এহেজাৰ টন সোণৰ ৰহস্য

উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ দণ্ডিয়া খেৰা গাঁৱৰ যোগী স্বামী শোভন সৰকাৰে অলপতে এটা সপোন দেখিলে। সপোনত ঊনৈছ শতিকাৰ ৰজা ৰাও ৰাম বক্স সিঙে দেখা দি তেওঁক ক’লে যে অঞ্চলটোৰ এশ আশী বছৰ পুৰণি শিৱ মন্দিৰটোৰ কাষতে মাটিৰ তলত 1000 টন সোণ আছে। ঘটনাটো সিমানতে শেষ হোৱা হ’লে কথা নাছিল। কিন্তু সন্ন্যাসীজন আমি ভবাতকৈ বহুগুণে মহান। সেয়ে তেওঁ সেই সোণখিনি ভাৰতবৰ্ষৰ চৰকাৰী ভাণ্ডাৰক গতাই দিবলৈ ইচ্ছা কৰিলে। এসময়ত কথাটো কেন্দ্ৰীয় চৰকাৰৰ ওচৰ পালেগৈ। কেন্দ্ৰীয় মন্ত্ৰী চৰণ দাস মহন্ত সন্ন্যাসীজনৰ দানশীলতাত অতিশয় মুগ্ধ হ’ল আৰু সোণখিনি খান্দি উলিওৱাৰ ব্যৱস্থা কৰিলে। আৰ্কিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়া (এ এছ আই) আৰু জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়া (জি এছ আই)ই সোণ থকা জেগাখিনিত খননকাৰ্য চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ইতিমধ্যে দুয়োটা সংস্থাৰ টিম গৈ অঞ্চলটোত বাহৰ পাতি আছেগৈ। আজি (18 অক্টোবৰ, 2013 তাৰিখে লিখি আছো) লক্ষ্মী পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত তেওঁলোকে জেগাখিনিত খননকাৰ্য চলাব।

আধুনিক পৰিভাষা-শব্দবোৰ নথকা হ’লে ওপৰৰ ঘটনাৱলীক পুৰাকথাৰ কিবা কাহিনী বুলিয়েই হয়তো ভুল কৰিলেহেঁতেন। কিন্তু এইখন ভাৰতবৰ্ষত সকলো সম্ভৱ। ঘটনাটো সজোৰে প্ৰচাৰ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দুই-এষাৰ দায়সৰা বৈজ্ঞানিক কথা (নহ’লে যুক্তিবাদীবোৰে হুলস্থূল কৰিব বুলিও হ’ব পাৰে) ক’লেও প্ৰায়বোৰেই কিন্তু এহেজাৰ টন সোণ পালে ভাৰতীয় অৰ্থনীতিত কেনেকৈ চমৎকাৰ পৰিবৰ্তন ঘটিব সেই কথা গুৰুত্বসহকাৰে আলোচনা কৰিছে। সোণৰ ভাণ্ডাৰৰ ক্ষেত্ৰত পৃথিৱীৰ এক নম্বৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ সোণৰ পৰিমাণ বোলে আঠ হেজাৰ টন। আনহাতে, ভাৰতৰ হাতত থকা সোণৰ পৰিমাণ পাঁচশ টনমানহে হ’ব বোলে। গতিকে একেলগে এহেজাৰ টন (প্ৰায় এশখন ট্ৰাক ভৰ্তি হ’ব বোলে!) সোণ লাভ কৰিলে কেনে হ’ব সেয়া কল্পনা কৰি বহুতৰে মন আকাশলৈ উৰা মাৰিছে। হিচাপ-নিকাচো ইতিমধ্যে আৰম্ভ হৈছেই। ৰজা ৰাও ৰাম বক্স সিঙৰ প্ৰত্যক্ষ বংশধৰ বুলি দাবী কৰা এজনে সোণৰ এটা অংশ দাবী কৰিছে যাতে তেওঁ ৰজাজনৰ দুৰ্গটো পুনৰ সাজি উলিয়াব পাৰে। সি যি নহওক, আমি কিন্তু সোণৰ ভাগ আশা নকৰাই ভাল! কাৰণ দুৰ্নীতিকাৰী ৰাজনীতিকসকলে ভগাই-বটাই বাকী নাৰাখিবগৈ। তাতে কেন্দ্ৰীয় মন্ত্ৰীজন, আৰু সন্ন্যাসীজনৰ লগতে বিশেষকৈ এনে এটা মহান কাৰ্য সম্পাদন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থা দুটাৰ দেশভক্ত বিজ্ঞানীসকলকতো বুজন পৰিমাণ এটা দিবই লাগিব।

ৰজা ৰাও ৰাম বক্স সিং ব্ৰিটিছৰ বিৰুদ্ধে 1857 চনৰ মহাবিদ্ৰোহৰ এজন যোদ্ধা। সেইবাবে ব্ৰিটিছে তেওঁক ফাঁচি দিছিল আৰু তেওঁৰ বিশাল ৰাজ অট্টালিকাটো ধ্বংস কৰি পেলাইছিল। কথিত আছে যে তেওঁ বৃহৎ পৰিমাণৰ সোণৰ অধিকাৰী আছিল। কিন্তু ভাৰতৰ মহাপ্ৰতাপী ৰজাসকলক নেওচি তেওঁৰ দৰে মজলীয়া প্ৰতাপৰ ৰজা এজনে সিমান পৰিমাণৰ সোণ আহৰণ কৰা সম্ভৱনে? সি যি নহওক, কথাটো সত্য বুলি যদি ধৰিও লওঁ, তেন্তে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত অতদিনে প্ৰচলিত থকা কথা এটা সন্ন্যাসীজনে সপোনত দেখিবলগা কিয় হ’ল? ৰজাজনৰ বংশধৰজনে জনাইছে যে বহু দিনৰ আগতেই উক্ত জেগাখিনিত সোণ বিচাৰি খননকাৰ্য চলাইছিল। কিন্তু কোদো-বৰলৰ আক্ৰমণত সেয়া বাদ দিবলগা হ’ল। কোদো-বৰলৰ আক্ৰমণত সোণৰ খনন বাদ দিবলগীয়া হোৱাটো সঁচাকৈয়ে কেনে দুৰ্ভাগ্যৰ কথা!! কিন্তু প্ৰচলিত কথা এটাকে সন্ন্যাসীজনে সপোনত দেখি নতুনকৈ ‘উদ্ভাৱন’ কৰিবলগা কিয় হ’ল সেয়া তাতোকৈ আশ্চৰ্যৰ কথা। সংবাদ মাধ্যমেও সহজবোধ্য কাৰণতে এই প্ৰশ্নটো তোলা নাই।

সন্ন্যাসীজনে প্ৰকাশ কৰা মতে, যিদিনা তেওঁ শুনিছিল যে ভাৰতীয় অৰ্থনীতি সংকটৰ গৰাহত পৰিছে সেইদিনা তেওঁ দুখতে গোটেই দিনটো কান্দি কান্দি কটাইছিল। এতিয়া তেওঁ ঘোষণা কৰিছে যে সেই সোণখিনি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সম্পদ। গতিকে সহজেই ক’ব পাৰি যে প্ৰকৃততে ভাৰতীয় অৰ্থনীতিক সংকটৰপৰা উদ্ধাৰ কৰিবৰ বাবেই তেওঁ সেই সপোনটো ‘দেখিবলগীয়া’ হ’ল!! কিন্তু তেওঁ এহেজাৰ টনতে সন্তুষ্ট থকা মানুহ নহয়, কিয়নো ভাৰতবৰ্ষৰ অৰ্থনীতি কাললৈ সুৰক্ষিত কৰি থৈ যোৱাটো তেওঁৰ দায়িত্ব। সেয়ে তেওঁ অলপতে আৰু এটা সপোন দেখিলে! ফটেহপুৰ জিলাৰ আদামপুৰ নামৰ সৰু গাঁওখনত গংগাৰ পাৰত মাটিৰ তলত 2500 টন সোণ মজুত আছে। এই অঞ্চলটোও 1857ৰ বিদ্ৰোহৰদ্বাৰা প্ৰভাৱিত অঞ্চল। অঞ্চলটোত থকা বহু পুৰণি মঠ-মন্দিৰবিলাকৰ ধ্বংসাৱশেষৰ মাজতে সেই সোণখিনি আছে। গতিকে এতিয়া ভাৰত চৰকাৰৰ খান্দি উলিওৱাৰ ওপৰতহে জোৰ। আনহাতে, প্ৰাপ্ত তথ্যসমূহৰপৰা ধৰিব পাৰি যে সন্ন্যাসীজন নিঃসন্দেহে হাতদীঘল ব্যক্তি। কেমেৰাৰ সন্মুখতো তেওঁক আমি দেখা পোৱা নাই, তেওঁৰ হৈ বিশেষ কটকী স্বামী ওঁমেহে সংবাদ মাধ্যমৰ ওচৰত বক্তব্য আগ বঢ়াইছে। ৰাজনীতিক মহলৰ লগত তেওঁৰ বিশেষ হলি-গলি থকাটোও অস্বাভাৱিক নহয়। উক্ত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বক্তব্যও তেওঁৰ প্ৰতি অন্ধ মোহেৰে ভৰপূৰ, “তাত থকা এহেজাৰ টন সোণ তেওঁ চৰকাৰৰ হাতত অৰ্পণ কৰিব খুজিছে। যদি সঁচাকৈয়ে সোণখিনি ওলায় তেতিয়াহ’লেতো অৰ্থনীতিৰ ভৱিষ্যতেই সলনি হৈ যাব।” : ঠিক এনেকুৱাধৰণৰ। গোটেই ঘটনাটোৰ লগত চৰকাৰৰ ভোটৰ লোভো নিশ্চয়কৈ জড়িত হৈ আছে, কিয়নো উক্ত অঞ্চলটোৰ জনসাধাৰণে শোভন সৰকাৰৰ ঘোষণাৰ সৈতে সহমত প্ৰকাশ কৰিছে। মেৰুদণ্ডবিহীন ৰাজনীতিকৰ বাবে ভোট আৰু ধনেই পৃথিৱীৰ একমাত্ৰ কাম্য বস্তু।

মাটিৰ তলত কি ওলায় সেয়া আমাৰ বাবে ঔৎসুক্যৰ বিষয় নহয়। আমাৰ বাবে প্ৰকৃত ঔৎসুক্যৰ বিষয় হ’ল এ এছ আই আৰু জি এছ আই-ৰ মহান বিজ্ঞানীসকলৰ মূৰৰ লাওখোলাৰ তলত কি আছে সেয়াহে। সততে বাবা-গুৰু-স্বামীৰ চৰণত পৰি ফুৰা ৰাজনীতিকসকলৰ কথা কোৱাৰ প্ৰয়োজনেই নাই। যিবোৰ কথা অলপ যুক্তিবোধসম্পন্ন ফুকলীয়া ল’ৰা এটায়ো বুজি পাব, সেই কথাটো এই বিজ্ঞানীসকলৰ বাবে অলৌকিক মহিমা। নক’লেও হ’ব যে উক্ত বিভাগ দুটা দেশখনৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিশত সৰ্বোচ্চ বিভাগসমূহৰ ভিতৰত পৰে। এনে উচ্চতৰ বিজ্ঞান সংস্থাৰ মাজত যে এনেকুৱা আদিম মানসিকতাৰ ‘বিজ্ঞানী’ৰ ভিৰ লাগিছে সেই কথা কল্পনা কৰিবলৈও মন নাযায়। কিন্তু আমাৰ অলৌকিকতাৰ দেশত এইবোৰ তেনেই সহজ ঘটনা। ভাৰতৰ জনসাধাৰণৰ প্ৰতি দায়িত্বশীল সংস্থা দুটাৰ এনে নিৰ্লজ্জ আৰু নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিয়াৰ বাদে আমাৰ হাতত উপায় নাই।

শোভন সৰকাৰে কোৱা মতে যদি সোণ ওলায় তেন্তে এই বিজ্ঞানীসকলে নিশ্চয়কৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি বাকীছোৱা জীৱন সন্ন্যাসী হৈ অতিবাহিত কৰিব। চৰকাৰেও ভূতত্ত্ব আৰু প্ৰত্নতত্ত্ব বিভাগ দুটা বন্ধ কৰি দিয়াই ভাল হ’ব। তাৰ ঠাইত স্বপ্ন মন্ত্ৰণালয় এটা খুলি স্বপ্ন অনুসন্ধান সংস্থা এটাও গঠন কৰি দিব এই ‘বিজ্ঞানী’সকলৰ মন্ত্ৰশিষ্যসকলক লৈ। ৰাজ্যই ৰাজ্যই একোজনকৈ স্বপ্ন মন্ত্ৰীও থাকিব ৰাজ্যবাসীৰ স্বপ্নৰ তদাৰকি কৰি তাৰপৰা লাভজনক সপোনবোৰ বিচাৰি উলিয়াবলৈ। এইবোৰ কথা গাজাখুৰি গল্প যেন লাগিব পাৰে। কিন্তু এনে গতি অব্যাহত থাকিলে এইবোৰ কথা বাস্তৱায়িত হ’বলৈ নিশ্চয় বেছি দিন নালাগিব।

গতিকে বিজ্ঞানমনস্ক সকলোটিৰে সাৱধান হ’বৰ হ’ল। মেৰুদণ্ডবিহীন ৰাজনীতিক আৰু বিজ্ঞানৰ মোল নুবুজা তথাকথিত বিজ্ঞানীসকলৰ হাতত আমাৰ জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষিত নহয়। আহক আমি সকলোৱে এনে ৰাজহুৱা পাগলামিৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ কৰো।

(ৰচনাকাল : ১৮-১০-১৩ আবেলি)

পাদটীকা 

                                                                                                       

‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত তলৰ বাতৰিটো (Gold hunt in UP: Dream is over, India wakes up to reason) পঢ়ক। ভাবিছিলো, আমাৰ মহামান্য প্ৰত্নতাত্ত্বিকসকলৰ স্বৰ্ণ সন্ধানৰ মহান অভিযানৰ বিষয়ে আৰু দুষাৰমান লিখিম বুলি। কিন্তু দুখৰ বিষয় যে আমাক লিখাৰ সুবিধা নিদিলে। ভবাতকৈ বহুত আগতেই, অনাকাংক্ষিতভাৱে তেওঁলোকে নিজে নিজেই ৰাইজৰ আগত নঙঠা হ’ল। সেই একেজন ডি আৰ মণিয়েই (আৰ্কিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ এডিচনেল ডিৰেক্টৰ জেনেৰেল) সিদিনা সদম্ভে ঘোষণা কৰিছিল : “Talks of ASI acting on a priest’s dream is nothing but hogwash”. (The HINDU, 20 October 2013) তেওঁলোকৰ দৃঢ় বক্তব্য আছিল যে সন্ন্যাসী শোভন সৰকাৰৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই, সম্পূৰ্ণৰূপে জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ অনুসন্ধানৰ ৰিপ’ৰ্ট মতে প্ৰত্নতাত্ত্বিক সাক্ষ্য বিচাৰিহে তাত খনন চলোৱা হৈছে। এইবোৰ যে গোকাট মিছা কথা সেইটো ফুকলীয়া ল’ৰায়ো বুজিব পাৰে। কিন্তু ৰাষ্ট্ৰৰ প্ৰধান বৈজ্ঞানিক সংস্থা এটাই ৰাজহুৱাভাৱে কৰা এনে দাবীৰ ন্যূনতম মৰ্যাদাকণ ৰাখিব পাৰিব লাগিছিল। দুখৰ বিষয় যে সেই মহান বিজ্ঞানীসকলৰ সিমানখিনি যোগ্যতাও নাই। তেন্তে কিয় ইমানবোৰ হৈ-চৈৰ সৃষ্টি কৰা হ’ল? কিয় ইমান ৰাজহুৱা ধনৰ শৰাধ কৰা হ’ল? সেই সন্ন্যাসীজনৰ, আৰু দেশ্ৰপ্ৰেমিক কেন্দ্ৰীয় মন্ত্ৰীজনৰ কিবা শাস্তি হ’বনে? তথাকথিত বিজ্ঞানীসকলৰ অলপ হ’লেও লাজ আছেনে নিজৰ ভুলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ? তেওঁলোকক কি বুলি অভিহিত কৰিম : বুৰ্বক নে পাগল??

লিংক: http://indiatoday.intoday.in/story/up-gold-hunt-no-more-gold-shobhan-sarkar-archaeological-survey-of-india/1/320742.html

(29-10-13)

সমাজ-চিন্তাৰ অনুশীলন

Tagged with:
Posted in প্ৰবন্ধ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: