ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পমাধ্যম। জনপ্ৰিয়তা আৰু প্ৰভাৱশালিতাই শিল্পৰ সামাজিক দায়বদ্ধতা হ্ৰাস নকৰে, বৰঞ্চ বৃদ্ধিহে কৰে। তদুপৰি অসমৰ দৰে সামাজিক পৰিবেশত জনসাধাৰণক ব্যাপকভাৱে প্ৰভাৱিত কৰা এনে শিল্পমাধ্যমৰ দায়বদ্ধতা আৰু বৃদ্ধি পায়। কিন্তু ভ্ৰাম্যমাণে স্পষ্টকৈ সেই দায়বদ্ধতাক উলাই কৰিছে। দুই-এক ব্যতিক্ৰম নিশ্চয়কৈ থাকিব পাৰে, কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে, ভ্ৰাম্যমাণ থিয়েটাৰৰ ধাৰাটো সম্প্ৰতি মনোৰঞ্জনসৰ্বস্ব হৈ বলিউডৰ ফৰ্মুলা ফিল্ম, মেজিক, চাৰ্কাছ আদিৰ এক উদ্ভট মিশ্ৰণলৈ পৰ্যবসিত হৈছে। ইয়াক একে আষাৰে ভ্ৰাম্যমাণৰ অশুভ প্ৰৱণতা বুলি ক’ব পাৰি। এইখিনিতে কোনোবাই প্ৰশ্ন তুলিব পাৰে : সামাজিক দায়বদ্ধতাত লাগি থাকিলে ভ্ৰাম্যমাণৰ পেট নমৰিবনে? আৰু ইয়াৰ বাবে মাধ্যমটোৱে নন্দনতাত্ত্বিক ক্ষতিপূৰণ ভৰিবলগা নহ’বনে? (তৰ্কৰ খাতিৰত কোনোবা কলাকৈৱল্যবাদীয়ে সুধিব পাৰে যদিও দ্বিতীয় প্ৰশ্নটো যে ভ্ৰাম্যমাণৰ ক্ষেত্ৰত বিশেষ প্ৰযোজ্য নহয়, সেয়া চিন্তাশীল লোকমাত্ৰেই সহজেই বুজি পাব।)
দায়বদ্ধতাৰ কথা আহিলে পেট বচোৱাৰ প্ৰশ্ন তোলাটো আচলতে দায়বদ্ধতাহীনতাক ন্যায্যতা প্ৰদানৰ অক্ষম প্ৰচেষ্টা, ভাল-বেয়া যিকোনো ৰুচিৰ নাট্যকৰ্ম নিৰ্বিঘ্নে চলাই যোৱাৰ বাবে পাৰপত্ৰ আদায়ৰ বুদ্ধি মাত্ৰ। পেট বচোৱাৰ নামত যদি ভ্ৰাম্যমাণে নিম্নৰুচিৰ কৰ্মকাণ্ডৰ পোহাৰ মেলে, বাস্তৱৰ অতিসৰলীকৰণেৰে অজলা দৰ্শকৰ বাবে এখন কৃত্ৰিম স্বস্তিদায়ক সপোনপুৰী নিৰ্মাণ কৰি ৰূঢ় বাস্তৱৰপৰা দৰ্শকক মানসিক পলায়নৰ সুবিধা কৰি দি সমাজচেতনা ভোটা কৰাত আগভাগ লয়, তেন্তে ভ্ৰাম্যমাণক অপৰাধী বুলি জবাবদিহি কৰিব নালাগিবনে? এই সামাজিক অপৰাধৰ সম্পূৰ্ণ দায়িত্ব ভ্ৰাম্যমাণক দিলে তেনেই ভুল হ’ব, কিন্তু এই অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত কৰি অহা আন আন জনপ্ৰিয় মাধ্যমসমূহৰ তালিকাত নিজৰ নাম লিখাই ভ্ৰাম্যমাণো ইয়াৰ অংশীদাৰ হৈ পৰা নাইনে? ভ্ৰাম্যমাণে সম্প্ৰতি আৰ্থিক চিন্তা বাৰু ঠিকেই কৰিছে। আমদানিকৃত গ্লেমাৰ আৰ্টিষ্টৰ ব্যাপক সমাহাৰ ঘটাই ব্যাপক পৰিমাণৰ ধন অতি কম সময়তে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু এই আৰ্থিক চিন্তাত গোটেই ব্যৱস্থাটোৰ সুষম উন্নয়নৰ উদ্দেশ্য নিহিত আছেনে? আমদানিকৃত হিৰ’-হিৰ’ইনে আৰু থিয়েটাৰৰ মালিকপক্ষই লাখ টকাৰ উপাৰ্জনেৰে পকেট নিশ্চয় গৰম কৰিছে, কিন্তু বছৰ বছৰজুৰি নিষ্ঠাসহকাৰে সেৱা আগ বঢ়াই অহা ভ্ৰাম্যমাণৰ নিজৰ নাট্যকৰ্মীসকলৰ (সকলো স্তৰৰ) একেধৰণে উপাৰ্জন বৃদ্ধি পাইছেনে? অভিনেতা-অভিনেত্ৰী আদিক বাদ দি ভ্ৰাম্যমাণ ব্যৱস্থাটোক চলাই ৰাখিবলৈ যিসকলে অশেষ শাৰীৰিক-মানসিক কষ্ট স্বীকাৰ কৰিবলগা হয়, লোকচক্ষুৰ আঁৰত ৰৈ যোৱা সেই সৰু-বৰ অনামী কৰ্মীসকলৰ ক্ষেত্ৰত একা?
এই প্ৰশ্নসমূহৰ প্ৰতি আন এবিধ গহীন আপত্তি উঠিব পাৰে। এচামে সমালোচনা কৰিলেও ভ্ৰাম্যমাণৰ নাটকতো ৰাইজে একেদৰে উপভোগ কৰিয়েই আছে, বৰং দৰ্শকৰ হাৰ বাঢ়িছেহে। দৰ্শকে পইচা খৰচ কৰি মনোৰঞ্জন ল’বলৈহে আহে, বৌদ্ধিক শিক্ষা ল’বলৈ নহয়, ইত্যাদি ইত্যাদি। এইবোৰ মাৰাত্মক আপত্তি। অশিক্ষিত-অল্পশিক্ষিত মানুহেৰে ভৰা অসমখনত সচেতন দৰ্শকনো আছে কেইজন? এই অভাৱৰ সুযোগ লৈ দৰ্শকক নিম্নৰুচিৰ কৰ্মকাণ্ড দেখুৱাই মোহগ্ৰস্ত কৰি ৰাখিয়েই যদি ভ্ৰাম্যমাণে আত্মতুষ্টি লভি থাকে, তেন্তে থিয়েটাৰ আৰু মদৰ বেপাৰৰ মাজত কোনো পাৰ্থক্য বিচাৰি পোৱা নাযাবগৈ।
হাজাৰজনৰ অশেষ শাৰীৰিক-মানসিক পৰিশ্ৰমেৰে জীয়াই থকা ভ্ৰাম্যমাণ থিয়েটাৰ এক বিশাল ব্যৱস্থা, এক স্বয়ংমহান কৰ্মযজ্ঞ। অলপ টকাৰ বাবে এমুঠিমান ক্ষমতাৱান ব্যক্তিয়ে ইয়াক বিভ্ৰান্ত কৰি বিপথে পৰিচালিত কৰিবৰ বাবে চলোৱা অপচেষ্টা ই প্ৰতিহত কৰিবই লাগিব।
(ৰচনাকাল : ০২-০৭-২০০৯;
পংকজ জ্যোতি ভূঞা সম্পাদিত অধুনালুপ্ত নাট্য বাৰ্তালোচনী ‘নাট্যচিন্তা’ৰ জুলাই, ২০০৯ সংখ্যা আৰু ‘জনসাধাৰণ’ কাকতৰ সাপ্তাহিক ‘ইত্যাদি’ৰ ৩০ মে’, ২০১০ সংখ্যাত প্ৰকাশিত)
ইয়াত ক্লিক কৰক : পি ডি এফ ৰূপত ‘ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমানৰ ৰূপ’
Leave a Reply