শেহতীয়াভাৱে অসমীয়া ভাষাত প্ৰকাশিত যিসমূহ কিতাপে পাঠকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে তাৰ পৰ্যালোচনা কৰিলে এটা কথা নিঃসন্দেহে ক’ব পাৰি যে সেইসমূহৰ বেছিখিনিয়েই মূলতঃ সাংবাদিকতাধৰ্মী আৰু চাঞ্চল্যমুখী কিতাপ। ইয়াৰে বহুখিনি হ’ল “মুখা খুলি দিয়া” কিতাপ। যিমান ডাঙৰ মানুহৰ (বা অনুষ্ঠানৰ) মুখা খুলি দিব পাৰি সিমানে কিতাপখন চলিব। দীৰ্ঘ দিন ধৰি বিনাপ্ৰশ্নে পূজিত হৈ অহা মহিমামণ্ডিত সত্তা বা ধাৰণা এটাৰ ভিতৰত অৱদমিত হৈ থকা স্ববিৰোধ বা সীমাবদ্ধতাসমূহ উন্মোচিত কৰি উক্ত সত্তা বা ধাৰণাৰ বিনিৰ্মাণ কৰাটো সময়ত ঐতিহাসিক প্ৰয়োজনস্বৰূপে দেখা দিব পাৰে। ইয়াৰ লগত বহল সামাজিক আন্দোলন তথা সমাজৰ নৱোত্থিত অগ্ৰগামী চিন্তাধাৰাৰ ওতপ্ৰোত সম্পৰ্ক আছে। কিন্তু মুখা খুলি দিয়া কিতাপৰ মূল উদ্দেশ্য হ’ল সাময়িক ঢৌৰ সৃষ্টি কৰি নাম-যশ অৰ্জন কৰা। সম্প্ৰতি সাহিত্যৰ প্ৰভাৱশালী ধাৰাবিলাকৰ ভিতৰত উত্তৰাধুনিকতাবাদী ধাৰাত যিখিনি সাহিত্য সৃষ্টি হৈছে তাৰ অধিকখিনিয়েই বোধহয় কলা-কৌশলৰ পৰীক্ষা-নিৰীক্ষাতে সীমাবদ্ধ, কিছুমান বাৰেজোৰা দিয়া লাংখা-লিংখি; উত্তৰাধুনিকতাবাদৰ মূল চেতনাটো আয়ত্ত কৰি তাৰ জৰিয়তে আমাৰ সমাজজীৱন তথা ব্যক্তিজীৱনক নতুনধৰণে আলোকিত কৰি তুলিব পৰা ৰচনা নাই বুলিলেই হয়। ফ্ৰয়ডীয় মনস্তত্ত্বৰ বদহজম কৰি লৈ অবাস্তৱ-উদ্ভট সাহিত্য ৰচনা কৰাটো অসমীয়া সাহিত্যত কেইবাদশক পুৰণি ঘটনা, কিন্তু সেই বাটকটীয়াসকলৰ শিষ্য-প্ৰশিষ্যসকলৰ হাতত সি আজি অধিক স্থূল ৰূপ পৰিগ্ৰহ কৰিছে। কাব্যৰ জগততো ভাল কবিতাৰ ধাৰা এটা ধীৰে ধীৰে বৈ আছে, কিন্তু পেনপেনীয়া কবিতাৰ ধলে পাৰ ভাঙি ‘বিপদসীমা’ৰ ওপৰেৰে বৈ আছে। (কোনোবাই যদি লিখিলে “তুমি ইমান ধুনীয়া মই ইমান দুখীয়া” (উত্তৰটো কি হ’ব? চিপজৰী?), আন কোনোবাই আকৌ লিখিলে “চৰাইৰ প্ৰেমত বৈধ-অবৈধৰ প্ৰশ্ন নুঠে, আহা আমি চৰাই হৈ যাওঁ” (কোনোবাই এইবুলিও লিখিব কিজানি : “কুকুৰৰ প্ৰেমত আঁৰবেৰৰ প্ৰশ্ন নুঠে, আহা আমি কুকুৰ হৈ যাওঁ”), আন এজনে আকৌ লিখি দিলে “অমুক কলেজৰ তুমি তমুক বৰদলৈ”।) বিদ্যায়তনিক গৱেষণাৰ নামত যিবোৰ লেখা-মেলা চলি থাকে তাৰো সৰহখিনিয়েই একান্তভাৱে চাকৰিৰ জখলা বগোৱাৰ স্বাৰ্থত কৰা অগভীৰ চৰ্বিত চৰ্বণ মাত্ৰ। জাতীয় জীৱনৰ গভীৰ প্ৰশ্নবিলাকৰপৰা আঁতৰি নিতান্ত তুচ্ছ বিষয় একোটা বা বিষয়টো গুৰুত্বপূৰ্ণ হ’লেও তাৰ নগণ্য আৰু ক্ষুদ্ৰাতিক্ষুদ্ৰ টুকুৰা এটা বাছি লৈ যেনেতেনে ফোঁটাল মূৰ্ধন্য ড একোটা অৰ্জন কৰাই প্ৰায়সকলৰ লক্ষ্য। (কোনোবাই যদি লিখে “কীৰ্তনত ভক্তিৰস”, আন কোনোবাই লিখিব “কাতিবিহুৰ ৰূপৰেখা : অমুক চুবুৰিৰ বিশেষ উল্লিখনসহ”, তৃতীয় এজনে হয়তো লিখিব “অসমীয়া সাহিত্যত জপনা : এক সমীক্ষাত্মক ইতিবৃত্ত”।) ছিৰিয়াছ চিন্তা ক্ৰমাৎ অন্তৰ্হিত হ’ব ধৰিছে চিন্তাজগতৰপৰা; আলোকসন্ধানী চেতনাৰ ক্ৰমাৎ অৱলুপ্তি ঘটিছে সাহিত্যজগতৰপৰা।
আমাৰ বোধেৰে চিন্তা-চৰ্চা আৰু সাহিত্যৰ দিশত আজি আমি চৌদিশে যি তৰাং অৱস্থা প্ৰত্যক্ষ কৰিছো সেয়া কোনো বিচ্ছিন্ন ঘটনা নহয়। সেয়া আমাৰ সমাজৰ সামগ্ৰিক সংকটৰে প্ৰকাশ মাত্ৰ। সামগ্ৰিক সংকটটোক আমি অভিহিত কৰিছো সাংস্কৃতিক বন্ধ্যাত্ব বুলি। সমসাময়িক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ সৈতে ইয়াৰ অংগাংগী সম্পৰ্ক আছে। কিন্তু অৰ্থনৈতিক বা ৰাজনৈতিক সংকটতকৈ সাংস্কৃতিক সংকটৰ চৰিত্ৰ আৰু পৰিণাম নিশ্চিতভাৱে অধিক ভয়াৱহ আৰু অধিক ক্ষয়ংকৰী। কিয়নো সাংস্কৃতিক বন্ধ্যাত্বই সমাজ এখনক মানসিক দাসত্বৰ শিকলিৰে বান্ধি পেলায়।
সাহিত্যৰ দৰেই শিল্প-সংস্কৃতিৰ দিশতো আজি আমি একেই অৱক্ষয় দেখিবলৈ পাইছো। লোকসংগীতৰ মৰ্মস্থলত লুকাই আছে শ্ৰমজীৱী গ্ৰাম্য সমাজখনৰ জীৱন সংগ্ৰামৰ নিৰ্যাস; সেয়ে সেই সমাজখনক বুজিলেহে লোকসংগীতক বুজা সম্ভৱ। কিন্তু আজি সমাজ সম্পৰ্কে কোনো ধাৰণা নথকা উতনুৱা গায়কৰ নেতৃত্বত চলিছে লোকসংগীতৰ নিকৃষ্ট ব্যৱসায়। পছিমীয়া সংগীতৰ অক্ষম অনুকৰণেৰে নতুন চামৰ অধিকসংখ্যক গায়ক-গায়িকাই যিবোৰ গীত-নৃত্যৰ সৃষ্টি কৰিছে তাত সংগীতৰ প্ৰাণ আৰু অসমীয়া সমাজখনৰ টান, ইয়াৰ এটাও নাই। তেওঁলোকৰ কোনোবাই হয়তো মূল্যবৃদ্ধি, দুৰ্নীতি বা অসমী আইৰ দুৰ্দশাৰ বিষয়েও গান গাইছে; কিন্তু সেইবোৰ শুনিলেই বুজা যায় যে সমস্যাবিলাকৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে তেওঁলোকৰ জ্ঞানৰ অভাৱ। ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা ভাবক। সমাজদায়বদ্ধ আৰু প্ৰগতিশীল মাধ্যম ই কোনোকালে নাছিল, কিন্তু তাৰ মঞ্চত জীৱনবোধসম্পন্ন জীৱন্ত আৰু উচ্চমানৰ নাটক তথা অভিনয়ৰ অভাৱ ঘটা নাছিল। আজি ভ্ৰাম্যমাণ বুলিলে বলিউড, চাৰ্কাছ আৰু বহুৱালিৰ সমাহাৰ। অসমীয়া চিনেমাৰ বিষয়ে ক’বলৈ গ’লে আন এটা লেখাই হ’বগৈ। আনহাতে, গণমাধ্যমসমূহে গঢ়ি তোলা হুলস্থূলীয়া পৰিবেশত সাধাৰণ জ্ঞানকে জ্ঞান বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলিছে। নিউজ চেনেলৰ মজিয়াই মজিয়াই নিয়মীয়াকৈ যি তথাকথিত বিতৰ্কৰ আয়োজন কৰা হয়, তাত আন যি নহওক, এটা কথা কিন্তু প্ৰতিপন্ন কৰিবলৈ সদায়েই যত্ন কৰা হয় যে তেওঁলোকে কৰা হুলস্থূলবোৰৰ বাহিৰে সামাজিক সমস্যাবিলাকৰ কোনো গভীৰ দিশ নাই। তদুপৰি ইণ্টাৰনেটৰ ভাসমান পৃথিৱীখনেও মূলতঃ এটা ফোঁপোলা ফিলিষ্টাইন জীৱনধাৰাকেই বিয়পাই দিছে। ইয়াক বাস্তৱ পৃথিৱীৰ পৰিপূৰক হিচাপে গ্ৰহণ কৰি সাৰ্থকভাৱে ব্যৱহাৰ কৰা ব্যক্তি তেনেই নগণ্য। এই তৰল অৱস্থাকে বুজাবলৈ এজন বিদ্বানে কৈছে, “Nowadays research has been replaced by Google search.”
এনে পৰিস্থিতিত ছিৰিয়াছ চিন্তাৰ (ছিৰিয়াছ চিন্তা বোলোতে আমি সমগ্ৰতামুখী সমাজচিন্তাকে মূলতঃ বুজাইছো) বিকাশ আৰু প্ৰচাৰ-প্ৰসাৰ ঘটোৱাটো দুঃসাধ্য কাম। বহুতেই আনকি এনে চিন্তাৰ ন্যায্যতাকো প্ৰশ্ন কৰিব। তেওঁলোকৰ মতে যেনেকৈ ডাক্তৰে ৰোগী চায়, ঠিকাদাৰে ঠিকা কৰে, গৱেষকে গৱেষণা কৰে, ঠিক একেদৰে লেখকেও লিখে। এনেকৈ তেওঁলোকে বিশেষজ্ঞৰ পোষকতা কৰে আৰু বুদ্ধিজীৱীৰ ধাৰণাক নস্যাৎ কৰে। বুদ্ধিজীৱীৰ শ্ৰাদ্ধ পাতিব খোজাৰ উৎসাহৰ আঁৰত মূলতঃ ন্যস্তস্বাৰ্থৰ ভূমিকা সক্ৰিয়। তেওঁলোকে সমাজ এখনৰ যে এটা অন্তৰ্নিহিত গাঁথনি থাকে আৰু সেই গাঁথনিটো যে সমাজৰ প্ৰভুত্বকাৰী শ্ৰেণীটোৱে নিজৰ স্বাৰ্থত নিৰ্বিঘ্নে ধৰি ৰাখিব খোজে, সেই সত্যটো অস্বীকাৰ কৰে। ছিৰিয়াছ চিন্তাৰ পশ্চাদপসাৰণৰ লগত বুদ্ধিজীৱীৰ প্ৰয়োজনৰ বিষয়টো সেয়ে গভীৰভাৱে জড়িত।
সাম্প্ৰতিক সাংস্কৃতিক বন্ধ্যাত্বৰ মূল কাৰণ নিঃসন্দেহে বিশ্বায়ন-প্ৰবাহিত ভোগবাদ আৰু উপভোক্তাবাদ-সৰ্বস্ব তৰল জীৱন দৰ্শন। ইয়াৰ লগত জড়িত হৈ আছে নব্য সাম্ৰাজ্যবাদী শক্তি তথা বহুজাতিক কোম্পানিসমূহৰ স্বাৰ্থ। কিন্তু তাৰ বাবে অনুকূল পটভূমি আগৰেপৰাই সমাজত প্ৰস্তুত হৈ আছিল। আমাৰ সমাজৰ যি প্ৰমূল্য সি সামন্তীয় আৰু আধুনিক প্ৰমূল্যৰ খিচিৰি মাত্ৰ। সেয়ে আমি আধুনিকতাৰ ৰং-চং আয়ত্ত কৰিলেও বহল সমাজখন কৌটিকলীয়া পৰম্পৰাৰ ৰাহুগ্ৰাসৰপৰা মুক্ত হ’ব পৰা নাই। গাঁৱৰ শ্ৰমজীৱী জনসাধাৰণ সীমাহীন দাৰিদ্ৰ্য, অশিক্ষাৰ অন্ধকাৰত নিমজ্জিত। এসময়ত স্বাধীনতা আন্দোলনৰ ঢৌ গণজীৱনৰ অভ্যন্তৰলৈকে বৈ গৈ জনসাধাৰণৰ মাজৰ অভূতপূৰ্ব প্ৰেৰণাৰ সঞ্চাৰ কৰিছিল। চিন্তা, সাহিত্য আৰু শিল্প-সংস্কৃতিৰ ক্ষেত্ৰতো এই নব্য প্ৰেৰণাই ন-ন সৃষ্টিত উদগনি দিছিল। কিন্তু সেই প্ৰেৰণা লাহে লাহে স্তিমিত হৈ পৰিল। দেশীয় শাসককুলে দায়বদ্ধতাৰ প্ৰতি পিঠি দি ধন-ক্ষমতাৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। এনেকৈয়ে সমাজ নিৰ্মাণৰপৰা ৰাজনীতি ক্ৰমাৎ আঁতৰি যাবলৈ ধৰিলে। তাৰ মাজত কেৱল বাঁও-গণতান্ত্ৰিক শক্তিয়েহে বহুতো ভুল-ভ্ৰান্তিৰ মাজতো সমাজ, ৰাজনীতি আৰু সংস্কৃতিৰ অবিচ্ছেদ্য সম্পৰ্ক উপলব্ধি কৰি এক সামগ্ৰিক দৃষ্টিকোণ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তাৰ ফলস্বৰূপে চিন্তা, সাহিত্য আৰু শিল্প-সংস্কৃতিৰ বিভিন্ন দিশত ভালেমান সবল ধাৰাৰ সৃষ্টি হৈছিল যাৰ অৱদানক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰো। অনস্বীকাৰ্য যে বৰ্তমানেও অসমত যিসকল ব্যক্তিয়ে ছিৰিয়াছ চিন্তাৰ কষ্টকৰ চৰ্চা অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰায়সকলেই এই বাঁও-গণতান্ত্ৰিক ৰাজনীতিৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত বা তাৰদ্বাৰা অনুপ্ৰাণিত। কিন্তু আগ্ৰাসী জাতীয়তাবাদৰ প্ৰবল ঢৌৱে বাঁও-গণতান্ত্ৰিক শক্তিক একপ্ৰকাৰ উটুৱাই নিলে। আৱেগপ্ৰধান জাতীয়তাবাদৰ একাধিপত্যই অন্য সকলোধৰণৰ চিন্তা-চেতনাক মোহাৰি নিশকতীয়া কৰি পেলালে। বিভিন্ন জনজাতীয় উপজাতীয়তাবাদৰ বিকাশ, সেইসমূহৰ নিজৰ মাজত তথা সেইসমূহৰ সৈতে অসমীয়া জাতীয়তাবাদৰ তুমুল সংঘৰ্ষই অসমৰ আকাশ-বতাহ ছানি ধৰাৰ ফলস্বৰূপে কোনো বিকল্প ৰাজনীতিয়ে মূৰ দাঙি উঠিব নোৱাৰিলে। ভাষা, ধৰ্ম, সম্প্ৰদায় আদি পৰিচিতিক অতিক্ৰম কৰি সমূহ নিপীড়িত জনসাধাৰণক একেখন মঞ্চত সংগঠিত কৰিব পৰা নগ’ল। শেহতীয়াভাৱে কৃষক সংগঠন-বিশেষে তেনে উদ্যোগ গ্ৰহণৰ কিছু যত্ন কৰিলেও সিবোৰৰ কাৰ্যকলাপ মূলতঃ ইছ্যুভিত্তিক সাময়িক আৰু অসংলগ্ন প্ৰতিবাদতে সীমাবদ্ধ। (এই সম্পৰ্কে আমি অন্যত্ৰ বহলাই আলোচনা কৰিছো।)
বৌদ্ধিকভাৱে তেনেই ঊষৰ এই পটভূমিত ছিৰিয়াছ চিন্তাৰ পশ্চাদপসৰণেই স্বাভাৱিক। বিশ্বায়ন-কবলিত অনুন্নত দেশসমূহৰ ক্ষেত্ৰত সাধাৰণভাৱেই সাংস্কৃতিক অৱক্ষয়ৰ প্ৰশ্নটো প্ৰয়োগ কৰিব পাৰি যদিও অসমৰ দৰে স্থাণু সমাজ এখনত ইয়াৰ মাত্ৰা বোধহয় বহুখিনি বেছি। এতিয়া ছিৰিয়াছ চিন্তাৰ পৰিবেশ ন-কৈ গঢ় দিব বিচাৰিলে সেয়া নিশ্চয় কেৱল বৌদ্ধিক চৰ্চাৰ জৰিয়তে সম্ভৱ নহ’ব। সমাজ, ৰাজনীতি আৰু সংস্কৃতিৰ সুষম সমন্বয় ঘটাব পাৰিলেহে সাম্প্ৰতিক সংকটৰ সমাধান কৰিব পৰা যাব। জ্যোতিপ্ৰসাদে তাহানিতেই এই কথা কৈ গৈছে :
“. . . হাতুৰিৰে বটালিৰে
কোৰেৰে কটাৰীৰে
বিশ্বজিনা আমাৰ মৰমেৰে
পাৰমাণৱিক বৈজ্ঞানিকৰ আৱিষ্কাৰৰে
শিল্পী কবিৰ গান ছবিৰে
শুদ্ধ জ্ঞানেৰে
নতুন যন্ত্ৰ-তন্ত্ৰ-মন্ত্ৰৰে
কৰিম আমি পৃথিৱী মনোময়
নতুন হাঁহিৰ সুন্দৰৰেই জয়। . . .”
(সমাপ্তি : 6 ডিচেম্বৰ 2013, পিছনিশা 12.43 বজা)
গ্ৰন্থ প্ৰকাশক প্ৰতিষ্ঠানসমূহৰদ্বাৰা ডিচেম্বৰ ২০১৩ত গুৱাহাটীৰ চানমাৰিত আয়োজিত উত্তৰ-পূব গ্ৰন্থমেলাৰ মুখপত্ৰত প্ৰকাশিত।
LikeLike