যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা

ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ নহয়৷ যুক্তিবাদৰ পৰিসৰ ইয়াতকৈ বহুগুণে গভীৰ আৰু ব্যাপক৷ কিন্তু আমাৰ বহুতাে যুক্তিবাদীৰ চিন্তা ভল্টেয়াৰীয় স্তৰতে সীমাবদ্ধ হৈ আছে৷ আলােকদীপ্তিৰ যুগৰ যুক্তিৰ সৰ্বোচ্চ কৰ্তৃত্বত বিশ্বাস, প্ৰগতিৰ ওপৰত দ্বিধাহীন আস্থা আৰু ব্যক্তিজীৱনৰ পূৰ্ণাংগ বিকাশৰ ধাৰণাক চিৰন্তন বুলি এইসকল যুক্তিবাদীয়ে গণ্য কৰে৷ কিন্তু আলােকদীপ্তিৰ এই প্ৰমূল্যৰ ঐতিহাসিকতা আৰু ইতিহাসৰ পাকচক্ৰত ইয়াৰ সংস্কৰণ আৰু বিবৰ্তনৰ প্ৰতি এওঁলােকে মনােযােগ নিদিয়ে৷

সামন্ত সমাজৰ খােলা ভাঙি ইউৰােপত যেতিয়া বুৰ্জোৱা শ্ৰেণীয়ে বিকাশ লাভ কৰিছিল তেতিয়া নৱোত্থিত এই শ্ৰেণীটোৰ ভূমিকা আছিল সকলােপিনৰপৰাই বৈপ্লৱিক৷ সামন্তবাদক ফলপ্ৰসূভাৱে আক্ৰমণ কৰাৰ বাবে ৰােমান কেথলিক গিৰ্জাৰ ধৰ্মসম্প্ৰদায়ৰ কৰ্তৃত্ব ধ্বংস কৰাটো আছিল অপৰিহাৰ্য – কিয়নাে এংগেলছে Socialism: Utopian and Scientific গ্ৰন্থৰ পাতনিত ক’বৰ দৰে, ই এফালে যেনেকৈ কেথলিক জগতৰ সম্পূৰ্ণ এক-তৃতীয়াংশ মাটি দখলত ৰাখিছিল, ঠিক তেনেকৈ ই “সামন্ততান্ত্ৰিক প্ৰতিষ্ঠানবােৰক স্বৰ্গীয় পবিত্ৰতাৰ জ্যোতিৰ্মণ্ডলেৰে বেঢ়ি ৰাখিছিল”৷ আনহাতে, নতুন ঔদ্যোগিক সমাজৰ ভেটি গঢ়িবলৈ কাৰ্যকাৰণ সম্বন্ধৰ মাজেৰে প্ৰকৃতিক ব্যাখ্যা কৰা আৰু তাৰদ্বাৰা প্ৰকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আধুনিক বিজ্ঞানৰ প্ৰয়ােজন আছিল সৰ্বাধিক৷ “ইমান দিনে বিজ্ঞান কেৱল গিৰ্জাৰ বিনীত দাসী-চাকৰণী হৈ আছিল, আৰু সেইকাৰণে ই কোনাে বিজ্ঞানেই নাছিল৷ বিজ্ঞানে এইবাৰ গিৰ্জাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, বিনা বিজ্ঞানে বুৰ্জোৱা চলিব আৰু নােৱাৰে, সেয়ে ই বিদ্ৰোহত যােগ দিবলগা হ’ল”৷ সেয়ে ইউৰােপত নতুনকৈ গঢ় লৈ উঠা পুঁজিবাদী সমাজখনৰ বাবে যুক্তিবাদ আছিল এক গভীৰ আৰু নিৰ্ণায়ক সামাজিক প্ৰয়ােজন – ই কেৱল কিছু ব্যক্তিৰ বিচ্ছিন্ন যুক্তি-চৰ্চা নাছিল৷ কিন্তু পুঁজিবাদী ব্যৱস্থাৰ বিবৰ্তন আৰু সম্প্ৰসাৰণৰ গতিত যুক্তিবাদৰ চৰিত্ৰ আৰু সামাজিক ভূমিকা একে হৈ থকা নাছিল৷

পূৰ্বৰ সামাজিক উদ্যম আৰু বলিষ্ঠ আশাবাদ বিলুপ্ত হােৱা অৱক্ষয়িত ঔদ্যোগিক সমাজখন সন্মুখত লৈ এসময়ত মেথিউ আৰ্নল্ডে উপলব্ধি কৰিছিল গভীৰ বিষাদ আৰু শূন্যতা: “. . . Hath really neither joy, nor love, nor light / Nor certitude, nor peace, nor help for pain: / And we are here as on a darkling plain / Swept with confused alarms of struggle and flight, / Where ignorant armies clash by night.” আৰ্নল্ডে এই নৈতিক নৈৰাজ্যৰপৰা মুক্তি বিচাৰিছিল ব্যক্তিগত প্ৰেমৰ উত্তাপৰ মাধ্যমেৰে৷ কিন্তু প্ৰকৃত সংকটটো আছিল ইয়াতকৈ বহু বেছি গভীৰ৷ এই সমাজখনকে ক্ৰিষ্টফাৰ কডৱলে অভিহিত কৰিছিল মৰণােন্মুখ বুলি (Studies in a Dying Culture)৷ পুঁজিবাদী ব্যৱস্থাই দেশীয়ভাৱে সম্বলহীন শ্ৰমিক শ্ৰেণীৰ সৃষ্টি কৰি তেওঁলােকৰ ওপৰত জাপি দিছিল নাৰকীয় শােষণ; সাম্ৰাজ্যবাদে পদদলিত কৰা পৃথিৱীৰ সৰু-বৰ অতবােৰ জাতিক অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক উভয় দিশৰপৰাই ভয়াৱহভাৱে লুণ্ঠন কৰিছিল প্ৰগতিৰ ধ্বজাবাহী উন্নত জাতিবােৰে৷ ফৰাচী বিপ্লৱৰ সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ মহান বাণী ধূলিসাৎ হৈছিল মুনাফামুখী প্ৰতিযােগিতাৰ হুলস্থূলৰ মাজত; যুক্তিবাদৰ মৰ্ম হেৰাই গৈছিল জাতিদন্ত-বৰ্ণবাদৰ অস্ত্ৰৰ আঘাতত৷ (উদাৰনৈতিক প্ৰমূল্যকে সাৰথি কৰি জন্ম হােৱা মাৰ্কিন সমাজখন চাৰিত্ৰিকভাৱে ইউৰােপীয় সমাজৰে বৰ্ধিত সংস্কৰণৰ নিচিনাহে; এ’ৰিক হবছবমে Age of Extremesঅৰ আৰম্ভণিতে ক’বৰ দৰে : “. . . the USA, in spite of its many peculiarities, was the overseas extension of Europe, and bracketed itself with the old continent under the heading western civilization.” গতিকে আমাৰ উদাৰনৈতিক প্ৰমূল্যৰ কাহিনীত ইউৰােপীয় সমাজৰ মাজতে মাৰ্কিন সমাজখনাে সােমাই আছে৷) শ্ৰমিকসকলৰ নাখাই-নবৈ মৰাৰ “স্বাধীনতা” আছিল; কিন্তু জীয়াই থাকিবলৈ হ’লে তেওঁলােকে একমাত্ৰ সম্বল শ্ৰম বিক্ৰী কৰিব লাগিব আৰু শােষণ-বৈষম্যৰ দুৰ্বহ ভাৰ কান্ধ পাতি ল’ব লাগিব৷ সেয়ে আলােকদীপ্তিৰ যুগৰ উদাৰনৈতিক প্ৰমূল্যৰ প্ৰতি তেওঁলােকৰ আকৰ্ষণ নাছিল৷ ভাৰতৰ দৰে সাম্ৰাজ্যবাদ-কবলিত দেশত যিসকলে সেই প্ৰমূল্য আদৰি লৈ সমাজ সংস্কাৰ তথা আধুনিক ধ্যান-ধাৰণাৰ প্ৰচাৰত ব্ৰতী হৈছিল তেওঁলােকে প্ৰায়েই সাম্ৰাজ্যবাদী শাসকৰ ওচৰত স্বজাতিৰ দাসত্ত্বও সহজভাৱেই মানি কৰিছিল৷ আনহাতে, যিসকলে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে থিয় হৈছিল তেওঁলােকৰ‌ বহুতেই সাংস্কৃতিক প্ৰেৰণা আহৰণ কৰিছিল প্ৰাচীন আধ্যাত্মিক ঐতিহ্যৰপৰা, যিটো আছিল স্বাভাৱিকতেই জীৱনবিমুখ আৰু প্ৰগতিবিৰােধী৷

কিন্তু প্ৰভুত্বকাৰী ইউৰােপীয় বুৰ্জোৱা শ্ৰেণীটো নিজে জানাে সুখী-সন্তুষ্ট আছিল? পুঁজিবাদী সংস্কৃতিৰ মানৱীয় পৰিণামবােৰ আছিল বুৰ্জোৱা শ্ৰেণীৰ নিজৰ মনােজগতৰ বাবেই অতিকে ভয়াৱহ : আত্মিক শূন্যতা আৰু একাকিত্বই একপ্ৰকাৰ মানসিক ব্যাধিৰ ৰূপ লৈছিল৷ প্ৰকৃততে উদাৰনৈতিক প্ৰমূল্যৰ ওপৰত সি নিজেই ক্ৰমাৎ আস্থা হেৰুৱাইছিল৷ পৰাধীন জাতিবিলাকৰ তীব্ৰ আন্দোলনৰ সন্মুখত সাম্ৰাজ্যবাদৰ ক্ৰমাগত পশ্চাদপসাৰণ আৰু পৰাজয় তথা উন্নত জাতিবিলাকৰ নিজৰ মাজৰ খােৱা-কামােৰাই সৃষ্টি কৰা বিধ্বংসী বিশ্বযুদ্ধ দুখনে ইউৰােপীয় সভ্যতাৰ একপ্ৰকাৰ সৰ্বাত্মক পতন ঘটালে৷ য়েটছে ক’বৰ দৰে: “Things fall apart; the centre cannot hold; / Mere anarchy is loosed upon the world.” উদাৰনৈতিক প্ৰমূল্যৰ ওপৰত থকা বিশ্বাস মানুহে সমূলে হেৰুৱাই পেলালে৷

কিন্তু কাহিনীৰ আন এটা ধাৰা আমি এৰি আহিছাে যাক উদাৰনৈতিক চিন্তা-চৰ্চাই সচেতনভাৱে উপেক্ষা কৰিবলৈ যত্ন কৰে আৰু মহান ইউৰােপীয় পৰম্পৰাৰ পথভ্ৰষ্ট আৰু কলুষিত ধাৰা বুলি প্ৰতিপন্ন কৰিব খােজে৷ যুক্তিবাদৰ ইতিহাসতাে এই ঘটনাটো গভীৰ তাৎপৰ্যপূৰ্ণ৷ অষ্টাদশ শতিকাৰ মনীষীসকলৰ আকাংক্ষিত যুক্তিভিত্তিক আৰু ন্যায়শাসিত সমাজখনৰ সলনি যেতিয়া পুঁজিবাদে এক সাৰ্বিক আৰ্থ-সামাজিক নৈৰাজ্যৰহে প্ৰতিষ্ঠা কৰিলে, তেতিয়া সেই নৈৰাজ্য ভেদ কৰি লাহে লাহে এটা সামাজিক দ্বন্দ্বই মূৰ দাঙি উঠিল৷ সেয়া হ’ল পুঁজি আৰু শ্ৰমৰ দ্বন্দ্ব৷ শিল্পবিপ্লৱ-সৃষ্ট মূলােৎপাটিত শ্ৰমিক শ্ৰেণীটো আছিল সমাজৰ এক নতুন আৰু ক্ৰমবৰ্ধমান শক্তি৷ পুঁজিপতি আৰু শ্ৰমিকৰ মাজৰ শ্ৰেণীবিৰােধ যিমানে পৰিপক্বতাৰ পিনে আগ বাঢ়িল, সিমানে শ্ৰমিক শ্ৰেণীৰ প্ৰতিবাদী কণ্ঠ সােচ্চাৰ হৈ উঠিল; এই প্ৰক্ৰিয়াতে জন্ম লভা সমাজতন্ত্ৰৰ মতবাদো ক্ৰমাৎ পৰিপূৰ্ণতৰ দিশে আগ বাঢ়িল৷ এনেকৈয়ে মাৰ্ক্সবাদী মতবাদে ৰূপ পালে – যি শ্ৰমিকসকলৰ সংগ্ৰাম সংগঠিত কৰি তথা তাত সকলাে সৰ্বহাৰাকে চামিল কৰি পুঁজিবাদবিৰােধী সংগ্ৰামৰ প্ৰস্তুতি চলালে৷ এই মতবাদ আলােকদীপ্তিৰ প্ৰমূল্যৰ নস্যাৎকাৰী নতুবা বিৰােধী নহয়। ই হয়তাে সেই প্ৰমূল্যৰে গুণগত সম্প্ৰসাৰণ, কিয়নাে ব্যক্তিজীৱন আৰু সমাজব্যৱস্থাৰ ওপৰত ই যুক্তিৰ সৰ্বাত্মক নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব খােজে৷ সি যি নহওক, বিংশ শতিকাৰ প্ৰথমভাগত যেতিয়া ইউৰােপীয় সভ্যতাৰ পতনে এফালে হতাশাৰ সৃষ্টি কৰিছিল, আনফালে মাৰ্ক্সবাদৰ আলােকত নতুন সমাজ গঢ়াৰ সম্পৰীক্ষাই আশা আৰু প্ৰত্যয়ৰ সঞ্চাৰ কৰিছিল৷ পুঁজিবাদ আৰু সমাজবাদৰ দ্বন্দ্ব আটাইতকৈ উন্মুক্ত ৰূপত ইতিহাসত থিয় দিছিল৷ দ্বিমেৰুত বিভক্ত পৃথিৱীত দুই শক্তিৰ এই দীৰ্ঘকালীন দ্বন্দ্ব আছিল প্ৰকৃতাৰ্থতে অত্যন্ত জটিল আৰু বহুমাত্ৰিক; অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলাে দিশতে হােৱা অৰিয়াঅৰি আৰু দলাদলিয়ে প্ৰায়ে তিক্ত ৰূপ পৰিগ্ৰহ কৰিছিল৷ সি যি নহওক, যুক্তিবাদৰ সামাজিক প্ৰয়ােগ সমাজবাদী সমাজত বহু পৰিমাণে পৰিলক্ষিত হৈছিল৷ আনহাতে সমাজবাদী সমাজৰ ব্যক্তিস্বাধীনতা-হৰণকাৰী উৎপীড়নৰ বিৰুদ্ধে অৱস্থান লৈ পুঁজিবাদী ৰাষ্ট্ৰসমূহেও উদাৰনৈতিক প্ৰমূল্য আৰু গণতন্ত্ৰৰ প্ৰতি নিজৰ আস্থা প্ৰতিপন্ন কৰিব বিচাৰিছিল৷ শতিকাটোৰ সামৰণিত সমাজবাদী শিবিৰৰ পতনে পুঁজিবাদী শিবিৰৰ একাধিপত্য প্ৰতিষ্ঠা কৰিলে৷

কিন্তু সমাজবাদৰ এই পশ্চাদপসাৰণক স্বাভাৱিকতেই যুক্তিৰ চিৰ-পৰাজয় বুলি গণ্য কৰা হ’ল৷ আৰ্থ-সামাজিক পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব খােজাটো বৃথা, বৰঞ্চ পৰিস্থিতিৰ ওচৰত আত্মসমৰ্পণ কৰি আনন্দমনে জীয়াই থকাটোৱেই মানুহৰ দৈৱ বুলি উত্তৰাধুনিকতাবাদে প্ৰচাৰ কৰিলে৷ ইয়াৰ মতে সামগ্ৰিকতা অসাধ্য আৰু অৰ্থহীন; গতিকে বাস্তৱৰ খণ্ডিত-বিক্ষিপ্ত ৰূপ তথা চূড়ান্ত আপেক্ষিকতা আৰু পৃথক পৃথক পৰিচিতিৰ বহুত্ব সহজভাৱে স্বীকাৰ কৰি লােৱাটোৱেই জীৱনৰ ধৰ্ম৷ ফ্ৰেডৰিক জেইমছনে উত্তৰাধুনিকতাবাদক অভিহিত কৰিছে “the cultural logic of late capitalism” বুলি৷ আনহাতে, এচামে ইতিহাসৰ পৰিসমাপ্তি ঘােষণা কৰি বুজাব বিচাৰিলে যে পুঁজিবাদেই হ’ল মানৱ ইতিহাসৰ সৰ্বোচ্চ তথা সৰ্বশেষ স্তৰ৷ অৰ্থাৎ এই চিন্তাধাৰাসমূহে সামগ্ৰিকভাৱে মাৰ্ক্সবাদক নস্যাৎ কৰিব খােজে৷ উত্তৰাধুনিকতাবাদৰ ঐতিহাসিক যােগাত্মক ভূমিকা নিঃসন্দেহে অনস্বীকাৰ্য, কিন্তু ই মানুহৰ ভৱিষ্যৎ প্ৰগতিৰ পথ ৰুদ্ধ কৰি বৰ্তমানৰ শােষণ-বৈষম্যভিত্তিক বিশ্বব্যৱস্থাটো (তাৰিক আলিয়ে Frontlineঅৰ সাক্ষাৎকাৰ এটাত ক’বৰ দৰে, the new world disorderটো) চিৰকাললৈ বৰ্তাই ৰাখিব খােজে৷ এইসমূহ চিন্তাধাৰা স্বাভাৱিকতেই যুক্তিবাদৰ পৰিপন্থী৷ গতিকে আজিৰ পৰিস্থিতিত যুক্তিবাদৰ ব্যঞ্জনা আলােকদীপ্তিৰ যুগতকৈ মৌলিকভাৱেই পৃথক আৰু বহু আয়তনবিশিষ্ট৷

ইউৰােপীয় চিন্তাৰ যিটো ধাৰাৰপৰা আমি যুক্তিবাদক গ্ৰহণ কৰিছাে সেই চিন্তাধাৰাৰ উপৰােক্ত প্ৰেক্ষাপট তথা বিবৰ্তন উপলব্ধি কৰাটো আমাৰ বাবে অত্যন্ত জৰুৰী৷ তাৰ মানে এইটো নহয় যে যুক্তিবাদে নিজকে মাৰ্ক্সবাদৰ মাজত বিলীন কৰি দিব লাগিব৷ উল্লেখনীয় যে যুক্তিবাদ বুলিলে আমি সততে যিটো বুজো সেয়া হ’ল বিশুদ্ধ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত যুক্তিবাদ৷ উদাহৰণস্বৰূপে বাৰ্ট্ৰাণ্ড ৰাছেল, আব্ৰাহাম কোভুৰৰ যুক্তিবাদ৷ ইয়াক আমি বিশুদ্ধ যুক্তিবাদ বুলিব পাৰাে৷ ইয়াত অন্ধবিশ্বাস-কুসংস্কাৰৰ অন্তঃসাৰশূন্যতা যুক্তি, বৈজ্ঞানিক তথ্য-প্ৰমাণেৰে প্ৰতিপন্ন কৰিব বিচৰা হয়৷ বিশুদ্ধ যুক্তিবাদৰ আবেদন মানুহৰ যৌক্তিক বােধৰ প্ৰতি, সেয়ে ইয়াৰ এক তুলনামূলক সাৰ্বজনীনতা আছে৷ যােগ্যতা অনুসৰি যিকোনাে সামাজিক স্তৰৰ লােকে ইয়াক আয়ত্ত কৰি স্বকীয়ভাৱে প্ৰয়ােগ কৰিব পাৰে বহু দূৰলৈকে৷ কিন্তু ইয়াৰ সীমাবদ্ধতাসমূহাে মৌলিক আৰু গুৰুতৰ৷ লেখাৰ আৰম্ভণিৰ বাক্যটোতে আমি লিখিছাে যে ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ হৈ নাযায়৷ কিন্তু ঈশ্বৰৰ মৃত্যু বাস্তৱতঃ ইমান সহজসাধ্যনে? বিশুদ্ধ যুক্তিবাদে ইয়াৰ প্ৰত্যয়জনক উত্তৰ দিব নােৱাৰে৷ আটাইতকৈ ডাঙৰ কথা, বিশুদ্ধ যুক্তিবাদৰ জনতাৰ ওপৰত কোনাে আস্থা নাই – কাৰণ জনতা অজ্ঞ আৰু মূঢ়৷ গতিকে যুক্তিবাদৰ ব্যাপকতৰ সামাজিক প্ৰয়ােগৰ কোনাে উপায় ই দিব নােৱাৰে৷ সেইবাবে মাৰ্ক্সবাদৰ প্ৰশ্নটো আহি পৰে৷ কিন্তু মাৰ্ক্সবাদে স্বতঃপ্ৰবৃত্ত হৈ যুক্তিবাদৰ প্ৰসাৰ নঘটায়৷ প্ৰায় ক্ষেত্ৰতে মাৰ্ক্সবাদীসকলে যুক্তিবাদক ভাল চকুৰে নাচায়; ব্যৱস্থাগত পৰিবৰ্তনৰ দোহাই দি তেওঁলােকে ইয়াক নস্যাৎ কৰিব খােজে৷ তেওঁলােকৰ মতে আৰ্থ-সামাজিক ব্যৱস্থাৰ আমূল পৰিবৰ্তন অবিহনে কেৱল যুক্তিৰ জৰিয়তে অন্ধবিশ্বাস-কুসংস্কাৰ দূৰ কৰিব বিচৰাটো অৰ্থহীন৷ কিন্তু তেওঁলােকে উত্তৰ দিব নােৱাৰে, ব্যৱস্থাগত পৰিবৰ্তনৰ আগলৈকে যুক্তিবাদীসকলৰ কাম কি হ’ব৷ এয়া নিশ্চিতভাৱে যান্ত্ৰিক চিন্তাৰ পৰিণাম : সংস্কৃতিৰ স্বকীয় আৰু জীৱন্ত ৰূপ অস্বীকাৰ কৰি ইয়াক আৰ্থ-সামাজিক ব্যৱস্থাৰ নিঃসাৰ প্ৰতিফলন বুলি গ্ৰহণ কৰিলে এনে ভ্ৰান্তি হােৱাটো স্বাভাৱিক৷ সমগ্ৰ পৰিবেশ নিয়ন্ত্ৰণত নাথাকিলে আৰু সুপৰিকল্পিত আঁচনি আৰু দীঘলীয়া শিক্ষা অবিহনে অন্ধবিশ্বাস-পশ্চাদপদতাৰ আৰ্থ-ৰাজনৈতিক-ঐতিহাসিক স্বৰূপ সম্পৰ্কে এক সামগ্ৰিক বােধ জনতাৰ মনত ওপজাব নােৱাৰি৷ কিন্তু যুক্তিবাদে সেই দিনটোলৈ বাট চাই থকাৰ প্ৰয়ােজন নাই৷ আমি বিশ্বাস কৰাে যে যুক্তিবাদ এক স্বতন্ত্ৰ ধাৰা হিচাপে বৰ্তি থকা প্ৰয়ােজন; একে সময়তে ই সমাজ পৰিবৰ্তনৰ বিশাল সংগ্ৰামৰ পৰিপূৰক ধাৰা হিচাপেও বিকশিত হ’ব লাগিব৷ তেনেহ’লে ই বিশুদ্ধ যুক্তিবাদ নহ’ব; ইয়াক অভিহিত কৰিব পাৰি মাৰ্ক্সীয় যুক্তিবাদ বুলি৷ বিশুদ্ধ যুক্তিবাদৰ কেতবােৰ অনালােচিত সীমাবদ্ধতাৰ স্বৰূপ উন্মোচন কৰি মাৰ্ক্সীয় যুক্তিবাদৰ পিনে অগ্ৰসৰ হােৱাই এই লেখাৰ প্ৰকৃত উদ্দেশ্য৷

বিশুদ্ধ যুক্তিবাদৰ মানুহ সম্পৰ্কে ধাৰণা কেনেকুৱা? আমি নিজে বহুদিনলৈকে ষড়যন্ত্ৰত বিশ্বাস কৰিব পৰা নাছিলাে, কাৰণ আমাৰ বদ্ধমূল বিশ্বাস আছিল যে মানুহ প্ৰকৃততে ভাল৷ মানৱীয় চৰিত্ৰ যে আৰ্থ-সামাজিক ব্যৱস্থাসাপেক্ষ সেই কথা বিশুদ্ধ যুক্তিবাদে অস্বীকাৰ কৰে৷ মানৱীয় প্ৰবৃত্তিৰাশি নিশ্চয় প্ৰকৃতিৰ চিৰন্তন অৱদান, কিন্তু পৰিবৰ্তিত সমাজবাস্তৱৰ অভিঘাতেহে সিবােৰৰ প্ৰকাশ্য ৰূপ নিৰ্ধাৰণ কৰে৷ ই এইচ কাৰে ‘Society and the Individual’ ৰচনাত (What is History? গ্ৰন্থত) এই বিষয়ে অন্তৰ্ভেদী আলােচনা কৰিছে৷ তেওঁ লিখিছে : “That elusive entity ‘human nature’ has varied so much from country to country and from century to century that it is difficult not to regard it as a historical phenomenon shaped by prevailing social conditions and conventions.” (p. 33) এই সত্য উপলব্ধি কৰিব নােৱৰাৰ বাবে বিশুদ্ধ যুক্তিবাদীৰ দৃষ্টিত সমাজৰ অন্যায়-অনাচাৰ, শােষণ-নিষ্পেষণ ভাল-বেয়াৰ সৰল প্ৰশ্ন হিচাপে প্ৰতিভাত হয়৷ সেয়া কিছুমান বা বহুতাে ব্যক্তি বা খুব বেছি এটা প্ৰতিষ্ঠানৰ দোষ বুলি পৰিগণিত হ’ব পাৰে; কিন্তু সমগ্ৰ ব্যৱস্থাটো যে শােষণভিত্তিক সেই কথা তেওঁলােকে বিশ্বাস নকৰে৷ সমাজৰ বিভিন্ন প্ৰতিষ্ঠান দুৰ্নীতি-ভণ্ডামি তেওঁলােকে উদঙাই দেখুৱাব পাৰে; কিন্তু সেই বিভিন্ন প্ৰতিষ্ঠানসমূহৰ আন্তঃসম্পৰ্ক অনুধাৱন কৰিব নােৱাৰে; সেই প্ৰতিষ্ঠানসমূহৰ প্ৰেক্ষাপটত যে এটা সামগ্ৰিক গাঁথনি আছে, সেই গাঁথনিৰ মৌলিক আসোঁৱাহে যে অনিবাৰ্যভাৱে প্ৰতিষ্ঠানসমূহত অৱক্ষয়ৰ সৃষ্টি কৰিব পাৰে সেই সিদ্ধান্তত তেওঁলােকে উপনীত হ’ব নােৱাৰে৷ বৰঞ্চ এইধৰণৰ ব্যাখ্যা প্ৰতিহত কৰিবলৈহে তেওঁলােকে সাধাৰণভাৱে যত্ন কৰে৷ অন্ধবিশ্বাস-পশ্চাদপদতাৰ আৰ্থ-সামাজিক কাৰণানুসন্ধানক তেওঁলােকে আখ্যা দিয়ে অযুক্তিৰ যৌক্তিকীকৰণ বুলি৷ শােষণ-বৈষম্যৰ সমাজ বুনিয়াদ টিকি থাকিলে জনসাধাৰণৰ মাজৰ অন্ধবিশ্বাস-কুসংস্কাৰ সমূলে উৎপাটন কৰা সম্ভৱ নহয়; এই “সম্ভৱ নহয়” বুলি কোৱাটোৱেই তেওঁলােকৰ মতে অন্ধবিশ্বাস-কুসংস্কাৰৰ ন্যায্যতা প্ৰতিপন্ন কৰিছে৷ তেওঁলােকৰ মতে পৰিস্থিতিৰ ওচৰত অসহায়তা স্বীকাৰ নকৰি কাৰ্যক্ষেত্ৰত অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণত অগ্ৰসৰ হ’ব লাগে৷ এই প্ৰমূল্য নিশ্চয়কৈ ব্যক্তিজীৱনৰ সৰ্বোচ্চ বিকাশৰ ধাৰণাৰপৰা আহৰিত৷ আনহাতে, মুক্তি তথা স্বাধীনতা সম্পৰ্কে এটা মৌলিক ভুল ধাৰণা ইয়াৰ মাজত নিহিত হৈ আছে৷ প্ৰকৃততে শৃংখল সম্পৰ্কে জ্ঞানাৰ্জনেই শৃংখলমুক্তিৰ প্ৰথম পদক্ষেপ৷ কডৱেলৰ ভাষাত ক’বলৈ হ’লে : “We see that we attain freedom by our consciousness of the causality of subjective mental phenomena together with our consciousness of the causality of external phenomena . And we are not surprised that the characteristic of the behaviour of objects – causality – is also a characteristic of consciousness, for consciousness itself is only an aspect of an object – the body . The more we gain of this double understanding, the more free we become, possessing both free will and free action. These are not two mutually exclusive things, free will versus determinism – but on the contrary they play into each other’s hands.” (‘Liberty: A Study in Bourgeois Illusion’ in Studies in a Dying Culture, p. 209-10)

এইখিনিতে “মানৱ হৃদয়ৰ গােপন কন্দৰত লুকাই থকা চিৰন্তন ৰহস্যময়তা”ৰ প্ৰশ্নটো উল্লেখ কৰিব পাৰি৷ ফ্ৰয়েডৰ পৃথিৱীৰ এই বিশুদ্ধ যুক্তিবাদীয়েও মাজে-সময়ে বিচৰণ কৰে৷ পৱিত্ৰ মানৱীয় প্ৰমূল্যৰাশিক স্বৰ্গৰপৰা নমাই আনিব নােখােজা চিৰন্তনতাপন্থীসকলক কিন্তু মৰ্ত্যলােকত বেছিকৈ স্থিতাৱস্থাপন্থী ৰূপতেই দেখা পােৱা যায়৷

প্ৰেম আৰু যৌনতাৰ প্ৰতি আমি কেনে দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব? প্ৰেমক আমি সাধাৰণতে দেৱৰাে দুৰ্লভ স্বৰ্গীয় বস্তু বুলিয়ে গণ্য কৰাে৷ প্ৰেমৰ বিষয়ে ক’বলৈ গ’লেই আমাৰ ভাষাই ৰঙীন পখিলাৰ দৰে পাখি মেলি আকাশলৈ উৰা মাৰে৷ চহৰৰ ফুটপাথেদি একান্তমনে খােজ কাঢ়ি গৈ থাকোঁতে হঠাতে মেনহলত পৰি হাত-ভৰি ভঙাৰ নিচিনাকৈয়ে আমি প্ৰেমত পৰি হাবুডুবু খাওঁ৷ কিন্তু এনেকৈ আমি প্ৰেমৰ আৰ্থ-সামাজিক স্বৰূপ আৰু ঐতিহাসিক বিবৰ্তনক আওকাণ কৰাে৷ প্ৰেম হ’ল সমাজ-সম্পৰ্কসমূহৰ আবেগিক উপাদান৷ প্ৰেমৰ মাধ্যমেৰে গঠিত হয় সমাজৰ অৰ্থনৈতিক একক৷ সেইবাবেই সমাজব্যৱস্থাৰ পৰিচালনাত প্ৰেমৰ গুৰুত্ব কেন্দ্ৰীয়৷ সি যি নহওক, আমি যাক সাধাৰণভাৱে প্ৰেম বুলি কওঁ সেয়া হ’ল আধুনিক প্ৰেম আৰু ইয়াৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ আধুনিক সমাজত মানুহৰ ব্যক্তিসত্তাৰ ক্ৰমবৰ্ধমান স্বীকৃতি, পুৰুষতন্ত্ৰ কৰ্তৃত্ব তথা সামাজিক প্ৰথা-পৰম্পৰাৰ ক্ৰমাৱক্ষয়ৰ পটভূমিত আধুনিক প্ৰেমৰ আবিৰ্ভাব৷ কিন্তু যি ব্যক্তিস্বাধীনতাই প্ৰেমৰ বাবে অনুকূল মনস্তাত্ত্বিক পৰিবেশৰ সৃষ্টি কৰিছিল, পুঁজিবাদৰ অৱক্ষয়ৰ লগে লগে সেই ব্যক্তিস্বাধীনতা ক্ৰমাৎ অত্যুগ্ৰ আৰু উৎকটভাৱে আত্মমুখী হৈ বিকৃতিৰ গৰাহত পৰিল, আৰু আধুনিক প্ৰেমৰ প্ৰচুৰ শক্তি আৰু সম্ভাৱনাও লােপ পাবলৈ ধৰিলে৷ ব্যক্তিস্বাধীনতাই কিদৰে প্ৰকৃত প্ৰেমৰ পথত প্ৰধান প্ৰতিবন্ধকস্বৰূপে থিয় দিব পাৰে সেই সম্পৰ্কে প্ৰসেনজিৎ চৌধুৰীয়ে সুন্দৰভাৱে আলােচনা কৰিছে “প্ৰেম বনাম ‘মই” প্ৰবন্ধত (নিষিদ্ধ প্ৰসংগ গ্ৰন্থত সংকলিত)। প্ৰেম বনাম ব্যক্তিস্বাধীনতা সমস্যাটোৰ চূড়ান্ত প্ৰকাশ আমি দেখিবলৈ পাওঁ ছাৰ্ত্ৰেৰ দৰ্শনত৷ প্ৰেমৰ সাৰ্থকতাৰ বাবে প্ৰয়ােজন নিশ্ছিদ্ৰ আনুগত্য, নিভাঁজ আত্মসমৰ্পণ আৰু নিঃস্বাৰ্থ সহমৰ্মিতা, কিন্তু নিজৰ ব্যক্তিস্বাধীনতা তথা স্বকীয়তা আহত নতুবা পৰাভূত হ’ব বুলি অনবৰত শংকিত হৈ থকা পেৰানয়া-গ্ৰস্ত ব্যক্তিৰ বাবে প্ৰেম সম্ভৱ নহয়৷ এয়া আচলতে পুঁজিবাদৰ বিকাশৰ অনিবাৰ্য মানৱীয় পৰিণাম৷ প্ৰেমৰ গভীৰতম নিৰ্যাস আৰু মহৎ সম্ভাৱনা অন্তৰ্হিত হােৱাৰ পাছত কি বাকী থাকিল? – নিছক যৌনতা৷ ইয়াৰ অৰ্থ হ’ল একমাত্ৰ শাৰীৰিক সম্ভোগৰ সামগ্ৰী হিচাপে যৌনতা৷

যৌনতাৰ ক্ষেত্ৰত আমাৰ সমাজৰ অন্ধবিশ্বাস আৰু ভীৰুতাৰ বিপৰীতে পশ্চিমীয়া মুক্ততা আৰু স্পষ্টবাদিতাক বিশুদ্ধ যুক্তিবাদীসকলে অবিৰাম প্ৰশংসা কৰে৷ কিন্তু মুক্ততা আৰু স্পষ্টবাদিতাই শেষ কথানে? ৰসহীন যান্ত্ৰিক জীবনযাত্ৰাৰ মাজত একমাত্ৰ জীৱন ৰসৰূপে যৌনতাৰ যি অৱতাৰ তাৰ আঁৰত লুকাই আছে আধুনিক মানুহৰ বিফলতা আৰু হতাশাৰ মৰ্মৰ বেদনা৷ মাৰ্ক্স আৰু এংগেলছে যুগজয়ী ভাষাত দৃপ্তকণ্ঠে ঘােষণা কৰিছিল : “The bourgeoisie, wherever it has got the upper hand, has put an end to all feudal, patriarchal, idyllic relations. It has pitilessly torn asunder the motley feudal ties that bound man to his natural superiors, and has left remaining no other nexus between man and man than naked self-interest, than callous cash payment . It has drowned the most heavenly ecstasies of religious fervour, of chivalrous enthuisiasm, of philistine sentimentalism, in the icy water of egoistical calculation. It has resolved personal worth into exchange value, and in place of the numberless indefeasible chartered freedoms, has set up that single, unconscionable freedom – Free Trade . . .”

“The bourgeoisie has torn away from the family its sentimental veil, and has reduced the family relation to a mere money relation.”

পিছৰখিনি কডৱেলে কৈছে : “None the less, the bourgeois was determined to believe that the market was the only social relation between man and man. This meant that he must refuse to believe that love was an integral part of a social relation. He repressed this tenderness from his social consciousness. In its final form this becomes the treason of man to his capacity for love, the appearance of love in the form of neurosis, hate and fantasy, which the psycho-analysts discover everywhere in bourgeois man.” (Love: A Study in Changing Values’ in Studies in a Dying Culture, p. 152)

মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কৰপৰা মানৱীয় সাৰমৰ্মৰ অপসাৰণ কৰি তাৰ ঠাইত অৰ্থৰ প্ৰতিষ্ঠাপনৰ ফলস্বৰূপে সৃষ্টি হ’ল এক গভীৰ আত্মিক সংকট যাক আমি কওঁ আত্মনিৰ্বাসন বা alienation. তদুপৰি প্ৰকৃতিৰ সঞ্জীৱনী-পৰশৰপৰা মানুহৰ বিচ্ছেদ, আলােকদীপ্তিৰ যুগৰ মহান প্ৰমূল্যৰ মৰ্মান্তিক বিফলতা, সমাজমুখিতা আৰু মানুহৰ মংগলময় ভৱিষ্যতৰ প্ৰত্যয়ৰপৰা সচেতন দূৰগমন আদি কাৰণে আধুনিক মানুহৰ অন্তৰ্জগতত যি নিঃসীম শূন্যতা আৰু আত্মিক বন্ধ্যাত্বৰ সৃষ্টি কৰিলে তাৰপৰা সাময়িক সকাহ দি মানুহৰ জীৱন-পিপাসা জীয়াই ৰাখিব পৰা শেষ শক্তিটো থাকিলগৈ যৌনতা৷ যৌন চেতনাৰ জীৱনমুখী বিকাশ আৰু তাৰ মহৎ সম্ভাৱনাসমূহৰ সৃষ্টিশীল প্ৰকাশ তেওঁলােকৰ বাবে সম্ভৱ নহয়৷ তেওঁলােকৰ বাবে যৌনতা হ’ল নিৰ্বিচাৰ আৰু উন্মাদ যৌন-কেলি যি তেওঁলােকক অন্ততঃ কিছু সময়ৰ বাবে নিচাগ্ৰস্ত কৰি ৰাখিব পাৰে – ঠিক মদৰ দৰে৷ যৌনসংগীৰপৰা নিজে যিমান বেছি “সন্তুষ্টি” আদায় কৰিব পাৰে সেয়া সিমানে সফল যৌন সম্পৰ্ক৷ লাভ-লােকচানৰ সেই একেই হিচাপ-নিকাচ৷ ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে যৌনতাৰ বিশাল ব্যৱসায়৷

আধুনিক মানুহৰ এই ট্ৰেজেডি সঠিকভাবে উপলব্ধি কৰিছিল ডি এইচ লৰেন্সে৷ কিন্তু ইয়াৰ বাবে তেওঁ দোষাৰােপ কৰিছিল মানুহৰ বুদ্ধিমত্তাক৷ বুদ্ধিমত্তাক নস্যাৎ কৰি তেওঁ সঁহাৰি দিব বিচাৰিছিল “তেজৰ আহ্বান”ৰ প্ৰতি : “My great religion is a belief in the blood, in the flesh, as being wiser than the intellect. We can go wrong in our minds. But what our blood feels and believes and says is always true. The intellect is only a bit and a bridle.” তেজৰ আহ্বানত তেওঁ উভতি যাব খুজিছিল প্ৰকৃতিৰ কোলাত বাস কৰা আদিম “স্বাভাৱিক মানুহ”ৰ পৃথিৱীখনলৈ য’ত যৌনতাৰ স্বতঃস্ফূৰ্ত আৰু পূৰ্ণাংগ প্ৰকাশে সমৃদ্ধিশালী কৰি তুলিব মানুহৰ সমগ্ৰ সত্তাক৷ কিন্তু এয়া আছিল আধুনিক মানুহৰ নিজৰ হৃদয়হীন পৃথিৱীখনৰ বিপৰীতে এক ইচ্ছাপূৰণমূলক কল্পস্বৰ্গীয় নিৰ্মাণ৷ লৰেন্সৰ বাৰ্তাক স্বাভাৱিকতেই মানুহে ভুলভাৱে ব্যাখ্যা কৰিলে আৰু তেওঁক গ্ৰহণ কৰিলে সস্তীয়া যৌনতাৰ সমৰ্থক হিচাপে৷ এই সম্পৰ্কে ডঃ হীৰেন গােহাঁয়ে সুন্দৰভাৱে বহলাই আলােচনা কৰিছে তেওঁৰ “ডি এইচ লন্স আৰু আধুনিক মানৱতা” প্ৰবন্ধত৷

বহু বছৰ আগেয়ে লিখা উক্ত প্ৰবন্ধত গােহাঁয়ে এষাৰ বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে : “ . . . এই উপলব্ধিও গভীৰ হৈছে যে বৰ্তমান ইউৰােপৰ সমাজ আৰু সভ্যতাত যিবােৰ নতুন নতুন লক্ষণ দেখা গৈছে সি নিশ্চয় অদূৰ ভৱিষ্যতে আমাৰ সমাজতাে ফুটি উঠিব৷ পৃথিৱীৰ কোনাে দেশেই তথাকথিত শিল্পকেন্দ্ৰিক সমাজ (Industrial Society)ৰ সাংস্কৃতিক পৰিণামৰপৰা সাৰিব নােৱাৰে – গতিকে ইউৰােপৰ সমাজব্যৱস্থাৰ ইতিহাস যিয়েই নহওক লাগে, ইয়াৰ আধুনিক ফেশ্বন আৰু দস্তুৰ ভাৰততাে কিছু সদৰী হােৱাটো অৱশ্যম্ভাৱী৷” যৌনতাৰ প্ৰসংগত কোৱা এই কথাষাৰৰ সত্যতা সহজে উপলব্ধি কৰিব পাৰি৷

এইখিনিতে প্ৰকৃতিৰ সঞ্জীৱনী-পৰশ সম্পৰ্কে দুআষাৰ উল্লেখ কৰা উচিত হ’ব৷ আধুনিক মানুহে দৈনন্দিন জীৱনৰ হতাশা-টেনছনত ক্লিষ্ট হৈ প্ৰকৃতিৰ কাষ চাপে মন সতেজ কৰাৰ উদ্দেশ্যে; ছুটীৰ দিনত প্ৰাকৃতিক পৰিবেশত পিকনিক খাবলৈ যায়, ফটো তােলে৷ এনেকৈ প্ৰকৃতিক আমি স্বাৰ্থপৰভাৱে ব্যৱহাৰ কৰাে – যেনেকৈ আমি জ্বৰৰপৰা আৰােগ্য হ’বলৈ টেবলেট খাওঁ৷ হয়তাে ইয়াক ক’ব পাৰাে মানুহৰ স্বসৃষ্ট ৰােগৰ বাবে প্ৰকৃতিৰ ঔষধি ব্যৱহাৰ৷ কিন্তু মানুহৰ বাবে প্ৰকৃতিৰ প্ৰকৃত অৰ্থ আৰু মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ প্ৰকৃত তাৎপৰ্য ইয়াত প্ৰকাশ নাপায়৷ মানুহ প্ৰকৃতিৰ সন্তান : মানুহৰ অস্তিত্ব আৰু চেতনাৰ প্ৰকৃতি এক অভিন্ন অংশ৷ সেয়ে প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক যথাৰ্থ উপলব্ধি অবিহনে মানৱতা কেতিয়াও পূৰ্ণাংগ হ’ব নােৱাৰে৷ কিন্তু আধুনিক মানুহৰ বাবে এয়া অসাধ্য৷ মাধৱদেৱে যেতিয়া লিখে “ৰজনী বিদূৰ দিশ ধৱলী বৰণ / তিমিৰ ফাড়িয়া বাজ ৰবিৰ কিৰণ”, আমি ভাবি বিস্মিত হওঁ প্ৰকৃতিৰ সৈতে কিমান জীৱন্ত আৰু স্বাৰ্থহীন সম্পৰ্ক থাকিলে এজন কবিয়ে এনে এক সুন্দৰতম বৰ্ণনা দাঙি ধৰিব পাৰে৷ সেই আনুভূতিক ঐশ্বৰ্যৰ স্পৰ্শ আমি অনুভৱ কৰাে যেতিয়া বিষ্ণু ৰাভাই লিখে : “মােৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম”৷

এনে বহুতাে ব্যক্তি আছে যিসকল অন্যান্য সকলাে দিশতে স্থিতাৱস্থাপন্থী আৰু নিবােকা চামােন, কিন্তু যৌনতাৰ ক্ষেত্ৰত চূড়ান্ত বিপ্লৱী৷ গতিকে ইয়াৰ ৰহস্য উদ্ঘাটন কৰাটো অতি জৰুৰী৷ হবছবমে তেওঁৰ ‘Revolution and Sex’ প্ৰবন্ধত এই সম্পৰ্কে সুন্দৰভাৱে আলােচনা কৰিছে৷ (প্ৰবন্ধটো তেওঁৰ Revolutionaries আৰু Uncommon People – এই দুইখন সংকলনতে সংকলিত হৈছে৷) “In other words, there is no necessary connection between social or political censorship and moral censorship, though it is often assumed that there is. To demand the transfer of some kinds of behaviour from the impermissible to the publicly permitted is a political act only if it implies changing political relations. Winning the right for white and black to make love in South Africa would be a political act, not because it widens the range of what is sexually allowed but because it attacks racial subjection.” কিঞ্চিত ভিন্ন প্ৰসংগত ক’লেও কথাষাৰ আমাৰ বাবে তাৎপৰ্যপূৰ্ণ৷

ভূপেন হাজৰিকাই এখনি নীলা চাদৰ মিঠা ভাঁজত নিশ্বাসৰ উম লৈ থকাৰ কথা গীতত গাইছে৷ সমাজৰ নিয়ম ভঙাটোৱেই তেওঁৰ নিয়ম বুলিও তেওঁ ঘােষণা কৰিছে৷ এই তথাকথিত বৈপ্লৱিক চেতনাৰ স্বৰূপ কিন্তু গীতটোৰ মাজতে লুকাই আছে: “দূৰৈত আৰ্তনাদৰ নদী ক্ৰন্দন কোনাে ঘাটৰ / আক্ষেপ নাই লভিছাে মই আলিংগনৰ সাদৰ৷” এয়া সমাজবিমুখ ভােগবাদী চিন্তাহে, কোনাে বিপ্লৱ নহয়৷ কিন্তু এই পন্থাত বিশ্বাসী চামটো বৰ বৃহৎ৷ তেওঁলােকৰ কথা শুনিলে ভাব হয় : সমাজখন যেন অনবৰত হাতত লাঠি লৈ ৰৈ থকা এক ধুৰন্ধৰ পালােৱান যি কাকো অকণাে শান্তিত থাকিবলৈ নিদিয়ে, কৰাে বােলাটো কৰিবলৈ নিদিয়ে৷ সেয়ে সমাজৰ বিৰুদ্ধে বিদ্ৰোহত এইসকল সদায়েই আগৰণুৱা৷ কিছুমানে পুৰাকথাৰ মাজৰপৰা তুলি আনি শ্ৰীকৃষ্ণৰ প্ৰেয়সী বিৰহিণী ৰাধাক নিজৰ ভােগবাদী সাজত সজাই-পৰাই লৈছে সমাজৰ বিৰুদ্ধে তথাকথিত বিদ্ৰোহত যােগ দিবলৈ৷ আচলতে এইসকলৰ সমাজৰ ধাৰণাটোৱেই ভ্ৰান্ত৷ সমাজক ব্যক্তিৰপৰা ভিন্নভাৱে চাব নােৱাৰি : সামাজিক সত্তাটোৱেই হ’ল ব্যক্তিৰ প্ৰকৃত সত্তা৷ কাৰৰ ভাষাত : “The cult of individualism is one of the most pervasive of modern historical myths.”

“. . . [T] he increased individualization which accompanied the rise of the modern world was a normal process of advancing civilization. A social revolution brought new social groups to positions of power. It operated, as always, through individuals and by offering fresh opportunities of individual development; and since in the early stages of capitalism the units of production and distribution were largely in the hands of single individuals, the ideology of the new social order strongly emphasized the role of individual initiative in the social order. But the whole process was a social process representing a specific stage in historical development, and cannot be explained in terms of a revolt of individuals against society or of an emancipation of individuals from social restraints.” (What is History?, p. 34)

– উপৰােক্ত ভ্ৰান্তিৰপৰা মুক্তিৰ উপায়াে কিন্তু ভূপেন হাজৰিকাৰ গীততেই আছে৷ তেওঁৰ “ডুগ ডুগ ডুগ ডুগ ডম্বৰু / মেঘে বজায় ডম্বৰু” গীতত প্ৰকাশ পাইছে সমাজৰ কৌটিকলীয়া অন্ধসংস্কাৰৰ প্ৰতি তীব্ৰ ব্যংগ৷ “সৰু সৰু সমাজৰ সৰু সৰু বিচাৰত ভেকুলীয়ে বৰ লাজ পায়”৷ সেই সৰু সমাজৰ অবিচাৰৰ প্ৰতিবাদত “সৰুদৈ সৰুকণে বিজুলীৰ পােহৰত সৰু সৰু সমাজক এৰে৷ কিন্তু তেওঁলােকৰ আছে নতুন সমাজ গঢ়াৰ সাহস আৰু প্ৰত্যয়৷ ইমান তীক্ষ্ণ সমাজচেতনাসম্পন্ন প্ৰতিবাদ আৰু পুনৰ্নিৰ্মাণৰ গীত সঁচাকৈয়ে বিৰল৷ এতিয়া ভূপেন হাজৰিকাৰ উক্ত দুই চিন্তাধাৰাৰ কোনটো গ্ৰহণ কৰে সেয়াও যুক্তিবাদৰ বাবে এক ডাঙৰ প্ৰশ্ন৷

যুক্তিবাদ সম্পৰ্কীয় এটা মৌলিক প্ৰশ্নলৈ আহাে৷ যুক্তিবাদে মানুহৰ মনৰপৰা ঈশ্বৰবিশ্বাস আৰু পৰম্পৰাগত প্ৰমূল্যৰ শিপা উঘলাৰ পাছত তাৰ খালী হােৱা ঠাই পূৰাব কোনে? মানৱৰ কল্যাণবােধ নে এনাৰ্কিষ্ট ভােগবাদে? বিমূৰ্ত মানৱতাবাদ বৰ সহজ, কিন্তু ই বৰ মায়াময় আৰু বিপদজনক বস্তু৷ ই আচলতে কোনাে বাস্তৱ মানুহৰ কথা নকয়৷ সেয়ে মানুহ বােলােতে কোনবােৰ মানুহৰ কথা কোৱা হৈছে সেয়া যুক্তিবাদৰ বাবে বিচাৰ্য৷ কিন্তু এই প্ৰশ্নটোৰ মীমাংসা নােহােৱা বাবেই বহু সময়ত যুক্তিবাদে ভােগবাদৰ যৌক্তিক আৱৰণ হিচাপে কাম কৰিব পাৰে। ঈশ্বৰ নাই, নৈতিকতা নাই, গতিকে খাও-পিও মস্তি কৰৌ – এয়াই হ’ল এই নস্যাৎবাদী যুক্তিবাদীসকলৰ দৰ্শন৷ উন্নত দেশবিলাকৰ যুক্তিবাদীসকলৰ মাজত এনে প্ৰৱণতা সাধাৰণতে অধিক দেখা যায়৷ পিছে আমাৰ ইয়াতাে এই চামটো নগণ্য নহয়৷ যুক্তিবাদী কথা ক’লেও তেওঁলােকৰ সামগ্ৰিক চৰিত্ৰ এলিটিষ্ট৷ মূৰ্খ জনতাৰ কথা ভাবিবলৈ তেওঁলােকৰ কোনাে গৰজ নপৰে৷ আমাৰ যুক্তিবাদৰ শােভাযাত্ৰাত এইসকল যুক্তিবাদীয়ে যােগ দিবনে?

নতুন প্ৰজন্মৰ মাজত যুক্তিবাদৰ সম্ভাৱনা কেনেকুৱা? সৰ্বগ্ৰাসী নৈৰাশ্য আৰু নিৰাপত্তাহীনতাৰ মাজত আজিৰ নতুন প্ৰজন্মই জীৱনৰ বাট বুলিছে৷ ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পুঁজিৰদ্বাৰা নিয়ন্ত্ৰিত মানসিক পৰিবেশত তেওঁলােকে চিন্তা কৰিবলৈ শিকিছে৷ সেই পৰিবেশৰপৰা তেওঁলােকে কি আত্মস্থ কৰিব? হয়তাে উগ্ৰজাতীয়তাবাদ নতুবা উগ্ৰ নৃগােষ্ঠীবাদ, সৰ্বভাৰতীয় দেশপ্ৰেম (বলিউডত যিটো পােৱা যায় আৰু ক্ৰিকেট খেল আৰু পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত যিটো অনুভৱ কৰা যায়), তথাকথিত কস্ম’পলিটান জীৱনাদৰ্শ, নতুবা কিছুমান কিম্ভূতকিমাকাৰ ৰাগি (যেনে আধ্যাত্মিকতাৰ বিভিন্ন ব্ৰেণ্ড)৷ সাম্প্ৰতিক সাংস্কৃতিক সাম্ৰাজ্যবাদৰ স্বৰূপ বুজি পােৱাটো যিটো প্ৰজন্মৰ বাবে আটাইতকৈ জৰুৰী সেই প্ৰজন্মটোৱেই তাৰ ভােগবাদী সংস্কৃতিৰ মাজত অন্ধভাৱে বুৰ গৈছে৷ এই প্ৰজন্মটো শিপাহীন; বাহিৰৰ নগ্ন বাস্তৱতাতকৈ ভাসমান সম্প্ৰদায়ৰ (ইণ্টাৰনেটৰ virtual world) সংস্কৃতিহে যাৰ আত্মীয়৷ ইয়াৰ মাজত যুক্তিবাদৰ সম্ভাৱনা বৰ আশাপ্ৰদ নহয়৷ অৱশ্যে উপৰােক্তধৰণৰ নস্যাৎবাদী যুক্তিবাদৰ বাবে এয়া এক উৰ্বৰ ক্ষেত্ৰ৷ কিন্তু ইয়াৰ মাজতাে ব্যতিক্ৰম আছে৷ শােষণ-বৈষম্যৰ ওপৰত প্ৰতিষ্ঠিত এই সমগ্ৰ ব্যৱস্থাটোৰ স্বৰূপ বহুজনেই বুজি পাইছে৷ ব্যৱস্থাটোৰ অন্যায়ৰ বিৰুদ্ধে বিভিন্ন স্তৰত প্ৰতিবাদৰ জোৱাৰ উঠিছে, আৰু আজি ভােগবাদ-উপভােক্তাবাদৰ প্ৰথম মােহজাল নাতৰা মধ্যবিত্ত শ্ৰেণীটোৱে নিশ্চয় সােনকালেই ব্যৱস্থাটোৰ নিৰ্মম শােষণ হাড়ে হাড়ে উপলব্ধি কৰিব পাৰিব৷ এইসমূহ প্ৰক্ৰিয়াৰ প্ৰতি নতুন প্ৰজন্মটোও নিশ্চয় উদাসীন হৈ থাকিব নােৱাৰিব৷ দেশৰ কোটি কোটি সাধাৰণ জনতাই কিদৰে দাৰিদ্ৰ, পশ্চাদপদতা, অন্ধবিশ্বাস আৰু শােষণ-বঞ্চনাৰ অথাই সাগৰত ককবকাই আছে, সেয়া মুকলি মনেৰে চকু মেলি চাব পাৰিলেই নতুন প্ৰজন্মই যুক্তিবাদ আৰু মাৰ্ক্সবাদৰ প্ৰতি নিজে নিজে আকৰ্ষিত হ’ব৷ ইয়াৰ ওপৰতে আমাৰ সমাজত যুক্তিবাদৰ ভৱিষ্যৎ প্ৰায়খিনি নিৰ্ভৰ কৰে৷

(সমাপ্তি : ১৫-০৯-২০১৩, পিছনিশা ২.৪০ বজা)

পি ডি এফ ৰূপত পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

সমাজ-চিন্তাৰ অনুশীলন

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ
3 comments on “যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা
  1. ‘সাতসৰী’ আলোচনীৰ ডিচেম্বৰ ২০১৩ সংখ্যাত প্ৰকাশিত।

    Like

  2. জিতেন বেজবৰুৱা says:

    একে বিষয়ৰে আন এটা প্ৰাসংগিক লেখা ‘অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা’ পঢ়ক এই লিংকত : https://jitenbezboruah.wordpress.com/2014/04/23/%e0%a6%85%e0%a6%a8%e0%a7%8d%e0%a6%a7%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%8b%e0%a6%a7%e0%a7%80-%e0%a6%86%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8b/

    Like

  3. […] বি.দ্ৰ.: একে বিষয়ৰে আন এটা প্ৰাসংগিক লেখা ‘যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা’ পঢ়ক এই লিংকত : https://jitenbezboruah.wordpress.com/2013/12/04/juktibad-xomporke-eta-oxompurno-tuka/ […]

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: