উদ্ভট কাব্য

উদ্ভট কাব্য
ডঃ বেজুৱেল জনছন

দমকলে দমকলে আমেৰিকা যায়
তাক দেখি ভগবানে হৰিনাম গায়
বৌদ্ধিক ঔটেঙা লেট্ৰিনেও ভাং খায়
ধেৎতেৰি ইতিহাস জাঁপ মাৰি ঠেং নাই
মোনা আছে পৃথিবীত ভেকুলীৰ পাংখা
চাহিদাৰ প্ৰেম নাই ডিজিটেল গুটখা
পুঁজিবাদী ফুটছাই হাতমোজা টেঙা হ’ল
পঁইতা নে ইংগিত ভাদমাহ জ্বলি গ’ল
পিছনিশা যৌৱনত জাকৈ মাৰে চহৰত
ছেমিক’লন নাচি থাকে চিটিবাছৰ কলহত
তলফালে বৰ দাম পিছফালে সপোন
ভিতৰত শুই থাকে জাপানৰ শগুণ
জুইশলা পুস্তিকা খাইছানে মিল্টন?
ভীমকলে চল পায় শুনিছানে বিশেষণ?
বৈকুণ্ঠৰ শিলগুটি ডাষ্টবিনত নাই
ডাকঘৰত হনুমানে ভায়’লিন বজায়
পূবে গ’ল আঁঠুৱা পশ্চিমত আপেল
পকামিঠৈ খাবলৈ থাকিল এয়াৰচেল
নমস্কাৰ মেলেৰিয়া মোৰ নাম জেকেট
খাই-বৈ স্বাধীনতা ঘৰে ঘৰে পকেট
জীৱন নামৰ পেৰাচুটত ভাত ৰান্ধি খালো
সাত সাগৰত জাঁপমাৰিও চাকৰি নাপলো
টকা ফালি ৰাৱণ আহে জিকিৰ-জাৰি গায়
তলা খালে চাবি পায় সৌন্দৰ্যহে নাই৷
(ৰচনাকালঃ ২০০৮)

সমাজ-চিন্তাৰ অনুশীলন

Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: