আজি আমি টেলিপেথি আৰু হস্তৰেখাৰ অন্তঃসাৰশূন্যতা উদঙাই দি আলোচনা কৰিলো, কাইলৈ বাস্তুশাস্ত্ৰ আৰু স্বপ্নফলৰ অসত্যতাৰ কথা লিখিম৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ এয়াই পদ্ধতি নেকি? অন্ধবিশ্বাসৰ বজাৰত নতুন নতুন মাল সদায় ওলায়েই থাকিব৷ কেৱল সেইবোৰৰ আলোচনা কৰি থকাটোৱেই নিশ্চয় যুক্তিবাদী মানুহৰ কাম নহয়৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ মূল উদ্দেশ্য হ’ল পূৰ্ণাংগ যুক্তিবাদী চেতনাৰ বিকাশ – যি চেতনাই মানুহক যিকোনোধৰণৰ অন্ধবিশ্বাসৰ স্বৰূপ উপলব্ধি কৰাত সহায় কৰিব৷ কিন্তু এই চেতনাৰ চৰিত্ৰ আৰু তাৰ বিকাশৰ পথ কেনেকুৱা হ’ব তাক লৈ যুক্তিবাদীসকলৰ মাজত মতভেদ আছে৷
অন্যান্য কাৰকৰ সৈতে মিলি যেতিয়া কিছুমান অন্ধবিশ্বাসে বিশেষ সন্ধিক্ষণত একোটা মৰ্মান্তিক বা নৃশংস ঘটনা সংঘটিত কৰে, তেতিয়া সাধাৰণতে জনপ্ৰিয় স্তৰত অন্ধবিশ্বাসক লৈ হৈ-চৈৰ সৃষ্টি হয় – যদিও বহুতেই মানৱীয় বা আইনী ভাষাত কথা কয়৷ কিন্তু সাধাৰণ অৱস্থাত অন্ধবিশ্বাসসমূহে বিদ্যমান সামাজিক পৰম্পৰাৰ সৈতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি থাকে৷ যুক্তিবাদীসকলৰ কৰ্তব্য হ’ল সমাজ-মানসৰ যিটো স্তৰক অন্ধবিশ্বাসৰ প্ৰচ্ছায়াই ঢাকি ৰাখিছে তাক যৌক্তিক চেতনাৰে আলোকিত কৰাটো৷ কেৱল মানুহৰ শুভবুদ্ধিৰ প্ৰতি আবেদনেই তাৰ বাবে যথেষ্ট নহয় – প্ৰণালীবদ্ধ আৰু ব্যাপক যৌক্তিক কৰ্মপ্ৰচেষ্টাৰ জৰিয়তেহে সকলো স্তৰৰ লোকক প্ৰক্ৰিয়াটোত সমাহৃত কৰি অন্ধবিশ্বাস নিৰ্মূল কৰিব পৰা যাব৷ জনসাধাৰণৰ চেতনাক অৱৰুদ্ধ আৰু ঊষৰ কৰি ৰাখি অন্ধবিশ্বাসে প্ৰতিষ্ঠিত সমাজ-গাঁথনিটোক নিৰ্বিঘ্নে-নিৰ্ভয়ে টিকি থকাত প্ৰভূত সহায় কৰে৷ সেইবাবে সমাজৰ ৰক্ষণশীল শক্তিসমূহে যুক্তিবাদক সহ্য নকৰাই স্বাভাৱিক৷ গতিকে মধ্যবিত্তীয় চাহমেলৰপৰা প্ৰসাৰ লাভ কৰি বিশাল জনসাধাৰণক সামৰি ল’বলৈ হ’লে অন্ধবিশ্বাসবিৰোধী আন্দোলনে ৰাজনৈতিক সংগ্ৰামলৈ উত্তীৰ্ণ হ’ব লাগিব৷ কিন্তু তাৰ বাবে উপযোগীকৈ মতাদৰ্শগত অস্ত্ৰপাটতো শাণ দিব লাগিব৷ এইক্ষেত্ৰত আন আন সামাজিক সংগ্ৰামসমূহৰ প্ৰতি ইয়াৰ দৃষ্টিভংগী আৰু সেইসমূহৰ সৈতে ইয়াৰ সম্পৰ্কৰ প্ৰশ্নসমূহো বিচাৰ কৰিব লাগিব৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ চেতনাৰ মুক্তিৰ সংগ্ৰামখন মানৱ মুক্তিৰ আন সকলো প্ৰগতিশীল সংগ্ৰামৰ সৈতে সহযোগিতাৰেই আগ বঢ়াই নিব লাগিব৷
নতুন নতুন অত্যাধুনিক পোছাকেৰে অন্ধবিশ্বাসে নিৰন্তৰ বিভিন্ন জটিলতৰ আৰু সূক্ষ্মতৰ অৱতাৰ ধাৰণ কৰাৰ সমান্তৰালভাৱে অন্ধবিশ্বাসবিৰোধী আন্দোলনেও নতুন চিন্তা আৰু নতুন দৃষ্টিকোণ গ্ৰহণ কৰি ৰণকৌশলগতভাৱে নিজকে অধিক সমৃদ্ধ আৰু যুগোপযোগী কৰি তুলিব লাগিব৷ বিজ্ঞান আৰু দৰ্শনৰ পৰিভাষা আৰু উপস্থাপন-শৈলী সাম্প্ৰতিক অন্ধবিশ্বাসে নিজৰ মতে সজাই-পৰাই লৈছে৷ সেইসমূহক প্ৰতিৰোধ কৰিবলৈ হ’লে যুক্তিবাদীসকলে আধুনিক বিজ্ঞান আৰু দৰ্শনৰ অধিক গভীৰলৈ চকু দিব লাগিব৷ কিন্তু ইয়াৰ ওপৰতে সমস্ত গুৰুত্ব দিয়াৰো প্ৰয়োজন নাই : অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ সমাজতাত্ত্বিক আয়তনটোৱেই হ’ল আমাৰ সমাজত বুনিয়াদী আৰু সৰ্বতোপ্ৰয়োজনীয়৷ পশ্চিমীয়া উন্নত দেশত কথাটো হয়তো কিছু বেলেগ : সমাজ বিকাশৰ স্বাভাৱিক নিয়মানুযায়ীয়েই তাত সাম্প্ৰতিক অন্ধবিশ্বাস আৰু অন্ধবিশ্বাসবিৰোধী আন্দোলন দুয়োটাই মূলতঃ বিজ্ঞান-নিৰ্ভৰ৷ কিন্তু ভাৰতৰ দৰে পশ্চাদপদ সমাজত প্ৰাচীন আৰু আধুনিক উপাদানৰ সংমিশ্ৰণেৰে নতুন পৰিবেশত অন্ধবিশ্বাসৰ নতুন কিছুমান সমীকৰণৰ সৃষ্টি হৈছে৷ গণমাধ্যমৰ সহযোগত ব্যক্তিগত পুঁজিৰদ্বাৰা পৰিচালিত অন্ধবিশ্বাসৰ উদ্যোগটো সম্প্ৰতি অতি বৃহৎ আৰু ক্ৰমবৰ্ধমান৷ তদুপৰি গৱেষক মীৰা নন্দই কোৱাৰ দৰে ৰাষ্ট্ৰ-মন্দিৰ-কৰ্প’ৰেটৰ ত্ৰিকোণ সম্পৰ্কটো (মূলতঃ নামী-দামী ঈশ্বৰপুৰুষ-বাবা আদিক কেন্দ্ৰ কৰি গঢ়ি উঠা অনুষ্ঠানকে মন্দিৰ বুলি বুজোৱা হৈছে) এতিয়া সৰ্বত্ৰ ঈশ্বৰপুৰুষ-কেন্দ্ৰিক অন্ধবিশ্বাসৰ সাধাৰণ মডেল হৈ পৰিছে৷ এইসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ অন্ধবিশ্বাসবিৰোধী আন্দোলনে নতুন ৰণকৌশলৰ বিকাশ ঘটাব লাগিব৷
বহুতো প্ৰগতিশীল আন্দোলন তথা কৰ্মসূচীতেই অন্ধবিশ্বাসৰ প্ৰশ্নটো প্ৰায়ে উপেক্ষা কৰা দেখা যায়৷ ভিত্তি আৰু উপৰিসৌধৰ স্বৰূপ তথা দুয়োৰে পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে যান্ত্ৰিক চিন্তা বহু ক্ষেত্ৰত ইয়াৰ কাৰণ হ’ব পাৰে৷ এটা কথা ঠিক যে জীৱন দৰ্শন হিচাপে যুক্তিবাদক যান্ত্ৰিকভাৱে গ্ৰহণ কৰিলে কিছু সীমাবদ্ধতাই দেখা দিব পাৰে : সেই দিশৰপৰা ই হয়তো কিছু পৰিমাণে একঘেয়ে আৰু নিৰ্ধাৰণবাদী৷ কিন্তু কৰ্মতৎপৰতা তথা সামাজিক আন্দোলন হিচাপে ইয়াৰ প্ৰয়োজন তৰ্কাতীত৷ প্ৰগতিশীল সকলোটিয়ে মন দিয়া ভাল যে মানৱ চেতনাক শৃংখলামুক্ত কৰি মানৱ মুক্তিৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ যুক্তিবাদ অপৰিহাৰ্য আৰু অতিকে গুৰুত্বপূৰ্ণ৷
(সমাপ্তি : ০৪-০৩-২০১৪, পিছনিশা ০১:১৭ বজা)
(যুক্তি-বিকাশ সমিতি, অসম-ৰ তিনিমহীয়া মুখপত্ৰ ‘এষণা’ৰ এপ্ৰিল-জুন, ২০১৪ সংখ্যা)
পি ডি এফ ৰূপত ‘অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা’
বি.দ্ৰ.:
একে বিষয়ৰে আন এটা প্ৰাসংগিক লেখা ‘যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা’ পঢ়ক এই লিংকত : https://jitenbezboruah.wordpress.com/2013/12/04/juktibad-xomporke-eta-oxompurno-tuka/
Leave a Reply