জনগোষ্ঠীয় আন্দোলন : এক বিহংগম অৱলোকন

জনগোষ্ঠীসমূহৰ বিষয়ে চিন্তা-চৰ্চাই অসমত আজিও কেন্দ্ৰীয় গুৰুত্ব পোৱা যেন নালাগে। অসমৰ সমাজজীৱনৰ অন্তৰ্নিহিত কেতবোৰ গুৰুতৰ আসোঁৱাহৰ পৰিণতিৰ বাবেই যে জনগোষ্ঠীয় আন্দোলনসমূহ উঠি আহিছে সেই কথা বুজিব নোৱৰাৰ বাবেই হয়তো বহুতে ইয়াক সমাজজীৱনৰ প্ৰান্তীয় অঞ্চলৰ বিষয় বুলি ভাবে। সৃষ্টিশীল সাহিত্যত জনগোষ্ঠীসমূহৰ জীৱনপ্ৰৱাহ তুলি ধৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰশংসনীয় কাম হৈছে। কিন্তু বিশ্ববিদ্যালয়কেন্দ্ৰিক বিদ্যায়তনিক চৰ্চাত জনগোষ্ঠীয় ভাষা-সাহিত্য আৰু সংস্কৃতিয়ে প্ৰাধান্য পালেও তাৰ অধিক ক্ষেত্ৰতে চৰ্চাকাৰীসকলৰ মাজত ঔপনিবেশিক মানসিকতাহে পৰিলক্ষিত হয়। জনগোষ্ঠীয় জীৱনৰ প্ৰতি এইসকলৰ উৎসাহৰ কাৰণ জনগোষ্ঠীয় ৰাইজলৈ আন্তৰিকতা তথা তেওঁলোকৰ জীৱন-যন্ত্ৰণা বুজিব খোজাৰ মহানতা নহয় – তেওঁলোকৰ ভাষা-সাহিত্য-সংস্কৃতিক জখলা হিচাপে লৈ নিজৰ বিদ্যায়তনিক কেৰিয়াৰৰ সৰ্বোচ্চ শৃংগত আৰোহণ কৰাহে। সেয়ে প্ৰায়ক্ষেত্ৰতে এইসকলৰ চৰ্চা উপৰুৱা সাংবাদিকতাধৰ্মী স্তৰতে সীমাবদ্ধ, এইসমূহে জনগোষ্ঠী সম্পৰ্কীয় চিন্তা-চৰ্চালৈ মৌলিক অৱদান আগ বঢ়াব নোৱৰাটোৱেই স্বাভাৱিক। মুষ্টিমেয় প্ৰগতিশীল বুদ্ধিজীৱীক বাদ দিলে বাকী বহুজন পণ্ডিত-বুদ্ধিজীৱীয়েই হয়তো আজিও উগ্ৰজাতীয়তাবাদী বিতচকুৰেই জনগোষ্ঠীয় আন্দোলনসমূহক পৰ্যবেক্ষণ কৰে, মাত্ৰ ইতিহাসৰ কঠোৰ শিক্ষাই তেওঁলোকৰ দৃষ্টিলৈ একপ্ৰকাৰ বাধ্যতামূলক উদাৰতা আনি দিছে। আনপিনে, ভিন ভিন জাতি-গোষ্ঠীৰ কলা-কুশলী লগ লাগি একেখন মঞ্চতে গীত-নৃত্য কৰিলেই সকলোৰে মাজত সমন্বয় সাধন হ’ব বুলি ফোঁপোলা ধাৰণা এটা বৰ জনপ্ৰিয় হৈছে। জনগোষ্ঠীয় দাবীৰ প্ৰতি অৱজ্ঞাসূচক অৱস্থান লৈ অহা চৰকাৰেও এনে সমন্বয়মুখী অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰি নিজৰ বিফলতা তথা সমস্যাটোৰ ভয়াৱহতা লুকুৱাই ৰাখিব বিচাৰে। এনে পৰিস্থিতিত আমি ভাবো, জনগোষ্ঠীয় আন্দোলনৰ প্ৰশ্নটো খাটিখোৱা ৰাইজৰ স্বাৰ্থ আগত ৰাখি সমাজজীৱনৰ সামগ্ৰিক প্ৰেক্ষাপটত যুক্তিনিষ্ঠভাৱে বিচাৰ কৰাটো বৰ জৰুৰী হৈ পৰিছে।

ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ছত্ৰছায়াত লালিত-পালিত হোৱা হীনবল অসমীয়া মধ্যবিত্ত শ্ৰেণীটো স্বাধীনতাৰ পাছতো অৰ্থনৈতিক সামৰ্থ্যবিহীন পৰজীৱী-পৰমুখাপেক্ষী হৈয়েই ৰ’ল। পূৰ্বে ই ব্ৰিটিছৰ বদান্যতাৰ ওপৰত যিদৰে নিৰ্ভৰশীল আছিল, এতিয়াও কেন্দ্ৰৰপৰা অহা সা-সুবিধাবোৰ হস্তগত কৰাৰ ওপৰত ইয়াৰ জীৱন-মৰণ ঠিক একেদৰেই নিৰ্ভৰ কৰে। উগ্ৰজাতীয়তাবাদ আছিল এই শ্ৰেণীটোৰ সাৰথি, যাৰ সহায়েৰে নিজৰ একাধিপত্য চিৰস্থায়ী কৰাৰ ৰাজনীতিত ই অগ্ৰসৰ হ’ল। কিন্তু এই ৰাজনীতিয়েই ক্ৰমাৎ অসমৰ সমাজজীৱনত ভাঙোন আনি জনগোষ্ঠীসমূহক আঁতৰাই পঠালে। বিংশ শতিকাৰ প্ৰথমাৰ্ধলৈকে অসমৰ বিভিন্ন জনগোষ্ঠীসমূহ অসমীয়া জাতীয় জীৱনৰ সৈতে আত্মীকৰণৰ বিভিন্ন স্তৰত আছিল। ভালেমান জনগোষ্ঠীৰ মাজত শিক্ষিত যুৱকসকলৰ মাধ্যমেৰে স্বকীয় চেতনা, সমাজ সংস্কাৰ তথা ৰাজনীতিৰ বিকাশ হৈছিল যদিও সেয়া বিচ্ছিন্নতাকামী নাছিল। ভীমবৰ দেউৰী নেতৃত্বাধীন ট্ৰাইবেল লিগেও জনগোষ্ঠীসমূহ অসমীয়া জাতিৰে অভিন্ন অংগ বুলি স্পষ্ট স্থিতি গ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভায়ো তেনেকুৱা সময়তে অসমৰ ৰাজনীতিজ্ঞ আৰু সমাজনেতাসকলক এইবুলি সকীয়াই দিছিল যে অসমৰ অত্যাচাৰিত আৰু অৱনত জাতি-জনগোষ্ঠীসমূহক সমমৰ্যাদাৰ ভিত্তিত সমবিকাশৰ সুযোগ নিদিলে, বৰং অৱজ্ঞা কৰিলে অসমত গৃহকন্দলৰ বাহ সাজি দিয়াহে হ’ব। বৰ্ণহিন্দুপ্ৰধান অসমীয়া মধ্যশ্ৰেণীয়ে কিন্তু অধিক উৎসাহেৰে উগ্ৰজাতীয়তাবাদী দাম্ভিকতাৰে অন্যান্য জাতি-গোষ্ঠীসমূহৰ ওপৰত নিজৰ আধিপত্য জাপি দিব বিচাৰিলে। ফলত জনগোষ্ঠীসমূহো নিজা নিজা গোষ্ঠীগত ৰাজনীতিত নামি পৰিবলৈ বাধ্য হ’ল। ষাঠি-বাসত্তৰৰ আন্দোলন আৰু অসম আন্দোলন আছিল জনগোষ্ঠীয় চেতনাৰ ওপৰত নিৰ্মম কুঠাৰাঘাত – অসমীয়া মুছলমানসকলক, বাংলাভাষী বা বাংলা-নিকট কাছাৰ-গোৱালপাৰাৰ অসমীয়াসকলকো এই আন্দোলনসমূহে গভীৰভাৱে আহত কৰিছিল। আগ্ৰাসী অসমীয়া জাতীয়তাবাদক অস্বীকাৰ কৰি জনগোষ্ঠীসমূহে স্বাভাৱিকতেই আত্মপৰিচয় আৰু স্বগোষ্ঠীৰ উন্নয়নৰ সুকীয়া পথ গ্ৰহণ কৰিছিল। অসমীয়া মধ্যবিত্ত সাহিত্যিক, বুদ্ধিজীৱী, সাহিত্য সভা আদি জাতীয় অনুষ্ঠান, অসমীয়া প্ৰচাৰ মাধ্যম, মধ্যশ্ৰেণীৰ স্বাৰ্থৰক্ষাকাৰী চৰকাৰ – সকলোৱেই জনগোষ্ঠীয় চেতনা তথা আন্দোলনসমূহৰ প্ৰতি আক্ৰমণাত্মক ভূমিকা পালন কৰি আহিছিল। এইক্ষেত্ৰত বাঁওপন্থীসকলৰ স্থিতি গণতান্ত্ৰিক আছিল, কিন্তু অসমীয়া মধ্যশ্ৰেণীৰ স্বাৰ্থৰ বাটত প্ৰতিবন্ধকতা সৃষ্টি কৰা বাঁওপন্থীসকলৰ এনেধৰণৰ বিভিন্ন কাৰ্যৰ বাবেই অসম আন্দোলনত উগ্ৰজাতীয়তাবাদে বাঁওপন্থীসকলক ঘাই শত্ৰু বিবেচনা কৰিলে আৰু তেওঁলোকৰ বহুতকে মাৰি-কাটি অসমত বাঁও ৰাজনীতিৰ কঁকাল ভাঙি দিলে।

আজি জনগোষ্ঠীয় আন্দোলন বহুদূৰ আগ বাঢ়ি গৈছে। কেইবাটাও জনগোষ্ঠীয়ে স্বশাসন লাভ কৰাৰ বিপৰীতে কেইবাটাই অনুসূচীকৰণৰ দাবী তুলিছে, পৃথক ৰাজ্যৰ দাবীও উঠিছে, গোষ্ঠীগত ৰাজনীতিৰপৰা সশস্ত্ৰ সংগঠনৰ জন্ম হৈছে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজৰ দাৰিদ্ৰ্য, পশ্চাদপদতা তথা শোষণ-বঞ্চনাজনিত ক্ষোভ যিদৰে ৰূঢ় বাস্তৱ, জনগোষ্ঠীয় আন্দোলনসমূহে কৰা সাংবিধানিক সুৰক্ষাৰ দাবীও একেদৰেই যুক্তিসংগত আৰু আদৰণীয়। ৰাইজৰ সতৰ্ক দৃষ্টিয়ে আন্দোলনৰ নেতৃত্ব তথা স্বায়ত্তশাসনাদিৰ কাৰ্যবাহীসকলক নিয়ন্ত্ৰণত ৰাখিব পাৰিলে এনে ব্যৱস্থাৰ জৰিয়তে ৰাইজে অৰ্থনৈতিক-সামাজিকভাৱে ঠন ধৰি উঠিবলৈ বহুখিনি সুবিধা নিঃসন্দেহে পাব পাৰে। কিন্তু গোষ্ঠীবাদী ৰাজনীতিয়ে কিমানলৈকে আৰু কিদৰে দাবী কৰাটো সমীচীন, তাৰ উত্তৰ বিচাৰোতে নিশ্চয় সমাজজীৱনৰ সামগ্ৰিক প্ৰেক্ষাপট তথা গোষ্ঠীবাদী আন্দোলনটোৰ সৈতে গোষ্ঠীটোৰ ৰাইজৰ সম্পৰ্কটোৰ ওপৰতো চকু দিব লাগিব।

অসমীয়া উগ্ৰজাতীয়তাবাদেই হওক বা গোষ্ঠীবাদেই হওক, দুইবিধেই মূলতঃ মধ্যবিত্ত শ্ৰেণীৰদ্বাৰা পৰিচালিত ৰাজনীতি। মধ্যবিত্তীয় শ্ৰেণীচৰিত্ৰৰ স্বভাৱগত সুবিধাবাদ তথা স্বাৰ্থলোভে সেয়ে গোষ্ঠীগত আন্দোলনসমূহক প্ৰভাৱিত কৰাটো স্বাভাৱিক। যি নিপীড়িত ৰাইজৰ শক্তিক সন্মুখত লৈ গোষ্ঠীবাদী ৰাজনীতিৰ নেতৃত্বই চৰকাৰৰ সৈতে দৰদাম কৰে, সেই ৰাইজে পৰ্যালোচনা কৰিবৰ হ’ল : আন্দোলন, সাংবিধানিক সুৰক্ষামূলক ব্যৱস্থা তথা স্বাশাসনে আনি দিয়া সা-সুবিধাসমূহ তেওঁলোকৰ প্ৰকৃত উন্নয়ন সাধনত কিমানখিনিলৈকে ব্যৱহৃত হৈছে, দাৰিদ্ৰ্য আৰু পশ্চাদপদতাই কোঙা কৰি ৰখা তেওঁলোকৰ জীৱনলৈ এই পথেদিয়েই মুক্তি আহিব বুলি তেওঁলোক আশ্বস্ত হ’ব পাৰিছেনে? আমি ইয়াত মাত্ৰ আলোকপাত কৰিব খুজিছো দুটামান উমৈহতীয়া সমস্যাৰ বিষয়ে – যিকেইটাৰ সমাধান একমাত্ৰ জাতি-গোষ্ঠী-নিৰ্বিশেষে সদৌ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰেহে সম্ভৱ হ’ব পাৰে।

জনগোষ্ঠীসমূহৰ মধ্যশ্ৰেণীয়ে মূল শত্ৰু গণ্য কৰি আহিছে বৰ্ণহিন্দুপ্ৰধান অসমীয়া মধ্যবিত্ত শ্ৰেণীক। কিন্তু অসমীয়া মধ্যবিত্ত শ্ৰেণীয়েও একেদৰেই শোষণকাৰী বুলি অভিযোগ তোলে অতিকেন্দ্ৰিক কেন্দ্ৰ চৰকাৰৰ ৰূপত শোষণ চলোৱা ভাৰতৰ বৃহৎ বুৰ্জোৱাৰ বিৰুদ্ধে। প্ৰকৃততে সমগ্ৰ অসমবাসীয়েই কেন্দ্ৰৰদ্বাৰা শোষিত আৰু অৱহেলিত। কেন্দ্ৰৰ অতিকেন্দ্ৰিকতাৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলনৰ নেতৃত্ব দি অসমৰ প্ৰাপ্য আদায় কৰি লোৱা আৰু জাতীয় বিকাশৰ বাবে স্বাধীন অৰ্থনৈতিক ভিত্তি স্থাপন কৰাৰ দুঃসাহস কিন্তু বৰ্ণহিন্দু/জনগোষ্ঠীয় মধ্যবিত্ত নেতৃত্বই কৰিব নোৱাৰে। দিল্লীশ্বৰক পূজা-অৰ্চনা কৰি লাভ কৰা প্ৰসাদেৰে নিজা শ্ৰেণীস্বাৰ্থ পূৰণ হ’লেই তেওঁলোক সন্তুষ্ট। ঔদ্যোগীকৰণ বুলিলেও তেওঁলোকে থলুৱা বা নিজা নিজা গোষ্ঠীৰ অধিকাংশ লোকক চাকৰি দিয়াৰ দাবীহে তোলে, কোনে কোনে ঠিকা পাব তাৰহে হিচাপ কৰে। কিন্তু অসমত নিছক ঔদ্যোগীকৰণতকৈ ঔদ্যোগীকৰণে ৰাইজৰ সুষম আৰ্থ-সামাজিক উন্নয়নত কোনোপ্ৰকাৰে সহায় নকৰাটোহে বোধকৰো আচল সমস্যা। অসমৰ উদ্যোগৰ লাভাংশ বাহিৰলৈ গুচি গ’লে অসমত আৰু অধিক ডাঙৰ উদ্যোগ স্থাপন কৰাৰপৰাও কিছুসংখ্যক ঠিকাদাৰ-মধ্যভোগীক বাদ দি বিপুল ৰাইজৰ কোনো লাভ নহ’ব। অনুন্নত উৎপাদনপ্ৰণালীক প্ৰতিষ্ঠাপিত কৰি ঔদ্যোগীকৰণে ৰাইজৰ জীৱনপ্ৰৱাহৰ সুষম উন্নয়নৰ বাবে এক আৰ্থ-সামাজিক প্ৰক্ৰিয়াৰ সূচনা কৰিব পাৰিলেহে সি সাৰ্থক ঔদ্যোগীকৰণ হ’ব। তাৰ বাবে অসমৰ সম্পদৰ অধিকাৰ অসমবাসীৰ হাতলৈ আহিব লাগিব। কিন্তু অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি আজি চূড়ান্তভাৱে বিফল হৈছে। আনহাতে, আলফাবাদী বিচ্ছিন্নতাবাদো ইয়াৰ উপযুক্ত উত্তৰ নহয় বুলি প্ৰমাণিত হৈছে। এনেস্থলত সকলো জাতি-গোষ্ঠীৰ ঐক্যবদ্ধ গণতান্ত্ৰিক গণসংগ্ৰামৰ পথেই নিশ্চয় প্ৰকৃত পথ। কেন্দ্ৰৰ অতিকেন্দ্ৰিক শোষণ যিহেতু কেৱল অসমৰে সমস্যা নহয়, গতিকে এনে গণসংগ্ৰামত ভাৰতৰ অন্যান্য ৰাজ্যৰ নিপীড়িত ৰাইজকো চামিল কৰিব পাৰিব লাগিব। কোৱা বাহুল্য যে জাত্যভিমানীসকলে গণতান্ত্ৰিক প্ৰমূল্যৰ ওচৰত মূৰ দোঁৱাবই লাগিব। তেওঁলোকেই জনগোষ্ঠীয়সকলক মৰ্যাদাসহ এই সংগ্ৰামলৈ আদৰি আনিব লাগিব।

অসমৰ বিপুল কৃষিজীৱী জনগণক কৰাল দাৰিদ্ৰ্য আৰু অভাবনীয় পশ্চাদপদতাই হেঁচি ধৰি আছে। এই সমস্যা যিমান গোষ্ঠীগত, তাতকৈ বেছি আঞ্চলিক – দৰাচলতে ই ৰাজ্যব্যাপী সমস্যা। যুগ যুগ ধৰি শ্ৰমকাৰী ৰাইজে ভূমিপতি-জমিদাৰ-মহাজনৰ নিৰ্মম শোষণৰ বোজা বহন কৰি আহিছে। তাৰ লগতে আছে সামাজিক বৈষম্য, যিটো জনগোষ্ঠীয় ৰাইজৰ ক্ষেত্ৰত দুগুণ বেছি। কেৱল গোষ্ঠীগত সমাধানেৰেই এই সমস্যা নিৰ্মূল কৰা অসম্ভৱ। আমূল ভূমিসংস্কাৰ তথা কৃষি উন্নয়নৰ বাবে অসমৰ সমূহ কৃষিজীৱী জনগণৰ ঐক্যবদ্ধ সংগ্ৰামেই ইয়াৰ সমাধানৰ একমাত্ৰ বাস্তৱসন্মত আৰু অব্যৰ্থ পথ। আনহাতে, নব্য সাম্ৰাজ্যবাদে আজি আমাৰ সমাজজীৱন গভীৰভাৱে সংকটাপন্ন কৰি তুলিছে। সাম্ৰাজ্যবাদী পুঁজিয়ে শাসনাসীন চৰকাৰৰ ঠিকাদাৰিত্বত দেশৰ অৰ্থনীতি আৰু সমাজক গ্ৰাস কৰি নি আছে। নিপীড়িত ৰাইজৰ প্ৰতিবাদক গণতন্ত্ৰৰ নাম লৈয়েই কঠোৰহস্তে দমন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে সাংস্কৃতিক বিশ্বায়নে উৎকট ব্যক্তিকেন্দ্ৰিকতা, ভোগবাদৰ বিষাক্ত কীট সুমুৱাই দি যুৱপ্ৰজন্মৰ ৰাজনৈতিক চেতনা সমূলে ধ্বংস কৰাত লাগিছে, যাতে সাম্ৰাজ্যবাদী শোষণৰ বাট কাললৈ নিষ্কণ্টক হৈ থাকে। ভোগবাদ আৰু উপভোক্তাবাদৰ তীব্ৰ ৰাগি সন্মুখৰ ভয়ংকৰ দুৰ্যোগেও গুচাব পৰা নাই মধ্যবিত্তৰ মনোজগতৰপৰা। বিশ্বায়নৰ অভিশাপে আটাইতকৈ বেছিকৈ জুৰুলা কৰিছে জাতি-বৰ্ণ-ধৰ্ম-নিৰ্বিশেষে খাটিখোৱা ৰাইজক। এনে সময়তে দেখা গৈছে যে উত্তৰাধুনিকতাবাদী বীক্ষাই সামগ্ৰিকতাক নস্যাৎ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ সত্তা-পৰিচিতিৰ স্বতন্ত্ৰ-বিচ্ছিন্ন অস্তিত্ব, সেইজাতীয় আন্দোলন আদিক উৎসাহিত কৰিছে। ইয়াৰ ৰাজনৈতিক তাৎপৰ্য কি? কথা হ’ল, সমাজখন ভিন ভিন গোষ্ঠী-ধৰ্ম-পৰিচিতিৰ পাৰস্পৰিক তিক্ত দ্বন্দ্বৰে খণ্ড-বিখণ্ড হৈ থাকিলে শোষক শ্ৰেণীৰে সুবিধা। বৰ্তমান ভাৰতৰ বৃহৎ বুৰ্জোৱা আৰু আন্তৰ্জাতিক সাম্ৰাজ্যবাদে পৰম মিত্ৰতাৰে বান্ধ খাইছে, আৰু অসম ৰাজ্যৰ দৰে গোষ্ঠীবাদী-বিচ্ছিন্নতাবাদী আন্দোলনসমূহ চলি থাকিলে এই দুই শোষক পক্ষৰ উমৈহতীয়া শোষণ অবাধে আৰু পূৰাদমে চলি থকাৰ বাট মুকলি হয়। গতিকে জনগোষ্ঠীয় আন্দোলনৰ এই সাম্প্ৰতিক তাৎপৰ্যটো আওকাণ কৰা নিশ্চয় সমীচীন নহ’ব।

এনে পৰিস্থিতিত প্ৰতিটো জনগোষ্ঠীৰ পৃথক পৃথক আন্দোলনতকৈ সকলো জনগোষ্ঠীৰ যুটীয়া আন্দোলনৰ প্ৰাসংগিকতাহে হয়তো বেছি। এই কথা অনস্বীকাৰ্য যে অসমৰ সংমিশ্ৰিত জনগাঁথনিত বিভিন্ন জাতি-গোষ্ঠীৰ লোক ফালি আনিব নোৱৰাকৈ সানমিহলি হৈ আছে (কিছুমান ঠাইত কোনো জনগোষ্ঠীৰ সংখ্যাধিক্য থাকিলেও তাত আন গোষ্ঠীৰ লোকো নগণ্য নহয়), আৰু আৰ্থ-সামাজিক অৱস্থাৰ ফালৰপৰা অসমৰ শ্ৰমজীৱী ৰাইজৰ মাজত জাতি-গোষ্ঠীভেদে বিশেষ তফাৎ পৰিলক্ষিত নহয়। প্ৰতিটো জনগোষ্ঠীৰে নিজা সমস্যা তথা তাৰ সমাধানৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা বিবেচনীয় আৰু আদৰণীয়। কিন্তু এনে আন্দোলনসমূহে জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সমূহ নিপীড়িত জনতাৰ সামন্তবাদ-বিৰোধী, সাম্ৰাজ্যবাদ-বিৰোধী তথা কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্ৰিকতা-বিৰোধী ঐক্যবদ্ধ গণতান্ত্ৰিক গণসংগ্ৰামৰ পৰিপূৰক হিচাপে কাম কৰাটোও সমানে প্ৰয়োজনীয়। জনগোষ্ঠীসমূহৰ অধিকাৰ আৰু সমমৰ্যাদাক মুক্তকণ্ঠে স্বীকৃতি দি অসমীয়াই জনগোষ্ঠীয় ৰাইজৰ বিশ্বাস অৰ্জন কৰিব পাৰিলেহে তেওঁলোক ঐক্যবদ্ধ সংগ্ৰামৰ পথাৰলৈ অহাৰ বাট মুকলি হ’ব।
(‘জনসাধাৰণ’ কাকতৰ ৩ এপ্ৰিল, ২০১২ সংখ্যাৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত)

পি ডি এফ ৰূপত ‘জনগোষ্ঠীয় আন্দোলন : এক বিহংগম অৱলোকন’

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , ,
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: