‘পি কে’ আৰু কিছু প্ৰাসংগিক প্ৰশ্ন

আমিৰ খান অভিনীত ৰাজকুমাৰ হিৰানীৰ বোলছবি ‘পি কে’ৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু অন্যান্য হিন্দুত্ববাদী দল-সংগঠনে যি উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত আচৰিত হ’বলগীয়া একো নাই। কাৰণ বোলছবিখনে ধৰ্মৰ ধ্বজাধাৰী সেইসমূহ দল-সংগঠন তথা তেওঁলোকৰ ভাবাদৰ্শৰে স্বৰূপ উন্মোচন কৰিছে। আনহাতে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত চলি থকা ক্ৰমবৰ্ধমান প্ৰাতিষ্ঠানিক আৰু বিদ্যায়তনিক গৈৰিকীকৰণৰ সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত, জনপ্ৰিয় সংস্কৃতিৰ মাজত দেখা দিয়া হিন্দুত্ববাদৰ প্ৰতি এনে প্ৰত্যাহ্বানক গেৰুৱা বাহিনীয়ে হজম কৰিব নোৱৰাটোৱেই স্বাভাৱিক। সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন সংঘ আদি অন্যান্য ধৰ্মৰ দুই-এক সংগঠনৰ পিনৰপৰাও বোলছবিখনৰ ওপৰত আক্ৰমণ বা সংশোধনৰ দাবী উত্থাপন কৰা হৈছে যদিও হিন্দুত্ববাদী শক্তিসমূহে প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়াই অধিক জংগী তথা বহুল ৰূপ লোৱা দেখা গৈছে। এই দল-সংগঠনসমূহে বোলছবিখন কেৱল হিন্দু ধৰ্মৰ বিৰোধী বুলি কৈয়েই ক্ষান্ত থকা নাই, ইয়াক ভাৰত-বিৰোধী তথা ভাৰতৰ বিৰুদ্ধে পাকিস্তানী ষড়যন্ত্ৰ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। বিজেপি নেতা সুব্ৰমণিয়ন স্বামীয়ে আনকি এইবুলিও দাবী কৰিছে যে ‘পি কে’ৰ বাবে টকা আহিছে ডুবাই আৰু আই এছ আইৰপৰা। আন এটা উদাহৰণ লোৱা যাওক : কমল হাছানৰ ‘বিশ্বৰূপম’ৰ বিৰুদ্ধে কেতবোৰ ইছলামিক দল-সংগঠনে অভিযোগ উত্থাপন কৰিছিল যে ই মুছলমান সমাজক ভুল ৰূপত উপস্থাপন কৰিছে আৰু গতিকে ই ইছলাম-বিৰোধী। এনে উদাহৰণ বহুতো আছে। এতিয়া প্ৰশ্ন হ’ল, ইছলাম ধৰ্মক ‘ভুলভাৱে’ উপস্থাপন কৰিলে যদি সি ইছলাম-বিৰোধী হয়, তেন্তে হিন্দু ধৰ্মক ‘ভুলভাৱে’ উপস্থাপন কৰিলে সি কিয় (কেৱল হিন্দু-বিৰোধী নহৈ) ভাৰত-বিৰোধী হয়? আনটো প্ৰশ্ন হ’ল, পাকিস্তানৰ কথা উল্লেখ নকৰাকৈও এই প্ৰশ্নটোৰ মীমাংসা কৰিব পাৰিনে?

মুক্তিৰ দিন ধৰি অতি কম সময়ৰ ভিতৰতে ‘পি কে’ সম্পৰ্কে ভালেমান আলোচনা-সমালোচনা হৈছে বোলছবিখনে দাঙি ধৰা শক্তিশালী প্ৰশ্নসমূহৰ বাবেই। ছবিখনৰ বহুল বা সামগ্ৰিক আলোচনা আমাৰ লেখাৰ উদ্দেশ্য নহয়, আমি মাত্ৰ ৰাজনৈতিক আৰু সমাজতাত্ত্বিকভাৱে প্ৰাসংগিক দুটামান দিশ আঙুলিয়াই দিব খুজিছো। একেবাৰে প্ৰাথমিক প্ৰশ্নটো হ’ল, এইধৰণৰ জনপ্ৰিয় ছবি এখন আমি কেনেকৈ বুজিম বা কেনেকৈ ব্যাখ্যা কৰিম? এজনে ছবিখনৰ দুৰ্বলতা, ফাঁকসমূহ আঙুলিয়াই দি একপ্ৰকাৰ তামাচাৰে লিখিছে যে ছবিখনত আনকি ব্যাকৰণগত ভুলো আছে – হ’ব লাগে ‘পি কে আয়ে হৌ ক্যা?’, কিন্তু ছবিখনত আছে ‘পি কে হে ক্যা?’ আন এজনে আকৌ লিখিছে যে ছবিখনত ধৰ্ম তথা ধৰ্মধ্বজাধাৰীসকলৰ ভণ্ডামি কিছু দূৰলৈ উন্মোচন কৰিছে যদিও অভিনেতা তথা পৰিচালকে নিজৰ ‘সুবিধাবাদ’ ত্যাগ কৰিব নোৱাৰিলে? বলিউডৰ ছবি এখনকো আমি তাহানিৰ গণনাট্যৰ শিল্পকৰ্মৰ দৰে বিচাৰ কৰিমনে? এটা কথা ঠিক যে ‘পি কে’ৰ নিৰ্মাণগত তথা ভাবাদৰ্শগত দোষ-দুৰ্বলতা বিচাৰিলে ঢেৰ ওলাব। হিৰানীৰ পূৰ্বৰ ছবি ‘থ্ৰি ইডিয়টছ’ৰ দৰেই ইয়াতো কাহিনীৰ মূল মেছেজটোৰ খাতিৰত বহুবোৰ অতিনাটকীয় পৰিস্থিতিৰ সমাবেশ ঘটোৱা হৈছে। উদাহৰণস্বৰূপে, নায়কে বগা সাজ পৰিহিতা এগৰাকী হিন্দু বিধৱা বাছত লগ পোৱাৰ পিছৰ দৃশ্যটোতে মুখামুখি হৈছে এগৰাকী বিবাহৰ বগা সাজ পৰিহিতা খ্ৰিষ্টধৰ্মী কইনাৰ। কিন্তু এনেধৰণৰ ভালেমান বিসদৃশ পৰিস্থিতিৰ সমাবেশৰ মাধ্যমেৰেই বিভিন্ন ধৰ্মীয় প্ৰমূল্যৰ স্ববিৰোধমূলক স্বৰূপটো হাস্যকৰ ৰূপত তুলি ধৰা হৈছে। ‘পি কে’ৰ কাহিনীভাগৰ শীৰ্ষবিন্দুটো হ’ল শেষাংশত পি কে আৰু ধৰ্মৰ ধ্বজাধাৰী তপস্বীৰ মাজত টিভি চেনেলৰ মঞ্চত হোৱা বিতৰ্কটো : এই বিতৰ্কতেই ন্যায়-অন্যায়ৰ শেষ বিচাৰ হৈছে আৰু অন্যায়ৰ ওপৰত ন্যায়ে বিজয় সাব্যস্ত কৰিছে। সাধাৰণতে হিন্দী চিনেমাত ন্যায়-অন্যায়ৰ মাজৰ এই বিতৰ্ক চলে আদালতৰ মজিয়াত : ৰাষ্ট্ৰৰ উপস্থিতি আৰু প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলা এনে বিতৰ্কৰ অন্তত অন্যায়ৰ বিৰুদ্ধে থিয় দি ৰাষ্ট্ৰই ন্যায়ক পুৰস্কৃত কৰে। কিন্তু ‘পি কে’ত ৰাষ্ট্ৰ আৰু ৰাজনীতি, এটাৰো উপস্থিতি দেখিবলৈ পোৱা নাযায় – একপ্ৰকাৰ অৰাজনৈতিক গণ্ডীৰ ভিতৰত থাকি ছবিখনে ইয়াৰ প্ৰশ্নসমূহ উত্থাপন কৰিছে। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ মঞ্চখনক ই ৰাজনীতিৰ ধূলি-মাকতিৰপৰা ঊৰ্ধ্বত অৱস্থান কৰা এক নিৰপেক্ষ ন্যায় বিচাৰৰ ক্ষেত্ৰ হিচাপে দাঙি ধৰিছে (ঠিক আমিৰ খানৰ ‘সত্যমেৱ জয়তে’ অনুষ্ঠানৰ দৰেই); কিন্তু ঈশ্বৰপুৰুষ-কেন্দ্ৰিক ধৰ্মীয় সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজ দিবলৈ পি কেই যি মিডিয়াৰ আশ্ৰয় লৈছে সেই মিডিয়াও প্ৰতিক্ৰিয়াশীল আন্তৰ্জাতিক ৰাজনৈতিক তথা অৰ্থনৈতিক শক্তিসমূহৰদ্বাৰাই পৰিচালিত। দৰাচলতে মন্দিৰ, ৰাষ্ট্ৰ আৰু কৰ্প’ৰেটৰ মাজত এক ঘনিষ্ঠ ত্ৰিকোণ সম্পৰ্ক বিদ্যমান -ঈশ্বৰপুৰুষ-কেন্দ্ৰিক ধৰ্মীয় সাম্ৰাজ্যসমূহ আৰু মিডিয়াৰ মাজত সেয়েহে একপ্ৰকাৰ তিতা-মিঠা পৰিয়ালগত সম্বন্ধ দেখিবলৈ পোৱা যায়। কিন্তু এই সীমাবদ্ধ পৰিসৰৰ মাজতে থাকিও ‘পি কে’ই ধৰ্ম, সাম্প্ৰদায়িকতাবাদ, যৌনতা, নাৰী অৱদমন আদি বিভিন্ন সংলগ্ন বিষয়ত বহুবোৰ অস্বস্তিকৰ প্ৰশ্ন উত্থাপন কৰিবলৈ সক্ষম হৈছে যাৰ বাবে সি সাধাৰণ বলিউডী চিনেমাৰ ‘ফিল গুড’ পৰ্যায়টোক অতিক্ৰম কৰি দৰ্শকক প্ৰশ্নৰ মুখামুখি কৰাই দিব পাৰিছে।

সি যি নহওক, আমাৰ প্ৰগতিশীল মহলসমূহো এনে ছবিক লৈ অস্বস্তিত পৰাটো স্বাভাৱিক, কিয়নো ইয়াৰ জবাব দিয়াটো তেওঁলোকৰ পক্ষে সহজ নহয়। তাৰে কোনোবাই যদি ‘পি কে’ক বিনাপ্ৰেশ্ন মুকলি প্ৰশংসা কৰিছে, তেন্তে তেওঁৰ বলিউড সম্পৰ্কে সাধাৰণ দৃষ্টিভংগীৰ সৈতে ইয়াক ৰিজাই চালেই চিন্তাৰ স্ববিৰোধ তথা দ্বিধাগ্ৰস্ততাখিনি ওলাই পৰিব। ইয়াৰ কাৰণ হ’ল জনপ্ৰিয় সংস্কৃতি সম্পৰ্কে আমাৰ মতাদৰ্শগত গোড়ামি। জনপ্ৰিয় সংস্কৃতিৰ স্বৰূপ মুকলিমনে বুজিবলৈ যত্ন নকৰি তাক নিছক প্ৰতিক্ৰিয়াশীল ৰাজনীতি তথা ফটুৱা জীৱন-দৰ্শনৰ প্ৰতিফলন বুলি নস্যাৎবাদী মনোভাব গ্ৰহণ কৰাটো প্ৰগতিশীল শক্তিৰ পশ্চাদপসৰণৰ এটা প্ৰধান কাৰণ। উদাৰ জাতীয়তাবাদৰ সৈতে উন্নয়ন আৰু আধুনিকতাৰ স্বপ্ন তথা তাৰ সহযাত্ৰী আধুনিক সমাজচিন্তাৰ যি সহজ নিৰাপত্তাৰ মাজত আমি অতদিনে বাস কৰি আহিছিলো, যোৱাকেইটা দশকত দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক বিফলতাই তাৰ ভিত্তি কঁপাই তুলিছে। চমুকৈ ক’বলৈ গ’লে, যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰা নেহৰুবাদী উন্নয়ন তথা আধুনিকতাৰ মডেলটোৰ ক্ৰমাৱক্ষয়ৰ ফলস্বৰূপে ভাৰতৰ সমাজ-ৰাজনীতিত নতুন পৰিবৰ্তনৰ সূচনা হয় : এফালে যেনেকৈ হিন্দু সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ পুনৰুজ্জীৱন ঘটে, আনফালে তেনেকৈ বিশ্বায়নৰ প্ৰবেশ ঘটে, আৰু এই দুয়োটা পৰিঘটনাৰ সৈতে জনপ্ৰিয় সংস্কৃতিৰ সম্পৰ্ক অংগাংগী। ইয়াৰ পৰিপ্ৰেক্ষিতত জনপ্ৰিয় সংস্কৃতিৰ অধ্যয়ন অতিকে জৰুৰী হৈ পৰিছে। সাম্প্ৰদায়িক শক্তিসমূহে এই সংস্কৃতিৰ গুৰুত্ব ঠিকেই বুজি পায়। উদাহৰণস্বৰূপে, হিন্দুত্ববাদী প্ৰচাৰবিদসকলে লিখা পুস্তিকা, কিতাপ আদিৰ বিদ্যায়তনিক মূল্য তেনেই শোচনীয়; বস্তুনিষ্ঠ পণ্ডিত-সমালোচকে বিচাৰিলে সেইবোৰ সমালোচনাৰে তচনচ কৰি পেলাব পাৰে। কিন্তু বিশেষ কিছুমান ক্ষেত্ৰত আদালতত মোকৰ্দমা তৰা বা ভাবুকি দিয়াৰ বাদে, বিদ্যায়তনিক স্তৰত কোনে কি লিখিছে তাক লৈ হিন্দুত্ববাদীসকলে বিশেষ কেয়াৰ নকৰে। কাৰণ তেওঁলোকে কাম চলায় মিথ আৰু উৰাবাতৰিৰ মাধ্যমেৰে, আৰু জনপ্ৰিয় স্তৰতে তেওঁলোকৰ কাম হাচিল হয়। কথা হ’ল, জনপ্ৰিয় স্তৰত এই শক্তিসমূহৰ অবিসম্বাদী আধিপত্যৰ মোকাবিলা কৰা যায় কেনেকৈ? প্ৰগতিশীল তথা যুক্তিবাদী চিন্তা-চৰ্চাই যেতিয়ালৈকে এক সমান্তৰাল আছুতীয়া ধাৰাত নিজকে আবদ্ধ ৰাখিব তেতিয়ালৈকে এই প্ৰতিক্ৰিয়াশীল শক্তিসমূহ নিৰাপদ হৈ থাকিব। গতিকে প্ৰগতিশীল মহলসমূহৰ বাবে জনপ্ৰিয় সংস্কৃতিৰ চৰিত্ৰ তথা শক্তি বুজি পোৱাটো অতিকে প্ৰয়োজনীয় – পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ অভ্যন্তৰত প্ৰবেশ কৰাৰ বাবে ই এক বিকল্প বাগধাৰাগত প্ৰবেশপথৰ সন্ধান দিব পাৰে। বলিউডী চিনেমাও তাৰে এটা অংশ : ইয়াত ইতিহাস আৰু যুক্তি পোৱা নাযায়; পোৱা যায় ফেণ্টাছি আৰু মিথল’জিহে – আৰু তাৰ মাধ্যমেৰেই প্ৰকাশ ঘটে সামূহিক চেতনাৰ মাজৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক দ্বন্দ্বৰ। বলিউডৰ ভাষা আৰু প্ৰতীকীবাদৰ সৈতে ভাৰতীয় সমাজখনে কিয় সহজ আত্মীয়তা অনুভৱ কৰে সেইটো অনুধাৱন কৰাও প্ৰগতিশীল শক্তিসমূহৰ প্ৰধান কৰ্তব্য। সেইটো নুবুজিলে জনপ্ৰিয় স্তৰত ন্যস্তস্বাৰ্থত আঘাত কৰিব পৰা যুক্তিপূৰ্ণ কথা কোৱা আৰু কৈ টিকি থকা সম্ভৱ নহয়। নক’লেও হ’ব যে বহুবোৰ নিষিদ্ধ বিষয়ত অস্বস্তিকৰ প্ৰশ্ন উত্থাপন কৰি ‘পি কে’ই জনপ্ৰিয় স্তৰত এক বাৰ্তালাপৰ সূচনা কৰিছে। ধৰ্মীয় বিশ্বাস, পৰম্পৰা, আচাৰ-অনুষ্ঠান, মন্দিৰ, ঈশ্বৰপুৰুষ আদি সকলোবোৰ সংশ্লিষ্ট বিষয়ৰ ওপৰতে ই তীক্ষ্ণাগ্ৰ শৰ নিক্ষেপ কৰিছে, কিন্তু সকলোখিনি কৰিছে ৰঙীন বলিউডী মছলাৰে সনা-পোটোকা কৰি। হিন্দুত্ববাদী শিবিৰৰ অভূতপূৰ্ব উগ্ৰ প্ৰতিক্ৰিয়া তথা অসহিষ্ণুতাৰ এটা ঘাই কাৰণো এইটো। তেওঁলোক কেৱল ৰুষ্ট হোৱাই নহয়, প্ৰকৃতাৰ্থতে সন্ত্ৰস্তও হৈছে। তেওঁলোকে ভয় খাই গৈছে, বলিউডৰ এখন চিনেমাই ইমান ধৃষ্টতা কেনেকৈ কৰিব পাৰিলে? আৰু তাৰ পাছতো চিনেমাখন ইমানকৈ চলিছে কেনেকৈ? জনপ্ৰিয় সংস্কৃতিৰ ওপৰত থকা নিজৰ অখণ্ড ৰাজত্বৰ প্ৰতি হঠাতে আহি পৰা এনে প্ৰত্যাহ্বান তেওঁলোকৰ চকুত সাঁথৰ যেন হৈ ধৰা দিছে। এই শিবিৰৰ পূৰ্বৰ যি আত্মবিশ্বাসৰ ভিত্তিত হঠাৎ সংশয়ে দেখা দিছে সেই আত্মবিশ্বাসৰ মতাদৰ্শগত তথা সাংগঠনিক দিশ সম্পৰ্কে আমি কিছু পাছত আলোচনা কৰিম।

যিকোনোধৰণৰ শোষণমূলক ভাবধাৰাই তেতিয়াহে সমাজত গজগজীয়াকৈ প্ৰতিষ্ঠিত হয় যেতিয়া সি সমাজজীৱনৰ ‘স্বাভাৱিক’ অংশত পৰিণত হয়। তেতিয়া সেই ‘স্বাভাৱিক’ ভাবধাৰাক সমালোচনা কৰাটো স্বয়ং সমাজখনৰ ওপৰত কৰা আক্ৰমণৰ সমাৰ্থক হৈ পৰে। ‘সুস্থ’ আৰু ‘পৰিপক্ব’ ব্যক্তিয়ে এইসমূহ ভাবধাৰা জীৱন আচৰণৰ অংগ হিচাপে সানন্দে ধাৰণ আৰু পালন কৰে। কেৱল ‘অসুস্থ’ বা ‘এবনৰ্মেল’ আৰু ‘অপৰিপক্ব’ ব্যক্তিয়েহে এইসমূহক অজলাৰ দৰে প্ৰশ্ন কৰে। সেইবাবেই পি কে সমাজৰ দৃষ্টিত এজন অসুস্থ ব্যক্তি, খাই-বৈ থকা (পি কে) এজন মাতাল। আনহাতে, এলিয়েন পি কেই অন্য গ্ৰহৰপৰা আহি পৃথিৱীত ভৰি দিছে সম্পূৰ্ণ নগ্ন ৰূপত (আক্ষৰিক আৰু ব্যঞ্জনাত্মক উভয় অৰ্থতেই), যাৰ পৃথিৱী তথা মানুহ সম্পৰ্কে কোনো ধাৰণাই নাই। গতিকে তেওঁ প্ৰকৃতাৰ্থতেই এজন শিশু। তেওঁ বিস্মিতচক্ষে বিচৰণ কৰা পৃথিৱীখনৰ ‘সুস্থ’ আৰু ‘পৰিপক্ব’ মানুহবিলাকৰ ভণ্ডামি ইমান বেছি যে তাৰ স্বৰূপ কেৱল এজন ‘অসুস্থ’ ব্যক্তিৰ ‘শিশুসুলভ’ দৃষ্টিভংগী তথা প্ৰশ্নবাণেহে উন্মোচন কৰিব পাৰে। সেইবাবেই ধৰ্মৰ গোড়ামি তথা ধৰ্মৰ ‘মেনেজাৰ’সকলৰ ভণ্ডামি পি কেৰ কাৰ্যকলাপ তথা প্ৰশ্নবাণৰ কোবত আমাৰ সন্মুখত ফটফটীয়াকৈ ওলাই পৰিছে আৰু সেইবিলাক যে ঈশ্বৰৰ ‘ৰং নাম্বাৰ’হে মাত্ৰ, সেই কথা প্ৰমাণিত হৈছে। ক’বলৈ গ’লে, ‘পি কে’ই সাধাৰণভাৱে সকলো ধৰ্মৰে স্বৰূপ উদঙাই দেখুৱাইছে। হিন্দুৰ মূৰ্তিপূজাৰ থালখন লৈ গিৰ্জাত সোমাই যিছুৰ ভৰিত নাৰিকল ভাঙি তেওঁ যিদৰে গণ্ডগোলৰ সৃষ্টি কৰিছে, সেইদৰে মদৰ বটল লৈ তেওঁ সোমাই যাব খুজিছে মছজিদৰ ভিতৰলৈ আৰু তেওঁৰ ৰেডিঅ’ত গান বাজি আছে গালিবৰ লিখিত ‘গালিব চৰাব পিনে দে মছজিদ বেইথ কৰ, য়া ৱ’ জগহ বতা জহাঁ খোদা নহি’ (মছজিদৰ ভিতৰত বহি মোক মদ খাবলৈ দিয়া, নতুবা কোৱা, কোনডোখৰ ঠাইত ঈশ্বৰ নাই)। কিন্তু হিন্দু ধৰ্মৰ সমালোচনায়েই ইয়াত অধিক জংগী আৰু বহুল। ইয়াৰ কাৰণ হিন্দুত্ববাদীসকলে অভিযোগ কৰাৰ দৰে পৰিচালকৰ পক্ষপাতিতা নহয়। সংখ্যাগুৰুৰ সাম্প্ৰদায়িকতাবাদে সদায় জাতীয়তাবাদ তথা দেশপ্ৰেমৰ ৰূপত আত্মপ্ৰকাশ কৰে; আনহাতে, সংখ্যালঘুৰ সাম্প্ৰদায়িকতাবাদে নিজৰ সংকীৰ্ণ সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰতে থাকি একপ্ৰকাৰ আত্মমগ্ন পৃথকতাবাদ হিচাপে বিকাশ লাভ কৰে, সময়ত ধৰ্মীয় পম খেদি দেশৰ বাহিৰলৈকো ই গতি কৰিব পাৰে, কিন্তু দেশৰ ভিতৰত সি সংখ্যাগুৰু সাম্প্ৰদায়িকতাবাদৰ সমান্তৰাল অথচ ‘অবৈধ’ এক ক্ষুদ্ৰ ধাৰা হিচাপেহে বৰ্তি থাকিব পাৰে। ‘পি কে’ত সংখ্যাগুৰু সাম্প্ৰদায়িকতাবাদৰ সমালোচনাৰ জৰিয়তে ভাৰতীয় জাতিৰ ধাৰণা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা হৈছে। সাংবাদিক নায়িকাই (অনুষ্কা শৰ্মাই) পি কেই বিলাই ফুৰা ভগৱানৰ ফটোসহ ‘ভগৱান হেৰাইছে’ বুলি লিখা থকা জাননীবোৰৰ বিষয়ে নিউজ এটা কৰো বুলি জোৰ কৰাত নিউজ চেনেলৰ প্ৰধান বোমন ইৰানীয়ে নিজৰ লংপেণ্ট খুলি দেখুৱাই দিয়ে যে আগতে তেনে নিউজ কৰি তেওঁ এটা টিকাত ভালকৈ ত্ৰিশূলৰ খোঁচ খাই থৈছে যাৰ তিনিওটা দাগ এতিয়াও বহি আছে, গতিকে এতিয়া আৰু এটা তেনেকুৱা নিউজ কৰিবলৈ গ’লে আনটো টিকায়ো ৰক্ষা নাপাব!! এনে ব্যংগৰ খোঁচ হিন্দুত্ববাদীৰ টিকাতো দ-কৈ পৰাই স্বাভাৱিক। ৰামৰ জন্মভূমিত মন্দিৰ নিৰ্মাণৰ প্ৰসংগও ইয়াত স্পষ্টভাৱেই উল্লেখ কৰা হৈছে। পি কেই হিন্দু ধৰ্মক প্ৰশ্ন কৰাৰ ধৃষ্টতা কৰা দেখি তপস্বীজীয়ে তেওঁক নিৰ্দ্বিধায় মুছলমান হিচাপে চিহ্নিত কৰিছে : তেওঁ কৈছে যে এসময়ত মাহমুদ গজনী আহিছিল হিন্দু মন্দিৰ ভাঙিবলৈ, এতিয়া কোনোবা পি কে এটা আহিছে প্ৰশ্ন কৰিবলৈ; এই পি কে কোন? – তেওঁ পাৰভেজ খানো হ’ব পাৰে, নতুবা পাছা কামালোতো হ’ব পাৰে?’ চিনেমাখন সম্পৰ্কত হিন্দুত্ববাদীসকলেও এই একেটা কথাকে কৈছে : মুছলমান আমিৰ খানকেই আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লোৱা হৈছে (যদিও চিনেমাখনৰ পৰিচালনা, প্ৰযোজনা, ডাইলগ লিখা আদি ক’তোৱে তেওঁৰ ভূমিকা নাই); লগতে চিনেমাখনৰ চাৰ্টিফিকেট দিয়া চেন্সৰ ব’ৰ্ডৰ প্ৰধান লীলা ছেমছনকো টানি অনা হৈছে কিয়নো তেওঁ খ্ৰিষ্টিয়ান! ই চিনেমাখনৰ মেছেজটো অধিক সবল কৰি তুলিছে, কাৰণে সি হিন্দুত্ববাদৰ ঠিক এই স্বৰূপটোকে উন্মোচন কৰি দেখুৱাব খুজিছে। আনহাতে, ভাৰতীয় হিন্দু যুৱতী আৰু পাকিস্তানী মুছলমান যুৱকৰ মাজৰ প্ৰেমৰ সম্পৰ্কটোৰ মাধ্যমেৰে সম্প্ৰতি হিন্দুত্ববাদীসকলে হুলস্থূল লগাই থকা ‘লাভ জিহাদ’ ধাৰণাটোৰ ফোঁপোলা ৰূপটোকে দাঙি ধৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমি সততে যি পাকিস্তানৰ কথা কৈ থাকো সি এখন দেশ নহয়, সি এটা ধাৰণাহে : সি হ’ল ভাৰতৰ ‘অন্য’ সত্তাটো যাৰ বিপৰীতে আমি নিজক থিয় কৰাওঁ; সি হ’ল ঘৃণা আৰু বিদ্বেষেৰে নিৰ্মিত এক কল্পমূৰ্তি। পাকিস্তানতো ভাৰতৰ তেনে এক কল্পমূৰ্তিয়েই প্ৰচলিত। একেদৰে মাহমুদ গজনীও ঐতিহাসিক চৰিত্ৰটো নহয় : সি হ’ল জাতিগত অপমান আৰু লাঞ্ছনাৰ এটা প্ৰতিমূৰ্তি মাত্ৰ, যাৰ নাম উচ্চাৰণেই হিন্দুত্ববাদীৰ তেজ উতলাই তুলিব পাৰে; কেৱল ঐতিহাসিক চৰিত্ৰটোৰ বস্তুনিষ্ঠ চৰিত্ৰ নিৰ্ণয়ে সেয়েহে এই মিথটোক অপসাৰিত কৰিব নোৱাৰে। এইসমূহ ধাৰণাৰ বিনিৰ্মাণৰ কাম হয়তো পি কেইহে কৰিব পাৰিব।

আনহাতে, হিন্দু সাম্প্ৰদায়িকতাবাদৰ সৈতে ভাৰতীয় জাতীয়তাবাদৰ সম্পৰ্কৰ বিষয়টো এটা জটিল প্ৰসংগ। এই প্ৰসংগত অন্যত্ৰ আমি বহলাই আলোচনা কৰিবলৈ যত্ন কৰিছো। সাধাৰণভাৱে ক’ব পাৰি যে ভাৰতীয় জাতীয়তাবাদৰ অংকুৰণৰ দিন ধৰি তাৰ সৈতে হিন্দু ধৰ্মৰ পৰিচয়টো ছাঁৰ দৰে লাগি আহিছে : সাম্প্ৰদায়িকতাবাদে জাতীয়তাবাদৰ সৈতে একে সময়তে বিৰোধ আৰু বিনিময়ৰ এক সম্পৰ্ক বৰ্তাই আহিছে, কেতিয়াবা পথভ্ৰষ্ট জাতীয়তাবাদ হিচাপে, কেতিয়াবা জাতীয়তাবাদৰ বিপৰীত শক্তি হিচাপে। জাতীয় আন্দোলনৰ পূৰ্বচৰ্ত হিচাপে ভাৰতীয় ভূখণ্ডৰ ভিতৰুৱা সমগ্ৰ জনসাধাৰণৰ মাজত ঐক্যৰ ধাৰণা দাঙি ধৰাটো যেনেকৈ জৰুৰী আছিল, তেনেকৈ সেই ঐক্যৰ ৰাজনৈতিক ভিত্তি এটা দাঙি ধৰাও কঠিন আছিল; গতিকে তাৰ এটা সাংস্কৃতিক তথা সভ্যতাগত ভিত্তিয়েই সহজভাৱে দাঙি ধৰা হৈছিল। কিন্তু সেই সাংস্কৃতিক ভিত্তিটো আছিল মূলতঃ হিন্দুধৰ্মীয় – উচ্চবৰ্ণ, আৰু মূলতঃ উত্তৰ ভাৰতীয়। জাতীয় আন্দোলনৰ সবাতোকৈ ছেকুলাৰ নেতা নেহৰুৱে ‘আৱিষ্কাৰ’ কৰা ভাৰতখনৰ ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’টো আছিল হিন্দু ৰোমাণ্টিকতাৰে চপচপীয়া। সাম্প্ৰদায়িকতাবাদ আৰু জাতীয়তাবাদৰ মাজৰ পাৰ্থক্যটো স্বাধীনতাৰ পাছত, বিশেষকৈ নেহৰুবাদী চিন্তাৰ ক্ৰমাৱক্ষয়ৰ পিছৰকালত ক্ৰমাৎ কমি আহিছিল। সম্প্ৰতি জাতীয়তাবাদক সাম্প্ৰদায়িকতাবাদে একপ্ৰকাৰ গ্ৰাস কৰি পেলাইছে আৰু তাৰ ফলস্বৰূপে স্বাভাৱিকতেই হিন্দুত্ববাদী শক্তি অধিক বলীয়ান হৈ পৰিছে। ভাৰতীয় জাতীয়তাবাদৰ বৰ্তমান চৰিত্ৰটো সাধাৰণভাৱে বুজিবলৈ আমি মীৰা নন্দৰ ফৰ্মুলা এটা ল’ব পাৰো : The God Market  গ্ৰন্থৰ এটা অধ্যায়ৰ নাম তেওঁ দিছে ‘india@superpower.com’;  কিন্তু আন এটা ফৰ্মুলাও তেওঁ একে গ্ৰন্থৰে এঠাইত দিছে  – ‘india@superpower.OM’! তেওঁ দেখুওৱাৰ দৰেই, সম্প্ৰতি ভাৰতীয় জাতীয়তাবাদক চালিত কৰি আছে বিশ্বায়ন তথা ছুপাৰপাৱাৰ হোৱাৰ বাসনাই, কিন্তু লগতে আছে হিন্দুত্ববাদ বা ওঁম! সি যি নহওক, হিন্দু জাতীয়তাবাদক প্ৰশ্ন কৰাৰ মাধ্যমেৰে ‘পি কে’ই ভাৰতীয় পৰিচয় তথা জাতি সম্পৰ্কে জনপ্ৰিয় স্তৰত এক আলোচনাৰ বাট মুকলি কৰিছে।

এতিয়া আমি বলিউডৰ ওপৰত হিন্দুত্ববাদৰ মতাদৰ্শগত তথা সাংগঠনিক নিয়ন্ত্ৰণৰ কিছু কথা আলোচনা কৰিম। প্ৰসংগটো একেবাৰে নতুন বাবে এই অংশ আগৰছোৱাতকৈ কিছু অধিকৰূপে তথ্যধৰ্মী হোৱাটো স্বাভাৱিক। হিন্দুত্ববাদী দল-সংগঠনে ‘পি কে’-বিৰোধী উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতো কিন্তু বলিউডৰ ভিতৰৰপৰা কোনো সবল প্ৰতিবাদ দেখা নগ’ল। ইয়াত আচৰিত হ’বলগীয়া একো নাই। শ্বাহৰুখ খান অভিনীত ‘মাই নেম ইজ খান’ৰ বিৰুদ্ধে একেধৰণৰ হুলস্থূল হওঁতেও কোনেও বিশেষ মাত মতা নাছিল; অমিতাভ বচ্চনে সাংবাদিকৰ আগত মত প্ৰকাশত অনিচ্ছুক বুলি ঘোষণা কৰিলে, কাৰণ তেওঁৰ বক্তব্য সংবাদ মাধ্যমৰ জৰিয়তে ভুলভাৱে উপস্থাপিত হ’ব পাৰে! এই নীৰৱতাৰ গভীৰ ৰাজনৈতিক কাৰণ আছে। অৱশ্যে খানহঁতক হিন্দুত্ববাদীবিলাকে চকু পাৰি দেখিব নোৱাৰে (অৱশ্যে ছলমান খানক বাদ দি); অলপতে শ্বাহৰুখ, আমিৰ আৰু ছৈফ আলি খানক কোৱা হৈছে যে তেওঁলোকে যদি তেওঁলোকৰ (হিন্দু) পত্নীসকলক সঁচাকৈয়ে ভাল পায় তেন্তে তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ’ব লাগে; লোকসভা নিৰ্বাচনৰ সময়ছোৱাত শ্বাহৰুখ খানক পাকিস্তানলৈ যাবলৈ আহ্বান কৰি তেওঁৰ প্ৰতিকৃতি দাহ কৰা হৈছিল। ঋত্বিক ৰোশনৰ উত্থানৰ কালছোৱাত বলিউডত মুছলমানৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে হিন্দু হিৰ’ ঋত্বিকৰ সপক্ষে প্ৰচাৰ চলোৱা হৈছিল, কিন্তু তেওঁ সেই আশা পূৰণ কৰিব নোৱাৰিলে। সি যি নহওক, বলিউডৰ হিন্দুত্ববাদৰ সৈতে সম্পৰ্ক বুজিবলৈ শিৱ সেনা তথা বাল থাকৰেৰ আলোচনা অপৰিহাৰ্য। শিৱ সেনা হ’ল মুম্বাই-কেন্দ্ৰিক এটা পাৰ্টি; মাৰাঠী জাতীয়তাবাদেৰে আৰম্ভ হোৱা পাৰ্টিটোৱে পাছত হিন্দুত্ববাদক আঁকোৱালি লয়। কিন্তু মূলসুঁতিৰ হিন্দুত্ববাদীসকলৰ দৰে ইয়াৰ কোনো স্পষ্ট নীতি-আদৰ্শ নাই; প্ৰথমে গুজৰাটীসকলক, তাৰ পাছত কেতিয়াবা দক্ষিণ ভাৰতীয়সকলক, কেতিয়াবা কমিউনিষ্টসকলক, কেতিয়াবা দলিতসকলক আৰু বৰ্তমান মুছলমানসকলক ই শত্ৰু গণ্য কৰি আক্ৰমণৰ লক্ষ্য কৰি লয়। বাল থাকৰে সৌ সিদিনা মৃত্যুৰ আগমুহূৰ্তলৈকে আছিল তেওঁলোকৰ সেনাপ্ৰধান – তেওঁ হ’ল মুম্বাই চহৰৰ ‘চাহেব’, ‘ডন’, ‘টাইগাৰ’। টাইগাৰৰ ইচ্ছাৰ বিপৰীতে মুম্বাইৰ কুটা এগছো ইফাল-সিফাল নহয়; টাইগাৰে ৰাজনীতি নকৰে, কিন্তু মুখ্যমন্ত্ৰীক ৰিম’ট কণ্ট্ৰলেৰে পৰিচালনা কৰে। এই টাইগাৰৰ নেতৃত্বতেই মুম্বাইত একমাত্ৰ গুণ্ডামি আৰু ভীতি উৎপাদনৰ মাধ্যমেৰেই শিৱ সেনাৰ ৰাজত্ব। মুম্বাইত থাকৰেই প্ৰথম ষাঠিৰ দশকত এই ‘দাদা কালচাৰ’ৰ সূচনা কৰে যাৰ প্ৰতিক্ৰিয়াস্বৰূপে কালক্ৰমত সমান্তৰাল কিছুমান অন্যান্য ‘দাদা কালচাৰ’ৰ সৃষ্টি হয়, ডাউড ইব্ৰাহিম তাৰে এটা উদাহৰণ মাত্ৰ। এই কালচাৰটোৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ তথা হস্তক্ষেপ বলিউডৰ ওপৰত বিদ্যমান; আনহাতে, এই কালচাৰটোৰ প্ৰতিফলন আমি বলিউডৰ চিনেমাত বহুলভাৱে দেখিবলৈ পাওঁ, বিশেষকৈ ‘ডন’-জাতীয় চিনেমাত। অভিনেতা সঞ্জয় দত্তৰ জীৱন এই কালচাৰটোৰ সৈতে ঘনিষ্ঠভাৱে তথা ট্ৰেজিকভাৱে জড়িত। সি যি নহওক, বলিউডী চিনেমাৰ আলোচনাত এই কালচাৰটোৰ উক্ত দুইধৰণৰ প্ৰভাৱৰ কথা মনত ৰখাটো অতিকে জৰুৰী।

সুকেতু মেহতাই তেওঁৰ Maximum City: Bombay Lost and Found গ্ৰন্থৰ এঠাইত লিখা মতে, থাকৰেই তেওঁৰ আগত ১৯৯৩ চনৰ বোমা বিস্ফোৰণৰ গোচৰত সঞ্জয় দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছত দেউতাক সুনীল দত্তই সহায় বিচাৰি আহি কেনেকুৱা কৰিছিল তাৰ বৰ্ণনা কৰিছিল। ৰাজনৈতিক প্ৰতিদ্বন্দ্বী সুনীল দত্তই আহি থাকৰেক অনুনয়-বিনয় কৰিছে, তেওঁৰ পত্নীক আৱৰি ‘আৰতি’ কৰিছে যাতে পুতেক সঞ্জয়ক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে। সেই সময়তে বাহিৰত আন আঠ-নজনমান প্ৰযোজক ৰৈ আছে যিসকলৰ অলপতে মুক্তি পাবলগা চিনেমাত সঞ্জয়ে অভিনয় কৰিছিল; তেওঁলোকৰ পইচা পানীত পৰাৰ উপক্ৰম হৈছে এতিয়া, একমাত্ৰ চাহেবেহে তাৰপৰা উদ্ধাৰ কৰিব পাৰে। প্ৰযোজকসকলক চাহেবে উদ্ধাৰ কৰিলেনে নাই জনা নাযায়, কিন্তু সঞ্জয় দত্তক মুকলি কৰাই দিলে। আনকি সুকেতু মেহতা সাক্ষাৎ থকা অৱস্থাতো প্ৰযোজক বিজয় আনন্দ চাহেবৰ ওচৰত উপস্থিত হৈছেহি এটা অভিযোগ মৰিষণৰ বাবে। এই দৃশ্যটোৰপৰা বলিউডৰ সৈতে থাকৰে তথা শিৱ সেনাৰ সম্পৰ্কৰ মোটামুটি আভাস এটা পাব পাৰি। ভুল-শুদ্ধৰ অবিসম্বাদী বিচাৰক হিচাপে বা অনানুষ্ঠানিক চেন্সৰ হিচাপে থাকৰে তথা শিৱ সেনাই যোৱা প্ৰায় পাঁচটা দশক ধৰি বলিউডৰ ওপৰত দমন চলাই আহিছে। প্ৰায়সকলেই এই দমন চুপেচাপে মানি লৈছে; বহুতৰ ক্ষেত্ৰত দাসত্বয়েই আকৌ ভক্তিৰ ৰূপ পৰিগ্ৰহ কৰিছে, উদাহৰণস্বৰূপে থাকৰেৰ প্ৰতি অমিতাভ বচ্চনৰ অগাধ ভক্তিৰ কথা ক’ব পাৰি। ১৯৬৮ চনত থাকৰেই দক্ষিণ ভাৰতীয় প্ৰযোজকৰদ্বাৰা নিৰ্মিত হিন্দী ছবি বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল; তেওঁৰ নিষেধাজ্ঞাৰ লগে লগে চিনেমা হলসমূহে ‘দো কলিয়া’, ‘ৰাম ঔৰ শ্যাম’, ‘ফৰ্জ’ আদি ছবিসমূহ উঠাই লৈছিল। তেনে এজন প্ৰযোজক মইয়াপ্পানে তেওঁৰ ওচৰত কাকূতি-মিনতি কৰাত তেওঁ মইয়াপ্পান আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ বাবে তিনিটা চৰ্ত দিছিল; চৰ্তকেইটা পূৰণ কৰিব বুলি মইয়াপ্পানে প্ৰতিশ্ৰুতি দিয়াৰ পাছত তেওঁ ‘দো কলিয়া’ৰ প্ৰদৰ্শনৰ বাবে অনুমতি দিছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰযোজক-পৰিচালকসকলে নিজ জ্ঞানেৰেই তেনে পৰিস্থিতি এৰাই চলাৰ বাবে চেষ্টা কৰিছিল, আৰু যেতিয়াই প্ৰয়োজন হয়, কোনো ছবি প্ৰথমে চাহেবক প্ৰদৰ্শন কৰি লৈহে মুক্তি দিছিল। উল্লেখ্য যে চাহেবক কেন্দ্ৰ কৰি বা তেওঁক এটা চৰিত্ৰ হিচাপে লৈ ভালেমান চিনেমা নিৰ্মিত হৈছে। তেওঁক লৈ নিৰ্মাণ কৰা অমিতাভ বচ্চন অভিনীত ‘চৰকাৰ’ ছবিখন ৰামগোপাল বাৰ্মাই তেওঁক প্ৰদৰ্শন কৰি লৈছিল। একেদৰে তেওঁৰ চৰিত্ৰ থকা মুম্বাইৰ সাম্প্ৰদায়িক সংঘৰ্ষক লৈ নিৰ্মিত মণিৰত্নমৰ ‘বম্বে’ ছবিখনো পৰিচালকে তেওঁক প্ৰদৰ্শন কৰিছিল : ছবিখনত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে দায়ী হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ দুয়োজন নেতাকেই অৱশেষত অনুশোচনাত দগ্দ্ধ হোৱা দেখুওৱা হৈছে; থাকৰেই জোৰ দি ধৰিছিল যে তেওঁক প্ৰতিনিধিত্ব কৰা চৰিত্ৰটোৱে অনুশোচনা কৰাটো কোনোমতেই দেখুৱাব নালাগে, অৱশ্যে মণিৰত্নমে সেই নিৰ্দেশ ৰক্ষা কৰিব নোৱাৰিলে। চাহেবৰ মৃত্যুৰ পাছত উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন শিৱ সেনা আৰু তাৰ সমান্তৰাল ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সময়ত এই ৰাজনীতিৰ কিধৰণৰ পৰিবৰ্তন ঘটিছে সেই সম্পৰ্কে আমাৰ হাতত তথ্যৰ অভাৱ, কিন্তু যতদূৰসম্ভৱ বলিউডৰ সৈতে সম্পৰ্কৰ কোনো গুণগত পৰিবৰ্তন ঘটা নাই।

কেৱল বাল থাকৰে তথা শিৱ সেনাই নহয়, বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দল আৰু অন্যান্য বিবিধ নামধাৰী বহুবোৰ হিন্দুত্ববাদী দল-সংগঠনে হিন্দী চিনেমাৰ ওপৰত আধিপত্য তথা নিয়ন্ত্ৰণ সাব্যস্ত কৰিবৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰি আহিছে। নক’লেও হ’ব যে বিজেপি নেতৃত্বাধীন সাম্প্ৰতিক চৰকাৰৰ সময়ত এই প্ৰৱণতাই চৰকাৰী সহায়তাত অধিক উৎকট ৰূপ ধাৰণ কৰিছে। বাজপেয়ীৰ দিনৰ কথা; দীপা মেহতাই তেওঁৰ ‘ৱাটাৰ’ ছবিৰ স্ক্ৰিপ্টটো কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ পঠাইছিল ক্লিয়েৰেন্সৰ বাবে; পাছতহে তেওঁ গম পালে যে স্ক্ৰিপ্টটো বাহিৰে বাহিৰে গৈ ইতিমধ্যে আৰ এছ এছৰ প্ৰধান কে সুদৰ্শনৰ হাতত পৰিছেগৈ। এতিয়া ‘ধৰ্মীয় অনুভূতি’ত আঘাত হনাৰ অচিলা লৈ কলা, সাহিত্য, বিদ্যাচৰ্চাৰ ক্ষেত্ৰত একপ্ৰকাৰ গেৰুৱা চেন্সৰছিপৰ ব্যৱস্থা প্ৰবৰ্তন কৰিব খোজা হৈছে। তাৰ প্ৰভাৱ হিন্দী চিনেমাৰ ক্ষেত্ৰতো ঘটিছে। ‘ভাগ মিলখা ভাগ’ ছবিৰ ‘হাৱাঁ কুন্দ মস্তোঁ কি ঝুন্দ’ বোলা গানটো উঠাই দিবলৈ দাবী কৰা হৈছিল, গানটোৱে বোলে ‘হাৱাঁ’ (havan) নামৰ প্ৰাচীন ভাৰতীয় ‘ধৰ্মীয় জুই’কুৰাক বিকৃত ৰূপত উপস্থাপন কৰিছে! অজয় দেৱগণ অভিনীত ৰোহিত ছেট্টীৰ ‘সিংহাম ৰিটাৰ্নছ’ ছবিৰ বিৰুদ্ধেও ভালেমান অভিযোগ উত্থাপিত হৈছিল : তাত বোলে হিন্দু ‘সাধু’ৰ ৰূপত এটা গুণ্ডাক দেখুওৱা হৈছে; এটা দৃশ্যত খাকী ইউনিফৰ্মত থকা নায়কক নামাজ পঢ়া দেখা গৈছে; তাতোকৈ ডাঙৰ কথাটো হ’ল, নায়কে এটা মছজিদক ছেলুট মৰাও দেখুওৱা হৈছে। অক্ষয় কুমাৰ অভিনীত উমেশ শুক্লাৰ ‘অ’ মাই গড’ ছবিখনত ধৰ্মৰ দালালসকলৰ ভণ্ডামি তথা ব্যৱসায় সুন্দৰভাৱে দাঙি ধৰা হৈছে; গতিকে ইয়াৰ ওপৰত স্বাভাৱিকতেই বহুতো আক্ৰমণ চলোৱা হৈছিল; ইস্কনৰ পিনৰপৰা আনকি তাৰ এখন প্ৰত্যুত্তৰ-ড্ৰামাও নিৰ্মাণ কৰা হৈছিল ‘অ’ মাই গড ৰিটাৰ্নছ’ নামেৰে।

সি যি নহওক, জনপ্ৰিয় সংস্কৃতি, বিশেষকৈ হিন্দী চিনেমাৰ ওপৰত থকা দীৰ্ঘদিনীয়া অখণ্ড আধিপত্যই হিন্দুত্বপন্থী শক্তিসমূহৰ মনত যি আত্মবিশ্বাসৰ সৃষ্টি কৰিছিল, ‘পি কে’ৰ দৰে চিনেমাৰ সফলতাই তাত ভালেখিনি খহনীয়াৰ সৃষ্টি কৰিছে। জনপ্ৰিয় সংস্কৃতিত যুক্তিবাদী চিন্তাৰ এনে ‘আগ্ৰাসন’ দেখি তেওঁলোকে প্ৰকৃতাৰ্থতেই ভয় খাইছে। এই কথাটো প্ৰগতিশীল শক্তিসমূহে বুজি পোৱাটো বৰ দৰকাৰী।

(ৰচনাকাল : ২৪ জানুৱাৰি, ২০১৫)

পি ডি এফ ৰূপত লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

 

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ
One comment on “‘পি কে’ আৰু কিছু প্ৰাসংগিক প্ৰশ্ন
  1. ‘অসমীয়া প্ৰতিদিন’ৰ শাৰদীয় সম্ভাৰ, ২০১৫ত প্ৰকাশিত।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: