হেমাংগ বিশ্বাস আৰু বিহু

সাম্প্রতিক নৈৰাজ্যসদৃশ পৰিস্থিতিত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো অতিকে তাৎপর্যপূর্ণ কথা। কিন্তু সেই স্মৰণে কেৱল বিদ্যায়তনিক স্তৰতে আবদ্ধ নাথাকি নিপীড়িতজনৰ স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রাম তথা জাতীয় জীৱনৰ ৰক্ষণাবেক্ষণ আৰু সুষম উন্নয়নৰ প্রচেষ্টাৰ ভৱিষ্যতৰ বাটটো অলপ হ’লেও আলোকিত কৰিব পাৰিব লাগিব। বর্তমান বহুজাতিক নিগমৰ মাধ্যমেৰে চৰকাৰৰ প্রেৰণাতে সাম্রাজ্যবাদী পুঁজিয়ে যিদৰে আমাৰ সমাজ আৰু অর্থনীতি গ্রাস কৰিছে,সংস্কৃতিৰ বেশধাৰী দুষ্কৃতিৰ আক্রমণে একেদৰে ৰাজনৈতিক চেতনাৰ কণকঠীয়া মাৰি ভোগবাদ আৰু উপভোক্তাবাদৰ অন্ধকাৰ আত্মতুষ্টিপূর্ণ জগতত আমাক সকলোকে ডুবাই ৰাখিছে। দাৰিদ্ৰ্য আৰু পশ্চাৎপদতাৰ অতল জলত কক্‌বকাই থকা বিপুল জনসাধাৰণে চকুৰে কেৱল হাহাকাৰহে দেখা পাইছে। এই সর্বব্যাপী নৈৰাজ্যৰ মাজত আমি আশ্বস্ত হ’ব পৰাকৈ কোনো আশাৰ পোহৰ দেখিবলৈ পোৱা নাই;কিন্তু ৰূঢ় বাস্তৱে বাম ৰাজনীতিৰ প্রতি আমাৰ বিশ্বাস অধিকতৰ দৃঢ়বদ্ধ কৰি তুলিছে। সময়োপযোগী তত্ত্ব আৰু সংগ্রামী কাৰ্যসূচীৰে বাঁওশক্তিয়ে বিপুল জনসাধাৰণক ব্যাপক গণসংগ্রামৰ পথাৰত সমবেত আৰু সু-পৰিচালিত কৰিব পাৰিলেহে ভৱিষ্যতে মানৱতাৰ গৌৰৱ প্রতিষ্ঠাৰ বাট প্রশস্ত হ’ব। কিন্তু বাঁও শিবিৰ এতিয়া বিক্ষিপ্ত আৰু বিভাজিত,দুর্বল আৰু নিষ্প্ৰাণ;সংসদীয় পাকচক্ৰত আত্মনিমগ্ন বাঁও ৰাজনৈতিক দলৰপৰা বিশেষ আশা কৰাৰ থল নাই বুলিয়েই ভাবো। গতিকে বামপন্থাৰ প্ৰতি অনুগত আজি নিজৰ মাজৰ মতভেদসমূহ বাস্তৱৰ কঠোৰ শিক্ষাৰে যতদূৰসম্ভৱ মীমাংসা কৰি নতুন চিন্তা আৰু নতুন সমীকৰণৰ উদ্দেশ্যৰে সংগঠিত হোৱাটো অতিকে জৰুৰী হৈ পৰিছে। গোড়া মার্ক্সবাদীসকলেও মার্ক্স-এংগেলছৰ প্রতি তেওঁলোকৰ ‘ধৰ্মীয়’ আনুগত্যক অলপ সচেতনতাৰে পৰীক্ষা কৰি পৰিৱর্তিত পৰিস্থিতিৰ নতুন ব্যঞ্জনা উপলব্ধি কৰিবলৈ যত্ন কৰা ভাল। উত্তৰাধুনিকতাবাদে কোৱাৰ দৰে বিক্ষিপ্ততা আৰু উদ্দেশ্যহীনতাকে দৈৱ বুলি মানি লবলৈ আমি মান্তি নহয়;কিন্তু ব্যক্তিজীৱন আৰু সমাজজীৱনৰ যিবোৰ অৱদমিত আৰু অৱহেলিত অঞ্চল উত্তৰাধুনিকতাবাদে আলোকিত কৰিলে তাক জানো অস্বীকাৰ কৰিব পাৰি? জাগি উঠা ভিন্ন ভিন্ন সত্তা তথা পৰিচিতিৰ বিশৃংখলাক মহোৎসাহে আদৰণি জনোৱাৰ অর্থ হ’ব মার্ক্সবাদক জলাঞ্জলি দিয়া;কিন্তু শ্রেণী-পৰিচিতিক তাৰ প্রাপ্য প্রাধান্য দিও অন্যান্য সত্তা তথা পৰিচিতিৰ প্রতি সমালোচনাত্মক সহানুভূতিৰ প্রদর্শন কৰাটো বর্তমানৰ প্রেক্ষাপটত প্রয়োজনীয় নহয়নে? এইখিনিতে উল্লেখনীয় যে কলা-সাহিত্য তথা মানৱীয় প্রশ্নসমূহৰ প্রতি অধিকাংশ মার্ক্সবাদীৰে দৃষ্টিভংগী যান্ত্রিকধৰণৰ। কলা-সাহিত্যই সমাজ-বাস্তৱৰ ‘প্রতিফলন’ ঘটায় আৰু কার্যক্ষেত্ৰত ইহঁতে বাঁও ৰাজনীতিৰ হাতধৰী লিগিৰী হিচাপে সর্বহাৰাৰ সংগ্রামত সহায়তা কৰিব লাগে – এনে দৃষ্টিভংগীৰে কলা-সাহিত্যৰ স্বকীয় চৰিত্ৰক স্বীকৃতি আৰু সন্মান দিব নোৱাৰি। কলাকৈৱল্যবাদক গ্ৰহণ কৰিব নোৱাৰি বুলিয়েই তাৰ এনে বিপৰীত দৃষ্টিভংগী গ্রহণ কৰাটো বিপদজনক। (কডৱেলৰ চমৎকাৰ আৰু বিধ্বংসী ৰচনাই আমাক সমাজ-বাস্তৱৰ অভ্যন্তৰলৈকে সমুৱাই লৈ যায়,কিন্তু কলা-সাহিত্যৰ প্রতি কডৱেলীয় দৃষ্টিভংগী গ্রহণ কৰাৰ আমি পক্ষপাতী নহয়।) আনহাতে, মানৱীয় প্রশ্নসমূহৰ স্বকীয় চৰিত্ৰৰ প্রতি মার্ক্সবাদীসকলৰ সহানুভূতি পর্যাপ্ত নহয় যেন ভাব হয়;পূর্ণাংগ নহ’লেও আৰু কিছু একদেশদর্শী হ’লেও নাৰীবাদীসকলে মানৱীয় সম্পর্কৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত বহুখিনি পোহৰ পেলাবলৈ সক্ষম হৈছে বুলি ভাবিব পাৰি। এনে ভালেমান প্রশ্নত মার্ক্সবাদৰ পুনৰীক্ষণ আৰু আত্মসমালোচনাৰ প্রয়োজন হৈছে বুলি আমি ভাবো। সাম্প্রতিক পুঁজিবাদী সমাজৰ নিৰ্মম অন্যায় আৰু জঘন্য পাপাচাৰৰ প্রেক্ষাপটত বাঁওপন্থাত বিশ্বাসীসকলৰ বাবে সেয়া অতি জৰুৰী দায়িত্ব হৈ পৰিছে। হেমাংগ বিশ্বাসৰ জীৱনচৰ্যা আৰু মতাদর্শৰ সোঁৱৰণে যদি আমাক এই ক্ষেত্ৰত কিছু হ’লেও প্রেৰণা যোগাব পাৰে তেন্তে সি হ’ব তেওঁৰ প্রতি প্রকৃত শ্রদ্ধার্ঘ।

কলা-সাহিত্যৰ প্রতি হেমাংগ বিশ্বাসৰ সামগ্রিক দৃষ্টিকোণ মূলতঃ ষ্টালিনীয় আছিল – অৰাজনৈতিক কলা-সাহিত্যৰ প্রতি তেওঁৰ উৎসাহ নাছিল যেন লাগে। কিন্তু তেওঁ নিজে আছিল এজন শিল্পী আৰু শিল্পী হিচাপে অন্য শিল্পীৰ প্রতি দৃষ্টিভংগী আছিল উদাৰ আৰু উমাল। অসমৰ গণনাট্য সংঘৰ দীঘলীয়া জয়যাত্রাত মার্ক্সীয় দৰ্শনৰ প্রতি আকর্ষণ থকা-নথকা সকলোধৰণৰ বহুজন প্রতিভাৱান শিল্পীৰ নিঃসংকোচ যোগদানেই ইয়াৰ প্রমাণ। শিল্প-কলাক মানুহ গোটোৱা আৰু চান্দা তোলাৰ অস্ত্ৰ হিচাপে গণ্য কৰা বাঁওপন্থীসকলৰপৰা বিশ্বাসৰ মনোভাব আছিল বহু দূৰৈৰ। বিশেষকৈ লোক-সংগীতৰ প্রতি তেওঁৰ আছিল সতেজ আৰু গভীৰ ভালপোৱা। তেওঁৰ লোক-সংগীত সমীক্ষা : বাংলা ও আসাম গ্রন্থ আৰু লোকসংগীত সম্পৰ্কীয় অন্যান্য লেখাসমূহত কেৱল লোকসংগীতৰ সংগীততাত্ত্বিক-সাংস্কৃতিক বিশ্লেষণেই নাই, এইসমূহৰ মাধ্যমেৰে তেওঁ জনসাধাৰণৰ জীৱন-সংগ্রামৰ সৈতে লোকসংগীতৰ অন্তৰ্লীন আৰু বিৱৰ্তনশীল সম্পৰ্ক তথা তেওঁলোকৰ নতুন ভৱিষ্যত নিৰ্মাণত লোকসংগীতৰ সাংস্কৃতিক ভূমিকাও উজ্জ্বল ৰূপত তুলি ধৰিছে। ইয়াৰ অংগ হিচাপেই বিহুৰ বিষয়েও তেওঁ আলোকসঞ্চাৰী আলোচনা আগ বঢ়াইছে।

আধুনিক অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ কালছোৱাত অসমৰ লোকসংস্কৃতি বিহুৰ প্ৰতি মধ্যবিত্ত বিদ্বৎ সমাজৰ মনোভাব যে তীব্ৰভাৱে বিৰাগপূর্ণ আছিল সেই কথা বহুচর্চিত। উত্থানশীল মধ্যশ্রেণীটোৰ শ্রেণী-পৰিচিতি তথা বৈষ্ণৱবাদী নৈতিকতাৰ প্ৰভাৱেই বোধকৰো ইয়াৰ মূল কাৰণ। কিন্তু ক্রমান্বয়ে যেতিয়া জাতীয়তাবাদী ধ্যান-ধাৰণাই মূর্ততা আৰু পূর্ণতাৰ পিনে আগ বাঢ়িল তেতিয়া জাতীয় ভাষা আৰু জাতীয় সাংস্কৃতিক পৰিচয় অসমীয়া জাতিৰ মৌলিক প্রয়োজন হিচাপে দেখা দিলে। জাতি গঠনৰ প্রক্রিয়াত উত্থানশীল মধ্যশ্রেণী এটাই নিজৰ নিৰংকুশ আধিপত্য সাব্যস্ত কৰিব পৰা এখন ৰাজনৈতিক প্রভাৱক্ষেত্র বিচাৰে আৰু এই ক্ষেত্ৰখনৰ নিৰ্মাণত জাতীয় ভাষাই ঘাই ভূমিকা পালন কৰে। জাতীয় সংস্কৃতিয়ে এই ক্ষেত্ৰখনত সাংস্কৃতিক ঐক্য তথা অখণ্ডতাৰ সূচনা কৰে। অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ৰূপে থিয় দিব পৰা লোক-উৎসৱ কেৱল বিহুৱেই আছিল – ইহজাগতিকতা, ধর্মনিৰপেক্ষ,কৃষি-উৎসৱ হিচাপে জাতি-ধর্ম-নির্বিশেষে কৃষিজীৱী সমাজখনৰ প্রতি মুকলি আবেদন আদি বৈশিষ্ট্যৰে সমৃদ্ধ বিহু আছিল এই ক্ষেত্ৰত অবিসম্বাদী প্রার্থী। তথাপি ই নানা বাদ-বিসম্বাদ,তর্ক-বিতর্কৰ মাজেদি পাৰ হৈ আহিহে জাতীয় উৎসৱৰ আসন দখল কৰিছিলহি। চমুকৈ ক’বলৈ গ’লে— ‘ইতৰ লোক’ৰ ‘অশ্লীল নৃত্য-গীত’ৰপৰা জাতীয় উৎসৱলৈকে বিহুৰ মর্যাদাৰ পৰিৱৰ্তনত আমি আধুনিক অসমীয়া জাতীয়তাবাদৰ বিকাশৰ সাংস্কৃতিক ধাৰা হিচাপে লক্ষ্য কৰিলেহে তাক বহল প্রেক্ষাপটত বুজা যাব। এই ধাৰাটো জাতীয় ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশৰ সমান্তৰাল। কিন্তু উগ্র জাতিদম্ভৰে ওফন্দি অসমীয়া মধ্যশ্রেণীয়ে সকলোৰে ওপৰত অসমীয়া ভাষা বলপূর্বক জাপি দিবলৈ গৈ যিটো আত্মঘাতী ভুল কৰিলে মূলতঃ যাৰ ফলস্বৰূপেই জাতিটোত ক্রমান্বয়ে ভাঙোন আৰম্ভ হ’ল— আনন্দৰ কথা যে তেনে কোনো ঘটনা বিহুৰ ক্ষেত্ৰত নঘটিল। আচলতে ক্রমান্বয়ে জনজাতিবিলাকৰ মাজৰপৰা তথা চৰাঞ্চলৰপৰা নিজা নিজা মধ্যবিত্ত শ্রেণীৰ উত্থানে অসমীয়া জাতীয়তাবাদৰ সৈতে কৰা ক্রমবর্ধমান সংঘৰ্ষই ভাঙোনৰ ঘাই কাৰণ— কিন্তু এই প্রক্রিয়াই বিহুৰ প্রতি ভাবুকিৰ সৃষ্টি নকৰিলে। ইয়াৰ কাৰণ বোধহয় বিহুৰ নিজা চৰিত্ৰৰ মাজতে বিচাৰিব লাগিব, এয়া অসমীয়া মধ্যশ্রেণীৰ কৃতিত্বৰ কথা নহয়। মধ্যশ্রেণীৰ জন্মৰ আগৰপৰাই জাতি-ধর্ম নির্বিশেষে অসমৰ ৰাইজে নিজা নিজা ৰূপেৰে বিহু পালন কৰি আহিছিল আৰু জাতীয় উৎসৱৰূপে গঢ় লোৱাৰ প্রক্রিয়াত বিহুৰ পৰিৱর্তনখিনিও ৰাইজৰ বাবে বিনাদ্বিধাই গ্রহণযোগ্য আছিল— কিয়নো কৃষিজীৱী সমাজৰ জীৱনবোধেই হ’ল বিহুৰ মৰ্মাৰ্থ আৰু ইয়াৰ প্রতি কৃষিজীৱী ৰাইজৰ সঁহাৰি আছিল স্বতঃস্ফূর্ত। আনহাতে, বিংশ শতিকাৰ মধ্যভাগৰপৰা (১৯২১ চনতে প্রথম মঞ্চগমন হ’লেও) মধ্যশ্রেণীৰ পৃষ্ঠপোষকতাত বিহুৰ মঞ্চগমন তথা নগৰীকৰণ প্রক্রিয়াৰ সূচনা হয়। আনুষ্ঠানিকীকৰণৰ সেই যিটো প্রক্রিয়া আৰম্ভ হ’ল সেইটো মধ্যবিত্ত ৰাজনীতিৰ সোঁতত আহি আহি আজি বজাৰ-অর্থনীতিৰ গ্ৰাসত পৰিলহি। বজাৰ-অর্থনীতিত সংস্কৃতিৰ পণ্যায়ন এক অৱশ্যম্ভাৱী পৰিঘটনা। পণ্যায়নে অনা স্থূলীকৰণ আৰু বিকৃতকৰণৰ ফলস্বৰূপে আজি বিহুৰ প্ৰতি গভীৰ ভাবুকি নামি আহিছে। নিৰ্লজ্জ অৰ্থসৰ্বস্বতা, উৎকট ব্যক্তিকেন্দ্ৰিকতা, নিকৃষ্ট ভোগবাদী উপাদানৰ হেঁচাই বিহুৰ সাৰসত্তাকে ধ্বংস কৰি পেলাব খুজিছে। কিন্তু অসমীয়া জাতীয়তাবাদে বহুতো স্তৰ পাৰ হৈ অহাৰ পাছতো অসমৰ কৃষিজীৱী সাধাৰণ ৰাইজৰ বুকুত বিহুটো নির্বিঘ্নে-নিৰাপদে জীয়াই আছে। এটা কথা ঠিক যে বিহুৰ চহৰীয়া বিকৃতি ইতিমধ্যে গাঁৱলৈকো সোঁচৰিছে;কিন্তু এয়া ঘটিছে বিশ্বায়নী অর্থনীতিয়ে ভাঙি পেলোৱা গাঁৱৰ সমাজজীৱন আৰু ভোগবাদী ম’ন’কালচাৰে বিভ্রান্ত কৰা মানসিকতাৰ প্রেক্ষাপট আৰু গ্রাম্য মধ্যবিত্তৰ ঠিকাদাৰিত্বত। এনে পৰিস্থিতিত কৃষিজীৱী সাধাৰণ ৰাইজে মূৰ দাঙি জীয়াই থাকিবলৈ হ’লে নিজা পৰিচয় অক্ষুণ্ণ ৰাখিব পাৰিব লাগিব আৰু সেই কাৰণেই তেওঁলোকে বিহুটোক এৰিব নোৱাৰে।

যি কৃষিজীৱী ৰাইজে শ শ বছৰ বিহুক বুকুৰ উম দি লালন কৰি আহিছে,বিহু সম্পৰ্কীয় চিন্তা-চর্চাত কিন্তু তেওঁলোকৰ জীৱন-সংগ্রামৰ কথা ফুটি নুঠে। অসমীয়া মধ্যবিত্তৰ প্ৰতাৰণাৰ ৰাজনীতিয়েই নিশ্চয় ইয়াৰ প্রধান কাৰণ। কিন্তু বিহুৰ প্রকৃত আৰু পূৰ্ণাংগ মূল্যায়ন কৰিবলৈ হ’লে আমি তাক কৃষিজীৱী ৰাইজৰ জীৱন-সংগ্রাম তথা স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রামৰ সৈতে সংলগ্ন কৰি চাবই লাগিব। এনে মূল্যায়নৰ বাবে অনুকূল পটভূমি ৰচিত হৈছিল বাঁও ৰাজনীতিৰ প্ৰভাৱৰ কালছোৱাত,গণনাট্য আন্দোলনৰ প্ৰৱাহৰ মাজত। হেমাংগ বিশ্বাসৰ বিহু সম্পৰ্কীয় চিন্তাৰ শিপা গণনাট্য সংঘৰদ্বাৰা পৰিচালিত প্রগতিশীল সাংস্কৃতিক আন্দোলনৰ গভীৰত প্রোথিত আছিল আৰু বাঁও ৰাজনীতিৰ উজ্জ্বল ভৱিষ্যতৰ প্রতি আস্থাৰে উদ্দীপ্ত আছিল। কিন্তু অসমত বাঁওশক্তি নিটিকিল;উপর্যুপৰি আক্রমণেৰে উগ্র জাতীয়তাবাদে ইয়াক প্রায় বিধ্বস্ত কৰি পেলালে। ইয়াৰ ফলস্বৰূপে বিহু সম্পৰ্কীয় জনমুখী চিন্তা-চর্চায়ো প্রসাৰ লাভ কৰিবলৈ নাপালে তথা বাস্তৱসন্মত কাৰ্যসূচীৰ সূচনা কৰিব পৰাকৈ বিকাশ লাভ কৰিব নোৱাৰিলে। আজি ইতিহাসৰ বিভীষিকাময় পৰিস্থিতিয়ে বাঁও ৰাজনীতিৰ দায়িত্বৰ কথা আমাক কঠোৰভাৱে সোঁৱৰাই দিছে। আনহাতে, প্ৰাণৰ বিহুটোৰ বিপন্ন অবস্থাই আমাৰ সাংস্কৃতিক মূলোৎপাটনত বিশ্বায়নৰ সম্ভাব্য সফলতাৰ কথাকে সকীয়াই দিছে। বিচ্ছিন্ন আৰু স্বতন্ত্রভাৱে বিহুৰ এই সংকট মোচন কৰা নাযায়। শুভবুদ্ধিসম্পন্ন আৰু জনজীৱনৰ প্রতি নিঁভাজ টান থকা শিল্পী-সংগঠকৰ দলে বিহুৰ সুস্থ পৰম্পৰা বজাই ৰখাত মূল্যৱান ভূমিকা পালন কৰিব পাৰে আৰু এনে প্রচেষ্টা অতি আদৰণীয়। কিন্তু বিহুৰ শেষ ৰক্ষা হ’ব পাৰে খাটিখোৱা ৰাইজৰ সামন্তবাদ-বিৰোধী আৰু পুঁজিবাদ-বিৰোধী স্বাধিকাৰ প্রতিষ্ঠাৰ বৃহত্তৰ গণতান্ত্রিক সংগ্রামৰ সাফল্যৰ মাজেৰেহে। হেমাংগ বিশ্বাসৰ বিহু সম্পৰ্কীয় চিন্তা তথা তেওঁৰ নীতি-আদৰ্শৰ সাম্প্রতিক তাৎপর্য এইখিনিতে।

হেমাংগ বিশ্বাসে আগ বঢ়োৱা বিহু সম্পৰ্কীয় আলচ বিশ্লেষণৰ বিতং আলোচনা কৰাৰ অৱকাশ এই প্ৰবন্ধত নাই। আমি ইয়াত তেওঁৰ সাময়িক বক্তব্য আৰু তাৰ নিহিতার্থ দাঙি ধৰিবলৈহে যথাসম্ভৱ যত্ন কৰিছোঁ। এইখিনিতে তেওঁৰ ‘অসমৰ জাতীয় উৎসৱ বিহু’ ৰচনাৰ একাংশ উদ্ধৃত কৰাৰ লোভ সামৰিব নোৱাৰিলো—

“ধর্মপ্রভাৱমুক্ত ইহজাগতিকতা আৰু শ্রমশীল জীৱনৰ প্রতি অসীম মমতা— এয়াই হ’ল বিহুৰ দৰ্শন। আদিম প্রাক্‌আর্য উৎসৱবোৰ,কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ,দীপান্বিতা,ফাকুৱা— এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱত,জাতীয় উৎসৱৰ মর্যাদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মর্যাদাই কিন্তু ব্যাপকতাহে লাভ কৰিছে। ধর্মীয় আচাৰ-বিচাৰ,দেৱ-দেৱী,উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰপৰা বিহু মুক্ত। বর্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্রতিবাদেই হ’ল বিহুৰ প্রধান উপজীব্য। বিহু কাব্যৰ প্রেম অবাধ,কিন্তু ই দেহবাদী নহয়। আজিও যৌথ কৃষি আৰু চিকাৰী জীৱনৰ প্রাকৃতিক পৰিবেশক বশ কৰাৰ ঐন্দ্রজালিক কল্পনাৰ ঐতিহ্যৰে ই মধুৰ। বিহুৰ আদিৰস কর্মজীৱনৰপৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্রিক নাগৰিক প্রেম নহয়;সমষ্টি চেতনাৰ ছন্দেৰেই সুস্থ আৰু সজীৱ।”

“অসমৰ ৰজা-মহাৰজাসকলৰ সুদীর্ঘ ইতিহাস লিপিবদ্ধ হৈছে ‘বুৰঞ্জী সাহিত্য’ত। আনহাতে,অসমৰ গঞা জীৱনৰ,কৃষি-সমাজৰ অবিচ্ছিন্ন অলিখিত ইতিহাস সিঁচৰতি হৈ আছে এই বিহু সাহিত্যত। অথচ সৌ সিদিনালৈকে চহৰ আৰু গাঁৱৰ অভিজাতসকলৰ বাবে বিহু আছিল ‘নিষিদ্ধ নিম্ন শ্রেণীৰ অশ্লীল নাচ-গান’। (হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ১০৯)

– বিহুৰ মর্মবস্তু সম্পর্কে এনে চমৎকাৰ,অর্থঘন আৰু বস্তুনিষ্ঠ বক্তব্য বোধহয় খুব কম ঠাইতে বিচাৰি পোৱা যাব। এই বক্তব্যতে হেমাংগ বিশ্বাসৰ বিহু-সম্পৰ্কীয় চিন্তাৰ মোটামুটি পূর্ণাংগ আভাস এটা পোৱা যায়। হেমাংগ বিশ্বাসে বিহুৰ বিকাশ আৰু মূল্যায়ন কৰিছে সমাজ-বিকাশৰ ইতিহাসৰ প্ৰেক্ষাপটত তথা লোকসংগীতৰ সামগ্রিক প্রৱাহৰ এটি বিশিষ্ট সুঁতি হিচাপে। আন লোককৃষ্টিৰ দৰে বিহুৰো মূল উৎস হ’ল আদিম কৌম সমাজৰ জীৱন সংগ্ৰামৰ মাজত য’ত আদিম মানৱে যৌনতা আৰু শস্যোৎপাদনৰ মাজত আৱিষ্কাৰ কৰিছিল গভীৰ পাৰস্পৰিক সম্পর্ক আৰু আদিৰস-সম্পন্ন নৃত্যগীত কৰিছিল প্রকৃতিক প্রভাৱিত কৰাৰ মানসেৰে। এই স্তৰত লোককৃষ্টি আছিল সমূহীয়া চেতনাৰ নির্যাসস্বৰূপ,য’ত ফুটি উঠিছিল অদমনীয় আৰু বলিষ্ঠ জীৱন-বাসনা। ই আছিল মানুহৰ জীৱন সংগ্রামৰ অবিচ্ছেদ্য অংগ,প্রকৃতিৰ সৈতে অবিৰত যুদ্ধত প্রয়োগ কৰা কৌশলী ঐন্দ্রজালিক অস্ত্র। সামন্ত সমাজৰ পতনৰ পাছত অধিকাংশ উৰ্বৰতামূলক এনে উৎসৱেই ধর্মীয় ৰূপ পৰিগ্ৰহ কৰে;কিন্তু বিহু উৎসৱ আজিও ধর্মপ্ৰভাৱৰপৰা মুক্ত। “যদিও মুকলি পথাৰৰ সেই উদ্দামতা ফিউডেল সমাজব্যৱস্থাত গৃহপ্ৰাংগণত সীমিত হৈ পৰিছে তথাপিও বিহুৰ সময়ত এতিয়াও ইয়াৰ নাচত,গানত দুৰন্ত শৃংগাৰ ৰসেৰে ভৰা আদিম আৰণ্যক মদিৰা সকলোৱে যেন শিৰাই শিৰাই অনুভৱ কৰে।” (হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ১১৯) স্বৰ্গদেউ-ডাঙৰীয়াৰ চোতালত ভৰি দিয়াৰ পাছত বিহুৰ আচাৰ-আনুষ্ঠানিকতাত ভালেখিনি সামন্তীয় ৰহণ যে লাগিল সেই কথা অস্বীকাৰ কৰিব নোৱাৰি,কিন্তু বিহুৰ প্রকৃত মর্মবস্তু প্ৰদূষিত নোহোৱাকৈ ৰৈ গ’ল। কাৰণ বিহু অসমৰ শোষিত কৃষক-সমাজৰহে জীৱন সংগ্ৰামৰ প্রতিচ্ছবি। “প্রত্যক্ষ বা পৰোক্ষভাৱে বিহুগীতত যি টুকুৰা-টুকুৰ ছবি আছে তাক একেডাল সূতাৰে গাঁথিলে যিখন বাস্তৱ ছবি চকুৰ আগত ভাহি উঠে,সেয়া হ’ল অসমৰ শোষিত কৃষকসমাজৰ সকলোতকৈ নিৰ্ভৰযোগ্য ইতিহাস…।” (হেমাংগ বিশ্বাসৰ ৰচনাৱলী, পৃ. ১১৫) সেয়ে বিহুগীতত শুনিবলৈ পোৱা যায় সামন্ত সমাজৰ অন্যায়,শোষণ আৰু বৈষম্যৰ বিৰুদ্ধে তীক্ষ্ণ ব্যংগ আৰু বলিষ্ঠ প্রতিবাদৰ সুৰ। তাৰ পাছত আহিল ঔপনিৱেশিক যুগ। গ্রাম্য সমাজজীৱন থানবান কৰি পুঁজিবাদী অর্থনীতিয়ে অসমত খোপনি পুতিলেহি। ইউৰোপত সামন্তবাদৰ সমাধিৰ ওপৰত ৰচিত হৈছিল পুঁজিবাদৰ জয়যাত্রা,কিন্তু অসম তথা ভাৰতত ব্রিটিছে নিজৰ শোষণৰ স্বাৰ্থতে সামন্তবাদৰ সৈতে আপোচ কৰিলে আৰু ফলস্বৰূপে সৃষ্টি হ’ল সামন্তবাদ-পুঁজিবাদৰ খিচিৰি এক অৱস্থা। শোষণপিষ্ট কৃষিজীৱী অসমীয়াই বিহুগীতত কেৱল ঔপনিৱেশিক বাস্তৱতাকে জীৱন্ত কৰি ৰখা নাই;জনগণৰ আর্থ-সামাজিক-মনস্তাত্ত্বিক পৰিৱর্তন আৰু প্রতিক্রিয়াৰ বস্তুনিষ্ঠ চিত্র দাঙি ধৰি সাম্রাজ্যবাদী শোষণৰ নিৰ্মমতা উন্মোচন কৰিছে আৰু সময়ে সময়ে শোষকশ্রেণীক প্রচ্ছন্নভাৱে ব্যংগও কৰিছে। মনত ৰখা প্রয়োজনীয় যে এই সময়ছোৱাত অসমৰ আগৰণুৱা মধ্যবিত্তচাম ৰাজভক্তিত মতলীয়া হৈ ‘আশীৰ্বাদ’স্বৰূপ ব্ৰিটিছ শাসনৰ বন্দনাত মগ্ন আছিল। এইখিনিতে দুটা উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। “চিৰিপ চিৰিপকৈ বাগানৰ চাহাবটি চেৰাপ খাই পেলালে চিচা”— চেৰাপখিনি পি লৈ পেলাই দিয়া চিচাৰ দৰে শূন্য,উৰুখা,উদং ব্রিটিছ শোষিত অসমৰ যি কৰুণ চিত্র অসমৰ লোকগীতত বিধৃত,তাৰ ইতিহাস জানো আপোনালোকে এইসকল ঐতিহাসিকৰ [ব্ৰিটিছভক্ত অসমীয়া জাতীয়তাবাদী ঐতিহাসিকসকলৰ]ৰচনাত পাইছিল?” (অমলেন্দু গুহ,‘অসমৰ ইতিহাস ৰচনা আৰু ৰাজনীতি চর্চা : এটি দৃষ্টিপাত’,ড° অমলেন্দু গুহৰ কবিতা আৰু গদ্য, পৃ. ১৬৬) হেমাংগ বিশ্বাসৰ সমধর্মী মন্তব্য দ্রষ্টব্য। (হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ১১৪) আন এটি বিহুগীতত পাওঁ—

শিৱসাগৰ শুকাব আফুখেতি ওলাব
আফিঙত পাতিব জোৰা,
কোম্পানিৰ বাগিচা সদাগৰী কৰিব
ডেকা ল’ৰাক কৰিব বুঢ়া। (হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ১১৫)
– এই বিহুগীতত ব্ৰিটিছৰ শোষণৰ স্বৰূপ আৰু একে সময়তে তাৰ প্রতি ব্যংগৰ সুৰ বলিষ্ঠ ৰূপত ফুটি উঠিছে।

লোকসংগীতৰ সাম্প্রতিক সংকট সম্পর্কে বহু ৰচনাত হেমাংগ বিশ্বাসে অন্তর্দৃষ্টিসম্পন্ন বিশ্লেষণ দাঙি ধৰিছে। লোকসংগীতৰ যি সংকট,বিহুৰো সংকট সেয়েই। দৰাচলতে ই আমাৰ সমাজৰ সামগ্রিক সংকটৰে সাংস্কৃতিক দিশ মাত্র। এই সম্পর্কে বিশ্বাসৰ বাছকবনীয়া উদ্ধৃতি দাঙি ধৰিলেই বোধকৰো আমি দিয়া বর্ণনাতকৈ উত্তম হ’ব। “কৃষিনির্ভৰ সমাজত ধনিকতন্ত্রী অর্থনীতিয়ে যি চৰম অব্যৱস্থাৰ সৃষ্টি কৰিছে,তাৰ ফলতেই লোকসংগীতত অহৰহ বিকৃতিৰ অনুপ্রৱেশ ঘটিছে। তাত পৰিৱৰ্তনৰ তত্ত্ব অনুসন্ধান কৰাতকৈ আত্মৰক্ষাৰ প্ৰশ্নটোৱেই প্রধান হৈ পৰিছে।” (হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ২৩৩) “… যি গণজীৱনৰ নিত্য-নৈমিত্তিক কর্মলীলাৰপৰা লোকসংগীতৰ প্ৰৱাহটি উচ্চাৰিত [উৎসাৰিত] হৈছে,সেই ধাৰাৰপৰা চহৰৰ শিক্ষিত সমাজৰ ক্রমবর্ধমান বিচ্ছিন্নতাই হ’ল সংকটৰ মূল কথা। বিচ্ছিন্নতাৰ এই খালেৰেই বিকৃতিৰ কুম্ভীৰ আহি বৰঘৰত প্রৱেশ কৰিছে।”(হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ. ২১৬) “এতিয়া আকৌ শাসক শ্রেণী আৰু একচেটীয়া পুঁজিপতিৰ আয়ত্তাধীন Mass Media বা গণমাধ্যমসমূহে ‘ষ্টাৰ’ শিল্পীৰ লেবেল মাৰি ‘ভদ্রীকৃত’ লোকসংগীতৰ প্ৰচাৰ কৰিবলৈ লৈছে। অৱক্ষয়ী নগৰীয়া ভদ্রসমাজৰ অৱজ্ঞা, অজ্ঞানতা আৰু সুবিধাবাদে ইয়াৰ সহায় কৰিছে। আজি কায়েমী স্বাৰ্থৰ পাবলিচিটী আৰু ‘সংস্কৃতি’ প্ৰচাৰৰ শাখা-প্রশাখা এনেকৈ বহুধাবিস্তাৰিত হৈছে,আৰু তাৰ লগে লগে জীৱিকা আৰু আর্থিক সাফল্য এনেকৈ ওতপ্রোতভাৱে জড়িত হৈ আছে যে লোকসংগীতৰ গৱেষক-পণ্ডিতসকলৰ প্রায় সকলোৱেই তাতেই আবদ্ধ আছে। তেওঁলোকৰ মুখ খোলাৰ উপায় নাই। সেয়ে তেওঁলোকৰ ছেমিনাৰত লোকসংগীতৰ আলোচনা মৃত জীৱৰ ‘ফছিল’ক লৈ কৰা বাক-বিতণ্ডাৰ লেখীয়া যেন লাগে।” (পৃ. ২৯৬) “চহৰীয়া ‘ৰসজ্ঞ’ সকলৰ ওচৰত থাকে তাৰ entertaining value— অকল তেওঁলোকৰ ব্যক্তিগত মনোৰঞ্জনৰ বিষয়— তেতিয়া folk musicঅৰ social function roleটো হেৰাই যায়। লোকসংগীতৰ এই urbanisation বা চহৰীয়াকৰণৰ লগত ওতপ্রোতভাৱে মিলি থাকে commercialisation— ধনতান্ত্রিক সমাজব্যৱস্থাৰ ব্যৱসায়িক ব্যৱহাৰ— আৰু ইয়াৰপৰাই আহে যথেচ্ছা বিকৃতি— আঞ্চলিকতাৰ ছাপ আঁতৰাই তথাকথিত ‘ৰসজ্ঞ’ৰ বজাৰৰ সার্বজনীনতা। এই সার্বজনীনতাৰ অর্থ cosmopolitanism,অৰ্থাৎ জাতীয় প্রকৃতি হেৰুৱাই বিজাতীয় বাৰোৱাৰী বজৰুৱা লেবেল আঁৰি লোৱা।”(পৃ. ২৪৬)

আজিৰ শ্রমবিচ্ছিন্ন-নিঃসংগতাপীড়িত মধ্যবিত্ত বুদ্ধিজীৱীৰ চেতনাত লোকসংগীতৰ চৰিত্ৰ কিদৰে বিকৃত-নষ্ট ৰূপত প্রতিভাত হ’ব পাৰে সেই বিষয়েও বিশ্বাসে একাধিকবাৰ আলোচনা কৰিছে। “প্রণয় সম্পৰ্কীয় গীতবোৰৰ অধিকাংশই শস্য-উৎপাদন প্রক্রিয়াৰ ঐন্দ্রজালিক কল্পনাৰ সৈতে আজিও পৰোক্ষভাৱে সম্পর্কিত। অর্থাৎ,সেইবোৰত শ্রম আৰু প্রেম একেলগে যুক্ত হৈ আছে। কিন্তু নগৰীয়া ব্যক্তিকেন্দ্রিক মানসিকতাত প্রেম-বিবাহ-বিচ্ছেদ ইত্যাদি শ্রমজীৱনৰপৰা বিচ্ছিন্ন phenomenon.সেই দৃষ্টিভংগীৰেই তেওঁলোকে লোকসংগীতৰ আলোচনা কৰে আৰু যান্ত্রিকভাৱে শ্রেণীবিভাগ কৰে।” (পৃ. ২৮২) কোনো বংগদর্শী বুদ্ধিজীৱীয়ে ‘হিপ্পি দর্শন’ আৰু ‘বাউল দর্শন’ৰ মাজত এক সাদৃশ্য আৱিষ্কাৰ কৰি এক অভিনৱ ‘গৱেষণা-পত্র’ প্রস্তুত কৰি উলিওৱা দেখি তেওঁ লিখিছে— “বংগদেশৰ জমিদাৰী শোষণ,বা হিন্দু-শাসিত সমাজৰ নিপীড়নত নিঃস্ব, গৃহত্যাগী বাউলসকলৰ সংসাৰৰ প্ৰতি হোৱা নিৰাসক্তিৰ লগত মার্কিন সাম্রাজ্যবাদৰ ঔপনিৱেশিক শোষণৰ ধন-প্রাচুর্যৰ অপজাত কোটিপতি সন্তান হিপ্পিসকলৰ ‘মাৰিজুৱানা’ৰ ‘চাইকেডেলিক’ তুৰীয় মাৰ্গৰ সম্পর্ক বিচাৰি পাই বর্তমান বংগদেশৰ বিচ্ছিন্নতা ব্যাধিক্লিষ্ট কিছু পণ্ডিত-গৱেষকে আত্মপ্রসাদ লাভ কৰিছে।”(পৃ. ২৯৪) শেহতীয়া সময়ছোৱাত ব্যৱসায়িক বিহুগীতত বিশ্বায়নী ভোগবাদৰ নিকৃষ্ট উপাদানৰ অনুপ্রৱেশ ঘটিছে বিহুৰ মর্মবস্তুৰ এনে বিকৃত ব্যাখ্যাৰ আলম লৈয়েই। আকাৰ-আকৃতি ভিন্ন হ’লেও সংকটৰ চৰিত্ৰ একেই। ‘লোকসংগীতৰ কেইটামান আধুনিক সমস্যা’ৰচনাৰ এঠাইত লিখিছে— “গুৱাহাটীত থাকি বিহুগীত কিম্বা ওজাপালিত ভেজাল মিহলোৱা খুউব কঠিন। [কাৰণ গ্রাম্য জীৱনৰ সৈতে গুৱাহাটী নগৰীৰ সম্পর্ক বিচ্ছিন্ন নহয়] কিন্তু কলিকতাৰ লোকসংগীতৰ বৈঠকত সেই সকলোবোৰেই সম্ভৱপৰ।” (পৃ. ২১৮) ৰচনাখন কেতিয়াৰ নাজানো,ই অন্তর্ভুক্ত থকা লোকসংগীত সমীক্ষা : বাংলা ও আসাম প্রকাশ পাইছিল ১৯৭৮ চনত। বেছি বছৰ পাৰ হৈ যোৱা নাই; কিন্তু আজি গুৱাহাটী হ’ল অসমীয়া লোকসংগীত তথা বিহুগীতৰ শ্ৰাদ্ধস্থলী। গুৱাহাটীৰপৰাই মূলতঃ লোকসংগীতৰ বিকৃতিৰ প্ৰৱাহ বৈ ইতিমধ্যে অসমখন ছানি ধৰিছে।

কিন্তু এই ঘোৰ সংকটৰপৰা উদ্ধাৰৰ পথ কোনপিনে? লোকসংগীত তথা বিহুগীত যি শ্রমকাৰী জনগণৰ সৃষ্টি আৰু যি ইয়াক যুগে যুগে নিজৰ বুকুৰ মাজত জীয়াই ৰাখিছে সেই শ্রমকাৰী জনগণৰপৰা বিচ্ছিন্ন কৰিব খুজিলে ইয়াৰ অপমৃত্যু ঘটিব। প্রকৃততে জনগণৰ জীৱন সংগ্রামৰ ছন্দতহে লোকসংগীতৰ প্রাণটো লুকাই থাকে আৰু এই জনগণৰ স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রামৰ সহযোগী হ’লেহে লোকসংগীতৰ যথার্থ বিকাশ আৰু সজীৱ প্রকাশ ঘটিব পাৰে। এসময়ত গণনাট্য আন্দোলনৰ প্রৱাহে এনে প্রত্যয়েই জগাই তুলিছিল। “সমগ্ৰ ভাৰতবৰ্ষতে কৃষক আন্দোলনৰ লগে লগে লোকসংস্কৃতিৰ শীৰ্ণ নদীত যি নতুন জোৱাৰ অনা হৈছিল— গণনাট্য আন্দোলনৰ সংগঠক আৰু গীতিকাৰ হিচাপে মই নিজেও তাত সামান্য অংশ লৈছিলো। দেখিছিলো— কোটি কোটি কৃষক আৰু গৰীব জনসাধাৰণে তেওঁলোকৰ বিচিত্র সংস্কৃতি আৰু সুৰ,নতুন সন্মান আৰু মর্যাদাৰে ঘূৰাই পালে।”(পৃ. ২৬২) অসমতো ভাষা আন্দোলনৰ সময়ত “সমস্ত বিদ্বেষ-ভয়,সন্দেহ-অবিশ্বাসৰ থমথমীয়া গোমোঠা পৰিবেশটোক চিৰাচিৰ কৰি বাজি উঠিল মঘাই ওজাৰ ঢোল। ধিন-ধাও-ধাও,খিৎ-তাও-তাও,ধিন্‌-খিতি-গিঘিন-ধাও,খিনিখিতা-গিঘিন-ধাও।” “সেইদিনা অসমৰ শিক্ষিত আৰু বুদ্ধিজীৱী শ্রেণীৰ অধিকাংশৰে চিন্তা যেতিয়া জাতিবিদ্বেষৰ কালিমাত আচ্ছন্ন তেতিয়া অসমৰ দুখীয়া খেতিয়কৰ ঘৰৰ সন্তান মাটিৰ শিল্পী মঘাই ওজাৰ ঢোলৰ চাপৰত অসমীয়া সংস্কৃতিৰ বিবেক গৰজি উঠিল।”(পৃ. ১৩০)

“আজি গণজীৱনলৈ নতুন জীৱনজিজ্ঞাসা আহি পৰিছে। লোকসংগীতৰ ভৱিষ্যতো নিৰ্ভৰ কৰিছে নতুন জীৱনজিজ্ঞাসাৰ ওপৰতে। অর্ধ-সামন্ততান্ত্ৰিক আৰু অৰ্ধ-ঔপনিৱেশিক কৃষি-ব্যৱস্থাৰ বিৰুদ্ধে নতুন অধিকাৰবোধ জন্মাৰ ফলত যি গণজাগৰণ হৈছে,তাত এতিয়াও নতুন জীৱন-দর্শনে ভালকৈ খোপনি পুতিব পৰা নাই। হাজাৰবছৰীয়া ধ্যান-ধাৰণাই ইয়াক পিছলৈ টানি আছে। বিপ্লৱী চেতনাই বিপ্লৱী জীৱন-দর্শনেৰে ব্যাপ্তি লাভ কৰিব পৰা নাই,সি অর্থনৈতিক দাবীৰ পৰিধিৰ মাজতে আবদ্ধ হৈ আছে।”(পৃ. ৩১৪) সেয়ে পাৰ্টিৰ প্রতি অন্ধ আনুগত্যৰ কথা তেওঁ কোৱা নাই। মতান্ধ নেতৃত্বৰ অর্থনীতিবাদ আৰু ৰাজনৈতিক সংস্কাৰবাদে কিদৰে সাংস্কৃতিক অভিযানক পথভ্রষ্ট কৰিব পাৰে সেয়া তেওঁ নিজ চকুৰে দেখিছে— “কৃষিবিপ্লৱৰ প্রথম পদধ্বনিতেই সামন্তীয় ধ্যান-ধাৰণাত আবদ্ধ এইসকল লোককবি নতুন যুগৰ বাণী লৈ বাহিৰ হৈ আহিছিল মুকলিলৈ। কিন্তু কৃষক সভা বা মজদুৰ সংগঠন অর্থনীতিবাদ আৰু ৰাজনৈতিক সংস্কাৰবাদত আক্রান্ত হৈ আন্দোলনৰ বৈপ্লৱিক প্রৱাহক বালিচাপৰিত বন্দী কৰিলে। তাৰ সুস্পষ্ট প্রভাৱ দেখিছো এই শ্রদ্ধেয় লোককবিসকলৰ বহু গানত।” (পৃ. ১৯৬)

১৯৬৯ চনত তেওঁ লিখিছিল— “যি কৃষিসমাজৰপৰা বিহুৰ উৎপত্তি সেই কৃষিব্যৱস্থাৰ বৈপ্লৱিক ৰূপান্তৰৰ লগত নৱীকৰণৰ সমস্যা জড়িত। আজি যে কৃষিসমাজৰ বিপর্যয় তাৰ বিৰুদ্ধে কৃষকক মাটিৰ গৰাকী কৰাৰ আন্দোলনৰ অৰ্থাৎ কৃষি বিপ্লৱৰ বৰনৈৰ ঢৌৰ লগত বিহুৰ সৰ্বাংগীণ বিকাশৰ ধাৰা প্রৱাহিত হ’ব। তাৰ সৈতে অসমৰ চহা কবিয়ে স্বতঃস্ফূর্ত গীত ৰচিব। বিহুতলীত আকৌ সমূহ ৰাইজৰ অকুণ্ঠ সহযোগ হব।”(পৃ. ৮৩৮)— তেওঁৰ এই বলিষ্ঠ আশাবাদক বিগত সময়ৰ ইতিহাসে সঁচা প্রমাণ নকৰিলে। কিন্তু একবিংশ শতিকাৰ প্ৰাৰম্ভত থিয় হৈ শ্রমকাৰী জনগণৰ নিঃসীম দুর্দশা আৰু প্ৰাণৰ বিহুটোৰ বিধ্বস্ত ৰূপ সন্মুখত লৈ আমি আজি পুনৰ হেমাংগ বিশ্বাসৰ এই কবিতাফাকিকে সুঁৱৰিছো—

ওজা ভাই,
আকৌ লাগে আজি,আৰণ্যক ঢোলৰ মাত?
নিষ্ফলা মাটিৰ কইনাৰ
গর্ভকোষ উদ্দীপিত কৰি
বজৰ গৰ্জনে অনা ধুমুহাৰ তাল।
ভীষণ মধুৰ তোমাৰ ঢোলৰ চাপৰ,
ভীষণ মধুৰ।
নিঃসংগতাৰ মৰুভূমিত মৰহা
সমাজৰ মৰা সৰাপাত
স্তূপীকৃত আমাৰ বাটত
চৌদিশে দুষ্কৃতিৰ কংকাল সাধনা।
ধুমুহাৰ বাঢ়নী লাগে,
লাগে আজি মাটিহীন খেতিয়কৰ
ঢোলৰ চাপৰ।
লাগে লক্ষ জনতাৰ কণ্ঠে কণ্ঠে
আদিম আৰণ্যক বাঘমৰা ৰিঙণিৰ গীত।
ধিনিকি ধিন ধাও
ধিনিকি ধিন ধাও। (‘মঘাই ওজাৰ ঢোল’, পৃ. ২৭)

(লেখাটোৰ প্ৰথমাংশৰ ৰচনাকাল ২১-০৭-২০১২; সেই অংশটো সাতসৰী আলোচনীৰ আগষ্ট, ২০১২ ‘হেমাংগ বিশ্বাস শ্ৰদ্ধাৰ্ঘ সংখ্যা’ত প্ৰকাশিত। পৰৱৰ্তী অংশৰ ৰচনাকাল ২২-১১-২০১২। পূৰ্ণাংগ ৰূপত লেখাটো পৰমানন্দ মজুমদাৰ সম্পাদিত তীখাৰ আখৰে লিখা শীৰ্ষক গ্ৰন্থত প্ৰকাশিত (গণশিল্পী হেমাংগ বিশ্বাসৰ জন্ম শতবৰ্ষৰ সামৰণি উদযাপনৰ যৌথ মঞ্চৰ হৈ উদয়াদিত্য ভৰালীৰদ্বাৰা প্ৰকাশিত,ডিচেম্বৰ,২০১২)

পি ডি এফ ৰূপত পঢ়ক ‘হেমাংগ বিশ্বাস আৰু বিহু’

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: