মননশীল বুলি পৰিচিত লেখক ময়ূৰ বৰাৰ ‘মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা?’ নামৰ কিতাপ এখন অলপতে প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ব্ৰাহ্মণ্যবাদৰ পাছত (‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ?’ আৰু ‘ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম’) বৰাই মৃত্যুঘণ্টা বজালে মাৰ্ক্সবাদৰ। ঘণ্টাৰ শব্দত চাৰিওপিনে হুলস্থূল লগা দেখি আমাৰো কিতাপখনক লৈ অকণমান ঔৎসুক্য জাগিছিল। কিন্তু কিতাপখন পঢ়ি শেষ কৰাৰ পাছত লেখকজন সম্পৰ্কে থকা আমাৰ ন্যূনতম ভাল ধাৰণাকণৰো অপমৃত্যু ঘটিল। তথাপি বিষয়টোৰ গভীৰলৈ নোযোৱা কিছু পাঠকক কিতাপখনে বিভ্ৰান্ত কৰিব পাৰে বুলি, আৰু মাৰ্ক্সবাদত বিশ্বাসীসকল এই বিষয়ত উদাসীন হৈ থাকিলে তাকে বহুতো মাৰ্ক্সবাদ-বিৰোধী মূৰ্খই তেওঁলোকৰ বিজয় বুলি ভাবি অযথা হুলস্থূল লগাই পৰিবেশ দূষিত কৰিব পাৰে বুলি চিন্তা কৰিয়েই কিবা এটা লিখাৰ চিন্তা কৰিছিলো। কিন্তু প্ৰসংগতঃ কেইবাখনো বাতৰিকাকত আৰু আলোচনীৰ সম্পাদকে আমাৰ চিন্তাৰ প্ৰতি যিধৰণৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিলে সেয়াও অতিকে আমোদজনক আৰু চিন্তনীয়। আটাইকেইজনেই লেখক বৰাৰ চাঞ্চল্যমুখিতা তথা কিতাপখনৰ স্থূলতা সম্পৰ্কত আমাৰ সৈতে কেৱল একমত হোৱাই নহয়, বৰং আমাতকৈ এখোপ চৰাকৈহে মন্তব্য প্ৰকাশ কৰিলে। কিন্তু সেইখনৰ বিষয়ে লেখা প্ৰকাশ কৰিবলৈ তেওঁলোকে প্ৰত্যক্ষভাৱেই অনিচ্ছা প্ৰকাশ কৰিলে। কাৰণ সেইখন যিহেতু প্ৰচাৰমুখী কিতাপ আৰু যিকোনো প্ৰকাৰে তাৰ প্ৰচাৰ হোৱাটোৱেই লেখক-প্ৰকাশকে বিচাৰে, গতিকে কোনো কাৰণতে সেইখনৰ আলোচনা প্ৰকাশ কৰিব পৰা নাযাব। শেষত বুজা গ’ল যে অন্ততঃ প্ৰায়বিলাক বাতৰিকাকত-আলোচনীতে এই কিতাপখনৰ বিষয়ে সমালোচনা লিখাটো কাৰ্যতঃ বন্ধ। (প্ৰসংগতে কৈ থওঁ যে উল্লিখিত বাতৰিকাকত-আলোচনীৰ আটাইকেইখনতে আমাৰ একাধিক লেখা পূৰ্বে প্ৰকাশ পাইছে আৰু আমাৰ সৈতে সম্পাদকসকলৰ জনাজনিও পুৰণি।) সেয়ে আমাৰ লিখাৰ পৰিকল্পনাটোও সিমানতে বাদ দিলো। কিন্তু এই বিষয়ত চিন্তা কৰাৰ প্ৰয়োজন আছে।
মাৰ্ক্সবাদৰ বিৰুদ্ধে যিমানবোৰ লিখা-মেলা হৈ থাকে সিবোৰৰ মাজত দাৰ্শনিক গভীৰতাসম্পন্ন ৰচনা নিশ্চয়কৈ কম : সৰহভাগ ৰচনাই গালি-গালাজ, চৰিত্ৰ হননেৰে ভৰপূৰ তৰাংবিধৰ। পুঁজিবাদৰ নগ্ন স্তৱগান সিবোৰত যিদৰে প্ৰকাশ পায়, সেইদৰে মাৰ্ক্সবাদ-ভীতিগ্ৰস্ততাৰপৰা উদ্ভূত একপ্ৰকাৰ অসহিষ্ণুতাও সিবোৰত বিদ্যমান। এসময়ত মেকাৰ্থি-বাহিনীয়ে ৰঙা স্কাৰ্ফ এখন দেখিলেও কমিউনিষ্ট বুলি খেদি গৈছিল, আজিও সেইদৰে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে ইতিহাসৰ পাঠ্যপুথিৰপৰা মাৰ্ক্স আৰু ছোভিয়েট ৰাছিয়াক বহিষ্কাৰ কৰাৰ কথা। চাৰ্লি চেপলিনৰ ‘মডাৰ্ন টাইমছ’ চলচ্চিত্ৰত এনে কমিউনিষ্ট-বিদ্বেষৰ সুন্দৰ চিত্ৰণ দেখিবলৈ পোৱা যায়। কিন্তু কথা হ’ল, মাৰ্ক্সবাদ-বিৰোধী স্থূল গালি-গালাজবিলাকৰ প্ৰতি মাৰ্ক্সবাদীসকলৰ প্ৰতিক্ৰিয়া কেনে হোৱা উচিত? অৰ্থপূৰ্ণ নীৰৱতা নে সৰৱ প্ৰতিবাদ? মাৰ্ক্সবাদীসকলৰ সন্মুখত এয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। উল্লিখিত কাকত-আলোচনীকেইখনৰ কথা যদি ধৰা যায়, তেওঁলোকৰ নীৰৱতাক এক সুচিন্তিত প্ৰতিক্ৰিয়া বুলিব পাৰি স্থূল চিন্তাক বৌদ্ধিকভাৱে এঘৰীয়া কৰাৰ উদ্দেশ্যে। এয়া নিঃসন্দেহে এক যুক্তিপূৰ্ণ পদক্ষেপ। কিন্তু অসুবিধাটো এইখিনিতে যে ইয়াৰে একাধিক কাকতত আলোচ্য গ্ৰন্থখন উন্মোচনৰ বাতৰি প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে প্ৰকাশ পাইছিল। বাতৰিটোত কিতাপখন ভাল নে বেয়া বুলি লিখিছিল সেইটো ডাঙৰ প্ৰশ্ন নহয়, কিন্তু একে সময়তে প্ৰকাশ পোৱা বহুবোৰ গ্ৰন্থৰ মাজৰপৰা মাত্ৰ সেইখনৰ বিষয়েহে যে এককভাৱে ইমান গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰা হৈছিল সেইটোহে গুৰুত্বপূৰ্ণ কথা। তেন্তে নিজেই কিতাপখনৰ বহুল প্ৰচাৰ কৰি এতিয়া সেইখন ফটুৱা কিতাপ বুলি সমালোচনা প্ৰকাশ কৰিব নোখোজাটো কেনে যুক্তি? নে এয়া মাৰ্ক্সবাদ সম্পৰ্কীয় আলোচনাৰপৰা আঁতৰত থাকিব খোজাৰ বৌদ্ধিক মুখা মাত্ৰ? তদুপৰি ইয়াৰে কোনো কোনো কাকত-আলোচনীত ময়ূৰ বৰাৰ পূৰ্বৰ কিতাপ দুখন সম্পৰ্কত বিস্তৃত আলোচনা প্ৰকাশ পাইছিল আৰু তেওঁৰ লেখা-মেলাও মাজে-সময়ে প্ৰকাশিত হয়। কিতাপখনৰ সমানেই এই প্ৰসংগটোও চিন্তনীয় বুলি আমি বোধ কৰিছো।
একে আষাৰে ক’বলৈ গ’লে, ময়ূৰ বৰাৰ কিতাপখন সস্তীয়া জনপ্ৰিয়তা বিচাৰি লিখা এখন নিকৃষ্ট কিতাপ – একপ্ৰকাৰ বৌদ্ধিক আৱৰ্জনা। সমালোচনাযোগ্য হোৱাতকৈ কিতাপখন গৰিহণাযোগ্যহে। বৰাই মাৰ্ক্সবাদক এটা অন্তঃসাৰশূন্য আৰু ফটুৱা আদৰ্শ বুলি ভাবে, আৰু আমি মাৰ্ক্সবাদত বিশ্বাসী। গতিকে তেওঁৰ সৈতে আমাৰ বৌদ্ধিক পাৰ্থক্য সম্পূৰ্ণৰূপেই অমীমাংসনীয়, আৰু সেইবাবেই তাত্ত্বিক স্তৰত তেওঁৰ সৈতে বিনিময় কৰিবলগা আমাৰ একো নাই। তথাপি তেওঁ যিদৰে মাৰ্ক্সবাদক হেঁপাহ পলুৱাই গালি পাৰিছে, আমিও সেইদৰে তেওঁৰ চিন্তাৰ বিষয়ে কিছু কথা মুকলিকৈ ক’ব পাৰো। কিতাপখন পঢ়ি আমাৰ মনত পৰিছে ইস্কনৰ প্ৰতিষ্ঠাপক শ্ৰীল প্ৰভুপাদৰ দুখনমান কিতাপৰ কথা। কিছু বছৰ আগেয়ে তেওঁৰ কিতাপ (নামবোৰ মনত নাই) আমি বৰ উৎসাহেৰে পঢ়িছিলো, প্ৰায়ে বন্ধুবৰ্গৰ সৈতে সমজুৱাকৈ। কাৰণ হ’ল – হাস্যৰস। কথোপকথন ৰূপত লিখিত উক্ত কিতাপকেইখনত কিবা ইঞ্জিনিয়াৰ বোলা এজনে প্ৰভুপাদক প্ৰশ্ন সুধি যাব আৰু তেওঁ কিছুমান সাংঘাতিক উত্তৰ পটাপট দি যাব। ধৰক, ডাৰউইনে কৈছিল যে বান্দৰৰপৰা মানুহৰ সৃষ্টি হৈছে, আপোনাৰ মতামত কি? উত্তৰ : ডাৰউইন এটা মূৰ্খ, সি নিজে বান্দৰৰপৰা জন্ম হ’ব পাৰে, কিন্তু আমি হোৱা নাই। যদি বান্দৰৰপৰা মানুহৰ সৃষ্টি হৈছে, তেন্তে চিৰিয়াখানাত থকা বান্দৰবোৰ মানুহ হৈ নপৰে কিয়? প্ৰশ্ন : মাৰ্ক্সবাদ সম্পৰ্কে আপোনাৰ ধাৰণা কি? উত্তৰ : মাৰ্ক্সে কি কমিউনিজম প্ৰচাৰ কৰিছিল হে? তেওঁলোকৰ কমিউনিজম আধৰুৱা, কাৰণ তাত আধ্যাত্মিকতাই নাই। আমিহে আচল কমিউনিষ্ট!! গতিকে নপঢ়ি পাৰিনে? ময়ূৰ বৰাৰ কিতাপখনো হাস্যৰসৰ কাৰণে পঢ়িবলৈ ভাল হ’ব, কিন্তু ছিৰিয়াছ কিবা বিচাৰি সেইখন নপঢ়াই ভাল। মাৰ্ক্স হ’ল এজন ধুৰন্ধৰ, পাপিষ্ঠ আৰু অকৰ্মণ্য ব্যক্তি। আনকি তেওঁৰ সৰু সৰু চকুহালৰপৰাও হিংস্ৰতা প্ৰকাশ পাই থাকে! মাৰ্ক্সে এংগেলছক নিৰ্মমভাৱে অৰ্থনৈতিক শোষণ কৰিছিল, আৰু বেচেৰা অজলা এংগেলছেও একো নুবুজি মাৰ্ক্সবাদৰ বিকাশ আৰু প্ৰচাৰতে জীৱনটো সমৰ্পণ কৰিলে! মহাজনৰপৰা টকা ধাৰে লৈ ধোৱাখুলীয়া মাৰ্ক্সে জধে-মধে খৰচ কৰি পেলায় আৰু সময়ত সুদে-মূলে ওভতাই দিব নোৱাৰি মহাজনৰপৰা গালি-শপনি শুনিবলগীয়া হয়। ইয়াৰ ফলস্বৰূপে মাৰ্ক্সৰ মনত মূলধন বা কেপিটেলৰ প্ৰতি এক নেতিবাচক ধাৰণাৰ সৃষ্টি হ’ল, আৰু তাকে লৈ তেওঁ বাপ্পেকে ‘কেপিটেল’ নামৰ এখন ডাঙৰ গ্ৰন্থকে লিখি পেলালে !! সেইকাৰণে ‘কেপিটেল’ৰ ৰচনা আৰু অধ্যায়বোৰ পঢ়িলে ‘কৃত্ৰিমভাৱে জোৰা-টাপলি মৰা’ যেন অনুভৱ হয়। বেয়া হাতৰ আখৰৰ বাবে কেৰাণী চাকৰি পায়ো হেৰুওৱা ‘নিবনুৱা’ মাৰ্ক্সৰ জীৱনত দুৰ্দশাৰ অন্ত নাছিল। তেনে মানুহৰ চিন্তা মূল্যৱান হ’ব কেনেকৈ? ‘ব্যক্তিত্ব’ৰ ‘বিকাশ’ সাধন কৰি তেওঁ কিবা ‘ডাঙৰ’ অফিচাৰ হ’ব পৰা হ’লে হয়তো তেওঁৰ চিন্তাৰ কদৰো সেইমতে বৃদ্ধি পালেহেঁতেন। ধ্বংসাত্মক চিন্তাৰ প্ৰতি দুৰ্বলতা থকা মাৰ্ক্সৰ কবিতা আৰু গদ্যত ‘এক মহাপ্ৰালয়িক চেতনাবোধ’ পৰিলক্ষিত হয়। “এজন নিৰাশাবাদী কবিৰ দৰে তেওঁ সদায় ভাবিছিল যে সমাজ বা পৃথিৱীখনৰ ধ্বংসৰ মুহূৰ্ত প্ৰায় উপস্থিত।” সেইবাবেই তেওঁ সৰ্বহাৰাই এদিন পুঁজিপতি শ্ৰেণীটোক ওফৰাই দিব বুলি ভৱিষ্যদ্বাণী কৰিছিল। আৰু পুঁজিপতি শ্ৰেণীটোক ওফৰাই দিয়া মানেইতো পৃথিৱীখনৰে মৰণ!! (গতিকে আই বসুমতীক উদ্ধাৰ কৰিবলৈ পুঁজিবাদত শৰণ লওঁ আহক।) লেনিন, ষ্টেলিন, মাও –এইসকলতো আৰু পূৰাপূৰি নৰপিশাচ। ব্যক্তিসত্তাৰ স্বীকৃতিৰ দিশৰপৰা ছোভিয়েট ৰাছিয়াতকৈ নাজি জাৰ্মানিও বহুত ভাল। অৱশ্যে নাজি জাৰ্মানিক ভাল বোলা মানুহে মাৰ্ক্সবাদক ভাল বুলিবনো কেনেকৈ? মাৰ্ক্সৰ গ্ৰন্থসমূহ শ্লোগানধৰ্মী স্ববিৰোধপূৰ্ণ বাগাড়ম্বৰেৰে ভৰি আছে। যিকেইটা অকণমান ভাল জাতৰ শ্লোগান আছে সেইকেইটাও অ’ৰ-ত’ৰপৰা চুৰি কৰা। তদুপৰি তেওঁৰ ভাষাটোও বৰ বেয়া : অনৰ্থকভাৱে দীঘল, নীৰস আৰু আমনিদায়ক। সেইবোৰৰ মাজে মাজে কিছুমান শুনিবলৈ ভাল লগা বাক্য আছে – সেই বাক্যকেইটাকে পঢ়ি তৰলমতি মাৰ্ক্সবাদীবিলাকে হুলস্থূল লগাই থাকে। উদাহৰণ দি শেষ কৰিব নোৱাৰি, গোটেই কিতাপখনেই আচলতে এনেধৰণৰ হাস্যৰসেৰে চপচপীয়া হৈ আছে।
লেখকৰ পল্লৱগ্ৰাহিতা তথা তৰাং চিন্তাৰ প্ৰমাণ কিতাপখনৰ পাতে পাতে সিঁচৰতি হৈ আছে। দুই-এটা উদাহৰণ দিব পাৰি। ‘প্ৰাক্ মাৰ্ক্সীয় সাম্যবাদৰ ইতিহাস’ত প্লেটো আৰু এৰিষ্টটলৰ কথাহে সবিস্তাৰে লিখিছে, শিৰোনামৰ বিষয়টো প্ৰকৃতাৰ্থত আলোচিতই হোৱা নাই। হেগেল, প্ৰুধঁ, ফুৰিয়েৰ আদিৰ নামোল্লেখ কৰিছে যদিও কিতাপখনৰ ক’তোৱেই তেওঁলোকৰ আলোচনা চকুত নপৰিল। জোঁৱায়েক পল লাফাৰ্গক অপমানসূচকভাৱে ‘নেগ্ৰিলো’ বা ‘গৰিলা’ বুলি মাতি মাৰ্ক্সে বিদ্ৰূপ কৰাৰ কথা যিদৰে লিখিছে, সেইদৰে ট্ৰটস্কিক ষ্টেলিনে অন্যায়ভাৱে নিৰ্বাসন দিয়া তথা হত্যা কৰোৱাৰ কথাও লিখিছে। কিন্তু ক’তোৱে এই ভুক্তভোগী দুজনৰ চিন্তাধাৰাৰ কথা উল্লেখ নাই। বাৰ্ট্ৰাণ্ড ৰাছেলৰ সাম্যবাদবিৰোধিতাক এটা অধ্যায়ত গুৰুত্বসহকাৰে আলোচনা কৰা হৈছে। কিন্তু আইনষ্টাইনকনো কিয় বাদ দিয়া হ’ল? ৰাছেলৰ ‘Why I am not a Communist’ যদি গুৰুত্বপূৰ্ণ হয়, আইনষ্টাইনৰ ‘Why Socialism’ নামৰ বিখ্যাত ৰচনাখন কিয় বিবেচনীয় নহ’ব? আচল কথা হ’ল,‘নাও বুৰিলেও টিঙৰপৰা ননমা’ মাৰ্ক্সবাদী পণ্ডিতসকলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিবলৈ গভীৰ অধ্যয়নৰ কোনো প্ৰয়োজন নাই। ‘মানৱ জীৱনৰ প্ৰগতি, সাম্যবাদ আৰু স্বাৰ্থপৰতা’ বোলা অধ্যায় এটাত লিখা হৈছে যে স্বাৰ্থপৰতাই হ’ল মানৱ জীৱনৰ আচল বস্তু। সমাজৰ বা দেশৰ হকে কাম কৰিব খোজাটো একপ্ৰকাৰ ফোঁপোলা স্বপ্নবিলাস, গতিকে এনেবোৰ কামত নিষ্ঠাহীনতা আৰু যান্ত্ৰিকতাৰ প্ৰভাৱ পৰিবই। গতিকে পৰহিতৈষী সকলোধৰণৰ চিন্তাক মষিমূৰ কৰি আমি সকলোৱে স্বাৰ্থচিন্তাত আত্মনিয়োগ কৰিলেই সমাজৰ মংগল হ’ব!! মন্তব্য নিষ্প্ৰয়োজন। কিন্তু আশ্চৰ্যজনকভাৱে ‘ভাৰত সন্দৰ্ভত মাৰ্ক্সৰ ধাৰণা’ অধ্যায়ত তেওঁ মাৰ্ক্সৰ ভাৰত-সম্পৰ্কীয় চিন্তা-চৰ্চাৰ প্ৰায়খিনিকেই শুদ্ধ বুলি স্বীকৃতি দিছে, আনকি সেইবোৰত মাৰ্ক্সৰ চিন্তাৰ এটা ইতিবাচক দিশ প্ৰকাশ পাইছে বুলিও উল্লেখ কৰিছে। মাৰ্ক্সৰ দৰে ইমান ধুৰন্ধৰ আৰু ‘তত্ত্বৰ কাৰাগাৰত বন্দী’ মূৰ্খ পণ্ডিতে ভাৰত সম্পৰ্কীয় চিন্তাতনো কেনেকৈ বস্তুনিষ্ঠতাৰ পৰিচয় দিব পাৰিলে সেয়াহে পৰম বিস্ময়ৰ কথা! আনহাতে, বৰাই একাধিকবাৰ উল্লেখ কৰিছে যে তেওঁ হেনো মাৰ্ক্সবাদী ইতিহাসবিদসকলৰ সৈতে প্ৰায়ে একাত্মবোধ কৰে আৰু সেইসকলৰ ইতিহাস ব্যাখ্যা বোলে আনতকৈ ‘বেছি বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য’: মাৰ্ক্সবাদ হ’ল কাম নাইকিয়া ফটকা আৰু মাৰ্ক্সবাদী ইতিহাস-চৰ্চা হ’ল এটম বোমা!! নিজৰ এই দ্বৈত স্থিতিক বোলে তেওঁ আগতে ভুলকৈ নিজৰ চিন্তাৰ স্ববিৰোধ বুলি ভাবিছিল, কিন্তু এতিয়া পৰম জ্ঞান লাভ কৰাত বুজিব পাৰিলে যে সেয়া তেওঁৰ স্ববিৰোধতো নহয়েই, বৰং গভীৰ অন্তৰ্দৃষ্টিহে। মাৰ্ক্সবাদী ইতিহাসবিদসকলক তেওঁ আন একো বুলি অভিহিত নকৰি চিধা ‘মাৰ্ক্সবাদী’ ইতিহাসবিদ বুলিয়েই অভিহিত কৰিছে। তাৰ মানে তেওঁলোকৰ মাজৰ যোগসূত্ৰটো হ’ল মাৰ্ক্সবাদ, আৰু তেওঁলোকৰ ইতিহাসবিদ হিচাপে যি বস্তুনিষ্ঠতা তাৰ সৈতে নিশ্চিতভাৱে মাৰ্ক্সবাদৰ অংগাংগী সম্পৰ্ক আছে। ইতিহাস-চৰ্চা তথা বিদ্যায়তনিক ক্ষেত্ৰখনলৈ মাৰ্ক্সবাদী বিশ্ববীক্ষাই কেনেধৰণৰ পৰিবৰ্তন কঢ়িয়াই আনিছিল সেই বিষয়ে ভূপেন হাজৰিকাই অতি সুন্দৰভাৱে তেওঁৰ এটা গীতত প্ৰকাশ কৰিছে এনেদৰে :
“অতীতৰ বুৰঞ্জী লিখকে লিখিছিল/ৰজা-মহাৰজাৰ কথা
আজিৰ বুৰঞ্জী লিখকে লিখিছে/মানুহৰ মুকুতিৰ কথা”।
কিন্তু লেখক বৰাৰ ব্যাকৰণখন বেলেগ। (হয়তো এয়া ‘নিপাতনে সিদ্ধ’!) আচলতে তেওঁৰ ইতিহাস-সম্পৰ্কীয় প্ৰাথমিক ধাৰণাৰাজিয়েই ভ্ৰান্ত। তথ্যই ইতিহাস নহয় – ব্যাখ্যাৰে সাঙুৰি লোৱা নিৰ্বাচিত তথ্যহে ইতিহাস। তথ্যৰ এই নিৰ্বাচনেই হ’ল ইতিহাসৰ মূল কথা আৰু কি ধৰণৰ তথ্যৰ নিৰ্বাচন কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰে সংশ্লিষ্ট ইতিহাসবিদজনে প্ৰতিনিধিত্ব কৰা সামাজিক আদৰ্শই। (ই এইচ কাৰৰ ‘What is History’ গ্ৰন্থখন পঠনীয়, ‘ইতিহাস কাক কয়’ নামে অসমীয়ালৈও অনূদিত হৈছে।) গতিকে ইতিহাস অধ্যয়ন কৰাৰ আগতে ইতিহাসবিদজনক অধ্যয়ন কৰিব লাগে, কিন্তু তেওঁৰ ধ্যান-ধাৰণাও গঢ় দিয়ে সমকালীন সমাজখনেহে। পুঁজিবাদী শক্তিবিলাকে তাহানিখনৰেপৰা মাৰ্ক্সবাদৰ অপপ্ৰচাৰ চলাই আহিছে। জীৱন-জীৱিকাৰ পিনৰপৰা কৰ্প’ৰেট জগতৰ লগত যাৰ স্বাৰ্থ সাঙোৰ খাই আছে আৰু যি বিশ্বায়নৰ হাৱা খাই মচগুল হৈ আছে সেইসকলে মাৰ্ক্সবাদক সমালোচনা নকৰি কি কৰিব? ফ্ৰান্সিছ ফুকুয়ামা পঢ়ি ময়ূৰ বৰা ধন্য হৈছে, হ’বই। কিন্তু তেওঁ জোছেফ ষ্টিগলিটজ নপঢ়ে, কাৰণ ষ্টিগলিটজে বিশ্বায়নৰ নিয়ন্ত্ৰণকক্ষতে থাকিও বিশ্বায়নৰ কুফলসমূহৰ নিৰ্মম সমালোচনা আগ বঢ়াইছে। বাকীবোৰ দেশৰ কথা বাৰু বাদ দিছো, কমিউনিজম-পৰৱৰ্তী ৰাছিয়া সম্পৰ্কে প্ৰসংগতে উল্লেখ কৰো :
“Globalization and the introduction of a market economy has not produced the promised results in Russia and most of the other economies making the transition from communism to the market. These countries were told by the West that the new economic system would bring them unprecedented prosperity. Instead, it brought unprecedented poverty: in many respects, for most of the people, the market economy proved even worse than their Communist leaders had predicted.” (‘Globalization and Its Discontents’, p. 6)
কমিউনিষ্ট শাসনৰ দুৰ্বলতা তথা ভুলসমূহৰ বিশদ আলোচনা মাৰ্ক্সীয় পৰিসৰৰ ভিতৰতে বিশাল পৰিমাণে হৈছে, সেই সম্পৰ্কে বহলাই কোৱাৰ ইয়াত সকাম নাই। কিন্তু কমিউনিষ্ট শাসনে লোৱা সংহাৰী ৰূপৰ বিষয়ে লেখক বৰাই কৰা আলোচনাৰ প্ৰকৃত উদ্দেশ্য হৈছে পুঁজিবাদ তথা বিশ্বায়নৰ আদৰ্শক ন্যায্যতা প্ৰদান কৰা। ফুকুয়ামাৰো উদ্দেশ্য সেইটোৱেই। আনহাতে, কেৱল মাৰ্ক্সবাদেই মতাদৰ্শ নহয় : জাতীয়তাবাদ, সাম্প্ৰদায়িকতা, মৌলবাদ, নৃগোষ্ঠীবাদ – এই সকলোৰেই একোটাহঁত মতাদৰ্শ। এই সকলোতকৈ ডাঙৰ আৰু বৰ্তমান দপদপাই থকা মতাদৰ্শ হ’ল পুঁজিবাদ যাৰ কণ্ঠস্বৰ হিচাপে বৰাই কিতাপখন লিখিছে। স্বাভাৱিকতেই তেওঁ আমেৰিকা তথা অন্যান্য পুঁজিবাদী দেশৰ মুক্ত প্ৰশংসা কিতাপখনৰ বিভিন্ন ঠাইত কৰিছে। যদি মানুহৰ মৰা-কটা, দুৰ্দশা-যন্ত্ৰণাৰ বাবে মতাদৰ্শক জবাবদিহি কৰিব লাগে, তেন্তে মাৰ্ক্সবাদৰ লগতে আন মতাদৰ্শবিলাককো জবাবদিহি কৰিব লাগিব, কিন্তু নিঃসন্দেহে আটাইতকৈ বেছিকৈ কৰিব লাগিব পুঁজিবাদক। কিন্তু বৰাই পুঁজিবাদৰ মাজত সমালোচনা কৰিবলগা কোনো দোষ দেখা পোৱা নাই।
অসমৰ সমাজ তথা ৰাজনীতিত মাৰ্ক্সবাদক আটাইতকৈ শক্তিশালী মতাদৰ্শ হিচাপে মুঠেই ক’ব নোৱাৰি। কিন্তু বৰাই লিখিছে : “অসমতো তথাকথিত বামপন্থী লোকৰ অভাৱ নাই। নিজৰ স্বাৰ্থৰ বাবে কমিউনিজমৰ পোছাকযোৰ পিন্ধি ল’লে বহু কথা সহজ হৈ পৰে বুলি হয়তো তেওঁলোকে ভাবে। সাধাৰণ জনসাধাৰণৰ অভিভাৱক হ’বলৈ গভীৰভাৱে উদ্বিগ্ন হৈ থকা এইসকল লোকে সুবিধা পালেই কমিউনিজমৰ জয়গান গায়।” অসমত কমিউনিজমৰ পোছাক পিন্ধিলে কথাবোৰ সহজ হৈ পৰে নে জটিল হৈ পৰে? ‘অসমত মাৰ্ক্সবাদ : মুখা নে জখলা নে জীৱন দৰ্শন?’ বুলি অধ্যায় এটাই আছে। অসমত মাৰ্ক্সবাদৰ জখলাত উঠি কোনেনো কেনেকৈ ক’ত উপনীত হ’লগৈ জানিবলৈ বৰ মন যায়। আগ্ৰাসী জাতীয়তাবাদৰ প্ৰতাপত অসমত কমিউনিষ্টৰ প্ৰাণৰে ভয় – অসম আন্দোলনৰ সময়ত উগ্ৰজাতীয়তাবাদীয়ে কিদৰে কমিউনিষ্টৰ হত্যাযজ্ঞ পাতিছিল সেয়া কাৰো অজানা নহয়। অসমত মাৰ্ক্সবাদ সম্পৰ্কীয় অধ্যায়টো হাস্যৰসৰ দিশৰপৰা উৎকৃষ্ট হ’লেও ইয়াত লেখকৰ অসমৰ ৰাজনীতি সম্পৰ্কে কোনো বস্তুনিষ্ঠ ধাৰণা নথকাৰ প্ৰমাণ জলজল-পটপটকৈ প্ৰকাশ পাইছে। অসমত দুবিধ মাৰ্ক্সবাদী পোৱা যায় – এবিধ প্ৰকৃত আৰু আনবিধ ভণ্ড। প্ৰকৃত মাৰ্ক্সবাদীৰ তালিকা এখনো তেওঁ দিছে। কিন্তু শিৰোনামত কোৱাৰ নিচিনাকৈ ভণ্ড মাৰ্ক্সবাদীসকলৰ ভণ্ডামি, ভুল বা দুৰ্বলতাৰ কোনো তাত্ত্বিক আলোচনাই তেওঁ দাঙি ধৰিব নোৱাৰিলে।
জৰ্জ বাৰ্নাৰ্জ শ্ব-ই কৈছিল : “সাংবাদিকে সভ্যতাৰ পতন আৰু চাইকেল এক্সিডেণ্টৰ মাজত কোনো পাৰ্থক্য দেখা নাপায়।” প্ৰমাণ পোৱা গ’ল যে চিন্তাবিদ ময়ূৰ বৰায়ো সেই পাৰ্থক্য বুজি নাপায়। নহ’লে তেওঁ ইমান নিকৃষ্ট কিতাপ এখন লিখিবলৈ ধৃষ্টতা নেদেখুৱালেহেঁতেন।
(সমাপ্তি : ২৫-০১-২০১৪, পিছনিশা ১২:৩৪ বজা)
পি ডি এফ ৰূপত ‘পল্লৱগ্ৰাহীৰ দিবাস্বপ্ন’
প্ৰাসংগিক দুটা লেখাৰ লিংক দিলো : এটা ময়ূৰ চেতিয়াৰ (নিজা ব্লগত), আনটো কুমুদ বৰুৱাৰ (দৈনিক জনমভূমি, ২৪-০১-১৪)।
(১) http://bauponthibotora.blogspot.in/2014/01/mayur-bora.html#more
(২) http://www.dainikjanambhumi.co.in/current/index.php?q=4
LikeLike
কোনো এটা আদৰ্শৰ অনুগামী হ’লেহে লেখক এজনৰ ৰচনাৰাজি মূল্যৱান হ’ব বুলি ভবাটো আচলতে এটা ভ্ৰান্ত ধাৰণা। আমাৰ নিজৰ সংগৃহীত আৰু পঠিত গ্ৰন্থৰাজিৰ মাজত মাৰ্ক্সবাদী আৰু সোঁপন্থী উভয়বিধ লেখকৰে গ্ৰন্থ (মূলতঃ ইংৰাজী গ্ৰন্থৰ কথা কৈছো) বিদ্যমান : দ্বিতীয়বিধৰ গ্ৰন্থ আধাতকৈ বেছি হ’লেও কম নহ’ব। ইয়াৰ মাজত মাৰ্ক্সবাদক কঠোৰভাৱে সমালোচনা কৰা, গালি পৰা লেখকৰ গ্ৰন্থও আছে – অৱশ্যে সেইসমূহ মাৰ্ক্সবাদক পৰা গালিৰ বাবে আকৰ্ষণীয় নহয়, অন্য দিশত থকা মূল্যৱান আলোচনাৰ বাবেহে। আচলতে বিভিন্ন বিষয়ৰ ছিৰিয়াছ আলোচনাত বাঁওপন্থী আৰু সোঁপন্থী উভয়বিধৰ আলোচনায়েই পৃথকে পৃথকে অৱস্থান নকৰে, বৰং সমালোচনাৰ জৰিয়তে এটা স্তৰত ইটোৱে সিটোক সহায়হে কৰে। গতিকে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে হওক বা আন্তৰ্জাতিক প্ৰেক্ষাপটতে হওক, সোঁপন্থী তথা মাৰ্ক্সবাদ-বিৰোধী চিন্তাৰ লেখক তথা চিন্তাবিদসকলে ইতিহাস, দৰ্শন, অৰ্থনীতি, সমাজতত্ত্ব আদি বিভিন্ন বিষয়ত বহুমূলীয়া আৰু যুগমীয়া অৱদান আগ বঢ়াইছে। অসমৰ ক্ষেত্ৰতো বহুলাংশে এই কথা প্ৰযোজ্য। কিন্তু মূল প্ৰশ্নটো হ’ল, লেখাৰ গভীৰতা তথা মান।
ময়ূৰ বৰা বৰ্তমান অসমৰ উদাৰবাদী ধাৰাৰ এজন জনপ্ৰিয় তথা প্ৰভাৱশালী লেখক। তেওঁ লেখা-মেলা তথা জনপ্ৰিয় মাধ্যমত অংশগ্ৰহণৰ মাধ্যমেৰে নিৰাৱেগ তথা যুক্তিপূৰ্ণ চিন্তা-চৰ্চাৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে। তেওঁ বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত ব্ৰাহ্মণ্যবাদ সম্পৰ্কত বস্তুনিষ্ঠ আলোচনা দাঙি ধৰিছে ‘ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম’ কিতাপখনত : যদিও কিতাপখনত ব্ৰাহ্মণ্যবাদ সম্পৰ্কত কোনো মৌলিক অন্তৰ্দৃষ্টিৰ পৰিচয় পোৱা নাযায় (যিটো অৰ্থত ভিন্ন প্ৰসংগত ড০ হীৰেন গোহাঁইৰ ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ বা ড০ শিৱনাথ বৰ্মনৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ গ্ৰন্থত পোৱা যায়), তথাপি জনপ্ৰিয় স্তৰত কিতাপখন মূল্যৱান কিতাপ। ইয়াৰ কাৰণটো হ’ল অসমীয়াত এই বিষয়ত গুটীয়া কিতাপ-পত্ৰ প্ৰায় নায়েই। ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰা মানে যে ব্ৰাহ্মণৰ বিৰোধিতা কৰা নুবুজায়, সেই কথা কিতাপখন সম্পৰ্কত মতামত দাঙি ধৰা কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে (দেৱব্ৰত শৰ্মা, হীৰেন গগৈ, হোমেন বৰগোহাঞি – কিতাপখনৰ ভিতৰৰ পৃষ্ঠাত উল্লেখিত মতামত) – এই তেনেই সাধাৰণ আৰু প্ৰাথমিক কথাটো উল্লেখ কৰিবলগা হোৱাটোৰপৰাই জানিব পৰা যায়, ব্ৰাহ্মণ্যবাদ সম্পৰ্কীয় চিন্তা-চৰ্চা অসমীয়া ভাষাত তেনেই চালুকীয়া অৱস্থাত আছে। সেইবাবেই ড০ শিৱনাথ বৰ্মনে উল্লেখ কৰিছে যে ব্ৰাহ্মণ্যবাদৰ আলোচনাৰ মাজেৰে অসমীয়া সমাজৰ কেতবোৰ অনালোচিত দিশ পোহৰলৈ অনাৰ জৰিয়তে ময়ূৰ বৰাই পেণ্ডোৰাৰ পেৰাটো খুলি দিছে – তাৰপৰা ওলোৱা বৰল-মৌমাখিয়ে কাৰোবাক বিন্ধাটো অৱশ্যম্ভাৱী। কিন্তু বৰল-মৌমাখিয়ে কাক বিন্ধিব? ব্ৰাহ্মণ্যবাদৰ পোষকতা কৰাসকলক, সেই আদৰ্শ চেতন-অৱচেতনভাৱে মনত ধাৰণ কৰাসকলক। ইয়াৰ সৈতে বাঁওপন্থীৰ কি সম্পৰ্ক? এই কথাটোৰ সৈতে নহ’লেও উক্ত কিতাপখনৰ সৈতে বাঁওপন্থাৰ সম্পৰ্ক আছে। কিতাপখনত লেখকে উদাৰবাদী লেখক-ইতিহাসবিদৰ লগতে, আৰু সেইসকলতকৈ অধিক পৰিমাণে, বাঁও-গণতান্ত্ৰিক লেখক-ইতিহাসবিদৰ ৰচনাৰাজিৰপৰা ব্যাপক সমল ব্যৱহাৰ কৰিছে। কিতাপখনৰ প্ৰথমটো অধ্যায়তে লেখকে ‘মাৰ্ক্সবাদী বুৰঞ্জীবিদসকলৰ বলিষ্ঠ ভূমিকা’ৰ কথা উল্লেখ কৰিছে। ৰমিলা থাপাৰ, ৰামশৰণ শৰ্মাৰপৰা অসমৰ অমলেন্দু গুহ, হীৰেন গোহাঁই, প্ৰসেনজিৎ চৌধুৰী, দেৱব্ৰত শৰ্মা, অনিল ৰায়চৌধুৰী, শিৱনাথ বৰ্মন, হীৰেন গগৈ আদি বিভিন্নজন বাঁও-গণতান্ত্ৰিক ধাৰাৰ (শব্দটো শিথিলাৰ্থত ব্যৱহাৰ কৰিছো) লেখক-ইতিহাসবিদৰ ৰচনাৰপৰা লেখকে তথ্য তথা যুক্তি আহৰণ কৰিছে, যদিও লেখকৰ যুক্তিৰ উপস্থাপনাই ছিৰিয়াছ ইতিহাসচৰ্চাৰ মান লাভ কৰা নাই। এনেধৰণে তথ্য তথা যুক্তিৰ বিনিময়ত আপত্তিজনক একো নাই, বৰং আমি ওপৰত কৈ অহাৰ দৰে সেয়াই স্বাভাৱিক বৌদ্ধিক চৰ্চাৰ সহজ আৰু বাঞ্ছনীয় চৰিত্ৰ। কিন্তু ইয়াক লৈও প্ৰশ্ন উত্থাপন হয় ‘মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা’ কিতাপখনৰ পৰিপ্ৰেক্ষিতত। ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ?’ – এই প্ৰথমখন গ্ৰন্থতেই যিটো চাঞ্চল্যপ্ৰীতি আৰু তৰাং চিন্তাৰ নমুনা পৰিলক্ষিত হৈছিল সেইটোৱেই হয়তো অধিক নগ্ন আৰু নিকৃষ্ট ৰূপত পৰিলক্ষিত হ’ল মাৰ্ক্স-সম্পৰ্কীয় কিতাপখনত। ব্ৰাহ্মণ্যবাদ-সম্পৰ্কীয় কিতাপখনত যিখিনি অধ্যয়নৰ চাপ দেখা যায়, তাৰ বিপৰীতে এইখনত দেখা যায় লজ্জাজনকভাৱে তৰাং চিন্তা আৰু বিশুদ্ধ কুৎসা ৰটনাৰ পয়োভৰ। এই কিতাপখনত প্ৰথম পৃষ্ঠাৰপৰা শেষ পৃষ্ঠালৈকে মাৰ্ক্স, মাৰ্ক্সবাদ তথা বাঁওপন্থীসকলক অত্যন্ত নিম্নস্তৰত গালি-গালাজ কৰা হ’ল – সোঁপন্থী-উদাৰবাদী বিভিন্ন চিন্তাবিদে দাঙি ধৰা মাৰ্ক্সবাদৰ মূল্যৱান সমালোচনাসমূহৰ তিলমানো লক্ষণ তাত পৰিস্ফুট নহ’ল। আমাৰ ‘পল্লৱগ্ৰাহীৰ দিবাস্বপ্ন’ লেখাটো তাৰ প্ৰতিয়েই এক প্ৰতিক্ৰিয়া। মাৰ্ক্স, মাৰ্ক্সবাদ তথা মাৰ্ক্সবাদীৰ প্ৰতি চূড়ান্ত তৰাং চিন্তা আৰু শোচনীয় তথ্যৰে লেখকে যিদৰে ঘৃণা আৰু বিদ্বেষৰ উদ্গীৰণ ঘটাইছে, তাক আমি তীব্ৰ ব্যংগৰে প্ৰত্যাখ্যান কৰিছো। মাৰ্ক্স, মাৰ্ক্সবাদ তথা বাঁওপন্থীৰ প্ৰতি লেখকৰ এনে প্ৰচণ্ড ঘৃণা আৰু বিদ্বেষৰ কাৰণ কি? কেৱল আদৰ্শগত প্ৰভেদৰ বাবেই এনে বিদ্বেষৰ জন্ম হ’ব পাৰেনে? নে সেয়া মাৰ্ক্সবাদ আৰু বাঁওপন্থীৰ ওপৰত উদ্দেশ্যপ্ৰণোদিত আক্ৰমণ? যিসকল বাঁওপন্থী পণ্ডিত-ইতিহাসবিদৰপৰা আপুনি সমল আৰু যুক্তি আহৰণ কৰিছে আৰু যাৰ অৱদান আপুনি স্বীকাৰো কৰিছে, আকৌ সেইসকলে ধাৰণ কৰা জীৱন-দৰ্শনটোকে পাগলামি বুলি উৰাই দিছে। এইটো কেনেকুৱা কথা? লেখকৰ মতে, মাৰ্ক্সবাদো ফাল্টু, মাৰ্ক্সবাদীও ফাল্টু – কিন্তু মাৰ্ক্সবাদী ইতিহাসচৰ্চা মূল্যৱান। ময়ূৰ বৰাৰ ৰচনাৰাজিত বিয়পি থকা এইটো অতিকে ডাঙৰ স্ববিৰোধ। এই স্ববিৰোধটোক তেওঁ ন্যায্য প্ৰতিপন্ন কৰিবলৈ যিধৰণে চেষ্টা কৰিছে সেইটো খুবেই হাস্যকৰ হৈ উঠিছে। এইখিনিতে আমি মন কৰা দৰকাৰ, এই কিতাপখনৰ প্ৰতি হীৰেন গোহাঁই, শিৱনাথ বৰ্মন, দেৱব্ৰত শৰ্মা, হীৰেন গগৈ আদিসকল তথা বহলভাৱে অসমৰ বৌদ্ধিক সমাজৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল? বাঁও-গণতান্ত্ৰিক শিবিৰৰ কথা নকৱেঁই, সোঁপন্থী লিবাৰেল চিন্তাত বিশ্বাসী ছিৰিয়াছ লেখক-সাংবাদিকসকলে বাৰু কিতাপখনক মহোৎসাহে আদৰণি জনাইছিলনে? আমাৰ উক্ত লেখাটোৰ কথা উত্থাপিত হৈছে যেতিয়া এই কিতাপখনৰ বিষয়বস্তু তথা তাৰ সমালোচনা সম্পৰ্কে আলোচনা হোৱাটো জৰুৰী, কিয়নো প্ৰধানকৈ তাৰ মাজেৰে প্ৰকাশ পোৱা ময়ূৰ বৰাৰ চিন্তা তথা আদৰ্শহে আমাৰ লেখাটোত আলোচনা কৰা হৈছে।
সি যি নহওক, উদাৰবাদী চিন্তাই নব্য উদাৰবাদী অৰ্থনৈতিক-ৰাজনৈতিক নীতিৰ পৃষ্ঠপোষকতা কৰে, ব্যক্তিবাদ, যুক্তিবাদ আদি আধুনিক ধাৰণাৰ পোষকতা কৰে, সাম্প্ৰদায়িকতা, ধৰ্মান্ধতা আদি প্ৰাক-আধুনিক সামাজিক গাঁথনিৰপৰা উদ্ভূত প্ৰমূল্যসমূহৰ সমালোচনা কৰে। (সেইবাবেই মোডী ভাল, মোডীৰ উন্নয়ন ভাল, কিন্তু হিন্দুত্ববাদ বেয়া।) কিন্তু সাধাৰণতে এই ধাৰাৰ চিন্তাত সমাজৰ গাঁথনিগত বিশ্লেষণৰ সৈতে উক্ত বিষয়সমূহক সম্পৰ্কিত কৰিব বিচৰা নহয়। বৰং তেনে প্ৰচেষ্টাক ‘মতাদৰ্শ’-পৰিচালিত বুলি নস্যাৎ কৰিব বিচৰা হয়। এনে প্ৰেক্ষাপটত সকলো ‘বাদ’ৰ ঊৰ্ধ্বত অৱস্থান কৰা ‘নিৰপেক্ষ’ ধাৰণাটোৰ নিৰ্মাণ কৰা হয়। এনে ‘নিৰপেক্ষতা’ৰ ধাৰণা অনুযায়ী মাৰ্ক্সবাদহে এটা ‘বাদ’ বা মতাদৰ্শ – বাকী জাতীয়তাবাদ, সাম্প্ৰদায়িকতাবাদ, উদাৰতাবাদ, মানৱতাবাদ আদিবোৰ কোনো ‘বাদ’ নহয়। সকলো ‘বাদ’ৰ ঊৰ্ধ্বত অৱস্থান কৰা বুলি দাবী কৰা বা নিজকে ভবাসকলৰ ভিতৰত নিশ্চয়কৈ উদাৰতাবাদীয়েই বেছি। ইয়াৰ আঁৰত প্ৰকৃততে উদাৰতাবাদৰ প্ৰমূল্যসমূহক তথা ৰাজনীতিক চিৰন্তন আৰু প্ৰশ্নাতীত বুলি প্ৰতিপন্ন কৰাৰ প্ৰয়াস অন্তৰ্নিহিত হৈ থাকে। আমি নিজে বাঁও-গণতান্ত্ৰিক চিন্তাত বিশ্বাসী হিচাপে উদাৰতাবাদৰ সেই প্ৰমূল্যসমূহ তথা তাৰ ৰাজনীতি সম্পৰ্কে সমালোচনা দাঙি ধৰিবলৈ চেষ্টা কৰো। (এইবিলাক দিশ সম্পৰ্কে আমি ভালেমান লেখাত আলোচনা দাঙি ধৰিছো।) উদাৰতাবাদীসকলেও নিজাধৰণে চিন্তা-চৰ্চা আগুৱাই নিয়ক, বাঁও-গণতান্ত্ৰিক ধাৰাক সমালোচনা কৰক। কিন্তু ন্যূনতম বৌদ্ধিক মান বজাই ৰাখক। ব্যক্তিগতভাৱে ক’বলৈ গ’লে, ময়ূৰ বৰা বা আন যিকোনো লেখক-বিশেষ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয়, বিষয় অনুসৰিহে আমি চিন্তা-চৰ্চা কৰিবলৈ যত্ন কৰো। ওপৰৰ বিতৰ্কত প্ৰসংগক্ৰমে আমাৰ নাম উল্লেখ হোৱা বাবেহে ইয়াত অংশগ্ৰহণ কৰিলো। চমুকৈ ক’বলৈ গ’লে, অসম তথা ভাৰতৰ মানসম্পন্ন সোঁপন্থী উদাৰতাবাদী লেখক-পণ্ডিতসকলে অতীতৰপৰা বৌদ্ধিক জগতলৈ যিধৰণৰ মূল্যৱান বৰঙণি যোগাই আহিছে তাৰ আভাস কিন্তু আমি বৰাৰ কিতাপ বা প্ৰবন্ধ-পাতিত দেখিবলৈ পোৱা নাই। আনহাতে, বৰাৰ লেখা-মেলাৰ মাজত সাহসী আৰু নিৰাৱেগ-যুক্তিনিষ্ঠ আলোচনা বিচাৰি পালেই কেৱল নহ’ব, তাৰ মাজত অন্তৰ্নিহিত ৰাজনৈতিক আদৰ্শটোও পোহৰলৈ আহিব লাগিব। সেই ৰাজনৈতিক আদৰ্শটো কাৰ পক্ষে আৰু কাৰ বিপক্ষে, শেষ অৰ্থত সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন৷ আন্তৰ্জাতিক পুঁজি তথা নব্য উদাৰবাদী আৰ্থ-ৰাজনৈতিক নীতিৰ প্ৰশ্নহীন অন্ধ স্তাৱকসকলে উক্ত নীতিয়ে পৃথিৱী তথা ভাৰতজুৰি জনসাধাৰণৰ জীৱন-জীৱিকাৰ প্ৰতি নমাই অনা প্ৰচণ্ড আক্ৰমণক সহানুভূতিৰে বুজিব পাৰিবনে? তাৰ অবিহনে বৰ্তমান ভাৰতত আধিপত্য বিস্তাৰ কৰিবলৈ যত্ন কৰি থকা হিন্দু জাতীয়তাবাদক সঠিকভাৱে বুজিব পাৰিনে? হিন্দু জাতীয়তাবাদৰ সৈতে নব্য উদাৰবাদী নীতিৰ সম্পৰ্ক তেনেই কাকতালীয় নে, নে ভাৰতৰ বিশেষ পৰিস্থিতিত দুইটাৰ মাজত কিবা অংগাংগী সম্পৰ্ক আছে? এইবোৰ প্ৰশ্ন নোতোলাকৈ কেৱল জে এন ইউ বা আন কিবা ঘটনাত চৰকাৰৰ ভূমিকাক সমালোচনা কৰিলেই আমি পতিয়ন যাব পাৰিমনে?
– ফে’চবুকৰ ‘মুক্ত চিন্তা’ গোটত হোৱা এটা বিতৰ্কত ঘটনাক্ৰমে প্ৰৱেশ কৰিবলগা হোৱাত আমি তাত ময়ূৰ বৰাই প্ৰতিনিধিত্ব কৰা চিন্তা-চৰ্চা সম্পৰ্কীয় এই বক্তব্যটো দাঙি ধৰিছিলো। আলোচ্য প্ৰসংগ তথা বিতৰ্কৰ অন্যান্য মন্তব্যবোৰৰ প্ৰেক্ষাপটটো সন্মুখত ৰাখিলেহে এই বক্তব্যৰ সম্পূৰ্ণ মৰ্ম বুজা যাব। (১৮-০৩-২০১৬)
উক্ত বিতৰ্কৰ লিংক হ’ল :https://www.facebook.com/groups/304120299601792/permalink/1306501812696964/
LikeLike