প্ৰসংগ : কৃষক মুক্তি আন্দোলন

সাম্প্রতিক সময়ত অখিল গগৈৰ নেতৃত্বত পৰিচালিত কৃষক মুক্তি আন্দোলনে অসমৰ সমাজ-ৰাজনীতিত তোলা আলোড়ন নিঃসন্দেহে অভিনৱ আৰু অভাবনীয়। সেইদৰে আন্দোলনটোক লৈ হোৱা আলোচনা-বাদানুবাদত পৰিলক্ষিত হোৱা ইতিহাসচেতনা আৰু বহল দৃষ্টিৰ অভাৱো লক্ষণীয় আৰু গভীৰ। দুই-এক ব্যতিক্রমক বাদ দিলে বাকী সকলোকে আন্দোলনটোৱে সন্মুখীন হোৱা বিভিন্ন সাময়িক পৰিস্থিতিৰ খুঁটি-নাটিৰ বিশ্লেষণত অখিল গগৈৰ বিৰোধিতা-সমর্থনতে ব্যস্ত থকা পৰিলক্ষিত হৈছে। আন্দোলনৰ নেতৃত্বয়ো সচেতনভাৱেই ইণ্টেলিজেন্সিয়াৰ এনে প্রতিক্রিয়াকে কামনা কৰে বুলি ভাবিবলৈ আমি বাধ্য হৈছো; কিয়নো ইয়াৰ কাৰ্যকলাপে আন্দোলনটোৰ ইতিহাসচেতনা আৰু বহল দৃষ্টিৰ একে অভাৱকে ক্ৰমাৎ পৰিস্ফুট কৰি তুলিছে। কিন্তু আন্দোলনটোৱে তুলি ধৰা মূল প্রশ্নসমূহে আৰু আন্দোলনটোৰ নেতৃত্বৰ ৰাজনৈতিক আদর্শ তথা নীতিৰ ঐতিহাসিক আৰু গোলকীয় প্রেক্ষাপটত বিচাৰ কৰিলেহে আন্দোলনটোৰ প্রকৃত স্বৰূপ উন্মোচিত হ’ব; অন্যথা ঘটনাচক্রৰ সাময়িক ওলট-পালটে আমাক যেনি-তেনি উটুৱাই নিব।

ফুলগুৰি-পথৰুঘাটৰ কৃষক বিদ্রোহ, বাঁও দলৰ নেতৃত্বত কৃষক সন্মিলন, প্রাদেশিক কৃষক সভাৰ কৃষক আন্দোলন, আধিয়াৰ আন্দোলনৰ ঐতিহ্য অসমত আছে। কিন্তু বাঁওপন্থী ৰাজনীতিয়ে অসমত ব্যাপক দীৰ্ঘম্যাদী আৰু শক্তিশালী কৃষক আন্দোলন গঢ়ি তুলিব নোৱাৰিলে বুলিয়েই ক’ব লাগিব। অথচ অসমৰ বিপুল কৃষক ৰাইজৰ নিঃসীম দাৰিদ্ৰ্য আৰু সমাজ-ৰাজনৈতিক পশ্চাৎপদতাই আজিও এনে এক কৃষক আন্দোলনৰ প্রয়োজনকেই আমাক সোঁৱৰাই আছে। ভূমিৰ আমূল জনমুখী সংস্কাৰ অবিহনে ঔদ্যোগীকৰণৰ প্রচেষ্টাই আমাৰ কৃষক ৰাইজৰ আবয়বিক উন্নতিহে ঘটাব পাৰিব, অর্থনৈতিক বুনিয়াদ সবল কৰি দাৰিদ্য্ৰ আৰু পশ্চাৎপদতাৰ কঠোৰ শৃংখলৰপৰা মুক্তি দিব নোৱাৰিব। কিন্তু অসমৰ সমাজ তথা জনসাধাৰণৰ স্থাণু মানসিকতাত আমূল ভূমিসংস্কাৰৰ ব্যাপক আন্দোলনৰ বাবে অনুকূল পটভূমি তথা প্রতিবাদী চেতনাৰ অভাৱৰ প্রতি লক্ষ্য ৰাখিয়েই হয়তো ড° অমলেন্দু গুহ, ড° হীৰেন গোহাঁই আদি প্রখৰ ধীশক্তিসম্পন্ন চিন্তাবিদেও ভূমিসংস্কাৰৰ আশু প্রয়োজন তথা কার্যকৰী পথৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা নাই। এই কথা অনস্বীকার্য যে সংকীর্ণ জাতীয়তাবাদী আৱেগ, ভাষিক, সাম্প্রদায়িক, গোষ্ঠীগত আৰু ধর্মীয় পৰিচিতিৰ প্রাধান্য তথা এইবোৰক ভিত্তি কৰি হোৱা আলোড়নৰ জোৱাৰ-ভাটাই, থলুৱা-বহিৰাগতক লৈ হোৱা জেন’ফবিয়াই যুগে যুগে অসমীয়া কৃষকৰাইজৰ চেতনাক দুর্বল কৰি তেওঁলোকক বিভাজিত আৰু বিভ্রান্ত কৰি আহিছে। ফলস্বৰূপে ভাষা, ধর্ম, সম্প্রদায় আদি পৰিচিতিৰ আঁৰকাপোৰৰ তলত সমাজজীৱনৰ অভ্যন্তৰত বিদ্যমান নিৰ্মম অর্থনৈতিক বৈষম্য তথা শোষণৰ স্বৰূপ উপলব্ধি কৰি তাৰ বিৰুদ্ধে সংগঠিতভাৱে থিয় দিব নোৱৰাটোৱেই তেওঁলোকৰ পক্ষে স্বাভাৱিক। অসমৰ ৰাইজৰ পৰম্পৰাগত আৰু অন্ধবিশ্বাসী, দৈৱবাদী আৰু অল্পতুষ্ট মানসিকতাৰ সুযোগ গ্রহণ কৰি সুবিধাভোগী শ্রেণীয়ে ন্যস্ত স্বার্থ সিদ্ধিৰ উদ্দেশ্যে ধর্ম, ভাষা, সম্প্রদায় আদি পৰিচিতিৰ ভিত্তিত আৱেগৰ আলোড়ন তুলি ৰাইজৰ শ্রেণীচেতনাক হত্যা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। পৰমুখাপেক্ষী অসমীয়া মধ্যশ্রেণীয়েও নিজৰ মজ্জাগত দোষ-দুর্বলতাসমূহেৰে এই চেষ্টাত মহোৎসাহে মূল ভূমিকা পালন কৰি আহিছে। আনহাতে,বাঁও ৰাজনীতিয়ে অসমত ভালকৈ খোপনি পুতিব নোৱাৰিলে। সংকীর্ণ অসমীয়া জাতীয়তাবাদে কমিউনিজমক চৰম শত্রু বিবেচনা কৰি কমিউনিষ্টসকলক নিপাত কৰাত যত্নৱান হোৱা দেখা গ’ল। এইখিনিতে উল্লেখ কৰা অপ্রাসংগিক নহ’ব যে অসম আন্দোলনত উগ্র জাতীয়তাবাদীসকলৰ কমিউনিষ্ট-হত্যাযজ্ঞৰ উদ্দেশ্য বহু পৰিমাণে বিত্তশালী আৰু মাটিগিৰিসকলৰ স্বার্থত ভৱিষ্যতৰ আমূল ভূমিসংস্কাৰৰ সম্ভাৱনা নিৰ্মূল কৰাটোও আছিল নিশ্চয়।

যোৱা শতিকাৰ শেষৰ দশকত ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে বহুতো নতুন গভীৰ আৰু মাৰাত্মক সমস্যা লগত লৈ উপস্থিত হ’লহি বিশ্বায়নী অর্থনীতি। আন্তর্জাতিক পুঁজিৰ বিশ্বস্ত বহতীয়া হিচাপে চৰকাৰে দেশৰ অৰ্থনীতি-সমাজ জনসাধাৰণৰ হাতৰপৰা কাঢ়ি নি নব্য সাম্রাজ্যবাদীসকলৰ শ্ৰীচৰণত উছৰ্গা কৰিবলৈ কায়মনোবাক্যে যত্ন কৰিছে। আনহাতে, এই নব্য সাম্রাজ্যবাদৰ সহযোগী সাংস্কৃতিক সাম্রাজ্যবাদে চিন্তাশূন্য আৰু সমাজবিমুখ ব্যক্তিকেন্দ্রিক ভোগবাদী জীৱন দৰ্শন বিয়পাই দি যুৱ প্রজন্মটোৰ ৰাজনৈতিক চেতনা হৰণ কৰিবলৈ নিতৌ ন-ন কৌশল অৱলম্বন কৰিছে। পেটিবুৰ্জোৱা মধ্যবিত্তৰো বিশ্বায়নী ভোগবাদ আৰু উপভোক্তাবাদৰ প্ৰথম ৰাগি আঁতৰাই নাই। কিন্তু কপালৰ ঘাম সৰাই শ্রম কৰি খোৱা সৰ্বসাধাৰণ ৰাইজে কাণ্ডজ্ঞানৰেই বুজি পাইছে যে নব্য উদাৰতাবাদী উন্নয়নৰ নিপোটল টোপটোৰ ভিতৰত আছে কালান্তক বিষ। কিন্তু ৰাইজক অর্থনৈতিক, ৰাজনৈতিক দিশবোৰ ভাঙি-পাতি বুজাই দি সংগঠিত কৰিব কোনে? আনহাতে, উল্লিখিতধৰণৰ পৰিচিতিভিত্তিক আৱেগ-আলোড়নে যে ৰাইজৰ প্রকৃত স্বাৰ্থ ৰক্ষা নকৰে সেই কথা তেওঁলোকে বাস্তৱ অভিজ্ঞতাৰপৰাই ক্রমান্বয়ে উপলব্ধি কৰিবলৈ ধৰিছে,কিন্তু বিভিন্ন ভাষা-সম্প্রদায় নৃগোষ্ঠীৰ সর্বসাধাৰণ ৰাইজৰ মাজত বৃহৎ ঐক্য গঢ়ি উঠাৰ পথ প্রশস্ত হোৱাতো দূৰৰে কথা,সন্মুখত বহুতো দুর্লংঘ্য প্রাচীৰেৰে সি এতিয়াও সুদূৰপৰাহত হৈয়ে আছে। বর্তমান পৰিস্থিতিত অসমৰ সাধাৰণ ৰাইজৰ মুক্তিৰ স্বাৰ্থত এক ব্যাপক আৰু দীৰ্ঘম্যাদী কৃষক আন্দোলনৰ প্ৰাসংগিকতা খুবেই বেছি। এটা কথা ঠিক যে দেশীয় আৰু আন্তর্জাতিক পৰিস্থিতি বাদ দি আমাৰ আঞ্চলিক প্রেক্ষাপটতে গণতান্ত্রিক উপায়েৰে চৰকাৰৰ ওচৰত দাবী কৰি জনসাধাৰণৰ কিছু সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্রহণ কৰাব নিশ্চয় পাৰি – এয়া বাঞ্ছনীয়, প্রয়োজনীয় আৰু ফলদায়কো। কিন্তু স্বদেশীয় সমাজখনৰ শ্রেণীশোষণ আৰু আন্তর্জাতিক সাম্রাজ্যবাদ – এই দুটাই আমাৰ শ্রমজীৱী ৰাইজৰ মুক্তিৰ পথত চৰম বাধা আৰু এই দুটা শক্তি পৰস্পৰ পৰম মিত্র। এই দুই শক্তিয়ে চৌপাশৰপৰা মেৰিয়াই ৰখা সহস্র দৃশ্য আৰু অদৃশ্য ছদ্মবেশী আৱৰণৰ ছদ্মবেশ গুচাই ৰাইজৰ সন্মুখত শক্তিদ্বয়ক নগ্ন ৰূপত তুলি ধৰি তেওঁলোকক দুয়োৰে বিৰুদ্ধে একত্রিত কৰাৰ দায়িত্ব কৃষক আন্দোলনে ল’ব লাগিব। এই কার্য কিন্তু বিচ্ছিন্ন ৰূপত আঞ্চলিকভাৱে কৰিব নোৱাৰি। এই প্রচেষ্টাত অসম আৰু অসমৰ বাহিৰত সংগঠিত সকলো প্রগতিশীল আন্দোলনৰ সৈতে সংঘবদ্ধ হৈ জনতাৰ মুক্তিৰ বৃহত্তৰ লক্ষ্য অভিমুখে এই আন্দোলন আগ বাঢ়িব লাগিব। বর্তমান সমগ্র বিশ্ব বিশ্বায়নৰ একেখন আর্থ-ৰাজনৈতিক তালিকাৰে আচ্ছাদিত হৈ আছে। গতিকে বিশ্বায়নৰ ফাঁকিবিলাকে যিদৰে পৃথিৱীৰ বিভিন্ন প্রান্তত আর্থ-সামাজিক দুর্যোগৰ সৃষ্টি কৰিছে, ঠিক সমপৰিমাণে পৃথিৱীৰ যিকোনো স্থানতে সংগঠিত বিশ্বায়নবিৰোধী আন্দোলনৰো বিশ্বজনীন গুৰুত্ব আৰু আবেদন আছে। আন এটা গুৰুত্বপূর্ণ কথা হ’ল যে – বর্তমান সময়ত পৃথিৱীৰ যিকোনো স্থানতে সংগঠিত স্পষ্ট ৰাজনৈতিক আদৰ্শৰ যিকোনো প্রগতিশীল আন্দোলনেই শেষ অৰ্থত পুঁজি আৰু শ্ৰমৰ মৌলিক দ্বন্দ্বলৈকে আঙুলিয়াব তথা তাৰ নিৰসনৰ যত্ন কৰিব। শ্রমিক শ্রেণী আৰু কৃষক শ্রেণীৰ আন্দোলনেই ঘাই প্রগতিশীল আন্দোলন যদিও বর্তমান পৰিস্থিতিত আমি পুঁজিবাদী বিশ্বায়নৰ বিৰুদ্ধে তথা শ্রমকাৰী জনসাধাৰণৰ স্বার্থৰ পক্ষে পৰোক্ষভাৱে হ’লেও থিয় দিয়া যিকোনোধৰণৰ আন্দোলনকে গুৰুত্বপূর্ণ প্রগতিশীল আন্দোলন আখ্যা দিব পাৰো, লাগিলে সি ৰাষ্ট্রৰ যুদ্ধলিপ্সাৰ বিৰুদ্ধেই হওক বা পৰিবেশ সুৰক্ষাৰ বাবেই হওক, কৃষক-শ্রমিকৰ আন্দোলনেই নেতৃত্ব বহন কৰি এটা পর্যায়ত অন্যান্য প্রগতিশীল আন্দোলনসমূহক শ্রেণীশোষণ আৰু পুঁজিবাদ-বিৰোধী বৃহত্তৰ সংগ্রামখনত চামিল কৰাব লাগিব; নাৰীমুক্তি আন্দোলনেও ইয়াত এক শক্তিশালী ভূমিকা পালন কৰিব পাৰিব। কিন্তু বিভিন্ন আন্দোলনৰ শিথিল-সংযুক্ত আৰু সাময়িক পাৰস্পৰিক সমর্থন আৰু সহযোগৰ কথা আমি কোৱা নাই, কৈছো প্রগতিশীল আন্দোলনসমূহৰ অন্তৰ্লীন ৰাজনৈতিক আদর্শৰ ঐক্য আৰু সমূহীয়া ধাৰাবাহিক প্রচেষ্টাৰ কথাহে। ক্ষুদ্রাকাৰ, সাময়িক আৰু বিচ্ছিন্ন উত্তৰাধুনিক আন্দোলনে শ্রেণীশোষণ আৰু সাম্রাজ্যবাদ এটাকো ফলপ্রসূভাৱে আঘাত কৰিব নোৱাৰে। সি যি নহওক, অসমত সংগঠিত কৃষক আন্দোলন এটায়ো গোলকীয় প্রেক্ষাপট তথা গণমুক্তিৰ বৃহত্তৰ সংগ্রামখনক লক্ষ্য কৰিহে আগুৱাব লাগিব।

শ্রেণীসংগ্রাম তথা বিশ্বায়নবিৰোধী অভিযানত কৃষক আন্দোলনৰ ভূমিকা সম্পর্কে সমাজবিজ্ঞানী জয়ন্তানুজ বন্দোপাধ্যায়ৰ মন্তব্য এইখিনিতে উল্লেখ কৰিব পাৰি—

“কৃষিক্ষেত্ৰত এতিয়াই সর্বত্র জনযুদ্ধ গঢ়ি তোলাৰ পৰিস্থিতি নাথাকিলেও সকলো ঠাইতে শক্তিশালী কৃষক সংগঠন গঢ়ি তোলাৰ ভিত্তিত কৃষিক্ষেত্ৰত শ্রেণীসংগ্রাম তীব্র কৰি তোলা, শাসকশ্রেণীক ভূমি-সংস্কাৰ কৰিবলৈ বাধ্য কৰা, কৃষকক মাটিৰ মালিকত্ব আৰু বর্গাদাৰসকলৰ অধিকাৰ সুনিশ্চিত কৰা আৰু তাৰ পিছত ক্রমশঃ কৃষি সমবায় আন্দোলন গঢ়ি তোলা তৃতীয় বিশ্বৰ উন্নয়নশীল প্ৰায় সকলোবোৰ দেশৰে সমাজতান্ত্ৰিক শক্তিবিলাকৰ অপৰিহার্য ষ্ট্রেটেজি। লগতে ধনতান্ত্রিক বিশ্বায়নৰ সাম্রাজ্যবাদী অভিঘাতত যাতে কৃষি আৰু কৃষক শ্রেণীৰ ওপৰলৈ বিপর্যয় নামি নাহে — সেই উদ্দেশ্যে প্রতিৰোধ গঢ়ি তোলা আৰু শাসক শ্রেণীৰ ওপৰত চাপ সৃষ্টি কৰাও জৰুৰী। এই কথা আজি প্রমাণ হৈছে যে ধনতান্ত্রিক দেশবিলাকৰ বিশাল ৰাষ্ট্ৰীয় ভর্তুকিৰ ওপৰত নিৰ্ভৰ কৰা কৃষিপণ্যৰ ৰপ্তানিসহ বিশ্বায়নৰ অভিঘাতত ইতিমধ্যেই ভাৰতসহ তৃতীয় বিশ্বৰ বহু দেশৰ কৃষিব্যৱস্থা আৰু কৃষক শ্রেণী বিপর্যয়ৰ সন্মুখীন হৈছে। সেয়ে, সামন্ততন্ত্র, ধনতন্ত্ৰ আৰু সমাজতান্ত্রিক শক্তিবিলাকক মাও চে তুং-অৰ ষ্ট্রেটেজি অনুসৰণ কৰি কৃষিক্ষেত্ৰত শ্রেণীসংগ্রামক দ্রুতভাৱে প্রসাৰিত কৰিবলৈ উদ্যোগী হ’ব লাগিব। তাৰ অর্থ অৱশ্যে এইটো নহয় যে চহৰ অঞ্চল অথবা শিল্প-শ্রমিকসকলৰ সংগঠন আৰু শ্রেণীসংগ্রামৰপৰা দৃষ্টি আঁতৰাই আনিব লাগিব। শিল্প-শ্রমিকসকলেই শ্রেণী-সংগ্ৰামৰ মূল চালিকাশক্তি। কিন্তু শিল্পত অনুন্নত কৃষিপ্রধান দেশত কৃষিক্ষেত্ৰত শ্রেণী-সংগ্ৰামৰ বিশেষ গুৰুত্ব আছে। এয়াই আছিল মাও-চে-তুং-অৰ শ্রেণীসংগ্রামৰ ষ্ট্রেটেজিৰ মূল বক্তব্য। এয়া তৃতীয় বিশ্বৰ দেশবিলাকৰ ক্ষেত্ৰত বিশেষভাৱে প্রযোজ্য।”
(‘সমাজতান্ত্রিক বিশ্বায়নের পথ’ পৰিচ্ছেদৰ অন্তর্গত ‘তৃতীয় বিশ্ব ও মাও-সে-তুং ষ্ট্রাটেজি’, জয়ন্তানুজ বন্দোপাধ্যায়,বিকল্প বিশ্বায়ন, ন্যাশনাল বুক এজেন্সি প্রাইভেট লিমিটেড, ২০০৭, পৃ. ৯৮-৯৯)

আনহাতে, ভাৰতবৰ্ষত প্রতিষ্ঠিত সংসদীয় গণতান্ত্রিক কাঠামোৰ মাজতে জনগণৰ দাবী উত্থাপন আৰু প্রতিবাদৰ কিছুদূৰলৈকে স্বাধীনতা আছে, কিন্তু তথাকথিত ‘আইনৰ শাসন’ চলি থাকিলেই সকলো ঠিকেঠাকে থকা বুলি গণ্য কৰা এই ৰাষ্ট্রব্যৱস্থাই বিপুল জনগণৰ স্বাৰ্থত সমাজৰ আর্থ-সামাজিক গাঁথনিৰ আমূল পৰিৱৰ্তনৰ কাৰ্যসূচীক গণতন্ত্রবিৰোধী বুলি অভিহিত কৰি কঠোৰহস্তে দমন কৰাই স্বাভাৱিক। ইয়াৰ কাৰণ হ’ল শ্রেণীবিভক্ত সমাজৰ সুবিধাভোগী শ্রেণীৰ সৈতে চৰকাৰৰ অৰ্থনৈতিক-ৰাজনৈতিক পৰস্পৰ নিভৰ্ৰতা আৰু বিনিময়। এই সকলো প্রক্রিয়া চলে লোকচক্ষুৰ আঁৰত সংসদীয় ৰাজনীতিৰ বাহিৰত যাৰ মাধ্যমেৰে সুবিধাভোগী শ্রেণীয়ে নিজা স্বার্থত ৰাজনীতিক পৰিচালনা কৰে। “বুৰ্জোৱা গণতন্ত্ৰত নিৰ্বাচনত জয়ী হৈ গণপ্ৰতিনিধিত্ব কৰাসকল প্ৰকৃত ক্ষমতাৰ অধিকাৰী নহয়। আৰু যি বৃহৎ বুৰ্জোৱা শ্ৰেণী প্ৰকৃত ক্ষমতাৰ অধিকাৰী, তেওঁলোক নিৰ্বাচনত থিয় নহয়।”(বন্দোপাধ্যায়, পৃ. ৪৩) আনহাতে,সংসদীয় গণতন্ত্ৰই শ্ৰেণীবিভক্ত সমাজৰ বিৰাট অৰ্থনৈতিক বৈষম্য আৰু নিৰ্মম শোষণক নিৰ্বিবাদে স্বীকাৰ কৰি লৈ সেই পটভূমিতহে সকলো নাগৰিকৰ সমতা আৰু স্বাধীনতাৰ কথা কয়। গতিকে সংসদীয় বৃত্তৰ ভিতৰত সংগঠিত কোনো গণ আন্দোলনেই বৈষম্য আৰু শোষণৰ মূল আধাৰত মোক্ষম আঘাত হানিব নোৱাৰে আৰু সেই মূল আধাৰত আঘাত হানিব খোজা যিকোনো আন্দোলনকে ৰাষ্ট্ৰই গণতন্ত্ৰ ৰক্ষাৰ নাম লৈয়ে দমন কৰিব। কোৱা বাহুল্য যে আন্তৰ্জাতিক পুঁজিৰ বিশ্বস্ত ঠিকাদাৰ হিচাপে জনগণৰ প্ৰতিবাদী সত্তাক অস্ত্ৰবলেৰে পিষ্ট কৰাত শেহতীয়াভাৱে চৰকাৰক অধিক উৎসাহেৰে আত্মনিয়োগ কৰা দেখা গৈছে। এনে প্ৰেক্ষাপটত গণ আন্দোলন এটাৰ শেষ লক্ষ্য কি আৰু সি শেষপৰ্যন্ত সংসদীয় বৃত্তৰ ভিতৰেত থাকিব নে বাহিৰ ওলাই যাব – এই দুটা মৌলিক নীতিগত প্ৰশ্ন, আৰু এই দুটাৰ স্পষ্ট আৰু সুসংহত উত্তৰৰ ভিত্তিতে আন্দোলনটোৰ কাৰ্যসূচীসমূহ নিৰ্ধাৰণ কৰিব লাগিব।

এতিয়া আমি অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি আন্দোলনৰ বিভিন্ন দিশ চালি-জাৰি চাবলৈ যত্ন কৰিম। অসম আন্দোলনে তাৰ আৰ্দশৰ অস্পষ্টতা, নেতৃত্বৰ হঠকাৰিতা তথা ভিতৰুৱা ক্ষমতাৰ টনা-আঁজোৰাকে ধৰি হেজাৰ দুখ-দুৰ্বলতা সত্ত্বেও অসমৰ সৰ্বস্তৰৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ ঐকান্তিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আন্দোলনটোৰ তাৎক্ষণিক পৰিণাম ব্যাপক হত্যাযজ্ঞ তথা নৈৰাজ্যসদৃশ পৰিস্থিতি আৰু দীৰ্ঘম্যাদী কৰুণ বিফলতাই অসমৰ সমাজত প্ৰতিবাদী চেতনা তথা সমূহীয়া আন্দোলনৰ কঁকাল ভাঙি থৈ যোৱা বুলিয়েই ক’ব লাগিব। এনে এক পটভূমিৰ জড়তা ভাঙি অসম আন্দোলনৰ পাছত হয়তো প্ৰথমবাৰৰ বাবে অসমৰ ব্যাপক জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে সদলবলে কোনো আন্দোলনত জঁপিয়াই পৰিছে; এনে জনজাগৰণ সম্ভৱ কৰি তোলাটোক অখিল গগৈ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ-ৰ অসাধাৰণ সাফল্য হিচাপে অভিহিত কৰিবই লাগিব। আনহাতে,একে সময়তে দেশীয় বৈষম্য তথা শোষণ আৰু আন্তৰ্জাতিক পুঁজিৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি আন্দোলনটোৱে প্ৰকৃত সৰ্বাত্মক গণমুক্তি সংগ্ৰামৰ কিছু দিশ অসম্পূৰ্ণভাৱে হ’লেও প্ৰতিনিধিত্ব কৰিছে। কিন্তু সমাজ পৰিস্থিতিৰ অপৰিপক্বতা আৰু আন্দোলনটোৰ নিজা দোষ-দুর্বলতাৰ বাবেই আশাপ্রদ ভূমিকা পালন কৰিব পৰা নাই।

এইখিনিতে কৃষকসমাজৰ চৰিত্ৰ সম্পর্কে কিছু কথা কোৱা প্রয়োজনীয়। শ্রেণীসংগ্রামৰ চালিকা শক্তি হিচাপে শ্রমিক শ্রেণী আৰু কৃষক শ্রেণী উভয়েই সমানে ভূমিকা পালন কৰিব পাৰে। ‘But as Shanin (Teodor Shanin) has rightly observed, among such classes the peasantry is a ‘class of low classness’ compared, say, to industrial working class, a class of very high ‘classness’, in the sense that a great deal of its politics can be directly derived form its specific relations to the means of production.” (Eric Hobsbawm, “Peasants and Politics,” Uncommon People, Abacus, 2009, p. 200) ঔদ্যোগিক শ্রমিক শ্রেণীয়ে উৎপাদন সম্পর্কসমূহক নগ্ন ৰূপত দেখা পায় আৰু তাৰ মাজত নিজৰ স্থান সম্পর্কেও সহজে বুজিব পাৰে। আনহাতে, কম-বেছি পৰিমাণে শ্রমিক শ্রেণীটো ছিন্নমূল। সেইবাবে শ্রেণীচেতনাক হেঁচি ধৰি ৰখা ভাষিক, ধর্মীয়, গোষ্ঠীগত আদি পৰিচিতিৰ প্রাবল্য শ্রমিক শ্রেণীৰ মানসিকতাত কম। পঢ়াশলীয়া শিক্ষা হওক বা নহওক, বাস্তৱ পৰিস্থিতিয়ে তেওঁলোকক কিছু হ’লেও ৰাজনৈতিক শিক্ষা প্রদান কৰে। কিন্তু তাৰ বিপৰীতে কৃষক শ্রেণীয়ে বাস কৰে এক প্রকাৰ অজ্ঞেয় পৰিৱেশত। দাৰিদ্ৰ্য আৰু শিক্ষাহীনতাৰ কৰাল গ্রাসত পতিত কৃষক শ্রেণীয়ে কৃষিক্ষেত্ৰত আত্মসমৰ্পণ কৰিবলগা হয় প্রকৃতিৰ ৰহস্যময় শক্তিৰ ওচৰত আৰু তেওঁলোকে জীৱন নির্বাহ কৰে সামন্তীয় পৰম্পৰা আৰু অন্ধবিশ্বাসেৰে ভাৰাক্রান্ত এখন স্থবিৰ আৰু আত্মতুষ্ট সমাজত। এনে পৰিস্থিতিত শ্রেণী পৰিচিতি চেতনাৰ অভ্যন্তৰত আবৃত হৈ থাকে বিচিত্র অন্ধবিশ্বাসৰদ্বাৰা। আনহাতে, এই শ্রেণী পৰিচিতিৰ সৈতে শ্রেণীটোৰ শক্তিহীনতা আৰু পশ্চাৎপদতাৰ অনুভৱো সংযুক্ত হৈ আছে৷ “The potential power of a traditional peasantry is enormous, but its actual power and influence are much more limited. The first major reason for this is its constant, and in general quite realistic, sense of its weakness and inferiority … But, at bottom, peasants are and feel themselves to be subaltern.” (p. 209-10) ভৌগোলিক আৰু মানসিক উভয় দিশৰপৰাই কৃষকসমাজ বাস কৰে এক ক্ষুদ্র বৃত্তৰ ভিতৰত। অজ্ঞানতাপ্রসূত মানসিক তথা জাতিগত-সাম্প্রদায়িক অন্ধবিশ্বাসৰ প্রকোপৰ বাবে বিভিন্ন অঞ্চলৰ বিপুল কৃষক ৰাইজৰ মাজত ব্যাপক শ্রেণী-ঐক্য গঢ়ি উঠাটো বাস্তৱত দুঃসাধ্যপ্রায়। সেইবাবে হবছবমে কৈছে – “Bearing this in mind, let us consider whether there can be such a thing as a national peasant movement or a national peasant revolt or uprising. I very much doubt it.” (p. 205)
কৃষকসমাজৰ শ্রেণীচেতনা তথা শ্রেণী-ঐক্যৰ উল্লিখিত বাধাবোৰ অনতিক্রম নিশ্চয় নহয়, কিন্তু সেইসমূহে সোঁৱৰাই দিয়ে এখন গণমুক্তি সংগ্রামৰ দায়িত্ব কিমান। কৃষকৰ স্বাৰ্থজড়িত সমস্যাক লৈ কৰা আন্দোলন এটাই কৃষক সমাজৰপৰা স্বতঃস্ফূর্ত আৰু ব্যাপক সঁহাৰি সাময়িকভাৱে লাভ কৰাটো বৰ টান নহয়। কিন্তু এনে সঁহাৰিয়ে গণমুক্তি সংগ্রামৰ বৰ বেছি অগ্রগতি নুসূচায়। সাময়িক আৱেগ-উত্তেজনাই মনস্তাত্ত্বিক-সামাজিক বাধাবোৰ কিছু সময়ৰ বাবে পাহৰাই বৃহৎ কৃষক–ঐক্যৰ সৃষ্টি কৰিব পাৰে, কিন্তু সেই বাধাবোৰ নিৰ্মূল কৰি পৰিপক্ব শ্রেণীচেতনা তথা স্থায়ী শ্ৰেণী-ঐক্য প্ৰতিষ্ঠা কৰিব নোৱাৰে। ধাৰাবাহিক আৰু দীৰ্ঘম্যাদী ৰাজনৈতিক শিক্ষা প্রদানৰ কাৰ্যসূচী আৰু শৃংখলাবদ্ধ সাংগঠনিক প্ৰচেষ্টাৰ মাধ্যমেৰেহে ব্যাপক কৃষকসমাজক গণমুক্তি সংগ্ৰামৰ বাবে প্ৰস্তুত আৰু সমৰ্থ কৰি তুলিব পৰা যাব। ইয়াৰ বাবে শ্ৰেণীশোষণ আৰু পুঁজিবাদৰ বিৰুদ্ধে কৃষকসমাজক ৰাজনৈতিকভাৱে প্ৰশিক্ষিত কৰি তোলাৰ সমান্তৰালভাৱে শ্ৰণীচেতনা তথা শ্ৰণী-ঐক্যৰ পথৰ হেঙাৰ মনস্তাত্ত্বিক-সামাজিক কাৰকসমূহৰ প্ৰকৃত স্বৰূপো কৃষকসমাজৰ সন্মুখত উন্মোচন কৰিব লাগিব। অন্যথা সাম্প্ৰদায়িক, ধৰ্মীয় মৌলবাদী, ভাষিক, গোষ্ঠীগত আৱেগ তথা কু-সংস্কাৰে জনচেতনাক বিক্ষিপ্ত কৰি ৰাখিব আৰু কৃষক ৰাইজৰ প্ৰকৃত বৈপ্লৱিক সত্তাক শিকলি লগাই শোষণৰ অনূকূল পৰিৱেশ বৰ্তাই ৰাখিব; এনে অৱস্থাত কোনো আন্দোলনে কৃষকসমাজৰ হাতত বহু পৰিমাণৰ আর্থ-সামাজিক ক্ষমতা অৰ্পণ কৰিলেও মানসিক দাসত্বই তেওঁলোকক বিভিন্ন পথেৰে নি শোষণৰ একেখন ফান্দতে নেপেলাবগৈ বুলি ক’ব নোৱাৰি।

অসমত এখন ব্যাপক গণমুক্তি সংগ্ৰামৰ আশু প্রয়োজন আৰু বিপুল সম্ভাৱনা থাকিলেও অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি আন্দোলনটোত তেনে সংগ্রামৰ ধাৰাবাহিক দীৰ্ঘম্যাদী কাৰ্যসূচী আৰু অবিচল ৰাজনৈতিক আদর্শনিষ্ঠাৰ পৰিবর্তে প্রভাৱ গোষ্ঠীসুলভ (Pressure Group) লক্ষণহে অধিক পৰিমাণে পৰিলক্ষিত হৈছে। আমূল ভূমিসংস্কাৰৰ পক্ষে তথা পুঁজিৰ আগ্রাসনৰ বিৰুদ্ধে সবল মত পোষণ কৰিলেও নেতৃত্বৰ কাৰ্যকলাপে আন্দোলনটোৰ ৰাজনৈতিক আদর্শ ক্ৰমাৎ ধূসৰ কৰি আনি শেহতীয়া সময়ছোৱাত কোনো আদর্শ নোহোৱাৰ নিচিনাই কৰি পেলাইছে। জন লোকপালৰ দাবীত কৰা আন্না হাজাৰেৰ আন্দোলনত অখিল গগৈক এজন প্রধান নেতাৰ ৰূপত অৱতীর্ণ হোৱা দেখা গ’ল। জন লোকপাল গণতান্ত্রিকভাৱে পৰিশোধিত হৈ আশাপ্রদভাৱে বাস্তৱায়িত হ’লে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত যে বহুদূৰ সহায়ক হ’ব সেয়া নিঃসন্দেহে ক’ব পাৰি। তথাপি প্রশ্ন হয় : হাজাৰেৰ আন্দোলনটোৰ প্রতি কৰ্প’ৰেট গোষ্ঠী তথা পুঁজিপতি মহলৰ অকুণ্ঠ সমৰ্থনৰ ৰহস্য কি? নিছক দুৰ্নীতিৰ বিৰুদ্ধে সৰল ক্রোধেৰে দেশজুৰি সৃষ্টি হোৱা ব্যাপক জাগৰণে প্রকৃততে জনসাধাৰণৰ মনোযোগ দুৰ্নীতিৰ সমাজ-গাঁথনিগত উৎসৰপৰা আঁতৰাই নিয়া নাইনে? সমাজৰ বৈষম্য-শোষণৰ ওপৰত টিকি থকা আৰু নব্য উদাৰতাবাদী অর্থনৈতিক নীতিৰপৰা লাভান্বিত হোৱা সুবিধাভোগী শ্রেণীটোৱে হয়তো এই আন্দোলনটোৰ মাজত তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ আশ্বাস বিচাৰি পাইছে। সকলো প্রকাৰৰ প্ৰচাৰ মাধ্যমৰ সমর্থন-সহযোগিতাৰ আঁৰতো একেটা সত্যই প্রচ্ছন্ন হৈ থাকিব পাৰে; তদুপৰি চহৰীয়া মধ্যবিত্তৰ প্রতিবাদী বাসনাক তৃপ্ত কৰিবলৈ প্রচাৰ মাধ্যমৰ হাতত এনে আন্দোলনৰ বাতৰিয়েই আটাইতকৈ সুস্বাদু মানসিক খাদ্য। আনহাতে, আন্না হাজাৰে যি নাগৰিক সমাজৰ সেনাপতি, সেই নাগৰিক সমাজে আচলতে দেশৰ গৰিষ্ঠসংখ্যক দৰিদ্ৰ-শোষিত জনতাৰ প্রকৃত স্বার্থক প্রতিনিধিত্ব কৰেনে? এনে প্রশ্নৰ উত্তৰ যিয়েই নহওক, এনে এক আন্দোলনত সক্রিয় ভূমিকা পালন কৰি অখিল গগৈয়ে কৃষক মুক্তি আন্দোলনটোক আদর্শগতভাৱে পংগু কৰাৰ কামটো সম্পূর্ণ কৰি তুলিলে।

অসমৰ প্রতিকূল পৰিৱেশত কৃষক আন্দোলন এটা আগ বঢ়াই নিবলৈ যাওঁতে কিছু ক্ষেত্ৰত আপোচ কৰিবলগা হোৱাটো একো অস্বাভাৱিক নহয়। কিন্তু নানাৰঙী দল-সংগঠনৰ সৈতে কৃষক আন্দোলনটোৰ নিৰ্বিচাৰ সানমিহলিয়ে আন্দোলনটোৰ মৰ্মমূলতে কুঠাৰাঘাত কৰিছে। আন্দোলনটোৰ ৰাজনৈতিক আদৰ্শৰ ধূসৰতা খুব সম্ভৱ পৰিকল্পিত : ইয়াৰ জৰিয়তে অখিল গগৈয়ে হয়তো (কংগ্ৰেছ আৰু কংগ্ৰেছপন্থীক বাদ দি) দল-মত নির্বিশেষে সকলো মহলৰপৰাই আন্দোলনটোৰ প্রতি সঁহাৰি লাভ কৰাৰ আশা পুহি ৰাখিছে। আৰু এই আশা ফলৱতী হোৱাও পৰিলক্ষিত হৈছে। গণতান্ত্রিক, জাতীয়তাবাদী, গোষ্ঠীগত, সাম্প্রদায়িক আদি বিভিন্নধৰণৰ দল-সংগঠনে আন্দোলনটোৰ প্রতি সক্রিয় সমর্থন আৰু সহযোগিতা আগ বঢ়াইছে; বিশেষকৈ নদীবান্ধ-বিৰোধী জাগৰণৰ ক্ষেত্রত। সাময়িক প্রয়োজনৰ দিশৰপৰা এনে যুটীয়া আন্দোলন নিঃসন্দেহে ফলদায়ক। কিন্তু সম্প্রতি কৃষক আন্দোলনৰ প্রতি সমর্থন আগ বঢ়ালেও এই দল-সংগঠনসমূহৰ নিজা বৈশিষ্ট্যপূর্ণ কার্যকলাপক কৃষক আন্দোলনৰ পৰিপূৰক বুলি কোনোমতেই ক’ব নোৱাৰি। বৰং বহু ক্ষেত্ৰত বিপৰীতমুখীহে। সংকীর্ণ জাতীয়তাবাদৰ ফটা ঢোলৰ ছেৱত ৰাইজ নাচিবলৈ ওলাই নহা দেখি জাতীয়তাবাদীসকলে এতিয়া অখিল গগৈৰ ঢোলত দুচাপৰমান মৰাটোত আন্তৰিকতা থাকিলেও তাক তেওঁলোকৰ নৱোদিত গণমুখী চিন্তাৰ পৰিচায়ক বুলি কোৱা টান। আনহাতে, জনগোষ্ঠীগত সংগঠনবিলাকক জনগোষ্ঠী নির্বিশেষে সর্বসাধাৰণ ৰাইজক জুৰুলা কৰা মৌলিক সমস্যাসমূহৰ ক্ষেত্ৰত সবল ঐকমত্যত উপনীত হোৱা দেখিবলৈ পোৱা নাযায়। সমাজৰ বৈষম্য আৰু শোষণৰ আচল চৰিত্ৰৰ প্রতি পিঠি দি জাতীয়তাবাদী আৰু জনগোষ্ঠীগত উভয়ধৰণৰ দল-সংগঠনে বিভিন্ন প্রসাধনী সংস্কাৰ, অনৈতিহাসিক দাবী, বিভিন্ন মায়া-শত্ৰুৰ বিৰুদ্ধে ৰণহুংকাৰ আদিতে অধিক ব্যস্ত থকা পৰিলক্ষিত হয়; যিবোৰ দাবী যুক্তিসংগত সেইবোৰ প্রতিষ্ঠাৰ বাবে কোনো দীৰ্ঘম্যাদী সংগ্ৰামৰ আঁচনি নাই। অসমৰ কৃষকসমাজৰ শ্রেণীচেতনা তথা শ্রেণী-ঐক্যৰ ঘাই হেঙাৰস্বৰূপ মনস্তাত্ত্বিক-সামাজিক কাৰকসমূহ নির্মূল কৰিবৰ বাবে কৃষক মুক্তি আন্দোলনত কোনো কাৰ্যসূচী গ্রহণ কৰা হোৱা নাই। এতিয়া উগ্রজাতীয়তাবাদী, জনগোষ্ঠীগত, সাম্প্রদায়িক ৰাজনীতি কৰা শক্তিৰ সৈতে হাত মিলাই আন্দোলনটোৰ নেতৃত্বই ভৱিষ্যতে তেনে কাৰ্যসূচী গ্ৰহণৰ সম্ভাৱনাকো নুই কৰিছে। আনহাতে, জনতাক উত্তেজিত কৰিবৰ বাবে আন্দোলনটোৰ নেতৃত্বই বহু সময়ত প্রকাশ্যে অন্ধবিশ্বাসৰ আশ্রয় লোৱা দেখা গৈছে। এনে হঠকাৰী কার্যই দীৰ্ঘম্যাদী পৰিণামস্বৰূপে কৃষক ৰাইজৰ মানসিক দাসত্বক দৃঢ়তৰহে কৰিব।

কৃষক মুক্তি আন্দোলনৰ শেষ লক্ষ্য কি? ইয়াৰ গতিপথ শেষপর্যন্ত সংসদীয় বৃত্তৰ ভিতৰতে থাকিবনে? এইদুটা প্রশ্নৰ সংহতিপূর্ণ স্পষ্ট উত্তৰ আমি আন্দোলনটোত প্রতিফলিত হোৱা দেখা নাই। আন্দোলনটোক অহিংস গণতান্ত্রিক আন্দোলন বুলি নেতৃত্বই সজোৰে ঘোষণা কৰি আহিছে। তদুপৰি তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত নেতৃত্বই বিভিন্ন চৰকাৰী বিভাগ তথা মন্ত্রী-বিষয়াৰ দুৰ্নীতি ফাদিল কৰাৰ প্রক্রিয়াটোত প্রকাশ পোৱা মনোভাবটো হ’ল এই যে ভাৰতৰ গণতান্ত্রিক ৰাষ্ট্রব্যৱস্থা তথা নীতি-নিয়মত আপত্তিজনক একো নাই; মাত্র সিবোৰৰ প্রয়োগ অগণতান্ত্রিকভাৱে হ’ব নালাগে। এনে এটা আন্দোলনে কেৱল চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰি কিমান দূৰলৈকে কৃষক সমাজৰ প্রাপ্য আদায় কৰিব আৰু অধিকাৰ প্রতিষ্ঠা কৰিব পাৰিব সেয়া অনুমান কৰা বৰ টান নহয়। গতিকে কৃষক মুক্তিৰ ঘোষিত উদ্দেশ্য যে এনে প্রক্রিয়াৰে সাধন নহয় সেয়া ধুৰূপ। এইখিনিতে অখিল গগৈক চৰকাৰৰ তৰফৰপৰা মাওবাদীসকলৰ সৈতে সাঙুৰিব খোজা চেষ্টাৰ কথালৈ আঙুলিয়াব পাৰি। ঘোষিত নীতিৰ ফালৰপৰা সাম্রাজ্যবাদ-বিৰোধী আন্দোলন, কৃষকৰ ভূমিৰ অধিকাৰ প্রতিষ্ঠাৰ বাবে ক্ষেত্ৰীয় কার্যক্রম আৰু তাৰ পৰিপূৰক হিচাপে শ্রমিক শ্রেণীৰ আন্দোলন, হিন্দুত্ববাদ-ফেছিবাদবিৰোধী আন্দোলন আদি বিভিন্ন আন্দোলনৰ সমাহাৰেৰে মাওবাদীসকলৰ সংগ্রামখন দেখাত গণমুক্তিৰ পূৰ্ণাংগ সংগ্রাম। কিন্তু শক্তিশালী ভাৰত-ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁলোকে অন্ধভাৱে হিংসাত্মক বিদ্ৰোহ কৰাৰ বাদে আন একো কৰিব পৰা নাই – এনেকুৱা আত্মঘাতী হিংসাৰে তেওঁলোকে সফলতা লাভ কৰাৰ সম্ভাৱনাও ক্ষীণ। এটা কথা অৱশ্যে ঠিক যে ভাৰত ৰাষ্ট্ৰৰ সন্মুখত মাওবাদীসকলে কিছুমান মৌলিক ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছে যাৰ কোনো সহজ সংসদীয় উত্তৰ পৰিলক্ষিত নহয়। আনহাতে, ভূমি আৰু শ্রম সংক্রান্তীয় মাওবাদীসকলৰ মূল নীতিসমূহৰ সৈতে সংসদীয় বৃত্তৰ ভিতৰত থকা বাঁও দলসমূহৰ নীতিৰ বিশেষ পার্থক্য নাই; কিন্তু এই দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ উক্ত নীতিসমূহৰ ভিত্তিত গণ আন্দোলন গঢ়ি তোলাৰ কোনো সম্ভাৱনা বর্তমান পৰিলক্ষিত নহয়। সি যি নহওক, অখিল গগৈক মাওবাদী সজাব পাৰিলে কৃষক মুক্তি আন্দোলনে তোলা অস্বস্তিকৰ মূল দাবীসমূহ গাপ দি ৰাখিবলৈ চৰকাৰৰ সুবিধা হ’লহেঁতেনে। অৱশ্যে অখিল গগৈয়ে নিজে কৃষক আন্দোলনটোৰ শেষ লক্ষ্যক স্পষ্ট ৰূপ দি সেই অনুসৰি দীৰ্ঘম্যাদী কর্মনীতি নিৰ্ধাৰণ কৰাৰপৰা বিৰত থাকি বিক্ষিপ্ত আৰু স্ববিৰোধী কার্যকলাপেৰে আন্দোলনটোৰ ৰাজনৈতিক আদর্শ ধূসৰ কৰি পেলোৱাৰ ফলস্বৰূপে প্রকৃতাৰ্থত চৰকাৰেই নিৰাপদ হৈছে, আৰু প্রভাৱ গোষ্ঠীৰ আন্দোলন যিমানেই শক্তিশালী নহওক লাগিলে, তাৰ মোকাবিলা কৰাটো চৰকাৰৰ বাবে গাঁথনিগত প্রত্যাহ্বানৰ সন্মুখীন হোৱাতকৈ বহুগুণে সহজ।

কৃষক মুক্তি আন্দোলনে কোনো বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ কথা কোৱা নাই; কিন্তু প্রচলিত ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰতে নির্বাচনী বিকল্প কি হ’ব সেই সম্পর্কে ইয়াৰ কোনো স্পষ্ট স্থিতি পৰিলক্ষিত হোৱা নাই। নির্বাচনৰ পূর্বে অখিল গগৈয়ে ব্যাপক ৰূপত কংগ্ৰেছ-বিৰোধী প্রচাৰ চলাইছিল, আৰু আন্দোলনটো স্বাভাৱিকতেই কংগ্রেছ-বিৰোধী হিচাপে প্রতিষ্ঠিত হৈছে৷ কংগ্ৰেছৰ বিপৰীতে আন কোনো প্রতিষ্ঠিত দলৰ প্রতিও ই সমর্থন আগ বঢ়োৱা নাই। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সখিত্বৰ কথা অখিল গগৈয়ে স্পষ্টভাৱে নুই কৰিছে। ক’বলৈ গ’লে, অসম গণ পৰিষদৰ প্ৰতি অসমৰ ৰাইজৰ মোহভংগ ঘটিছে আৰু হিন্দুত্ববাদী বিজেপিৰ প্রতি সমর্থন দিলে কৃষক আন্দোলনৰ প্রাপ্তিতকৈ ক্ষতি অধিক হ’ব। প্রকৃততে ৰাজনৈতিক দলসমূহৰ মৌলিক চৰিত্ৰৰ বাবেই প্রতিষ্ঠিত কোনো দলেই কৃষক আন্দোলনে তুলি ধৰা কৃষক ৰাইজৰ আর্থ-ৰাজনৈতিক স্বার্থক প্রতিনিধিত্ব কৰিব নোৱাৰে। আনহাতে, বাঁওপন্থী দলৰপৰাও কৃষক আন্দোলনটো সচেতনভাৱে আঁতৰি আছে। অৱশ্যে মুঠেই গণভিত্তি নথকা অসমৰ বাঁও দলে আন্দোলনটোক সহায় কৰিব পৰাৰ আশাও বর্তমান পর্যায়ত ক্ষীণ। কিন্তু সংগ্রাম সমিতিয়ে নিজে শাসন ক্ষমতা দখল কৰাৰ কথাও কোৱা নাই আৰু এনে বাসনা থাকিলেও সমিতিৰ অসমজোৰা সাংগঠনিক ভিত্তিটো আৰু কৰ্মীসকল তাৰ বাবে উপযুক্তভাৱে প্রশিক্ষিত নহয়। তাতোকৈ ডাঙৰ কথা হ’ল পুঁজি। যিহেতু শকত পুঁজি আহৰণৰ বাবে সংগ্রাম সমিতি-ৰ নিজা কোনো উৎস নাই আৰু ই কোনো পুঁজিপতিৰ শৰণাপন্ন হ’বও নোৱাৰে। গতিকে সংসদীয় নির্বাচনৰ পথ ইয়াৰ বাবে সহজ নহ’ব। সি যি নহওক, সংগ্রাম সমিতি এক প্রভাৱ গোষ্ঠী হিচাপে থাকি যাব পাৰে নতুবা কৃষক আন্দোলনৰ দাবীসমূহ (আংশিকভাৱে হ’লেও) ৰূপায়ণ কৰাৰ চুক্তিত আন দলৰ প্রতি সমর্থন আগ বঢ়াব পাৰে নতুবা বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ বাবে সংগ্রাম কৰিব পাৰে – এই চাৰিটা বিকল্পই সংগ্রাম সমিতি-ৰ ওচৰত আছে। ইয়াৰ ভিতৰত সি কোনটো বিকল্প বাছি ল’ব সেই কথা সোনকালেই স্পষ্ট কৰি দিয়াটো জৰুৰী। প্রথম তিনিটাৰ সীমাবদ্ধতা তথা সমস্যাসমূহ আমি চমুকৈ আঙুলিয়াই দিলোঁ; কিন্তু শেষৰটোৰ বাবে সংগ্রাম সমিতি-ৰ ইচ্ছা আৰু দুঃসাহস নাই সেই কথাও ইতিমধ্যে প্রতিপন্ন হৈছে। গতিকে কথা আৰু কামৰ ভাৰসাম্য প্রতিষ্ঠা কৰি সমিতিয়ে একক স্থিতি গ্রহণ কৰক।

কৃষক আন্দোলনটোক চৰিত্রগত দিশৰপৰা মূলতঃ উত্তৰাধুনিক বুলি অভিহিত কৰিব পাৰি। ভূমিসংস্কাৰৰ দাবী, ভূমিপট্টাৰ দাবী, বৃহৎ নদীবান্ধ-বিৰোধী আন্দোলন, গুৱাহাটীৰ পাহাৰত চৰকাৰে চলোৱা বৈষম্যমূলক উচ্ছেদৰ বিৰুদ্ধে আন্দোলন, বিভিন্ন চৰকাৰী বিভাগ তথা শীর্ষস্থানীয় ৰাজনীতিকৰ দুৰ্নীতি ফাদিলকৰণ, মূল্যবৃদ্ধিৰ প্রতিবাদ, ভাৰতজোৰা দুৰ্নীতি-বিৰোধী আন্দোলনত যোগদান আদি এৰা-ধৰাকৈ কৰা বিভিন্ন আন্দোলন তথা কার্যকলাপ সংগ্রাম সমিতিয়ে ইয়াৰ সুনির্দিষ্ট ৰাজনৈতিক এজেণ্ডা অনুসৰি পূর্বপৰিকল্পিতভাৱে কৰিছে, নে যেতিয়া যি মন যায় বা যিটো পৰিস্থিতি উদ্ভৱ হয় সেইমতে কৰি গৈছে? আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতি-ৰ বেনাৰত সংগঠিত এনে বিভিন্ন আন্দোলন তথা কার্যকলাপৰ মাজৰ অন্তৰ্লীন ঐক্য তথা কৃষক মুক্তিৰ দীৰ্ঘম্যাদী সংগ্রামখনত এইসমূহৰ ভূমিকা আৰু কৃষক মুক্তি সংগ্রামখনৰ সামগ্রিক স্বৰূপ সম্পর্কে আন্দোলনৰ নেতৃত্বৰ স্পষ্ট আৰু সুসংহত দৃষ্টিভংগী কার্যক্ষেত্ৰত প্রতিফলিত হোৱা নাই। ইয়াৰ বিপৰীতে আন্দোলনৰ নেতৃত্ব স্বতন্ত্র আৰু বিচ্ছিন্ন ৰূপতেই এই আন্দোলনসমূহ তথা কার্যকলাপ চলাই নিয়াৰ পক্ষপাতী যেন লাগে।

কৃষক মুক্তি আন্দোলনৰ ঘাই এটা দুর্বলতা হ’ল ই অতিমাত্রা অখিল গগৈ-কেন্দ্রিক। (আমাৰ এই প্রবন্ধটোতো আনকি কৃষক মুক্তি সংগ্রাম সমিতি আৰু অখিল গগৈ – এই নাম দুটা বিশেষ পার্থক্য নৰখাকৈ সলনাসলনিকৈ ব্যৱহাৰ কৰা হৈছে৷ আনহাতে, কৃষক আন্দোলনৰ নেতৃত্ব, সংগ্রাম সমিতিৰ নেতৃত্ব আদিবোৰো প্রকৃততে অখিল গগৈৰে আন এটা নাম।) অখিল গগৈয়ে কোৱা কথাৰ প্রতিধ্বনি কৃষক ৰাইজৰ মাজত বিয়পাই দিয়া কর্মীসকলৰ বাদে আন্দোলনটোক সমিলমিলেৰে আগুৱাই নিব পৰাকৈ আন কোনো গগৈৰ সমকক্ষ বা প্রায় সমকক্ষ কৃষক নেতাৰ জন্ম নহ’ল। গতিকে গগৈয়ে অকলে সকলোখিনি চম্ভালিবলগীয়া হয় বাবে বহু কাম চেলেকা-চুবুৰা হোৱা স্বাভাৱিক। কিন্তু তাতোকৈ দুর্ভাগ্যজনক কথাটো হ’ল গগৈৰ দুর্বলতা-সীমাবদ্ধতাই আন্দোলনটোক অবাধে আৰু ব্যাপকভাৱে প্ৰভাৱিত কৰাটো। কিছুসংখ্যক চিন্তাশীল ব্যক্তি সংগ্রাম সমিতিৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত যদিও তেওঁলোকৰ ভূমিকা আলংকাৰিক যেনহে ভাব হয়। সি যি কি নহওক, সমিতিৰ আঞ্চলিক শাখাবোৰৰ মাজৰপৰা নতুন নেতৃত্ব বিচাৰি অনা আৰু অখিল গগৈৰ সলনি সংগ্রাম সমিতিক সমূহীয়াভাৱে কেন্দ্রত্ব প্রদান কৰাটো অত্যন্ত জৰুৰী।

আন্দোলনৰ পৰিক্ৰমাত কৌশলগত কাৰণত কেতিয়াবা ব্যক্তিবিশেষক ব্যক্তিগতভাৱে আক্রমণ কৰাৰ প্রয়োজন আহি পৰিব পাৰে, কিন্তু ব্যৱস্থাগত প্রশ্নলৈ পিঠি দি ব্যক্তিবিশেষক আক্রমণ কৰাতে সর্বশক্তি নিয়োগ কৰাটো যেনেদৰে দীৰ্ঘম্যাদী সংগ্ৰামৰ বাবে ক্ষতিকৰ, একেদৰে সাময়িক কাৰ্যসূচী হিচাপেও বিপদমুক্ত নহয়। অখিল গগৈয়ে এনে হঠকাৰিতাৰ আশ্ৰয় লৈ কেইবাবাৰো উজুটি খাইছে যাৰ মূল্য কৃষক আন্দোলনটোৱে পৰিশোধ কৰিবলগীয়া হৈছে। তথ্যৰ উৎসৰ বিশ্বাসযোগ্যতা সম্পর্কে নিশ্চিত নোহোৱাকৈ অপর্যাপ্ত তথ্যৰ ভিত্তিত মন্ত্ৰী-ৰাজনীতিকৰ দুৰ্নীতি ফাদিল কৰাৰ এনে চেষ্টাক অখিল গগৈৰ চাঞ্চল্যপ্রীতিৰ পৰিণাম নুবুলি কি বুলিম? আন্দোলনটোৰ পৰিক্ৰমাত এনে চাঞ্চল্যপ্রীতি আৰু হঠকাৰিতাৰ উদাহৰণ নিচেই কম নহয়। এই দোষ-দুর্বলতাবিলাকে গগৈ তথা কৃষক আন্দোলনটোক আক্রমণ কৰাৰ বাবে চৰকাৰ তথা চৰকাৰী প্ৰচাৰ মাধ্যমসমূহক অধিক সুৰুঙা উলিয়াই দিছে। আনহাতে,এনে কৰোতে আন্দোলনটোৱে ইয়াৰ ওপৰত আস্থাশীল প্রগতিশীল বুদ্ধিজীৱী এচামৰে সমৰ্থন হেৰুৱাবলগা হৈছে। দোষ-দুর্বলতা সমালোচনা কৰিও আন্দোলনটোলৈ সমর্থন দি থকা ড° হীৰেন গোহাঁইৰ দৰে বুদ্ধিজীৱীয়েই আন্না হাজাৰেৰ আন্দোলনৰ সৈতে সানমিহলিক কঠোৰ ভাষাৰে সমালোচনা কৰি অৱশেষত ২২ জুনৰ গুৱাহাটীৰ ঘটনাৰ পাছত অখিল গগৈক প্রবলভাৱে ধিক্কাৰ দিয়া দেখা গ’ল। অন্য এটা গুৰুত্বপূর্ণ কথা হ’ল যে বুৰ্জোৱা প্ৰচাৰ মাধ্যমৰ প্ৰচাৰকে সাফল্য বুলি গণ্য কৰাটো বাস্তৱ বুদ্ধিৰ পৰিচায়ক নহয়; কল্প-শত্রু নির্মাণ কৰি পৰিচিতিভিত্তিক আৱেগ-উত্তেজনা, উগ্রজাতীয়তাবাদ বিয়পোৱাত, ভোগবাদ প্রচাৰত আগভাগ লৈ অহা এই প্রচাৰ মাধ্যমসমূহে নিজৰ ব্যৱসায়িক স্বার্থসিদ্ধিত বাধা পৰিলে জনগণৰ স্বাৰ্থৰ পক্ষে থিয় দিব বুলি আশা কৰা ভুল।

কৃষক বা শ্রমিক যাক লৈয়ে আৰম্ভ কৰা নহওক লাগিলে, প্রকৃত গণমুক্তি সংগ্রাম এখনে পৰিপূৰ্ণতা আৰু অব্যৰ্থ শক্তি পাবলৈ হ’লে পর্যায়ক্রমে সকলো শ্রেণীৰ শোষিত-নিপীড়িত জনতাক সংগ্রামত সমাহত কৰিব লাগিব নিজৰ পদ্ধতিৰে বা বিভিন্ন শ্রেণীৰ প্রগতিশীল আন্দোলনসমূহৰ সৈতে সংঘবদ্ধ হৈ। প্রশ্ন হয়, শ্রমিকসকলৰ প্রতি কৃষক মুক্তি আন্দোলনৰ দৃষ্টিভংগী কেনেকুৱা? যুগে যুগে নির্মম আর্থ-সামাজিক শোষণ-দমনৰ বলি হৈ অহা অসমৰ সমাজেও আঁকোৱালি নোলোৱা মূলোৎপাটিত ঝাড়খণ্ডী আদিবাসী চাহ বনুৱাসকলক আন্দোলনটোত চামিল কৰিবলৈ কি কাৰ্যসূচী গ্রহণ কৰা হৈছে? স্বাধীনতাৰ পূৰ্বৰেপৰা আজিলৈকে সাম্প্রদায়িক ৰাজনীতিয়ে বিভ্রান্ত কৰি অহা শোষিত-বঞ্চিত অভিভাষী মুছলমান জনতাৰ ক্ষেত্ৰত সংগ্রাম সমিতিৰ কাৰ্যপন্থা কেনেধৰণৰ? আনহাতে, বাংলাদেশী প্ৰব্ৰজনৰ প্রশ্নটো অসমৰ ভূমি সমস্যা তথা ভূমিসংস্কাৰৰ সৈতে গভীৰভাৱে জড়িত। এই ক্ষেত্ৰত সমিতিৰ স্থিতি কি? অসমৰ ভূমি সম্পদৰ এক বৃহৎ অংশ সত্ৰবিলাকৰ হাতত আছে। তদুপৰি সামাজিক ক্ষেত্ৰতো সত্ৰবিলাকে সামন্তবাদ বর্তাই ৰাখিছে। গতিকে গণমুক্তিৰ সংগ্রামত এই ব্যৱস্থাটোক ৰেহাই দিব মুঠেই নোৱাৰি। ইফালে চাহ মালিক কোম্পানিৰ কুক্ষিগত হৈ থকা ভূমিৰ প্রশ্নটোও গুৰুত্বপূর্ণ। সংগ্রাম সমিতি এই ক্ষেত্ৰত উদাসীন বুলি ক’ব নোৱাৰি। ক’বলৈ গ’লে, সমিতিৰ প্রস্তাৱিত আমূল আৰু গণমুখী ভূমিসংস্কাৰৰ প্রসংগই এনে ভালেমান দিশ সামৰি লৈছে। (দ্রষ্টব্য : ‘নতুন জাতীয় ভূমি আইনখন কেনে হ’ব?’,অখিল গগৈ, অসমীয়া প্রতিদিন, ৫ জুলাই, ২০১১) কিন্তু ভূমিসংস্কাৰ তথা কৃষকৰ আৰ্থ-ৰাজনৈতিক অধিকাৰ প্রতিষ্ঠাৰ প্রতিবন্ধকবোৰ মূর্ত ৰূপত দাঙি ধৰা হোৱা নাই, প্রতিবন্ধকসমূহ নির্মূলৰ বাবে দীর্ঘম্যাদী সংগ্রামৰ আহি প্রস্তুত কৰাটো দূৰৰ কথা।

আমাৰ আলোচনাৰপৰা দেখা গ’ল যে ঐতিহাসিক আৰু বহল প্রেক্ষাপটত বিচাৰ কৰিলে অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রামখন এক ক্ষুদ্র প্রচেষ্টা আৰু ক্ষুদ্র প্রচেষ্টা হিচাপেও সি দোষ-সীমাবদ্ধতাৰপৰা মুঠেই মুক্ত নহয়। কিন্তু অসমৰ সমাজজীৱনলৈ আন্দোলনটোৰ মূল্যৱান অৰিহণা তথা ইয়াৰ সফলতাসমূহো আমি বিনম্ৰভাৱে স্বীকাৰ কৰিবই লাগিব। অন্ততঃ সুবিধাবাদী মধ্যশ্রেণীটোৰ ক্রমবর্ধমান সমাজবিমুখিতা তথা অসমৰ সমাজ-ৰাজনীতিৰ হতাশাজনক পৰিবেশৰ মাজত এই আন্দোলনটো ক’বলৈ গ’লে এছাটি সতেজ বতাহৰ নিচিনা। অখিল গগৈয়ে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আন্দোলনটোক বহু দূৰ আগুৱাই আনিছে আৰু হাজাৰ হাজাৰ নিপীড়িত জনতাই নিজৰ তেজ-ঘাম-চকুলো এই আন্দোলনটোৰ বেদীত উছৰ্গা কৰিছে। আন্দোলনটোৰ বিষয়ে শেষ কথাষাৰ কোৱাৰ সময় এতিয়াও আহি পোৱা নাই; কিন্তু নিপীড়িত জনতাৰ ক্ষোভক ভাষা প্রদান কৰি আৰু অসমত এখন ব্যাপক গণমুক্তি সংগ্ৰামৰ প্রয়োজনীয়তাৰ কথা আমাক সোঁৱৰাই দি আন্দোলনটোৱে ডাঙৰ কাম এটা সমাধা কৰিলে। ঘোষিত কৃষক মুক্তি যে আন্দোলনটোৱে আনিব নোৱাৰে সি ধুৰূপ, কিন্তু তাৰ ঐতিহাসিক ভূমিকা যথার্থভাৱে পালন কৰিবলৈও আন্দোলনটোৱে তাৰ সীমাবদ্ধতা তথা ভুল-ত্ৰুটিসমূহৰপৰা শিক্ষা আহৰণ কৰিব পাৰিব লাগিব। অসমৰ ৰাইজৰ প্রতি অখিল গগৈৰ আন্তৰিকতা যিমান প্রচণ্ড, দায়বদ্ধতাও সিমানেই বেছি। গতিকে তেওঁ হঠকাৰী আত্মঘাতী কার্যকলাপ ত্যাগ কৰি এতিয়ালৈকে কৰি অহা ভুলবোৰ শুধৰাবলৈ আৰু ৰাজনৈতিক স্থিতি স্পষ্ট কৰি সম্ভৱপৰ সীমাবদ্ধতাসমূহ অতিক্রম কৰিবলৈ যত্ন কৰক। অখিল গগৈৰ বোধোদয়ৰ ওপৰত কৃষক আন্দোলনটোৰ ভৱিষ্যত প্রায়খিনি নির্ভৰ কৰিছে। বৃহত্তৰ গণমুক্তি সংগ্রামৰ এক ঊৰ্মি হিচাপে কৃষক মুক্তি আন্দোলনে ঊর্মিমলা সৃষ্টিত যিমানখিনি অৰিহণা যোগাব ইতিহাসত তাৰ স্থান সিমানখিনিয়ে নিৰ্ধাৰিত হ’ব।

(ৰচনাকাল : ছেপ্টেম্বৰ ২০১১, প্ৰকাশ : ৰশ্মিৰেখা বৰা সম্পাদিত ‘ভূমি’ৰ নৱেম্বৰ ২০১১ সংখ্যা)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , , , , , ,
Posted in প্ৰবন্ধ
One comment on “প্ৰসংগ : কৃষক মুক্তি আন্দোলন
  1. প্ৰণৱ বড়োৰ আত্মজাহ সম্পৰ্কে একাষাৰ

    জিতেন বেজবৰুৱা

    মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবাদত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অংশস্বৰূপে গুৱাহাটী গড়চুক নিবাসী প্ৰণৱ বড়োৰ আত্মজাহৰ মৰ্মান্তিক ঘটনাই (২৪ ফেব্ৰুৱাৰি, ২০১৪ ) ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আচলতে বিভিন্ন ৰাজনৈতিক ঘটনাৰ কেইবাটাও বেলেগ বেলেগ প্ৰবাহ চূড়ান্ত মুহূৰ্তত পাৰস্পৰিক সংঘৰ্ষত লিপ্ত হৈ এনে ঘটনাৰ জন্ম দিয়ে। (উদাহৰণস্বৰূপে,মাটিৰ পট্টাক কেন্দ্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দীৰ্ঘদিনীয়া দাবী-আন্দোলন, শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ অদূৰদৰ্শী-নিৰ্বাচনমুখী-নীতিহীন ‘ভূমিনীতি’, নিজৰ বাসস্থানক কেন্দ্ৰ কৰি প্ৰণৱ বড়োৰ পৰিয়ালটোৱে বছৰ বছৰ ধৰি ভুগি অহা চৰকাৰী লাঞ্ছনা-উৎপীড়ন আদি।) আনহাতে, এনেকুৱা চূড়ান্ত পৰিস্থিতিবিলাকৰ ‘এটা’ নিজা ব্যাকৰণো থাকে যিটোৰ চৰিত্ৰ বুজিবলৈ প্ৰয়োজন হয় তন্ন তন্ন বিশ্লেষণৰ – যাক বাদ দি কেৱল পূৰ্বজ্ঞানৰ ভিত্তিত এনে পৰিস্থিতিৰ সম্পূৰ্ণ ব্যাখ্যা কৰিব নোৱাৰি। গতিকে এনে পৰিস্থিতিৰ ব্যাখ্যা আমি সাধাৰণতে ভবাতকৈ বহুখিনি জটিলতৰ নিশ্চয়। প্ৰায়সকলেই কেৱল ঘটনাচক্ৰৰ চূড়ান্ত মুহূৰ্তবিলাকৰ পুংখানুপুংখ উপস্থাপনেৰেই এনে ঘটনাৰ ব্যাখ্যা কৰিব খোজে। আন বহুতে পৰস্পৰ সংঘৰ্ষত লিপ্ত বিভিন্ন ঘটনা প্ৰবাহৰ যিকোনো এটা প্ৰবাহ – যিটো নিজৰ স্বাৰ্থানুকূল বা মতাদৰ্শ-অনুকূল – বাছি লৈ সেই অনুসৰি নিজৰ ব্যাখ্যা দাঙি ধৰে। বহু সময়ত সেয়া নিজৰ সাময়িক স্থিতি প্ৰকাশৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে নতুবা নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে অনিবাৰ্যও হ’ব পাৰে। কিন্তু যেতিয়া এনে ঘটনা এটাৰ সামগ্ৰিক আলোচনাৰ আৰু ব্যাখ্যাৰ কথা আহি পৰে, তেতিয়া নিশ্চিতভাৱে সংঘৰ্ষলিপ্ত ঘটনা প্ৰবাহৰ সমূহ প্ৰবাহকে সামৰি ল’ব লাগিব। লগতে পৰিস্থিতিটোৰ খুঁটিনাটিৰ পুংখানুপুংখ বিশ্লেষণো আলোচনালৈ প্ৰয়োজনবশতঃ আনিব লাগিব : আন্দোলনৰ তথা কৰ্তৃপক্ষৰ আন্দোলন-প্ৰতিৰোধৰ ৰণকৌশল সম্পৰ্কে প্ৰকাশিত-অপ্ৰকাশিত বহুতো দিশ ইয়াৰদ্বাৰা উন্মোচিত হ’ব পাৰে।আলোচ্য ঘটনা সম্পৰ্কে বাদ-বিবাদত লিপ্ত হওঁতে ৰাইজে এইসমূহ দিশ মনত ৰাখিলে আলোচনাসমূহ নিশ্চয় কিছু হ’লেও অধিক সমৃদ্ধ হ’ব।

    প্ৰণৱ বড়োৰ আত্মজাহৰ ঘটনাই শাসনাধিষ্ঠিত চৰকাৰৰ চূড়ান্ত গণবিৰোধী-ক্ষমতালিপ্সু চৰিত্ৰ নিৰ্লজ্জভাৱে উদঙাই দেখুৱালে। ই ইয়াকো প্ৰমাণ কৰিলে যে শোষণক্লিষ্ট-লাঞ্ছনাপীড়িত হৈ সৰ্বস্বান্ত হোৱা ব্যক্তি এজনে কিদৰে সমূহীয়া স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আত্মবলিদান দিব পাৰে।প্ৰণৱ বড়োক লৈ বিভিন্নধৰণৰ বিতৰ্ক হ’ব পাৰে, কিন্তু তেওঁৰ আত্মবলিদানৰ মাজত অন্তৰ্হিত হৈ থকা আন্তৰিকতা তথা পৰহিতবাদী প্ৰেৰণাক লঘু কৰাটো সমীচীন নহ’ব।
    কিন্তু তৎসত্ত্বেও এই প্ৰশ্নটো বাদ দিব নোৱাৰি :প্ৰণৱ বড়োৱে আশা কৰাৰ দৰে তেওঁৰ মৃত্যুৱে মাটি পট্টা প্ৰদানৰ আন্দোলনটোক আশাপ্ৰদভাৱে লাভান্বিত কৰিব পাৰিবনে? এই প্ৰশ্নটো মুঠেই প্ৰয়াত বড়োক লৈ নহয়, প্ৰশ্নটো কৃষক মুক্তি সংগ্ৰাম সমিতিক লৈহে।যিসকলে অখিল গগৈ তথা সংগ্ৰাম সমিতিৰ কাৰ্যসূচীক সমালোচনা কৰিছে তেওঁলোক একে ৰঙৰ আৰু একে বিধৰ নহয়। সৰহসংখ্যকেই হ’ল চৰকাৰী বা চৰকাৰপক্ষীয় চিন্তাৰ ব্যক্তি। এইসকলৰ বিষয়ে ক’বলগা একো নাই, কাৰণ তেওঁলোকে তেনেকৈ কোৱাটোৱেই নিয়ম। আন কিছুসংখ্যক হ’ল আন্দোলন-প্ৰতিবাদ বেয়া পোৱা আৰামপ্ৰিয় মধ্যবিত্তীয় মানসিকতাৰ ব্যক্তি। এইবিলাক কৰি মিছাতে অশান্তিৰ সৃষ্টি কৰি লাভ নাই – পাৰ্ছনেলিটি ডেভেলপমেণ্ট কৰিব লাগে, পজিটিভ থিংকিং কৰিব লাগে। তৃতীয় এচাম ব্যক্তি হ’ল বাঁও-গণতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি। এওঁলোকৰ মাজতো বিভাজন আছে। কিছুসংখ্যকে তেওঁলোকে নিজে আশা কৰাৰ দৰে ক্লাছিক শ্ৰেণীসংগ্ৰামখন আগুৱাই নিব নোৱৰাৰ বাবে অখিল গগৈ তথা সংগ্ৰাম সমিতিক গালি-গালাজ কৰে আৰু সম্পূৰ্ণৰূপে নস্যাৎ কৰে নৈৰাজ্যবাদী বুলি। তেওঁলোকৰ অভিযোগসমূহ সঁচা যদিও গগৈ তথা সংগ্ৰাম সমিতিৰ আন্দোলনক উপৰুৱা বুলি নস্যাৎ কৰাটোৱে সাম্প্ৰতিক পৰিবৰ্তিত আৰ্থ-ৰাজনৈতিক পৰিবেশত গণ আন্দোলনৰ সম্ভাব্য চৰিত্ৰ সম্পৰ্কে তেওঁলোকৰ বাস্তৱবোধৰ অভাৱহে প্ৰতিপন্ন কৰে। আন কিছুসংখ্যকে গগৈ তথা সংগ্ৰাম সমিতিৰ সংগ্ৰামৰ প্ৰতি শুভাকাংক্ষী হৈও তাৰ দুৰ্বলতা-সীমাবদ্ধতাসমূহ উন্মোচন কৰি দেখুৱাবলৈ যত্ন কৰি আহিছে জনসাধাৰণৰ দীৰ্ঘম্যাদী সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখিয়ে। যোগ্যতাৰ দিশৰপৰা নিঃকিন হ’লেও এই অভাজনে নিজকে শেহতীয়া শিবিৰত অৱস্থান কৰা বুলি ভাবে। এই কথা অনস্বীকাৰ্য যে গগৈ তথা সংগ্ৰাম সমিতিয়ে সামগ্ৰিক লক্ষ্য আৰু সুপৰিকল্পিত ৰণকৌশলেৰে সংগ্ৰাম আগ বঢ়াই নিয়াৰ সলনি মূলতঃ বিভিন্ন ইছ্যুভিত্তিক-অসংলগ্ন সাময়িক প্ৰতিবাদৰ মাজত নিজকে ব্যস্ত ৰাখিছে – বহু সময়ত বিশুদ্ধ ব্যক্তিবিদ্বেষ, দেখ দেখ হঠকাৰিতা প্ৰদৰ্শন কৰিছে। তদুপৰি তেওঁলোকৰ সংগ্ৰামখনৰ চৰিত্ৰ মূলতঃ নৈৰাজ্যবাদী। সি যি নহওক, আমাৰ বাবে প্ৰাসংগিক প্ৰশ্নটো হ’ল : প্ৰণৱ বড়োৰ আত্মজাহ চূড়ান্ত মুহূৰ্তত নিয়ন্ত্ৰণহীন পৰিবেশত ঘটা অবাঞ্ছিত ঘটনা নে এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সুচিন্তিত ৰণকৌশল? যদি এয়া এক অবাঞ্ছিত ঘটনা তেন্তে আমি বড়োৰ মৃত্যু সন্দৰ্ভত ওপৰত উল্লেখ কৰা বক্তব্যকে পুনৰ দোহাৰিম। কিন্তু যদি এয়া সংগ্ৰাম সমিতিৰ ৰণকৌশল তেন্তে তাৰ সৈতে আন বহু কথা যোগ দিব লাগিব। সংগ্ৰাম সমিতিয়ে ৰণকৌশলৰ কথাটো অস্বীকাৰ কৰা দেখা গৈছে। কিন্তু এইক্ষেত্ৰত তেওঁলোকৰ স্থিতি স্পষ্ট যেন প্ৰতিপন্ন নহয়। যি সময়ত এই কথাটো অস্বীকাৰ কৰা হৈছে সেই সময়তে আন বহুতো সমিতিৰ সদস্যই আত্মজাহৰ বাবে সাজু হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কেন্দ্ৰীয় নেতৃত্বৰ অজ্ঞাতে বা বিৰুদ্ধে গৈ এনে ব্যাপক প্ৰস্তুতি সম্ভৱ নহয়। গতিকে আত্মজাহক যে সংগ্ৰাম সমিতিয়ে ৰণকৌশল হিচাপে গ্ৰহণ কৰিছিল সেয়া কম-বেছি পৰিমাণে প্ৰমাণিত হৈছে। (অৱশ্যে তৰ্কৰ অৱকাশ নিশ্চয় এতিয়াও আছে।) যদি সেয়ে হয়, তেন্তে বৰ ভয়াৱহ কথা হ’ব। এনে আত্মধ্বংসী ৰণকৌশল অৱলম্বন কৰি গণবিৰোধী চৰকাৰৰপৰা অন্য পন্থাৰে নোৱৰা কামো হঠাতে হাচিল কৰিব পৰা যাব বুলি যদি ভবা হৈছে, সেয়া নিঃসন্দেহে হঠকাৰী আৰু নৈৰাজ্যবাদী চিন্তাৰ পৰিচায়ক। চৰকাৰে এনে সংগ্ৰামসমূহে তুলি ধৰা অস্বস্তিকৰ ৰাজনৈতিক প্ৰশ্নসমূহ দমাই ৰাখি আন্দোলন-প্ৰতিবাদসমূহক কেৱল আইন-শৃংখলাৰ সমস্যা বুলি প্ৰতিপন্ন কৰিবলৈ অনবৰত চেষ্টা কৰি থাকে, কাৰণ আইন-শৃংখলাৰ সমস্যা বুলি পৰিগণিত হোৱাৰ পাছত তাক লাঠি-বন্দুক লগাই সহজে দমন কৰিব পাৰি। এইধৰণৰ ভয়াৱহ ৰণকৌশলে প্ৰকৃততে দমনমূলক চৰকাৰৰ হাতখন শক্তিশালী কৰিব। ইয়াৰ ফলস্বৰূপে গণসংগ্ৰামৰ লাভ হোৱাক ছাৰি লোকচানহে হ’ব। গতিকে এই সম্পৰ্কে সংগ্ৰামৰ স্বাৰ্থতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সময়োচিত চিন্তা-চৰ্চা কৰাটো ভাল হ’ব।
    (সমাপ্তি : ২৫ ফেব্ৰুৱাৰি, ২০১৪। নিশা ১১.০১ বজা)
    (ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত বিভিন্নজনৰ আলোচনাৰ মাজতে আগ বঢ়োৱা বক্তব্য। লিংক : https://www.facebook.com/groups/axomiyakothabotora/686792738039892/)

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: