱাৰে;এক সমালোচনাত্মক আৰু বৈকল্পিক আধুনিকতাৰ বিকাশেহে তাৰ যথাৰ্থ প্ৰত্যুত্তৰ দিব পাৰিব,লগতে দেশীয় সমাজৰ আভ্যন্তৰীণ দ্বন্দ্ববিলাকো সাঙুৰি ল’ব পাৰিব। টি. এন. মদন আৰু আশিস নন্দী আদিৰ বিপৰীতে গৈ ৰাজীৱ ভাৰ্গৱে বিকশিত কৰা ছেকুলাৰবাদৰ নতুন সংজ্ঞা,সুদীপ্ত কবিৰাজে বিকশিত কৰা আধুনিকতাৰ বৈকল্পিক সংজ্ঞাৰ কথা এইখিনিতে উনুকিয়াব পাৰি। (ভাৰ্গৱ আৰু কবিৰাজৰ ধাৰণাসমূহ তেওঁলোকৰ বিভিন্ন ৰচনা আৰু গ্ৰন্থত সিঁচৰতি হৈ আছে,এই বিষয়ে পাছলৈ বহলাই লিখাৰ ইচ্ছা থাকিল।) সি যি নহওক,নিম্নবৰ্গৰ ইতিহাসৰ সাংস্কৃতিক দিশ-পৰিবৰ্তনে দুটা সমস্যাৰ সৃষ্টি কৰিলে। প্ৰথমতে,ৰেডিকেল ইতিহাসতত্ত্ব আৰু সংখ্যাগৰিষ্ঠবাদী সাংস্কৃতিক জাতীয়তাবাদৰ মাজত এক উমৈহতীয়া বাগধাৰাগত বিচৰণক্ষেত্ৰৰ সৃষ্টি কৰিলে। দ্বিতীয়তে,নাৰী,দলিত-নিম্নবৰ্ণ আদি গোষ্ঠীসমূহৰ বিস্তৃত ৰাজনৈতিক তৎপৰতাৰ সহানুভূতিপূৰ্ণ আলোচনাৰ বাট তত্ত্বগতভাৱে অৱৰুদ্ধ কৰি পেলালে,কিয়নো এই গোষ্ঠীসমূহে আধুনিক পাশ্চাত্যৰ প্ৰমূল্যসমূহক নিজৰ ৰাজনীতিৰ ভিত্তিস্বৰূপে নিঃসংকোচে গ্ৰহণ কৰিছিল,আৰু বহু সময়ত ‘ৰাজানুগত’,আনকি কেতিয়াবা প্ৰকাশ্যে ‘জাতীয়তাবাদ-বিৰোধী’স্থিতি গ্ৰহণ কৰিছিল।

প্ৰশ্ন হ’ল,এই জাতীয়তাবাদী ফ্ৰেমৰ পৰিসীমা কিদৰে অতিক্ৰম কৰা যাব? জি. এলয়ছিয়াছে তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ‘Nationalism without a Nation in India’ত ভাৰতীয় জাতীয়তাবাদৰ আলোচনাৰ ক্ষেত্ৰত ইতিহাস আৰু সমাজতত্ত্বৰ একপ্ৰকাৰ সমন্বিত প্ৰয়াসৰ ধাৰণা দাঙি ধৰিছে জাতীয়তাবাদ-সম্পৰ্কীয় শেহতীয়া তত্ত্বগত অৱদানসমূহৰ আলোকত। মতাদৰ্শ,সংগঠন,আন্দোলন আদি বিভিন্ন দিশ সামৰি লোৱা ভাৰতীয় জাতীয়তাবাদৰ যি অধ্যয়ন,তাত ইতিহাসবিদসকলৰ একাধিপত্য বিৰাজ কৰি আহিছে। ইতিহাসবিদসকলৰ বাবে আছুতীয়া এই ক্ষেত্ৰখনত অন্যান্য সমাজবিজ্ঞানীসকলে বৰ বিশেষ প্ৰবেশ কৰা নাই। আনহাতে,এই ক্ষেত্ৰৰ বাহিৰৰ বিভিন্ন সামাজিক আন্দোলনসমূহৰ আলোচনা আগ বঢ়াই আহিছে সমাজতত্ত্ববিদসকলে;সামাজিক গতিশীলতা,সংস্কৃতায়ন-পাশ্চাত্যকৰণ আদি কেটেগৰিৰ সহায়ত। যদিও জাতীয়তাবাদী আৰু সামাজিক,এই দুয়োবিধ আন্দোলন সমসাময়িক আৰু পৰিপূৰক,আৰু আধুনিক ভাৰতৰ নিৰ্মাণপ্ৰক্ৰিয়াত দুয়োটা ধাৰাই প্ৰৱহমান–তথাপি দুয়োটাৰ সামগ্ৰিক ৰূপটোক কেতিয়াও সমস্যা ৰূপত দাঙি ধৰা হোৱা নাই। ইয়াৰ ফলস্বৰূপে ‘জাতীয়’আৰু ‘সামাজিক’,এইদুটা সত্তাৰ মাজত দুৰ্লংঘ্য প্ৰাচীৰ গঢ় লৈছে : ‘জাতীয়’সত্তাটোৱে পৃথকীকৃত-অন্তৰিত আৰু উত্তোলিত হৈ গৰিমামণ্ডিত ৰূপত শিলীভূত হৈ পৰিছে,আনহাতে,‘সামাজিক’সত্তাটোৱে সংকীৰ্ণ,বৰ্ণবাদী,আঞ্চলিক হিচাপে পৰিগণিত হৈ তাৰ ওচৰত মূৰ দোঁৱাবলগা হৈছে। এতিয়া ইতিহাসৰ মাজলৈ সমাজতত্ত্বৰ প্ৰবেশেহে,অৰ্থাৎ একপ্ৰকাৰ ‘জাতীয়তাবাদৰ সমাজতত্ত্ব’ইহে এই জাতীয়তাবাদী ফ্ৰেমৰ সীমাবদ্ধতাসমূহ উন্মোচন কৰিব পাৰিব। শেহতীয়াভাৱে বিভিন্নজন পণ্ডিতৰ ৰচনাত এনে সমাজতত্ত্বমুখী প্ৰচেষ্টা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে,শেখৰ বন্দ্যোপাধ্যায়ে ‘From Plassey to Partition: A History of Modern India’ গ্ৰন্থত ভাৰতীয় জাতীয়তাবাদক বহুত্ববাদী আৰু ‘বহুস্বনিক’বা পলিফ’নিক জাতীয়তাবাদ বুলি অভিহিত কৰিছে। জাতি-ৰাষ্ট্ৰ-কেন্দ্ৰিক সমসত্ব জাতীয়তাবাদ, যি প্ৰতিষ্ঠা কৰিব খোজে যে স্বাধীনতা সংগ্ৰামত দেশীয় জনসাধাৰণে কেৱল এটা আৰু একক কণ্ঠত কথা কৈছিল,তাৰপৰা তত্ত্বগত প্ৰস্থান কৰি বন্দ্যোপাধ্যায়ে দ্বন্দ্বমুখৰ আৰু প্ৰতিদ্বন্দ্বিতাপূৰ্ণ বহু-কণ্ঠৰ ধাৰণা দাঙি ধৰিছে। কংগ্ৰেছে ভাৰতীয় জাতীয়তাবাদৰ মূলসুঁতিটোৰ প্ৰতিনিধিত্ব কৰে যিটোৱে ভাৰতীয় জাতি-ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ মাধ্যমেৰে পৰিপূৰ্ণতা অৰ্জন কৰিছিল। কিন্তু এই মূলসুঁতিৰ সমান্তৰালভাৱে আৰু প্ৰতিমুখে আন বহুতো শক্তিশালী সংখ্যালঘু কণ্ঠৰ উপস্থিতি দেখিবলৈ পোৱা যায়–মুছলমান,অব্ৰাহ্মণ আৰু দলিত,নাৰী,শ্ৰমিক আৰু কৃষক আদি। এই সংখ্যালঘু কণ্ঠসমূহৰ স্বাধীনতা তথা সামূহিক ভৱিষ্যৎ সম্পৰ্কীয় ধাৰণাসমূহ আছিল পৃথক, যিসমূহক মূলসুঁতিটোৱে নিজৰ ভিতৰত শান্তিপূৰ্ণভাৱে সমাহৃত কৰিবলৈ সক্ষম হোৱা নাছিল,বৰং সেইসমূহৰ সৈতে অমীমাংসিত টনা-আঁজোৰা কৰিয়েই আগ বাঢ়ি যাবলগা হৈছিল। দলিতসকলৰ সমানাধিকাৰ আৰু নাগৰিকত্বৰ দাবী,নাৰীসমাজৰ স্বায়ত্ততা অৰ্জনৰ প্ৰচেষ্টা,শ্ৰমিক-কৃষকৰ ন্যায়ৰ বাবে সংগ্ৰাম আদিয়ে যেনেতেনেকৈহে কংগ্ৰেছৰ ৰাজনৈতিক সাৰ্বভৌমত্বৰ আন্দোলনৰ লগত তাল মিলাব পাৰিছিল। জাতি-ৰাষ্ট্ৰৰ গঠনে এই আভ্যন্তৰীণ দ্বন্দ্ব আৰু প্ৰতিদ্বন্দ্বিতাৰ অৱসান ঘটাব নোৱৰাটোৱেই স্বাভাৱিক,সি বৰং উত্তৰ-স্বাধীনতা কালত ৰাষ্ট্ৰীয় জাতীয়তাবাদৰ একাধিপত্যৰ বিৰুদ্ধে অনিয়ন্ত্ৰণীয় প্ৰত্যাহ্বানত পৰিণত হৈছে। জাতি-ৰাষ্ট্ৰৰ গাঁথনিসমূহৰ সৈতে এই ভিন্নমুখী বহু কণ্ঠ আৰু বীক্ষাৰ অস্বস্তিকৰ সম্পৰ্কই হ’ল ভাৰতৰ উত্তৰ-ঔপনিবেশিক ইতিহাসৰ প্ৰধান সমস্যা। এনেকৈয়ে বন্দ্যোপাধ্যায়ে ভাৰতীয় ইতিহাসৰ ‘ঐক্যৰ মাজৰ বৈচিত্ৰ্যসমূহ’উন্মোচন কৰিছে। সুমিত সৰকাৰৰ শেহতীয়া ৰচনাৰাজিয়েও ইতিহাস ৰচনাত সমাজতাত্ত্বিক অন্তৰ্দৃষ্টিৰ সুন্দৰ সমাহাৰ ঘটাইছে। এটা কথা ঠিক যে ভাৰতীয় জাতীয়তাবাদৰ পলিফ’নিক চৰিত্ৰৰ প্ৰতি সৰকাৰৰ মনোযোগ তেওঁৰ ১৯৮৩ চনত ৰচিত ‘Modern India’তেই দেখা পোৱা যায়। কিন্তু তেওঁ ‘Writing Social History’ত জাতীয়তাবাদ আৰু হিন্দুত্বৰ নিৰ্মাণত বৰ্ণবাদৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিবলৈ গৈ স্বীকাৰ কৰিছে যে নিম্নবৰ্ণৰ ৰাজনৈতিক তৎপৰতাৰ প্ৰতি যথেষ্ট সহানুভূতি সত্ত্বেও পূৰ্বৰ গ্ৰন্থখনত সিবোৰক তেওঁ বৰ্ণবাদী সংহতিৰ ‘ভুৱা চেতনা’হিচাপেই চিত্ৰিত কৰিছিল,আৰু সেইবাবে সেই গ্ৰন্থত (লগতে ১৯৭৩ চনৰ ‘Swadeshi Movement in Bengal’ গ্ৰন্থত) বৰ্ণবাদে তেনেই প্ৰান্তীয় গুৰুত্বহে লাভ কৰিছিল। কিন্তু আজি তেওঁ অনুভৱ কৰে যে বৰ্ণবাদ ভাৰতীয় ইতিহাসৰ এক প্ৰধান কেন্দ্ৰীয় বিষয়। (p. 359) সৰকাৰে জাতীয়তাবাদ-সম্পৰ্কীয় এই সমালোচনাসমূহ ২০০২ চনত প্ৰকাশিত তেওঁৰ ‘Beyond Nationalist Frames’ সংকলনত আৰু অধিক বিকশিত কৰিছে,আমি ব্যৱহাৰ কৰা ‘জাতীয়তাবাদী ফ্ৰেম’ৰ পৰিভাষাটো তাৰপৰাই গ্ৰহণ কৰা; অৱশ্যে সেইখন আমাৰ এইপৰ্যন্ত সম্পূৰ্ণকৈ পঢ়া হৈ উঠা নাই।

জাতীয়তাবাদ সম্পৰ্কে অধিক আলোচনালৈ যোৱাৰ আগতে আমি দুটা প্ৰাৰম্ভিক প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ যত্ন কৰিম। প্ৰথমটো হ’ল,ইতিহাস-সম্পৰ্কীয় নতুন চিন্তাধাৰাবিলাকে সংকীৰ্ণ বিদ্যায়তনিক পৰিসৰৰ বাহিৰত কিয় বহুল প্ৰসাৰ লাভ কৰা নাই? জাতীয় আন্দোলন আৰু স্বৰাজোত্তৰকালীন ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতা,এই দুয়োটাই জাতীয়তাবাদী ধাৰাৰ ইতিহাসতত্ত্বৰ একাধিপত্য প্ৰতিষ্ঠা কৰিছিল। কিন্তু পৰৱৰ্তী কালৰ ৰেডিকেল ইতিহাস-চৰ্চাই ক্ৰমাৎ বিশ্ববিদ্যালয়ৰ কোঠালিৰ নীৰৱতাৰ মাজত আশ্ৰয় গ্ৰহণ কৰিছিল। প্ৰধানতঃ একাডেমিক গোষ্ঠী,গৱেষণা-ছাত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰসমূহক অৱলম্বন কৰিয়েই নতুন তত্ত্বসমূহৰ বিকাশ আৰু চৰ্চা হৈছিল। কিন্তু একে সময়তে সমগ্ৰ ভাৰতবৰ্ষজুৰি জনপ্ৰিয় স্তৰত আৰু আঞ্চলিক শিক্ষানুষ্ঠানসমূহত পুৰণিদিনীয়া জাতীয়তাবাদী ইতিহাসেই অবিকল,অদ্যাৱধিকৃত বা পুনৰুৎপাদিত ৰূপত প্ৰচলিত হৈ থাকিল, আৰু তাক বিভিন্ন গোষ্ঠীয়ে,বিশেষকৈ হিন্দু জাতীয়তাবাদীসকলে সহজভাৱে আত্মসাৎ কৰিবলৈ সক্ষম হ’ল। ইতিহাসৰ এই জনপ্ৰিয় ধাৰাটোৱেই নিৰ্মাণ কৰিলে সাধাৰণ ভাৰতীয়ৰ ইতিহাস-সম্পৰ্কীয় কমন ছেন্স। গ্ৰামশ্চিয়ে কমন ছেন্সক ইতিহাসৰ সৃষ্টি আৰু ঐতিহাসিক প্ৰক্ৰিয়াৰ অংশ হিচাপে অভিহিত কৰিছে,য’ত উচ্চ সংস্কৃতিৰ কিছুমান উপাদান আৰু ইতিহাসৰ বিভিন্ন পৰ্বৰ বিদ্বেষভাবসমূহে সানমিহলি ৰূপত অৱস্থান কৰে। কিন্তু তেওঁ কমন ছেন্সৰ বহুত্বৰ কথাও কৈছে;শ্ৰম আৰু সামাজিক সম্পৰ্কৰ সমূহীয়া অভিজ্ঞতাৰপৰা আহৃত সমাজৰ তলৰ মহলাৰ ভালেমান উপাদানো সি সামৰি ল’ব পাৰে,য’ত ভ্ৰূণাৱস্থাত প্ৰতিবাদী সম্ভাৱনা অন্তৰ্নিহিত হৈ থাকিব পাৰে। (ibid., p. 36) ভাৰতৰ নিম্নবৰ্ণ,আদিবাসী আদি পৰিচিতিক কেন্দ্ৰ কৰি সেইসমূহ গোষ্ঠীৰ মাজত গঢ় লোৱা কমন ছেন্সত উক্তধৰণৰ প্ৰতিবাদী সম্ভাৱনাসমূহ পৰিলক্ষিত হয়। কিন্তু মূলসুঁতিৰ ভাৰতীয় সংস্কৃতিত সেইটো নঘটিল আৰু কমন ছেন্সক হিন্দু জাতীয়তাবাদী শক্তিসমূহে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল। সি যি নহওক,ইতিহাসৰ এনে বিপৰ্যয়ৰ বাবে সুমিত সৰকাৰে ঘাইকৈ ইতিহাস-চৰ্চাৰ এলিটিষ্ট চৰিত্ৰকে জগৰীয়া কৰিছে,আৰু ঐতিহাসিক জ্ঞানৰ উৎপাদন প্ৰক্ৰিয়াৰ গণতান্ত্ৰিকীকৰণৰ মাধ্যমেৰে এক নতুন ঐতিহাসিক সংস্কৃতি গঢ় দিয়াৰ পোষকতা কৰিছে। (ibid., p. 48) তেওঁ সমাজৰ বিভিন্ন স্তৰত আলোচনা,কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছে যাৰ জৰিয়তে একাডেমিক চৰ্চাৰ ওপৰ মহলাৰ লগত সমাজৰ তলৰ মহলাৰ সম্পৰ্ক স্থাপিত হ’ব। কিন্তু কেৱল চিন্তাৰ সাময়িক বিনিময়ৰ মাধ্যমেৰেই বিদ্যায়তনিক পদানুক্ৰমৰ প্ৰতিষ্ঠিত ব্যৱস্থাৰ ৰূপান্তৰ ঘটাব পৰা যাব বুলি ভবাটো ভুল। এই সীমাবদ্ধতাৰ কথা তেওঁ নিজে স্বীকাৰ কৰিছে যদিও কোনো বিকল্প পথৰ সন্ধান দিবলৈ সক্ষম হোৱা নাই। আমাৰ বোধেৰে,মাৰ্ক্সবাদী ইতিহাসবিদজনৰ এনে নিঃসংগতা তথা অসহায়তাই নিশ্চয় আমাৰ ইতিহাস-সংস্কৃতিৰ এক গভীৰ সংকটকে প্ৰতিফলিত কৰিছে।

অসমৰ প্ৰেক্ষাপটলৈ চকু দিলে কিছুমান নতুন দিশ চকুত পৰে। এইখিনিতে সাধাৰণভাৱে সমাজবিজ্ঞানসমূহৰ চৰ্চাৰ প্ৰশ্নটো উত্থাপন কৰিব পাৰি। ইতিহাসৰ বাদে আন আন সমাজবিজ্ঞানসমূহৰ চৰ্চা একেবাৰেই শূন্যৰ ঘৰত বুলিব পাৰি। খুব সাধাৰণভাৱে ক’বলৈ গ’লে,আমাৰ সমাজৰ পদানুক্ৰমবদ্ধ বা হাইৰাৰ্কিকেল ক্ষমতাৰ গাঁথনিয়েই সমাজবৈজ্ঞানিক চৰ্চাৰ বাটত প্ৰধান হেঙাৰ–কিয়নো সমাজবিজ্ঞানসমূহৰ জীৱন্ত চৰ্চাই পোনপ্ৰথমে ক্ষমতাৰ সেই গাঁথনিতেই আঘাত কৰিব। একমাত্ৰ ইতিহাসৰ ক্ষেত্ৰত কথাটো বেলেগ,তাৰ মূল কাৰণ হ’ল জাতীয়তাবাদৰ বাবে ইতিহাসৰ অপৰিহাৰ্যতা আৰু অসীম গুৰুত্ব। কিন্তু সেইটোৱে আমাৰ ইতিহাস চৰ্চালৈ এক মাৰাত্মক সীমাবদ্ধতাও আনি দিছে। ইতিহাস-চিন্তাৰ নতুন ধাৰণাসমূহে অসমত,আনকি বৌদ্ধিক চৰ্চাৰ উচ্চতম মহলতো,বিস্তাৰ লাভ নকৰাৰ মূল কাৰণো হয়তো এইটোৱেই। কিন্তু তাৰ লগতে জড়িত হৈ আছে বৌদ্ধিক সমাজৰ ভিতৰচ’ৰাত গণতান্ত্ৰিক চেতনাৰ অভাৱৰ প্ৰশ্নটো। ফলস্বৰূপে জ্ঞান-চৰ্চাৰ গতিশীলতাৰ ধাৰণাটো তথা নিজৰ মাজত অহৰহ বিতৰ্কৰ মাধ্যমেৰে তাক আগ বঢ়াই নিয়াৰ ধাৰণাটো আশানুৰূপভাৱে প্ৰবল নহয়। ৰাজনৈতিক সম্ভাৱনা আৰু স্বপ্নৰ পশ্চাদপসৰণ আৰু পতনৰ ফলত যিকোনো মতাদৰ্শই আত্মৰক্ষামূলক আৰু আত্মনিমগ্ন হৈ পৰাটো স্বাভাৱিক–এনে অৱস্থাত মতাদৰ্শই সকলোধৰণৰ অস্বস্তিকৰ প্ৰশ্ন আৰু বিকল্প কণ্ঠক প্ৰতিৰোধ কৰি নিজৰ অধিকৃত পৰিসৰটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অধিক উগ্ৰ ভূমিকা পালন কৰে। গণতান্ত্ৰিক চেতনাৰ অভাৱৰ প্ৰশ্নটোৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক বিৰাজমান। বাঁওপন্থী মহলতো মাৰ্ক্সবাদ আৰু উত্তৰাধুনিকতাবাদৰ এক দ্বৈতবাদী নক্সাই প্ৰতিষ্ঠা লাভ কৰিছে যেন ভাব হয় যাৰ জৰিয়তে সমাজবিজ্ঞানৰ নতুন ধাৰাবিলাকক নক্সাৰ ভিতৰত ভৰাই লৈ অস্বস্তিদায়ক হ’লে উত্তৰাধুনিক বুলি সিবিলাকৰপৰা নিৰাপদ তাত্ত্বিক দূৰত্বত অৱস্থান কৰিব পৰা যায়। এনে অৱস্থাত ইতিহাসৰ নতুন এটা ধাৰা সম্পৰ্কে কোনো এজনে যদি ভালদৰে পঢ়া-শুনা কৰি সমালোচনাৰে দেখুৱাই দিয়ে যে উক্ত ধাৰাটোৰ মূল প্ৰৱণতাটো উত্তৰাধুনিক,তেন্তে বাকীসকলে সেই ধাৰাটোৰপৰা দূৰতে বিদূৰ হয়–কাৰণ মাত্ৰ এটাই,উত্তৰাধুনিক। এনে প্ৰৱণতাই ইতিহাস সম্পৰ্কে স্থাণু ধাৰণাৰ জন্ম দিয়ে,লাগিলে সেই ধাৰণা ইতিহাসৰ গতিশীলতা সম্পৰ্কেই হওক। গতিকে বস্তুনিষ্ঠ ইতিহাসে খোপনি পুতিবৰ বাবে বৌদ্ধিক সমাজৰ ভিতৰচ’ৰাত গণতান্ত্ৰিক সংস্কৃতিৰ সুদৃঢ়কৰণ আৰু বিস্তাৰণ অতিকে জৰুৰী, যিটোৰ মাধ্যমেৰে জ্ঞান-চৰ্চাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পদানুক্ৰমবদ্ধ ব্যৱস্থাসমূহ ভিতৰৰপৰা ভাঙিব পৰা যাব।

আমাৰ দ্বিতীয়টো প্ৰাৰম্ভিক প্ৰশ্ন হ’ল,ধাৰণা হিচাপে জাতীয়তাবাদক প্ৰশ্নৰ কাঠগৰাত থিয় কৰোৱাৰ বাবে বিদ্যায়তনিক অনীহা কিয়? ভাৰতীয় প্ৰেক্ষাপটত প্ৰশ্নটোৰ আংশিক উত্তৰ আমাৰ আলোচনাই নিশ্চয় ইতিমধ্যে দাঙি ধৰিছে। উত্তৰৰ বাকী অংশৰ বাবে আমি জাতীয়তাবাদ-সম্পৰ্কীয় চৰ্চাৰ একেবাৰে শেহতীয়া ধাৰাটোলৈ চকু দিব পাৰো। এন্থনি স্মিথে এঠাইত লিখিছে যে জাতীয়তাবাদৰ আধুনিকতাবাদী তাত্ত্বিকসকলে (এণ্ডাৰ্ছন,গেলনাৰ,হবছবম আদি) জাতীয়তাবাদক আধুনিক যুগৰ এক সীমিত সময়-পৰ্বত আবদ্ধ প্ৰক্ৰিয়া হিচাপেহে দাঙি ধৰিছে,বিশ্লেষণাত্মক ধাৰণা হিচাপে জাতীয়তাবাদক বিকশিত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে সেই কামটো স্মিথে নিজেও কিমান দূৰলৈ কৰিব পাৰিছে সেয়া অনুসন্ধেয়। কিন্তু জন হাটচিন্সন,ৰ’জাৰ্ছ ব্ৰুবেকাৰ,মাইকেল বিলিগ আদিৰ ৰচনাত তেনে প্ৰচেষ্টা পৰিলক্ষিত হয়। মাইকেল বিলিগে ‘Banal Nationalism’ গ্ৰন্থত একপ্ৰকাৰ দৈনন্দিন জাতীয়তাবাদৰ কথা কৈছে। তেওঁ এঠাইত কৈছে যে কোনো এটা ৰাজহুৱা ভৱনত ৰাষ্ট্ৰীয় পতাকা উৰি আছে আৰু তাক দেখি বাটৰুৱাৰ বুকুত দেশপ্ৰেম উথলি উঠিছে,সেইটো জাতীয়তাবাদ নহয়;জাতীয়তাবাদ হ’ল এইটোহে যে ৰাজহুৱা ভৱনত ৰাষ্ট্ৰীয় পতাকা উৰি আছে,কিন্তু তালৈ কোনেও ভ্ৰূক্ষেপেই কৰা নাই,বা লঘু ভাষাত,পাত্তাই দিয়া নাই। (যুক্তিৰ গাঁথনিটো অলপ ইফাল-সিফাল হ’ব পাৰে স্মৃতিৰপৰা লিখা বাবে।) অৰ্থাৎ জাতীয়তাবাদৰ একপ্ৰকাৰ banalisation ঘটিছে, সি স্বাভাৱিকীকৃত হৈ দৈনন্দিন জীৱনৰ এক মামুলি আৰু অনাকৰ্ষণীয় অংগত পৰিণত হৈছে। জাতীয়তাবাদে আমাক আকৰ্ষিত কৰে তাৰ চূড়ান্ত মুহূৰ্তবিলাকতহে;সাধাৰণভাৱে আমি জাতীয়তাবাদ বুলিলে জাতীয়তাবাদী আন্দোলনৰ কথাহে বুজো। জাতীয়তাবাদ আমাৰ বাবে ইমান সাধাৰণ আৰু স্বাভাৱিক বস্তু যে তাক আমি অধ্যয়নৰ যোগ্য বুলিয়েই গণ্য নকৰো। ধাৰণা হিচাপে ইয়াৰ প্ৰতি বিদ্যায়তনিক উদাসীনতাৰ এইটোৱেই ঘাই কাৰণ। বিলিগে দেখুৱাইছে যে মূলসুঁতিৰ সমাজতত্ত্বত জাতীয়তাবাদৰ বিষয়ে আপেক্ষিক নীৰৱতাৰ কাৰণটো আছিল এই যে ‘সমাজ’ বুলিলে স্বাভাৱিকভাৱে জাতি-ৰাষ্ট্ৰৰ পৰিসীমাৰ ভিতৰত আবদ্ধ সমাজকে বুজা গৈছিল,অৰ্থাৎ ‘সমাজ’ৰ অধ্যয়নৰ বাবে ‘স্বাভাৱিক’আৰু স্বতঃসিদ্ধ সজ্জাটোৱেই আছিল জাতি-ৰাষ্ট্ৰ,যিটোৱে জাতি আৰু জাতীয়তাবাদক অধ্যয়নযোগ্য বিষয় হোৱাৰপৰা বঞ্চিত কৰিছিল। বিলিগৰ অধ্যয়নৰপৰা আন এটা মৌলিক সিদ্ধান্তলৈ আহিব পাৰি,সেয়া হ’ল এই যে জাতীয়তাবাদ বিভিন্ন অধ্যয়নযোগ্য বিষয়ৰ ভিতৰত এটা বিষয় মাত্ৰ নহয়,ই হ’ল আমাৰ সকলো সমাজচিন্তাৰ অভ্যন্তৰত নিহিত থকা এটা ধাৰণাগত প্ৰলেপ,সকলো সমাজচিন্তাৰ সহজ আৰু স্বতঃসিদ্ধ প্ৰেক্ষাপট। এই দৃষ্টিভংগীয়ে আমাৰ সন্মুখত জাতীয়তাবাদৰ সৰ্বব্যাপী আৰু বহুমাত্ৰিক ব্যঞ্জনা উন্মোচিত কৰিছে।

গেলনাৰৰ ভাষাত জাতীয়তাবাদ হ’ল সংস্কৃতি আৰু ক্ষমতাৰ মাজৰ সামঞ্জস্য,congruence between culture and power. সংস্কৃতি আৰু ক্ষমতাৰ মাজত সামঞ্জস্য প্ৰতিষ্ঠাৰ আকাংক্ষী চেতনাটোৱেই হ’ল জাতীয়তাবাদৰ মতাদৰ্শ,সামঞ্জস্য প্ৰতিষ্ঠাৰ প্ৰচেষ্টাই হ’ল জাতীয়তাবাদী আন্দোলন,আৰু সামঞ্জস্যটো বাস্তৱায়িত হ’লে সেয়া হ’ব জাতি। (G. Aloysius, ‘Nationalism without a Nation in India’, p. 15) পিছে প্ৰশ্ন হ’ল,যদি সংস্কৃতি আৰু ক্ষমতাৰ সামঞ্জস্যই জাতি আৰু জাতীয়তাবাদৰ ঘাই মৰ্ম হয় তেন্তে প্ৰাক-জাতি,প্ৰাক-আধুনিক কালত সংস্কৃতিৰ চৰিত্ৰ অৰাজনৈতিক আছিল নেকি? ইয়াক লৈ পণ্ডিত মহলত মতভেদ আছে। প্ৰাক-আধুনিক সমাজতো বিভিন্ন ৰূপত সংস্কৃতি আৰু ক্ষমতাৰ সামঞ্জস্য দেখিবলৈ পোৱা যায়,কিন্তু আধুনিক যুগত সেই সামঞ্জস্যৰ ৰূপ বিশেষধৰণৰ। অৰ্থাৎ এই দুইটাৰ মাজত যিকোনোধৰণৰ সামঞ্জস্যই জাতীয়তাবাদ নহয়,এক বিশেষধৰণৰ সামঞ্জস্যহে জাতীয়তাবাদ,যিটো আধুনিক সমাজ ৰূপান্তৰৰ এক অংশ। মতাদৰ্শ আৰু আন্দোলন হিচাপে জাতীয়তাবাদৰ দুটা আয়তন থাকে,আভ্যন্তৰীণ আৰু বাহ্যিক। বাহ্যিক আয়তনটো হ’ল সংস্কৃতিৰ ‘বাহিৰৰপৰা ক্ষমতাৰ আত্মসাৎকৰণ'(appropriation of power from without) আৰু আভ্যন্তৰীণ আয়তনটো হ’ল সংস্কৃতিৰ ‘ভিতৰত ক্ষমতাৰ সমসত্বকৰণ'(homogenisation of power within) । বাহ্যিকভাৱে,বাহিৰৰ আন সংস্কৃতি,জাতি বা জাতি-ৰাষ্ট্ৰৰ বিপৰীতে,যিসমূহক নিজৰ সংস্কৃতিৰ বাটত হেঙাৰ বুলি গণ্য কৰা হয়,নিজৰ সংস্কৃতিক থিয় কৰোৱা হয়। সেই হেঙাৰ সাম্ৰাজ্যবাদৰ ৰূপতো হ’ব পাৰে বা অন্যান্য ৰূপতো হ’ব পাৰে,কিন্তু সি বাহিৰা সংস্কৃতিৰদ্বাৰা বাস্তৱ দমন-নিয়ন্ত্ৰণ হ’বই লাগিব বুলি কোনো কথা নাই। জাতীয়তাবাদী প্ৰচেষ্টাৰ উদ্দেশ্যটো হ’ল বাহিৰা সংস্কৃতিৰ দমন আৰু হস্তক্ষেপৰপৰা নিজৰ সংস্কৃতিক মুক্ত কৰা,অৰ্থাৎ বাহিৰৰপৰা ক্ষমতাৰ আত্মসাৎ কৰি নিজৰ পৰিসৰৰ ভিতৰত তাক কেন্দ্ৰীভূত কৰা। এনে চেতনা আৰু প্ৰচেষ্টা প্ৰাক-আধুনিক সমাজতো পৰিলক্ষিত হয়,কিন্তু জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ হিচাপে জাতি-ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ মাধ্যমেৰে তাৰ বাস্তৱায়ন সম্ভৱ হৈ উঠিল আধুনিক যুগতহে। জাতীয়তাবাদৰ আভ্যন্তৰীণ আয়তনটো পূৰামাত্ৰাই আধুনিক বস্তু। ইয়াৰ মাধ্যমেৰে সংস্কৃতিয়ে নিজৰ প্ৰাক-আধুনিক খোলাৰপৰা মুক্তি লাভ কৰে। সাধাৰণতে বৈষম্যপূৰ্ণ,পদানুক্ৰমবদ্ধ আৰু শাস্ত্ৰনিৰ্দেশিত অতীত ঐতিহ্যৰপৰা,বা আন অৰ্থত,সংস্কৃতি আৰু ক্ষমতাৰ সম্পৰ্কৰ প্ৰাক-আধুনিক ৰূপটোৰপৰা,প্ৰস্থান কৰি এক সমতাপূৰ্ণ আৰু সমসত্ব (অন্ততঃ আনুষ্ঠানিকভাৱে) সংস্কৃতি গঢ় দিব বিচাৰে। জাতীয়তাবাদৰ আভ্যন্তৰীণ দাবীটো হ’ল সংস্কৃতিৰ ওপৰত ক্ষমতাৰ সমতাপূৰ্ণ বিস্তাৰণ,আনুভূমিক ভ্ৰাতৃত্ববোধেৰে বান্ধ খাই প্ৰতিজন নাগৰিকে য’ত সমানভাৱে অংশগ্ৰহণ কৰিব পাৰে। আন ভাষাত,বাহ্যিকভাৱে জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ যিমান গুৰুত্বপূৰ্ণ,আভ্যন্তৰীণভাৱে জাতিৰ ভিতৰত ব্যক্তিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰো সমানেই গুৰুত্বপূৰ্ণ। সাক্ষৰতাৰ সাৰ্বজনীনকৰণ,জীৱিকাৰ বৈচিত্ৰ্যকৰণ,সামাজিক গতিশীলতা,আনুষ্ঠানিক সমতা,সদস্যপদৰ অদৃশ্যতা (anonymity of membership) আদিৰ মাধ্যমেৰে আনুভূমিক ভ্ৰাতৃত্ববোধৰ সৃষ্টিৰ প্ৰচেষ্টা কৰা হয়। চমু ভাষাত ক’বলৈ গ’লে,এইসমূহৰ মাধ্যমেৰে সংস্কৃতিৰ ভিতৰত নতুন আৰু আনুষ্ঠানিকভাৱে সমতাপূৰ্ণ ক্ষমতাৰ বিতৰণৰ বাবে এক সাংস্কৃতিক পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়।

এতিয়া,ভাৰতৰ প্ৰেক্ষাপটলৈ যদি লক্ষ্য কৰা হয় তেন্তে একে সময়তে জাতীয়তাবাদৰ তিনিটা পৃথক আৰু প্ৰতিদ্বন্দ্বিতামূলক ধাৰা দেখিবলৈ পোৱা যায় যাক আমি জাতীয়তাবাদৰ ত্ৰিধাৰা বুলি অভিহিত কৰিব পাৰো। (ibid., p. 143) অৱশ্যে এই বিভাজন জাতীয়তাবাদৰ কিছুমান চৰিত্ৰৰ অভাৱ বা আধিক্যৰ ভিত্তিতহে কৰা হৈছে,কোনো পানী নসৰকা পৃথক বৈশিষ্ট্যৰ ভিত্তিত নহয়। ইয়াৰে এটা হ’ল নিম্নবৰ্ণ গোষ্ঠীসমূহৰ ৰাজনৈতিক জাতীয়তাবাদ,দ্বিতীয়টো জনজাতীয় আৰু আঞ্চলিক সংস্কৃতি-গোটসমূহৰ নৃ-ভাষিক জাতীয়তাবাদ,আৰু তৃতীয়টো হ’ল উত্থানশীল সৰ্বভাৰতীয় উচ্চবৰ্ণ-উচ্চশ্ৰেণীৰ এলিটৰদ্বাৰা পৰিচালিত সাংস্কৃতিক জাতীয়তাবাদ। এই তিনিওটাৰ ভিতৰত সাংস্কৃতিক জাতীয়তাবাদ আছিল গাঁথনি আৰু মতাদৰ্শ উভয়পিনৰপৰাই সৰ্বভাৰতীয় চৰিত্ৰৰ আৰু শক্তিশালী। সাধাৰণভাৱে ক’বলৈ গ’লে,ইয়াৰ আগ্ৰাসনৰ সন্মুখত জনজাতীয় আৰু আঞ্চলিক গোষ্ঠীসমূহৰ নৃ-ভাষিক জাতীয়তাবাদে সৰ্বশেষত নিজৰ খোপনি হেৰুৱাইছিল,প্ৰথম পৰ্যায়ৰ সংঘৰ্ষ সত্ত্বেও। কিন্তু স্বাধীনতাৰ লগে লগে সেই ধাৰাটো মুঠেও শুকাই নগ’ল,জাতি-ৰাষ্ট্ৰৰ সৈতে তাৰ সংঘৰ্ষ আৰু আন্তঃসম্পৰ্কৰ উত্তেজনা নতুন নতুন ৰূপত চলিয়ে থাকিল। আনহাতে,নিম্নবৰ্ণ গোষ্ঠীসমূহৰ ৰাজনৈতিক জাতীয়তাবাদে আধিপত্যশীল সাংস্কৃতিক জাতীয়তাবাদৰ প্ৰধান আভ্যন্তৰীণ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল। সাংস্কৃতিক জাতীয়তাবাদে যেনেকৈ সমসত্বকৰণৰ মাধ্যমেৰে বাকী গোষ্ঠীসমূহক সাঙুৰি ল’ব বিচাৰিছিল,তাৰ বিপৰীতে ৰাজনৈতিক জাতীয়তাবাদে সামাজিক গণতন্ত্ৰৰ দাবী সজোৰে উত্থাপন কৰিছিল।

এতিয়া চোৱা যাওক,যি সৰ্বভাৰতীয় সাংস্কৃতিক জাতীয়তাবাদে ঔপনিবেশিক শাসনৰ সুযোগ্য উত্তৰাধিকাৰীৰূপে জাতি-ৰাষ্ট্ৰৰ বাঘজৰী হস্তগত কৰিছিল দেশীয় সমাজখনৰ ক্ষমতাৰ গাঁথনিত তাৰ অৱস্থান ক’ত। বৈষম্যপূৰ্ণ আৰু পদানুক্ৰমবদ্ধ প্ৰাক-আধুনিক ভাৰতীয় সমাজত দুটা ৰূপত ক্ষমতাৰ বিস্তাৰ পৰিলক্ষিত হয় : প্ৰভুত্ব হিচাপে ক্ষমতা বনাম প্ৰতিৰোধ হিচাপে ক্ষমতা। সমাজৰ শীৰ্ষত অৱস্থান কৰিছিল মুষ্টিমেয় লোক আৰু প্ৰান্তীয় অৱস্থানত বাস কৰিছিল নিপীড়িত অলেখ জনসাধাৰণ। ব্ৰাহ্মণসকলৰ চাতুৰ্বৰ্ণ্যৰ মতাদৰ্শ আৰু ধৰ্মশাস্ত্ৰসমূহ আছিল এই পদানুক্ৰমিক সামাজিক ব্যৱস্থাৰ মতাদৰ্শগত ৰক্ষাকৱচ। বৰ্ণ-সমাজ হিচাপে সমাজখনৰ বিকাশ আছিল বহু শতিকাজোৰা আৰু অসমান। অঞ্চলগত আৰু আৰ্থ-ৰাজনৈতিক ভিন্নতাৰ কাৰণে অঞ্চল অনুসৰি আৰু কালপৰ্ব অনুসৰি বৰ্ণব্যৱস্থাৰ ৰূপ আৰু প্ৰাবল্য বেলেগ বেলেগ হোৱা দেখা যায়। কিন্তু মিথল’জিৰ ৰূপত ধৰ্মীয়-সাংস্কৃতিক প্ৰতীকীবাদ হিচাপে,সামাজিক অনুষ্ঠানৰ ৰূপত মঠ-মন্দিৰসমূহৰ জৰিয়তে,পৱিত্ৰ ভাষা হিচাপে সংস্কৃত ভাষাৰ জৰিয়তে,ৰীতি-নীতি আৰু আইনৰ ৰূপত,আৰু বহু পৰিমাণে ব্ৰাহ্মণ আৰু সহযোগী বৰ্ণসমূহৰ বাস্তৱ সামাজিক-অৰ্থনৈতিক প্ৰভুত্ব হিচাপে–বৰ্ণব্যৱস্থা আৰু বৰ্ণবাদী মতাদৰ্শই, বা আন ভাষাত সামাজিক শৃংখলাৰ ব্ৰাহ্মণ্যবাদী সংস্কৰণটোৱে ভাৰতবৰ্ষত একপ্ৰকাৰ সাংস্কৃতিক ঐক্যৰ জন্ম দিছিল। সাংস্কৃতিক জাতীয়তাবাদৰ শিবিৰত একত্ৰিত হোৱা শ্ৰেণীসমূহ আছিল এই সামাজিক শৃংখলাৰ প্ৰভুত্বশালী অংশৰপৰা অহা। গতিকে তেওঁলোকে যিটো ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ ভিত্তিত ভাৰতৰ জাতীয়তাবাদক গঢ় দিব বিচাৰিছিল সেয়া আছিল স্বাভাৱিকভাৱেই ‘প্ৰভুত্ব হিচাপে ক্ষমতা’ৰপৰা আহৃত,শাস্ত্ৰনিৰ্দেশিত আৰু পদানুক্ৰমিক উপাদানসমূহেৰে গঠিত। কিন্তু প্ৰতিৰোধ হিচাপে ক্ষমতাৰ ধাৰা এটাও সমাজত অহৰহ প্ৰৱাহিত হৈ আহিছিল। দলিত-নিম্নবৰ্ণ আদি গোষ্ঠীসমূহে শাস্ত্ৰনিৰ্দেশিত পদানুক্ৰমিক ব্যৱস্থাৰ অন্যায়ৰ বিৰুদ্ধে বিভিন্ন যুগত বিভিন্ন ৰূপত সংঘৰ্ষত লিপ্ত হৈছিল,তেনে বহু ইতিহাস শেহতীয়া চৰ্চাই পোহৰলৈ আনিছে। এটা কথা ঠিক যে প্ৰাক-আধুনিক ভাৰতীয় সমাজৰ ইতিহাসক নিছক বৰ্ণবাদেৰে ব্যাখ্যা কৰাটো সম্ভৱ নহয়; লৈংগিক,শ্ৰেণীগত,নৃগোষ্ঠীগত,অঞ্চলগত আদি বিভিন্ন অন্তৰ্দ্বন্দ্বৰে উত্তাল ভাৰতীয় ইতিহাস। কিন্তু অন্তৰ্দ্বন্দ্বৰ সৰ্বগ্ৰাসী ৰূপ হিচাপে–যিটোৱে আন সকলো অন্তৰ্দ্বন্দ্বক সাৰ-পানী যোগাইছিল,আৰু যিটো ভিত্তি আৰু উপৰিসৌধ উভয়তে পৰিব্যাপ্ত হৈ আছিল–বৰ্ণবাদৰ ভূমিকা এই ক্ষেত্ৰত অবিসম্বাদী। সি যি নহওক,নিম্নবৰ্ণ গোষ্ঠীসমূহৰ ৰাজনৈতিক জাতীয়তাবাদে প্ৰতিৰোধৰ সেই ঐতিহ্যকে উজ্জীৱিত কৰি তুলিব বিচাৰিছিল। স্বাধীনতা লাভৰ পৰৱৰ্তী কালত ৰাষ্ট্ৰপৰিচালিত সাংস্কৃতিক জাতীয়তাবাদৰ আধিপত্যই এই ৰাজনৈতিক জাতীয়তাবাদৰ ধাৰাটোক ঠেলি-হেঁচুকি বহু পৰিমাণে প্ৰান্তীয় অৱস্থানত ৰাখিবলৈ সক্ষম হৈছিল,কিন্তু নেহৰুবাদী ছেকুলাৰ-জাতীয়তাবাদী ব্যৱস্থাটোৰ খহনীয়াৰ লগে লগে যোৱা শতিকাৰ আশীৰ দশকৰ পাছৰপৰা এই ধাৰাটো পুনৰ ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ আহি পৰিছে।

সি যি নহওক,গেলনাৰৰ ভাষাৰে ক’বলৈ গ’লে,ভাৰতীয় জাতীয়তাবাদে তাৰ বাহ্যিক আয়তনটো (বাহিৰৰপৰা ক্ষমতাৰ আত্মসাৎকৰণ) বাস্তৱায়িত কৰিবলৈ সক্ষম হ’ল যদিও তাৰ আভ্যন্তৰীণ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ’ল : বৈষম্যপূৰ্ণ-পদানুক্ৰমিক প্ৰাক-আধুনিক খোলাৰপৰা সি ওলাই অহাটোতো দূৰৰে কথা,সেই ক্ষমতাৰ সম্পৰ্কসমূহক সাংস্কৃতিক জাতীয়তাবাদৰ মাধ্যমেৰে আৰু জাতি-ৰাষ্ট্ৰ দখলেৰে আইনগত ন্যায্যতা প্ৰদান কৰি আধুনিকীকৃত আৰু অধিক সুদৃঢ় কৰি দীৰ্ঘস্থায়ীহে কৰি তুলিলে। সেইবাবে বাকী দুই ধাৰাৰ জাতীয়তাবাদৰ সৈতে জাতি-ৰাষ্ট্ৰৰ অমীমাংসিত সংঘৰ্ষ আৰু প্ৰতিযোগিতা উত্তৰ-ঔপনিবেশিক ভাৰতবৰ্ষত কম-বেছি পৰিমাণে অহৰহ চলি থাকিল। ক’ব পাৰি যে ভাৰতীয় জাতীয়তাবাদে ভাৰতীয় জাতিৰ জন্ম দিব নোৱাৰিলে। গ্ৰামশ্চিৰ পৰিভাষাৰে ক’বলৈ হ’লে,জাতীয় আন্দোলনৰ গান্ধীবাদী পৰ্যায়ত আধিপত্য প্ৰতিষ্ঠাৰ প্ৰয়াস কৰা হৈছিল যদিও নেতৃত্বদায়ী শ্ৰেণীটোৱে বাকী শ্ৰেণীসমূহৰ আৰ্থ-ৰাজনৈতিক দাবীসমূহ আন্দোলনটোত সাঙুৰি লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফল হ’ব পৰা নাছিল নিজৰ শ্ৰেণীগত আৰ্থ-ৰাজনৈতিক স্বাৰ্থৰ ক্ষেত্ৰত কোনো বুজা-পৰা নকৰাৰ বাবে–যাৰ ফলস্বৰূপে শ্ৰেণীগত আন্দোলনে এক সমন্বিত ‘জাতীয়-জনপ্ৰিয়’আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰিব নোৱাৰিলে। সুমিত সৰকাৰে জাতীয় আন্দোলনটোক ‘সীমিত আধিপত্য’ৰ আন্দোলন বুলি অভিহিত কৰিছে,কিয়নো এই বুৰ্জোৱা শ্ৰেণীগত আন্দোলনটোৰ ‘আধিপত্যশীল’পৰ্যায়লৈ সাৰ্থক উত্তৰণ নঘটিল। ৰণজিৎ গুহৰ ভাষাত, এয়াই আছিল ‘historic failure of the nation to come to its own.’ (G. Aloysius, ibid., p. 246)

(ৰচনাকাল : ১৯ জুলাই,২০১৫)

পি ডি এফ ৰূপত ‘জাতীয়তাবাদী ইতিহাসৰ সমস্যা’

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: