(সাক্ষাৎ গ্ৰহণঃ নৱেম্বৰ, ২০০৮)
প্ৰশ্নঃ জন্মস্থান অসমলৈ আহি আপোনাৰ অনুভব কেনে?
শ্ৰীশ্ৰী মহাৰাজঃ যিখন অসমত মই জন্ম হৈছিলো আৰু ডাঙৰ-দীঘল হৈছিলো সেই অসমখনলৈ আহি স্বাভাবিকতেই মোৰ ভালেই লাগিছে, মোৰ শৈশব-কৈশোৰৰ সোঁৱৰণিয়ে আমনি কৰিছেহি৷ কিন্তু এটা কথাত মোৰ দুখ লাগিছে যে সম্প্ৰতি উন্নতিৰ শিখৰত আৰোহণ কৰা আৰু বিশ্বজুৰি গবেষণা চলি থকা স্বপ্নফলবিজ্ঞানৰ কোনো প্ৰচাৰ-প্ৰসাৰেই অসমত ঘটা নাই, আনকি মোৰ অসমৰ মানুহে ইয়াৰ ভু-কে পোৱা নাই৷ আচল বিজ্ঞানৰ মোল নুবুজি আন দেশক দেখি নকল বিজ্ঞানৰ পিছে পিছে ঢাপলি মেলাৰ বাবেই অসম তথা ভাৰত আজিও পিছ পৰি আছে৷
প্ৰশ্নঃ আপুনি যে ক’লে আচল বিজ্ঞান আৰু নকল বিজ্ঞানৰ কথা …?
শ্ৰীশ্ৰী মহাৰাজঃ তোমালোক কম বয়সৰ ল’ৰা বাবে কথাবোৰ বিশ্বাস কৰিবলৈ টান পাবা, তথাকথিত বিজ্ঞান শিক্ষাই যিবোৰ মিছা কথা শিকাইছে তোমালোকৰ দৰে হাজাৰ হাজাৰ যুবক-যুবতীয়ে ভাটৌৰ দৰে সেইবোৰকে শিকিছা৷ আচলতে শ-শ বছৰ ধৰি ভণ্ড বিজ্ঞানৰ চৰ্চা কৰা বিজ্ঞানীসকলে এই কথা প্ৰচাৰ কৰি কৰি মানুহৰ ব্ৰেইন-ৱাছ কৰি দিছে যে তেওঁলোকৰ বিজ্ঞানহে বিজ্ঞান – স্বপ্নফলবিজ্ঞান কোনো বিজ্ঞানেই নহয়, হস্তৰেখাবিজ্ঞান, জ্যোতিষবিজ্ঞান বিজ্ঞানেই নহয়৷ আৰু দুৰ্ভাগ্যজনকভাবে তোমালোকেও তাকেই সত্য বুলি শিকিছা৷ কিন্তু নকল বিজ্ঞানে মানুহক আৰু কিমান প্ৰতাৰণা কৰিব? তাৰ মুখা ইতিমধ্যেই আমি খুলি দিছো৷
প্ৰশ্নঃ কিন্তু এতিয়াওতো স্বপ্নফলবিজ্ঞানক বিজ্ঞানে স্বীকৃতি দিয়া নাই?
শ্ৰীশ্ৰী মহাৰাজঃ সেইটোৱেই তোমালোকৰ ভুল৷ আচলতে তোমালোকৰ নহয়- এয়া ভুল শিক্ষাৰ পৰিণাম৷ আমাক কোনে স্বীকৃতি দিয়া নাই? সেই ভণ্ড বিজ্ঞানৰ স্বীকৃতি আমাক লাগিছে কিয়? নিজৰ মুখা খোল খোৱাৰ ভয়ত বস্তুবাদী বিজ্ঞানে আমাৰ বিৰুদ্ধে ভুৱা বুলি প্ৰচাৰ চলাইছে৷ বস্তুবাদী বিজ্ঞান পলায়নবাদী৷ তেওঁলোক মহাকাশলৈ গৈছে কিয়? তালৈ যোৱাৰ কি দৰকাৰ? তোমালোকে বিশ্বাস কৰিবলৈ টান পাবা, কিন্তু আচল কথা হ’ল তেওঁলোকে পলাইছে৷ মুখা খোল খোৱাৰ ভয়ত তেওঁলোকে মহাকাশলৈ পলায়ন কৰিছে৷ মানুহৰ জীৱনৰ জটিল দিশবোৰত সত্যৰ অনুসন্ধান কৰাৰ দম বস্তুবাদী বিজ্ঞানৰ আছে? নাই৷ সেইবাবেই তেওঁলোক পলাইছে। তেওঁলোকে আজিপৰ্যন্ত স্বপ্নফলৰ শুদ্ধ ব্যাখ্যা কৰিব পাৰিলে? ইমান টকা-পইচা খৰচ কৰি ৰবট বনাব পাৰে যদি নিজেই জীৱ সৃষ্টি কৰিব নোৱাৰে কিয়? ইমান বছৰ ইমান বিজ্ঞানীয়ে গবেষণা-তবেষণা কৰিও তেওঁলোকে ডি ডি টিহে ছটিয়াব পাৰে, মেলেৰিয়া বেমাৰটো বা এনোফিলিছ মহবিধকে পৃথিবীৰপৰা নাইকিয়া কৰিব নোৱাৰিলে৷ এয়াই তেওঁলোকৰ সফলতা! তেওঁলোকৰ যদি ইমান দম্ভালি, তেন্তে ছুনামি কিয় হ’বলৈ পালে? ইণ্ডোনেছিয়াৰ ভূমিকম্পটোকে কিয় বাধা দিব নোৱাৰিলে তেওঁলোকে? অসমৰ কথা কৈছো, বাৰিষাৰ সময়ত তেওঁলোকে ব্ৰহ্মপুত্ৰখন কিয় শুকুৱাই পেলাব নোৱাৰে? এৰোপ্লেনখন আবিষ্কাৰ কৰি যদি বিজ্ঞানে কৃতিত্ব জাহিৰ কৰিব পাৰে, তেন্তে আজিপৰ্যন্ত কিয় তেওঁলোকে অদৃশ্য হোৱাৰ যন্ত্ৰ এটা সাজি উলিয়াব নোৱাৰিলে? মুঠতে, তোমালোকক কৈছো, যিসকলে স্বপ্নফলবিজ্ঞানক ভুৱা বুলি কয় তেওঁলোকহে ভুৱা, তেওঁলোকৰ বিজ্ঞানহে ভুৱা আৰু এই ভুৱা বুলি প্ৰমাণিত হৈ যোৱাৰ ভয়তহে তেওঁলোকে আমাৰ বিৰুদ্ধে এইদৰে অপপ্ৰচাৰ চলাই থাকে৷
প্ৰশ্নঃ এতিয়া কওকচোন, আচল বিজ্ঞান বুলি ক’লে আমি কোনবোৰ বিজ্ঞানক বুজিম?
শ্ৰীশ্ৰী মহাৰাজঃ যিবোৰ বিজ্ঞানে জনসাধাৰণৰ প্ৰকৃত উপকাৰ কৰে৷ ধৰা, আগতে কৈ অহা সেই জ্যোতিষবিজ্ঞান, হস্তৰেখাবিজ্ঞান, আমাৰ স্বপ্নফলবিজ্ঞানতো আছেই, পদৰেখাবিজ্ঞান৷ এইবোৰ বিজ্ঞানে কেতিয়াও পৰমাণু বোমা বনাই মানুহ নামাৰে৷ এইবোৰে কেতিয়াও মেডিচিনৰ আবিষ্কাৰ কৰি মহাপাপীবিলাকক বেছিদিন জীয়াই থাকিবলৈ সুবিধা কৰি নিদিয়ে৷ এইবোৰে কেতিয়াও কনড’মৰ দৰে বস্তু আবিষ্কাৰ কৰি ব্যভিচাৰীক ব্যভিচাৰ চলাই যোৱাত সহায় নকৰে৷ এইবোৰে কেতিয়াও টিভিৰ দৰে মূৰ্খৰ বাকচ আবিষ্কাৰ কৰি মানুহক কাম-বন নকৰি ঘৰৰ ভিতৰত বহি থকাৰ সুবিধা কৰি নিদিয়ে৷ পৃথিবীত একে সময়তে কিমান মানুহ সেই মূৰ্খৰ বাকচটোৰ সমুখত বহি থাকে, সেই মানুহবোৰে যদি ওলাই আহি কাম কৰিলেহেঁতেন, তেন্তে ভাবাচোন, পৃথিবীখন কিমান আগ বাঢ়ি গ’লহেঁতেন৷ এইবোৰে কেতিয়াও গাড়ী-এৰোপ্লেন আবিষ্কাৰ কৰি ঈশ্বৰে প্ৰদান কৰা মানুহৰ ভৰি দুটাক অপমান নকৰে৷ ভাবাচোন, চিন্তা কৰিবলৈ-মনত ৰাখিবলৈ মগজুটো থাকোতে, হাত দুখন থাকোতে কম্পিউটাৰটো আবিষ্কাৰ কৰিব লাগে কিয়? এনেকৈয়ে মানুহৰ দেহৰ, মনৰ এটা এটাকৈ অংগ অকামিলা কৰি নি এদিন তথাকথিত বিজ্ঞানে মানবজাতিটো ধ্বংস কৰি পেলাব৷ সেইবাবে মানবজাতিটোক বচাবলৈ আমি প্ৰাণে-পণে যুঁজ দিছো আৰু আমাক সদায়ে ভণ্ড বিজ্ঞানে বিধি-পথালি দি আহিছে৷ আমাৰ বিজ্ঞানে মানবজাতিৰ অপকাৰ হোৱা কোনো কাম কেতিয়াও কৰাৰ সম্ভাবনা নাই – মই গেৰাণ্টি দিব পাৰো৷ এইবোৰে সদায় মানুহৰ কল্যাণৰ হকে কাম কৰি যাব৷
প্ৰশ্নঃ আপুনি যে অলপতে ক’লে পদৰেখাবিজ্ঞান বুলি, কথাটো নুবুজিলো৷
শ্ৰীশ্ৰী মহাৰাজঃ ই হৈছে অলপতে বিকশিত এটা বিজ্ঞান৷ বহু উচ্চস্তৰীয় গবেষণাই এইটো প্ৰমাণ কৰিছে যে হাতৰ ৰেখাবিলাকৰ দৰে ভৰিৰ তলুৱাৰ ৰেখাবিলাকতো মানুহৰ ভূত-ভবিষ্যত খোদিত কৰা থাকে৷ তোমালোকে ক’ব পাৰা ভৰিতনো ৰেখা কেইডাল থাকে বুলি৷ আচলতে পদৰেখাবিজ্ঞানৰ কথাবোৰ হস্তৰেখাবিজ্ঞানতকৈ বহুত উচ্চস্তৰৰ৷ হস্তৰেখাৰ দৰে খালী চকুৰেই পদৰেখা অধ্যয়ন কৰিব নোৱাৰি৷ অতি সূক্ষ্ম ৰূপতহে পদৰেখাত মানুহৰ ভূত-ভবিষ্যত খোদিত কৰা থাকে৷ অবশ্যে পদৰেখাবিজ্ঞান এতিয়াও মূলতঃ গবেষণাগাৰতে আবদ্ধ আছে, ব্যবহাৰিক ৰূপত জনসাধাৰণৰ মাজলৈ ইয়াক মুকলি কৰি দিব পৰা হোৱা নাই৷ তোমালোকে জানিবৰ বাবে আন এটা কৈ থওঁ৷ অবতাৰবিজ্ঞানো নতুনকৈ বিকশিত এটা বিজ্ঞান৷ চালুকীয়া অবস্থাতে থকা এই বিজ্ঞানক ইতিমধ্যে সবল ভিত্তি প্ৰদান কৰিলে ভাৰতৰে এজন বিজ্ঞানীয়ে আবিষ্কাৰ কৰা এটা তত্ত্বই৷ তত্ত্বটো হ’ল –‘গণেশ মূৰ্তি আৰু গাখীৰ তত্ত্ব’৷ বিজ্ঞানীজন হ’ল ব্ৰহ্মবিদ নিৰ্গুণ চৈতন্য শ্ৰীশ্ৰী সৰ্বত্ৰশ্ৰেষ্ঠ স্বামী স্বয়ম্ভূদেব৷ এই তত্ত্বটোৱে পৃথিৱীজুৰি খলকনি তুলিছে আৰু স্বামী স্বয়ম্ভূদেবৰ তত্ত্বৰ পোহৰত ইতিমধ্যে আইনষ্টাইনকে ধৰি বহুতো তথাকথিত বিজ্ঞানীৰ তত্ত্বৰ গোমৰ ফাঁক হৈ গৈছে৷
প্ৰশ্নঃ আপোনাৰ নতুন কাম-কাজৰ বিষয়ে অলপ কওকচোন৷
শ্ৰীশ্ৰী মহাৰাজঃ স্বপ্নফলবিজ্ঞানৰ কাম-কাজৰ কথানো কি ক’ম, পৃথিবীয়ে জানেই৷ আন এটা কথাহে ক’ব খুজিছো৷ শেহতীয়াকৈ মই যোগবিজ্ঞানৰ ক্ষেত্ৰতো ভালেখিনি কাম কৰিছো আৰু তোমালোকে শুনি আনন্দিত হ’বা যে মই অসমীয়া ভাষাত অসমৰ মানুহৰ বাবে যোগবিজ্ঞানৰ এখন কিতাপ লিখি আছো৷ বিজ্ঞানৰ পৰিভাষা ব্যবহাৰ নকৰাকৈ সহজ-সৰল ভাষাত লিখিছো, প্ৰকাশ পালে তোমালোকেও পঢ়িব পাৰিবা৷ নামটো হ’ল – ‘যোগবলেৰে ব্ৰহ্মপুত্ৰৰ বানপানী প্ৰতিৰোধ কৰাৰ উপায়’৷
প্ৰশ্নঃ নতুন প্ৰজন্মৰ প্ৰতি আপোনাৰ উপদেশ?
শ্ৰীশ্ৰী মহাৰাজঃ তোমালোকেই দেশৰ ধৰণী৷ আমিতো বাটটোহে মোকলাই দিছো, আচল বিজ্ঞানক আগ বঢ়াই নিয়াৰ দায়িত্ব তোমালোকৰ ওপৰতেই৷ তোমালোক যিহেতু অধ্যয়নৰত, গতিকে তোমালোকৰ কাম-কাজো প্ৰথমে পাঠ্যক্ৰমৰ ক্ষেত্ৰতেই আৰম্ভ হ’ব লাগিব৷ ৰসায়নবিজ্ঞান, জীববিজ্ঞান, পদাৰ্থবিজ্ঞানৰ দৰে আবৰ্জনা-বিজ্ঞানবোৰ পাঠ্যক্ৰমৰপৰা বহিষ্কাৰ কৰিব কোনে? তোমালোকেই৷ তেতিয়াহে আচল বিজ্ঞানক প্ৰতিষ্ঠিত কৰিব পাৰিবা৷ তোমালোকেই এইদৰে আমাৰ আচল বিজ্ঞানসমূহক গোটেই সমাজত জনসাধাৰণৰ মাজত বিয়পাই দিব লাগিব৷ এই মহান কাৰ্যৰ বাবে মই নতুন প্ৰজন্মৰ সকলোকে আ হ্বান জনাইছো৷
স্বপ্নফল
বিশ্ববিখ্যাত স্বপ্নফলবিজ্ঞানী
মহাবিশাৰদ ব্ৰহ্মাণ্ডৰত্ন শ্ৰীশ্ৰীস্বপ্ন মহাৰাজ অদ্বিতীয়
দুৰ্গাদেবীয়ে বাইক চলোৱা দেখিলে – সোনকালে বিবাহ হ’ব৷
ছৌডি আৰবৰ প্ৰধানমন্ত্ৰীৰূপে নিজকে দেখিলে -সোণৰ গহনা হেৰাব৷
একো নেদেখিলে – সোনকালেই এক্সিডেণ্টত মৃত্যু৷
ব্ৰহ্মপুত্ৰখন জাঁপ মাৰি পাৰ হোৱা দেখিলে -কন্যা সন্তান জন্ম৷
হাতঘড়ী ভৰিত পিন্ধা দেখিলে – আত্মীয়ৰদ্বাৰা ক্ষতি৷
বেঙুনীয়া মাইকী ছাগলী দেখিলে – মেট্ৰিকত ষ্টেণ্ড কৰিব৷
গগনা বজোৱা দেখিলে – ভাল চাকৰি পাব৷
ক’লা মেকুৰীক উকিল হোৱা দেখিলে -শত্ৰু নাশ হ’ব৷
মতা ঘোঁৰাই ৰবীন্দ্ৰ সংগীত গোৱা দেখিলে -দৈহিক শক্তি বৃদ্ধি পাব৷
ঢোৰাসাপে বৰশী বোৱা দেখিলে -ৰজা হোৱাৰ লক্ষণ৷
নিজকে সৰগৰ অপেস্বৰীৰূপে দেখিলে-ভ্ৰমণৰ যোগ৷
ভিচিডি ফিল্মত গুণ্ডাৰ অভিনয় কৰা দেখিলে-চাইকেল এক্সিডেণ্টত নাক ভাগিব৷
বাঘৰ ছাল পিন্ধা দেখিলে -ঘৰত ৰোগ-ব্যাধি হ’ব৷
বটালিৰে দাড়ি কটা দেখিলে -সৎ পৰামৰ্শ লাভ৷
টিউব লাইট ফিউজ হোৱা দেখিলে -প্ৰেমত বিচ্ছেদ৷
নিজৰ প্ৰেমিকাক সম্ৰাট ছাহজাহানে বিয়া কৰা দেখিলে -শত্ৰুৰ ষড়যন্ত্ৰত পৰিব৷
নিজকে বাইকৰ ছাইলেন্সাৰৰ ৰূপত দেখিলে – অসুস্থ হৈ পৰিব৷
ঔটেঙা গছত পইচা লগা দেখিলে -আয়ুস বৃদ্ধি হ’ব৷
ভগবান বিষ্ণুৰ গদাটো নিজৰ শাকনিবাৰীত হেৰাই পোৱা দেখিলে – সুদৰ্শন স্বামী লাভ৷
আমেৰিকাত পেচাব কৰা দেখিলে – মনোবাসনা পূৰণ হ’ব৷
বান্দৰে ভাষণ দিয়া দেখিলে -স্ত্ৰীয়ে গৰ্ভধাৰণ কৰিব৷
নিজৰ এখন কাণ নাইকিয়া হৈ যোৱা দেখিলে -তীৰ্থ ভ্ৰমণৰ যোগ৷
সূৰ্যলৈ ফুৰিবলৈ যোৱা দেখিলে-কাজিয়া হ’ব৷
তামোল গছত ওলকবি লগা দেখিলে – হাত বা ভৰিত অস্ত্ৰাঘাত হ’ব৷
হাৰ্পিক ব্যবহাৰ কৰি দাঁত চফা কৰা দেখিলে -জুইৰদ্বাৰা ক্ষতিৰ সম্ভাবনা৷
তিনি মাছে চছমা পিন্ধা দেখিলে – দুৰ্নাম হ’ব৷
কুকুৰৰ স্তনপান কৰা দেখিলে -ধৰ্মপথত উন্নতি৷
আইনাত নিজৰ প্ৰতিবিম্ব দেখা নাপালে – আত্মীয়-স্বজন অসন্তুষ্ট হ’ব৷
নিজৰ সোঁহাতখন বাঁওহাতৰূপে আৰু বাঁওহাতখন সোঁহাতৰূপে দেখিলে -বিপদমুক্ত হ’ব৷
এটা ভৰি দীঘল হৈ যোৱা দেখিলে -পুত্ৰসন্তান জন্ম৷
পাতিহাঁহে বাতৰিকাকত পঢ়া দেখিলে -প্ৰেমত পৰিব৷
আঙুৰ খাই থাকোতে গধূলি হোৱা দেখিলে – নৰহত্যাৰ দায়ত পৰিব৷
ৰাতিপুৱাৰ পাছত মাজনিশা হোৱা দেখিলে -প্ৰস্তাবিত ভ্ৰমণ বাতিল হ’ব৷
আলুগুটিয়ে টুপি পিন্ধা দেখিলে -জনপ্ৰিয়তা বৃদ্ধি৷
নিজকে অল কায়দাৰ সদস্যৰূপে দেখিলে -সাৰ পাই উঠি দেখিব যে পুলিচে আপোনাক গ্ৰেপ্তাৰ কৰিছে৷
লোকসভাৰ অধ্যক্ষ হোৱা দেখিলে – মানসিক বিকৃতি অবশ্যম্ভাবী৷
কোন ব্যক্তিক দেখিলে কি হ’বঃ
বাৰাক অ’বামাই গৰৈমাছেৰে ভাত খোৱা দেখিলে -পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ৷
চাৰ্লি চেপলিনে পঁইতা ভাত খাই থকা দেখিলে -ধন-ধান বৃদ্ধি৷
ছানিয়া মিৰ্জাই টাংগুটি খেলি থকা দেখিলে -বিবাহ বিচ্ছেদ৷
কাৰ্ল মাৰ্ক্সক নতুন ডিজাইনৰ ম’বাইল ফোনৰ বিজ্ঞাপনত অভিনয় কৰা দেখিলে -আকস্মিক দুৰ্যোগ৷
বিন লাডেনক নামঘৰত গীতা পাঠ কৰা দেখিলে -বন্ধুৰ সাহায্য লাভ৷
ছেক্সপিয়েৰক হৰিনাম লৈ থকা দেখিলে -বিদেশত সন্মান লাভ৷
লিঅ’নাৰ্ড’ডা ভিন্সিৰ সৈতে তাচ খেলা দেখিলে -মৃত্যুৰ লক্ষণ৷
টি এছ এলিয়টে ম’হৰ শিঙৰ পেঁপা বজোৱা দেখিলে -এইড্ছ হ’ব৷
প্ৰিয়ংকা চোপ্ৰাৰ সৈতে শুই থকা দেখিলে -পত্নীৰপৰা বিচ্ছেদ৷
মনমোহন সিঙে আপোনাৰ ঘৰত ভাং খাই নৃত্য কৰা দেখিলে -প্ৰচুৰ অৰ্থ লাভ৷
Leave a Reply